SEBA Class 7 Science (Assamese Medium) Lesson 3 – প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ Solutions & Summary (দ্বিতীয় খণ্ড)
Get the complete SEBA Class 7 Science Lesson 3 – “প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ” solutions for Assamese medium students. This chapter, part of দ্বিতীয় খণ্ড (Part II), explains the transportation system in plants and animals, the role of the circulatory system in animals, xylem and phloem in plants, and the importance of blood and its components. Our solutions include textbook answers, MCQs, and a detailed chapter summary to help students understand key concepts and prepare effectively for exams.
Class 7 Science
পাঠ – ৩ (দ্বিতীয় খণ্ড) Ospin Academy
প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র
অনুশীলনী
প্রশ্ন ১: স্তম্ভ I আৰু স্তম্ভ II ত থকা তথ্যবােৰ মিলােৱা ।
স্তম্ভ I. স্তম্ভ II
( i ) ষ্ট’মাতা ( পত্ৰৰন্ধ ) ( a ) পানী শােষণ
( ii ) জাইলেম. ( b ) বাষ্পমােচন
( ii ) চুলি শিপা. ( c ) খাদ্য পৰিবহন
( iv ) ফ্ল’ৱেম ( d ) পানী পৰিবহন
( e ) কার্বহাইড্রেট সংশ্লেষণ
উত্তৰঃ স্তম্ভ I. স্তম্ভ II
( i ) উমাতা (পত্ৰৰন্ধ) ( b ) বাষ্পমােচন
( ii ) জাইলেম ( d ) পানী পৰিবহন
( iii ) চুলি শিপা. ( a ) পানী শােষণ
( iv ) ফ্ল’ৱেম. ( c ) খাদ্য পৰিবহন
প্রশ্ন ২: খালী ঠাই পূৰ কৰা ৷
( i ) হৃদযন্ত্রৰ পৰা শৰীৰৰ সকলাে অংশলৈ তেজ ……………ৰ দ্বাৰা পৰিবাহিত হয় ।
( ii ) হিম’গ্লবিন থকা তেজৰ কণিকাক ………..বােলে ।
( iii ) হৃদযন্ত্রৰ ছন্দায়িত প্ৰসাৰণ আৰু সংকোচনক ……………..বােলে ।
( iv ) ধমনী আৰু সিৰা দুয়াে সংযােগী হােৱা অংশক …………. বোলে ।
( v ) মানুহৰ ৰেচনৰ প্রধান অংগ হ’ল ………থাকে ।
( vi ) ঘামত পানী আৰু ……………….থাকে ।
( vii ) বৃক্কই তৰল হিচাবে নির্গত কৰা বর্জিত পদার্থক …………… বোলা হয় ।
( viii ) উদ্ভিদে পাতলৈ পানী মাটিৰ পৰা তুলি নিয়া কাৰ্যৰ বাবে প্রয়ােজনীয় শােযণ বল লাভ কৰাৰ কাৰণ হ’ল……………..।
উত্তৰঃ ( i ) হৃদযন্ত্রৰ পৰা শৰীৰৰ সকলাে অংশলৈ তেজ ধমনী ৰ দ্বাৰা পৰিবাহিত হয় ।
উত্তৰঃ ( ii ) হিম’গ্লবিন থকা তেজৰ কণিকাক লােহিত কণা বােলে ।
উত্তৰঃ ( iii ) হৃদযন্ত্রৰ ছন্দায়িত প্ৰসাৰণ আৰু সংকোচনক হৃদস্পন্দন বােলে ।
উত্তৰঃ ( iv ) ধমনী আৰু সিৰা দুয়াে সংযােগী হােৱা অংশক ৰক্ত কেশিকা বোলে ।
উত্তৰঃ ( v ) মানুহৰ ৰেচনৰ প্রধান অংগ হ’ল ইউৰিয়া থাকে ।
উত্তৰঃ ( vi ) ঘামত পানী আৰু নিমখ থাকে ।
উত্তৰঃ ( vii ) বৃক্কই তৰল হিচাবে নির্গত কৰা বর্জিত পদার্থক মূত্র বোলা হয় ।
উত্তৰঃ (viii ) উদ্ভিদে পাতলৈ পানী মাটিৰ পৰা তুলি নিয়া কাৰ্যৰ বাবে প্রয়ােজনীয় শােযণ বল লাভ কৰাৰ কাৰণ হ’ল বাষ্পমােচন ।
প্রশ্ন ৩: শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
( a ) উদ্ভিদত পানী পৰিবাহিত হয়—
( i ) জাইলেম কলাৰে
( ii ) ফ্ল’ৱেম কলাৰে
( iii ) পত্ৰৰন্ধৰে
( iv ) চুলি শিপাৰে
উত্তৰঃ ( i ) জাইলেম কলাৰে
( b ) শিপাৰে পানী শােষণৰ পৰিমাণ বৃদ্ধি কৰিব পৰাৰ এটা ব্যৱস্থা হ’ল–
( i ) উদ্ভিদক ছাঁত ৰাখি
( ii ) উদ্ভিদক কম পােহৰত’ৰাখি
( iii ) উদ্ভিদক পাংখাৰ তলত ৰাখি
( iv ) পলিথিন বেগৰ ভিতৰত ৰাখি
উত্তৰঃ ( iii ) উদ্ভিদক পাংখাৰ তলত ৰাখি
প্রশ্ন ৪: প্রাণী বা উদ্ভিদৰ ক্ষেত্ৰত কিয় পৰিবহনৰ আবশ্যক হয় , বাখ্যা কৰা ।
উত্তৰঃ প্রাণী বা উদ্ভিদক জীয়াই থাকিবলৈ হ’লে খাদ্য প্রয়ােজন । প্রাণীয়ে খাদ্য মুখেৰে খাই পাচন তন্ত্রত হজম কৰে । এই হজম হােৱা খাদ্য গ্লুক’জ অণুত পৰিণত হয় । ক্ষুদ্রান্ত্ৰৰ বেৰত এই অণুবােৰ তেজৰদ্বাৰা শােষিত হয় । তাৰ পৰাই তেজে গােটেই শৰীৰত বিতৰণ কৰে ।
প্ৰাণীৰ শৰীৰত ঘটা জৈৱ ৰাসায়নিক ক্রিয়াৰ ফলত বর্জনীয় তৰল উৎপন্ন হয় । এই তৰল ৰেচন তন্ত্ৰৰ দ্বাৰা শৰীৰৰ পৰা ওলাই যায় ।
উদ্ভিদৰ খাদ্য পাতত উৎপন্ন হয় । পাতৰ পৰা এই খাদ্য উদ্ভিদ দেহত জাইলেম কলাৰ দ্বাৰা বিতৰণ হয় । খাদ্য তৈয়াৰ কৰাৰ বাবে শিপাই মাটিৰ পৰা শােষণ কৰা পানীও ফ্ল’ৱেম নামৰ কলাৰে পাতলৈ পৰিচালিত হয় ।
গতিকে দেখা গ’ল উদ্ভিদ আৰু প্রাণী উভয়তে পৰিবহনৰ আৱশ্যক ।
প্রশ্ন ৫: যদি অণুচক্রিকা ( তেজৰ কণা ) নাথাকে , তেন্তে কি ঘটিব ?
উত্তৰঃ তেজত থকা অণুচক্রিকা ( platelets ) ৰ কাম হ’ল ইশৰীৰৰ ক্ষত স্থানৰ পৰা ওলােৱা তেজ গােটমৰাত সহায় কৰে । তেজ গােট মৰাৰ বাবে সেই ক্ষত স্থানেৰে আৰু অধিক তেজ ওলাই আহিব নােৱাৰা হয় । ৰক্তক্ষৰণ বন্ধ নহ’লে শৰীৰৰ পৰা তেজ অবিৰাম গতিত ওলাই থাকি মানুহ বা অন্য জীৱ মৃত্যু মুখত পৰিব । গতিকে তেজত অণুচক্রিকাৰ অতীৱ প্রয়ােজন।
প্রশ্ন ৬: ষ্ট’মাতা বা পত্ৰৰন্ধ কি ? ইয়াৰ দুটা কাৰ্য্য লিখা ।
উত্তৰঃ পাতৰ পৃষ্ঠত থকা সৰু সৰু বিন্ধাবােৰকে ষ্ট’মাতা বা পত্ৰৰন্ধ বােলে ৷ এইবােৰ দুটা ৰক্ষীকোষে আগুৰি ৰাখে ।
পত্ৰৰন্ধৰ দুটা কার্য হ’ল—
( i ) উদ্ভিদৰ দেহৰ গেছৰ আদান প্রদান এই পত্ৰৰন্ধৰ মাজেৰে ঘটে । আৰু
( ii ) উদ্ভিদ দেহত উৎপন্ন হােৱা অতিৰিক্ত পানীভাগ এই পত্ৰৰন্ধৰ মাজেৰেই বাষ্পমােচন ঘটে ।
প্রশ্ন ৭: বাষ্পমােচনে উদ্ভিদৰ কিবা আৱশ্যকীয় কার্য সম্পন্ন কৰেনে ? বাখ্যা কৰা ।
উত্তৰঃ হয় , বাষ্পমােচনে উদ্ভিদৰ অতি আৱশ্যকীয় কার্য সম্পন্ন কৰে । সেয়া হ’ল—
( i ) বাষ্পমােচনে উদ্ভিদক শিপাৰ দ্বাৰা মাটিৰ পৰা পানী পাবলৈ টানি অনাৰ বাবে শোষণ বলৰ সৃষ্টি কৰে ।
( ii ) বাষ্পমােচনৰ বাবে উদ্ভিদৰ দেহ শীতল হৈ থাকে ।
প্রশ্ন ৮: তেজৰ উপাংশসমূহ কি কি ?
উত্তৰঃ তেজৰ উপাংশসমূহ হ’ল—
( i ) প্লাজমা ( Plasma ) আৰু
( ii ) ৰক্তকণা ( Corpuscles )
তেজৰ তৰল অংশ হ’ল প্লাজমা । ৰক্ত কণিকাসমূহ আকৌ তিনিপ্ৰকাৰৰ –
( i ) লােহিত ৰক্ত কণা ( RBC )
( ii ) শ্বেতৰক্ত কণা ( WBC ) আৰু
( iii ) অনুচক্রিকা ( Platelets )
প্রশ্ন ৯: শৰীৰৰ সকলাে অংগকে তেজৰ কি প্রয়ােজন ?
উত্তৰঃ শৰীৰৰ সকলাে অংশতে কোষ থাকে । কোষবােৰক জীয়াই থাকিবলৈ শক্তি লাগে । শক্তিৰ বাবে খাদ্যৰ প্রয়ােজন । কোষবােৰত গ্লুক’জ অণু সঞ্চিত হৈ থাকে । তেজে হাওঁফাওঁৰ পৰা অক্সিজেন সংগ্রহ কৰে আৰু এই অক্সিজেনৰ দ্বাৰাই কোয়ৰ এই গ্লুক’জ অণুৰ জাৰণ ঘটে আৰু তাত শক্তি উৎপন্ন হয় । গতিকে শৰীৰৰ সকলাে অংগতে তেজৰ প্রয়ােজন ।
প্রশ্ন ১০: কিহৰ বাবে তেজৰ ৰং ৰঙা হয় ?
উত্তৰঃ তেজত লােহিত ৰক্ত থকা ৰঙা ৰঞ্জক পদার্থ হিম’গ্লবিনৰ বাবে তেজৰ ৰং ৰঙ হয় ।
প্রশ্ন ১১: হৃদযন্ত্র কার্য বর্ণনা কৰা ।
উত্তৰঃ হৃদযন্ত্র হ’ল তেজৰ ভড়াল । ইয়াৰ কোঠাত বিশুদ্ধ আৰু অশুদ্ধ তেজ জমা হৈ থাকে । হৃদযন্ত্রৰ স্বয়ংক্রিয় প্রসাৰণ আৰু সংকোচনৰ বাবে তাৰ পৰা বিশুদ্ধ তেজ ধমনীৰে শৰীৰৰ বিভিন্ন অংশলৈ ওলাই যায় । সেইদৰে বিশুদ্ধ তেজবােৰে কাৰ্যকৰাৰ পাছত অশুদ্ধ ( অক্সিজেন বিহীন ) হৈ পৰে । এই তেজ সিৰাৰে আহি হৃদযন্ত্ৰৰ অন্য কোঠালিত জমা হয় । তাৰ পৰা এই তেজ হাওঁফাওঁলৈ যায় আৰু তাত অক্সিজেনযুক্ত হৈ বিশুদ্ধ হয় । পুনৰ এই তেজ হৃদযন্ত্রৰ কোঠালিলৈ ঘূৰি আহে ।
প্রশ্ন ১২: শৰীৰৰ পৰা বর্জিত পদার্থ নিষ্কাশনৰ আৱশ্যকতা কি ?
উত্তৰঃ বর্জিত পদার্থসমূহ বিষাক্ত আৰু যেতিয়া ই শৰীৰত বেছি পৰিমাণে জমা হৈ অধিক দিনৰ বাবে থাকে ইয়াৰ পৰা শৰীৰৰ বিভিন্ন উপসর্গই দেখা দিয়ে । অর্থাৎ বহুতাে বেমাৰৰ দ্বাৰা আক্রান্ত হ’ব পাৰে । সেইবাবে বর্জিত পদার্থবােৰ সময়ে সময়ে শৰীৰৰ পৰা নিষ্কাশন কৰিব লাগে ।
প্রশ্ন ১৩: মানুহৰ ৰেচন তন্ত্ৰ এটাৰ বিভিন্ন অংগসমূহ দেখুৱাই এটা চিত্র অংকন কৰা ।
উত্তৰঃ তলত মানুহৰ ৰেচন তন্ত্ৰৰ বিভিন্ন অংগসমূহৰ চিহ্নিত চিত্র অংকন কৰি দেখুওৱা হল—
FAQs:
Q1: What topics are covered in Class 7 Science Chapter 3 “প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ”?
This chapter covers blood circulation in animals, the human circulatory system, transport in plants, xylem and phloem functions, and the role of the heart in pumping blood.
Q2: Where can I find SEBA Class 7 Science Chapter 3 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 3 “প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ” on this page.
Q3: How do these solutions help in exam preparation?
These solutions provide step-by-step explanations, important MCQs, and key points to improve understanding and boost exam scores.
Q4: Is the Class 7 Science Chapter 3 solution PDF free?
No, this is a premium resource with high-quality solutions, available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):