SEBA Class 7 Science (Assamese Medium) Lesson 4 – উদ্ভিদৰ প্ৰজনন Solutions & Summary (দ্বিতীয় খণ্ড)
Get the complete SEBA Class 7 Science Lesson 4 – “উদ্ভিদৰ প্ৰজনন” solutions for Assamese medium students. This chapter, part of দ্বিতীয় খণ্ড (Part II), explains different modes of reproduction in plants, including asexual and sexual reproduction, pollination, fertilization, seed formation, and dispersal. Our solutions include textbook answers, MCQs, and a detailed chapter summary to help students understand key concepts and prepare effectively for exams.
Class 7 Science
পাঠ – 8 (দ্বিতীয় খণ্ড) Ospin Academy
উদ্ভিদৰ প্রজনন
অনুশীলনী
প্ৰশ্ন ১: খালী ঠাই পূৰ কৰা :
( a ) উদ্ভিদৰ অংগৰ পৰা নতুন উদ্ভিদৰ জন্ম হােৱাটোক ………… বােলে ।
( b ) ফুল এটাত স্ত্রী অথবা পুং জননাংগ থাকে । এনেধৰণৰ ফুলক ……………..বােলে ।
( c ) একেটা ফুল অথবা আন এটা ফুলত এটা ফুলৰ পৰাগৰেণু সংযােগ হােৱা ঘটনাক ………….. বােলে ।
( d ) পুং আৰু স্ত্রী জনন কোষৰ মিলক ……………বােলে ।
( e ) বীজৰ বিস্তাৰণ …………., …………….আৰু দ্বাৰা ………….. হয় ।
উত্তৰঃ ( a ) উদ্ভিদৰ অংগৰ পৰা নতুন উদ্ভিদৰ জন্ম হােৱাটোক অংগজ প্রজনন বােলে ।
উত্তৰঃ ( b ) ফুল এটাত স্ত্রী অথবা পুং জননাংগ থাকে । এনেধৰণৰ ফুলক একলিংগী ফুল বােলে ।
উত্তৰঃ ( c ) একেটা ফুল অথবা আন এটা ফুলত এটা ফুলৰ পৰাগৰেণু সংযােগ হােৱা ঘটনাক পৰাগযােগ বােলে ।
উত্তৰঃ ( d ) পুং আৰু স্ত্রী জনন কোষৰ মিলক নিশেষণ বােলে।
উত্তৰঃ ( e ) বীজৰ বিস্তাৰণ বতাহ, পানী,আৰু দ্বাৰা প্রাণী হয় ।
প্রশ্ন ২: অযৌন প্রজননৰ বিভিন্ন পদ্ধতিবােৰ বৰ্ণনা কৰা । উদাহৰণ দিয়া ।
উত্তৰঃ অযৌন প্রজননৰ বিভিন্ন পদ্ধতিবােৰ হ’ল
( i ) অংগজ প্রজনন :- উদ্ভিদৰ কাণ্ড , মূল আৰু পাতৰ পৰা নতুন উদ্ভিদৰ জন্ম হােৱাকে । অংগজ প্রজনন বােলে । জবা , গােলাপ , কুঁহিয়াৰ আদিৰ ডাল কাটি মাটিত পুতি থলে তাৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয় । আনহাতে আদা , হালধি , আলু আদিৰ দৰে কাণ্ডৰ পৰাও নতুন উদ্ভিদ হয় । ডালিয়া , মিঠা আলু আদিৰ মূলৰ পৰাও নতুন উদ্ভিদৰ সৃষ্টি হয় ।
দুপৰটেঙা বা পাতেগজাৰ পাত এটি মাটিত র্থলে ইয়াৰ পৰা বহুতাে নতুন উদ্ভিদ পােৱা যায় । এই সকলােবােৰ হ’ল উদ্ভিদৰ অংগজ প্রজননৰ বিভিন্ন প্রকাৰ ।
( ii ) মুকুলন ( Budding ) :- ইষ্ট আদিৰ দৰে কিছুমান উদ্ভিদৰ ক্ষেত্ৰত তাৰ কোষৰ পৰা একোটা অংশ টেমুনাৰ দৰে ওলাই আহে । ইয়াক মুকুল বােলে । এই মুকুল ক্রমান্বয়ে বৃদ্ধি আৰু বিকাশ হয় । পাছত ই মূল ইষ্ট কোষটোৰ পৰা পৃথক হৈ পৰি নতুন ইষ্ট কোষত পৰিণত হয় ।
( iii ) বিখণ্ডন ( Fragmentation ) :- শেলাইৰ দৰে বহুতাে উদ্ভিদৰ এটা অংশ চিঙি তাৰ পৰা আকৌ নতুন শেলাইৰ সৃষ্টি হয় । ইয়াক বিখণ্ডন বােলে ।
( iv ) ৰেণু গঠন ( Spore formation ) :- টেকীয়া , মছ আদিৰ দৰে উদ্ভিদৰ ক্ষেত্ৰত তাৰ পাতৰ ওলােটা পিঠিত কিছুমান টেমুনাৰ সৃষ্টি হয় । এই টেমুনাবােৰত কিছুমান ৰেণুৰ সৃষ্টি হয়। পূৰঠ হ’লে এইবােৰ ফাটি গৈ মাটিত বা সেমেকা ঠাইত পৰি পূণৰ গজালি ওলায় । তেনেদৰে নতুন উদ্ভিদৰ সৃষ্টি হয় ।
ভেকুৰৰ ক্ষেত্ৰতাে একেই প্রক্রিয়াৰে প্ৰজনন ঘটে ।
প্রশ্ন ৩: যৌন প্রজনন মানে কি বুজা ?
উত্তৰঃ যৌন প্রজনন মানে হ’ল স্ত্রীজনন কোষ আৰু পুংজনন কোষৰ মিলনৰ ফলত নতুন জীৱৰ সৃষ্টি হােৱা প্রক্রিয়া । গতিকে যৌন প্রজননৰ বাবে পুৰুষ আৰু স্ত্রী এই দুয়ােটা ফুলৰে প্রয়ােজন । পুংস্তৱকৰ পৰাগমুণ্ডৰ পৰা পৰাগৰেণু আহি স্ত্রীস্তবকৰ গৰ্ভমুণ্ডত পৰি তাৰ গৰ্ভদণ্ডৰ মাজেৰে গৰ্ভাশয়ত থকা ডিম্বাণুত সােমায়। ডিম্বাণুক পৰাগ ৰেণুই নিষেচিত কৰে । এই নিষেচনত দুইজনন কোষৰ মিলন ঘটি জাইগটৰ সৃষ্টি হয় । জাইগ’টৰ বৃদ্ধি আৰু বিকাশ ঘটি ভ্রুণৰ সৃষ্টি হয় । ভ্রুণটো এটা আৱৰণৰ দ্বাৰা আবদ্ধ হৈ বীজৰ সৃষ্টি হয় । এই বীজৰ ৰাই অংকুৰণৰ দ্বাৰা নতুন উদ্ভিদৰ সৃষ্টি হয় ।
উল্লেখযােগ্য যে পৰাগযােগ দুই ধৰণে ঘটে । স্ব – পৰাগযােগ আৰু পৰ – পৰাগযােগ । যদি উভয়লিংগী ফুল এটাৰ পৰাগৰেণু সেই ফুলৰে স্ত্ৰীস্তৱকত পৰি পৰাগযােগ ঘটে তাক স্বপৰাগযােগ আৰু যদি সেইজোপা ফুলৰে এন্য এটা ফুলৰ পৰা আন এজোপা ফুলৰ স্ত্রী স্তৱকত পৰাগৰেণু পৰি পৰাগযােগ ঘটে তাক পৰ – পৰাগযোগ বােলে ।
প্রশ্ন ৪: যৌন আৰু অযৌন প্রজননৰ মাজৰ প্রধান পার্থক্যবােৰ লিখা ।
উত্তৰঃ যৌন আৰু অযৌন প্রজননৰ মাজৰ প্রধান পার্থক্য হল—
যৌন প্রজনন
১. বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয় ।
২. একেটা লিংগৰ পৰাই নতুন উদ্ভিদৰ সৃষ্টি হয় । স্ত্রী উভয় জনন কোষৰ প্ৰয়োজন ।
৩. নতুন উদ্ভিদত পিতৃ আৰু মাতৃ উভয় ।
৪. জাইগ’টৰ সৃষ্টি হয় ।
অযৌন প্রজনন
১. বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি নহয় ।
২. নতুন উদ্ভিদৰ সৃষ্টিৰ বাবে পুৰুষ আৰু
৩. যি লিংগৰ জীৱৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়, জীৱৰে লক্ষণ প্ৰকাশ পায় । সেই জীৱৰে চৰিত্ৰ বহন কৰে ।
৪. জাইগ’টৰ সৃষ্টি নহয় ।
প্রশ্ন ৫: ফুল এটাৰ জননাংগসমূহৰ চিত্র অংকণ কৰা ।
উত্তৰঃ তলত ফুল এটাৰ জননাংগৰ চিত্ৰ দিয়া হ’ল–
প্রশ্ন ৬: স্ব – পৰাগযােগ আৰু পৰ – পৰাগযােগৰ মাজৰ পার্থক্য লিখা ।
উত্তৰঃ
স্ব – পৰাগযােগ
১. স্ব – পৰাগযােগত একেটা ফুলৰে পৰাগৰেণু সেই ফুলৰে গর্ভমুণ্ডত পৰি পৰাগযােগ ঘটে ।
২. কোনাে বাহক নহঁলেও ঘটে ।
৩. মাত্র উভয়লিংগী ফুলৰ ক্ষেত্ৰতহে সম্ভৱ হয় ।
পৰ-পৰাগযােগ
১. পৰ – পৰাগযোগত এটা ফুলৰ পৰাগৰেণু সেই একেজোপা গছৰে আন এটা ফুলত বা আন এজোপা গছৰ ফুলত পৰি পৰাগযােগ ঘটে ।
২. পৰাগৰেণু কঢ়িয়াবলৈ বাহকৰ প্রয়ােজন ।
৩. একলিংগী ফুলৰ দ্বাৰা ঘটে ।
প্রশ্ন ৭: ফুলত কিদৰে নিষেচন ঘটে লিখা ।
উত্তৰঃ
পৰাগযােগৰ দ্বাৰা ফুলৰ পৰাগৰেণু স্ত্রীস্তৱকৰ গর্ভমুণ্ডত পৰে । গর্ভমুণ্ডত এই ৰেণু অংকুৰিত হয় আৰু তাৰ পৰা পৰাগনলী ওলাই গর্ভমুণ্ডৰ মাজেৰে গৈ গর্ভকোষত সােমায় । পৰাগনলীৰ মাজেৰে পুংজনন কোষ গৈ ডিম্বাণু পায় । পুংজনন কোষ গৈ স্ত্রী জননকোষৰ লগত মিলন হয় । তাত দুয়াে জনন কোষৰ সংযােজন ফলত ভ্ৰূনাণু ( জাইগ’ট ) ৰ সৃষ্টি হয় । জাইগ’ট সৃষ্টি হােৱা এই প্রক্রিয়াকে নিষেচন বােলে ।
প্রশ্ন ৮: বীজৰ বিস্তাৰণৰ বাবে থকা বিভিন্ন ব্যৱস্থা বােৰৰ বিষয়ে লিখা ।
উত্তৰঃ বীজবােৰ বিভিন্ন ধৰণে বিস্তাৰিত হয় । বীজৰ বিস্তাৰণৰ বিষয়ে তলত দিয়া হ’ল–
( ১ ) বতাহৰ দ্বাৰা :- শিমলু , কহুৱা আদিৰ বীজবােৰৰ গাত চুলিৰ দৰে কিছুমান নােম থাকে । এইবােৰৰ সহায়ত ইহঁতে বীজৰ পৰা ওলাই বতাহৰ সহায়ত উৰি গৈ বিভিন্ন ঠাইত পৰে আৰু তাতে গজালি ওলাই বংশ বিস্তাৰ কৰে ।
কিছুমান উদ্ভিদৰ বীজত পাখি থাকে । তাৰ সহায়ত এইবােৰ বতাহত উৰি যায় । যেনে– চজিনা ।
( ২ ) পানীৰ দ্বাৰা :- কিছুমান বীজ পানীত ওপঙে । সাগৰৰ পাৰত হােৱা নাৰিকল , তাল আদিৰ বীজবােৰ পানীত উটি যায় আৰু আন ঠাইত লাগি ধৰি তাত গজালি ওলাই উদ্ভিদৰ সৃষ্টি হয় ।
( ৩ ) পতংগ আৰু অন্য প্রাণীৰ দ্বাৰা :- কিছুমান বীজ গৰু – ছাগলী বা অন্য প্রাণী গাত লাগি ধৰি এঠাইৰ পৰা আন ঠাইলৈ যায় আৰু তাতে বংশ বিস্তাৰ কৰে । এগাৰাে , লাজুকী লতাৰ গুটি আদি ।
প্রশ্ন ৯: স্তম্ভ- I আৰু স্তম্ভ- II ৰ তথ্যবােৰ মিলােৱা ।
স্তম্ভ- I স্তম্ভ- II
১. মুকুল ( i ) মেপল
২. চকু ( ii ) স্পাইৰ’গাইৰা
৩. বিখণ্ডন ( iii ) ইষ্ট
৪. পাখি ( iv ) মাৰি থােৱা ময়দা
৫. পৰাগৰেণু ( v ) আলু
( vi ) গােলাপ
উত্তৰঃ স্তম্ভ- I স্তম্ভ- II
১. মুকুল ( iii ) ইষ্ট
২. চকু ( v ) আলু
৩. বিখণ্ডন ( ii ) স্পাইৰ’গাইৰা
৪. পাখি ( i ) মেপল
৫. পৰাগৰেণু ( iv ) মাৰি থােৱা ময়দা ।
প্রশ্ন ১০: শুদ্ধ উত্তৰ বাছি উলিওৱা ।
( a ) উদ্ভিদ প্রজনন ক্ষম অংগ এটা হল—
( i ) পাত ( ii ) কাণ্ড ( iii ) শিপা ( iv ) ফুল ( b )
উত্তৰঃ ( iv ) ফুল ।
( b )পুংজননকোষ আৰু স্ত্রীজনন কোষৰ মিলনৰ প্রক্রিয়াটোক কোৱা হয়—
( i ) নিষেচন ( ii ) পৰাগ সংযাগ ( iii ) প্রজনন
( iv ) বীজ গঠন
উত্তৰঃ ( i ) নিষেচন ।
( c ) পূৰঠ অণ্ডকোষে উৎপন্ন কৰে—
( i ) গুটি ( ii ) গর্ভনলী । ( iii ) পৰাগ নলী ( iv ) ফুল
উত্তৰঃ ( iv ) ফুল ।
( d ) ৰেণু উৎপন্নকাৰী এবিধ উদ্ভিদ হল—
( i ) গােলাপ ( ii ) ব্রেড মােল্ড ( এবিধ ভেঁকুৰ )
( iii ) আলু ( iv ) আদা
উত্তৰঃ ( ii ) ব্রেড মােল্ড ( এবিধ ভেঁকুৰ ) ।
( e ) পাতেগজা ( ব্রাইঅ’ফাইলাম ) জাতীয় উদ্ভিদে প্রজনন কৰা অংগ হ’ল—
( i ) কাণ্ড ( ii ) পাত ( iii ) শিপা ( iv ) ফুল
উত্তৰঃ ( ii ) পাত ।
FAQs
Q1: What topics are covered in Class 7 Science Chapter 4 “উদ্ভিদৰ প্ৰজনন”?
This chapter covers types of reproduction in plants, asexual reproduction (vegetative propagation, budding, fragmentation), sexual reproduction, pollination, and seed dispersal.
Q2: Where can I find SEBA Class 7 Science Chapter 4 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 4 “উদ্ভিদৰ প্ৰজনন” on this page.
Q3: How do these solutions help in exam preparation?
These solutions provide step-by-step explanations, important MCQs, and key points to improve understanding and boost exam scores.
Q4: Is the Class 7 Science Chapter 4 solution PDF free?
No, this is a premium resource with high-quality solutions, available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):