Class 7 Science Chapter 5 Solution (Assamese Medium) – বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ ক্রিয়া | SEBA Assam | দ্বিতীয় খণ্ড

SEBA Class 7 Science (Assamese Medium) Lesson 5 – বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ ক্রিয়া Solutions & Summary (দ্বিতীয় খণ্ড)

Get the complete SEBA Class 7 Science Lesson 5 – “বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ ক্রিয়া” solutions for Assamese medium students. This chapter, part of দ্বিতীয় খণ্ড (Part II), explains electric current, circuit components, heating and magnetic effects of electric current, and applications like fuses and electromagnets. Our solutions include textbook answers, MCQs, and a detailed chapter summary to help students understand key concepts and prepare effectively for exams.

Class 7 Science

পাঠ – ৫ (দ্বিতীয় খণ্ড) Ospin Academy

বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া

অনুশীলনী

প্রশ্ন ১: তােমাৰ টোকাবহীত তলত দিয়া বৈদ্যুতিক আহিলাসমূহৰ সাংকেতিক চিত্র অংকণ কৰা ।

( i ) সংযােগী তাৰ।

( ii ) ‘অফ’ অৱস্থাৰ চুইছ

( iii ) ‘অন’অৱস্থাৰ চুইছ

( iv ) বাল্ব

( v ) বিদ্যুৎ কোষ

( vi ) বেটাৰি ।

উত্তৰঃ বৈদ্যুতিক আহিলা ।

( i ) সংযোগী তাৰ ।

( ii ) ‘অফ’ অৱস্থাৰ ছুইচ ।

( iii ) ‘অন’ অৱস্থাৰ চুইচ ।

( iv ) বাল্ব ।

( v ) বিদ্যুৎ কোষ ।

( vi ) বেটাৰি ।

সাংকেতিক চিহ্ন ।

প্রশ্ন ২: তলত দিয়া চিত্ৰৰ পৰা বর্তনী চিত্র অংকণ কৰা ।

উত্তৰঃ প্ৰশ্নত দিয়া চিত্ৰৰ বর্তনী চিত্র হ’ল-

প্রশ্ন ৩: তলৰ চিত্ৰত চাৰিটা বিদ্যুৎ কোষ দিয়া হ’ল । এই চাৰিটা বিদ্যুৎ কোষৰ দ্বাৰা এটা বেটাৰি তৈয়াৰ কৰিবলৈ বৈদ্যুতিক তাঁৰেৰে সংযােগ দেখুওৱা ।

উত্তৰঃ তলত চাৰিটা কোষৰ দ্বাৰা তৈয়াৰ কৰা বেটাৰিৰ চিত্ৰ দিয়া হ’ল ।

প্রশ্ন ৪: চিত্ৰত দিয়া বর্তনীৰ বাল্বটো জ্বলি উঠা নাই ।

সমস্যাটো কি বিচাৰি উলিওৱা । বাল্বটো জ্বলাবলৈ আৱশ্যকীয় পৰিবৰ্তনৰ ব্যৱস্থা কৰা ।

উত্তৰঃ সমস্যাটো হ’ল বর্তনীটোত ব্যৱহাৰ কৰা বেটাৰিৰ দুয়ােটা কোষৰ ধনমেৰু আনটো কোষৰ ধনমেৰুৰ লগত সংযােগ হৈ আছে ।

এটা কোষৰ ধনমেৰু আনটো কোষৰ ঋণমেৰুৰ লগত সংযােগ কৰিব লাগিব । তেতিয়াহে বাল্বটো জ্বলি উঠিব ।

তলত শুদ্ধ সংযােগ দেখুওৱা হ’ল—

প্রশ্ন ৫: বিদ্যুৎ প্রবাহৰ যিকোনাে দুটা প্রভাব উল্লেখ কৰা।

উত্তৰঃ বিদ্যুৎ প্রবাহৰ যিকোনাে দুটা প্রভাব হ’ল—

( i ) তাপৰ উৎপাদন । আৰু

( ii ) চুম্বক ক্ষেত্ৰৰ উৎপাদন ।

প্রশ্ন ৬: যেতিয়া এডাল পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত কৰা হয় , তেতিয়া পৰিবাহীৰ কাষত উত্তৰ – দক্ষিণ মূৱাকৈ ৰখা চুম্বক শলাৰ বিক্ষেপন ঘটে কিয় ?

উত্তৰঃ পৰিবাহীৰ মাজেৰে বিদ্যুৎচালিত হ’লে পৰিবাহীৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰৰ উৎপন্ন হয় । এই – চুম্বক ক্ষেত্ৰই চুম্বক শলাৰ চুম্বক ক্ষেত্ৰৰ লগত কৰা আন্তক্রিয়াৰ ফলত চুম্বকশলাৰ বিক্ষেপন ঘটে ।

প্রশ্ন ৭: তলত দিয়া বর্তনীৰ চাবি বন্ধ ( off ) কৰি দিলে বর্তনীত থকা চুম্বক শলাৰ বিক্ষেপন ঘটিবনে ?

উত্তৰঃ চুম্বকশলাৰ বিক্ষেপন নঘটে । কাৰণ বৰ্তনীৰ ‘চুইচ অফ ’ ( চাবি বন্ধ ) কৰিলেও তাৰ মাজেৰে বিদ্যুৎ প্রবাহ নহয় । যিহেতু বৰ্তনীত কোনাে বিদ্যুৎ কোষ সংযােগ কৰা হােৱা নাই ।

প্রশ্ন ৮: খালী ঠাই পূৰ কৰা।

( a ) বিদ্যুৎকোষৰ সাংকেতিক চিহ্নত থকা দীঘল আঁচড়ালে ………….. বুজায় ।

( b ) দুটা বা তাতােধিক বিদ্যুৎ কোষৰ সংযােগক ………… বােলে ।

( c ) ৰুম হিটাৰ এটাৰ ‘চুইচ অন ’ কৰি দিলে ই………. হয়।

( d ) বিদ্যুতৰ তাপীয় ক্রিয়াৰ ওপৰত ভিত্তি কৰি বর্তনীত ব্যৱহাৰ কৰা নিৰাপদ আহিলাক …………. বোলা হয় ।

উত্তৰঃ ( a ) বিদ্যুৎকোষৰ সাংকেতিক চিহ্নত থকা দীঘল আঁচড়ালে ধনদ্বাৰ বুজায় ।

( b ) দুটা বা তাতােধিক বিদ্যুৎ কোষৰ সংযােগক বেটাৰি বােলে ।

( c ) ৰুম হিটাৰ এটাৰ ‘চুইচ অন ’ কৰি দিলে ই লােহিত তপ্ত হয় ।

( d ) বিদ্যুতৰ তাপীয় ক্রিয়াৰ ওপৰত ভিত্তি কৰি বর্তনীত ব্যৱহাৰ কৰা নিৰাপদ আহিলাক ফিউজ বোলা হয় ।

প্রশ্ন ৯: শুদ্ধ উক্তিৰ বিপৰীতে ‘ T ‘ আৰু অশুদ্ধ উক্তিৰ বিপৰীতে ‘ F ‘ লিখা ।

( a ) দুটা কোষেৰে এটা বেটাৰি সাজিব লাগিলে এটা কোষৰ ঋণমূৰ আনটো কোষৰ ঋণমূৰৰ লগত সংযােগ কৰা হয় ।

উত্তৰঃ F

( b ) যেতিয়া ‘ফিউজ’ৰ মাজেৰে প্ৰয়ােজনতকৈ বেছি বিদ্যুৎপ্রবাহ চালিত হয় , তেতিয়া ফিউজ তাঁৰডাল গলি চিঙি যায় ।

উত্তৰঃ T

( C ) বিদ্যুৎ চুম্বক এডালে লােৰ টুকুৰা এটাক আকর্ষণ নকৰে।

উত্তৰঃ F

( d ) বৈদ্যুতিক ঘণ্টাত এডাল বিদ্যুৎ চুম্বক থাকে ।

উত্তৰঃ T

প্রশ্ন ১০: জাবৰৰ দম এটাৰ পৰা প্লাষ্টিক বেগ বিদ্যুৎ চুম্বকেৰে পৃথক কৰিব পাৰিনে ? বাখ্যা কৰা ।

উত্তৰঃ নােৱাৰি । কাৰণ বিদ্যুৎ চুম্বকে মাত্র চুম্বকীয় পদার্থবােৰকহে আকর্ষণ কৰে । প্লাষ্টিক বেগবােৰ অচুম্বকীয় পদার্থ আৰু ইয়াক বিদ্যুৎ চুম্বকে আকর্ষণ নকৰে । গতির্কে এইবােৰক জাবৰৰ দমৰ পৰা পৃথক কৰিব নােৱাৰি ।

প্রশ্ন ১১: এজন ইলেক্ট্রিচিয়ানে তােমাৰ ঘৰৰ বিদ্যুৎ লাইনৰ মেৰামতি কৰিব বিচাৰিছে৷ তেওঁ ইলেক্ট্রিক ফিউজটো বিদ্যুতৰ তাঁৰেৰে বনাই দিব খুজিছে। তুমি সন্মতনে ? তোমাৰ প্রতিক্রিয়াৰ কাৰণ দিয়া ।

উত্তৰঃ সন্মত নহয় । কাৰণ ইলেক্টিক ফিউজ এবিধ বিশেষ ধাতুৰে তৈয়াৰী । অতিৰিক্ত বিদ্যুৎ চালিত হলে ই উত্তাপিত হৈ গলি চিঙি যায় আৰু ঘৰুৱা বৈদ্যুতিক সমঞ্জামবােৰ নষ্ট হৈ নাযায়। যদি একে তাঁৰেৰে ফিউজ বনাই দিয়া হয় তেন্তে বেছি পৰিমাণৰ বিদ্যুতে তাৰ মাজেৰে প্রবাহিত হয় আৰু আহিলাবােৰ নষ্ট হৈ যাব। কাৰণ এই প্রবাহৰ ফলত বনাব খােজা ফিউজডাল গলি চিঙি নাযায় ।

প্রশ্ন ১২: জুবেদাই চিত্রত দেখুওৱাৰ দৰে এটা কোষ ধাৰক লৈ এটা ছুইচ আৰু বাৰে বিদ্যুৎ বর্তনী তৈয়াৰ কৰিছিল । যেতিয়া তাই ছুইচ ‘অন’ কৰিলে বাল্বটো নজ্বলিল । জুবেদাই কৰা সম্ভাব্য ক্রটিবােৰ চিনাক্ত কৰা ।

উত্তৰঃ জুবেদাই কৰা সম্ভাব্য ক্রটিবােৰ হ’ব—

( ১ ) বিদ্যুৎ কোষৰ সংযােগ ভুল হ’ব পাৰে ।

( ২ ) বাল্বটো ফিউজ হ’ব পাৰে ।

( ৩ ) তাঁৰৰ সংযােগ স্থল ঢিলা হ’ব পাৰে ।

প্রশ্ন ১৩: তলত দিয়া বর্তনীৰ ক্ষেত্ৰত

( i ) ছুইচ ‘অফ’ থকা সময়ত যিকোনাে এটা বাল্ব জ্বলিব পাৰেনে ?

( ii ) ছুইচ ‘অন’ কৰাৰ পাছত বাল্ববােৰৰ A , B , C ৰ জ্বলনৰ ক্ৰম কি হ’ব ?

উত্তৰঃ ( i ) নােৱাৰে ।

( ii ) একে সময়তে তিনিওটা বাল্ব জ্বলি উঠিব । বাল্ববােৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি বাল্ববোৰ জ্বলিব । যিহেতু বাল্ববােৰ শ্ৰেণীবদ্ধভাবে আছে , গতিকে A বাল্বটো যিমান উজ্জ্বল হব , B বাল্বটো কম হব আৰু C বাল্বটো A আৰু B ত কৈ বেছি কম হ’ব ।

FAQs:

Q1: What topics are covered in Class 7 Science Chapter 5 “বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ ক্রিয়া”?

This chapter covers electric current, open and closed circuits, effects of current (heating, magnetic), electric fuses, and electromagnets.

Q2: Where can I find SEBA Class 7 Science Chapter 5 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 5 “বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ ক্রিয়া” on this page.

Q3: How do these solutions help in exam preparation?

These solutions provide step-by-step explanations, important MCQs, and key points to improve understanding and boost exam scores.

Q4: Is the Class 7 Science Chapter 5 solution PDF free?

No, this is a premium resource with high-quality solutions, available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top