SEBA Class 7 Science (Assamese Medium) Lesson 6 – পোহৰ Solutions & Summary (দ্বিতীয় খণ্ড)
Get the complete SEBA Class 7 Science Lesson 6 – “পোহৰ” solutions for Assamese medium students. This chapter, part of দ্বিতীয় খণ্ড (Part II), covers light, reflection, refraction, types of mirrors and lenses, and human eye structure. Our solutions provide textbook answers, MCQs, and a detailed chapter summary to enhance understanding and boost exam preparation.
Class 7 Science
পাঠ – ৬ (দ্বিতীয় খণ্ড) Ospin Academy
পোহৰ
অনুশীলনী
প্রশ্ন ১: খালী ঠাই পূৰণ কৰা ।
( a ) যি প্রতিবিম্বক পর্দাত ধৰিব নােৱাৰি তাক ……… বােলে ।
( b ) উত্তল ………গঠন কৰা সদায় অসৎ আৰু আকাৰত সৰু ।
( c )………..দাপোণে গঠন কৰা প্রতিবিম্ব সদায় লক্ষ্যবস্তুৰ সমান আকাৰৰ ।
( d ) যিবােৰ প্রতিবিম্ব পৰ্দাত ধৰিব পাৰি তাক ……….. প্রতিবিম্ব বােলে ।
( e ) অবতল …………..গঠন কৰা প্রতিবিম্ব পৰ্দাত ধৰিব নােৱাৰি ।
উত্তৰঃ ( a ) যি প্রতিবিম্বক পর্দাত ধৰিব নােৱাৰি তাক অসৎ প্রতিবিম্ব বােলে ।
( b ) উত্তল দাপােণে গঠন কৰা সদায় অসৎ আৰু আকাৰত সৰু ।
( c ) সমতল দাপোণে গঠন কৰা প্রতিবিম্ব সদায় লক্ষ্যবস্তুৰ সমান আকাৰৰ ।
( d ) যিবােৰ প্রতিবিম্ব পৰ্দাত ধৰিব পাৰি তাক সৎ প্রতিবিম্ব বােলে ।
( e ) অবতল লেনছ গঠন কৰা প্রতিবিম্ব পৰ্দাত ধৰিব নােৱাৰি ।
প্রশ্ন ২: শুদ্ধ অশুদ্ধ লিখা ।
( a ) আমি উত্তল দাপােণৰ দ্বাৰা পৰিবধিত আৰু যথাযথ প্রতিবিম্ব গঠন কৰিব পাৰো ।
উত্তৰঃ অশুদ্ধ ।
( b ) অবতল লেনছে সদায় অসৎ প্রতিবিম্ব উৎপন্ন কৰে।
উত্তৰঃ শুদ্ধ ।
( c ) অবতল দাপােণে বাস্তৱ , বর্ধিত আৰু ওলােটা প্রতিবিম্ব গঠন কৰে ।
উত্তৰঃ শুদ্ধ ।
( d ) বাস্তৱ প্রতিবিম্ব পৰ্দাত ধৰিব নােৱাৰি ।
উত্তৰঃ অশুদ্ধ ।
( e ) অবতল দাপােণে সদায় বাস্তৱ প্রতিবিম্ব গঠন কৰে ।
উত্তৰঃ অশুদ্ধ ।
প্রশ্ন ৩: স্তম্ভ- I ৰ লগত স্তম্ভ- II ৰ এটা বা বেছি যি হয় , সেই তথ্য মিলহি লিখা ।
স্তম্ভ- II স্তম্ভ- II
( a ) সমতল দাপােণ ( i ) বিবর্ধক কাঁচ হিচাবে ব্যৱহাৰ হয় ।
( b ) উত্তল দাপােণ ( ii ) এক বৃহৎ অঞ্চলত থকা বস্তুৰ প্রতিবিম্ব গঠন কৰিব পাৰে ।
( c ) উত্তল লেনছ ( iii ) দন্ত্য চিকিৎসকে দাঁতৰ বিবর্ধিত প্রতিবিম্ব চাবলৈ ব্যৱহাৰ কৰে ।
( d ) অবতল দাপােণ ( iv ) প্রতিবিম্ব সদায় ওলােটা আৰু বিবর্ধিত ।
( e ) অবতল লেনছ ( v ) প্রতিবিম্ব যথাযথ আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ ।
( vi ) প্রতিবিম্ব যথাযথ আৰু লক্ষ্যবস্তুতকৈ সৰু ।
উত্তৰঃ স্তম্ভ- I স্তম্ভ- II
( a ) সমতল দাপােণ ( v ) প্রতিবিম্ব যথাযথ আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ ।
( b ) উত্তল দাপােণ ( ii ) এক বৃহৎ অঞ্চলত থকা বস্তুৰ প্রতিবিম্ব গঠন কৰিব পাৰে ।
( c ) উত্তল লেনছ ( i ) বিবর্ধক কাঁচ হিচাবে ব্যৱহাৰ হয় ।
( d ) অবতল দাপােণ ( iii ) দন্ত্য চিকিৎসকে দাঁতৰ বিবর্ধিত প্রতিবিম্ব চাবলৈ ব্যৱহাৰ কৰে ।
( e ) অবতল লেনছ ( vi ) প্রতিবিম্ব যথাযথ আৰু লক্ষ্যবস্তুতকৈ সৰু ।
প্রশ্ন ৪: সমতল দাপােণে গঠন কৰা প্রতিবিম্বৰ বৈশিষ্ট্য লিখা ।
উত্তৰঃ সমতল দাপােণে গঠন কৰা প্রতিবিম্বৰ বৈশিষ্ট্য হল—
( i ) প্রতিবিম্ব যথাযথ আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ ।
( ii ) প্রতিবিম্ব অসৎ ।
( iii ) প্রতিবিম্ব পার্শ্বীয়ভাবে বিলােমিত ( সোঁফাল বাওঁফাল আৰু বাওঁফাল সোঁফাল যেন দেখি)।
( iv ) দাপােণৰ পৰা লক্ষ্যবস্তুৰ সমান দূৰত্বত দাপােণৰ পিছফালে প্রতিবিম্ব গঠিত হয় ।
প্রশ্ন ৫: ইংৰাজী বর্ণমানৰ বা আন বর্ণমালাৰ কোনবােৰ আখৰৰ সমতল দাপােণৰ দ্বাৰা গঠিত প্রতিবিম্ব আখৰটোৰ দৰেই হয় বাছি উলিওৱা । তুমি পােৱা পৰিঘটনাৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ ইংৰাজী বর্ণমালাৰ আখৰবােৰ যিবােৰৰ সমতল দাপােণত গঠিত প্রতিবিম্বও আখৰবােৰৰ দৰেই হয় , সেইবােৰ হ’ল— A , H , I , M , O , T , U , V , W , X , Y. এনে হােৱাৰ কাৰণ হ’ল এই আখৰবােৰ সমমিত অর্থাৎ বাওঁফাল আৰু সোঁফাল একে । দাপােণত গঠিত প্রতিবিম্বটো পার্শ্বীয়ভাবে ওলােটা হ’লেও ধৰিব নােৱাৰি । কিন্তু আন আখৰবােৰৰ দুয়ােফাল সমমিত নহয় বাবে বাওঁফাল আৰু সোফাল বেলেগ হয় অর্থাৎ আখৰটোৰ ৰূপ সলনি হয় । তলত দুয়ােক্ষেত্ৰত গঠিত প্রতিবিম্বৰ গঠন দেখুওৱা হ’ল ।
প্রশ্ন ৬: অসৎ প্রতিবিম্ব কাক বােলে ? অবাস্তব প্রতিবিম্ব গঠনৰ এটা ব্যৱস্থা দিয়া ।
উত্তৰঃ অসৎ প্রতিবিম্ব :- যেতিয়া দাপােণত গঠিত প্রতিবিম্ব পৰ্দাত ধৰিব নােৱাৰি তাকে অসৎ প্রতিবিম্ব বােলে ।
অথবা , দাপােণৰ পৰা প্রতিফলিত ৰশ্মি পিছফালে বঢ়াই দিলে যি বিন্দুত ছেদ কৰে , তাকে সেই লক্ষ্যবস্তুৰ অসৎ প্রতিবিম্ব বােলে ।
সমতল দাপোেণত গঠিত প্রতিবিম্ব অসৎ । তলৰ চিত্ৰত ইয়াৰ গঠন দেখুওৱা হ’ল—

চিত্ৰত , O = লক্ষ্যবস্তু
I = প্রতিবিম্ব ( অসৎ )
MM = সমতল দাপােণ ।
প্রশ্ন ৭: এখন অবতল আৰু এখন উত্তল লেনছৰ মাজৰ দুটা পার্থক্য উল্লেখ কৰা ।
উত্তৰঃ উত্তল আৰু অবতল লেনছৰ মাজৰ পাৰ্থক্য দুটা হ’ল–
উত্তল লেনছ
১. মাজৰ অংশ মূৰৰ অংশতকৈ ডাঠ।
২. ইয়াৰ ওপৰত আপতিত পােহৰ অভিসাৰী কৰে আৰু সৎ , অসৎ দুয়ােধৰণৰ প্রতিবিম্ব মাত্ৰ গঠন কৰে।
অবতল লেনছ
১. মাজৰ অংশ মূৰৰ অংশতকৈ পাতল ।
২. ইয়াৰ ওপৰত আপতিত পােহৰ অপসাৰী কৰে আৰু অসৎ প্ৰতিবিম্বহে গঠন কৰে ।
প্রশ্ন ৮: অবতল আৰু উত্তল দাপােণৰ এটাকৈ ব্যৱহাৰ লিখা ।
উত্তৰঃ অবতল দাপােণ চিকিৎসকে দাঁত , নাক , কাণ আদি চাবলৈ ব্যৱহাৰ কৰে ।
উত্তল দাপােণ গাড়ী চালকে গাড়ীৰ পিছফালৰ ৰাস্তা আৰু তাৰ ওপৰত চলি থকা অন্য যানবাহন চাবলৈ ব্যৱহাৰ কৰে ।
প্রশ্ন ৯: প্রকৃত বা সৎ প্রতিবিম্ব কি ধৰণৰ দাপােণে গঠন কৰে ?
উত্তৰঃ অবতল দাপােণে সৎ প্রতিবিম্ব গঠন কৰে ।
প্রশ্ন ১০: কি লেনছে সদায় অসৎ প্রতিবিম্ব গঠন কৰে ?
উত্তৰঃ অবতল লেনছে সদায় অসৎ প্রতিবিম্ব গঠন কৰে ।
প্রশ্ন ১১: লক্ষ্যবস্তুতকৈ ডাঙৰ প্রতিবিম্ব গঠন কৰিব পাৰি
( i ) অবতল লেনছৰ দ্বাৰা ।
( ii ) অবতল দাপােণৰ দ্বাৰা ।
( iii ) উত্তল দাপােণৰ দ্বাৰা ।
( iv ) সমতল দাপােণৰ দ্বাৰা ।
উত্তৰঃ ( ii ) অবতল দাপােণৰ দ্বাৰা
প্রশ্ন ১২: ডেভিদে এখন সমতল দাপােণত তেওঁৰ প্রতিবিম্বটো নিৰীক্ষণ কৰি আছে । তেওঁৰ প্রতিবিম্ব দাপােণৰ পৰা 4 মিটাৰ দূৰত্বত গঠিত হৈছে । যদি তেওঁ দাপােণৰ ফালে 1 মিটাৰ ওচৰলৈ যায় , তেন্তে ডেভিদ আৰু তেওঁৰ প্রতিবিম্বৰ মাজৰ দূৰত্ব হল –
( i ) 3 মি . ( ii ) 5 মি . ( iii ) 6 মি . ( iv ) 8 মি .
উত্তৰঃ ( iii ) 6 মি .
প্রশ্ন ১৩: মটৰ গাড়ী এখনত ৰেয়াৰ ভিউ মিৰৰ ( পিছফালে চোৱা দাপােণ ) খন এখন সমতল দাপােণ । ড্রাইভাৰে গাড়ীখন 2 মি . / ছে , বেগত পিছুৱাই আছে । তেওঁ দাপােণত দেখিলে যে গাড়ীখনৰ পাছত এখন ট্রাক থিয়কৈ ৰখা আছে । ট্রাকখনৰ প্রতিবিম্বটো কিমান বেগেৰে গাড়ীখনৰ ওচৰ চাপিব ?
( i ) 1 মি./ছে , ( ii ) 2 মি./ছে , ( iii ) 4 মি./ছে , ( iv ) ৪ মি./ছে ,
উত্তৰঃ ( iii ) 4 মি./ছে ,
FAQs:
Q1: What topics are covered in Class 7 Science Chapter 6 “পোহৰ”?
This chapter explains the properties of light, reflection, refraction, plane mirrors, convex & concave mirrors, lenses, and the human eye.
Q2: Where can I find SEBA Class 7 Science Chapter 6 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 6 “পোহৰ” on this page.
Q3: How do these solutions help in exam preparation?
These solutions provide step-by-step explanations, important MCQs, and key points to improve understanding and boost exam scores.
Q4: Is the Class 7 Science Chapter 6 solution PDF free?
No, this is a premium resource with high-quality solutions, available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):