SEBA Class 7 Science (Assamese Medium) Lesson 7 – পানী: এক অমূল্য সম্পদ Solutions & Summary (দ্বিতীয় খণ্ড)
Find the complete SEBA Class 7 Science Lesson 7 – “পানী: এক অমূল্য সম্পদ” solutions for Assamese medium students. This chapter, from দ্বিতীয় খণ্ড (Part II), explains the importance of water, sources, conservation methods, groundwater depletion, and water pollution. Our solutions include textbook answers, MCQs, and a detailed chapter summary to help students prepare effectively for exams.
Class 7 Science
পাঠ – ৭ (দ্বিতীয় খণ্ড) Ospin Academy
পানী : এক অমূল্য সম্পদ
অনুশীলনী
প্রশ্ন ১: শুদ্ধ – অশুদ্ধ লিখা ।
( a ) পৰিষ্কাৰ পানী মাটিত জমা হােৱা পৰিমাণ নদী আৰু হ্রদত জমা হােৱাতকৈ বহুত বেছি ।
উত্তৰঃ শুদ্ধ ।
( b ) গাঁৱত বাস কৰা লােকৰ বাবে পানী জমা কৰাটো এটা সমস্যা ।
উত্তৰঃ অশুদ্ধ ।
( C ) খেতিৰ বাবে নদীৰ পানী একমাত্র উৎস ।
উত্তৰঃ অশুদ্ধ ।
( d ) বৰষুণ হ’ল একমাত্র পানীৰ উৎস ।
উত্তৰঃ ( a ) শুদ্ধ ।
প্রশ্ন ২: ভূ – জল পুনৰুদ্ধাৰ ( recharged ) কি দৰে হয় বাখ্যা কৰা ।
উত্তৰঃ বৰষুণৰ পানী মাটিৰ মাজেদি সৰকি গৈ মাটিৰ তলত জমা হয় । নৈ , বিল , পুখুৰী আদিৰ পানীও একেদৰে মাটিৰ মাজেদি সৰকি চেপা খাই মাটিৰ তলত জমা হয় । এই পানীবােৰ কঠিন , শিল , মাটিৰ কণাৰ মাজত থকা ফাঁকত জমা হৈ থাকে । ইয়াকে ভূ জল পুনৰুদ্ধাৰ বােলা হয় ।
প্রশ্ন ৩: এখন চুবুৰীত থকা 50 ঘৰ পৰিয়ালৰ মাজত 10 টা টিউবৱেল আছে । সেই ঠাইৰ ৱাটাৰ টেবুলৰ ওপৰত পৰা দীর্ঘদিনীয়া প্রভাব কি হ’ব ?
উত্তৰঃ পানী ব্যৱহাৰ বেছি হােৱাৰ ফলত তাৰ ৱাটাৰ টেবুলৰ অৱক্ষয় হ’ব । ফলত ভূ • জলৰ ক্ষেত্ৰত ব্যাঘাত জন্মিব । ইয়াৰ ফলত ভূ – জল ক্রমান্বয়ে গভীৰৰ পৰা গভীৰতালৈ যাব আৰু এটা সময়ত অঞ্চলটোত পানীৰ নাটনি হ’ব ।
প্রশ্ন ৪: তােমাক এখন বাগিছা চোৱাচিতা কৰাৰ দায়িত্ব দিয়া হৈছে । তুমি পানীৰ ব্যৱহাৰ কেনেকৈ কমাবা ?
উত্তৰঃ পানীৰ ব্যৱহাৰ কমাবলৈ –
( i ) বাগিছাত থকা নলাৰ দ্বাৰা পানী বাহিৰলৈ নােযােৱাৰ ব্যৱস্থা কৰা ।
( ii ) সাপ বা শহাপহুৰ গাঁত পূৰ কৰা ।
( iii ) বাগিছাৰ ফুলৰ গুৰিলৈ সৰু সৰু নলাৰ দ্বাৰা পানী যােগান ধৰাৰ ব্যৱস্থা কৰা ৷
প্রশ্ন ৫: ৱাটাৰ টেবুল অৱক্ষয়ৰ কাৰকবােৰৰ বাখ্যা কৰা।
উত্তৰঃ ৱাটাৰ টেবুল অৱক্ষয়ৰ কাৰকবােৰ হ’ল—
( i ) জনসংখ্যা বৃদ্ধি :- জনসংখ্যা বৃদ্ধিৰ বাবে পানীৰ ব্যৱহাৰাে অধিক পৰিমাণে বৃদ্ধি পাইছে। ঘৰ বনােৱা , দোকান , কাৰ্যালয় , ৰাস্তা ঘাট বন্ধোৱা আদিৰ বাবেও পানীৰ ব্যৱহাৰ বেছি হৈছে । মুক্ত ঠাইৰ পৰিমানো কমি গৈছে । পকী কৰাৰ বাবে মাটিয়ে পানী শােষণ বহু পৰিমাণে কমিছে । গতিকে ৱাটাৰ টেবুলৰ অৱক্ষয় ঘটিছে ।
( ii ) কল কাৰখানা আদিত বহু পৰিমাণৰ পানী ব্যৱহাৰ হয় । এই পানী ভু – গর্ভস্থ পানীৰ পৰা তুলি অনাৰ ফলত ৱাটাৰ টেবুলৰ অৱক্ষয় ঘটে ।
( iii ) জনসংখ্যা বৃদ্ধিৰ বাবে খেতিৰ পৰিমাণ বাঢ়িছে । ফলত খেতিয়তসকলেও ভূ গৰ্ভৰ পৰা জলসিঞ্চন কৰিব লগা হৈছে ।
প্রশ্ন ৬: খালী ঠাই পূৰ কৰা ।
( a ) মানুহে ভূ – জল ……….আৰু………..ৰ দ্বাৰা
লাভ কৰে ।
উত্তৰঃ মানুহে ভূ – জল টিউবৱেল আৰু দমকল ৰ
দ্বাৰা লাভ কৰে ।
( b ) পানীৰ অৱস্থা তিনিটা হ’ল ……… , ………….আৰু ………….।
উত্তৰঃ পানীৰ অৱস্থা তিনিটা হ’ল গােটা,তৰল, আৰু গেছীয় ।
( C ) পানী থকা ভূ – পৃষ্ঠৰ তৰপটোক …….বোলে ।
উত্তৰঃ পানী থকা ভূ – পৃষ্ঠৰ তৰপটোক একুইফাৰ বোলে ।
( d ) মাটিৰ মাজেৰে পানী সৰকি যােৱা পদ্ধতিটোক …………বােলে ।
উত্তৰঃ মাটিৰ মাজেৰে পানী সৰকি যােৱা পদ্ধতিটোক চেকুন ( infiltration ) বোলে ।
প্রশ্ন ৭: তলৰ কোনটো পানীৰ নাটনিৰ বাবে দায়বদ্ধ নহয় ?
( i ) কল-কাৰখানাৰ দ্রুত বৃদ্ধি
( ii ) জনসংখ্যা বৃদ্ধি
( iii ) প্রচণ্ডবৰষুণ
( iv ) পানীৰ উৎসৰ নিয়ন্ত্রণ
উত্তৰঃ ( iii ) প্রচণ্ড ব্ৰষুণ ।
প্রশ্ন ৮: শুদ্ধটো বাছি উলিওৱা : পানীৰ পৰিমাণ
( i ) হৃদ আৰু নদীত সদায় স্থিৰ ।
( ii ) ভূ – গর্ভস্থ জলৰ ক্ষেত্ৰত সদায় স্থিৰ ।
( iii ) সাগৰ আৰু মহাসাগৰত সদায় স্থিৰ ।
( iv ) পৃথিৱীতে সদায় স্থিৰ ।
উত্তৰঃ ( iv ) পৃথিৱীতে সদায় স্থিৰ ।
প্রশ্ন ৯: ভূ – গর্ভস্থ জল আৰু ৱাটাৰ টেবুল দেখুৱাই এটা মােটামুটিকৈ চিত্র অংকণ কৰা ।
উত্তৰঃ নিজে চেষ্টা কৰা । ( পাঠ্যপুথিৰ মতে অংকন কৰা )
FAQs:
Q1: What topics are covered in Class 7 Science Chapter 7 “পানী: এক অমূল্য সম্পদ”?
This chapter covers water sources, water cycle, importance of water, conservation techniques, and the impact of water scarcity.
Q2: Where can I find SEBA Class 7 Science Chapter 7 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 7 “পানী: এক অমূল্য সম্পদ” on this page.
Q3: How do these solutions help in exam preparation?
The solutions offer step-by-step explanations, key points, and MCQs to improve understanding and ensure better exam performance.
Q4: Is the Class 7 Science Chapter 7 solution PDF free?
No, this is a premium study resource available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):