Class 7 Science Chapter 8 Solution (Assamese Medium) – বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ | SEBA Assam | প্ৰথম খণ্ড (Part I)

SEBA Class 7 Science (Assamese Medium) Lesson 8 – বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ Solutions & Summary

Get the complete SEBA Class 7 Science Lesson 8 – “বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ” solutions for Assamese medium students. This chapter, part of প্ৰথম খণ্ড (Part I), explains the formation of winds, causes of storms and cyclones, their effects, and safety measures. Our solutions include textbook answers, MCQs, and a detailed chapter summary to help students understand key concepts and perform well in exams.

Class 7 Science

পাঠ – ৮               Ospin Academy

বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ

অনুশীলনী

প্রশ্ন ১: খালী ঠাই পূৰ কৰা ।

( a ) বতাহ হ’ল …………বায়ু ।

( b ) পৃষ্ঠৰ …………তাপৰ বাবে বতাহৰ সৃষ্টি হয় ।

( c ) ভূ – পৃষ্ঠৰ ওচৰৰ …………..বায়ু ওপৰলৈ উঠে আৰু তুলনামূলকভাবে ……………. তললৈ নামে ।

( d ) বায়ু ……….চাপ , অঞ্চলৰ পৰা ………….চাপ অঞ্চললৈ গতি কৰে ।

উত্তৰঃ ( a ) বতাহ হ’ল গতিশীল বায়ু ।

( b ) পৃষ্ঠৰ অসমতুলিত তাপৰ বাবে বতাহৰ সৃষ্টি হয় ।

( c ) ভূ – পৃষ্ঠৰ ওচৰৰ উষ্ণ বায়ু ওপৰলৈ উঠে আৰু তুলনামূলকভাবে শীতল তললৈ নামে ।

( d ) বায়ু উচ্চ চাপ , অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে ।

প্রশ্ন ২: এখন ঠাইৰ বতাহৰ দিশ নির্ণয় কৰিব পৰা দুটা পদ্ধতিৰ আভাস দিয়া ।

উত্তৰঃ কোনাে এখন ঠাইৰ বতহাৰ দিশ নির্ণয় কৰিব পৰা দুটা পদ্ধতি হল—

( i ) যদি আমি’এমুঠি ধূলি ওপৰৰ পৰা এৰি দিওঁ ধূলিখিনি যি দিশে যায় , সেইদিশে বতাহ বলা বুলি ঠিৰাং কৰিব পাৰি ।

( ii ) বায়ু চকৰি বা বায়ু ঘড়ী সাজি তাৰ ঘূৰণৰ দিশ চাই বায়ু কোন দিশৰ পৰা বলিছে তাক নির্ণয় কৰিব পাৰি ।

প্রশ্ন ৩: বায়ুয়ে যে চাপ দিয়ে তাৰ অভিজ্ঞতাৰ বিষয়ে লিখা । ( পাঠ্যপুথিত থকা নথকা )

উত্তৰঃ বায়ুয়ে চাপ দিয়ে । ইয়াক তলৰ দুটা অভিজ্ঞতাৰে উপলদ্ধি কৰিব পাৰি ।

অভিজ্ঞতা ১:- বেলুন এটা ফুৱাই দিলে ই ফুলি উঠে । বেছিকৈ ফুলালে ই ফাটি যায় । বায়ুৱে দিয়া চাপৰ বাবে বেলুনটো ফাটি যায় ।

অভিজ্ঞতা ২:- পানীপূর্ণ গিলাছ এটাত কাগজ বা প্লেট এখন ঢাকি দিলে , ওলােটাই দিলে কাগজখন বা প্লেটখন তললৈ সৰি নপৰে । প্লেটখনৰ ওপৰত বায়ুৱে দিয়া চাপৰ বাবে প্লেটখন সৰি পৰে ।

প্রশ্ন ৪: তুমি এটা ঘৰ কিনিব বিচাৰিছা । তুমি কেৱল খিৰিকি থকা কিন্তু ভেন্টিলেটৰ নথকা ঘৰ এটা পাইছা । পছন্দ কৰিবনে? বাখ্যা কৰা ।

উত্তৰঃ এখন খিৰিকী থকা , কিন্তু ভেন্টিলেটৰ নথকা ঘৰটো কিনাৰ বাবে পছন্দ কৰা নহয় । গৰমৰ দিনত বায়ু গৰম হৈ পাতল হয় , পাতল বায়ু লগে লগে ওপৰলৈ উঠে । ওপৰৰ ভেন্টিলেটৰ থাকিলেহে এই গৰম বায়ু ভেন্টিলেটৰেৰে বাহিৰলৈ ওলাই যায় । তেতিয়া বাহিৰৰ পৰা ঠাণ্ডা বতাহ ৰুমৰ ভিতৰত সােমাই ৰুমটো শীতল হৈ থাকে । যদি ভেন্টিলেটৰ নাথাকে এই গৰম বায়ু বাহিৰ ওলাই যাব নােৱাৰে । গতিকে ৰুমৰ ভিতৰলৈ বাহিৰৰ ঠাণ্ডা বতাহ সােমাই নায়ায় । গতিকে গ্রীষ্মকালত সেই ঘৰটো বাসপােযােগী নহ’ব । গতিকে ঘৰটো নিকিনাই শ্রেয় ।

প্রশ্ন ৫: আৰি দিয়া বেনাৰ আৰু হ’র্ডিংবােৰত কিয় ফুটা কৰি দিয়া হয়?

উত্তৰঃ বায়ুয়ে চাপ দিয়ে । যদি আৰি থােৱা বেনাৰ আৰু হ’র্ডিংবােৰত ফুটা কৰি দিয়া নহয় , তেতিয়া বায়ুৰ হেচাত এইবােৰ ফালি চিৰি যাব । ফুটা কৰি দিলে সেই ফুটাৰে বায়ুই গতি কৰিব আৰু এইবােৰ নষ্ট হৈ নাযায় ।

প্রশ্ন ৬: তুমি কিদৰে তােমাৰ প্রতিবেশীক তােমাৰ গাঁও বা নগৰলৈ আহি থকা র্ণীবতাহৰ পৰা ৰক্ষা পাবলৈ সহায় কৰিবা?

উত্তৰঃ আহি থকা ঘূর্ণীবতাহৰ পৰা প্রতিবেশীক ৰক্ষা কৰিবলৈ তলৰ ব্যৱস্থাসমূহ হাতত ল’ব পাৰি—

( ক ) অত্যাৱশ্যকীয় ঘৰুৱা সামগ্রী , পােহনীয়া প্রাণী , গাড়ী – মটৰ , খাদ্য আদি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব লাগিব ।

( খ ) ওচৰৰ অগ্নিনির্বাপক বাহিনী , আৰক্ষী চকী , হস্পিতাল আদিৰ ফোন নম্বৰ যােগাৰ কৰি থােৱা ।

( গ ) দূষিত পানী খাব নিদি বিশুদ্ধ খােৱা পানী সঞ্চিত কৰি ৰখা ।

( ঘ ) তিতা হাতে বিদ্যুতৰ চুইছ স্পর্শ নকৰিবলৈ কোৱা , যান-বাহন আদি পানীৰ কাষেদি চলাই নিয়াত বাধা দিয়া ।

প্রশ্ন ৭: ঘূর্ণীবতাহে সৃষ্টি কৰা অৱস্থাৰ মুখামুখী হ’বলৈ আগতীয়াকৈ কি ধৰণৰ আঁচনি কৰিব পাৰি?

উত্তৰঃ চৰকাৰী বিভাগৰ ফালৰ পৰা –

( i ) এই ক্ষেত্ৰত স্থাপন হােৱা চৰকাৰী বিভাগবােৰক সঘনাই যােগাযােগৰ দ্বাৰা সজাগ । কৰি থােৱা ।

( ii ) মাছমৰীয়া , জাহাজ বা নৌকাৰে পাৰ হােৱা যাত্রীবােৰক সতর্ক কৰি দিয়া ।

( iii ) ঘূর্ণীবতাহৰ বাবে স্পর্শকাতৰ ঠাইসমূহৰ বাসিন্দাসকলৰ বাবে আগতীয়াকৈ আশ্রয় শিবিৰ স্থাপন কৰি থােৱা ।.

ৰাইজৰ তৰফৰ পৰা –

( i ) অত্যাৱশ্যকীয় চৰকাৰী সেৱা , আৰক্ষী চকী , অগ্নিনির্বাপক বাহিনী , হস্পিতেল আদিৰ ফোন নম্বৰ মজুত ৰখা ।

( ii ) ঘৰচীয়া প্রাণী , অত্যাৱশ্যকীয় ঘৰুৱা সামগ্রী , যান-বাহন , চাকি লেম্প , কাপােৰকানি আদি নিবাপদ ঠাইলৈ স্থানান্তৰ কৰি থােৱা ।

( iii ) বিশুদ্ধ খােৱা পানী , খাদ্য আৰু কাপােৰকানি জমা কৰি থােৱা ।

প্রশ্ন ৮: তলৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা :

তলৰ কোনখন ঠাই ঘূর্ণীবতাহৰ দ্বাৰা প্রভাবান্বিত হােৱাৰ সম্ভাবনা কম?

( a ) চেন্নাই।

( b ) বাংগালুৰু।

( c ) অম্ৰিতচৰ।

( d ) পুৰী।

উত্তৰঃ ( c ) অম্রিতচৰ ।

প্রশ্ন ৯: তলত দিয়া কোনটো উক্তি শুদ্ধ?

( a ) শীতকালত বতাহ স্থলৰ পৰা সাগৰলৈ বলে ।

( b ) গ্রীষ্মকালত বতাহ স্থলভাগৰ পৰা সাগৰৰ ফালে বলে ।

( c ) ঘূর্ণীবতাহ কোনাে ঠাইত প্রচণ্ড উচ্চ চাপৰ সৃষ্টি হােৱাৰ ফলত তাৰ চাৰিওফালে বলা প্রচণ্ড দ্রুতিৰ বতাহ।

( d ) ভাৰতৰ সাগৰৰ উপকূলীয় অঞ্চল ঘূর্ণীবতাহৰ বাবে স্পর্শকাতৰ নহয় ।

উত্তৰঃ ( a ) শীতকালত বতাহ স্থলৰ পৰা সাগৰলৈ বলে ।

FAQs

Q1: What topics are covered in Class 7 Science Chapter 8 “বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ”?

This chapter covers the role of air pressure in wind formation, causes of storms and cyclones, their impact on the environment, and safety measures to protect against them.

Q2: Where can I find SEBA Class 7 Science Chapter 8 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 8 “বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ” on this page.

Q3: How do these solutions help in exam preparation?

These solutions provide step-by-step explanations, important MCQs, and key points to improve understanding and boost exam scores.

Q4: Is the Class 7 Science Chapter 8 solution PDF free?

No, this is a premium resource with high-quality solutions, available for purchase

Q5: Where can I find solutions for all chapters of Class 7 Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top