SEBA Class 7 Science (Assamese Medium) Lesson 8 – বননি: আমাৰ জীৱন ৰেখা Solutions & Summary (দ্বিতীয় খণ্ড)
Find the complete SEBA Class 7 Science Lesson 8 – “বননি: আমাৰ জীৱন ৰেখা” solutions for Assamese medium students. This chapter, from দ্বিতীয় খণ্ড (Part II), explains the importance of forests, biodiversity, ecological balance, and conservation methods. Our solutions include textbook answers, MCQs, and a detailed chapter summary to help students prepare effectively for exams.
Class 7 Science
পাঠ – ৮ (দ্বিতীয় খণ্ড) Ospin Academy
বননি : আমাৰ জীৱন ৰেখা
অনুশীলনী
প্রশ্ন ১: হাবিত বাস কৰা জীৱ – জন্তুই হাবি এখনৰ বিকাশত কি ধৰণে সহায় কৰে লিখা ।
উত্তৰঃ হাবিত বাস কৰা প্ৰাণীয়ে হাবিখনৰ শ্ৰীবৃদ্ধি অথবা বিকাশ সাধনত বহুত প্ৰকাৰে সহায় কৰে । বহুতাে জীৱ – জন্তু, চৰাই – চিৰিকতিয়ে গছৰ ফলমূল খাই জীয়াই থাকে । ফলৰ গুটিবােৰ এঠাইৰ পৰা নি আন এঠাইত পেলাই হাবিখনৰ বিভিন্ন ঠাইত নতুন গছৰ জন্ম হােৱাত সহায় কৰে ।
জীৱ – জন্তুৰ গােৱৰে হাবিত সাৰৰ যােগান ধৰি গছ – গছনিৰ অংকুৰণ আৰু বিকাশত সহায় কৰে ।
প্রশ্ন ২: হাবিয়ে কিদৰে বানপানী প্রতিৰােধ কৰে লিখা ।
উত্তৰঃ হাবি – বননিৰ মাজেৰে পানীৰ সােতে বাধা পায় । ফলত পানীৰ সােতৰ শক্তি কমি ঘৰ – বাৰী , ৰাস্তা – ঘাট ভাঙি – চিঙি নিয়াত বাধা প্রদান হয় ।নদীৰ পাৰত গছ ৰুই নদীয়ে কৰা গৰাখহনীয়া ৰােধ কৰিব পৰা যায় । বৰষুণৰ পানী গছৰ ওপৰত পৰি লাহে লাহে গছৰ ডালেৰে তললৈ নামি আহে । তাৰ ফলত মাটিত পােণে পােণে পৰা বৰষুণৰ টোপালে মাটি খান্দি নিয়া প্রক্রিয়া বন্ধ কৰে । বন বা ঘাঁহনিয়ে বৰষুণৰ টোপালে খালি নিয়া মাটি বৈ গৈ নদী বা জান – জুৰিত পৰাৰ পৰা বন্ধ কৰে। নদীৰ তলি সেইবাবে বাম হৈ নপৰে আৰু বানপানীয়ে নদী উপচি পৰি কৰা ক্ষয় ক্ষতিৰ পৰা সেই ঠাই ৰক্ষা পৰে ।
প্রশ্ন ৩: বিয়ােজক কাক বােলে ? দুটাৰ নাম লিখা । হাবিত সিহঁতৰ ভূমিকা কি ?
উত্তৰঃ যিবিলাক অণুজীৱই গছ বা প্রাণীৰ মৃতদেহ পচাই মাটিৰ লগত মিহলাই হিউমাছত পৰিণত কৰে সেইবােৰ অণুজীৱকে বিয়ােজক বােলে । পৰুৱা , বিটল , মেলিপেভিছ আদি ।
হাবিত যদি এই বিয়ােজকবােৰ নাথাকে তেন্তে মৃতদেহবােৰৰ পচন নহ’লহেতেন । আৰু এইবােৰ দম হৈ থাকি হাবি – বন ভৰি পৰি তাৰ উৰ্বৰ মাটিৰ পৰিমাণ কমি গ’লহেতেন । হিউমাছ সৃষ্টি হােৱাৰ ফলত গছ – গছনিৰ পুষ্টি সাধন হয় । উদ্বিদৰ পুষ্টি সাধন হ’লেহে বিকাশ হয় আৰু তাত থকা প্রাণীসমূহৰ খাদ্যৰ যােগান পায় । অন্যথা প্রাণীসমূহাে বাচি নাথাকিব ।
প্রশ্ন ৪: বায়ুমণ্ডল অক্সিজেন আৰু কার্বন – ডাই – অক্সাইডৰ ভাৰসাম্য ৰক্ষা কৰাত হাবি এখনৰ ভূমিকাৰ বিষয়ে বাখ্যা কৰা ।
উত্তৰঃ উদ্ভিদে সালােক সংশ্লেষণৰ সহায়ত তাৰ খাদ্য তৈয়াৰ কৰে । উদ্ভিদে সালােক সংশ্লেষণত বায়ুৰ পৰা কার্বন ডাই অক্সাইড ( CO₂ ) ব্যৱহাৰ কৰে । আনহাতে , খাদ্য ( কার্ব’হাইড্রেট ) তৈয়াৰ কৰা প্রক্রিয়াত অক্সিজেন ( O₂ ) নির্গত কৰে । প্ৰাণীয়ে শ্বাস প্রশ্বাসত বায়ুমণ্ডলত কার্বন ডাই অক্সাইড এৰি দিয়ে ।
ঘটনাটো চিত্ৰত দিয়াৰ দৰে উদ্ভিদে নিজেও শ্বাস – প্রশ্বাসত , O₂ গেছ ব্যৱহাৰ কৰে । গতিকে CO₂ আৰু O₂ উভয় পক্ষই ব্যৱহাৰ কৰে আৰু উৎপন্নও কৰে বাবে বায়ুমণ্ডলত ইয়াৰ অধিক্য নঘটে । অর্থাৎ দুয়ােয়ে ইয়াৰ ভাৰসাম্য ৰক্ষা কৰে । হাবি এখনত উদ্ভিদ আৰু প্রাণী দুয়াে থাকে । যদি উদ্ভিদে O₂ তৈয়াৰ নকৰিলেহেঁতেন তেন্তে প্রাণীবােৰ বাচি নাথাকে । গতিকে গছ যিমানে বাঢ়ে সিমানে বায়ুমণ্ডল নির্মল হৈ থাকিব । নহ’লে CO₂ গেছে শােষণ কৰা তাপ ভূমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰিব ।
প্রশ্ন ৫: হাবিত কিয় কোনাে বর্জনীয় পদার্থ নাথাকে ?
উত্তৰঃ হাবিত সৃষ্টি হােৱা বর্জনীয় পদার্থবােৰ হাবিত থকা অণুজীৱ ( বিয়ােজক ) বােৰে তাৰ ওপৰত ক্রিয়া কৰি পচন ঘটায় । ফলত মাটিত হিউমাছৰ পৰিমাণ বৃদ্ধি পায় । গতিকে কোনাে মৃতদেহ জমা হৈ নাথাকে ।
প্ৰশ্ন ৬: হাবিৰ পৰা পােৱা 5 টা উৎপাদিত বস্তুৰ নাম লিখ।
উত্তৰঃ হাবিৰ পৰা পােৱা 5 টা উৎপাদিত বস্তুৰ নাম হ’ল- মৌ , কাঠ , আঠা , কপাহ আৰু ৰবৰ ।
প্রশ্ন ৭: খালী ঠাই পূৰ কৰা ।
( a ) কীট – পতংগ , পখিলা , মৌমাখি আৰু চৰাইয়ে সপুষ্পক উদ্ভিদৰ …….. ত সহায় কৰে ।
উত্তৰঃ কীট – পতংগ , পখিলা , মৌমাখি আৰু চৰাইয়ে সপুষ্পক উদ্ভিদৰ পৰাগযােগ ত সহায় কৰে ।
( b ) হাবি হ’ল ………..আৰু …………..ৰ পৰিশােধক ।
উত্তৰঃ হাবি হ’ল বায়ু আৰু পানীৰ পৰিশােধক ।
( c ) ঘাঁহবনে ( তৃণ ) হাবিৰ …………. স্তৰৰ সৃষ্টি কৰে ।
উত্তৰঃ ঘাঁহবনে ( তৃণ ) হাবিৰ নিম্ন ( ভূমি ) স্তৰৰ সৃষ্টি কৰে ।
( d ) পচা পাত আৰু জীৱ – জন্তই হাবি এখনক ……… যােগান ধৰে ।
উত্তৰঃ পচা পাত আৰু জীৱ – জন্তই হাবি এখনক হিউমাছ যােগান ধৰে ।
প্রশ্ন ৮: হাবি আমাৰ দৈনন্দিন জীৱনৰ পৰা বহু আতৰত থকা সত্তেও ইয়াৰ লগত জড়িত সমস্যাবােৰে আমাক কিয় চিন্তিত কৰি ৰাখে ?
উত্তৰঃ যদিও দেখাত হাবি আমাৰ দৈনন্দিন জীৱনৰ পৰা বহু আঁতৰত তথাপি ই আমাৰ জীৱন ধাৰণৰ সকলাে প্রক্রিয়াতে জড়িত হৈ আছে । হাবি এখনে প্ৰাণীৰ অস্তিত্বত যােগােৱা অৰিহণা অতি গুৰুত্বপূর্ণ । তলৰ তথ্যৰ পৰা ইয়াক আমাৰ জীৱনত প্রয়ােজনৰ বিষয়ে জানিব পাৰি—
( ১ ) বায়ুমণ্ডলত CO₂ আৰু O₂ ৰ সমতুল্য ৰক্ষা হাবিত থকা উদ্ভিদেই কৰি আছে ।
( ২ ) হাবিয়ে বিভিন্নধৰণৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান ।
( ৩ ) হাবিৰ পৰাই আমি বিভিন্নধৰণৰ বস্তু যেনে— খৰি , কাঠ , ফল মূল , ঔষধ , ৰবৰ , আঠা , ৰেজিন , লা আদি পােৱা যায় ।
এইবােৰৰ পৰা দেখা যায় যে হাবি নাথাকিলে জীৱন বিপন্ন হ’ব । আমি সেইবাবে হাবিৰ লগত জড়িত সমস্যাৰ খবৰ পালেই চিন্তিত হৈ পৰাে ।
প্রশ্ন ৯: এখন হাবিত কিয় নানা তৰহৰ উদ্ভিদ আৰু প্ৰাণীৰ দৰকাৰ ?
উত্তৰঃ হাবি এখনত থকা এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰি চলে । অর্থাৎ তাত এটা পৰিস্থিতি তন্ত্ৰৰ সৃষ্টি হয় । এবিধ গছে বা প্রাণীয়ে আন এবিধৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে । ঘাঁহ বনবােৰ নাথাকিলে তৃণভােজী প্রাণী নাথাকিব । তৃণভােজী প্রাণীবােৰ খাই মাংসভােজী প্রাণী জীয়াই থাকে । অর্থাৎ হাবিত এটা খাদ্য শৃংখলৰ দৰকাৰ । গতিকে তাত বিভিন্ন প্রজাতিৰ প্রাণী বা উদ্ভিদ থাকিব লাগিব ।
প্রশ্ন ১০: তলৰ চিত্ৰত চিত্ৰকৰ গৰাকীয়ে চিত্রত লেবেল কৰিব পাহৰি গ’ল । প্রয়ােজনীয় কাঁড় চিন আৰু নামাংকন কৰা ।
উত্তৰঃ
প্রশ্ন ১১: তলৰ কোনটো হাবিত উৎপন্ন হােৱা বস্তু নহয় ?
( i ) আঠা ।
( ii ) প্লাইউড় ।
( iii ) চিলিংৱাক্স ( লা ) ।
( iv ) কেৰাচিন ।
উত্তৰঃ ( iv ) কেৰাচিন।
প্রশ্ন ১২: তলৰ কোনটো শুদ্ধ উক্তি নহয় ?
( i ) হাবিয়ে গৰাখহনীয়াৰ পৰা মাটিক ৰক্ষা কৰে ।
( ii ) হাবিত থকা প্রাণী আৰু উদ্ভিদ পৰস্পৰ নিৰ্ভৰশীল নহয় ।
( iii ) হাবিয়ে জলবায়ু আৰু জলচক্ৰৰ ওপৰত প্রভাব পেলায় ।
( iv ) মাটিয়ে হাবি এখনৰ বিকাশ আৰু পুর্নগঠনত সহায় কৰে ।
উত্তৰঃ ( ii ) হাবিত থকা প্রাণী আৰু উদ্ভিদ পৰস্পৰ নিৰ্ভৰশীল নহয় ।
প্রশ্ন ১৩: মৃত গছ – গছনিৰ ওপৰত অণুজীৱই ক্রিয়া কৰি উৎপন্ন কৰে–
( i ) বালি ।
( ii ) ভেঁকুৰ ।
( iii ) হিউমাছ ।
( iv ) কাঠ ।
উত্তৰঃ ( iii ) হিউমাছ ।
FAQs
Q1: What topics are covered in Class 7 Science Chapter 8 “বননি: আমাৰ জীৱন ৰেখা”?
This chapter covers forest ecosystems, importance of forests, deforestation, conservation efforts, and the role of forests in maintaining the environment.
Q2: Where can I find SEBA Class 7 Science Chapter 8 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 8 “বননি: আমাৰ জীৱন ৰেখা” on this page.
Q3: How do these solutions help in exam preparation?
The solutions offer step-by-step explanations, key points, and MCQs to improve understanding and ensure better exam performance.
Q4: Is the Class 7 Science Chapter 8 solution PDF free?
No, this is a premium study resource available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):