Class 7 Science Chapter 9 Solution (Assamese Medium) – বর্জিত পানীৰ কথা | SEBA Assam | দ্বিতীয় খণ্ড

SEBA Class 7 Science (Assamese Medium) Lesson 9 – বর্জিত পানীৰ কথা Solutions & Summary (দ্বিতীয় খণ্ড)

Get the complete SEBA Class 7 Science Lesson 9 – “বর্জিত পানীৰ কথা” solutions for Assamese medium students. This chapter, from দ্বিতীয় খণ্ড (Part II), discusses wastewater management, its treatment process, the importance of sanitation, and ways to prevent water pollution. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students excel in their studies.

Class 7 Science

পাঠ – ৯ (দ্বিতীয় খণ্ড)           Ospin Academy

বর্জিত পানীৰ কথা

অনুশীলনী

প্রশ্ন ১: খালী ঠাই পূৰ কৰা—

( a ) পানী পৰিষ্কাৰ কৰা প্রক্রিয়া হ’ল তাৰ পৰা ……… আঁতৰ কৰা ৷

উত্তৰঃ পানী পৰিষ্কাৰ কৰা প্রক্রিয়া হ’ল তাৰ পৰা প্রদূষক আঁতৰ কৰা৷

( b ) ঘৰৰ পৰা নিৰ্গত বর্জিত পানীক ……..

বােলে ।

উত্তৰঃ ঘৰৰ পৰা নিৰ্গত বর্জিত পানীক ছিৱেজ

বােলে ।

( c ) শুকান ……….সাৰ হিচাবে ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ শুকান শ্লাজ সাৰ হিচাবে ব্যৱহাৰ কৰা হয় ।

( d ) নলা – নর্দমা ……… আৰু …………..ৰ দ্বাৰা বন্ধ হৈ পৰে ।

উত্তৰঃ নলা – নর্দমা গােটা অৱশিষ্ট খাদ্য ,আৰু চেনিটাৰি টৱেলছৰ দ্বাৰা বন্ধ হৈ পৰে ।

প্রশ্ন ২: ছিৱেজ কাক বােলে ? ছিৱেজ কিয় পৰিশােধন নকৰাকৈ নদী বা সাগৰত পৰিব দিয়া উচিত নহয় বাখ্যা কৰা ।

উত্তৰঃ ছিৱেজঃ আমাৰ ঘৰ , কল – কাৰখানা , চিকিৎসালয় , কাৰ্যালয় আদিৰ পৰা নির্গত বর্জিত পানীক ছিৱেজ বােলে ।

ছিৱেজ ( বর্জিত পানীত ) ওপঙি থকা গােটা পদার্থকণা , জৈৱিক আৰু অজৈৱিক অশুদ্ধি , বেক্টেৰিয়া বা ৰােগ সৃষ্টিকাৰী বহুতাে অণুজীৱ মিহলি হৈ থাকে । গতিকে যদি এই পানী কোনাে খােৱাৰ উপযােগী অথবা আন ব্যৱহাৰৰ বাবে উপযােগী পানীৰ লগত হয় , তেতিয়া সেই পানীয়ে আগতে ইয়াক পৰিশােধিত কৰি লব লাগে ।

প্রশ্ন ৩: কিয় তেল আৰু চর্বি নলা – নর্দমাত পেলাব নালাগে ? বাখ্যা কৰা ।

উত্তৰঃ পানীত তেল আৰু চৰ্বিয়ে কঠিন হৈ নলা – নর্দমা বন্ধ কৰি দিব পাৰে । মাটিত তেল লাগি নলাৰ মাটিৰ কণিকাৰ মাজত থকা ফাঁকবােৰ বন্ধ হৈ তাৰ মাজেৰে যােৱা পানীৰ ৰেচন প্রক্রিয়াত বাধা প্রদান কৰে । সেইবাবে চৰ্বী বা তেলজাতীয় পদার্থ নলা নদর্মত পেলাব নালাগে।

প্রশ্ন ৪: বর্জিত পানীৰ পৰা পৰিশ্ৰত পানী পাবলৈ কি কি পদক্ষেপ ল’ব পাৰি বর্ণনা কৰা ।

উত্তৰঃ বর্জিত পানীৰ পৰা পৰিশ্ৰুত পানীৰ বাবে তলৰ পদক্ষেপবােৰ ল’ব পাৰি—

পদক্ষেপ ১ :- পানীবােৰ লোৰ বা অন্য ধাতুৰ জালিকাৰ মাজেৰে যাব দি তাত থকা প্লাষ্টিক , বাকলি , পাত , বাঁহ – কাঠ আদিৰ খণ্ড , কাপােৰ কানিৰ টুকুৰা , কাগজ আদি ধৰি ৰাখিব পাৰি।

পদক্ষেপ ২ :– যদি পানীখিনি কোনাে বালি বােকা আঁতৰােৱা পাত্ৰৰ মাজেৰে লাহে লাহে যাব দিয়া হয় , তেন্তে পানীত থকা বালি , সৰু শিল , মাটি আদি পাত্ৰটোৰ তলিত জমা হৈ গেদ হিচাপে পৰি থাকিব আৰু পানীখিনি কিছু পৰিষ্কাৰ হ’ব ।

পদক্ষেপ ৩ :- পানীখিনি এইবাৰ এটা মাজ অংশলৈ হেলনীয়া তলিৰ পাত্ৰত ঢালি দিলে তাৰ পৰা যি ময়লা ওলাব সেইবােৰ মাজ অংশৰ তলিত গুৰি গুৰি হিচাপে জমা হ’ব । তাৰ পৰা তলিৰে তাক মচি উলিয়াই দিব পাৰি ।

পদক্ষেপ ৪ :- তৃতীয় পদক্ষেপত পাত্রত পাম্প কৰি বায়ু সুমুৱাই দিলে বায়ুত থকা বেক্টেৰিয়াই পানীত থকা অলাগতিয়াল ময়লা ( জীৱ – জন্তুৰ বিষ্ঠা , চাবােন , মূত্র , খাদ্যৰ অৱশেষ ) আদি খাই পেলাব । তাৰ পিছত এইবােৰ পাত্ৰৰ তলিত জমা হৈ পৰিব আৰু পানীখিনি ওপৰে ওপৰে বাহিৰ কৰি আনিলে পৰিশ্ৰুত পানী হিচাবে পােৱা যাব ।

প্রশ্ন ৫: শ্লাজ কি ? ইয়াক কিদৰে পানীৰ পৰা পৃথক কৰিব পাৰি ?

উত্তৰঃ জীৱ – জন্তুৰ বিষ্ঠাৰ ( মলমূত্র ) পৰা উৎপন্ন হােৱা গােটা আৱৰ্জনা আৰু অন্যবােৰ গােটা আৱৰ্জনাৰ পৰিশ্ৰুত টেংকিৰ তলিত জমা হৈ থাকে । ইয়াকে শ্লাজ বােলে ।

শ্লাজবােৰ অন্য এটা টেংকিত ( পাত্র ) জমা কৰি থলে তাত আৱশ্যকীয় পঁচন ঘটে আৰু জৈৱ গেছ উৎপন্ন হয় । এই জৈৱ গেছ ইন্ধন আৰু বিদ্যুৎ উৎপন্ন কৰাত ব্যৱহাৰ কৰা হয় ।

প্রশ্ন৬: মানুহৰ মলমূত্র স্বাস্থ্যৰ ক্ষতিকাৰক । বাখ্যা কৰা ।

উত্তৰঃ মানুহৰ মলমূত্রই মাটি আৰু পানী প্রদূষণত সহায় কৰে । ভূ – গর্ভস্থ আৰু ভূ-পৃষ্ঠস্থ উভয় পানী প্ৰদূষিত এই মলমূত্ৰৰ দ্বাৰা হয় বাবে ইয়াৰ শােধনৰ প্ৰয়ােজন । ভূ – গর্ভস্থ পানী দমকল , কুঁৱা , নদী , জুৰি আদি পানীৰ উৎস । গতিকে এই মলমূত্রই পানীৰ লগত লগ হৈ আমি দমকল , কুঁৱা আদিৰ পৰা খােৱা পানীত মিহলি হয় । ই আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ই জলজ বেক্টেৰিয়াই কৰা বেমাৰৰ সৃষ্টি কৰে । কলেৰা,টাইফয়ড, পলিঅ’, হেপাটিটিছ আদি ৰােগ এইদৰেই হয় ।

প্রশ্ন ৭: পানী নির্বীজাণুকৰণ কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক দ্রব্যৰ নাম লিখা।

উত্তৰঃ ( ১ ) ক্ল’ৰিণ। আৰু

( ২ ) অজ’ন ।

প্রশ্ন ৮: বর্জিত পানীৰ শােধনৰ বাবে কৰা আঁচনিৰ তাঁৰৰ জালিকাৰ ক্রিয়া বাখ্যা কৰা।

উত্তৰঃ বর্জিত পানীত প্লাষ্টিক , কাঠ , বাঁহ – বেতৰ টুকুৰা , কাগজ , চামৰা , কানিকাপােৰৰ টুকুৰা , নেপকিন , পলিথিন আদি মিহলি হৈ থাকে । এইবােৰ যেতিয়া ড্রেইনেৰে চালিত হয়, তেতিয়া এনে জালিকাত এইবােৰ লাগি ধৰে । ফলত কিছু পৰিমাণে পৰিত পানী ড্রেইনেৰে গতি কৰে । এই জালিকাত লাগি ধৰা গােটা আৱৰ্জনবোৰ মাজে মাজে উলিয়াই আনি এঠাইত দম কৰি আৱৰ্জনা পেলােৱা ঠাইত পেলাব লাগে ।

প্রশ্ন ৯: চেনিটেচন আৰু বেমাৰৰ মাজত সম্পর্ক কি ?

উত্তৰঃ চেনিটেচন আৰু বেমাৰৰ মাজত প্রত্যক্ষ সম্পর্ক আছে । চেনিটেচন নথকা পানীত বহুতাে বেমাৰৰ বীজাণু থাকে । এই বীজাণুবােৰে পােণে পােণে গৈ পানী প্ৰদূষিত কৰে । সেই পানী খালে জীৱ – জন্তুৰ বেমাৰৰ সৃষ্টি হয় ।

প্রশ্ন ১০: তুমি এগৰাকী সচেতন নাগৰিক হিচাপে চেনিটেচনৰ বাবে কি ব্যৱস্থা লৰা ?

উত্তৰঃ মানুহৰ দ্বাৰাই এই বর্জিত চেনিটেচন নথকা পানীৰ উৎপন্ন হয় । আমাৰ ওচৰত থকা ড্রেইন বা নলাত এই পানী পৰিলে তাত বেমাৰৰ বীজাণুৰ জন্ম হয় । এই নলা সময়ে সময়ে পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিবলৈ বাসিন্দাসকলক কোৱা হ’ব । টাউন কমিটি বা মিউনিচিপালিটিৰ ওচৰত গৈ এনে নলাক ঢাকি দিয়াৰ ব্যৱস্থাৰ বাবেও কর্তৃপক্ষক আৱেদন স্বাস্থ্যৰ কৰিবলৈ জনোৱা হ’ব । যদি কাৰোবাৰ পৰা অচেনিটেচন ( পাইখানাৰ পৰা পােনে পােনে অহা পানী ) নলাত পৰে তাক বন্ধ কৰাৰ বাবে বাধ্য কৰাম ৷ নলাত পৰে তাক বন্ধ কৰাৰ বাবে বাধ্য কৰাম । তেখেতক এই পানীয়ে যে স্বাস্থ্যৰ অতি ক্ষতিকাৰক তাৰ বাবে মন দিয়াৰ ব্যৱস্থা কৰিম ।

প্রশ্ন ১১: তলত ইংৰাজীতে এটা ক্রছ পাজল দিয়া হ’ল । ইয়াক পূৰ কৰা ।

উত্তৰঃ

Across ( পথালিকে )

3. Sewage

4. Sludge

6. Sanitation

8. Excreta

Down ( তললৈ )

1. Wastewater

2. Sewer

3. Bacteria

7. Ozone

প্রশ্ন ১২: তলত দিয়া উক্তিবােৰ অধ্যয়ন কৰা আৰু শুদ্ধ উত্তৰটো লিখা । অজ’নৰ ক্ষেত্ৰত–

( a ) ই প্ৰাণীৰ বাবে আৱশ্যকীয় ।

( b ) ইয়াক পানী নির্বীজাণুকৰণৰ কার্যত ব্যৱহাৰ কৰা হয় ।

( c ) ই অতিবেগুণী ৰশ্মি শােষণ কৰে ।

( d ) বায়ুত ইয়াৰ অংশ শতকৰা তিনিভাগ ।

শুদ্ধ উত্তৰটো হ’ল-

( i ) ( a ), ( b ) আৰু ( c )

( ii ) ( b ) আৰু ( c )

( iii ) ( a ) আৰু ( d )

( iv )

উত্তৰঃ ( ii ) ( b ) আৰু ( c )

FAQs:

Q1: What topics are covered in Class 7 Science Chapter 9 “বর্জিত পানীৰ কথা”?

This chapter covers wastewater sources, treatment plants, sewage disposal, the importance of clean water, and environmental protection.

Q2: Where can I find SEBA Class 7 Science Chapter 9 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 9 “বর্জিত পানীৰ কথা” on this page.

Q3: How do these solutions help in exam preparation?

The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.

Q4: Is the Class 7 Science Chapter 9 solution PDF free?

No, this is a premium study resource available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

1 thought on “Class 7 Science Chapter 9 Solution (Assamese Medium) – বর্জিত পানীৰ কথা | SEBA Assam | দ্বিতীয় খণ্ড”

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top