Class 7 Social Science Chapter 1 Solutions (Assamese Medium) – ভূ-পৃষ্ঠৰ সময় গণনা | SEBA Assam

SEBA Class 7 Social Science (Assamese Medium) Lesson 1 – ভূ-পৃষ্ঠৰ সময় গণনা Solutions & Summary

Get the SEBA Class 7 Social Science Chapter 1 – “ভূ-পৃষ্ঠৰ সময় গণনা” solutions for Assamese medium students. This chapter from ভূগোল (Geography) explains time zones, longitude, latitude, and the calculation of local and standard time. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.

Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!

Class 7 Social Science
Chapter – 1           Ospin Academy
ভূপৃষ্ঠত সময় গণনা
অনুশীলনী
১। চমু উত্তৰ দিয়া:

(ক) দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান?

উত্তৰঃ দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা হ’ল – ৩৬০ ডাল।

(খ) ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান?

উত্তৰঃ ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ হ’ল– ভাৰতবষ প্ৰায় সোঁমাজেদি যোৱা ৮২°৩০′ পূব দ্ৰাঘিমাৰেখা।

(গ) পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন?

উত্তৰঃ পৃথিৱীৰ নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ ২৪ ঘন্টা সময়ৰ প্ৰয়োজন।

(ঘ) গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্রাথমিক দ্রাঘিমাৰেখাৰ স্থানীয় সময়ক কি বোলে?

উত্তৰঃ গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ স্থানীয় সময়ক গ্ৰীনিজ মান সময় বোলে।

(ঙ) কৌণিক দূৰত্বৰ জোখৰ একক কি?

উত্তৰঃ কোণিক দূৰত্ৱৰ জেখৰ একক হ’ল– ডিগ্ৰী।

২। খালী ঠাই পূৰ কৰা–

(ক) পৃথিৱীৰ পৰিধিয়ে কেন্দ্রত ___________________ কোণ কৰি থাকে।

উত্তৰঃ পৃথিৱীৰ পৰিধিয়ে কেন্দ্রত ৩৬০ ডিগ্ৰী কোণ কৰি থাকে।

(খ) দ্রাঘিমাৰেখাৰ মান বা জোখক _________________ বোলে।

উত্তৰঃ দ্রাঘিমাৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বোলে।

(গ) প্রাথমিক দ্রাঘিমাৰেখাৰ কৌণিক দূৰত্ব ___________________ দ্ৰাঘিমাংশ।

উত্তৰঃ প্রাথমিক দ্রাঘিমাৰেখাৰ কৌণিক দূৰত্ব দ্ৰাঘিমাংশ।

(ঘ) মধ্যাহ্ন সূৰ্যৰ পৰা পুৱফালে ১৫° আঁতৰত থকা ঠাইখনত ___________________ বাজিব।

উত্তৰঃ মধ্যাহ্ন সূৰ্যৰপৰা পুৱফালে ১৫° আঁতৰত থকা ঠাইখনত টা বাজিব।

৩। শুদ্ধ-অশুদ্ধ নির্ণয় কৰা–

(ক) পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সম্মুখীন হয়।

উত্তৰঃ অশুদ্ধ।

(খ) ভ্রমণকাৰীয়ে পূব দিশৰপৰা ১৮০° অতিক্ৰম কৰাৰ সময়ত ১ দিন যোগ দি ল’ব লাগে।

উত্তৰঃ অশুদ্ধ।

(গ) কোনো এখন ঠাইত নিশা ১২ বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয়।

উত্তৰঃ শুদ্ধ।

(ঘ) ১৮০° দ্রাঘিমাংশত সময়ৰ ব্যৱধান ১২ ঘণ্টা।

উত্তৰঃ শুদ্ধ।

(ঙ) গ্রীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্রাঘিমাংশত অৱস্থিত।

উত্তৰঃ শুদ্ধ।

৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা–

(ক) ভ্রমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসাৰে গ্রীনিজৰ পশ্চিমে গ’লে সময় লাভ/লোকচান হোৱা বুলি অনুভৱ কৰে।

উত্তৰঃ ভ্রমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসাৰে গ্রীনিজৰ পশ্চিমে গ’লে সময় লাভ হোৱা বুলি অনুভৱ কৰে।

(খ) গ্রীনিজতকৈ মুম্বাইত আগতে সূর্যোদয় হয়। গতিকে মুম্বাই পুব/পশ্চিম দ্রাঘিমাংশত অৱস্থিত।

উত্তৰঃ গ্রীনিজতকৈ মুম্বাইত আগতে সূর্যোদয় হয়। গতিকে মুম্বাই পুব দ্ৰাঘিমাংশত অৱস্থিত।

(গ) প্রাথমিক দ্রাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্রাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া/পিছপৰা।

উত্তৰঃ প্রাথমিক দ্রাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্রাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া।

(ঘ) ভাৰতীয় মান দ্রাঘিমাৰেখা হিচাপে ৮৩°২০/২০/৯০°/৮২°৩০ পূর্ব দ্রাঘিমাৰেখাডালক গ্রহণ কৰা হৈছে।

উত্তৰঃ ভাৰতীয় মান দ্রাঘিমাৰেখা হিচাপে ৮২°৩০ পূর্ব দ্রাঘিমাৰেখাডালক গ্রহণ কৰা হৈছে।

(ঙ) আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ স্থানীয় সময়/গ্রীনিজ মান সময়/ভাৰতীয় মান সময় মতে চলে।

উত্তৰঃ আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ ভাৰতীয় মান সময় মতে চলে।

৫। পার্থক্য লিখা–

(ক) অক্ষৰেখা আৰু দ্রাঘিমাৰেখা।

উত্তৰঃ

অক্ষৰেখা

দ্ৰাঘিমাৰেখা

বিষুৱৰেখাৰ সমান্তৰালকৈ পূৱা-পশ্চিমাকৈ কিছুমান ৰেখা উত্তৰ মেৰুবিন্দু আৰু দক্ষিণ মেৰু বিন্দুলৈ কল্পনা কৰা হৈছে। এই ৰেখাবোৰক অক্ষৰেখা (Parallels of latitude) বোলে।

উত্তৰমেৰু বিন্দু আৰু দক্ষিণমেৰু বিন্দু সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ ৰেখা কল্পনা কৰা হৈছে তাক দ্রাঘিমাৰেখা (Meridian) বোলা হয়।

অক্ষৰেখাসমূহ উত্তৰ আৰু দক্ষিণ মেৰুলৈ ১°, ২°, ৩° ………, ৯০° লৈকে আছে। ৯০° উত্তৰ আৰু দক্ষিণ অক্ষাংশত ই বিন্দুত পৰিণত হৈছে।

দ্রাঘিাৰেখাবোৰ 0° ৰপৰা পূবলৈ ১৮০ ডাল আৰু পশ্চিমলৈ ১৮০ ডাল মুঠ ৩৬০ ডাল দ্রাঘিমাৰেখা কল্পনা কৰা হৈছে।

অক্ষৰেখাসমুহৰ মান বা জোখক অক্ষাংশ বুলি কোৱা হয়। অক্ষাংশ নির্ণয় কৰিবলৈ কৌণিক দূৰত্ব (Angular Distance) ৰ প্রয়োজন।

দ্ৰাঘিমাৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বুলি কোৱা হয়।

(খ) স্থানীয় সময় আৰু মান সময়।

উত্তৰঃ

স্থানীয় সময়

মান সময়।

কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি যি সময় গণনা কৰা হয়, তাকে ঠাইখনৰ স্থানীয় সময় বোলে।

কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় বোলে।

কোনো এখন ঠাইৰ স্থানীয় সময় উলিয়াবলৈ প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ মান সময়ক ভিত্তি হিচাপে লোৱা হয়।

দেশ এখনৰ সোঁমাজেৰে পাৰ হৈ যোৱা দ্ৰাঘিমা ৰেখাডালৰ স্থানীয় সময়ৰ ভিত্তিত সমগ্ৰ দেশখনৰ বাবে মান সময় গণনা হয়।

বেলেগ বেলেগ দ্ৰাঘিমাৰেখাত অৱস্থিত ঠাইৰ স্থানীয় সময়ো বেলেগ বেলেগ।

দেশ এখনৰ মান সময় নিৰপনৰ বাবে এডাল মান দ্ৰাঘিমাৰেখা নিৰূপণ কৰা হয়।

৬। সমাধান কৰা–

(ক) গ্রীনিজত মান সময়মতে ৭ বাজিলে কোনো এখন ঠাইত দুপবীয়া ১২ বাজে। ঠাইখনৰ দ্রাঘিমাংশ নির্ণয় কৰা।

উত্তৰঃ ঠাইখন আৰু গ্ৰীনিজৰ সময়ৰ পাৰ্থক্য ১২-৭ = ৫ ঘণ্টা।

গ্ৰীনিজ আৰু ঠাইখনৰ মাজত স্থানীয় সময়ৰ ব্যৱধান যদি ৪ ঘণ্টা হয়, তেন্তে ঠাইখনৰ দ্ৰাঘিমাংশ হব ১৫° × ৫ = ৭৫°।

যিহেতু, ঠাইখন গ্ৰীনিজতকৈ আগতে দুপৰীয়া হয়, সেয়েহে ঠাইখন গ্ৰীনিজৰ পূবত অৱস্থিত।

এতেকে ঠাইখন ৭৫° পূব দ্ৰাঘিমাত অৱস্থিত।

(খ) দুপৰীয়া ১২ বজাত নিউয়র্ক (৭৫° প.) চহৰৰপৰা লচএঞ্জেল্স (১১৮°প.) লৈ এটি অনাতাঁৰ বাৰ্তা প্ৰেৰণ কৰিলে। লচএঞ্জেল্ডৰ স্থানীয় সময় মতে কেই বজাত বার্তাটি প্রেৰণ কৰিছিল।

উত্তৰঃ দুয়োখন ঠাই গ্ৰীনিজৰ পশ্চিমত অৱস্থিত। এতেকে ঠাই দুখনৰ দ্ৰাঘিমাংশৰ পার্থক্য হব ১১৮° – ৭৫° = ৪৩° এতেকে ঠাই দুখনৰ সময়ৰ পাৰ্থক্য হব ৪৩° × ৪ মিনিট

= ১৭২ মিনিট

= ১৭২ ÷ ৬০ মিনিট

= ২ ঘণ্টা ৫২ মিনিট

যিহেতু নিউইয়ৰ্কতকৈ লচ এঞ্জেলচ বেছি পশ্চিমত অৱস্থিত, গতিকে নিউইয়ৰ্কত দুপৰীয়া ১২ বাজিলে লচ এঞ্জেলচত স্থানীয় সময় হব–

= ১২-২ ঘণ্টা ৫২ মিনিট।

= পুৱা ৯ বাজি ৮ মিনিট।

(গ) নতুন দিল্লীৰ (৭৭°পৃ.) স্থানীয় সময় মতে দিনৰ ৯ বজাত অনুষ্ঠিত হ’বলগীয়া খেলখন ধুবুৰী (৯০ পৃ.) চহৰৰ স্থানীয় সময় মতে কেতিয়া অনুষ্ঠিত হ’ব?

উত্তৰঃ সমগ্ৰ ভাৰতৰ বাবে ৮২ 1/2 পূৱ দ্ৰাঘিমাৰেখাডালক ভাৰতীয় মান সময় বুলি গণ্য কৰা হয়।

এতেকে, নতুন দিল্লীৰ (৭৭°পৃ.) স্থানীয় সময়মতে দিনৰ ৯ বজাত অনুষ্ঠিত হ’বলগীয়া খেলখন ধুবুৰী (৯০ পৃ.) চহৰৰ স্থানীয় সময় মতে দিনৰ ৯ বজাতে অনুষ্ঠিত হ’ব।

FAQs:

Q1: What topics are covered in Class 7 Social Science Chapter 1 “ভূ-পৃষ্ঠৰ সময় গণনা”?

This chapter covers longitude, latitude, time zones, local time, standard time, and the International Date Line.

Q2: Where can I find SEBA Class 7 Social Science Chapter 1 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 1 on this page.

Q3: How do these solutions help in exam preparation?

The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.

Q4: Is the Class 7 Social Science Chapter 1 solution PDF free?

No, this is a premium study resource available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Social Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top