Class 7 Social Science Chapter 10 Solution (Assamese Medium) – মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবর্ষ | SEBA Assam | ইতিহাস

SEBA Class 7 Social Science (Assamese Medium) Lesson 10 – মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবর্ষ Solutions & Summary

Get the SEBA Class 7 Social Science Chapter 10 – “মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবর্ষ” solutions for Assamese medium students. This chapter from ইতিহাস (History) explores the decline of the Maurya Empire and the rise of new dynasties in ancient India. It covers the Shunga, Satavahana, and Kushan dynasties, their administration, culture, and contributions. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.

Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!

Class 7 Social Science

Chapter – 10              Ospin Academy

মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ

অনুশীলনী
১। উত্তৰ দিয়া:

(ক) শুংগবংশৰ পাছত উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল?

উত্তৰঃ শুংগবংশৰ পাছত উত্তৰ ভাৰতত কান্ব নামৰ এটা ৰাজবংশৰ ৰজাই ৰাজত্ব কৰিছিল।

(খ) সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল?

উত্তৰঃ সাতবাহনসকলে ভাৰতৰ দক্ষিণ অংশত ৰাজত্ব কৰিছিল।

(গ) কলিংগ ৰাজ্যক বর্তমান কি নামেৰে জনা যায়?

উত্তৰঃ কলিংগ ৰাজ্যক বর্তমান উৰিষ্যা নামেৰে জনা যায়।

(ঘ) ‘ত্রিৰাজ্য’ বুলিলে কোন কেইখন ৰাজ্যক বুজায়?

উত্তৰঃ ‘ত্রিৰাজ্য’ বুলিলে তাত চোল, চেৰা আৰু পাণ্ড্য ৰাজ্যক বুজায়।

(ঙ) কুষাণ বংশৰ সৰ্বশ্রেষ্ঠ ৰজা কোন আছিল?

উত্তৰঃ কুষাণ বংশৰ সৰ্বশ্রেষ্ঠ ৰজা আছিল কণিস্কৰ।

২। উত্তৰ লিখাঃ

(ক) সাতবাহনসকলৰ ৰাজত্বকালত কাৰ কাৰ লগত বাণিজ্যিক সম্পর্ক স্থাপন হৈছিল?

উত্তৰঃ সাতবাহনসকলৰ ৰাজত্বকালত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ-পূব এছিয়াৰ লগত ভাৰতৰ বাণিজ্যিক সম্পক স্থাপন কৰিছিল।

(খ) কণিষ্কৰ শাসনকালত বৌদ্ধ ধর্ম কেইটা ভাগত ভাগ হৈছিল? নাম দুটা উল্লেখ কৰা।

উত্তৰঃ কণিষ্কৰ শাসনকালত বৌদ্ধ ধর্ম দুটা ভাগত ভাগ হৈছিল। ভাগকেইটা হ’ল– হীনযান আৰু মহাযান।

(গ) সংগম সাহিত্য কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ সংগম সাহিত্য দুই প্ৰকাৰৰ আৰু সেইকেইটা হ’ল– বৰ্ণনাত্মক আৰু নীতিশিক্ষামূলক।

(ঘ) কুষাণ যুগৰ দুটা শিল্প-কলাৰ নাম।

উত্তৰঃ কুষাণ যুগৰ দুটা শিল্প-কলাৰ নাম হ’ল– মথুৰা শিল্পকলা আৰু আমোৰাৱতী শিল্পকলা।

(ঙ) মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম।

উত্তৰঃ মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম হ’ল-

(i) পুখুৰী। আৰু

(ii) কৃত্ৰিম জলাশয় আদি।

(চ) মৌৰ্যসকলৰ পৰৱৰ্তী যুগৰ গাঁওবিলাকত কি কি বৃত্তিজীৱি লোক বাস কৰিছিল? দুটা বৃত্তিৰ নাম উল্লেখ কৰা।

উত্তৰঃ মৃৎশিল্পী, কমাৰ, বাঢ়ৈ, শিপিনী আদি।

৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই চোৱা–

‘ক’ অংশ

‘খ’ অংশ

(ক) মহামেঘ বাহন।

(ক) মিনাণ্ডাৰ।

(খ) অন্ধ্রৰ আন এটা নাম।

(খ) গান্ধাৰ শিল্পই।

(গ) ইন্দো-গ্ৰীকসকলৰ বিখ্যাত ৰজা।

(গ) তামিল কবি সম্মিলনৰ সাহিত্য আছিল।

(ঘ) কণিস্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

(ঘ) সাতবাহন।

(ঙ) সংগম সাহিত্য।

(ঙ) কলিংগ।

উত্তৰঃ

‘ক’ অংশ

‘খ’ অংশ

(ক) মহামেঘ বাহন।

(ঙ) কলিংগ।

(খ) অন্ধ্রৰ আন এটা নাম।

(ঘ) সাতবাহন।

(গ) ইন্দো-গ্ৰীকসকলৰ বিখ্যাত ৰজা।

(ক) মিনাণ্ডাৰ।

(ঘ) কণিস্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

(খ) গান্ধাৰ শিল্পই।

(ঙ) সংগম সাহিত্য।

(গ) তামিল কবি সম্মিলনৰ সাহিত্য আছিল।

৪। শুদ্ধ উত্তৰ বাছি উলিওৱা–

(ক) সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল জয়দ্রথে/সিমুকে/ বাসুদেৱে।

উত্তৰঃ সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল সিমুকে।

(খ) যৱন বুলি শুঙ্গ/ইন্দো-গ্রীক/কাম্বসকলক কোৱা হৈছিল।

উত্তৰঃ যৱন বুলি ইন্দো-গ্রীকসকলক কোৱা হৈছিল।

(গ) গান্ধাৰ শিল্পৰ মূল বিষয়-বস্তু আছিল হিন্দুধর্ম/বৌদ্ধধর্ম/ জৈনধর্ম।

উত্তৰঃ গান্ধাৰ শিল্পৰ মূল বিষয়-বস্তু আছিল বৌদ্ধধর্ম।

(ঘ) গণ্ডোফর্ণিছ কুষাণ/পহুৱ/শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল।

উত্তৰঃ পহুৱ শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল।

(ঙ) জাতক হৈছে গল্প/কবিতা/উপন্যাস।

উত্তৰঃ জাতক হৈছে গল্প।

৫। সত্য নে অসত্য বাছি উলিওৱা–

(ক) কাতন্ত্র আছিল সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্রন্থ।

উত্তৰঃ সত্য।

(খ) অশ্বঘোষ শক ৰাজসভাৰ এজন পণ্ডিত আছিল।

উত্তৰঃ অসত্য।

(গ) সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল।

উত্তৰঃ অসত্য।

(ঘ) মিনাণ্ডাৰে হিন্দু ধর্ম গ্রহণ কৰিছিল।

উত্তৰঃ অসত্য।

(ঙ) প্রাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰপৰা সোণ আমদানি কৰা হৈছিল।

উত্তৰঃ সত্য।

৬। তলত দিয়া বিষয়বোৰৰ ওপৰত চমু টোকা লিখা। (৫০ টা শব্দৰ ভিতৰত)

(ক) অর্থনীতি, সমাজনীতি আৰু সংস্কৃতিৰ ওপৰত আলোকপাত কৰি কণিষ্কৰ ৰাজত্বকাল বৰ্ণনা কৰা।

উত্তৰঃ কনিষ্কৰ দিনত দেশখন অর্থনীতিৰ ক্ষেত্ৰত আগবঢ়া আছিল। আন্তঃবাণিজ্য আৰু বহিঃবাণিজ্যই উচ্চ শিখৰ পাইছিল। তেওঁ সাহিত্য-সংস্কৃতিলৈ উল্লেখযােগ্য বৰঙণি যােগাইছিল। তেওঁৰ দিনতেই চৰক সংহিতা আৰু পতঞ্জলিৰ ‘মহাভাষ্য’ ৰচিত হৈছিল। গান্ধাৰ শিল্পৰ নিচিনাকৈ মথুৰা শিল্প আৰু অমৰাৱতী শিল্পকলাই তেওঁৰ দিনত উন্নতি লাভ কৰিছিল। প্রজাৰ কল্যাণৰ বাবে তেওঁ ভালেমান সামাজিক আঁচনি গ্ৰহণ কৰিছিল।

(খ) মৌর্য যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ মানুহৰ জীৱন-ধাৰণ প্ৰণালী কেনেকুৱা আছিল বৰ্ণনা কৰা।

উত্তৰঃ মৌর্য যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ প্ৰণালীত বহুতাে পৰিৱৰ্তন আহিছিল কৃষিকৰ্মৰ প্ৰসাৰ, নতুন নগৰ গঠন, শিল্প উৎপাদন আৰু বেহা-বেপাৰ আদিৰ ব্যাপক পৰিৱৰ্তন এইক্ষেত্ৰত উল্লেখযােগ্য।

এই সময়ছােৱাত শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল। জমিদাৰসকলে বিচাৰ, শান্তিৰক্ষা আৰু গাঁৱৰ ৰাজহ সংগ্ৰহৰ কাম কৰিছিল। গাঁওবােৰত বাঢ়ৈ, শিপিনী, কুমাৰ, কমাৰ আদি বিভিন্ন বৃত্তিধাৰী লোক আছিল। ওচৰ-পাঁজৰৰ কৃষকৰ আৰু পশুপালকসকলে নগৰৰ মানুহৰ বাবে খাদ্যৰ যােগান ধৰিছিল। নগৰ কিছুমান প্রাচীৰেৰে আৱৰা আছিল।

FAQs:

Q1: What topics are covered in Class 7 Social Science Chapter 10 “মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবর্ষ”?

This chapter covers the decline of the Maurya Empire, the rise of the Shunga, Satavahana, and Kushan dynasties, their governance, culture, and contributions to Indian history.

Q2: Where can I find SEBA Class 7 Social Science Chapter 10 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 10 on this page.

Q3: How do these solutions help in exam preparation?

The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.

Q4: Is the Class 7 Social Science Chapter 10 solution PDF free?

No, this is a premium study resource available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Social Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top