SEBA Class 7 Social Science (Assamese Medium) Lesson 13 – প্রাক্ ঐতিহাসিক অসম Solutions & Summary
Get the SEBA Class 7 Social Science Chapter 13 – “প্রাক্ ঐতিহাসিক অসম” solutions for Assamese medium students. This chapter from ইতিহাস (History) explores the prehistoric period of Assam, shedding light on the early inhabitants, their lifestyle, culture, and development. It focuses on the archaeological findings of the region, including tools, cave paintings, and evidence of early agricultural practices. The chapter also discusses the evolution of human settlements in Assam, their connection with the broader prehistoric developments in India, and the impact of these early societies on the region’s culture. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.
Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!
Class 7 Social Science
Chapter – 13 Ospin Academy
প্রাক্ঐতিহাসিক অসম
অনুশীলনী |
---|
১। উত্তৰ লিখা:
(ক) নৱগ্ৰহ মন্দিৰ ক’ত অৱস্থিত?
উত্তৰঃ নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত।
(খ) বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰঃ বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা আছিল পুষ্য বৰ্মণ।
(গ) হিউৱেন চাঙে কোন বিশ্ববিদ্যালয়ত বৌদ্ধ ধর্ম সম্পর্কে চর্চা কৰিছিল?
উত্তৰঃ হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধর্ম সম্পর্কে চর্চা কৰিছিল।
(ঘ) বর্তমান কামৰূপ জিলাক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰঃ বর্তমান কামৰূপ জিলাক চাৰিটা ভাগত ভাগ কৰা হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ।
(ঙ) দানৱ বংশ কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ দানৱ বংশ মহীৰঙ্গদানৱে প্রতিষ্ঠা কৰিছিল।
(চ) ডুবি আৰু নিধানপুৰ তাম্রলিপি কাৰ ৰাজত্ব কালত খোদিত কৰা হৈছিল?
উত্তৰঃ ডুবি আৰু নিধানপুৰ তাম্রলিপি ভাস্কৰ বৰ্মণৰ ৰাজত্ব কালত খোদিত কৰা হৈছিল।
১। শুদ্ধ/অশুদ্ধ বিচাৰ কৰা।
(ক) ৰামায়ণ, মহাভাৰত হ’ল হিন্দু ধৰ্মৰ দুখন মহাকাব্য।
উত্তৰঃ শুদ্ধ।
(খ) নৰকাসুৰৰ বংশটোৰ নাম দানৱ বা অসুৰ বংশ।
উত্তৰঃ অশুদ্ধ।
(গ) বৰ্মণ বংশৰ আদি ৰজা হ’ল পুষ্য বর্মণ।
উত্তৰঃ শুদ্ধ।
(ঘ) বাণ ৰজাৰ জীয়ৰীৰ নাম আছিল ঊষা।
উত্তৰঃ শুদ্ধ।
(ঙ) ইৎচিঙে চি-উ-কি পুথিখন ৰচনা কৰিছিল।
উত্তৰঃ অশুদ্ধ।
৩। ক্ৰমানুসাৰে সজোৱা–
বৰ্মণ বংশ |
দানৱ বংশ |
পাল বংশ |
শালস্তম্ভ বংশ |
ভৌম বংশ |
---|
উত্তৰঃ
দানৱ বংশ |
ভৌম বংশ |
বৰ্মণ বংশ |
শালস্তম্ভ বংশ |
পাল বংশ |
---|
৪। খালী ঠাই পূৰ কৰা–
(ক) দানৱ ৰাজ্যৰ ৰাজধানী আছিল _________________।
উত্তৰঃ দানৱ ৰাজ্যৰ ৰাজধানী আছিল মইৰাংখ।
(খ) সমুদ্রগুপ্তৰ _________________ ত কামৰূপৰ উল্লেখ পোৱা যায়।
উত্তৰঃ সমুদ্রগুপ্তৰ এলাহাবাদ প্ৰশস্তিত কামৰূপৰ উল্লেখ পোৱা যায়।
(গ) __________________ কুমাৰ ভাস্কৰ বৰ্মণৰ সমসাময়িক ৰজা আছিল।
উত্তৰঃ কামৰূপৰ কুমাৰ ভাস্কৰ বৰ্মণৰ সমসাময়িক ৰজা আছিল।
(ঘ) মদন কামদেব মন্দিৰ ___________________ ৰজাসকলৰ স্থাপত্য কীর্তি।
উত্তৰঃ মদন কামদেব মন্দিৰ ভগ্নাৱশেষ পালবংশী ৰজাসকলৰ স্থাপত্য কীর্তি।
(ঙ) ___________________ হ’ল শালস্তম্ভ বংশৰ প্ৰতিস্থাপক।
উত্তৰঃ শালস্তম্ভ হ’ল শালস্তম্ভ বংশৰ প্ৰতিস্থাপক।
৫। চমু টোকা লিখা:
(ক) শালস্তম্ভ বংশ।
উত্তৰঃ বৰ্মণ বংশৰ পাছত শালস্তম্ভসকলে কামৰূপৰ সিংহাসন দখল কৰে। উল্লেখ আছে যে, এই বংশৰ ২১ জন ৰজাই কামৰূপত প্রায় তিনিশ বছৰ কাল ৰাজত্ব কৰিছিল। এই ৰাজবংশৰ প্রতিষ্ঠাতা শালস্তম্ভই কামৰূপ ৰাজ্যৰ ৰাজধানী তেজপুৰলৈ স্থানান্তৰ কৰি ঠাইখনৰ নাম হাৰুপেশ্বৰ ৰাখিছিল। শালস্তম্ভসকলে কামৰূপত ৰাজত্ব কৰি থকা সময়ত ‘ইৎচিং’ নামৰ এজন চীনা পৰিব্রাজক ভাৰতলৈ আহিছিল। তেওঁৰ লিখনিত সেই সময়ত কামৰূপ ৰাজ্যৰ সীমা পশ্চিমে নালন্দা অঞ্চললৈ (বর্তমান বিহাৰ) বিস্তৃত আছিল বুলি উল্লেখ পোৱা যায়।
শালস্তম্ভসকলৰ ৰাজত্ব কালত কামৰূপ ৰাজ্যই সকলো দিশৰপৰা এক শক্তিশালী ৰাজ্যৰূপে স্বীকৃতি পাইছিল। শালস্তম্ভ বংশৰ ৰজাসকলে বিদ্বান লোকক সমাদৰ কৰিছিল। তেওঁলোক নিজে শৈৱপন্থী আছিল যদিও তান্ত্রিক ধর্ময়ো তেওঁলোকৰ ৰাজত্ব কালতে প্ৰসাৰতা লাভ কৰিছিল। ঐতিহাসিক সমলৰ ভিতৰত খ্ৰীষ্টীয় নৱম শতিকাৰ হায়ুনথল তাম্ৰফলিত শালস্তম্ভ বংশৰ ৰজাসকলৰ ভিতৰত শালস্তম্ভ, বিজয়, পালক, কুমান, বজ্রদেৱ, হর্ষবর্মন, বলবর্মন, হৰ্জৰাবৰ্মন আৰু বনমালৰ নাম পোৱা যায়।
(খ) পালবংশ।
উত্তৰঃ শালস্তম্ভসকলৰ পাছত পাল নামৰ ৰাজবংশই কামৰূপ ৰাজ্যৰ ৰাজপাটত উঠে। ব্ৰহ্মপাল এই ৰাজবংশৰ প্রতিষ্ঠাতা বুলি জনা যায়। এওঁলোকৰ ৰাজ্যৰ ৰাজধানী দুৰ্জ্জয়নগৰ (বৰ্তমানৰ উত্তৰ গুৱাহাটী) আছিল বুলি উল্লেখ পোৱা যায়। ৰজা ৰত্নপালে প্রাগজ্যোতিষপুৰত ৰাজত্ব কৰাৰ সময়ত কামৰূপ ৰাজ্যৰ পশ্চিম সীমাই উত্তৰ বংগক চুইছিল বুলি বিভিন্ন সমলৰপৰা জানিবলৈ পোৱা যায়। এই বংশৰ ৰত্নপাল, ইন্দ্রপাল, গোপাল, হর্ষপাল, ধর্মপাল ইত্যাদি ৰজাৰ নাম বিভিন্ন সমলত উল্লেখ থকা পোৱা যায়।
পালসকল হিন্দুধর্মী আছিল। বর্তমান কামৰূপ (গ্রাম্য) জিলাৰ বাইহাটা চাৰিআলিৰ ওচৰত থকা মদন কামদেৱ মন্দিৰৰ ভগ্নাৱশেষ পালবংশী ৰজাসকলৰ স্থাপত্য কীর্তি। ইয়াত হিন্দু দেৱতা শিৱ, বিষ্ণু, সৰস্বতী, সূর্য, কল্পবৃক্ষ, বিভিন্ন অপ্সৰাৰ মূৰ্তি পোৱা গৈছে।
(গ) কুণ্ডিল ৰাজ্য।
উত্তৰঃ আন এক আখ্যানমতে প্রাক্ঐতিহাসিক যুগত কামৰূপ ৰাজ্যৰ পূব দিশত কুণ্ডিল নামেৰে আন এখন ৰাজ্য আছিল। বৰ্তমানৰ শদিয়া অঞ্চলক এই ৰাজ্যৰ ৰাজধানী কুণ্ডিল নগৰ হিচাপে চিনাক্ত কৰা হয়। ৰাজ্যখনত ভীষ্মক নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল আৰু তেওঁৰ কন্যা ৰুক্মিণীক শ্রীকৃষ্ণই বিবাহ কৰিছিল। শ্রীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহৰ ঘটনাক লৈ মহাপুৰুষৰ শংকৰদেৱে পাছত ৰুক্মিণী হৰণ নাটক ৰচনা কৰিছিল।
(ঘ) কামৰূপৰ আৰ্থ-সামাজিক অৱস্থা।
উত্তৰঃ কামৰূপৰ অৰ্থনীতি মূলতঃ কৃষিভিত্তিক আছিল। হিউৱেন চাঙৰ চি-ইউ-কি ত এই ৰাজ্যত জলসিঞ্চনৰ জৰিয়তে খেতি কৰাৰ কথাও উল্লেখ কৰিছে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ফল-মূল, যেনে-কঠাঁল, নাৰিকল, তামোল-পাণৰ খেতি কৰাৰ কথাও উল্লেখ পোৱা যায়। আজিৰ দৰে প্ৰাচীন কামৰূপতো এৰী, পাট, মুগা ইত্যাদি কাপোৰ তৈয়াৰ হৈছিল। মহাভাৰতত ভগদত্ত ৰজাৰ পাট কাপোৰৰ কথা পোৱা যায়। কুমাৰ ভাস্কৰ বৰ্মণেও থানেশ্বৰৰ ৰজা হর্ষবর্ধনলৈ পাটৰ কাপোৰ পঠিয়াইছিল বুলি সমলসমূহৰপৰা জানিব পাৰি। মাছ ধৰা, নৈৰ পৰা সোণ উলিওৱা, কাপোৰ বোৱা আদিবোৰ প্ৰাচীন কামৰূপৰ লোকসকলৰ কেইটামান উল্লেখযোগ্য বৃত্তি আছিল। আভ্যন্তৰীণ বাণিজ্যৰ উপৰি তিব্বত আৰু ভূটানৰ লগতো বাণিজ্যিক সম্পৰ্ক ৰক্ষা কৰা হৈছিল। ৰাজবংশীয় লোকসকলে সোণৰ অলংকাৰ ব্যৱহাৰ কৰিছিল। হাতীদাঁতৰ অলংকাৰ কামৰূপত যথেষ্ট জনপ্রিয় আছিল।
৬। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা।
(ক) আখ্যান, কিংবদন্তি আৰু ইতিহাসৰ মাজত পার্থক্য।
উত্তৰঃ আখ্যান, কিংবদন্তি আৰু ইতিহাসৰ মাজত পাৰ্থক্যসমূহ হ’ল–
আখ্যান মূলত কোনো কাহিনী বা গল্প আদি, দেৱতা, দৈত্য, মানৱ বা কোনো অন্য সুপাৰন্ন চৰিত্ৰসমূহ বিষয়বস্তু হিচাপে থাকে। কিংবদন্তি হল কিছু সুনামী কাহিনী যিখন এতিয়া সুনামী গুণমূলক আত্মাৰ বিষয়বস্তুত নিহিত হয় যেনে সত্য বা অসত্য তাৰ পৰিচয় কৰি দিয়ে। ইতিহাস হ’ল ঘটনাসমূহৰ প্ৰত্যেক বিষয়ে সত্য তথ্যৰ উপৰ নিৰ্মিত কোনো কিংবা বেছা কাহিনী। ইতিহাসৰ উদ্দেশ্য মূলত আদালতৰ দ্বাৰা বিচৰা হোৱা প্ৰমাণসমূহ সুদৃশ্যতা দিয়া। সেয়া কাহিনী কিংবদন্তিৰ পৰিপূৰক প্ৰমাণসমূহ বুজা বা বাস্তৱ কিংবা অস্বীকাৰ্য সন্দেহ নিবিবাদৰ্থৰ আওতাত আনে। সংক্ষেপে ক’ব গলে আখ্যান বা কিংবদন্তি মূলত কাহিনীবোৰ আৰু মজুৰিৰ এক ধৰণ, আৰু ইতিহাস হল ঘটনাসমূহৰ সত্য বিষয়বস্তুত প্ৰকাশৰ ধৰণ।
(খ) ভাস্কৰ বৰ্মণ আৰু হর্ষবর্ধনৰ সম্পর্ক।
উত্তৰঃ থানেশ্বৰ ৰাজ্যৰ ৰজা হর্ষবর্ধনৰ লগত ভাস্কৰ বৰ্মনৰ সু-সম্পক আছিল। ভাস্কৰ বৰ্মন হর্ষবর্ধনৰ সমসাময়িক আছিল। ফলত কামৰূপৰ সৈতে কনৌজৰ সু-সম্পর্ক গঢ়ি উঠিছিল। ভাস্কৰ বর্মনে হংসবেগ নামৰ এজন কটকীৰ হাতত নান তৰহৰ উপহাৰ পঠিয়াই হর্ষবর্ধনৰ সৈতে মিত্রতা স্থাপন কৰিছিল।
(গ) হিউৱেন চাঙৰ টোকাত বর্ণিত কামৰূপ ৰাজ্য।
উত্তৰঃ চীনা পৰিব্রাজক হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধর্ম সম্বন্ধে অধ্যয়ন কৰিছিল। সেই সময়তে ভাস্কৰ বৰ্মণে তেওঁক কামৰূপলৈ আমন্ত্রণ জনায়। ভাস্কৰ বৰ্মণৰ আমন্ত্ৰণ ৰক্ষা কৰি হিউৱেন চাং কামৰূপলৈ আহে আৰু প্রায় এমাহ কাল কামৰূপত থাকে। তেওঁৰ ভাৰত সম্বন্ধে ৰচনা কৰা ‘চি-ইউ- কি’ নামৰ গ্ৰন্থত কামৰূপ সম্বন্ধে বহুতো কথা লিখি থৈ গৈছে। এই লিখনিৰ পৰা আমি সেই সময়ৰ কামৰূপ সম্বন্ধে বহু কথা জানিব পাৰো। হিউৱেন চাঙৰ টোকা মতে সেই সময়ত কামৰূপৰ পৰিধি প্রায় সোতৰশ মাইল আছিল। ইয়াৰ লোকসকল সহজ-সৰল আৰু চহকী আছিল। কামৰূপৰ লোকসকল স্মৃতি-শক্তিত প্ৰখৰ আৰু অধ্যয়নৰ প্ৰতি আগ্ৰহী আছিল। মধ্য ভাৰতৰ ভাষাতকৈ কামৰূপৰ ভাষা অলপ বেলেগ আছিল। ইয়াৰ জলবায়ু সেমেকা আৰু চেঁচা। এই ৰাজ্যত কোনো ডাঙৰ নগৰ নাছিল। উত্তৰ ভাৰতৰপৰা কামৰূপ হৈ চিনদেশলৈ যোৱা এক বাণিজ্যিক পথ আছিল।
৭। পুৰণি কামৰূপ ৰাজ্যৰ মানচিত্ৰত থকা ঠাইবোৰৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
FAQs:
Q1: What topics are covered in Class 7 Social Science Chapter 13 “প্রাক্ ঐতিহাসিক অসম”?
This chapter covers the prehistoric period of Assam, focusing on early human settlements, archaeological findings, and the development of culture and society in the region.
Q2: Where can I find SEBA Class 7 Social Science Chapter 13 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 13 on this page.
Q3: How do these solutions help in exam preparation?
The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.
Q4: Is the Class 7 Social Science Chapter 13 solution PDF free?
No, this is a premium study resource available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Social Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):