Class 7 Social Science Chapter 17 গণতন্ত্র, নাগৰিক আৰু নাগৰিকত্ব Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 7

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৭ – গণতন্ত্র, নাগৰিক আৰু নাগৰিকত্ব – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত সমাধান | শংকৰদেৱ শিশু বিদ্যা নিকেতন (Sankardev Sishu Vidya Niketan)

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৭ – গণতন্ত্র, নাগৰিক আৰু নাগৰিকত্ব সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)

শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ সপ্তদশ অধ্যায় হ’ল ‘গণতন্ত্র, নাগৰিক আৰু নাগৰিকত্ব’। নতুন পাঠ্যক্ৰমৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান (Class 7 Social Science Chapter 17 Question Answers) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণ আদিৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘গণতন্ত্র, নাগৰিক আৰু নাগৰিকত্ব’ নামৰ এই গুৰুত্বপূৰ্ণ পাঠটিত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ মূল বৈশিষ্ট্য, নাগৰিক কাক কয়, নাগৰিকত্ব লাভ আৰু বৰ্জনৰ উপায়, নাগৰিকৰ কৰ্তব্য আৰু অধিকাৰ তথা সমাজত এজন ভাল নাগৰিকৰ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। নিকেতনৰ পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ ধাৰণাসমূহ স্পষ্টভাৱে বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • গণতন্ত্ৰৰ অৰ্থ, গুৰুত্ব আৰু ইয়াৰ মূল নীতিসমূহৰ স্পষ্ট ধাৰণা।
  • নাগৰিকৰ সংজ্ঞা, নাগৰিকত্ব লাভৰ বিভিন্ন পদ্ধতি আৰু এজন আদৰ্শ নাগৰিকৰ গুণাৱলী।
  • নাগৰিকৰ মৌলিক অধিকাৰ আৰু কৰ্তব্যৰ মাজৰ সম্পৰ্ক।
  • ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Social Science Notes).
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • ৰাজনীতি বিজ্ঞান আৰু নাগৰিকত্ব সম্পৰ্কীয় ধাৰণাসমূহৰ সৰল প্ৰতিৰূপ।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয় পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | SVN New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 17 গণতন্ত্র, নাগৰিক আৰু নাগৰিকত্ব

 শংকৰদেৱ বিদ্যা নিকেতন, সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-17                                                     অস্পিন একাডেমী

গণতন্ত্র, নাগৰিক আৰু নাগৰিকত্ব

পাঠভিত্তিক প্রশ্নোত্তৰ

১। দুটা বাক্যত উত্তৰ দিয়া প্ৰশ্নসমূহৰ

(ক) গণতন্ত্র কেই প্ৰকাৰৰ? প্ৰতিটো প্ৰকাৰৰ একোটিকৈ উদাহৰণ দিয়া।

উত্তৰঃ গণতন্ত্র দুই প্ৰকাৰৰ— প্ৰত্যক্ষ আৰু পৰোক্ষ।

প্ৰত্যক্ষ গণতন্ত্ৰৰ উদাহৰণ হৈছে ছুইজাৰলেণ্ড আৰু পৰোক্ষ গণতন্ত্ৰৰ উদাহৰণ হৈছে ভাৰতবৰ্ষ।

(খ) আগৰ কালত প্রত্যক্ষ গণতন্ত্র ক’ত আছিল আৰু সেয়া কিয় সম্ভৱ হৈছিল?

উত্তৰঃ এথেন্সকে ধৰি গ্ৰীচৰ সৰু সৰু নগৰ ৰাষ্ট্ৰবোৰত প্ৰত্যক্ষ গণতন্ত্র আছিল। নগৰ ৰাষ্ট্ৰবোৰৰ আয়তন আৰু জনসংখ্যা নিচেই কম আছিল বাবেই সেয়া সম্ভৱ হৈছিল।

(গ) জনমত মানে কি বুজা আৰু জনমত গঠনত কিহে সহায় কৰে?

উত্তৰঃ জনমত হৈছে জনকল্যাণৰ হকে নাগৰিকৰ সমূহীয়া মত। জনমত গঠনত সহায় কৰে ৰাজনৈতিক দল, প্ৰচাৰ মাধ্যম, শিক্ষানুষ্ঠান, চলচ্চিত্র, সাংস্কৃতিক অনুষ্ঠান আদিয়ে।

(ঘ) গণতন্ত্ৰত ৰাজনৈতিক দল কিয় লাগে? দুটা ভাৰতীয় ৰাজনৈতিক দলৰ নাম লিখা।

উত্তৰঃ নাগৰিকসকলক সংগঠিত কৰা, সচেতন কৰা, ৰাজনৈতিক শিক্ষা দান কৰা আৰু জনমত গঠনত সহায় কৰাৰ বাবে গণতন্ত্ৰত ৰাজনৈতিক দল লাগে। দুটা ভাৰতীয় ৰাজনৈতিক দল হৈছে— ভাৰতীয় জনতা দল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দল।

(ঙ) পৰোক্ষ গণতন্ত্ৰত নাগৰিকে কেনেকৈ অংশ গ্রহণ কৰে?

উত্তৰঃ পৰোক্ষ গণতন্ত্ৰত নাগৰিকে নিৰ্বাচনৰ মাধ্যমেৰে অংশ গ্রহণ কৰে। নির্বাচনত ভোট প্রদান কৰি নাগৰিকে প্রতিনিধি নির্বাচন কৰে আৰু সেই নির্বাচিত প্রতিনিধিয়ে নাগৰিকৰ হৈ শাসন কৰে।

২। ৩টা বা ৪টা বাক্যত উত্তৰ দিয়া সমূহ

(ক) নাগৰিক আৰু ভোটদাতাৰ মাজত পার্থক্য কি?

উত্তৰঃ নাগৰিক আৰু ভোটদাতাৰ মাজত প্ৰধান পার্থক্যসমূহ হৈছে—

 সকলো নাগৰিকেই ভোটদাতা নহয়, কিন্তু ভোটদাতা হ’বলৈ দেশৰ নাগৰিক হ’বই লাগিব।

এজন লোকে জন্ম হোৱাৰ লগে লগে জন্মসূত্রে, দেশীয়কৰণৰ দ্বাৰা বা ৰাজ্যক্ষেত্ৰ চামিলকৰণৰ সূত্রে এখন দেশৰ নাগৰিক হ’ব পাৰে, কিন্তু জন্মাৰ লগে লগে ভোটদানৰ অধিকাৰ নাপায়। ভোটদাতা হ’বলৈ এটা নির্দিষ্ট বয়স হোৱা দৰকাৰ। ভাৰতবৰ্ষত এই বয়স ১৮ বছৰ আৰু ইয়াক প্রাপ্তবয়স্ক ভোটাধিকাৰ বোলা হয়।

(খ) নাগৰিকসকল কেনেকুৱা হ’ব লাগে?

উত্তৰঃ নাগৰিকসকলৰ নিজৰ অধিকাৰ আৰু কৰ্তব্য, চৰকাৰৰ দায়িত্ব আৰু ক্ষমতাৰ সীমা, জনস্বার্থ, জনকল্যাণ আদিৰ বিষয়ে জ্ঞান থকাটো দৰকাৰ। নাগৰিকসকল শিক্ষিত হোৱাটো অতি দৰকাৰ। তদুপৰি নাগৰিকসকল সজ, সাহসী আৰু সহনশীল হ’ব লাগে।

(গ) কোন দেশত এতিয়াও প্রত্যক্ষ গণতন্ত্র আছে?

উত্তৰঃ ছুইজাৰলেণ্ডত এতিয়াও প্রত্যক্ষ গণতন্ত্র আছে। ছুইজাৰলেণ্ডৰ কিছুমান কেন্টন (প্রদেশ বা ৰাজ্য) আছে যিবিলাকৰ আয়তন আৰু জনসংখ্যা নিচেই কম। আয়তন আৰু জনসংখ্যা নিচেই কম হোৱা বাবে তাত প্রত্যক্ষ গণতন্ত্র চলি থকাত বিশেষ অসুবিধা হোৱা নাই।

(ঘ) ভাৰতীয় নাগৰিকত্ব আইন কোন চনত প্রণয়ন কৰা হয়?

উত্তৰঃ ভাৰতীয় নাগৰিকত্ব আইন ১৯৫৫ চনত প্রণয়ন কৰা হয়। ভাৰতীয় সংবিধানত নাগৰিকত্বৰ কথা উল্লেখ কৰিছে, কিন্তু ইয়াৰ সকলো দিশ সামৰি আইন প্ৰণয়ন কৰাৰ দায়িত্ব সংসদত অর্পণ কৰিছে। সেইমতেই ভাৰতৰ সংসদে ১৯৫৫ চনত ভাৰতীয় নাগৰিকত্ব আইন প্রণয়ন কৰিছে।

(ঙ) ছিকিমৰ বাসিন্দাসকল ক’ৰ নাগৰিক?

উত্তৰঃ ছিকিমৰ বাসিন্দাসকল ভাৰতৰ নাগৰিক। ছিকিম আগতে ভাৰতৰ চুবুৰীয়া এখন বেলেগ ৰাষ্ট্ৰ আছিল। ১৯৭৫ চনত ছিকিম ভাৰতবৰ্ষৰ লগত চামিল হৈ যোৱাৰ ফলত ছিকিমৰ নাগৰিকসকল তেতিয়াৰেপৰা ভাৰতৰ নাগৰিক হৈ পৰিছে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৭ (গণতন্ত্র, নাগৰিক আৰু নাগৰিকত্ব) – সঘনাই সোধা প্ৰশ্ন (FAQs)
গণতন্ত্ৰ বুলিলে কি বুজায়?
গণতন্ত্ৰ হৈছে এনে এক শাসন ব্যৱস্থা য’ত দেশৰ জনসাধাৰণে পোনপটীয়াভাৱে বা নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তে শাসন কাৰ্যত অংশগ্ৰহণ কৰে। ইয়াক “জনসাধাৰণৰ দ্বাৰা, জনসাধাৰণৰ বাবে আৰু জনসাধাৰণৰ চৰকাৰ” বুলি কোৱা হয়।
এই সমাধানত অতিৰিক্ত প্ৰশ্ন আৰু MCQ আছে নেকি?
হয়, এই পাঠ্যভিত্তিক সমাধানত অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে উপযোগী অতিৰিক্ত প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) অন্তৰ্ভুক্ত কৰা হৈছে।
শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰম অনুসৰি এই নোটসমূহ প্ৰস্তুত কৰা হৈছেনে?
নিশ্চয়, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰম আৰু শেহতীয়া আৰ্হিৰ নিৰ্দেশনাসমূহৰ ওপৰত ভিত্তি কৰি এই সমলসমূহ সম্পূৰ্ণ নিৰ্ভুলভাৱে প্ৰস্তুত কৰা হৈছে।
নাগৰিক কাক বোলে?
কোনো এটা ৰাষ্ট্ৰত স্থায়ীভাৱে বসবাস কৰি সেই ৰাষ্ট্ৰৰ আইন মানি চলা আৰু ৰাষ্ট্ৰৰ পৰা সামাজিক-ৰাজনৈতিক অধিকাৰ ভোগ কৰা ব্যক্তিসকলক সেই ৰাষ্ট্ৰৰ নাগৰিক বুলি কোৱা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top