Class 7 Social Science Chapter 18 নিৰ্বাচন আৰু নিৰ্বাচন প্ৰক্ৰিয়া Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 7

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৮ – নিৰ্বাচন আৰু নিৰ্বাচন প্ৰক্ৰিয়া – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত সমাধান | শংকৰদেৱ শিশু বিদ্যা নিকেতন (Sankardev Sishu Vidya Niketan)

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৮ – নিৰ্বাচন আৰু নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)

শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ অষ্টাদশ অধ্যায় হ’ল ‘নিৰ্বাচন আৰু নিৰ্বাচন প্ৰক্ৰিয়া’। নতুন পাঠ্যক্ৰমৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান (Class 7 Social Science Chapter 18 Question Answers) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণ আদিৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘নিৰ্বাচন আৰু নিৰ্বাচন প্ৰক্ৰিয়া’ নামৰ এই গুৰুত্বপূৰ্ণ পাঠটিত গণতন্ত্ৰত নিৰ্বাচনৰ গুৰুত্ব, নিৰ্বাচনৰ প্ৰকাৰ, ভোটাধিকাৰ, নিৰ্বাচন আয়োগৰ ভূমিকা, ভোটগ্ৰহণ পদ্ধতি আৰু সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। নিকেতনৰ পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ ধাৰণাসমূহ স্পষ্টভাৱে বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • গণতান্ত্ৰিক ব্যৱস্থাত নিৰ্বাচনৰ গুৰুত্ব আৰু ইয়াৰ প্ৰয়োজনীয়তা।
  • নিৰ্বাচন আয়োগৰ গঠন, কাৰ্যাৱলী আৰু দায়িত্বসমূহ।
  • ভোটাধিকাৰ, ভোটদান প্ৰক্ৰিয়া আৰু ইভিএম (EVM) ৰ ব্যৱহাৰ।
  • ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Social Science Notes).
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • ৰাজনীতি বিজ্ঞান আৰু নিৰ্বাচন প্ৰক্ৰিয়া সম্পৰ্কীয় ধাৰণাসমূহৰ সৰল প্ৰতিৰূপ।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয় পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | SVN New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 18 নিৰ্বাচন আৰু নিৰ্বাচন প্ৰক্ৰিয়া

 শংকৰদেৱ বিদ্যা নিকেতন, সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-18                                               অস্পিন একাডেমী

নিৰ্বাচন আৰু নিৰ্বাচন প্ৰক্ৰিয়া

পাঠভিত্তিক প্রশ্নোত্তৰ

১। দুটা বাক্যত উত্তৰ দিয়া-

(ক) নিৰ্বাচন কি?

উত্তৰঃ নিৰ্বাচন হ’ল এটা গণতান্ত্ৰিক বাছনি প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ মাজেৰে ভোটদাতাসকলে তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰে।

(খ) নিৰ্বাচন কোনে পৰিচালনা কৰে?

উত্তৰঃ নিৰ্বাচন ‘নিৰ্বাচন আয়োগ’-এ পৰিচালনা কৰে। নিৰ্বাচন আয়োগ এটা স্বতন্ত্ৰৰীয়া বিভাগ।

(গ) ভাৰতবৰ্ষত কি পদ্ধতিৰে নিৰ্বাচন পতা হয়?

উত্তৰঃ ভাৰতবৰ্ষত দুটা পদ্ধতিৰে নিৰ্বাচন পতা হয়- প্ৰত্যক্ষ আৰু পৰোক্ষ। লোকসভাৰ সদস্য, বিধানসভাৰ সদস্য আৰু স্থানীয় স্বায়ত্ত শাসন অনুষ্ঠানৰ সদস্যসকলক প্ৰত্যক্ষভাৱে, আনহাতে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, আৰু ৰাজ্যৰ বিধান পৰিষদৰ সদস্যসকলক পৰোক্ষভাৱে ভোটদাতাসকলে নিৰ্বাচন কৰে।

(ঘ) লোকসভাৰ সদস্যসকলক কোনে কেনেকৈ নিৰ্বাচন কৰে?

উত্তৰঃ লোকসভাৰ সদস্যসকলক ভোটদাতাসকলে প্ৰত্যক্ষভাৱে বা পোনপটীয়াকৈ নিৰ্বাচন কৰে। এই নিৰ্বাচনত সদস্যসকলক ৫ বছৰৰ বাবে নিৰ্বাচিত কৰা হয়।

(ঙ) প্ৰতীক চিহ্নৰে সৈতে ভাৰতৰ দুটা জাতীয় ৰাজনৈতিক দলৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ দুটা জাতীয় ৰাজনৈতিক দল হৈছে— ভাৰতীয় জনতা দল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ। ভাৰতীয় জনতা দলৰ প্ৰতীক চিহ্ন ‘পদুম ফুল’ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতীক চিহ্ন হৈছে ‘হাত’।

২। ৩টা বা ৪টা বাক্যত উত্তৰ দিয়া-

(ক) নিৰ্বাচন আয়োগৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ ‘নিৰ্বাচন আয়োগ’ হৈছে আমাৰ দেশৰ নিৰ্বাচন পৰিচালনা কৰা এটা বিশেষ বিভাগ। ইয়াৰ মুৰব্বীজনক ‘মুখ্য নিৰ্বাচন আয়ুক্ত’ বোলা হয়। তেওঁক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।

(খ) প্ৰত্যক্ষ আৰু পৰোক্ষ নিৰ্বাচনৰ পাৰ্থক্য কি?

উত্তৰঃ প্ৰত্যক্ষ নিৰ্বাচনত ভোটদাতাসকলে প্ৰত্যক্ষভাৱে বা পোনপটীয়াকৈ ভোটদান কৰি প্ৰতিনিধি নিৰ্বাচন কৰে। পৰোক্ষ নিৰ্বাচনত ভোটদাতাসকলে প্ৰত্যক্ষভাৱে বা পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব বা ভোট দিব নোৱাৰে। পৰোক্ষ নিৰ্বাচনত ভোটদাতাসকলে ইতিমধ্যে প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত কৰি পঠিওৱা প্ৰতিনিধিসকলেহে অংশগ্ৰহণ কৰে। লোকসভা, বিধানসভা আৰু স্থানীয় স্বায়ত্ত শাসন অনুষ্ঠানৰ নিৰ্বাচন প্ৰত্যক্ষ, আনহাতে— ৰাজ্যসভা, ৰাজ্য বিধান পৰিষদ, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পৰোক্ষ।

(গ) ৰাজনৈতিক দল বুলিলে কি বুজা?

উত্তৰঃ ৰাজনৈতিক দল হ’ল একে ৰাজনৈতিক ভাবাদৰ্শৰ কিছুমান সচেতন ব্যক্তিৰ গোট বা সংগঠন। একে ৰাজনৈতিক ভাবাদৰ্শৰ ব্যক্তিৰ এনেকুৱা গোট বা সংগঠন এটাই ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠিত হ’বলৈ এটা নাম লৈ নিৰ্বাচন আয়োগৰ অধীনত পঞ্জীয়নভুক্ত হ’ব লাগে। প্ৰতিটো ৰাজনৈতিক দলৰে এটা নামৰ উপৰি এটা প্ৰতীক চিহ্ন থাকে। প্ৰতীক চিহ্নটো নিৰ্বাচন আয়োগৰ দ্বাৰা অনুমোদিত হ’ব লাগিব।

(ঘ) বিৰোধী দলৰ ভূমিকা কি?

উত্তৰঃ গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে বিৰোধী দলে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে। বিৰোধী দলৰ কাম হ’ল চৰকাৰৰ ভুল-ভ্ৰান্তিবোৰ আঙুলিয়াই দিয়া, গঠনমূলক পৰামৰ্শ আগবঢ়াই চৰকাৰৰ আঁচনি কাৰ্যকৰীকৰণত সহযোগিতা কৰা আৰু চৰকাৰৰ দ্বাৰা ক্ষমতাৰ অপপ্ৰয়োগ, কৰ্তব্যৰ গাফিলতি, দুৰ্নীতি আদিৰ সমালোচনা কৰা। বিৰোধী পক্ষ সচেতন আৰু শক্তিশালী হ’লে শাসক দলেও সংযমী হৈ নিষ্ঠাৰে কাম কৰিবলৈ বাধ্য হয়। এক কথাত ক’বলৈ গ’লে বিৰোধী দল চৰকাৰ এখনৰ নিয়ন্ত্ৰক।

(ঙ) ৰাষ্ট্ৰপতিক কোনে কেনেকৈ নিৰ্বাচন কৰে?

উত্তৰঃ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পৰোক্ষ পদ্ধতিৰে হয়। ইয়াত ভোটদাতাসকলে ইতিমধ্যে নিৰ্বাচন কৰি পঠিওৱা প্ৰতিনিধিসকলেহে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত সংসদৰ দুয়োটা সদন (লোকসভা আৰু ৰাজ্যসভা)-ৰ নিৰ্বাচিত সদস্যসকলৰ লগতে ৰাজ্যিক বিধানসভাৰ সদস্যসকলেও অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতিক পাঁচ বছৰীয়া কাৰ্যকাল এটিৰ বাবে নিৰ্বাচন কৰা হয়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৮ (নিৰ্বাচন আৰু নিৰ্বাচন প্ৰক্ৰিয়া) – সঘনাই সোধা প্ৰশ্ন (FAQs)
নিৰ্বাচন বুলিলে কি বুজায়?
নিৰ্বাচন হৈছে এক গণতান্ত্ৰিক প্ৰক্ৰিয়া যাৰ জৰিয়তে জনসাধাৰণে ভোটাধিকাৰ প্ৰয়োগ কৰি তেওঁলোকৰ প্ৰতিনিধিসমূহক চৰকাৰ গঠনৰ বাবে নিৰ্বাচিত কৰে।
এই সমাধানত অতিৰিক্ত প্ৰশ্ন আৰু MCQ আছে নেকি?
হয়, এই পাঠ্যভিত্তিক সমাধানত অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে উপযোগী অতিৰিক্ত প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) অন্তৰ্ভুক্ত কৰা হৈছে।
শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰম অনুসৰি এই নোটসমূহ প্ৰস্তুত কৰা হৈছেনে?
নিশ্চয়, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰম আৰু শেহতীয়া আৰ্হিৰ নিৰ্দেশনাসমূহৰ ওপৰত ভিত্তি কৰি এই সমলসমূহ সম্পূৰ্ণ নিৰ্ভুলভাৱে প্ৰস্তুত কৰা হৈছে।
ভাৰতত নিৰ্বাচন পৰিচালনা কৰাৰ মূল দায়িত্ব কাৰ হাতত থাকে?
ভাৰতত মুক্ত আৰু নিকা নিৰ্বাচন পৰিচালনা কৰাৰ মূল দায়িত্ব ভাৰতীয় নিৰ্বাচন আয়োগৰ (Election Commission of India) হাতত থাকে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top