সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৯ – গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত সমাধান | শংকৰদেৱ শিশু বিদ্যা নিকেতন (Sankardev Sishu Vidya Niketan)
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৯ – গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)
শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ উনবিংশ অধ্যায় হ’ল ‘গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম’। নতুন পাঠ্যক্ৰমৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান (Class 7 Social Science Chapter 19 Question Answers) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণ আদিৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম’ নামৰ এই গুৰুত্বপূৰ্ণ পাঠটিত গণতান্ত্ৰিক সমাজত প্ৰচাৰ মাধ্যমৰ (Media) ভূমিকা, সংবাদ মাধ্যমৰ প্ৰকাৰসমূহ (মুদ্রিত মাধ্যম আৰু বৈদ্যুতিন মাধ্যম), জনমত গঠনত সংবাদ মাধ্যমৰ গুৰুত্ব তথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে প্ৰচাৰ মাধ্যমৰ দায়িত্ব সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। নিকেতনৰ পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ ধাৰণাসমূহ স্পষ্টভাৱে বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- গণতন্ত্ৰত প্ৰচাৰ মাধ্যম বা সংবাদ মাধ্যমৰ গুৰুত্ব আৰু ভূমিকা সম্পৰ্কে স্পষ্ট ধাৰণা।
- মুদ্ৰিত মাধ্যম (খবৰকাকত, আলোচনী) আৰু বৈদ্যুতিন মাধ্যমৰ (ৰেডিঅ’, টেলিভিছন, ইন্টাৰনেট) পাৰ্থক্য।
- জনমত গঠন আৰু চৰকাৰক সজাগ কৰাত প্ৰচাৰ মাধ্যমৰ অৱদান।
- ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Social Science Notes).
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- গণতন্ত্ৰ আৰু সংবাদ মাধ্যম সম্পৰ্কীয় ধাৰণাসমূহৰ সৰল প্ৰতিৰূপ।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয় পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 7 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | SVN New Syllabus
New Updated Version!
According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus & Updated Book
Get comprehensive preparation for Class 7 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
শংকৰদেৱ বিদ্যা নিকেতন, সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান
গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
পাঠভিত্তিক প্রশ্নোত্তৰ
চমু উত্তৰ দিয়া সমূহ
(ক) প্ৰচাৰ বুলিলে কি বুজা?
উত্তৰঃ প্ৰচাৰ বুলি ক’লে সাধাৰণতে কোনো খবৰ-বাতৰি, ঘটনা-পৰিঘটনা, আদেশ-উপদেশ আদি এজনৰ পৰা আনজনলৈ বা এঠাইৰ পৰা আন ঠাইলৈ বিস্তাৰিত হোৱা প্ৰক্ৰিয়াক বুজায়।
(খ) প্ৰচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি?
উত্তৰঃ প্ৰচাৰ মাধ্যমক প্ৰধানত দুটা ভাগত ভাগ কৰা হয়—
ছপা বা মুদ্রিত মাধ্যম: বাতৰি-কাকত, আলোচনী, কিতাপ আদি।
ইলেক্ট্ৰনিক বা বৈদ্যুতিন মাধ্যম: অনাতাঁৰ (ৰেডিঅ’), দূৰদৰ্শন (টেলিভিছন), ইণ্টাৰনেট আদি।
(গ) গণমাধ্যম মানে কি? উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ প্ৰচাৰ মাধ্যমৰ পৰিসৰ বেছি আৰু অতি কম সময়ৰ ভিতৰত বহু লোকক খবৰ-বাতৰি যোগান ধৰিব পাৰে তাকে গণমাধ্যম বুলি কোৱা হয়। উদাহৰণস্বৰূপে— অনাতাঁৰ, দূৰদৰ্শন, ইণ্টাৰনেট আদি।
(ঘ) প্ৰাচীন কালত ব্যৱহাৰ কৰা দুই প্ৰকাৰৰ প্ৰচাৰ মাধ্যমৰ নাম লিখা।
উত্তৰঃ প্ৰাচীন কালৰ দুই প্ৰকাৰৰ প্ৰচাৰ মাধ্যম হৈছে— চৰাই আৰু ঢোল। পুৰণি কালত প্ৰয়োজনীয় কথাখিনি লিখি লৈ চৰাইৰ ঠেঙত বান্ধি উৰুৱাই দি বাতৰি পঠিওৱা হৈছিল। আকৌ কেতিয়াবা কোনো কোনো ঠাইত ঢোল পিটি প্ৰজা গোট খুৱাই জাননী দিয়া হৈছিল।
(ঙ) কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ ইংৰাজ বিজ্ঞানী ছাৰ্লছ বেবেজে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল।
২। বহল প্ৰশ্নত্তৰ
(ক) দুটা প্রধান প্ৰচাৰ মাধ্যমৰ নাম লিখা। প্ৰচাৰ মাধ্যমসমূহে জনসাধাৰণক কেনেধৰণে সহায় কৰে?
উত্তৰঃ দুটা প্রধান প্ৰচাৰ মাধ্যম হৈছে— বাতৰি কাকত আৰু টেলিভিছন।
প্ৰচাৰ মাধ্যমসমূহে বিভিন্ন খবৰ-বাতৰি, ঘটনা-পৰিঘটনা, আদেশ-উপদেশ, মতামত, বক্তব্য আদি প্ৰচাৰ কৰে। ইয়াৰ ফলত জনসাধাৰণে সেইবোৰ বিষয়ত জ্ঞান লাভ কৰে আৰু তেওঁলোকৰ নতুন কৌতূহল, সজাগতা বা সচেতনতা বৃদ্ধি হয়। ইয়ে জনসাধাৰণক ব্যক্তিগত বা সাংগঠনিক মতামত, গঠনমূলক দিহা-পৰামৰ্শ আদি আগবঢ়াবলৈ সুযোগ দিয়ে। প্ৰচাৰ মাধ্যম অবিহনে জনসাধাৰণে নিজৰ ভাব-অভিমত, মতামত আদি প্রকাশ কৰিবলৈ সক্ষম নহ’লহেঁতেন। সেয়েহে প্ৰচাৰ ব্যৱস্থাক সমাজ আৰু সভ্যতাৰ মাপকাঠী বুলি আখ্যা দিব পাৰি।
(খ) গণতন্ত্ৰত প্ৰচাৰ মাধ্যমসমূহে কেনেধৰণৰ ভূমিকা পালন কৰে?
উত্তৰঃ প্ৰচাৰ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। গণতন্ত্ৰত প্ৰচাৰ মাধ্যমে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
গণতান্ত্রিক ৰাষ্ট্ৰ এখনৰ বিকাশ আৰু সমৃদ্ধিত প্ৰচাৰ মাধ্যমে প্রভূত অৰিহণা যোগাব পাৰে। প্ৰচাৰ মাধ্যমে গণতান্ত্রিক চিন্তা-চর্চা কৰিবলৈ জনসাধাৰণক উদ্গনি যোগায়। জনসাধাৰণ আৰু চৰকাৰৰ মাজত প্রধান যোগাযোগৰ মাধ্যম হৈছে প্ৰচাৰ মাধ্যমসমূহ। সততা আৰু নিষ্ঠা অবিহনে গণতন্ত্র বর্তি নাথাকে। ইয়াৰ ভেটি সুদৃঢ় কৰাত প্ৰচাৰ মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ভোটাধিকাৰ, নির্বাচনত জনসাধাৰণৰ অংশগ্ৰহণ, উপযুক্ত তথা দায়িত্বশীল প্রতিনিধি নির্বাচন আদিৰ দৰে সময় সাপেক্ষে বিভিন্ন কাৰ্যসূচীসমূহ সুচাৰুৰূপে পালনৰ বাবে উপযুক্ত প্ৰচাৰ মাধ্যমৰ সহায়ত জনসাধাৰণক সচেতন কৰিব পৰা যায়। এখন সুস্থ-সবল সমাজ তথা ৰাষ্ট্ৰ গঠন কৰি প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাত প্ৰচাৰ মাধ্যমসমূহৰ ভূমিকা সুদূৰ প্ৰসাৰী।
(গ) জনমত বুলিলে কি বুজা?
উত্তৰঃ জনমত হৈছে সমকালীন সামাজিক, অর্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আদি বিভিন্ন বিষয়ৰ ওপৰত দিয়া ৰাইজৰ মতামত। ই সুচিন্তিত, জনহিতকৰ আৰু সুদৃঢ়। জনমত সদায় সমষ্টিগত মতামত। সংবাদ-পত্ৰ, ৰাজহুৱা সভা-সমিতি, নাটক, কথাছবি, ৰেডিঅ’, টেলিভিছন আদি প্ৰচাৰ মাধ্যমসমূহ হৈছে জনমত গঠনৰ ঘাই অভিকৰণ।
৩। খালী ঠাই পূৰ কৰা
উত্তৰঃ (ক) প্ৰচাৰ মাধ্যমক কোৱা হয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ।
(খ) মানুহৰ মাজৰ সুপ্ত প্রতিভা বিকাশত প্ৰচাৰ মাধ্যমসমূহে যথেষ্ট সহায় কৰে।
(গ) গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰিছিল।
(ঘ) কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলি কোৱা হয়।
(ঙ) চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ যোগসূত্র স্থাপনৰ প্ৰধান মাধ্যম হৈছে প্ৰচাৰ মাধ্যমসমূহ।
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা
উত্তৰঃ (ক) কনকলতা ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিল।
(খ) অতীতত ৰজাই প্ৰজাক বাতৰি দিয়াৰ বাবে ঢোল ব্যৱহাৰ কৰিছিল।
(গ) মুদ্রিত মাধ্যম হ’ল বাতৰি-কাকত।
(ঘ) ইলেক্ট্ৰনিক মাধ্যম হ’ল কম্পিউটাৰ।




