Class 7 Social Science Chapter 2 Solution (Assamese Medium) – পৃথিৱীৰ অভ্যন্তৰ ভাগ | SEBA Assam

SEBA Class 7 Social Science (Assamese Medium) Lesson 2 – পৃথিৱীৰ অভ্যন্তৰ ভাগ Solutions & Summary

Get the SEBA Class 7 Social Science Chapter 2 – “পৃথিৱীৰ অভ্যন্তৰ ভাগ” solutions for Assamese medium students. This chapter from ভূগোল (Geography) explores the internal structure of the Earth, including the crust, mantle, and core, as well as tectonic plates and geological activities. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students grasp key concepts and excel in exams.

Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!

Class 7 Social Science

Chapter – 2               Ospin Academy

পৃথিৱীৰ অভ্যন্তৰ ভাগ

অনুশীলনী
১। শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) পৃথিৱীৰ পৃষ্ঠৰপৰা কেন্দ্ৰলৈ ৪/৩/২ টা স্তৰেৰে গঠিত।

উত্তৰঃ পৃথিৱীৰ পৃষ্ঠৰপৰা কেন্দ্ৰলৈ ৩ টা স্তৰেৰে গঠিত।

(খ) ভূত্বক গড়ে প্রায় ২০/৩০/২৫ কিল’মিটাৰ ডাঠ।

উত্তৰঃ ভূত্বক গড়ে প্রায় ২০ কিল’মিটাৰ ডাঠ।

(গ) পৃথিৱীৰ গৰ্ভ মানে হ’ল- ভূত্বক/গুৰুমণ্ডল/কেন্দ্ৰমণ্ডল।

উত্তৰঃ পৃথিৱীৰ গৰ্ভ মানে হ’ল- কেন্দ্ৰমণ্ডল।

(ঘ) জীৱাষ্ম সাধাৰণতে গেদীয় শিল/আগ্নেয়শিল/ৰূপান্তৰিত শিলত পোৱা যায়।

উত্তৰঃ জীৱাষ্ম সাধাৰণতে গেদীয় শিলত পোৱা যায়।

(ঙ) আটাইতকৈ টান মণিকবিধ হ’ল সোণ/হীৰা/দস্তা।

উত্তৰঃ আটাইতকৈ টান মণিকবিধ হ’ল হীৰা।

২। খালী ঠাই পূৰ কৰা–

(ক) ভূপৃষ্ঠৰপৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে ___________________ বাঢ়ি গৈ থাকে।

উত্তৰঃ ভূপৃষ্ঠৰপৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে উত্তাপ বাঢ়ি গৈ থাকে।

(খ) ভূত্বক স্তৰক __________________ বুলিও জনা যায়।

উত্তৰঃ ভূত্বক স্তৰক ছিয়াল বুলিও জনা যায়।

(গ) মাটি _______________ আৰু _________________ পদাৰ্থৰে গঠিত।

উত্তৰঃ মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত।

(ঘ) মেগমাৰ পৰা উৎপত্তি হোৱা শিলক ___________________ শিল বোলে।

উত্তৰঃ মেগমাৰ পৰা উৎপত্তি হোৱা শিলক আগ্নেয় শিল বোলে।

(ঙ) মণিকবোৰ সাধাৰণতে ___________________ পদার্থ।

উত্তৰঃ মণিকবোৰ সাধাৰণতে কঠিন পদার্থ।

৩। চমু উত্তৰ লিখাঃ (৩০টা মান শব্দৰ ভিতৰত)

(ক) ভূত্বক বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। তৰল আৰু গেছীয় পদাৰ্থবোৰ চেঁচা হৈ সংকুচিত হোৱাৰ ফলত ভূত্বক অসমান আৰু ওখোৰা-মোখোৰা হোৱা বুলি ধাৰণা কৰা হৈছে। পৰ্বত-পাহাৰ, মালভূমি, সমভূমি, সাগৰ, মহাসাগৰ আদি অবয়ৱসমূহ ভূত্বকতে অৱস্থিত। ভূত্বকৰ গভীৰতা আন দুটা স্তৰতকৈ কম। ই গড়ে প্রায় ২০ কিল’মিটাৰ ডাঠ। অৱশ্যে মহাদেশীয় অংশত ই ১৬ কিল’মিটাৰৰপৰা ৬০ কিল’মিটাৰ ডাঠ আৰু মহাসাগৰ তলিত ই মাত্র ৫ কিল’মিটাৰৰপৰা ১০ কিল’মিটাৰ পর্যন্তহে ডাঠ। ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেণাইট জাতীয় শিলেৰে গঠিত।

(খ) আগ্নেয় শিল কাক বোলে?

উত্তৰঃ পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত, উত্তপ্ত পদার্থসমূহক মেগ্‌মা বোলা হয়। এনে মেগ্‌গ্না ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। এনে ধৰণে গঠন হোৱা শিলক আগ্নেয় শিল বোলা হয়।

(গ) মাটি বুলিলে কি বুজা?

উত্তৰঃ ভূত্বকৰ আন এবিধ উপাদান হ’ল মাটি। পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটো য’ত আমি ঘৰ-দুৱাৰ সাজো, খেতি-বাতি কৰোঁ, যাতায়াতৰ ব্যৱস্থা কৰোঁ, য’ত গছ-গছনিয়ে খামোচ মাৰি ধৰি থাকে সেই অংশকে মাটি বুলি কোৱা হয়। সাধাৰণতে শিলৰপৰাই মাটিৰ উৎপত্তি হয়। শিলৰপৰাই মাটিৰ সৃষ্টি হয় বাবে শিলত থকা মণিকবিলাক মাটিতো পোৱা যায়।

(ঘ) মণিক কি?

উত্তৰঃ পৃথিৱীৰ খোলাটোৰ আন এটি উপাদান হ’ল মণিক। পৃথিৱীত প্রাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা পদার্থসমুহেই হ’ল মণিক। মণিকবোৰ সাধাৰণতে কঠিন পদার্থ। মণিকবোৰ ভূত্বকৰ গোটেই খোলাটোতেই পোৱা যায়। সকলো মণিকৰে মনি কিছুমান নির্দিষ্ট ধর্ম আছে। বৰণ, বৰ্ণৰেখা, ৰূপ, স্বচ্ছতা আদি মণিকৰ মূল ধর্ম। এই মণিকসমূহক দুই শ্রেণীত ভাগ কৰা হৈছে। ইয়াৰে এবিধ হ’ল শিল গঠনকাৰী মণিক আৰু আনবিধ হ’ল আকৰ গঠনকাৰী মণিক।

(ঙ) হিউমাছ’ কাক বোলে?

উত্তৰঃ মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। মাটিৰ জৈৱিক উপাদান বুলিলে সাধাৰণতে ‘হিউমাছ’ক বুজায়। ঘাঁহ-বন, লতা আৰু গছ-গছনিৰ ডাল-পাতৰ অংশ, বিভিন্ন জীৱ, যেনে- কেঁচু, কুমতি, এন্দুৰ, পোক-পৰুৱাৰ মৃতদেহ, গৰু- ম’হ আদি বিভিন্ন জীৱ-জন্তুৰ বিষ্ঠাবোৰেই মাটিত থকা জৈৱিক পদার্থ। এনে পদার্থসমূহ ৰ’দত শুকাই, পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত ‘হিউমাছ’ সৃষ্টি কৰে।

৪। উত্তৰ লিখা– (১০০টা মান শব্দৰ ভিতৰত)

(ক) পৃথিৱীৰ পৃষ্ঠৰপৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি? চিত্র আঁকি বুজাই লিখা।

উত্তৰঃ

Class 7 social science

পৃথিৱীৰ পৃষ্ঠৰপৰা কেন্দ্রলৈকে থকা পদাৰ্থৰ বিভিন্নতা আৰু সেইবোৰৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ মূল তিনিটা স্তৰ চিনাক্ত কৰি ভাগ কৰা হৈছে।

এই স্তৰ তিনিটা হ’ল ক্রমে–

(ক) ভূত্বক (Crust)।

(খ) গুৰুমণ্ডল (Mantle)। আৰু

(গ) কেন্দ্রমণ্ডল (Cort)।

(ক) ভূত্বক (Crust): পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। ই গড়ে প্রায় ২০ কিল’মিটাৰ ডাঠ। ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেণাইট জাতীয় শিলেৰে গঠিত।

(খ) গুৰুমণ্ডল (Mantle): ভূত্বকৰ ঠিক তলৰ দ্বিতীয় স্তৰটো হ’ল গুৰুমণ্ডল। এই স্তৰটো প্রায় ২,৯০০ কিল’মিটাৰ ডাঠ। ভূত্বকতকৈ এই স্তৰৰ পদাৰ্থবোৰৰ ঘনত্ব বেছি।

(গ) কেন্দ্রমণ্ডল (Cort): গুৰুমণ্ডলৰ ঠিক তলতে কেন্দ্ৰক আৱৰি থকা স্তৰটোৱেই হ’ল কেন্দ্রমণ্ডল। এক কথাত ইয়েই পৃথিৱীৰ গৰ্ভ। এই স্তৰটো প্রায় ৩,৪৮৬ কিল’মিটাৰ ডাঠ। ইয়াৰ পদার্থবিলাক অতি উত্তপ্ত অৱস্থাত আছে।

(খ) শিল কেইপ্ৰকাৰৰ আৰু কি কি বুজাই লিখা।

উত্তৰঃ শিলবোৰ সাধাৰণতে ভিন ভিন ধৰণে উৎপত্তি হয়। উৎপত্তি অনুযায়ী শিলক তিনি প্ৰকাৰে ভাগ কৰিব পাৰি।

এই তিনি প্ৰকাৰৰ শিল হ’ল–

(ক) আগ্নেয় শিল।

(খ) গেদীয় শিল। আৰু

(গ) ৰূপান্তৰিত শিল।

(ক) আগ্নেয় শিল: পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত, উত্তপ্ত পদার্থসমূহক মেগ্‌মা বোলা হয়। এনে মেগ্‌মা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। এনে ধৰণে গঠন হোৱা শিলক অন্তর্ভেদী আগ্নেয়শিল বোলা হয়। পৃথিৱীত আগ্নেয়শিলৰ প্ৰথমতেই সৃষ্টি হৈছিল বাবে এই শিলক প্রাথমিক শিল বুলিও জনা যায়।

(খ) গেদীয় শিল: পৃথীৱীৰ উপৰিভাগত থকা আগ্নেয়শিলবোৰ কালক্রমত শীত, তাপ, বতাহ, বৰষুণ আদিৰ ভৌতিক, ৰাসায়নিক আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত দুৰ্বল হৈ ভাঙিবলৈ আৰম্ভ কৰে। লাহে লাহে এই ভগা অংশবিলাক বতাহ, নৈ, জান-জুৰি, হিমবাহ আদিয়ে কঢ়িয়াই নি সাগৰ, হ্রদ বা আন নিম্ন অংশত তৰপে তৰপে জমা কৰে। এইদৰে যেতিয়া গেদবোৰ বছৰ বছৰ ধৰি জমা হয়, তেতিয়া এহাতে ওপৰৰ গেদৰ প্ৰচণ্ড চাপ, তাপ আৰু পানীত মিহলি হৈ থকা লো, চুণ আদিৰ ক্ৰিয়াৰ ফলত গেদবোৰ কঠিন হ’বলৈ ধৰে। এইদৰে কঠিন হৈ যি শিলৰ সৃষ্টি হয় তাক গেদীয় শিল বোলে।

(গ) ৰূপান্তৰিত শিল: আগ্নেয় আৰু গেদীয় শিল যদি বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয়। এনে শিলক ৰূপান্তৰিত শিল বোলে।

(গ) শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰ কৰা।

উত্তৰঃ

শিল

মাটি

পৃথিৱীৰ খোলাটোৰ এক প্রধান উপাদান হ’ল শিল। শিলেৰে গঠিত বাবে এই স্তৰটোক শিলামণ্ডল বোলা হয়। সাধাৰণতে আমি বসবাস কৰা পৃথিৱীৰ উপৰিভাগৰ গোটা আৰু আপেক্ষিকভাৱে টান পদার্থবোৰকে শিল বোলা হয়। শিলসমূহ ভিন ভিন মণিকেৰে গঠিত। কিছুমান শিলত মণিক কেইবাবিধো থাকে আৰু আন কিছুমান শিলত এবিধ বা দুবিধমানহে মণিক থাকে। শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ- আকৃতি, ৰং, কঠিনতা আদিৰ তাৰতম্য হয়। শিলত থকা ৰাসায়নিক পদাৰ্থবোৰৰ ভিতৰত – অম্লজান, ছিলিকন, এলুমিনিয়াম, লো, কেলছিয়াম, ছ’ডিয়াম, পটাছিয়াম, কাৰ্বন, ছালফাৰ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ উপৰি শিলত কিছু পৰিমাণে তাম, সীহ, দস্তা আদি ধাতুও পোৱা যায়।

ভূত্বকৰ আন এবিধ উপাদান হ’ল মাটি। পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটো য’ত আমি ঘৰ- দুৱাৰ সাজো, খেতি-বাতি কৰোঁ, যাতায়াতৰ ব্যৱস্থা কৰোঁ, য’ত গছ-গছনিয়ে খামোচ মাৰি ধৰি থাকে সেই অংশক আমি মাটি বুলি কওঁ। সাধাৰণতে শিলৰপৰাই মাটিৰ উৎপত্তি হয়। মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। শিলবিলাক সময়ৰ সোঁতত শীত, তাপ, বতাহ, বৰষুণ আদি প্রাকৃতিক কাৰকৰ প্রভাৱত জহি-খহি চূর্ণ-বিচূর্ণ হয়। এনে অংশসমূহ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এইদৰে মাটিৰ সৃষ্টি হয়। শিলৰপৰাই মাটিৰ সৃষ্টি হয় বাবে শিলত থকা মণিকবিলাক মাটিতো পোৱা যায়।

(ঘ) “মাটি অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে”- কথাষাৰ বুজাই লিখা।

উত্তৰঃ মাটি অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থকা অসম্ভৱ। মাটিৰ লগত জীৱ-জগতৰ এক ওতঃপ্রোত সম্পর্ক আছে। মানুহৰ জীৱন-ধাৰণৰ বাবে খাদ্য, দ্রব্য, বাসস্থান যাতায়ত ব্যৱস্থা আদি মাটিৰ ওপৰতেই নিৰ্ভৰশীল। গছ-গছনিও মাটিৰ ওপৰতেই সৃষ্টি হয়। মাটিৰ অংশ হিচাপে পর্বত-পাহাৰ, মালভূমি-সমভূমি আদিত জীৱজগতৰ আবাসস্থলী যদিও জলমণ্ডলতো জীৱজগতৰ প্ৰসাৰতা আছে। মাটিত হিউমাছ থাকে। মাটিত থকা এনে জৈৱিক পদার্থসমূহে উদ্ভিদক পুষ্টি যােগান ধৰে। মাটিত থকা পানীভাগে গছ-গছনিৰ বৰ্ধনত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে।

(ঙ) “মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য” কথাষাৰ বুজাই লিখা।

উত্তৰঃ মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। আমি জানাে যে মাটি শিলৰ পৰাই সৃষ্টি হৈছে। আনহাতে শিল সৃষ্টি হয় মণিকৰ পৰা। মণিকবােৰ খুবেই কঠিন বাবে শিলবােৰাে যথেষ্ট কঠিন হয়। এই কঠিন শিলক মাটিত পৰিণত কৰাত জলবায়ুৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। আনহাতে শিলবিলাক সময়ৰ সেঁতত শীত , তাপ, বতাহ, ৰ’দ, বৰষুণ আদি প্রাকৃতিক কাৰকৰ প্ৰভাৱত জহি-খহি, চূর্ণ-বিচুর্ণ হয়। এনে জহি-খহি চূর্ণ-বিচূর্ণ হােৱা শিলৰ টুকুৰাবোৰ পুনৰ বতাহ, নদী, হিমবাহ আদিয়ে কাঢ়ি নি বিভিন্ন ঠাইত জমা কৰে। এনেদৰে মাটিৰ সৃষ্টি হয়।

(চ) ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত সম্পৰ্ক বিচাৰ কৰা।

উত্তৰঃ ভূত্বকত পোৱা বিভিন্ন ধৰণৰ শিল, মণিক আৰু মাটিৰ গুণাগুণে জীৱজগতৰ বিশেষভাৱে প্রভাৱান্বিত কৰি আহিছে। শিল মাটি আৰু মণিক আদি ভূত্বকতেই অৱস্থিত। ভূত্বক স্তৰটো সাধাৰণতে গ্রেনাইট জাতীয় শিলেৰে গঠিত। আনহাতে ভূত্বকৰ সমুদ্র তলিৰ অংশটো মূলত বেল্ট জাতীয় শিলেৰে গঠিত। ভূত্বকত পােৱা শিলসমূহাে মণিকৰ দ্বাৰা গঠিত। কিছুমান শিলত মণিক কেবাবিধো থাকে আৰু আন কিছুমান শিলত এবিধ বা দুবিধ মানহে মণিক থাকে। শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ-আকৃতি, ৰং, কঠিনতা আদিৰ তাৰতম্য হয়। সকলাে মণিকে শিল গঠন নকৰে৷ কিছুমান মণিকেহে শিল গঠন কৰে। শিল গঠনকাৰী মণিকসমূহে শিল গঠনত সহায় কৰে। ভূত্বকত পােৱা কোৱাৰ্টজ, ছিলিকেট, কার্বনেট অক্সাইড আৰু ফেল্ডম্পাৰ আদি মণিকে শিল গঠন কৰে। ভূত্বকত পােৱা আবৃত মণিকসমূহ মাটিৰ পাতল তৰপ অথবা পলসুৱা মাটিৰ তলত থাকে। আনহাতে ভূত্বকত পােৱা মাটিও শিলৰ দ্বাৰাই গঠিত। প্রাকৃতিক কাৰকৰ প্ৰভাৱত শিল চূর্ণবিচূর্ণ হৈ মাটিত পৰিণত হয়। শিলৰ পৰাই মাটি হয় বাবে শিলত থকা মণিকবিলাক মাটিতে পােৱা যায়। গতিকে দেখা যায় যে ভূত্বকত পােৱা শিল, মাটি আৰু মণিকৰ মাজত এক বিশেষ সম্পর্ক আছে।

৫। তলৰ তালিকাত বিভিন্ন ধৰণৰ শিলৰ নাম দিয়া আছে। সেইবোৰ তালিকাত দিয়া ধৰণে শ্রেণীভুক্ত কৰা–

মার্বল, শ্লেট, বালিশিল, গ্রেণাইট, কয়লা, চূণশিল, চকমাটি, নিছ, কংলোমাৰেট, বোকাশিল, চিষ্ট, কোৱাৰ্টযাইট, বেছল্ট, গ্রেব্র’।

উত্তৰঃ

আগ্নেয় শিল

বেছল্ট, গ্রেব্র’, গ্রেণাইট।

গেদীয় শিল

বালিশিল, কয়লা, চূণশিল, চকমাটি, কংলোমাৰেট, বোকাশিল।

ৰূপান্তৰিত শিল

মার্বল, শ্লেট, নিছ, চিষ্ট, কোৱাৰ্টযাইট।

৬। দলত আলোচনা কৰি লিখা–

(ক) মাটিৰ লগত উদ্ভিদ আৰু প্রাণীজগতৰ সম্বন্ধ কি?

উত্তৰঃ মাটিৰ লগত জীৱ-জগতৰ এক ওতঃপ্রোত সম্পর্ক আছে। মাটি অবিহনে উদ্ভিদ আৰু প্রাণী বৰ্তি থকা সম্ভৱ নহয়। সকলো প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদৰ আবাসস্থলী হ’ল মাটি। আমাৰ জীৱন যাত্রা, আচাৰ-ব্যৱহাৰ, খেতি-বাতি, অনুষ্ঠান-প্রতিষ্ঠান, যাতায়াত, উদ্যোগ আদি সকলোবোৰ মাটিৰ ওপৰতে নিৰ্ভৰশীল। মাটিৰ অংশ হিচাপে পৰ্বত-পাহাৰ, মালভূমি-সমভূমি আদিত জীৱজগতৰ আবাসস্থলী যদিও জলমণ্ডলতো জীৱজগতৰ প্ৰসাৰতা আছে। মাটিত থকা হিউমাছ জাতীয় জৈৱিক উপাদানে উদ্ভিদক পুষ্টিৰ যােগান ধৰে। আনহাতে মানৱ-সভ্যতাও মাটিৰ ওপৰতে গঢ়ি উঠিছে। তেনেকৈ মৰু প্ৰধান আৰু শীত প্রধান অঞ্চলতো কম বেছি পৰিমাণে জীৱ-জগত বিদ্যমান।

(খ) যদিহে পৃথিৱীৰ উপৰিভাগৰপৰা সাৰুৱা মাটি নোহোৱা হৈ যায়, তেতিয়া কি হ’ব?

উত্তৰঃ বিশেষকৈ উদ্ভিদৰ কাৰণে সাৰুৱা মাটিৰ প্রয়ােজন। সাৰুৱা মাটিত শস্যৰ উৎপাদন ভাল হয়। সাৰুৱা মাটিতহে উদ্ভিদৰ প্রয়ােজনীয় দ্রব্যসমূহ থাকে। সাৰুৱা মাটি নােহােৱা হ’লে গছ – গছনি জীয়াই থকা অসম্ভৱ হ’ব। সাৰুৱা মাটি কৃষিকার্যৰ বাবে উপযোগী। ফলত মানুহে খাদ্যসামগ্রীৰ অভাৱত পৰিব। দুর্ভিক্ষই দেখা দিব পাৰে। সাৰুৱা মাটি নোহোৱা হ’লে গছ-গছনি মৰি যাব পাৰে। গছ গছনি বা শস্য আদি অবিহনে তৃণভােজী প্রাণী বৰ্তি থাকিব নােৱাৰিব। সেই তৃণভােজী প্রাণী ভক্ষণ কৰি জীয়াই থকা আন জীৱৰাে দুর্দশা হ’ব। গতিকে দেখা যায় যে সাৰুৱা মাটিৰ অভাৱে জীৱজগতত এক বিৰূপ প্ৰভাৱ পেলাব।

FAQs:

Q1: What topics are covered in Class 7 Social Science Chapter 2 “পৃথিৱীৰ অভ্যন্তৰ ভাগ”?

This chapter covers the Earth’s layers (crust, mantle, and core), tectonic plates, volcanic activity, and seismic waves.

Q2: Where can I find SEBA Class 7 Social Science Chapter 2 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 2 on this page.

Q3: How do these solutions help in exam preparation?

The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.

Q4: Is the Class 7 Social Science Chapter 2 solution PDF free?

No, this is a premium study resource available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Social Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top