SEBA Class 7 Social Science (Assamese Medium) Lesson 3 – পৃথিৱীৰ উপভাগ আৰু ইয়াৰ পৰিৱর্তন Solutions & Summary
Get the SEBA Class 7 Social Science Chapter 3 – “পৃথিৱীৰ উপভাগ আৰু ইয়াৰ পৰিৱর্তন” solutions for Assamese medium students. This chapter from ভূগোল (Geography) explains the different landforms on Earth, including mountains, plateaus, plains, valleys, and coastal regions. It also discusses erosion, weathering, and landform changes due to natural forces like wind, water, and tectonic movements. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.
Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!
Class 7 Social Science
Chapter – 3 Ospin Academy
পৃথীৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
অনুশীলনী |
---|
১। তলত দিয়াবোৰৰ উত্তৰ লিখা— (৩০টা মান শব্দৰ ভিতৰত)
(ক) বায়ুমণ্ডল বুলিলে কি বুজা?
উত্তৰঃ আমাৰ পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি এক আৱৰণে আৱৰি আছে তাকে সাধাৰণ অৰ্থত বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুত অক্সিজেন, নাইট্রজেন, কার্বন-ডাই-অক্সাইড, হিলিয়াম, আর্গন, অ’জন, হাইড্রজেন গেছ আদি থাকে। ইয়াৰ উপৰি বায়ুত ধূলিকণা আৰু ধোঁৱা মিহলি হৈ থাকে।
(খ) ফলকবোৰে এবছৰত কিমান চে.মি. গতিৰে লৰচৰ কৰে?
উত্তৰঃ ফলকবোৰ একবছৰত ১-১.৫ চে.মি. পৰ্যন্ত গতি কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে।
(গ) সাময়িক বতাহৰ বিষয়ে লিখা।
উত্তৰঃ দিনটোৰ বিভিন্ন সময়ত বতাহ বয়। সেইদৰে বছৰৰ বিভিন্ন ঋতুত বতাহ বলা দেখা যায়। এই বতাহৰ কাৰণ হ’ল বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্য। এনে তাৰতম্যৰ ফলত উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে তাকে সাময়িক বতাহ বোলে। জলবতাহ, স্থলবতাহ, মৌচুমী বতাহ আদি সাময়িক বতাহ।
(ঘ) বালিস্তূপ কি?
উত্তৰঃ মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ বালিস্তূপ (Sand Dune) সৃষ্টি কৰে। তাকে বালিস্তূপ বুলি কোৱা হয়।
(ঙ) অশ্বখুৰাকৃতিৰ হ্রদ কি?
উত্তৰঃ খৰালি কালত নদীৰ পানী কম থাকিলে এই ভাঁজে ভাঁজে নদী বৈ থাকে কিন্তু বাৰিষা নদীৰ পানী বাঢ়িলে তেনে ভাঁজ এৰি নদী প্রচণ্ড শক্তিৰে পোনে পোনে ব্বলৈ ধৰে। নদীয়ে এৰি যোৱা ভাজটোৰ মুখত বালি জমা হৈ মূল নদীৰপৰা বিচ্ছিন্ন হয় আৰু ভাজটো বিল বা হৃদত পৰিণত হয়। ঘোঁৰাৰ খুৰাৰ আকৃতিৰ এনেকুৱা জলাশয়বোৰক অশ্বখুৰাকৃতিৰ হ্রদ (Ox-bow lake) বোলে।
২। শুদ্ধ উত্তৰটোত √ চিন দিয়া–
(i) তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰপৰা ৰক্ষা কৰে–
(ক) কার্বন-ডাই-অক্সাইড।
(খ) নাইট্ৰ’জেন।
(গ) অ’জন।
উত্তৰঃ (গ) অ’জন।
(ii) হিমবাহৰ অৱক্ষেপবোৰৰ নাম হ’ল–
(ক) প্লাৱনভূমি।
(খ) কাঠফুলাৰ দৰে শিলা।
(গ) গ্রাৱ।
উত্তৰঃ (গ) গ্রাৱ।
(iii) পানীৰ ৰূপত পৃথিৱীত পৰা অধোক্ষেপণৰ নাম–
(ক) বৰষুণ।
(খ) মেঘ।
(গ) বৰফ।
উত্তৰঃ (ক) বৰষুণ।
(iv) কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই–
(ক) মৰুভূমি।
(খ) নদী উপত্যকা।
(গ) প্লাবন ভূমি।
উত্তৰঃ (ক) মৰুভূমি।
(v) মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ’ল-
(ক) মেছ’স্ফিয়েৰ।
(খ) ষ্ট্ৰেট’স্ফিয়েৰ।
(গ) ট্রপ’স্ফিয়েৰ।
উত্তৰঃ (গ) ট্রপ’স্ফিয়েৰ।
(vi) অশ্বখুৰাকৃতিৰ হ্রদ সৃষ্টি হোৱা ঠাই-
(ক) হিমবাহ অঞ্চল।
(খ) নদী উপত্যকা।
(গ) মৰুভূমি।
উত্তৰঃ (খ) নদী উপত্যকা।
৩। বাওঁফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলোৱা–
বাওঁফাল |
সোঁফালৰ |
---|---|
(ক) বাণিজ্য বতাহ |
(ক) নদীৰ মধ্য অংশ |
(খ) হিমবাহ |
(খ) স্থানীয় বতাহ |
(গ) লু |
(গ) অ’জন স্তৰ |
(ঘ) সৰ্পিল গতি |
(ঘ) বৰফৰ নদী |
(ঙ) ষ্ট্ৰেট’স্ফিয়েৰ |
(ঙ) নিয়ত বতাহ |
(চ) ভূমিকম্প |
উত্তৰঃ
বাওঁফাল |
সোঁফালৰ |
---|---|
(ক) বাণিজ্য বতাহ |
(ঙ) নিয়ত বতাহ |
(খ) হিমবাহ |
(ঘ) বৰফৰ নদী |
(গ) লু |
(খ) স্থানীয় বতাহ |
(ঘ) সৰ্পিল গতি |
(ক) নদীৰ মধ্য অংশ |
(ঙ) ষ্ট্ৰেট’স্ফিয়েৰ |
(গ) অ’জন স্তৰ |
৪। কাৰণ দৰ্শোৱা– (৫০টা মান শব্দৰ ভিতৰত)
(ক) সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়।
উত্তৰঃ সেমেকা বতৰৰ বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে জলীয় বাষ্প ভৰি থাকে। তলত জলীয় বাষ্প সিক্ত বায়ুৰে তিতা কাপােৰৰ পৰা জলীয় বাষ্প শুহি লােৱাত সময় লয়। সেয়েহে সেমেকা বতৰত তিতা কাপােৰ সোনকালে নুশুকায়।
(খ) প্লাৱন ভূমিবোৰ বৰ সাৰুৱা।
উত্তৰঃ নদীয়ে কঢ়িয়াই অনা পদাৰ্থৰ বেছি অংশই নদীৰ মধ্য অঞ্চলত পতিত হয়। এইবােৰ প্ৰতি বছৰে নদীৰ দুয়ােপাৰত জমা হৈ একো একোখন বিস্তৰ সমভূমিৰ সৃষ্টি কৰে। এনেকুৱা সমভূমিক প্লাৱন সমভূমি বােলে। নদীয়ে কঢ়িয়াই অনা বোকা আৰু বালিৰ গেদৰ উপৰিও শিলৰ টুকুৰা, গছ-গছনিৰ ডাল-পাত অৱশিষ্ট, জাৱৰ-জোঁথৰবোৰ দুয়োপাৰে জমা হৈ প্লাৱন ভূমিৰ মাটি যথেষ্ট পলসুৱা কৰে। সেয়ে প্লাৱন ভূমিবােৰ বৰ সাৰুৱা।
(গ) মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ।
উত্তৰঃ ভূপৃষ্ঠৰ শুকান মৰুভূমি অঞ্চলত বিচূণীভৱনৰ দ্বাৰা শিলবােৰ চূর্ণ-বিচূর্ণ হৈ পৰি থাকে। বতাহে এই পদাৰ্থবোৰ উৰুৱাই নি এঠাইত জমা কৰে। বতাহে অতি পাতল ধূলিকণাবােৰ বহু দূৰলৈ উৰুৱাই নিব পাৰে। কিন্তু বালিকণা বা সেই আকাৰৰ পদাৰ্থবােৰ বেছি দূৰলৈ উৰুৱাই নিব নােৱাৰে। এটা নির্দিষ্ট উচ্চতাত বতাহে উৰুৱাই নিয়া বালিৰ কণিকাবােৰৰ খনন ক্ষমতা বেছি। সেইবাবে মৰুভূমিৰ বুকুত থকা শিলাখণ্ডবােৰৰ এক বিশেষ উচ্চতাত বেছিকৈ ক্ষয় হয়। এনে কাৰ্যৰ ফলত কাঠফুলা আকৃতিৰ শিলাৰ সৃষ্টি কৰে।
(ঘ) বিষুৱীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল।
উত্তৰঃ বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি গোটেই বছৰ পোনে পোনে বা লম্বভাৱে পৰে বাবে সেই অঞ্চলৰ বায়ুমণ্ডলৰ উষ্ণতা সদায় বেছি। আনহাতে বিষুৱৰপৰা দুই মেৰুৰ ফালে ক্ৰমে সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে বাবে সেই অঞ্চলবোৰৰ বায়ুমণ্ডল শীতল। ঋতু ভেদেও পৃথিৱীৰ উপৰিভাগত উষ্ণতাৰ তাৰতম্য ঘটে। যেতিয়াই যিখন ঠাই সূৰ্যৰ সন্মুখীন হয় তাত জহকাল আৰু সূৰ্যৰপৰা আঁতৰি গ’লে সেই ঠাইত শীতকাল হয়।
FAQs:
Q1: What topics are covered in Class 7 Social Science Chapter 3 “পৃথিৱীৰ উপভাগ আৰু ইয়াৰ পৰিৱর্তন”?
This chapter covers different types of landforms (mountains, plateaus, plains, valleys, and coasts), erosion, weathering, and landform changes caused by natural forces.
Q2: Where can I find SEBA Class 7 Social Science Chapter 3 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 3 on this page.
Q3: How do these solutions help in exam preparation?
The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.
Q4: Is the Class 7 Social Science Chapter 3 solution PDF free?
No, this is a premium study resource available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Social Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):