SEBA Class 7 Social Science (Assamese Medium) Lesson 9 – ভাৰতৰ জলবায়ু, প্রাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা Solutions & Summary
Get the SEBA Class 7 Social Science Chapter 9 – “ভাৰতৰ জলবায়ু, প্রাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা” solutions for Assamese medium students. This chapter from ভূগোল (Geography) explores India’s climate, natural resources, vegetation, agriculture, and population distribution. It covers different climatic zones, types of natural vegetation, farming practices, and demographic patterns. Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand key concepts and perform well in exams.
Class 7 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download SCERT Assam Class 7 Social Science (সমাজ বিজ্ঞান) Solutions PDF with chapter-wise answers for Geography, History, Economics, and Political Science. Perfect for exam prep!
Class 7 Social Science
Chapter – 9 Ospin Academy
ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ , কৃষি আৰু জনসংখ্যা
অনুশীলনী |
---|
১। শুদ্ধ/অশুদ্ধ বিচাৰি উলিওৱা–
(ক) ভাৰতত দুই ধৰণৰ মৌচুমী বায়ু প্রবাহিত হয়।
উত্তৰঃ শুদ্ধ।
(খ) জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰত প্ৰথম।
উত্তৰঃ অশুদ্ধ।
(গ) ভাৰতৰ প্ৰায় সোঁমাজেদি কর্কটক্রান্তি ৰেখা পাৰ হৈ গৈছে।
উত্তৰঃ শুদ্ধ।
(ঘ) দক্ষিণ ভাৰতৰ ক’লা মাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী।
উত্তৰঃ অশুদ্ধ।
(ঙ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়।
উত্তৰঃ অশুদ্ধ।
২। শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা–
(ক) দক্ষিণ-পশ্চিম মৌচুমী বতাহ প্রশান্ত মহাসাগৰ/আৰৱ সাগৰ/লোহিত সাগৰৰ ওপৰেদি প্রবাহিত হয়।
উত্তৰঃ দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্রবাহিত হয়।
(খ) ২০১১ চনৰ লোক পিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হ’ল প্রতি বর্গ কিল’মিটাৰত ৩৮০/৩৮২/৩২৪ জন।
উত্তৰঃ ২০১১ চনৰ লোক পিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হ’ল প্রতি বর্গ কিল’মিটাৰত ৩৮২জন।
(গ) ফল-মূল উৎপাদনত পঞ্জাব/জম্মু-কাশ্মীৰ/হিমাচল প্ৰদেশৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম।
উত্তৰঃ ফল-মূল উৎপাদনত জম্মু-কাশ্মীৰৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম।
(ঘ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া/কাঁইটীয়া/তৃণজাতীয় উদ্ভিদ পোৱা যায়।
উত্তৰঃ মৰুভূমি অঞ্চলত কাঁইটীয়া উদ্ভিদ পোৱা যায়।
(ঙ) ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ’ল অৰুণাচল প্রদেশ/মহাৰাষ্ট্ৰ/উত্তৰ প্ৰদেশ।
উত্তৰঃ ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ’ল উত্তৰ প্ৰদেশ।
৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা–
‘ক’ অংশ |
‘খ’ অংশ |
---|---|
১। মৌছুমীয় উদ্ভিদ |
১। ২০০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। |
২। তৃণজাতীয় উদ্ভিদ |
২। বছৰি ৫০ চেণ্টিমিটাৰতকৈ কম বৰষুণ হয়। |
৩। কাঁইটীয়া মৰুজ উদ্ভিদ |
৩। বছৰি ৫০ চেণ্টিমিটাৰৰপৰা ১০০ চেণ্টিমিটাৰ বৰষুণ হয়। |
৪। চিৰসেউজীয়া উদ্ভিদ |
৪। বছৰি ১০০ চেণ্টিমিটাৰৰপৰা ২০০ চেণ্টিমিটাৰ বৰষুণ হয়। |
উত্তৰঃ
‘ক’ অংশ |
‘খ’ অংশ |
---|---|
১। মৌছুমীয় উদ্ভিদ |
৪। বছৰি ১০০ চেণ্টিমিটাৰৰপৰা ২০০ চেণ্টিমিটাৰ বৰষুণ হয়। |
২। তৃণজাতীয় উদ্ভিদ |
৩। বছৰি ৫০ চেণ্টিমিটাৰৰপৰা ১০০ চেণ্টিমিটাৰ বৰষুণ হয়। |
৩। কাঁইটীয়া মৰুজ উদ্ভিদ |
২। বছৰি ৫০ চেণ্টিমিটাৰতকৈ কম বৰষুণ হয়। |
৪। চিৰসেউজীয়া উদ্ভিদ |
১। ২০০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। |
৪। চমু উত্তৰ লিখা (৪০ টামান শব্দৰ ভিতৰত)।
(ক) জনসংখ্যা হ্রাস-বৃদ্ধি কি কি কাৰণত হ’ব পাৰে?
উত্তৰঃ কোনো এখন ঠাইৰ জনসংখ্যা সদায় একে নাথাকে। জনসংখ্যাৰ হ্রাস বা বৃদ্ধি হয়। জনসংখ্যাৰ এনে হ্রাস অথবা বৃদ্ধি হোৱাকে জনসংখ্যাৰ পৰিৱৰ্তন বোলা হয়। সাধাৰণতে কোনো এখন ঠাইৰ জনসংখ্যা বাঢ়ি যোৱাহে পৰিলক্ষিত হয়। কিন্তু কিছুমান প্রাকৃতিক কাৰণ, যেনে- প্রাকৃতিক দুর্যোগ, বিভিন্ন ৰোগ-ব্যাধি, যুদ্ধ-বিগ্রহ, মহামাৰী, স্থায়ীভাবে ঠাইখন এৰি যোৱা আদিৰ বাবে কোনো এখন ঠাইৰ জনসংখ্যা সাময়িকভাৱে কমিবও পাৰে। আনহাতে কোনো ঠাইৰ জনসংখ্যা বৃদ্ধি নিৰ্ভৰ কৰে মূলতঃ জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ ওপৰত। সাধাৰণতে মৃত্যুৰ হাৰতকৈ যদি জন্মৰ হাৰ বেছি হয়, তেতিয়া জনসংখ্যা বাঢ়িবলৈ ধৰে।
(খ) ভাৰতৰ জলবায়ু নির্ধাৰণ কৰা কাৰক সমূহ কি কি?
উত্তৰঃ ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হ’ল– দেশখনৰ বিশালতা, বেলেগ বেলেগ ভূ-প্ৰকৃতি, বিষুৱৰ পৰা দূৰত্ব, উচ্চতাৰ পাৰ্থক্য, মৌচুমী বতাহ আদিৰ প্ৰভাৱে ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰে।
(গ) ভাৰতৰ ক’ত ক’ত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়?
উত্তৰঃ সেউজীয়া উদ্ভিদ ভাৰতৰ পশ্চিমঘাট পৰ্বতৰ পশ্চিমঢাল, উজনি অসম, অৰুণাচল, হিমালয়ৰ নামনি অংশ, মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কিছু অংশত পোৱা যায়।
(ঘ) ভাৰতত কপাহ খেতি হোৱা ঠাইসমূহ কি কি?
উত্তৰঃ মধ্য প্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত ক’লা মাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয়।
৫। উত্তৰ লিখা (৮০টা মান শব্দৰ ভিতৰত)।
(ক) ভাৰতৰ জলবায়ুৰ ওপৰত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ সম্পর্কে মানচিত্ৰৰ সহায়ত বুজাই লিখা।
উত্তৰঃ গ্ৰীষ্মকালত কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। ইয়াত বায়ু গৰম হৈ নিম্নচাপৰ সৃষ্টি কৰে। এই অঞ্চললৈ ভাৰত মহাসাগৰৰ পৰা জলীয় ভাপপুষ্ট গধুৰ বায়ু বৈ আহে। এই বতাহৰ এটি সোঁতে অন্ধপ্ৰদেশ, উৰিষ্যা আৰু পশ্চিম বংগত প্ৰৱেশ কৰে। আন এটি সোত বাংলাদেশৰ ওপৰেদি পাৰ হৈ অসমত প্ৰৱেশ কৰে। কৰমণ্ডল উপকূলীয় অঞ্চল, অসম, মেঘালয়, অৰুণাচল আদি স্থানসমূহত ইয়াৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয়। আনফালে আৰৱ সাগৰৰ ওপৰৰে উত্তৰলৈ গতি কৰা বতাহৰ এটি সোঁতে পশ্চিমঘাট পৰ্বতত খুন্দা মাৰে। এই বতাহৰ প্ৰভাৱত দক্ষিণ ভাৰতৰ মালাৱাৰ উপকূল, কংকন উপকূল আৰু গুজৰাটৰ উপকূল অঞ্চলত বৰষুণ হয়।
(খ) ভিন ভিন খেতিৰ বাবে ভিন ভিন জলবায়ুৰ প্রয়োজন – ব্যাখ্যা কৰা।
উত্তৰঃ জলবায়ুৰ বৈশিষ্ট্য আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন খেতি কৰা হয়। গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চল নদীৰ পলসুৱা মাটিৰে গঠিত। এই অঞ্চলত গ্ৰীষ্মকালত বায়ুৰ উত্তাপ ২৫° চেলচিয়াছৰ অধিক হয়। আনহাতে বৰষুণো ১০০ চেন্টিমিটাৰৰ অধিক। পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু অসম এই অঞ্চলৰ অন্তগৰ্ত। ধান এই অঞ্চলৰ প্ৰধান কৃষিজাত সামগ্ৰী। বৃষ্টিপাত তুলনামূলকভাৱে কম হ’লেও পঞ্জাব আৰু হাৰিয়ানাত জলসিঞ্চনৰ সহায়ত প্ৰচুৰ পৰিমাণে ধান উৎপাদন হয়। ইয়াৰ উপৰি উৰিষ্যাৰ মহানদী উপত্যকা, গোদাবৰী, কৃষ্ণা, কাৱেৰী নদীৰ মোহনা অঞ্চল আৰু কেৰালাত প্ৰচুৰ ধান খেতি কৰা হয়।
পঞ্জাব, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত শুকান জলবায়ু আৰু কম বৃষ্টিপাতৰ বাবে ঘেঁহুক মূল কৃষি হিচাপে লোৱা হৈছে। ইয়াৰ বাহিৰেও মধ্যপ্ৰদেশ, বিহাৰ, পশ্চিমবংগ আদি প্ৰদেশতো ঘেঁহু খেতি কৰা হয়।
মধ্য প্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত ক’লা মাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয়। ৰাজস্থান, মধ্য প্ৰদেশ, পূব-মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধপ্ৰদেশৰ কিছু অংশত জোৱাৰ আৰু বজৰা খেতি কৰা হয়। দক্ষিণ ভাৰতৰ নীলগিৰি অঞ্চলৰ মাটিত কফি আৰু চাহ খেতি কৰা হয়। অসমৰ উত্তৰ আৰু উত্তৰ-পূব অঞ্চলৰ ওখ এঢলীয়া মাটি, পশ্চিমবংগ, দাৰ্জিলিং আদি অঞ্চলত চাহ খেতি কৰা হয়। বিহাৰ, উত্তৰ প্ৰদেশ, পঞ্জাব ৰাজ্যৰ কিছু অংশত কুঁহিয়াৰ খেতি কৰা হয়। পশ্চিমবংগ, উৰিষ্যা আৰু অসমত ধানৰ উপৰি মৰাপাট খেতি কৰা হয়। তদুপৰি, মধ্য ভাৰতৰ আটাইকেইখন ৰাজ্যতে বিভিন্ন প্ৰকাৰৰ মাহ আৰু মছলা জাতীয় শস্যৰ খেতি কৰা হয়। জন্মু-কাশ্মীৰত প্ৰচুৰ পৰিমাণে কমলা, আপেল, আঙুৰ আদি ফল-মূলৰ খেতি কৰা হয়। সমগ্ৰ পূব আৰু পশ্চিম উপকূলত নাৰিকলৰ খেতি বহুলভাৱে কৰা হয়।
(গ) মৌচুমীয় উদ্ভিদৰ বাবে কেনেধৰণৰ জলবায়ুৰ প্রয়োজন? মৌচুমীয় উদ্ভিদৰ উদাহৰণ দি ভাৰতৰ ক’ত কত সেইবোৰ পোৱা যায় উল্লেখ কৰা।
উত্তৰঃ বছৰি ১০০ চেন্টিমিটাৰৰপৰা ২০০ চেন্টিমিটাৰ বৰষুণ হোৱা আৰু প্রায় ২৭° চেলচিয়াছ গড় উষ্ণতা থকা অঞ্চলত মৌচুমীয় উদ্ভিদ পোৱা যায়। বর্ষাকালত বৰষুণৰ পৰিমাণ বঢ়াৰ বাবে সেই সময়ছোৱাত এই উদ্ভিদৰো বৃদ্ধি হয়। আনহাতে, শীতকালত মৌচুমীয় অঞ্চলত বৰষুণ আৰু উষ্ণতা কম হয় বাবে মাটি শুকান হৈ যায় আৰু গছৰ পাত সৰি পৰে। সেয়ে ইয়াক পর্ণপাতী উদ্ভিদ বুলিও কোৱা হয়। মৌচুমীয় উদ্ভিদৰ উদাহৰণসমূহ হ’ল– শাল, চেগুণ, শিশু, শিমলু, অর্জুন, বিভিন্ন প্রজাতিৰ বাঁহ মৌচুমীয় অঞ্চলৰ উল্লেখযোগ্য উদ্ভিদ ইত্যাদি।
মৌচুমীয় উদ্ভিদৰ অৰণ্য ভাৰতৰ অধিকাংশ অঞ্চলত পোৱা যায়। অসম, বিহাৰ, পশ্চিমবংগ, উত্তৰ প্রদেশ, হিমাচল প্রদেশ, ছট্টিশগড়, ঝাৰখণ্ড, মধ্যপ্রদেশ, তামিলনাডু, পূর্বঘাট, পশ্চিমঘাটকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশত পোৱা যায়। আন্দামান নিকোবৰ দ্বীপপুঞ্জত কিছু পৰিমাণে মৌচুমীয় উদ্ভিদ পোৱা যায়।
(ঘ) ধানখেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্ৰয়োজন? ভাৰতৰ ধানখেতি প্রধান ৰাজ্যবোৰৰ নাম উল্লেখ কৰা।
উত্তৰঃ ধান খেতিৰ বাবে গ্ৰীষ্ম কালত বায়ুৰ উত্তাপ ২৫° চেলচিয়াছৰ অধিক হ’ব লাগিব। আনহাতে বৰষুণো ১০০ চেন্টিমিটাৰৰ অধিক হ’ব লাগিব।
ভাৰতবৰ্ষত ধান খেতি হোৱা প্ৰধান ৰাজ্যবোৰ হ’ল– পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ, অসম, পঞ্জাব, হাৰিয়ানা, উৰিষ্যাৰ মহানদী উপত্যাকা, গোদাবৰী, কৃষ্ণা, কাবেৰী নদীৰ মোহনা অঞ্চল, কেৰেলা।
(ঙ) জনসংখ্যা বৃদ্ধিয়ে আমাৰ দেশত কি কি সমস্যাৰ সৃষ্টি কৰিছে আলোচনা কৰা।
উত্তৰঃ অত্যাধিক জনসংখ্যা বৃদ্ধি বৰ্তমান সময়ৰ এক জ্বলন্ত সমস্যা। জনসংখ্যা বৃদ্ধিৰ লগে লগে বসবাসৰ সমস্যা, বনাঞ্চল আৰু কৃষিভূমিৰ পৰিমাণ কমি যোৱাৰ সমস্যা খাদ্য সমস্যা, নিবনুৱা সমস্যা, দৈনন্দিন জীৱন যাপনৰ সমস্যাকে আদি কৰি বহু সমস্যাৰ সৃষ্টি কৰিছে।
Q1: What topics are covered in Class 7 Social Science Chapter 9 “ভাৰতৰ জলবায়ু, প্রাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা”?
This chapter covers India’s climate, monsoon system, natural vegetation, agricultural types, major crops, and population distribution.
Q2: Where can I find SEBA Class 7 Social Science Chapter 9 solutions in Assamese Medium?
You can find detailed textbook answers, MCQs, and explanations for Chapter 9 on this page.
Q3: How do these solutions help in exam preparation?
The solutions provide step-by-step answers, key concepts, and MCQs to improve understanding and ensure better exam performance.
Q4: Is the Class 7 Social Science Chapter 9 solution PDF free?
No, this is a premium study resource available for purchase.
Q5: Where can I find solutions for all chapters of Class 7 Social Science?
To get solutions for all chapters, Click Here
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):