Class 8 বিজ্ঞান অধ্যায় ৩ – পদাৰ্থ : ধাতু আৰু অধাতু | SCERT Assam (Assamese Medium)
Class 8 বিজ্ঞান অধ্যায় ৩ – পদাৰ্থ : ধাতু আৰু অধাতু (SCERT Assam – Assamese Medium)
এই অধ্যায়ত ধাতু (যেনে লো, এলুমিনিয়াম) আৰু অধাতু (যেনে কাৰ্বন, গন্ধক)ৰ প্ৰধান ধৰ্ম, ব্যৱহাৰ আৰু পাৰ্থক্য সম্পৰ্কে আলোচনা কৰা হৈছে।
✅ কি শিকিব:
- ধাতু আৰু অধাতুৰ মৌলিক ধৰ্ম (তাপ-বিদ্যুৎ পৰিবাহিতা, ঔজ্জ্বল্য)
- ধাতুৰ আক্ৰমন আৰু ৰোধক পদ্ধতি (গেলভেনাইজেচন)
- ধাতৱিক আৰু অধাতৱিক অক্সাইডৰ পাৰ্থক্য
- পৰীক্ষাগাৰত ধাতু শনাক্তকৰণ
- অসমৰ খনিজ সম্পদ (যেনে তেল, কয়লা)
🎯 Ospin Academy-ৰ সুবিধা:
- SCERT পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
- পৰীক্ষাত আহিব পৰা ৫ নম্বৰৰ প্ৰশ্ন
- ধাতুৰ প্ৰতিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ
- অসমীয়া মাধ্যমৰ বাবে ৰিয়েল লাইফ উদাহৰণ
Class 8 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Science
পাঠ – ৩ Ospin Academy
পদাৰ্থ : ধাতু আৰু অধাতু
১) তলৰ কোনবোৰক পিটি পিটি পাতৰ পাতল আকৰলৈ নিব পাৰি ?
ক) জিংক।
খ) ফছফৰাছ।
গ) গন্ধক।
ঘ) অক্সিজেন।
উত্তৰ:- ক) জিংক ।
২) তলত দিয়া কোনটো উক্তি শুদ্ধ ?
ক) সকলো ধাতু নমনীয় ।
খ) সকলো অধাতু নমনীয় ।
গ) সাধাৰণতে ধাতু সমূহ নমনীয় ।
ঘ) কিছুমান অধাতু নমনীয় ।
উত্তৰ:- গ) সাধাৰণতে ধাতু সমূহ নমনীয় ।
৩) খালী ঠাই পূৰ কৰা –
ক) ফছফৰাছ এবিধ অতি …………………….. অধাতু ।
উত্তৰ:- সক্ৰিয় ।
খ) ধাতু সমূহ তাপ আৰু ……………………. ৰ …………………….. পৰিবাহী ।
উত্তৰ:- বিদ্যুতৰ , ভাল ।
গ) তামতকৈ লো …………………….. সক্ৰিয় ।
উত্তৰ:- অধিক ।
ঘ) ধাতু সমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি ………………….. গেছ উৎপন্ন কৰে ।
উত্তৰ:- হাইড্ৰ’জেন ।
৪) উক্তিবোৰ শুদ্ধ হলে ‘শু’ আৰু অশুদ্ধ হলে ‘অ’ ৰে চিহ্নিত কৰিবা ।
ক) সাধাৰণতে, অধাতু সমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে ।
উত্তৰ:- অশুদ্ধ ।
খ) ছ’ ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু ।
উত্তৰ:- শুদ্ধ ।
গ) জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে।
উত্তৰ:- অশুদ্ধ ।
ঘ) কয়লা টানি তাঁৰৰ ৰূপ দিব পাৰি ।
উত্তৰ:- অশুদ্ধ ।
৫) তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে । এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা–
ক) বাহ্যিক ৰূপ ।
খ) কঠিনতা ।
গ) ঘাতসহনীয়তা ।
ঘ) নমনীয়তা ।
ঙ) তাপ পৰিবাহিতা ।
চ) বিদ্যুৎ পৰিবাহিতা ।
উত্তৰ:- ক) বাহ্যিক ৰূপ ।
ধাতু – ধাতৱীয় দ্যুতি আছে ।
অধাতু – অনুজ্বল ।
খ) কঠিনতা ।
ধাতু – কঠিন, দৃঢ় ।
অধাতু – কোমল ।
গ) ঘাতসহনীয়তা ।
ধাতু – ঘাতসহনশীল ।
অধাতু – ঠুনুকা ।
ঘ) নমনীয়তা ।
ধাতু – নমনীয় ।
অধাতু – অনমনীয় ।
ঙ) তাপ পৰিবাহিতা ।
ধাতু – তাপৰ সুপৰিবাহী ।
অধাতু – তাপৰ কুপৰিবহী ।
চ) বিদ্যুৎ পৰিবাহিতা ।
ধাতু – বিদ্যুতৰ সুপৰিবাহী ।
অধাতু – বিদ্যুতৰ কুপৰিবহী ।
৬) কাৰণ দৰ্শোৱা –
ক) খাদ্য – সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয় ।
উত্তৰ:- এলুমিনিয়াম অধিক ঘাতসহনশীল ধাতু । ইয়াক পিটি অতি পাতল কৰিব পাৰি । কাগজৰ দৰে পাতল কৰিলেও ই ফালি নাযায় । সেইবাবে খাদ্য – সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয় ।
খ) জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত ।
উত্তৰ:- ধাতু তাপ আৰু বিদ্যুতৰ সুপৰিবাহী । ইহঁতৰ ৰোধ বেছি বাবে বিদ্যুৎ চালিত হলে গৰম হৈ পৰে । সেইবাবে জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত থাকে ।
গ) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে ।
উত্তৰ:- জিংক তামতকৈ ৰাসায়নিক ভাৱে অধিক সক্ৰিয় । সেইবাবে তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে ।
ঘ) ছ‘ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয় ।
উত্তৰ:- ছ’ডিয়াম আৰু পটেছিয়াম অধিক সক্ৰিয় ধাতু । ই বায়ুত থকা জলীয় ভাপৰ সংস্পৰ্শলৈ আহিলেই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জ্বলি যায় । গতিকে বায়ুৰ সংস্পৰ্শৰ পৰা আঁতৰত ৰাখিবলৈ ছ’ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয় ।
৭) তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে ? ব্যাখ্যা কৰা ।
উত্তৰ:- নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব নোৱাৰি । কাৰণ নেমু টেঙাৰ ৰস এবিধ চাইট্ৰিক এচিড । আৰু চাইট্ৰিক এচিডে এলুমিনিয়াম ধাতুৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটায় ।
৮) স্তম্ভ ‘ক’ ত থকা পদাৰ্থ সমূহক স্তম্ভ ‘খ’ ত থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা ।
স্তম্ভ ‘ক’ |
স্তম্ভ ‘খ’ |
---|---|
(ক) সোণ |
(ক) থাৰ্মমিটাৰ । |
(খ) লো |
(খ) বৈদ্যুতিক তাঁৰ । |
(গ) এলুমিনিয়াম |
(গ) খাদ্য মেৰোৱা । |
(ঘ) কাৰ্বন |
(ঘ) আ – অলংকাৰ । |
(ঙ) তাম |
(ঙ) যন্ত্ৰ – পাতি । |
(চ) পাৰা |
(চ) ইন্ধন । |
উত্তৰ:-
স্তম্ভ ‘ক’ |
স্তম্ভ ‘খ’ |
---|---|
(ক) সোণ |
আ – অলংকাৰ । |
(খ) লো |
যন্ত্ৰ – পাতি । |
(গ) এলুমিনিয়াম |
খাদ্য মেৰোৱা । |
(ঘ) কাৰ্বন |
ইন্ধন । |
(ঙ) তাম |
বৈদ্যুতিক তাঁৰ । |
(চ) পাৰা |
থাৰ্মমিটাৰ । |
৯) কি ঘটিব যেতিয়া –
ক) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয় ?
উত্তৰ:- যদি তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয় তেতিয়া কপাৰ ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হব ।
কপাৰ + ছালফিউৰিক এচিড – কপাৰ ছালফেট + হাইড্ৰজেন গেছ ।
খ) কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰখা হয় ?
উত্তৰ:- কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰাখিলে লোৰ গজালৰ ওপৰত মুগা তৰপ পৰিব । কাৰণ আইৰণে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰ মুক্ত কৰাই গজালৰ ওপৰত মুগা তৰপ জমা কৰিব ।
লো ( আইৰণ ) + কপাৰ ছালফেট দ্ৰৱ -> আইৰণ ছালফেট দ্ৰৱ + কপাৰ ।
১০) শালনীয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষা নলী এটাত সংগ্ৰহ কৰিলে ।
ক) তেওঁ কেনেদৰে গেছ টোৰ প্ৰকৃতি জানিব পাৰিব ?
উত্তৰ:- শালনীয়ে এখিলা আদ্ৰ লিটমাছ পেপাৰ গেছ খিনিত সোমাই দিলে যদি গেছ টোৱে নীলা লিটমাছ পেপাৰ খনক ৰঙা কৰে , তেতিয়া গেছটো আম্লিক বুলি জানিব পাৰিব । আৰু যদি ৰঙা লিটমাছ পেপাৰ খনক নীলা কৰে, তেতিয়া গেছটো ক্ষাৰ বুলি জানিব পাৰিব ।
খ) এই প্ৰক্ৰিয়াত সংঘটিত হোৱা সকলোবোৰ বিক্ৰিয়াৰ শব্দ – সমীকৰণ লিখা ।
উত্তৰ:- (i) কাৰ্বন + অক্সিজেন -> কাৰ্বন ডাই অক্সাইড
(ii) কাৰ্বন ডাই অক্সাইড + পানী -> কৰ্বনিক এচিড ।
১১) এদিনা খন ৰীতাই মাকৰ লগত গহনাৰ দ দোকানলৈ গৈছিল । তেওঁৰ মাকে সোণাৰী জনক এডাল পুৰণি সোণৰ গহনা পালিচ কৰিব দিলে । পাছদিনা, তেওঁলোকে যেতিয়া গহনা ডাল ঘূৰাই আনে তেতিয়া তেওঁলোকে দেখিলে যে গহনা ডালৰ ওজন সামান্য কমিছে । ওজন হ্ৰাসৰ বাবে তোমালোকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাব পাৰিবানে ?
উত্তৰ:- গহনা ডাল অপৰিষ্কাৰ হোৱা মানে সোণৰ বাহিৰত কিবা কিবি মলি জমা হৈছে । যেতিয়া সোণাৰীয়ে তাক চাফা কৰাৰ বাবে এছিডৰ দ্ৰৱত ডুবাই দিলে, তেতিয়া এছিডৰ লগত বাহিৰৰ মলিৰ বিক্ৰিয়া ঘটি মলিবোৰ আঁতৰি গল আৰু পলিচ কৰাৰ সময়ত গহনাত থকা পুলিচৰ লগতো বিক্ৰিয়া ঘটিল । গতিকে গহনা ডালৰ ওজন সামান্য পৰিমাণে কমি গল ।
Class 8 বিজ্ঞান অধ্যায় ৩ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: