SEBA Assam Class 9 Social Science History Chapter 2 – “ভাৰতীয় জাতীয়তাবাদৰ উদয়” Summary & Solutions
SEBA Assam Class 9 Social Science History (সমাজ বিজ্ঞান) Chapter 2 – “ভাৰতীয় জাতীয়বাদৰ উন্মেষণ” solutions are now available at Ospin Academy. We provide SEBA-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.
📖 অধ্যায় পৰিচয়:
এই অধ্যায়ত ভাৰতীয় জাতীয়তাবাদ কেনেকৈ জন্মলাভ কৰিলে আৰু কিদৰে স্বাধীনতা আন্দোলন গঢ় লৈ উঠিল, সেই বিষয়বোৰ আলোচনা কৰা হৈছে।
- জাতীয়তাবাদৰ সংজ্ঞা: এটি শক্তিশালী জাতীয় চেতনা কেনেকৈ গঠিত হয়।
- প্ৰাথমিক সংগঠনৰ ভূমিকা: ভাৰতীয় জাতীয় কংগ্ৰেছ, মুসলিম লিগ, আৰু অন্যান্য সংগঠনৰ ভূমিকা।
- ব্ৰিটিছসকলৰ শাসন: ভাৰতত ব্ৰিটিছসকলৰ দমন নীতি আৰু জাতীয়তাবাদৰ বিকাশ।
📌 মূল বিষয়বস্তু:
- ভাৰতীয় জাতীয়তাবাদৰ জন্ম কেনেকৈ হৈছিল?
- কংগ্ৰেছ আৰু অন্যান্য সংগঠনৰ ভূমিকা কি আছিল?
- ব্ৰিটিছসকলৰ নীতি আৰু স্বাধীনতা আন্দোলনৰ প্ৰভাৱ।
📝 Ospin Academy কেনেকৈ সহায় কৰে?
- সম্পূৰ্ণ সমাধান: SEBA Assam Class 9 Social Science History Chapter 2 ৰ সকলো উত্তৰ।
- MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন।
- সহজ ব্যাখ্যা: বুজিবলৈ সহজ ভাষাত সমাধান।
- দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগতে দ্ৰুত অভ্যাস কৰিবলৈ সংক্ষেপিত নোট।
SEBA Assam Class 9 Social Science History (সমাজ বিজ্ঞান) Chapter 2 – “ভাৰতীয় জাতীয়বাদৰ উন্মেষণ” ৰ সমাধান Ospin Academy ত উপলব্ধ। এতিয়া পঢ়ক আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰক!
Class 9 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SEBA Assam
Download Class 9 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.
অ নু শী ল নী
অতি চমু/প্ৰশ্ন উত্তৰঃ
১। ভাৰতীয় জাতীয়বাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো কি? সময় উল্লেখ কৰি লিখা ।
উত্তৰঃ ভাৰতীয় জাতীয়বাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো হ’ল ১৮৭৫ চনৰ চিপাহী বিদ্ৰোহ । ঊনবিংশ শতিকাত ।
২। আনন্দমঠ উপন্যাসৰ ৰচিয়তা কোন ?
উত্তৰঃ আনন্দমঠ উপন্যাসৰ ৰচিয়তা হ’ল বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ।
৩। স্যাৰে জাহাছে আচ্ছা…’ গীতৰ গীতিকাৰ কোন ?
উত্তৰঃ স্যাৰে জাহাছে আচ্ছা…’ গীতৰ গীতিকাৰ হ’ল কবি মহম্মদ ইকবাল ।
৪। ভাৰতত পোন প্ৰথমে ৰেল যাতায়ত কেতিয়া ক’ত সূচনা হৈছিল ?
উত্তৰঃ ভাৰতত পোন প্ৰথমে ৰেল যাতায়ত ১৮৫৩ খ্ৰীঃত বোম্বাই আৰু থানেৰ মাজত হৈছিল ।
৫। ভাৰতত পোন প্ৰথমে টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক’ত সূচনা হৈছিল?
উত্তৰঃ ভাৰতত পোন প্ৰথমে টেলিগ্ৰাফ ব্যৱস্থা ১৮৫১ চনত কলিকতা আৰু আগ্ৰাৰ মাজত হৈছিল ।
৬। ভাৰতত পোন প্ৰথম ছপাশাল কেতিয়া ক’ত স্থাপন হৈছিল?
উত্তৰঃ ভাৰতত পোন প্ৰথম ছপাশাল ১৭৯৭ খ্ৰীঃত শ্ৰী ৰামপুৰত স্থাপন হৈছিল ।
৭। কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক’ত প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে ১৮১৭ খ্ৰীঃত হিন্দু কলেজ নামেৰে প্ৰতিষ্ঠা হৈছিল ।
৮। লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা ।
উত্তৰঃ লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে হ’লঃ
(ক) সতীদাহ প্ৰথা আইন প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটোৱা
(খ) স্ত্ৰী শিক্ষাৰ বিস্তাৰ সাধন কৰা ।
৯। ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি?
উত্তৰঃ ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত বেংগল গেজেট ।
চমু/দীঘল উত্তৰৰ প্ৰশ্নঃ
১। চিপাহী বিদ্ৰোহ কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা ।
উত্তৰঃ সম্ভ্ৰাট ঔৰংজেৱৰ মৃত্যুৰ পিছত মোগল সাম্ভ্ৰাজ্যত দেশা দিয়া বিশৃংখলাতাৰ সুযোগ বুজি ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ক্ৰমান্বয়ে ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল । ব্যৱসায়ৰ কাৰণে ৰাজনৈতিক ক্ষমতা আহাৰণ কৰা প্ৰয়োজন হোৱাত ইষ্ট ইণ্ডিয়া কোম্পানিৰ বিষয়া ৰৰ্বাট ক্লাইৱে বংগৰ নবাব চিৰাজুদ্দৌলক পলচী যুদ্ধত পৰাস্ত কৰি ভৰবৰ্ষত ব্ৰিটিছ শাসনৰ পাতনি মেলিছিল । পলাচী যুদ্ধৰ এশ বছৰ পিছত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতবৰ্ষত এটা প্ৰচণ্ড বিদ্ৰোহৰ সুত্ৰপাত হৈছিল। এই বিদ্ৰোহটোৱেই হ’ল ১৮৭৫ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ।
ইৰাজ প্ৰশাসনে ভাৰতীয়ক পাশ্চত্য শিক্ষা-সংস্কৃতিৰ লগত পৰিচয় কৰোৱাত ভাৰতীয়ৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছিল . তেওঁলোকৰ মনত নতুন নতুন চেতনাৰ উন্মেষ ঘটিছিল । যুক্তিৰ মাজেৰে সকলো কথা বিবেচনা কৰাৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িছিল । শোষণ, অন্যায় আদিৰ দিশ বিলাক বিচাৰ কৰিবলৈ তেওঁলোকে সক্ষমতা লাভ কৰাৰ লগতে সমাজ, জাতি তথা মাতৃভূমিৰ প্ৰতি দায়বদ্ধতা ভাব জগাই তুলিছিল । এই নৱচেতনাক নৱ জাগৰণ বা জাতীয়তাবাদৰ উন্মেষণ বুলি আখ্যা দিয়া হয়। ষষ্ঠদশ শতিকাতৰ ইউৰোপৰ নৱজাগৰণে যেনেকৈ নতুন ইউৰোপৰ জন্ম দিছিল ঠিক একেদৰে ঊনবিংশ শতিকাৰ নৱজাগৰণে এখন নতুন ভাৰত সৃষ্টি কৰিছিল ।
২। ‘উদৰ প্ৰেৰণপত্ৰ’ৰ মূল উদ্দেশ্য কি কি আছিল লিখা ।
উত্তৰঃ ‘উদৰ প্ৰেৰণপত্ৰ’ৰ মূল উদ্দেশ্যসমূহ হ’লঃ
(ক) প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্য্যায়লকৈ শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰিছিল।
(খ) নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিদেৰ্শনা কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল ।
(গ) মেধাৱী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰা।
(ঘ) প্ৰতিখন প্ৰদেশত শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ দিয়া।
৩। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬টা কাৰকৰ বিষয়ে লিখা ।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬টা কাৰকৰ বিষয়ে হ’লঃ
(ক) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চত্য শিক্ষাৰ যথেষ্ট প্ৰভাৱ পৰিছিল । কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্ৰথম জাতীয় চেতনাৰ বিকাশ ঘটিছিল । ইশ্বৰচন্দ্ৰ গুপপ্তই পোন প্ৰথম স্বদেশপ্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম জগাই তুলিছিল।
(খ) কোম্পানিৰ শাসনৰ আৰাম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যান্তৰীণ যাতায়ত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয় । ১৮৩৯ চনত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰি ব্ৰিটিছ সকলে ভাৰতৰ স্থলপথৰ আমূল পৰিৱৰ্তন সাধন কৰিছিল । ১৮৮৩ চনত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰে’ল যোগাযোগৰ আৰাম্ভণি হয় । এনে যোগাযোগৰ উন্নতিয়েই ভাৰতীয়সকলৰ মনত জাতীয়তাবাদৰ ভাবধাৰৰ উন্মেষণ ঘটাইছিল ।
(গ) বংগদেশৰ প্ৰখ্যাত মিনিষী ৰাজা ৰামমোহন ৰায়ে ভাৰতত নৱজাগৰণ ভাব গঢ়ি তুলিছিল । লৰ্ড উইলিয়াম বেন্টিংকৰ সংস্কাৰকামী উদ্যোগৰ সহায়ত ৰাজা ৰামমোহন ৰায়ে ভাৰতত ভালেমান কু-সংস্কাৰ অৱসান ঘটাইছিল ।
(ঘ) ৰামকৃষ্ণ মিছন, আৰ্যসমাজ, প্ৰাৰ্থনা সমাজ আদি সংস্থা সমূহে ভাৰতত জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লৈছিল । প্ৰাৰ্থনা সমাজে সংস্কাৰমুখী আন্দোলনৰ সৃষ্টি কৰিছিল। আনহাতে মিছন প্ৰতিষ্ঠাৰ দ্বাৰা স্বামী বিবেকান্দই ভাৰতীয়ৰ মনত স্বদেশপ্ৰেম, আত্মবিশ্বাস আৰু আধ্যত্মিকতাৰ ভাবৰ বিকাশ ঘটাইছিল ।
(ঙ) ১৮৮৫ খ্ৰীঃত ‘ভাৰতীয় জাতীয় কংগ্ৰেছ’ৰ জন্মৰ লগে লগে ভাৰীতয় জাতীয়বাদে এক বাস্তৱ ৰূপ পৰিগ্ৰহ কৰিছিল ।
(চ) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত বাতৰি কাকতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । দেশীয় ভাষাৰ কাকতসমূহে সাম্ভ্ৰাজ্যবাদী শাসকৰ কাম-কাজবোৰৰ ওপৰত কটু কৰি ভাৰতীয়ৰ মনত ইংৰাজৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল ।
৪। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে লিখা ।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে হ’লঃ
(ক) ১৮৫৪ খ্ৰীঃত চালৰ্ছ উডৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা কৰা হ’ল । উডে তেওঁৰ প্ৰেৰণ প্ৰত্ৰত প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্য্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰি আৰু নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল।
(খ) পাশ্চত্য শিক্ষাই বংগবাসীক পোন প্ৰথমে আলোড়িত কৰিছিল । কলিকতাৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰাটো বংবাসীৰ গৌৰৱৰ বিষয় হৈ পৰিছিল । তেওঁলোকে পুথি অধ্যয়নৰ মাজেৰে পাশ্চত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈছিল। তেওঁলোকৰ মনত একতাৰ ভাব গঢ়ি উঠিছিল।
(গ) কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্ৰথম জাতীয় চেতনা বিকাশ ঘটিছিল । ইশ্বৰচন্দ্ৰগুপ্তই পোন প্ৰথমে স্বদেশপ্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম জগাই তুলিছিল। আনন্দ মঠ উপন্যাসৰ ৰচিয়তা বংকিমচন্দ্ৰ চট্টোপধ্যায় ‘বন্দেমাতৰম’ গীতেৰে মাতৃভূমিক বচোৱাৰ আহ্বাৱান জনাইছিল। কবি ইকবালে ‘স্যাৰে জাহাছে আচ্ছা’, ‘হিন্দু- স্তা-হামাৰা’ আদি গীতেৰে জাতীয়তাবাদৰ স্পৃহা জাগ্ৰত কৰিছিল ।
(ঘ) ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত মিছনেৰী আৰু কেইগৰাকী মান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয় । প্ৰথমে বংগদেশত আৰু পিছলৈ ভাৰতৰ আন আন ঠাইসমূহত আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিভিন্ন অনু্ষ্ঠান গঢ়ি উঠে ।
৫। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা ।
উত্তৰঃ কোম্পানিৰ শাসন আৰাম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয় । ভৰবৰ্ষত কেঁচা সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইংলেণ্ডত প্ৰস্তুত কৰা শিল্পজাত সামগ্ৰী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ ভাৰতবৰ্ষৰ যাতায়াত ব্যৱস্থা উন্নত কৰা হৈছিল।
১৮৩৯ খ্ৰীঃত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল । দুটা বছৰৰ ভিতৰতে এই পথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতৰ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হয়। লৰ্ড ডেলহাউচিৰ কাৰ্যকালত এই পথটো পেচোৱাৰলৈকে সম্প্ৰসাৰিত হৈছিল ।
১৮৮২ খ্ৰীঃত ইংলেণ্ডৰ আৰ্হিত ভাৰবৰ্ষতো ভাপ কলেৰে ৰেল যোগাযোগ আৰাম্ভ কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল । ১৮৫৩ খ্ৰীঃত বোম্বাই আৰু থানেৰ মাজত ২১ কি.মি. পথত ৰেল চলাচলেৰে নিৰ্মাণ কৰে । ১৮৮৩ খ্ৰীঃত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগ আৰাম্ভ হয় । অসমত চাহপাত উৎপন্ন আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এই ৰেলপথটো নিৰ্মাণ কৰা হৈছিল । আধুনিক যোগাযোগ ব্যৱস্থাই শিক্ষিত ভাৰতীয়ৰ মনৰ দিগন্ত প্ৰসাৰ কৰিছিল ।
৬। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা ।
উত্তৰঃ ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথম গৰাকী ব্যক্তিৰ নাম আছিল ৰাজা ৰামমোহন ৰায় । বংদেশৰ বৰ্তমান জিলাৰ এটাৰ ৰক্ষণশীল পৰিয়ালত জন্মগ্ৰহণ কৰা এই গৰাকী ব্যক্তিয়ে ধৰ্ম, সমাজ, সংস্কাৰ, শিক্ষা বিস্তাৰ, ৰাজনীতি আদি সকলো দিশতে নৱজাগৰণৰ ভাব কঢ়িয়াই আনাৰ লগতে আধুনিক ভাৰতৰ নিৰ্মাণৰ ক্ষেত্ৰত বাটকটীয়াকৈ ভূমিকা লৈছিল ।
প্ৰাচীন ভাৰতীয় সংস্কৃতি, ইছলাম ধৰ্মীয় সংস্কৃতি আৰু পাশ্চত্য (ইউৰোপীয়) এই তিনিওটা সভ্যতাৰ লগতে চিনাকি হোৱাৰ যোগ্যতা আহাৰণ কৰি ভাৰতবৰ্ষত নৱযুগৰ সূচনা কৰিছিল ।
ৰাজা ৰামমোহন ৰায় এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি আছিল । হিন্দু ধৰ্মৰ সংস্কাৰৰ মাজে মাজে তেওঁ সমাজ সংস্কাৰ আৰু শিক্ষা বিস্তাৰতো সমানেই গুৰুত্ব দিছিল । তেওঁ বাল্য বিবাহ, পৰ্দা প্ৰথা বহু বিবাহ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল। বিধৱা বিবাহ আৰু অসবৰ্ণ বিবাহক সমাজিকভাৱে স্বীকৃত দিয়াইছিল । ভাৰবৰ্ষত প্ৰচলিত সতীদাহ প্ৰথা সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ ক্ষেত্ৰত ৰায়ৰ বলিষ্ঠ ভূমিকা সামজিক বুৰঞ্জীৰ এটা উল্লেখ্যযোগ্য ঘটনা । একমাত্ৰ ৰায়ৰ সহযোগতেই গৱৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিংকে এই কু-প্ৰথা সমূহ আইনী প্ৰক্ৰিয়াৰে অন্ত পেলাবলৈ সক্ষম হৈছিল । ৰাজা ৰামমোহন ৰায় আছিল আধুনিক ভাৰতৰ জন্মদাতা । আধুনিকতাৰ পৰশ তেওঁ সকলোৰে ক্ষেত্ৰলৈ সমানে ছটিয়াই দিব পাৰিছিল ।
৭। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা ।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদান লেখতলবলগীয়া । সংস্কৃতি ভাষাৰ পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে পঞ্জাৱত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। আৰ্য সমাজেও এক ইশ্বৰক বিশ্বাস কৰি দেৱ-দেৱীৰ উপাসনা আৰু মূৰ্তি পূজাৰ অসাৰতা জনগণৰ মাজত প্ৰচাৰ কৰিছিল । আৰ্য সমাজে ধৰ্মীয় উপাসনা নামত বাহ্যিকতাক সমৰ্থন কৰা নাছিল । আৰ্য সমাজে হিন্দু সমাজৰ বাল্য বিবাহ, জাতি-ভেদ, বহু বিবাহক ব্যাধি বুলি প্ৰচাৰ কৰিছিল । বিধৱা বিবাহ, স্ত্ৰী-শিক্ষা বিস্তাৰৰ বাবে আৰ্য সমাজে আগভাগ লৈছিল ।
স্বামী দয়ানন্দ মতে বেদত যি ধৰ্ম আছে সেয়াই ধৰ্ম । ‘বেদলৈ উভতি যোৱা’ এই বাণী তেওঁ প্ৰচাৰ কৰিছিল । আৰ্য সমাজে ধৰ্মান্তকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল । ইয়াক শুদ্ধি বুলি জনা যায় । হিন্দু ধৰ্মত আগতে অহিন্দু লোকক হিন্দু ধৰ্মত দীক্ষা দিয়াৰ কোনো প্ৰথা বা নিয়াম নাছিল । স্বামী দয়ানন্দই প্ৰথম ধৰ্মান্তৰকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি অনা ধৰ্মীয় লোকক ইচ্ছা অনুসাৰে হিন্দু ধৰ্ম গ্ৰহণত প্ৰদান কৰিছিল । ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ অগ্ৰগতি ৰোধ কৰি এখন প্ৰগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে অগ্ৰণী ভূমিকা লৈছিল । স্বামী দয়ানন্দ সৰস্বতীয়ে তেওঁ আৰ্য সমাজৰ শাখা ভাৰতৰ বিভিন্ন ঠাইত স্থাপন কৰি ভাৰতত হিন্দু জাতীয়তাবাদ গঢ়ি তুলিছিল ।
৮। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা ।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদান উল্লেখনীয় । কেশৱ চন্দ্ৰ সেনে ব্ৰাহ্ম সমাজৰ আৰ্হিত মহাৰাষ্ট্ৰ ১৮৬৭ খ্ৰীঃত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠাৰে সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল । প্ৰাৰ্থনা সমাজে সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল । সমগ্ৰ দক্ষিণ ভাৰতত অনুষ্ঠানে সংস্কাৰমুখী এটা প্ৰবল আলোড়নৰ সৃষ্টি কৰিব পাৰিছিল ।
প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰাণাডে । ৰাণাডেৰ একান্ত চেষ্টাত ‘বিধৱা বিবাহ সংস্থা’ আৰু ‘দাক্ষিণাত্য শিক্ষা সমাজ ’ নামৰ দুটা বিখ্যাত অনুষ্ঠান গঢ়ি উঠিছিল । প্ৰথমটো অনুষ্ঠানৰ যোগেদি বিধৱা বিবাহৰ প্ৰতি উৎসাহ যোগোৱাৰ লগতে অনাদৃত বিধৱাসকলৰ আৰ্থিক সংস্থাপনৰ বাবে কুটিৰ শিল্প অনুষ্ঠান গঠন কৰিছিল ।
দ্বিতীয়তে, দাক্ষিণাত্য শিক্ষা সমাজ অনাথ শিশুক শিক্ষাদান কৰাৰ লগতে তেওঁলোকৰ লালন-পালনৰ কাৰণে বিভিন্ন ঠাইতে আশ্ৰম স্থাপন কৰিছিল । নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰিছিল ।
প্ৰাৰ্খনা সমজাৰ সংস্কাৰ আন্দোলনে সমগ্ৰ দক্ষিণ ভাৰতৰ জনজাতৰ অন্তৰত জাতীয়বাদী ভাবধাৰাৰ গভীৰ প্ৰেৰণা সঞ্চাৰ কৰিছিল ।
৯। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা ।
উত্তৰঃ ৰামকৃষ্ণ পৰমহংসৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছিন গঢ়ি উঠিছিল । ৰামকৃষ্ণ পৰমহংস এগৰাকী সহজ-সৰল ব্যক্তি আছিল । অতি সুন্দৰ উপমাৰে তেওঁ ধৰ্মৰ বিশ্লেষণ আগবঢ়াই অনুগামীসকলক মুগ্ধ কৰিব পাৰিছিল ।
ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকান্দ। কলিকতা বিশ্ববিদ্যালয় কৃতী ছাত্ৰ বিবেকান্দই ৰামকৃষ্ণ পৰমহংৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল । স্বামী বিবেকান্দই হিন্দু ধৰ্মৰ প্ৰকৃত সত্য দেশ-বিদেশ বিস্তাৰ কৰিছিল। তেওঁৰ ধৰ্ম সাধনাৰ বিশেষত্ব আছিল-
(ক) ভাৰতীয়ৰ মনত স্বদেশপ্ৰেম সঞ্চাৰ কৰা,
(খ) ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তোলা আৰু
(গ) ভাৰতীয়ৰ মনত আধ্যাত্মিকত ভাবৰ বিকাশ ঘটোৱা।
স্বামী বিবেকান্দই ভাৰতীয়ৰ মাজত ঐক্য-সম্প্ৰীতি ভাব গঢ়ি তুলিব বিচাৰিছিল । তেওঁৰ উদ্দেশ্য আছিল বিশ্ব দৰবাৰত এটা শক্তিশালী ভাৰতীয় জাতি গঢ়ি তোলা ।
১০। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেছাণ্টৰ অৱদানৰ বিষয়ে লিখা ।
উত্তৰঃ ১৮৭৫ খ্ৰীঃত আমেৰিকাৰ নিউয়ৰ্ক চহৰত এটা আন্তৰাষ্ট্ৰীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰা হয় । এই অনুষ্ঠানৰ নাম ‘থিয়’ছফিকেল ছ’চাইটিক’ । এই অনু্ষ্ঠানৰ শাখ কাৰ্যালয় ১৮৮৫ খ্ৰীঃত মাদ্ৰাজত মুকলি কৰা হয় ।
মাদ্ৰাজক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষ থিয়’ছফিকেল ছ’চাইটিক জনপ্ৰিয় কৰি তোলাৰ মূলতে আছিল আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেছাণ্টাৰ বিশেষ ভূমিকা ।
এনিবেছাণ্টে সমাজ সেৱাৰ মাজেৰে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰাদ্ধাৰৰ ওপৰত মনোনিবেশ কৰিছিল । ১৮৯৮ খ্ৰীঃত বাৰাণসীত এনি বেছাণ্টে প্ৰতিষ্ঠা কৰা ‘চেণ্ট্ৰেল হিন্দু স্কুল’ খনেই ১৯১৬ খ্ৰীঃত মদন মোহন মালব্যৰ পৃষ্ঠাপোষকতাত বেনাৰচ হিন্দু বিশ্ববিদ্যালয় পৰিণত হয় ।
এনেকৈয়ে এনি বেছাণ্টে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যথেষ্ট সহায় কৰিছিল ।
১১। ‘আলিগড় আন্দোলন’ কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা-চৰ্চাৰ পথ দেখুৱাইছিল লিখা ।
উত্তৰঃ ভাৰতীয় মুছলমান সমাজক আলীগড় শিক্ষানু্ষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়বাদী ভাব চিন্তাৰ সঞ্চাৰ কৰাটোকে আলীগড় আন্দোলন বুলি কোৱা হয় ।
মুছলমানসকলক আধুনিক চিন্তা-চৰ্চ্চাৰে পুনৰজ্জীৱিত কৰি পথ দেখুৱাই নিয়াৰ ক্ষেত্ৰত ছৈয়দ আহমদ খানৰ অৱদান উল্লেখনীয় । তেওঁ মুছমনানসকলক পাশ্চত্য শিক্ষাৰে শিক্ষিত কৰি তোলাৰ বাবে ১৮৬৪ খ্ৰীঃত গাজীপুৰত এখন ইংৰাজী আদৰ্শ বিদ্যালয় স্থাপন কৰে । ১৮৬৫ খ্ৰীঃত বিজ্ঞান সমিতি নামৰ এটা সামাজিক অনু্ষ্ঠান স্থাপন কৰি তেওঁ ইংৰাজী ভাষাৰ কেইখমান গ্ৰন্থ উৰ্দু ভাষালৈ অনু্বাদ কৰে । ১৮৭৫ খ্ৰীঃত তেওঁ আলীগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰে ।
ছৈয়দ আহমদ খানে ১৮৭৫ খ্ৰীঃত আলীগড় স্থাপন কৰা শিক্ষানুষ্ঠানটোৰ যোগেদি মুছলমানসকলৰ মাজত ৰাজনৈতিক চেতনাৰ বিকাশ ঘটিছিল । জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠাৰ পিছত কংগ্ৰেছৰ দৰে আন এটা জাতীয় অনু্ষ্ঠান গঢ়ি তোলাৰ বাবে আলীগড় মহম্মদ এংলো ইণ্ডিয়ান কলেজে বিশেষ বৰঙণি আগবঢ়াছিল ।
১২। ‘বাতৰি কাকত’ৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল বৰ্ণনা কৰা ।
উত্তৰঃ ইংৰাজী ভাষাৰ মাধ্যমত প্ৰকাশিত বাতিৰ কাকতৰ যোগেদি ভাৰতবৰ্ষত সংবাদ পত্ৰৰ পাতনি মেলে । ভাৰতত জেমছ আগষ্টাচ হিক্কিৰ দ্বাৰা ১৭৮০ খ্ৰীঃত ইংৰাজী ভাষাত প্ৰথমখন সংবাদ-পত্ৰ ‘বেংগল গেজেট’ প্ৰকাশ পায় । এই সংবাদ-পত্ৰ সমূহে কেৱল ইংৰাজী সমাজখনৰহে মুখপাত্ৰ হিচাপে কাম কৰিছিল । ভাৰতীয় সকলৰ জনমত এই সংবাদ পত্ৰ সমূহত একেবাৰেই নাছিল । আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয়ই সংবাদ-পত্ৰৰ গুৰুত্ব উপলদ্ধি কৰি ঊনবিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা আঞ্চলিক ভাষাত বহু কেইখন বাতৰি কাকত প্ৰকাশ কৰিছিল ।
আঞ্চলিক ভাষাত সংবাদ-পত্ৰই ভাৰতৰ নৱগজাগৰণ তথা জতীয়বাদী গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগাইছিল। সেই কাৰণেই চৰকাৰে আঞ্চলিক ভাষাৰ সংবাদ-পত্ৰৰ ওপৰত নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল । ১৭৯৯ খ্ৰীঃত ‘প্ৰেছ ৰেগুলেচন’ প্ৰয়োগৰ যোগেদি লৰ্ড ৱেলছিয়ে ভাৰতীয় বাতিৰ কাকতৰ ওপৰত স্বাধীনতা হ্ৰাস কৰিছিল । কিন্ত ১৮১৭ খ্ৰীঃত লৰ্ড হেষ্টিংছে ভাৰতীয় সংবাদ পত্ৰৰ ওপৰত গৱৰ্ণৰ জেনেৰেল ছাৰ জন আদামে পুনৰ ভাৰতীয় ভাষাৰ কাকতৰ ওপৰত বাধা নিষেধ আৰোপ কৰিছিল । ৰাজা ৰামমোহন ৰায়ে এই ভাৰতীয় ভাষাৰ কাকতৰ ওপৰত লগোৱা বধানিষেধবোৰৰ প্ৰতি তীব্ৰ বিৰোধিতা কৰিছিল । এই বিৰোধিতাৰ প্ৰতিবাদ হিচাপে ইংৰাজে সাপ্তহিক বাতৰি কাকত ‘মিৰাট ইল আখবাৰ’ৰ প্ৰকাশ বন্ধ কৰিছিল । দেশীয় কাকতৰ প্ৰতি কৰা এনে অবিচাৰ বন্ধ কৰিবলৈ ৰাজা ৰামমোহন ৰায়ে কলিকতা হাইকোৰ্ট আৰু বংগৰ গৱৰ্ণৰ জেনেৰেলৰ ওচৰত আবেদন দাখিল কৰিছিল । অৱশেষত ১৮৩৫ খ্ৰীঃত অস্থায়ী গৱৰ্ণৰ জেনেৰেল ছাৰ চালৰ্ছ মেটকাফে দেশীয় কাকতৰ ওপৰত আৰোপ কৰা বধা নিষেধ উঠাই লৈছিল। বাধা-নিষেধ তুলি লোৱাৰ পিছিত দেশীয় ভাষাত ভাৰতত ভালেসংখ্যক কাকত প্ৰকাশ পাইছিল । দেশীয় ভাষাৰ কাকতসমূহে সাম্ভ্ৰাজ্যবাদী শাসকৰ কাম-কাজবোৰৰ ওপৰত কঠোৰ সমালোচনা কৰি ভাৰতীয় মনত ইংৰাজী চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল । এই বোৰৰ ভিতৰত বংগদেশৰ পৰা প্ৰকাশিত কাকতসমূহৰ অৱদান সকলোতকৈ বেছি ।ঊনবিংশ শতিকাৰ দ্বিতীয় ভাগত বংগদেশৰ পৰা প্ৰকাশিত কাকত ‘বংগ দৰ্শন’, ‘ আৰ্য্য দৰ্শন’, অমৃত বাজাৰ প্ৰত্ৰিকা আদি কাকত কেইখন ভাৰতীয়ৰ মাজত জাতীয় সত্তা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ।
১৩। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমু টোকা লিখা ।
উত্তৰঃ ঊনবিংশ শতিকাতৰ দ্বিতীয়াৰ্ধৰপৰা ভাৰতবৰ্ষত প্ৰাদেশিক ভিত্তিত গঢ়ি উঠা নাগৰিক সভা বা সংগনবিলাকে দেশীয় লোকৰ মাজত আঞ্চলিক ভিত্তিত ৰাজনৈতিক শিক্ষাৰ প্ৰচাৰ ঘটাইছিল । সেইবিলাকৰ জৰিয়তে জনসাধাৰণৰ মাজত জাতীয় স্বাৰ্থৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিছিল । ৰাজনৈজনৈতিক কাম-কাজৰ জৰিয়তে এই সংগঠন বিলাকে লাহে লাহে বিভিন্ন আঞ্চলত বিভক্ত হৈ থকা ভাৰতীয় মানুহৰ মনত এটি সৰ্বভাৰতীয় মনোভাব গঢ়ি তোলাত মুখ্য ভূমিকা লৈছিল ।
ইয়াৰ পৰিণত ফলস্বৰূপে গৱৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকালত অৱসৰপ্ৰাপ্ত ব্ৰিটিছ প্ৰসাসনিক বিষয়া এলেন অক্টোভিয়ান হিউমে ভাৰতীয় স্বাৰ্থত এটা জাতীয় অনু্ষ্ঠান গঠনৰ যো-জা চলাইছিল । ১৮৮৩ খ্ৰীঃৰ মাৰ্চ তাৰিখে কলিকতা বিশ্ববিদ্যালয়ত পঢ়ি থকা স্নাতকসকলক এখন মুকলি চিঠিৰে তেওঁলোকক দেশমাতৃৰ সেৱাত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল । প্ৰায় ৫০ জন মান ছাত্ৰৰ সৈতে কলিকতাত ইণ্ডিয়ান নেচনেল ইউনিয়ন নামেৰে এখন বৈঠক অনু্ষ্ঠিত হৈছিল। এই বৈঠকখনত সৰ্বভাৰতীয় জাতীয় অনু্ষ্ঠান গঢ়ি তোলাৰ পোষকতা কৰিছিল । বোম্বাইত এখন মহাসভা আয়োজন কৰাৰ প্ৰস্তাৱ লৈ এটা জাতীয় অনু্ষ্ঠান গঠনৰ সিদ্ধান্ত লোৱা হৈছিল । গৱৰ্ণৰ জেনেৰেল ডাফৰিনে হিউমক উৎসাহ যোগাইছিল ।
১৮৮৫ খ্ৰীঃৰ ২৮ ডিচেম্বৰত বোম্বাই গকুল দাস কলেজ তেজপাল সংস্কৃত কলেজত সেই মহাসভাখন অনু্ষ্ঠান হৈছিল । ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ৭২ জন প্ৰতিনিধিয়ে এই মহাসভাত উপস্থিত হৈছিল । সভাপতিৰ বাবে নিৰ্বাচন কৰা হৈচিল কলিকতাৰ বেৰিষ্টাৰ উমেশচন্দ্ৰ চেটাৰ্জী । মহাসভাই প্ৰস্থাৱিত অনু্ষ্ঠানটোৰ নাম ‘ভাৰতীয় জাতীয় কংগ্ৰেছ’ বুলি স্থিৰ কৰিছিল। এনেকৈয়ে ১৮৮৫ চনত এলেন অক্টোভিয়ান হিউমৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ জন্ম হৈছিল ।
১৪। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰঃ গৱৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকালত অৱসৰপ্ৰাপ্ত ব্ৰিটিছ প্ৰসাসনিক বিষয়া এলেন অক্টোভিয়ান হিউমে ভাৰতীয় স্থাৰ্থত এটা জাতীয় অনু্ষ্ঠান গঠনৰ যো-জা চলাইছিল । ১৮৮৩ খ্ৰীঃৰ মাৰ্চ তাৰিখে কলিকতা বিশ্ববিদ্যালয়ত পঢ়ি থকা স্নাতকসকলক এখন মুকলি চিঠিৰে তেওঁলোকক দেশমাতৃৰ সেৱাত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল ।
১৮৮৫ খ্ৰীঃৰ ২৮ ডিচেম্বৰত বোম্বাই গকুল দাস কলেজ তেজপাল সংস্কৃত কলেজত সেই মহাসভাখন অনু্ষ্ঠান হৈছিল । ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ৭২ জন প্ৰতিনিধিয়ে এই মহাসভাত উপস্থিত হৈছিল । সভাপতিৰ বাবে নিৰ্বাচন কৰা হৈছিল কলিকতাৰ বেৰিষ্টাৰ উমেশচন্দ্ৰ চেটাৰ্জী । মহাসভাই প্ৰস্থাৱিত অনু্ষ্ঠানটোৰ নাম ‘ভাৰতীয় জাতীয় কংগ্ৰেছ’ বুলি স্থিৰ কৰিছিল।
এটা নৰমপন্থী অনু্ষ্ঠান হিচাপে জাতীয় কংগ্ৰেছে প্ৰথমতে আবেদন-নিবেদনৰ মাজেৰে ভাৰতীয়ৰ বিভিন্ন সমস্যাৰ প্ৰতি মনযোগ দিবলৈ চৰকাৰক আহ্বান জনাইছিল । ইংৰাজ শাসক আৰু ব্ৰিটেইনৰ চৰকাৰৰ ওচৰত মধুৰ সম্পৰ্ক বজাই ৰাখি শাসনযন্ত্ৰত ভাৰতীয় প্ৰতিনিধিত্ব বিচৰাটোৱেই জাতীয় কংগ্ৰেছৰ এটা অন্যতম লক্ষ্য আছিল । এই আশাৰে ১৮৯০ খ্ৰীঃত জাতীয় কংগ্ৰেছে সুৰেন্দ্ৰ নাথ বন্দোপাধ্যয়ৰ নেতৃত্বত এটা সঁজাতি দলক ইংলেণ্ডলৈ পঠাইছিল । কিন্ত ১৮৯২ খ্ৰীঃত ভাৰত পৰিষদ আইনে ভাৰতীয়ক একো নিদিলে যাৰ ফলত জাতীয় কংগ্ৰেছৰ ভিতৰতে এটা নতুন শক্তিয়ে গা কৰি উঠিছিল। তেওঁলোকে আবেদন-নিবেদন পন্থা পৰিহাৰ কৰি ব্ৰিটিছৰ বিৰুদ্ধে সষ্টম হ’বলৈ সকলোকে সকীয়াই দিছিল ।
SEBA Assam Class 9 Social Science History Chapter 2 – ভাৰতীয় জাতীয়তাবাদৰ উদয় FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: