Class 6 Apun Path Chapter 4 ভোলাৰ ভ্ৰমণ Solutions | AJB

class 6

class-6-apun-path-chapter-4-question-answers-ajb

ষষ্ঠ শ্ৰেণী আপোন পাঠ অধ্যায় ৪ – ভোলাৰ ভ্ৰমণ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB)

ষষ্ঠ শ্ৰেণীৰ ‘আপোন পাঠ’ (Apun Path) পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় ‘ভোলাৰ ভ্ৰমণ’ এখন অতি সুন্দৰ আৰু আমোদজনক পাঠ। অসম জাতীয় বিদ্যালয় (AJB) ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Apun Path Chapter 4 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, অতিৰিক্ত প্ৰশ্ন (Additional Questions), MCQ আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘ভোলাৰ ভ্ৰমণ’ নামৰ এই পাঠটিত ভোলাৰ এক আমোদজনক ভ্ৰমণ কাহিনী আৰু ইয়াৰ অভিজ্ঞতাৰ সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু কাহিনীৰ ৰস বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ভোলাৰ ভ্ৰমণ পাঠৰ মূল কাহিনীভাগৰ সহজ বিশ্লেষণ আৰু শব্দাৰ্থ।
  • পাঠভিত্তিক অনুশীলনীৰ সকলো প্ৰশ্নৰ নিৰ্দোষ আৰু মান্য উত্তৰ।
  • পাঠভিত্তিক ব্যাকৰণ আৰু সমাৰ্থক, বিপৰীত শব্দৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ (Additional Questions) লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Apun Path Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু আপোন পাঠ বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 6 Assamese (আপোন পাঠ) Textbook Solutions & MCQs | AJB New Syllabus
49.00

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 6 Assamese (আপোন পাঠ) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 4 ভোলাৰ ভ্ৰমণ

 অসম জাতীয় বিদ্যালয়, ষষ্ঠ শ্ৰেণী: আপোন পাঠ

অধ্যায়-4                                                                             অস্পিন একাডেমী

ভোলাৰ ভ্ৰমণ

পাঠভিত্তিক প্রশ্নোত্তৰ

১। শব্দার্থ লিখা-

সোলা, জোলোঙা, আহৰি, বৰটেকেলা, পাঙি, বমংনে।

উত্তৰঃ

শব্দ

অর্থ

সোলা

দাঁত নথকা, যাৰ দাঁত সৰিছে।

জোলোঙা 

মোনা, মোনা সদৃশ।

আহৰি

আজবি।

বৰটেকেলা

চাহাব শ্ৰেণীৰ লোকৰ আল-পৈচান ধৰোতা।

পাঙি 

ভাবি, চিন্তা কৰি।

ৰংমনে

আনন্দমনে, ফুর্টিমনে।

২। ‘ভোলাৰ ভ্ৰমণ’ কবিতাটো তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰঃ ভোলা নামৰ লোকজন অতি নিমাখিত স্বভাৱৰ আছিল আৰু বয়সৰ পূৰ্বেই তেওঁৰ দাঁতবোৰ সৰি গৈ মুখখন সোলা হৈছিল। হঠাতে এদিন তেওঁৰ মনত চিন্তা উদয় হ’ল যে এনেকৈ ঘৰৰ ভিতৰতে সোমাই থকাটো যুগুত নহ’ব, গতিকে তেওঁ দেশ ভ্ৰমণ কৰাৰ স্থিৰ কৰিলে। এই চিন্তাটোক বাস্তৱায়িত কৰাৰ উদ্দেশ্যে তেওঁ ততাতৈয়াকৈ ভ্ৰমণৰ আয়োজন কৰিলে। উৰাজাহাজত উঠি যাত্ৰা কৰাটো তেওঁৰ মনৰ এক গভীৰ হাবিয়াস আছিল। ভোলাই ভাবিছিল যে আকাশত উৰি যোৱা উৰাজাহাজকো বাছৰ নিচিনাকৈ হাত দাঙি ৰখাই তেওঁ দেশ-বিদেশলৈ যাব পাৰিব। কিন্তু দুখৰ বিষয় যে সেইদিনা বতৰৰ অৱস্থা শোচনীয় হোৱাৰ বাবে উৰাজাহাজৰ উৰণ স্তব্ধ হৈ আছিল। বেয়া বতৰৰ কাৰণে তেওঁৰ এই সপোন বাস্তৱ নহ’ল আৰু ফলত তেওঁ দুখ মনেৰে নিজৰ কপালকে দোষাৰোপ কৰিলে। ইয়াৰ পিছত ভোলাই ৰে’লত উঠি ফুৰাৰ পৰিকল্পনা কৰিলে আৰু ৰে’ললাইনত থিয় দি হাত দাঙি ৰে’লখন ৰখাবলৈ চেষ্টা চলাইছিল। পিছে তেওঁ যিমানেই হাত দাঙি নেদেখুৱাওক কিয়, এখনো ৰে’ল তাত ৰৈ নিদিলে। ৰে’লত উঠাৰ আশা ভংগ হোৱাত ভোলাই অন্য এক নতুন পথৰ সন্ধান কৰিলে। তেওঁ ভাবিলে যে চিঠিত ডাক-টিকট মাৰিলে যেনেকৈ সঠিক ঠিকনাত গৈ উপস্থিত হয়, একেদৰেই তেৱোঁ নিজৰ গন্তব্যস্থানত গৈ পাব। এনেকৈ গুণা-গঁথা কৰি তেওঁ ছকুৰি টকা দামৰ ডাক-টিকট সংগ্ৰহ কৰি আনি নিজৰ কপালত আঠা লগাই মাৰি ল’লে। তাৰ পাছত তেওঁ উলাহতে গান গাই গাই দেশ ঘূৰিবলৈ বুলি খোজ ল’লে। এইদৰে প্ৰায় কুৰি দিনমান ঘূৰি ফুৰাৰ পাছত তেওঁৰ লগত থকা সমুদায় ধন-সম্পত্তি ঢুকাই থাকিল। ভোকৰ জ্বলাত তেওঁৰ অৱস্থা একেবাৰে কাহিল হৈ পৰিল। অৱশেষত কোনো উপায় নেদেখি ভোলাই দেশ ভ্ৰমণৰ আশা ত্যাগ কৰি ঘৰলৈ উভতি আহিবলৈ বাধ্য হৈ পৰিল।

৩। চমুকৈ উত্তৰ দিয়া-

(ক) ভোলা স্বভাৱত কেনেকুৱা?

উত্তৰঃ স্বভাৱৰ ফালৰ পৰা ভোলা এজন ‘হোলাৰ ভাই মোলা’ আছিল।

(খ) আদ বয়সত ভোলাৰ কি হ’ল?

উত্তৰঃ আদ বয়সতে সকলো দাঁত সৰি গৈ ভোলা পালুং সোলা হৈ পৰিল।

(গ) এদিনাখন ভোলাই কি বুলি কৈ ওলাই গৈছিল?

উত্তৰঃ এদিনাখন ভোলাই নিজকে বৰ পাকৈত মানুহ বুলি গণ্য কৰি ‘দেশ ভ্ৰমণ কৰোঁ’ বুলি ঘৰৰ পৰা ওলাই গৈছিল।

(ঘ) ভোলাৰ কেনেদৰে যাবৰ মন আছিল?

উত্তৰঃ ভোলাই হাত দাঙি উৰাজাহাজ ৰখাই তাত উঠি ভ্ৰমণলৈ যোৱাৰ মন পুহি ৰাখিছিল।

(ঙ) ভোলাই মনত দুখ পাই কাক দুষিলে?

উত্তৰঃ বেয়া বতৰৰ কাৰণে উৰাজাহাজত যোৱাৰ ইচ্ছা পূৰণ নোহোৱাত ভোলাই মৰ্মাহত হৈ নিজৰ ভাগ্যকে জগৰীয়া কৰিলে।

(চ) ভোলাই কেনেকৈ দেশ-দুনিয়া চাব বুলি ভাবিলে?

উত্তৰঃ ৰে’ল লাইনৰ ওপৰত হাত দাঙি ৰে’লখন ৰখাই তাত উঠিয়ে গোটেই দেশ-দুনিয়া চাম বুলি ভোলাই পৰিকল্পনা কৰিলে।

(ছ) ভোলাই ৰে’লক কিয় বদমাচ বুলি ক’লে?

উত্তৰঃ হাত দাঙি ৰখোৱাৰ পাছতো এখনৰ পাছত আন এখন ৰে’ল ফোঁ-ফোঁৱাই পাৰ হৈ যোৱাৰ বাবেই ভোলাই ৰে’লক বদমাচ বুলি আখ্যা দিছে।

(জ) হাত দাঙি ভাগৰ লগাত ভোলাই কি নতুন বুধি পাঙিলে?

উত্তৰঃ ডাক-টিকট মাৰিলে চিঠিবোৰ যেনেকৈ ডাকযোগে নিৰ্দিষ্ট ঠাইলৈ যায়, ঠিক তেনেকৈ যোৱাৰ বাবে ভোলাই নতুন বুদ্ধি এটা উলিয়ালে।

(ঝ) নতুন বুদ্ধি মতে ভোলাই কি কৰিলে?

উত্তৰঃ নতুন বুদ্ধিটো খটুৱাই ভোলাই এশ কুৰি টকাৰ ডাক টিকট কিনি নিজৰ কপালত আঠাৰে মাৰি ল’লে আৰু দেশ ভ্ৰমণলৈ বুলি খোজ ল’লে।

(ঞ) শেষত ভোলাৰ কেনে দশা হ’ল?

উত্তৰঃ প্ৰায় বিশ দিনমান খোজকাঢ়ি ঘূৰি ফুৰাৰ অন্তত ভোলাৰ হাতত থকা সমুদায় ধন-বিত শেষ হৈ পৰিল। ধনৰ অবিহনে বাটত খোৱা-বোৱাৰ উপায় নোহোৱা বাবে ভোলাই শেষত পুনৰ নিজৰ ঘৰলৈকে উভতি আহিল।

৪। বাক্য ৰচনা কৰা-

হোলাৰ-ভাই মোলা, দেশ-দুনিয়া, ফোঁ-ফোঁৱাই।

উত্তৰঃ

হোলাৰ-ভাই মোলা: আমাৰ গাঁৱৰ ৰামেশ্বৰ খুৰা এজন হোলাৰ-ভাই মোলা স্বভাৱৰ ব্যক্তি।

দেশ-দুনিয়া: দেশ-দুনিয়া ভ্ৰমণ কৰিলে মানুহে বহুতো নতুন কথাৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হয়।

ফোঁ-ফোঁৱাই: বাঘটো দেখি ভয়তে হৰিণজনী মোৰ কাষেৰে ফোঁ-ফোঁৱাই দৌৰি পলাল।

৫। বুজা আৰু লিখা-

উত্তৰঃ

শব্দ                   বিপৰীত শব্দ

স্বদেশী                 বিদেশী

দেশী                   বিদেশী

দুখী                    সুখী

৬। তোমাৰ মনত থকা ভ্রমণ কাহিনী এটাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে নিজে ঘৰত এই বিষয়ে লিখিবলৈ চেষ্টা কৰা। লিখা হোৱাৰ পাছত তোমালোকৰ মা অথবা দেউতাক দেখুৱাই ল’বা।

পাঠভিত্তিক ব্যাকৰণৰ চমু আলোচনা

১। কাল কাক বোলে? ই কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ যিকোনো এটা কাম অথবা কাৰ্য সম্পন্ন হোৱাৰ সময়খিনিকে অসমীয়া ব্যাকৰণত কাল বুলি কোৱা হয়। কালক মূলতঃ তিনিটা ভাগত বিভক্ত কৰা হৈছে। এই ভাগকেইটা হ’ল— বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যত কাল।

২। বর্তমান কাল কাক বোলে? ই কেইপ্ৰকাৰৰ আৰু কি কি? উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ চলি থকা সময়ত বা সাধাৰণতে সদায় হৈ থকা কোনো এটা কামৰ অৱস্থাক বুজালে, তাক বৰ্তমান কাল বুলি জনা যায়। উদাহৰণ হিচাপে— মই ভাত খাই আছোঁ।

বৰ্তমান কালক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি—

(ক) নিত্য বৰ্তমান আৰু

(খ) স্বৰূপ বৰ্তমান

(ক) নিত্য বৰ্তমান: যিবোৰ কাৰ্য সদায় বা নিয়মিতভাৱে ঘটি থাকে, তেনে কাৰ্য প্ৰকাশ কৰিবলৈ নিত্য বৰ্তমান কাল প্ৰয়োগ কৰা হয়। যেনে— বেলি পূব ফালৰ পৰা ওলায়।

(খ) স্বৰূপ বৰ্তমান: বৰ্তমানৰ সময়ছোৱাত কোনো এটা কাম চলি থকা বা ঘটি থকা বুজালে তাক স্বৰূপ বৰ্তমান কাল বুলি কোৱা হয়। যেনে— মই এখন কিতাপ পঢ়ি আছোঁ।

৩। অতীত কাল কাক বোলে? ই কেইপ্ৰকাৰৰ আৰু কি কি? উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ পাৰ হৈ যোৱা সময়ত বা আগতে কোনো এটা কাম শেষ হোৱা বুজালে তাক অতীত কাল অথবা ভূতকাল বোলা হয়। উদাহৰণ হিচাপে— মই কিতাপখন পঢ়িছিলোঁ।

অতীত কালক প্ৰধানকৈ তিনিটা ভাগত ভগোৱা হৈছে—

(ক) স্বৰূপ ভূতকাল,

(খ) অপূৰ্ণ ভূতকাল আৰু

(গ) সম্ভাব্য ভূতকাল।

(ক) স্বৰূপ ভূতকাল: যিটো কাম অলপ সময়ৰ আগতেহে সম্পূৰ্ণ হৈছে, তেনে কাম বুজাবলৈ স্বৰূপ ভূতকালৰ ব্যৱহাৰ হয়। যেনে— মই ভাত খালোঁ। মই খেলিলোঁ ইত্যাদি।

(খ) অপূৰ্ণ ভূতকাল: অতীত কালত বা আগতে কোনো এটা কাম ঘটিছিল বুলি প্ৰকাশ কৰিলে তাক অপূৰ্ণ ভূতকাল বুলি জনা যায়। যেনে— মই আগতে চহৰত বাস কৰিছিলোঁ। যোৱা মাহত মই মাহীহঁতৰ ঘৰলৈ গৈছিলোঁ।

(গ) সম্ভাব্য ভূতকাল: আগৰ সময়ত কোনো এটা কাম সম্পন্ন হোৱাৰ যথেষ্ট সম্ভাৱনা আছিল, কিন্তু সেইটো নহৈ তাৰ সলনি আন এটাহে কাম হৈ গ’ল; এনেকুৱা অৰ্থ প্ৰকাশ পালে তাক সম্ভাব্য ভূতকাল বোলে। যেনে— তাই গানটো নোগোৱা হ’লে ময়েই গালোঁহেঁতেন। সি অহা হ’লে ময়েই গ’লোঁহেঁতেন।

৪। ভৱিষ্যত কাল বুলিলে কি বুজা? উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ অনাগত সময়ত অথবা পৰৱৰ্তী সময়ত কোনো এটা কাম সম্পন্ন হ’ব বুলি প্ৰকাশ পালে তাক ভৱিষ্যত কাল বুলি অভিহিত কৰা হয়। উদাহৰণস্বৰূপে— মই অহাকাইলৈ স্কুললৈ যাম। খুৰা আমাৰ ঘৰলৈ ফুৰিবলৈ আহিব।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী আপোন পাঠ অধ্যায় ৪ (ভোলাৰ ভ্ৰমণ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
‘ভোলাৰ ভ্ৰমণ’ পাঠটিৰ মূল বিষয়বস্তু কি?
ষষ্ঠ শ্ৰেণীৰ ‘আপোন পাঠ’ত অন্তৰ্ভুক্ত এই পাঠটিত ভোলা নামৰ চৰিত্ৰটোৰ এক আমোদজনক আৰু শিক্ষামূলক ভ্ৰমণ কাহিনী সুন্দৰকৈ বৰ্ণনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে অতিৰিক্ত প্ৰশ্ন (Additional Questions), MCQ আৰু পাঠভিত্তিক ব্যাকৰণৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয় (AJB) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা কাহিনীভিত্তিক অতি চমু প্ৰশ্ন, চমু আৰু দীঘলীয়া প্ৰশ্নৰ লগতে বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু ব্যাকৰণ সম্বন্ধীয় প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top