Class 7 Assamese Chapter 8 কুম্পুৰ সপোন : ভূত পোৱালী Solutions | AJB Assam
সপ্তম শ্ৰেণী আপোন পাঠ (অসমীয়া) অধ্যায় ৮ – কুম্পুৰ সপোন : ভূত পোৱালী সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB Assam)
সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি ‘আপোন পাঠ’ৰ অষ্টম অধ্যায় ‘কুম্পুৰ সপোন : ভূত পোৱালী’ এখন অতি আমোদজনক আৰু কল্পনাপ্ৰসূত পাঠ। অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Assamese Chapter 8 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, ব্যাকৰণ, অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ অতি সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘কুম্পুৰ সপোন : ভূত পোৱালী’ নামৰ এই পাঠটিত এটি শিশুৰ সপোন আৰু কল্পনাৰ জগতখনৰ এক অতি মনোৰম কাহিনী বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ কাহিনীভাগ, ইয়াৰ অন্তৰ্নিহিত ভাৱ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- কুম্পুৰ সপোন : ভূত পোৱালী পাঠটিৰ কাহিনীভাগৰ সাৰাংশ আৰু চৰিত্ৰসমূহৰ বিশ্লেষণ।
- শব্দাৰ্থ, চমু প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- পাঠভিত্তিক ব্যাকৰণ, সমাৰ্থক শব্দ, বিপৰীত শব্দ আৰু খণ্ডবাক্য/জতুৱা ঠাঁচৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে বহু-বিকল্পী প্ৰশ্নৰ (MCQs) সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Apun Path Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- এই পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 7 Assamese (আপোন পাঠ) Textbook Solutions & MCQs | AJB New Syllabus
New Updated Version!
According to Latest AJB New Syllabus & Updated Book
Get comprehensive preparation for Class 7 Assamese (আপোন পাঠ) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
অসম জাতীয় বিদ্যালয়, সপ্তম শ্ৰেণী: আপোন পাঠ
কুম্পুৰ সপোন: ভূত-পোৱালি
পাঠভিত্তিক প্রশ্নোত্তৰ
১। কুম্পুৰ সপোন: ভূত-পোৱালি কবিতাটোৰ কবি পৰিচয়টো লিখা:
উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম ১৯০৩ চনত হৈছিল। তেওঁ আছিল অসমীয়া সংস্কৃতিৰ এজন মহান কাণ্ডাৰী। ১৯৩৫ চনত প্ৰথম অসমীয়া বোলছবি “জয়মতী” নিৰ্মাণ কৰি আৰু “শোণিত কুঁৱৰী” নাটকৰ জৰিয়তে তেওঁ বিশেষ প্ৰতিষ্ঠা লাভ কৰিছিল। তেওঁৰ অন্যান্য উল্লেখযোগ্য নাটকসমূহ হ’ল— “কাৰেঙৰ লিগিৰী”, “ৰূপালিম”, “লভিতা” আদি। ইয়াৰ উপৰিও তেওঁ অলেখ কালজয়ী গীত আৰু কবিতা সৃষ্টি কৰি থৈ গৈছে। তেওঁ ৰচনা কৰা স্বকীয় শৈলীৰ গীতসমূহক ‘জ্যোতিসংগীত’ বুলি জনা যায়। শিশুসকলৰ বাবেও তেওঁ বহুতো মনোৰম গীত আৰু কবিতা লিখিছিল। ১৯৫১ চনত এইজনা মহান শিল্পীৰ মৃত্যু হয়।
২। উত্তৰ লিখা:
ক) কুম্পুৱে সপোনত কি দেখিছিল?
উত্তৰঃ কুম্পুৱে টোপনিৰ আৱেশত সপোনত কেতবোৰ ভূতৰ পোৱালি দেখিবলৈ পাইছিল।
খ) ভূতৰ পোৱালিকেইটা দেখিবলৈ কেনেকুৱা?
উত্তৰঃ ভূতৰ পোৱালিকেইটা দেখিবলৈ আছিল অতি বিচিত্ৰ— সিহঁতৰ নাকবোৰ জিলিকা, চকুবোৰ টেলেকা আৰু সিহঁত দেখিবলৈ তেনেই পিলিকা-পিলিকা তথা টিলিকা বিধৰ আছিল।
গ) ভূত পোৱালিকেইটাই কি কি কৰিছল?
উত্তৰঃ ভূতৰ পোৱালিকেইটাই সপোনত কথা পাতিছিল, নৃত্য-গীতত মগ্ন হৈছিল, বিভিন্ন কাম-বন কৰিছিল আৰু আনকি যখিনীহঁতকো নচুৱাই ফুৰিছিল।
ঘ) কুম্পুৰ মাকে ভূতৰ বিষয়ে কি বুলি কয়?
উত্তৰঃ কুম্পুৰ মাকৰ মতে, ভূতে বোলে মানুহ ধৰি খায় আৰু পুখুৰীৰ পানীত মানুহক ওলোটাকৈ গুজি মূৰটো এহাত দ বোকাত সুমাই থৈ দিয়ে।
ঙ) কুম্পুৰ কিয় ভূতলৈ ভয় নাই?
উত্তৰঃ কুম্পুৰ ভূতলৈ তিলমানো ভয় নাই, কাৰণ সপোনত লগ পোৱা ভূতৰ পোৱালিকেইটাই তাক একো অনিষ্ট কৰা নাছিল।
৩। চমুটোকা লিখাঁ :
ক) জয়মতী বোলছবি
খ) শিল্পী দিৱস
গ) জ্যোতি চিত্ৰৱন
উত্তৰঃ
ক) জয়মতী বোলছবি : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অশেষ প্ৰচেষ্টাত ১৯৩৫ চনত প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ মুক্তি লাভ কৰে। এই ছবিখনেই আছিল অসমীয়া চিনেমা জগতৰ আৰম্ভণিৰ মাইলৰ খুঁটি। এই বোলছবিখনত আইদেউ সন্দিকৈয়ে নাম ভূমিকা অৰ্থাৎ জয়মতীৰ চৰিত্ৰত অভিনয় কৰিছিল। আহোম যুগত দেশ আৰু স্বামীৰ কুশলৰ বাবে ৰাজমাওৰ পুখুৰীৰ পাৰত জয়মতীয়ে বৰণ কৰা চৰম আত্মত্যাগ আৰু বীৰত্বৰ গাথা এই ছবিখনৰ মূল বিষয়বস্তু আছিল।
খ) শিল্পী দিৱস : অসমীয়া সংস্কৃতিৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসটো অৰ্থাৎ ১৭ জানুৱাৰী দিনটো প্ৰতিবছৰে সমগ্ৰ অসমত ‘শিল্পী দিৱস’ হিচাপে পালন কৰা হয়। বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানত এই দিৱসটো অতি গাম্ভীৰ্যপূৰ্ণভাৱে উদযাপন কৰা হয়। অসমীয়া সমাজত শিল্প-সংস্কৃতিৰ চৰ্চা বৃদ্ধি কৰা আৰু এইগৰাকী মহান শিল্পীৰ অমৰ অৱদানক সন্মান জনোৱাই এই দিৱসটো পালন কৰাৰ মূল উদ্দেশ্য।
গ) জ্যোতি চিত্ৰৱন : গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ হ’ল অসমৰ প্ৰথম আৰু চৰকাৰী খণ্ডৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ’। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ ‘জয়মতী’ বোলছবিখনৰ শ্বুটিং কৰিবলৈ ভোলাগুৰি চাহ বাগিচাত যি অস্থায়ী ‘চিত্ৰবন’ নিৰ্মাণ কৰিছিল, সেই নামটো আৰু তেওঁৰ নামটো লগ লগাই এই ষ্টুডিঅ’টোৰ নাম ‘জ্যোতি চিত্ৰবন’ ৰখা হৈছে। ১৯৬১ চনত ইয়াৰ প্ৰতিষ্ঠা কৰা হয় আৰু ১৯৬৮ চনৰ পৰা ই পূৰ্ণগতিত কাৰ্যক্ষম হৈ উঠে।
৪। ‘বিপৰীত লিংগ নির্ণয় কৰাঁ:
উত্তৰঃ
|
পুৰুষ লিংগ |
স্ত্ৰী লিংগ |
|
যখ |
যখিনী |
|
ভূত |
ভূতুনী |
|
সিংহ |
সিংহনী |
|
শিয়াল |
শিয়ালী |
|
বোন্দা |
যাই |
|
শৰ |
ভেলেঙি |
৫।যখিনীয়ে কি কৰি আছিল আৰু কুম্পুৱে যখিনীৰ লগত কি কৰিছিল?
উত্তৰঃ যখিনীকেইজনীয়ে পাকঘূৰণি খাই এংকোৰ-বেংকোৰকৈ নৃত্য কৰি আছিল। সিহঁতে এজনে আনজনৰ হাতত ধৰা-ধৰিকৈ ঘূৰি ঘূৰি নাচি থাকোতে কুম্পুৱে গৈ সিহঁতৰ কাণ দুখন পকাই দিছিল।
৬। ‘কুম্পুৰ সপোন: ভূত পোৱালি’ পদ্যটিৰ কথাখিনি নিজৰ ভাষাৰে লিখাঁ।
উত্তৰঃ কুম্পুৱে সপোনত দুটা ভূতৰ পোৱালি দেখাৰ কথা মাকক বিৱৰি কৈছিল। সি দেখা ভূত দুটাৰ এটা আছিল ক’লা আৰু আনটো বগা। লগতে সি নাক জিলিকা আৰু টেলেকা চকুৰ দুগৰাকী লিটিকা-পিলিকা যখিনীও দেখিছিল। ভূতৰ পোৱালিকেইটাই জপিয়াই জপিয়াই অদ্ভুত ধৰণে ভৰি মেলি নাচিছিল। সাধাৰণতে মাকৰ মুখে শুনা যায় যে ভূতে মানুহ ধৰি নিয়ে আৰু পুখুৰীৰ বোকাত ওলোটাকৈ পুতি থয়। কিন্তু কুম্পুৰ ক্ষেত্ৰত তেনে নহ’ল; বৰঞ্চ সিহঁতে কুম্পুৰ ওচৰ চাপিবলৈকে সাহস কৰা নাছিল। আচলতে যিবোৰ ল’ৰা-ছোৱালীয়ে ভূতিলৈ ভয় কৰে, সিহঁতকহে ভূতে ধৰে; কিন্তু কুম্পুৰ ভূতলৈ তিলমানো ভয় নাই। যখিনীকেইজনীয়ে নাচি থকা অৱস্থাতে কুম্পুৱে সিহঁতৰ দীঘল কাণ দুখন মোহাৰি দিছিল আৰু তেনে কৰাত সিহঁতে হুলস্থূল লগাইছিল। শেষত কুম্পুৱে ভূতৰ পোৱালি দুটা ধৰি আনি আলমাৰিত ভৰাই থৈছিল। এনেতে মাকৰ মাতত সাৰ পাই কুম্পুৱে বুজিলে যে সেয়া এটা সপোনহে আছিল।
৭। ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু সাহিত্যৰ বিষয়ে এখন ৰচনা লিখাঁ।
উত্তৰঃ ১৮০৩ চনত জন্মগ্ৰহণ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল অসমীয়া জাতিৰ এজন পথপ্ৰদৰ্শক শিল্পী। তেওঁৰ বহুমুখী প্ৰতিভাই অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। মাত্ৰ ১৪ বছৰ বয়সতে ‘শোণিত কুঁৱৰী’ নাটক ৰচনা কৰি তেওঁ নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল। ১৯৩৫ চনত তেওঁ নিৰ্মাণ কৰা ‘জয়মতী’ আছিল প্ৰথম অসমীয়া বোলছবি। জ্যোতিপ্ৰসাদ আগৰৱালাই শিশুসকলৰ বাবে অতি মনোৰম সাহিত্য সৃষ্টি কৰিছিল। তেওঁৰ ‘অকণিৰ ৰামায়ণ’ শিশুসকলৰ বাবে এখন অমূল্য পুথি। সেইদৰে তেওঁৰ ‘ঘোঁৰা ডাঙৰীয়া’ নাটকখনে শিশুসকলক আমোদ দিয়ে। ‘বাঁহী’ত প্ৰকাশ পোৱা ‘সতীৰ সোঁৱৰণী’ আছিল তেওঁৰ প্ৰথম চুটিগল্প। তেওঁৰ অন্যান্য গল্পপুথিৰ ভিতৰত ‘ৰূপহী’, ‘সোণতৰা’, ‘সোণটিৰ অভিমান’ আদি উল্লেখযোগ্য। তেওঁ ৰচনা কৰা একমাত্ৰ উপন্যাসখন হ’ল ‘আমাৰ গাঁও’। ইয়াৰ উপৰিও তেওঁ বহুতো শিশু উপযোগী গীত আৰু কবিতা লিখিছে। মুঠতে, সমাজৰ প্ৰতিটো শ্ৰেণীৰ লগতে শিশুসকলৰ বাবেও তেওঁৰ অৱদান অতুলনীয়।
৮। চমুটোকা লিখাঁ:
জ্যোতি চিত্ৰবন
উত্তৰঃ জ্যোতি চিত্ৰবন : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত ‘জয়মতী’ আৰু ১৯৩৯ চনত ‘ইন্দ্ৰমালতী’ বোলছবি নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰ শিল্পৰ ভেটি স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত তেখেতৰ এই অনবদ্য অৱদানৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে গুৱাহাটীৰ কাহিলীপাৰাত এটা চৰকাৰী বোলছবি ষ্টুডিঅ’ নিৰ্মাণ কৰে। এই ষ্টুডিঅ’টোৰ নাম তেখেতৰ নামেৰেই ‘জ্যোতি চিত্ৰবন’ ৰখা হয়।




