Class 8 Assamese Chapter 5 মাতৃ পূজাত মোমাই বলি Solutions | Sankardev Sishu Vidya Niketan | New Syllabus
অষ্টম শ্ৰেণী অসমীয়া অধ্যায় ৫ – মাতৃ পূজাত মোমাই বলি সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan)
অষ্টম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ পঞ্চম অধ্যায় ‘মাতৃ পূজাত মোমাই বলি’ এখন অতি গুৰুত্বপূৰ্ণ আৰু দেশপ্ৰেমমূলক পাঠ। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Assamese Chapter 5 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন, বহু-বিকল্পী প্ৰশ্ন (MCQs) আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘মাতৃ পূজাত মোমাই বলি’ নামৰ এই পাঠটিত স্বাদেশপ্ৰেম, কৰ্তব্যনিষ্ঠা আৰু মাতৃভূমিৰ স্বাৰ্থত ব্যক্তিগত সম্পৰ্কতকৈ দেশৰ স্বাৰ্থক সৰ্বোচ্চ স্থান দিয়াৰ ঐতিহাসিক আদৰ্শৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- মাতৃ পূজাত মোমাই বলি পাঠটিৰ মূল বিষয়বস্তু, দেশপ্ৰেমৰ অমৰ গাথা আৰু কৰ্তব্যপৰায়ণতাৰ বিস্তৃত বিশ্লেষণ।
- শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- মাতৃ পূজাত মোমাই বলি পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ-ৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 8 Assamese (অসমীয়া) Textbook Solutions & MCQs | SVN Sankardev New Syllabus
New Updated Version!
According to Latest SVN (Sankardev) New Syllabus & Updated Book
Get comprehensive preparation for Class 8 Assamese (অসমীয়া) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Sankardev Sishu Vidya Niketan (SVN) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
শংকৰদেৱ বিদ্যা নিকেতন, অষ্টম শ্ৰেণী: অসমীয়া
মাতৃপূজাত মোমাই বলি
পাঠভিত্তিক প্রশ্নোত্তৰ
ক্ৰিয়া-কলাপঃ
১। তলৰ প্রশ্নবােৰৰ চমু উত্তৰ দিয়া
(ক) লাচিত বৰফুকন কোন আছিল?
উত্তৰঃ বীৰ লাচিত বৰফুকন আছিল আহোম সৈন্য বাহিনীৰ প্ৰধান সেনাপতি।
(খ) গড় নির্মাণৰ কাম চাবলৈ আহি লাচিতবৰফুকনে কর্মীসকলক কি অৱস্থাত দেখিছিল?
উত্তৰঃ গড় নির্মাণৰ অগ্ৰগতি নিৰীক্ষণ কৰিবলৈ আহি লাচিত বৰফুকনে গড় বন্ধা কর্মীসকলক ক্লান্ত আৰু নিদ্ৰামগ্ন অৱস্থাত দেখা পাইছিল।
(গ) গড় নির্মাণৰ দায়িত্ব ভাৰ লাচিত বৰফুকনে কাৰ ওপৰত দিছিল?
উত্তৰঃ লাচিত বৰফুকনে এই গড় নির্মাণ কৰাৰ সম্পূৰ্ণ দায়িত্ব তেওঁৰ মোমায়েকৰ হাতত অৰ্পণ কৰিছিল।
(ঘ) “মােগলৰ সেনাপতি ৰাজপুত বীৰ”- এই ৰাজপুত বীৰ জন কোন আছিল?
উত্তৰঃ এই বাক্যশাৰীত উল্লেখ কৰা “মােগলৰ সেনাপতি ৰাজপুত বীৰ” জনৰ নাম আছিল ৰামসিংহ।
(ঙ) মােমায়েকক হত্যা কৰাৰ পিছত কর্মীসকলে কি কৰিছিল?
উত্তৰঃ লাচিতে মােমায়েকক হত্যা কৰা দৃশ্য দেখি কর্মীসকলে ভয়তে তৎক্ষণাত অতি উদ্যমেৰে গড় নিৰ্মাণৰ কামত নামি পৰিছিল।
২। পাঠটিৰ মাজেৰে লাচিত বৰফুকনৰ দেশপ্রেম কিদৰে প্ৰকাশ পাইছে – তােমাৰ নিজৰ ভাষাৰে লিখা
উত্তৰঃ বীৰ লাচিত বৰফুকন এজন অকৃত্ৰিম দেশপ্ৰেমিক আছিল। নিজৰ ওপজা মাতৃভূমিৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁ নিজৰ জীৱন পৰ্যন্ত বিসৰ্জন দিবলৈ সাজু আছিল। তেওঁৰ বাবে মাতৃভূমিৰ স্থান আছিল সকলোতকৈ ঊৰ্ধ্বত। শৰাইঘাটৰ যুদ্ধত দেশক মোগলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত তেওঁ কৰ্তব্যত অৱহেলা কৰা নিজৰ জন্মদাতা মোমায়েকৰো শিৰশ্ছেদ কৰি এক বিৰল বলিদানৰ নিদৰ্শন দাঙি ধৰিছিল। শাৰীৰিক অসুস্থতা আৰু জ্বৰৰ প্ৰকোপকো আওকাণ কৰি তেওঁ শৰাইঘাটৰ সেই ভয়ংকৰ ৰণত আহোম সৈন্যক সন্মুখৰ পৰা নেতৃত্ব দিছিল। তেওঁৰ এই সাহসী আৰু ত্যাগী মনোভাৱেই তেওঁৰ অসাধাৰণ দেশপ্ৰেমৰ পৰিচয় দাঙি ধৰে।
৩। লাচিত বৰফুকনে মােমায়েকক কিয় হত্যা কৰিছিল ? মােমায়েকক বধ কৰাৰ পিছত কর্মীসকল পুনৰ কামত উঠি – পৰি লগাত লাচিত বৰফুকনৰ মনত উদয় হােৱা ভাবৰাশি বহলাই লিখা।
উত্তৰঃ লাচিত বৰফুকনে ৰাতি গড় নির্মাণৰ কাম পৰিদৰ্শন কৰিবলৈ গৈ দেখিলে যে কর্মীসকল কৰ্ম এৰি শুই-বাগৰি নিদ্ৰামগ্ন হৈ আছে, আৰু গড়ৰ সৰহভাগ কামেই (প্ৰায় চাৰিভাগৰ তিনি অংশ) সম্পূৰ্ণ হ’বলৈ বাকী। দেশৰ এনে সংকটৰ সময়ত দায়িত্বত থকা মোমায়েকৰ গাফিলতি দেখি লাচিতৰ ক্ৰোধৰ সীমা নোহোৱা হ’ল আৰু তেওঁ খঙত কঁপিবলৈ ধৰিলে। তেওঁ বজ্ৰকণ্ঠেৰে ঘোষণা কৰিলে – “দেশতকৈ মোমাই ডাঙৰ নহয়।” এইবুলি কৈয়েই তেওঁ খাপৰ পৰা তৰোৱাল (হেংদান) উলিয়াই কৰ্তব্যত গাফিলতি কৰাৰ অপৰাধত মোমায়েকক কাটি দুটুকুৰা কৰিলে।
মোমায়েকৰ এনে শোচনীয় পৰিণতি দেখি ভয়তে কর্মীসকল লৰালৰিকৈ উঠি পুনৰ দুগুণ উদ্যমেৰে গড় নির্মাণৰ কামত লাগি গ’ল। কর্মীসকলৰ এনে কৰ্মস্পৃহা আৰু লাচিতৰ প্ৰতি থকা ভয়-মিশ্ৰিত ভক্তি দেখি লাচিতৰ মনত পুনৰ এক আশাৰ সঞ্চাৰ হ’ল। তেওঁ অনুভৱ কৰিলে যে, এই উদ্যমেৰে কাম কৰিলে ৰাতিপুৱাৰ পূৰ্বেই গড়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব আৰু মোগল সৈন্যক বাধা দিয়াটো সম্ভৱপৰ হ’ব।
৪। শৰাইঘাটৰ ৰণ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ?
উত্তৰঃ ঐতিহাসিক শৰাইঘাটৰ ৰণ ১৬৭১ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত আহোম আৰু মোগল সৈন্যৰ মাজত সংঘটিত হৈছিল।
৫। ব্যাখ্যা কৰা –
(ক) বিজাতীয় মােগলৰ গর্বিত নিচান – দিবা নেকি উৰুৱাব জননীৰ স্বাধীন শিৰত ?
উত্তৰঃ প্ৰসংগ: “বিজাতীয় মােগলৰ __স্বাধীন শিৰত ।” — উক্ত বাক্যফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত, সাহিত্যাচার্য অতুল চন্দ্ৰ হাজৰিকাদেৱৰ দ্বাৰা ৰচিত “মাতৃপূজাত মােমাই বলি” নামৰ পাঠটিৰ পৰা গ্ৰহণ কৰা হৈছে।
সংগতি আৰু ব্যাখ্যা: এই বাক্যটিৰ জৰিয়তে সেনাপতি লাচিত বৰফুকনে নিজৰ দায়িত্ব আৰু কৰ্তব্যত পিঠি দি জিৰণি লোৱা মোমায়েকক মাতৃভূমিৰ ওপৰলৈ নামি আহিব পৰা ভয়ংকৰ বিপদৰ বিষয়ে সতৰ্ক কৰি দিছে।
এৰাতিৰ ভিতৰতে মোগলক ভেটিবলৈ এটা গড় নিৰ্মাণ কৰিবলৈ লাচিতে মোমায়েকক যি গুৰু দায়িত্ব অৰ্পণ কৰিছিল, মোমায়েকে তাৰ প্ৰকৃত গুৰুত্ব অনুধাৱন কৰিব পৰা নাছিল। সেয়েহে গড়ৰ কাম আধা নৌহওঁতেই তেওঁ আৰাম কৰিবলৈ গৈছিল আৰু কর্মীবিলাকো শুই পৰিছিল। মাজনিশা কামৰ অগ্ৰগতি চাবলৈ আহি লাচিতে যেতিয়া এই পৰিস্থিতি দেখিলে, তেতিয়া তেওঁ মোমায়েকক কৈফিয়ৎ বিচাৰিলে। মোমায়েকে উত্তৰত ক’লে যে কর্মীসকল দিনৰ পৰিশ্ৰমত ক্লান্ত হৈ জিৰণি লৈছে। এই কথা শুনি লাচিতৰ খঙে চুলিৰ আগ পালেগৈ। দেশৰ সংকটকালত যুঁজাৰু সৈন্যৰ আকৌ কিহৰ জিৰণি? যদি ৰাতিপুৱাৰ আগতে গড় সম্পূৰ্ণ নহয়, তেন্তে ইয়াৰ পৰিণাম বৰ ভয়াৱহ হ’ব। মোগলক কোনোমতেই প্ৰতিৰোধ কৰিব পৰা নাযাব আৰু দেশৰ স্বাধীনতা ৰক্ষা কৰাও অসম্ভৱ হৈ পৰিব। লাচিত বৰফুকনৰ দৰে এজন প্ৰকৃত দেশপ্ৰেমিকৰ বাবে এনে পৰিস্থিতি কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। সেয়েহে তেওঁ অতিশয় ক্ষুব্ধ আৰু বিদ্ৰূপৰ সুৰত মোমায়েকক প্ৰশ্ন কৰিছিল, “বিজাতীয় মােগলৰ গর্বিত নিচান দিবা জানাে উৰুৱাব জননীৰ স্বাধীন শিৰত ?” অৰ্থাৎ, তুমি কি বিদেশী মোগলৰ বিজয় ধ্বজা আমাৰ স্বাধীন আই মাতৃৰ শিৰত উৰিবলৈ দিবা নেকি?
(খ) পূজনীয় তুমি , কিন্তু তাকো কৰি শতগুণে পূজনীয় মাতৃভূমি চেনেহী আই ।
উত্তৰঃ প্ৰসংগ: প্ৰদত্ত বাক্যশাৰী আমাৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট, সাহিত্যাচার্য অতুল চন্দ্ৰ হাজৰিকাৰ ৰচনা “মাতৃপূজাত মােমাই বলি” নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।
সংগতি আৰু ব্যাখ্যা: এই বাক্যফাঁকিৰ জৰিয়তে লাচিত বৰফুকনৰ নিজৰ ওপজা মাতৃভূমিৰ প্ৰতি থকা অপাৰ শ্ৰদ্ধা আৰু ভক্তি প্ৰকাশ পাইছে।
দেশমাতৃক মোগলৰ হাতোৰাৰ পৰা বচাবৰ বাবে লাচিতে মোমায়েকক গড় নিৰ্মাণৰ যি গুৰু দায়িত্ব দিছিল, তেওঁ সেই কৰ্তব্য পালনত চূড়ান্ত অৱহেলা কৰি এক মহাপাপ সংঘটিত কৰিছে। দেশৰ প্ৰতি কৰা এনে বিশ্বাসঘাতকতাৰ কোনো ক্ষমা নাই। সম্পৰ্কৰ ফালৰ পৰা মোমায়েক হিচাপে তেওঁ লাচিতৰ বাবে অৱশ্যে পূজনীয় আৰু শ্ৰদ্ধাৰ পাত্ৰ। কিন্তু জন্মভূমি অসম আইৰ স্থান লাচিতৰ বাবে মোমায়েকতকৈও বহুগুণে ওপৰত আৰু অধিক পূজনীয়। যিহেতু মোমায়েকে দেশৰ এনে এক গুৰুত্বপূৰ্ণ দায়িত্বত গাফিলতি কৰি মাতৃভূমিৰ সুৰক্ষাৰ প্ৰতি ভাবুকি নমাই আনিছে, সেয়েহে এই মহাপাপৰ সমুচিত শাস্তি তেওঁ ভোগ কৰিবই লাগিব।
(গ) চোৱা সৌ মানসৰ পবিত্র বেদত ঢিমিক ঢামাক জ্বলে আশাৰ প্রদীপ ।
উত্তৰঃ প্ৰসংগ: উল্লিখিত বাক্যফাঁকি আমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত আৰু সাহিত্যাচার্য অতুল চন্দ্ৰ হাজৰিকা বিৰচিত “মাতৃপূজাত মােমাই বলি” নামৰ পাঠটিৰ পৰা লোৱা হৈছে।
সংগতি আৰু ব্যাখ্যা: মোমায়েকক হত্যা কৰাৰ পিছত কর্মীসকলে পুনৰাই গড় নির্মাণৰ কামত আত্মনিয়োগ কৰাত লাচিতৰ মনলৈ যি নতুন আশাৰ সঞ্চাৰ হৈছিল, সেয়াই উক্ত কথাফাঁকিৰ জৰিয়তে প্ৰকাশ কৰা হৈছে।
মোমায়েকক কাটি দুটুকুৰা কৰা দেখি ভয়তে কর্মীসকলে পুনৰ দুগুণ উদ্যমেৰে গড় নিৰ্মাণৰ কামত নামি পৰে। গড়ৰ বহুখিনি কাম বাকী থাকিলেও কর্মীসকলৰ কৰ্মস্পৃহা আৰু উৎসাহ দেখি লাচিতৰ মনলৈ বিশ্বাস ঘূৰি আহে। তেওঁ অনুভৱ কৰে যে, কৰ্মীসকলে যদি নিজৰ সামৰ্থ্য আৰু শক্তিৰ ওপৰত বিশ্বাস ৰাখি একাগ্ৰতাৰে কাম কৰে, তেন্তে ৰাতিপুৱাৰ পূৰ্বেই গড়ৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব। গড় সম্পূৰ্ণ হ’লে মোগল বাহিনীক সহজে ভেটিব পৰা যাব আৰু তেওঁলোকে সোণৰ অসম দখল কৰাৰ সপোন কেতিয়াও পূৰণ নহ’ব। সেয়েহে নিৰাশ হোৱাৰ কোনো কাৰণ নাই বুলি লাচিতে অনুভৱ কৰিছে। তেওঁৰ মনত এতিয়াও আশাৰ বন্তি ঢিমিক-ঢামাককৈ জ্বলিয়েই আছে। এতিয়া মাথোঁ অলপ শ্ৰম আৰু ত্যাগেৰে সেই আশাপ্ৰদীপক পুনৰ দপ্দপকৈ জ্বলাই তুলি দেশমাতৃৰ মুখ উজলাই তোলাৰ সময়।
৬। পাঠটিৰ কথাখিনি সহজ ভাষাত চমুকৈ লিখা ।
উত্তৰঃ ১৬৭১ চনত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত অসমীয়া সেনানী আৰু মোগল বাহিনীৰ মাজত সংঘটিত ঐতিহাসিক যুদ্ধখনেই হৈছে শৰাইঘাটৰ যুদ্ধ। এই যুদ্ধৰ প্ৰস্তুতি স্বৰূপে লাচিত বৰফুকনে আগিয়াঠুৰিৰ পৰা গুৱাহাটীলৈ যোৱা পথত, বৰ্তমানৰ আমিনগাঁৱৰ সমীপত এটা গড় নিৰ্মাণৰ দায়িত্ব নিজৰ মোমায়েকক অৰ্পণ কৰিছিল। ইফালে অম্বৰ ৰাজ্যৰ ৰাজপুত সেনাপতি ৰামসিংহৰ নেতৃত্বত বিশাল মোগল সৈন্যবাহিনীও যুদ্ধৰ বাবে সাজু হৈ আগবাঢ়ি আহিছিল।
এদিন ৰাতি লাচিত বৰফুকনে ঘোঁৰাত উঠি গড় নিৰ্মাণৰ অগ্ৰগতি পৰিদৰ্শন কৰিবলৈ গৈ দেখিলে যে আধাখিনি কামো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। কৰ্তব্যত এনে চৰম অৱহেলা দেখি লাচিতৰ ক্ৰোধৰ সীমা নোহোৱা হ’ল। তেওঁ খাপৰ পৰা তৰোৱাল উলিয়াই “মোৰ দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি গৰজি উঠি মোমায়েকক ঘাপ মাৰি দুডোখৰ কৰিলে। এই ভয়ানক দৃশ্য দেখি আন কৰ্মীসকলে ততাতৈয়াকৈ পুনৰ উদ্যমেৰে গড়ৰ কামত নামি পৰিল। তেওঁলোকৰ এনে ঐকান্তিক প্ৰচেষ্টা আৰু কৰ্মনিষ্ঠা দেখি অৱশেষত লাচিতৰ মন আনন্দ আৰু আশাৰে ভৰি পৰিছিল।
৭। অতুল চন্দ্ৰ হাজৰিকাৰ দুখন নাটকৰ নাম লিখা।
উত্তৰঃ সাহিত্যাচার্য অতুল চন্দ্ৰ হাজৰিকাদেৱৰ দ্বাৰা ৰচিত দুখন বিখ্যাত নাটকৰ নাম হৈছে— ‘কুৰুক্ষেত্ৰ’ আৰু ‘সাৱিত্ৰী’।
৮। চমুটোকা লিখা –
( ক ) লাচিত বৰফুকন
উত্তৰঃ বীৰ লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এগৰাকী অতিশয় সুদক্ষ আৰু পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামূলী বৰবৰুৱা। লাচিত বৰফুকনৰ বলিষ্ঠ নেতৃত্বতেই ১৬৭১ চনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল। এই যুদ্ধত অসাধাৰণ বীৰত্ব প্ৰদৰ্শন কৰি লাচিতে মোগল বাহিনীক শোচনীয়ভাৱে পৰাজিত কৰি অসমৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিছিল।
এই ৰণৰ পূৰ্বে মোগলক ভেটিবৰ বাবে আমিনগাঁৱত এৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণ কৰিবলৈ তেওঁ নিজ মোমায়েকক দায়িত্ব দিছিল। কিন্তু কামত অৱহেলা কৰাৰ অপৰাধত তেওঁ ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি মোমায়েকৰ শিৰশ্ছেদ কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা এই ‘মোমাই কটা গড়’ আজিও লাচিতৰ সেই মহান দেশপ্ৰেমৰ এক অম্লান নিদৰ্শন হৈ জিলিকি আছে।
(খ) ৰামসিংহ
উত্তৰঃ ৰামসিংহ আছিল অম্বৰ ৰাজ্যৰ এজন পৰাক্ৰমী ৰাজপুত ৰজা। দিল্লীৰ মোগল সম্ৰাট ঔৰংগজেৱৰ নিৰ্দেশ মৰ্মে তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। ১৬৬৭ খ্ৰীষ্টাব্দত ঔৰংগজেৱে ৰামসিংহত বিপুল সৈন্য-সামন্ত প্ৰদান কৰি সোণৰ অসম জয় কৰিবলৈ প্ৰেৰণ কৰিছিল। কিন্তু ১৬৭১ খ্ৰীষ্টাব্দত সংঘটিত হোৱা ঐতিহাসিক শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি লাচিত বৰফুকনৰ দুৰ্দান্ত প্ৰতাপৰ সন্মুখত ৰামসিংহৰ সৈন্যবাহিনী তিষ্ঠিব নোৱাৰি শোচনীয়ভাৱে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।
(গ) শৰাইঘাটৰ যুদ্ধ
উত্তৰঃ ১৬৭১ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত স্বাধীন অসম আৰু আগ্ৰাসী মোগল সাম্ৰাজ্যৰ মাজত যিখন ঐতিহাসিক ৰণ সংঘটিত হৈছিল, সেয়াই শৰাইঘাটৰ যুদ্ধ নামেৰে জনাজাত। এই যুদ্ধত আহোম সৈন্যক নেতৃত্ব দিছিল পৰাক্ৰমী সেনাপতি লাচিত বৰফুকনে আৰু মোগল সৈন্যক পৰিচালনা কৰিছিল ৰাজপুত বীৰ ৰামসিংহই। এই মহন ৰণত মোগল বাহিনীৰ শোচনীয় পৰাজয় ঘটে আৰু আহোম সৈন্যই গৌৰৱোজ্জ্বল জয়লাভ কৰি অসমৰ স্বাধীনতা সুৰক্ষিত কৰে।




