অষ্টম শ্ৰেণীৰ অসমীয়া অধ্যায় ২ – বৰ লোকৰ চৰিত্ৰ অধ্যয়ন – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | শংকৰদেৱ শিশু বিদ্যা নিকেতন

CLASS 8

Class 8 Assamese Chapter 2 বৰ লোকৰ চৰিত্ৰ অধ্যয়ন Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

অষ্টম শ্ৰেণী অসমীয়া অধ্যায় ২ – বৰ লোকৰ চৰিত্ৰ অধ্যয়ন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan)

অষ্টম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ দ্বিতীয় অধ্যায় ‘বৰ লোকৰ চৰিত্ৰ অধ্যয়ন’ এখন অতি গুৰুত্বপূৰ্ণ আৰু আদৰ্শমূলক পাঠ। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Assamese Chapter 2 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন, বহু-বিকল্পী প্ৰশ্ন (MCQs) আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘বৰ লোকৰ চৰিত্ৰ অধ্যয়ন’ নামৰ এই পাঠটিত মহৎ আৰু আদৰ্শৱান লোকসকলৰ জীৱন, কৰ্ম আৰু তেওঁলোকৰ চৰিত্ৰৰ মহত্ত্বৰ বিষয়ে সুন্দৰভাৱে আলোচনা কৰা হৈছে। অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • বৰ লোকৰ চৰিত্ৰ অধ্যয়ন পাঠটিৰ মূল ভাৱ, আদৰ্শ আৰু মহৎ লোকৰ জীৱন-দৰ্শনৰ বিস্তৃত বিশ্লেষণ।
  • শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • বৰ লোকৰ চৰিত্ৰ অধ্যয়ন পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ-ৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 8 Assamese (অসমীয়া) Textbook Solutions & MCQs | SVN Sankardev New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest SVN (Sankardev) New Syllabus & Updated Book

Get comprehensive preparation for Class 8 Assamese (অসমীয়া) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Sankardev Sishu Vidya Niketan (SVN) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 2 বৰ লোকৰ চৰিত্ৰ অধ্যয়ন

 শংকৰদেৱ বিদ্যা নিকেতন, অষ্টম শ্ৰেণী: অসমীয়া

অধ্যায়-2                                                                           অস্পিন একাডেমী

বৰ লোকৰ চৰিত্ৰ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

১ । চমুউত্তৰ দিয়া —

(ক) কেনে পুথি পঢ়ি সুগম পথ পােৱা যায় ?

উত্তৰঃ মহান ব্যক্তিসকলৰ জীৱনী গ্রন্থ অধ্যয়ন কৰিলে জীৱনৰ সুগম বাট বিচাৰি উলিয়াব পাৰি।

(খ) উদ্‌গতি কৰিবলৈ আদিতে মানুহক কি লাগে ?

উত্তৰঃ জীৱনত উন্নতি সাধন কৰিবলৈ মানুহক প্রথম অৱস্থাতে এটা সুচল বা সুগম বাটৰ আৱশ্যক হয়।

(গ) লেখকে উদ্‌গতিৰ নিমিত্তে কেনে পুৰুষক ধন্য বুলি কৈছে ?

উত্তৰঃ যিজন ব্যক্তিয়ে নিজৰ বাহুবল অর্থাৎ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে জীৱনত উন্নতি লাভ কৰি মহান হ’ব পাৰিছে, লেখকে তেনে পুৰুষকেই ধন্য বুলি অভিহিত কৰিছে।

(ঘ) উদ্‌গতি পথৰ নতুন যাত্রীক লেখকে কি উপদেশ দিছে ?

উত্তৰঃ উন্নতিৰ বাটেৰে আগবাঢ়িব বিচৰা ন-যাত্ৰীসকলক লেখকে মহান ব্যক্তিসকলৰ জীৱন-বুৰঞ্জী অধ্যয়ন কৰাৰ পৰামৰ্শ আগবঢ়াইছে।

(ঙ) উদ্‌গতি পথৰ চেষ্টাৰ এটা দৃষ্টান্ত দাঙি ধৰা ।

উত্তৰঃ মহান ব্যক্তিৰ জীৱন-চৰিত্ৰই হৈছে উন্নতিৰ পথত কৰা প্ৰচেষ্টাৰ এক অন্যতম নিদৰ্শন বা দৃষ্টান্ত।

(চ) কি গুণৰ বলত মানুহ ডাঙৰ হ’ব পাৰি ?

উত্তৰঃ মানুহে নিজৰ পুৰুষাৰ্থ অৰ্থাৎ একাগ্ৰতা আৰু পৰিশ্ৰমৰ বলতহে জীৱনত মহান হ’ব পাৰে।

(ছ) উদ্‌গতিৰ দৃষ্টান্ত দেখিলে ডাঙৰ হ’বলৈ ইচ্ছা কেনেদৰে জন্মে ?

উত্তৰঃ আনৰ উন্নতিৰ নিদৰ্শন বা দৃষ্টান্ত চকুত পৰিলে মানুহৰ মনতো তেনেকৈ মহান হোৱাৰ হাবিয়াস বা ইচ্ছা জাগ্ৰত হয়।

(জ) বুৰঞ্জীত কি থাকে বুলি লেখকে কৈছে ?

উত্তৰঃ লেখকৰ মতে, বুৰঞ্জীৰ পাতত কেৱল মাত্ৰ এটা জাতিৰ ক্ৰিয়াকলাপ আৰু তেওঁলোকৰ উত্থান-পতনৰ বিৱৰণহে সন্নিৱিষ্ট থাকে।

(ঝ) কিহৰ পৰা মানুহৰ স্বভাৱ লক্ষ্য কৰিব পাৰি ?

উত্তৰঃ মানুহৰ দৈনন্দিন জীৱনৰ সৰু সৰু কাম-কাজ বা কথা-বতৰাৰ পৰাই তেওঁৰ প্ৰকৃত স্বভাৱ নিৰীক্ষণ কৰিব পৰা যায়।

২। লেখকে উদ্‌গতিৰ বাট ভিন ভিন বুলি কিয় কৈছে বুজাই লিখা ।

উত্তৰঃ পৃথিৱীৰ সকলো মানুহৰ স্বভাৱ, চৰিত্ৰ আৰু পাৰিপাৰ্শ্বিক অৱস্থা কেতিয়াও একে নহয়। ব্যক্তিবিশেষে মানুহৰ ৰুচি আৰু পৰিস্থিতি বেলেগ বেলেগ হোৱা দেখা যায়। সেইবাবে উন্নতিৰ পথবোৰো সকলোৰে বাবে একে নহৈ ভিন ভিন হয়। সকলো মানুহে কেৱল মাত্ৰ এটা নিৰ্দিষ্ট পথেৰে কেতিয়াও উন্নতি লাভ কৰিব নোৱাৰে। যাৰ বাবে যিটো পথ বেছি সুচল, তেওঁ সেইটো পথকে বাছি লোৱাটো উচিত। পঢ়া-শুনা কৰা, খেতি-বাতি কৰা, বেপাৰ-বাণিজ্য, খেল-ধেমালি, বা অভিনয় কৰা— এই সকলোবোৰেই হৈছে উন্নতিৰ ভিন্ন পথ। এই ভিন্ন পথসমূহৰ ভিতৰত যিটো পথ ব্যক্তিবৰ্গই নিজৰ চৰিত্ৰ আৰু অৱস্থাৰ লগত খাপ খায় বুলি অনুভৱ কৰে, তেওঁ সেইটো পথকে গ্ৰহণ কৰিব লাগে। এনেদৰে কোনোবাই কৃষিৰ যোগেদি, কোনোবাই ব্যৱসায়ৰ যোগেদি আৰু আন কোনোবাই আকৌ অভিনয়ৰ যোগেদিও জীৱনত আগবাঢ়িব পাৰে। এই কাৰণেই লেখকে উদ্‌গতি বা উন্নতিৰ বাট বেলেগ বেলেগ বুলি উল্লেখ কৰিছে।

৩। সংসাৰ যাত্ৰাত উদগতিকৰিবলৈবৰ লোকৰ চৰিত্র অধ্যয়ন কিয় প্ৰয়োজন ? পাঠৰ আধাৰত বহলাইলিখা ।

উত্তৰঃ এই সংসাৰ যাত্ৰাত উন্নতি সাধন কৰিবলৈ হ’লে বৰ লোকৰ জীৱন-চৰিত্ৰ অধ্যয়ন কৰাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ আছে। এই জগতত উন্নতি কৰাৰ যিদৰে অসংখ্য পথ আছে, ঠিক সেইদৰে অৱনতি বা অধোগতিৰো অনেক বাট আছে। কোনটো পথ উন্নতিৰ আৰু কোনটো অধোগতিৰ, সেইটো নিৰ্ধাৰণ কৰাটো বৰ উজু কাম নহয়। বহুতো লোকে ভুলৱশতঃ অধোগতিৰ বাটটোকে উন্নতিৰ বাট বুলি ধৰি লয়। আনহাতে, উন্নতিৰ প্ৰকৃত বাটেৰে অগ্ৰসৰ হোৱা ব্যক্তিয়েও বাটত অনেক লটিঘটিৰ সন্মুখীন হ’বলগীয়া হয়। পিছে মহান ব্যক্তিসকলৰ জীৱন-গাঁথা অধ্যয়ন কৰিলে উন্নতি লাভৰ সঠিক পথ বিচাৰি পোৱা যায়। কিয়নো, তাত উন্নতিৰ বাট আৰু সেই বাটৰ হেঙাৰবোৰ অতিক্ৰম কৰাৰ উপায়— এই দুয়োটাৰে উল্লেখ থাকে। ব্যক্তিৰ চৰিত্ৰ আৰু পৰিস্থিতি অনুযায়ী উন্নতিৰ পথো ভিন্ন হয়।

একাধিক ব্যক্তিৰ জীৱনী পঢ়িলে কেইবাটাও পথৰ উমান পোৱা যায়, আৰু তেতিয়া উন্নতি কৰিব বিচৰা লোকজনে নিজৰ স্বভাৱ আৰু পৰিস্থিতিৰ লগত ৰজিতা খোৱা সুচল পথটো বাছনি কৰি ল’ব পাৰে। যিকোনো কামৰ আৰম্ভণিতে এজন গুৰু বা শিক্ষকৰ প্ৰয়োজন। জীৱনৰ যাত্ৰাপথত সুকলমে আগুৱাই যাবলৈকো এজন নিৰ্ভৰযোগ্য প্ৰশিক্ষকৰ দৰকাৰ। বৰ লোকৰ জীৱন-চৰিত্ৰ পাঠ কৰিলে তেনে এজন সুযোগ্য শিক্ষক পোৱা যায়; কাৰণ যাৰ জীৱনী পঢ়া হয় তেওঁ এজন শিক্ষকৰ দৰে কাম কৰে আৰু তেওঁৰ কাম-কাজবোৰ একোএকোটা সদুপদেশ হৈ পৰে।

দৃষ্টান্ত বা উদাহৰণৰ প্ৰভাৱ মানুহৰ মনত বৰ বেছি। আনৰ মহানতা বা সফলতা দেখিলে, দেখোঁতাজনৰ মনতো তেনে মহান হোৱাৰ হাবিয়াস জাগে। বৰ লোকৰ জীৱন-কাহিনী হৈছে উন্নতিৰ পথত কৰা প্ৰচেষ্টাৰ একোটা জ্বলন্ত নিদৰ্শন। সেইবোৰ পঢ়িলে মানুহৰ মনতো তেনেদৰে উন্নতি কৰি জীৱনত ডাঙৰ হোৱাৰ বাসনা ওপজে।

উন্নতিৰ বাটেৰে খোজ পেলোৱা প্ৰতিগৰাকী যাত্ৰীয়েই নিজৰ মনত এটা উচ্চ আৰ্হি বা আদৰ্শ নিৰ্ধাৰণ কৰি লোৱাটো বাঞ্ছনীয়। বৰ লোকৰ চৰিত্ৰ পাঠ কৰি মানুহে তেনে এক আদৰ্শ থিৰ কৰি ল’ব পাৰে।

এই সকলোবোৰ দিশ চালি-জাৰি চালেই সহজেই অনুমেয় যে, লেখকে উল্লেখ কৰাৰ দৰে সংসাৰ যাত্ৰাত সফলতা লাভ কৰিবলৈ মহান লোকৰ জীৱন-চৰিত্ৰ অধ্যয়ন কৰাটো নিতান্তই আৱশ্যক।

৪। “ একে উচালে কোনেও জগতত উদ্‌গতিৰ ওখ টিঙত উঠিব নোৱাৰো ” — কথাষাৰ বুজাই লিখা ।

উত্তৰঃ জীৱনত উন্নতি সাধন কৰিবলৈ পৰিশ্ৰম, যত্ন আৰু একাগ্ৰ সাধনাৰ নিতান্তই আৱশ্যক। বিনা কষ্ট বা বিনা প্ৰয়াসে কোনেও সফলতাৰ মুখ দেখিব নোৱাৰে। কেতিয়াবা কোনোবাই ভাগ্যৰ বলত আনৰ দ্বাৰা উপাৰ্জিত ধন-সম্পত্তি লাভ কৰি নিজকে উন্নত হোৱা বুলি ধাৰণা কৰিব পাৰে। কিন্তু ধন-সম্পত্তি লাভ কৰাটো উন্নতিৰ মাত্ৰ এটা সৰু অংশহে, ই কেতিয়াও সৰ্বাঙ্গীন উন্নতি হ’ব নোৱাৰে। তাৰোপৰি, আনৰ উপাৰ্জিত ধনেৰে ধনী হৈ ডাঙৰ মানুহ হ’লে তাত নিজৰ কোনো পুৰুষাৰ্থ বা কৃতিত্ব নাথাকে। নিজৰ বাহুবল আৰু শ্ৰমৰ জৰিয়তে ডাঙৰ হ’ব পৰাটোতহে প্ৰকৃত গৌৰৱ সোমাই থাকে। আনহাতে, বাহুবল থাকিলেও নিমিষতে বা ৰাতিটোৰ ভিতৰতে কোনেও সফলতাৰ শীৰ্ষত উপনীত হ’ব নোৱাৰে। সম্পূৰ্ণৰূপে উন্নতি লাভ কৰিবলৈ হ’লে মানুহে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু জীৱনৰ পথত অনেক ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ’ব লাগিব। কিয়নো, উন্নতিৰ পথটো বাধাহীন নহয়, তাত বাধা-বিঘিনি থাকিবই। মনত অটুট বিশ্বাস, ধৈৰ্য আৰু সাহস বুকুত বান্ধি এই প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিব লাগিব, আৰু ইয়াৰ বাবে যথেষ্ট সময়ৰো দৰকাৰ হ’ব। সেইবাবেই লেখকে মন্তব্য কৰিছে যে কোনো মানুহেই একেকোবেই বা একেজাপে উন্নতিৰ সৰ্বোচ্চ শিখৰত আৰোহণ কৰিব নোৱাৰে।

৫। উদ্‌গতিৰ সুগম পথ কেনে হোৱা উচিত ?

উত্তৰঃ উন্নতি লাভ কৰাৰ পথবোৰ ভিন ভিন ধৰণৰ হোৱা দেখা যায়। মাত্ৰ এটা নিৰ্দিষ্ট পথেৰে সকলোৱে সফলতা লাভ কৰিব নোৱাৰে আৰু সকলো বাট সকলোৰে কাৰণে সুচলো নহয়। যাৰ বাবে যিটো বাট বেছি সুবিধাজনক, তেওঁ সেইটো বাটকে গ্ৰহণ কৰাটো উচিত। পিছে এই সুবিধাজনক বাটটো বিচাৰি উলিওৱাটো বৰ উজু কাম নহয়। জীৱনত উন্নতি কৰিব বিচৰা ব্যক্তি এজনে বৰ লোকৰ জীৱন-বুৰঞ্জী অধ্যয়ন কৰি তেওঁৰ বাবে আটাইতকৈ উপযোগী পথটো নিৰ্বাচন কৰি ল’ব পাৰে। কেইবাগৰাকীও মহান ব্যক্তিৰ জীৱন-চৰিত্ৰ পঢ়িলে, কেইবাটাও বেলেগ বেলেগ পথৰ সম্ভেদ পাব পাৰি। এই পথসমূহৰ মাজৰ পৰাই ব্যক্তিজনে নিজৰ বাবে আটাইতকৈ সুগম আৰু লাভজনক বুলি অনুভৱ কৰা যিকোনো এটা পথ বাছি ল’ব পাৰে।

অৱশ্যে মন কৰিবলগীয়া কথাটো হ’ল, তেওঁ বাছনি কৰি লোৱা এই পথটো ব্যক্তিজনৰ নিজৰ স্বভাৱ, ৰুচি আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত সম্পূৰ্ণৰূপে ৰজিতা খোৱা বিধৰ হ’ব লাগিব।

৬। পাঠৰ আধাৰত বুৰঞ্জী আৰু চৰিত্ৰ পুথিৰ পার্থক্য লিখা ।

উত্তৰঃ বুৰঞ্জীৰ পাতত সাধাৰণতে সমগ্ৰ এটা জাতিৰ কাম-কাজ আৰু সেই জাতিটোৰ উত্থান-পতনৰ ইতিহাসহে সন্নিৱিষ্ট থাকে; ইয়াত কোনো এজন বিশেষ ব্যক্তিৰ জীৱনৰ পুংখানুপুংখ বিৱৰণ পাবলৈ নাই। ইয়াৰ বিপৰীতে, এখন চৰিত পুথিত এজন নিৰ্দিষ্ট ব্যক্তিৰ জীৱনৰ আদ্যোপান্ত কাহিনী লিপিৱদ্ধ হৈ থাকে। ব্যক্তিজনৰ শোৱা-খোৱাৰ ধৰণ, কথা-বতৰা আৰু আলহী-অতিথিক আদৰ-সাদৰ কৰাৰ নীতি-নিয়ম আদিৰ দৰে অতি সূক্ষ্ম আৰু সৰু সৰু কথাবোৰৰ বিৱৰণ চৰিত পুথিত পোৱা যায়। বুৰঞ্জীৰ পৰা কোনো ব্যক্তিৰ জীৱনৰ এনেকুৱা আঁতি-গুৰি মাৰি কৰা সূক্ষ্ম বিৱৰণ লাভ কৰাটো কেতিয়াও সম্ভৱ নহয়।

৭। উদ্‌গতিৰ বাঞ্চা কেনে হ’ব লাগে ?

উত্তৰঃ উদ্‌গতি বা উন্নতি লাভৰ হাবিয়াস সদায় স্থিৰ, সুনিশ্চিত আৰু মতলীয়া হাতীৰ দৰে প্ৰবল আৰু দুৰ্দান্ত হ’ব লাগে, তেতিয়াহে মানুহে উন্নতিৰ পথত পোৱা ভয়ংকৰ বাধা-বিঘিনিবোৰ সাহসেৰে অতিক্ৰম কৰিব পাৰিব।

৮। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা –

(ক) এইবােৰ বিঘিনি পাৰ হৈ উদ্‌গতিৰ মােহন মন্দিৰত প্ৰৱেশ কৰা বৰ টান কাম ।

উত্তৰঃ প্ৰসংগ: “এইবােৰ বিঘিনি…………..বৰ টান কাম।” — উদ্ধৃত গদ্যাংশখনি আমাৰ অসমীয়া পাঠ্যপুথিত অন্তৰ্ভুক্ত, সাহিত্যিক সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত ‘বৰ লোকৰ চৰিত্ৰ অধ্যয়ন’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

সংগতি আৰু ব্যাখ্যা: কোনো ধৰণৰ পৰিশ্ৰম নোহোৱাকৈ বা বাধাৰ সন্মুখীন নোহোৱাকৈ সহজে উন্নতিৰ শিখৰত উপনীত হোৱাটো যে এক প্ৰকাৰ অসম্ভৱ কাম, লেখকে এই বাক্যফাঁকিৰ জৰিয়তে সেই কথাকেই সাব্যস্ত কৰিব বিচাৰিছে।

    প্ৰত্যেক মানুহৰ মনতেই জীৱনত উন্নতি কৰাৰ হেঁপাহ থাকে। সফলতা লাভ কৰিবলৈ হ’লে এটা সুচল পথৰ নিতান্তই আৱশ্যক। পিছে এনে এটা সুচল পথ বিচাৰি উলিওৱাটো তেনেই উজু কথা নহয়। উন্নতিৰ পথৰ সমান্তৰালকৈ অধোগতিৰো অনেক বাট থাকে। সমাজৰ বহুসংখ্যক লোকে অধোগতিৰ পথকে উন্নতিৰ পথ বুলি ভুলকৈ গ্ৰহণ কৰি মাজবাটতে লটিঘটি খাবলগীয়া অৱস্থাত পৰে। আনহাতে যিজন ব্যক্তিয়ে উন্নতিৰ প্ৰকৃত পথেৰে অগ্ৰসৰ হয়, তেৱোঁ বাটত অনেক ঘাত-প্ৰতিঘাত আৰু উজুটি খাবলগীয়া হয়। কিয়নো অনেক ধৰণৰ প্ৰত্যাহ্বান আৰু বাধা-বিঘিনিয়ে তেওঁৰ বাট আগচি ধৰে। নিজৰ প্ৰত্যুৎপন্নমতিতা আৰু বুদ্ধিৰ বলত যদি তেওঁ সেই বাধাবোৰ অতিক্ৰমো কৰে, তথাপিও নতুন কিছুমান হেঙাৰে তেওঁক বাধা দিবলৈ থিয় দিয়েহি। চমু কথাত ক’বলৈ গ’লে, কোনো ধৰণৰ বাধা-বিঘিনি নোহোৱাকৈ কোনেও নিমিষতে উন্নতিৰ সৰ্বোচ্চ শিখৰত আৰোহণ কৰিব নোৱাৰে।

(খ) এই নিমিত্তে সকলো কামত আদিতে এজন শিক্ষকৰ প্রয়ােজন ।

উত্তৰঃ প্ৰসংগ: “এই নিমিত্তে সকলো কামত…………..আদিতে এজন শিক্ষকৰ প্ৰয়োজন ” — প্ৰদত্ত বাক্যশাৰী আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত, সত্যনাথ বৰাদেৱে ৰচনা কৰা ‘বৰ লোকৰ চৰিত্ৰ অধ্যয়ন’ শীৰ্ষক প্ৰবন্ধটিৰ পৰা গ্ৰহণ কৰা হৈছে।

     সংগতি আৰু ব্যাখ্যা: মানৱ জীৱনত এজন যোগ্য গুৰু বা শিক্ষকৰ আৱশ্যকতাৰ বিষয়ে বুজাবলৈ গৈ লেখকে এই কথাষাৰ অৱতাৰণা কৰিছে।

     যিকোনো নতুন কাম এটা আৰম্ভ কৰোঁতে প্ৰথমতে সেয়া কঠিন যেনেই লাগিব পাৰে; কিন্তু যদিহে কোনো এজন পাৰ্গত আৰু অভিজ্ঞ লোকে কাষত থাকি হাতে-কামে বস্তুটো শিকাই দিয়ে, তেন্তে সেই কামটো কৰাটো বৰ সহজ হৈ পৰে। এই কাৰণেই প্ৰতিটো কামৰ আৰম্ভণিতে এজন পথপ্ৰদৰ্শক বা শিক্ষকৰ দৰকাৰ হয়। শিক্ষকৰ পৰামৰ্শ আৰু নিৰ্দেশনা অনুসৰি কাম কৰিলে কামবোৰ উজু হোৱাৰ লগতে সুচাৰুৰূপে সম্পন্ন হয়। ভাত ৰন্ধা, তাঁত বোৱা বা হাল বোৱাৰ দৰে সাধাৰণ দৈনন্দিন কামবোৰো মানুহে জন্মৰে পৰা শিকি নাহে, আন কাৰোবাৰ পৰা শিকিহে কৰিবলৈ লয়। সেয়েহে, জীৱনৰ কঠিন কামবোৰৰ বাবে যে এজন শিক্ষকৰ প্ৰয়োজন আছে, সেই কথা দুনাই কোৱাৰ প্ৰয়োজন নাই। বিশেষকৈ যিসকল লোকে জীৱনত আগুৱাই যাব বিচাৰে, তেওঁলোকৰ বাবে আৰম্ভণিতে সদায়েই এজন সুনিপুণ শিক্ষক বা প্ৰশিক্ষকৰ প্ৰয়োজন অপৰিহাৰ্য।

(গ) ডাঙৰ আৰ্হিয়ে মানুহৰ মন ডাঙৰ কৰে আৰু ডাঙৰ পদলৈ অভিলাষ জন্মায় ।

উত্তৰঃ প্ৰসংগ: “ডাঙৰ আৰ্হিয়ে মানুহৰ…………..অভিলাষ জন্মায়।” — উক্ত কথাফাঁকি সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত তথা আমাৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট ‘বৰ লোকৰ চৰিত্ৰ অধ্যয়ন’ নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে।

     সংগতি আৰু ব্যাখ্যা: জীৱনত উন্নতি কৰিব বিচৰা এজন ব্যক্তিয়ে কেনেধৰণৰ আদৰ্শ বা আৰ্হি গ্ৰহণ কৰা উচিত, তাৰেই নিদৰ্শন লেখকে এই বাক্যশাৰীৰ জৰিয়তে দাঙি ধৰিছে।

    জীৱনৰ যাত্ৰাপথত আগবাঢ়ি যাওঁতে মানুহে সদায় সমুখত এটা উচ্চ পৰ্যায়ৰ আৰ্হি বা আদৰ্শ স্থিৰ কৰি ল’ব লাগে। এনে উচ্চ আদৰ্শই মানুহৰ মন আৰু মানসিকতাক বিশাল কৰে আৰু লগতে সমাজত উচ্চ পদবী লাভ কৰাৰ স্পৃহা জগাই তোলে। যিজন লোকে কেতিয়াও কোনো ডাঙৰ আদৰ্শ দেখা নাই, তেওঁ সাধাৰণ আৰু সৰু সৰু বস্তু বা পদবীকেই বহুত ডাঙৰ বুলি ভাৱি লয়। উদাহৰণস্বৰূপে, এখন দৰিদ্ৰ দেশত এহেজাৰ টকাৰ গৰাকীজনেই হৈ পৰে চহকী মানুহ, আৰু মূৰ্খৰ দেশত আখৰ চিনিব পৰাজনেই পৰম পণ্ডিত বুলি পৰিগণিত হয়। প্ৰবচনতো আছে— “গছ নোহোৱা দেশত এৰাই বৰ গছ।” কিন্তু যিজন ব্যক্তিয়ে প্ৰকৃততে প্ৰখৰ পণ্ডিত আৰু অতিকৈ চহকী লোকৰ সংস্পৰ্শলৈ আহিছে, তেওঁৰ মন স্বাভাৱিকতেই বহল হয় আৰু তেনে এক উচ্চ স্থান পাবলৈ তেওঁৰ মনত প্ৰবল আগ্ৰহৰ সৃষ্টি হয়। সেইবাবেই, উন্নতিৰ বাটেৰে অগ্ৰসৰ হোৱা যাত্ৰীয়ে নিজৰ চকুৰ সমুখত সদায় এক বিশাল আৰু মহান আৰ্হি স্থাপন কৰি লোৱাটো নিতান্তই দৰকাৰ।

৯। পুথি এখন পঢ়িবলৈ নির্বাচন কৰা ক্ষেত্ৰত কি কি কথা লক্ষ্য কৰা উচিত আৰু ভাল পুথি এখনে তোমাক কেনেদৰে সহায় কৰিব পাৰে বুলি তুমি ভাবা ?

উত্তৰঃ অধ্যয়নৰ বাবে এখন গ্ৰন্থ নিৰ্বাচন কৰাৰ সময়ত সৰ্বপ্ৰথমে আমি গ্ৰন্থখনৰ ৰচক বা লেখকগৰাকীৰ বিষয়ে লক্ষ্য কৰা উচিত। দ্বিতীয়তে, যিখন কিতাপ আমাৰ দৰকাৰত আহিব পাৰে বা যিখনত আমাৰ প্ৰয়োজনীয় বিষয়বস্তুসমূহ অন্তৰ্ভুক্ত হৈ আছে, তেনে কিতাপহে বাছনি কৰা উচিত। তৃতীয়তে, পুথিখনিৰ ভাষা আৰু ৰচনাৰ শৈলী কেনেকুৱা, তাৰ প্ৰতিও চকু দিয়াটো দৰকাৰ। কিয়নো জটিল বাক্য গাঁথনি আৰু টান ভাষাই পাঠকক কিতাপখনৰ প্ৰকৃত অৰ্থ বুজি পোৱাত বেয়াকৈ বাধাৰ সৃষ্টি কৰিব পাৰে।

এখন উত্তম গ্ৰন্থই আমাক বিভিন্ন ধৰণে সহায় কৰিব পাৰে। ই আমাৰ মনৰ পৰা অন্ধকাৰ দূৰ কৰি জ্ঞানৰ বিশাল দুৱাৰ মুকলি কৰে। ভৱিষ্যতৰ বাবে সঠিক পথ প্ৰদৰ্শন কৰাৰ লগতে জীৱনত সন্মুখীন হোৱা বিভিন্ন জটিল সমস্যাৰ সমাধান সূত্ৰও ইয়াৰ পৰা পাব পাৰি। মানসিক প্ৰশান্তি প্ৰদান কৰাৰ উপৰিও জীৱন সংগ্ৰামত সাহসেৰে আগুৱাই যাবলৈ এখন ভাল কিতাপে আমাক সীমাহীন উৎসাহ আৰু প্ৰেৰণা যোগায়। এনেদৰেই এখন উৎকৃষ্ট কিতাপে মানুহক জীৱনৰ পদে পদে সহায়ৰ হাত আগবঢ়ায়।

১০। খালী ঠাই পূৰ কৰা — 

(ক) ______ উদ্‌গতিৰ এটা অংগ মাথােন ।

উত্তৰঃ ঐশ্বৰ্য – বিভূতি উদ্‌গতিৰ এটা অংগ মাথােন ।

(খ) উদ্‌গতিৰ পথত সুকলমে চলিবলৈ সদায় এজন ভাল ______ প্রয়ােজন হয় ।

উত্তৰঃ উদ্‌গতিৰ পথত সুকলমে চলিবলৈ সদায় এজন ভাল শিক্ষকৰ প্রয়ােজন হয় ।

(গ) বৰ লােকৰ চৰিত্ৰ উদ্‌গতি চেষ্টাৰ এটা ______ ।

উত্তৰঃ বৰ লােকৰ চৰিত্ৰ উদ্‌গতি চেষ্টাৰ এটা দৃষ্টান্ত

(ঘ) উদ্‌গতি পথৰ প্রত্যেক যাত্রীয়েই তাৰ মনত এটা ডাঙৰ ______ থিৰ কৰি লােৱা উচিত ।

উত্তৰঃ উদ্‌গতি পথৰ প্রত্যেক যাত্রীয়েই তাৰ মনত এটা ডাঙৰ আৰ্হি থিৰ কৰি লােৱা উচিত ।

(ঙ) ______ পুথিত এজন মানুহৰ জীৱনী বহলাই বর্ণোৱা হয় ।

উত্তৰঃ চৰিত্ৰ পুথিত এজন মানুহৰ জীৱনী বহলাই বর্ণোৱা হয় 

ভাষা-বিচাৰ

১। বিপৰীত শব্দ লিখা — 

সুগম , উগ্নতি , চতুৰ , সুচল , সূক্ষ্ম , সন্তুষ্ট , নিধনী 

উত্তৰঃ 

সুগম

দুর্গম

উদ্‌গতি

অধােগতি

চতুৰ

অজলা , ভােদা 

সুচল

অচল

সূক্ষ্ম

স্থূল

সন্তুষ্ট

অসন্তুষ্ট

নিধনী

ধনী

২। সমার্থক শব্দ লিখা – 

বাঞ্ছা , উজু , বিদগ্ধ , উন্নতি 

উত্তৰঃ

বাঞ্ছা

ইচ্ছা , কামনা । 

উজু

সহজ , সৰল , ঢিলা । 

বিদগ্ধ

পাৰ্গত , বৰ নিপুণ । 

উন্নতি

উদগতি , শ্রীবৃদ্ধি , সমৃদ্ধি । 

৩। সন্ধি ভাঙা — 

উদ্‌গতি , অধােগতি , সচ্চৰিত্ৰ , পুৰুষাৰ্থ , দুৰৱস্থা। 

উত্তৰঃ 

উদ্‌গতি

উৎ + গতি । 

অধােগতি

অধঃ + গতি । 

সচ্চৰিত্ৰ

সৎ + চৰিত্র । 

পুৰুষাৰ্থ

পুৰুষ + অর্থ ।

দুৰৱস্থা

দুঃ + অৱস্থা ।

৪। বাক্য সাজা –

ওখ টিং , সুগম , দুষ্কৰ , খকা – খুন্দা , ঐশ্বর্য – ভিভূতি , ভূ – পােৱা , আদ বাট , শােৱন – খাৱন । 

উত্তৰঃ

 ওখ টিং — পুৰুষাৰ্থৰ গুণতহে মানুহে উন্নতিৰ ওখ টিঙত উঠিব পাৰে । 

সুগম — জীৱনৰ যাত্ৰা পথ কাৰােবাবে সুগম নহয়। 

দুষ্কৰ — নেৰা – নেপেৰাকৈ লাগি থাকিলে দুষ্কৰ কামাে সহজ হৈ পৰে । 

খকা – খুন্দা — কথাই কথাই সিহঁতৰ মাজত সদায় খকা – খুন্দা লাগে। 

ঐশ্বর্য – বিভূতি — শ্ৰীকৃষ্ণৰ ঐশ্বর্য বিভূতি দেখি গােপা – গােপীসকলে বিস্ময় মানিছিল । 

ভূ – পােৱা — আমি আগতে ভূ – পােৱা হ’লে ঘটনাটো ইমান দূৰ আগবাঢ়িব নােৱাৰিলেহেঁতেন । 

আদ বাট — দেউতাই গুৱাহাটীলৈ বুলি ৰাতিপুৱাই ওলাই গৈ গা বেয়া লগাত আদবাটৰ পৰা ঘূৰি আহিছে ।

শােৱন – খাৱন — পৰীক্ষা আহিছে বাবে সি এতিয়া শােৱন – খাৱন এৰি পঢ়াত লাগিছে । 

৫। শব্দার্থ লিখা —

অধােগতি , বিঘিনি , অথিৰ , অভিলাষ , অবিদিত , বিভূতি 

উত্তৰঃ

অধােগতি

তললৈ বা নৰকলৈ গমন । 

বিঘিনি

বাধা , আপদ , সংকট । 

অথিৰ

চঞ্চল , অস্থিৰ , অনিশ্চয় । 

অভিলাষ

ইচ্ছা , বাঞ্ছা , আশা । 

অবিদিত

অজ্ঞাত , নজনা ,অপ্রকাশিত । 

বিভূতি

ঐশ্বৰিক শক্তি , বৈভৱ ,ঐশ্বর্য 

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী অসমীয়া অধ্যায় ২ (বৰ লোকৰ চৰিত্ৰ অধ্যয়ন) – সঘনাই সোধা প্ৰশ্ন (FAQs)
‘বৰ লোকৰ চৰিত্ৰ অধ্যয়ন’ পাঠটিৰ মূল বিষয়বস্তু কি?
এই পাঠটিত মহৎ আৰু আদৰ্শৱান ব্যক্তিৰ চৰিত্ৰ, কৰ্ম আৰু জীৱনৰ মহত্ত্বৰ বিষয়ে আলোচনা কৰা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ সৎ আদৰ্শ গ্ৰহণ কৰিব পাৰে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন, MCQ আৰু পাঠভিত্তিক ব্যাকৰণৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
বৰ লোকৰ চৰিত্ৰ অধ্যয়ন পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে দীঘলীয়া আৰু প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top