Class 8 Social Science Chapter 13 ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা, সম্প্রসাৰণ আৰু দৃঢ়ীকৰণ Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 8

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ১৩ – ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা, সম্প্রসাৰণ আৰু দৃঢ়ীকৰণ – সকলো পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | শংকৰদেৱ শিশু বিদ্যা নিকেতন (SVN)

অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৩ – ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা, সম্প্রসাৰণ আৰু দৃঢ়ীকৰণ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ ত্ৰয়োদশ অধ্যায় ‘ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা, সম্প্রসাৰণ আৰু দৃঢ়ীকৰণ’ ইতিহাস খণ্ডৰ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 13 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), বহু-বিকল্পী প্ৰশ্ন (MCQs) আৰু পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্নসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা, সম্প্রসাৰণ আৰু দৃঢ়ীকৰণ’ নামৰ এই পাঠটিত ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে পলাশী আৰু বক্সাৰৰ যুদ্ধৰ পিছত ভাৰতত ৰাজনৈতিক ক্ষমতা দখল, লৰ্ড ৱেলেছলীৰ অধীনতামমূলক মিত্ৰতা নীতি আৰু লৰ্ড ডেলহাউচীৰ স্বত্ববিলোপ নীতিৰ জৰিয়তে ব্ৰিটিছ সাম্ৰাজ্যৰ বিস্তাৰ, আৰু ভাৰতত ইংৰাজ শাসন দৃঢ়ীকৰণৰ বাবে গ্ৰহণ কৰা প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ধাৰণা আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সহায়ক হোৱাকৈ অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • পলাশী আৰু বক্সাৰৰ যুদ্ধৰ ঐতিহাসিক গুৰুত্ব, ব্ৰিটিছ শাসনৰ সম্প্ৰসাৰণ আৰু প্ৰশাসনিক সংস্কাৰৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
  • ১ নম্বৰৰ অতি চমু (VSA), বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • অধীনতামূলক মিত্ৰতা নীতি, স্বত্ববিলোপ নীতিৰ প্ৰভাৱ আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে সহজে বুজিব পৰাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • ‘ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা, সম্প্রসাৰণ আৰু দৃঢ়ীকৰণ’ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQs ৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 8 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | Sankardev Sishu Vidya Niketan New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest SVN New Syllabus & Updated Book

Get comprehensive preparation for Class 8 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Sankardev Sishu Vidya Niketan (SVN) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 13 ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ

 শংকৰদেৱ বিদ্যা নিকেতন, অষ্টম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-13                                                              অস্পিন একাডেমী

ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ

পাঠভিত্তিক প্রশ্নোত্তৰ

১। এটা শব্দ বা বাক্যত উত্তৰ লিখা:

(ক) প্রথম কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচী গৱৰ্ণৰ কোন আছিল?

উত্তৰঃ ডুপ্লে।

(খ) পলাশী যুদ্ধৰ সময়ত থকা বঙ্গদেশৰ নবাব জনৰ নাম লিখা।

উত্তৰঃ  চিৰাজউদ্দৌলা।

(গ) কোন চনত ৰেগুলেটিং এক্ট প্রণয়ন কৰা হৈছিল?

উত্তৰঃ ১৭৭৩ খ্ৰীষ্টাব্দত।

(ঘ) বশ্যতামূলক মিত্রতা নীতি কোনে প্রবর্ত্তন কৰিছিল।

উত্তৰঃ লৰ্ড ৱেলেছলীয়ে।

(ঙ) স্বত্ববিলোপ নীতি প্রয়োগ কৰি ভাৰতত বৃটিছ সাম্রাজ্য সম্প্ৰসাৰণ ঘটোৱা ইংৰাজ গৱৰ্ণৰ জেনেৰেল জনৰ নাম লিখা।

উত্তৰঃ  লর্ড ডেলহাউচী।

২। খালী ঠাই পূৰ কৰাঃ

(ক) কৰ্ণাটকৰ যুদ্ধ ইংৰাজ আৰু ______ৰ মাজত সংঘটিত হৈছিল।

উত্তৰঃ কৰ্ণাটকৰ যুদ্ধ ইংৰাজ আৰু ফৰাচীসকলৰ মাজত সংঘটিত হৈছিল।

(খ) ______ ১৭৪২ চনত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গৱৰ্ণৰ হৈ মাদ্ৰাজলৈ আহিছিল।

উত্তৰঃ ৰবাৰ্ট ক্লাইৱ ১৭৪২ চনত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গৱৰ্ণৰ হৈ মাদ্ৰাজলৈ আহিছিল।

(গ) ৰেগুলেটিং এক্টৰ দ্বাৰা গৱৰ্ণৰ পদটো ______ লৈ উন্নীত কৰা হৈছিল।

উত্তৰঃ ৰেগুলেটিং এক্টৰ দ্বাৰা গৱৰ্ণৰ পদটো গৱৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল।

(ঘ) ৰেগুলেটিং এক্ট অনুসৰি কলিকতাত স্থাপন কৰা উচ্চতম ন্যায়লয়ৰ প্ৰথম ন্যায়াধীশ আছিল ______।

উত্তৰঃ ৰেগুলেটিং এক্ট অনুসৰি কলিকতাত স্থাপন কৰা উচ্চতম ন্যায়লয়ৰ প্ৰথম ন্যায়াধীশ আছিল ছাৰ ইলাইজা ইম্পে।

(ঙ) ভাৰতৰ ভিতৰুৱা ব্যৱস্থাত হস্তক্ষেপ নকৰিবলৈ গৱৰ্ণৰ জেনেৰেল ______ নিৰপেক্ষ নীতি গ্রহণ কৰিছিল।

উত্তৰঃ ভাৰতৰ ভিতৰুৱা ব্যৱস্থাত হস্তক্ষেপ নকৰিবলৈ গৱৰ্ণৰ জেনেৰেল ছাৰ জন শ্বোৰে নিৰপেক্ষ নীতি গ্রহণ কৰিছিল।

৩। চমুটোকা লিখাঃ

(ক) পলাশীৰ যুদ্ধঃ

উত্তৰঃ ১৭৫৭ চনত বংগৰ নৱাব চিৰাজউদ্দৌলা আৰু ইংৰাজ সৈন্যৰ মাজত পলাশী নামৰ স্থানত যিখন বুৰঞ্জীপ্ৰসিদ্ধ যুঁজ হৈছিল, সেয়াই পলাশীৰ যুদ্ধ হিচাপে পৰিচিত।

ভাৰতবৰ্ষত ফৰাচীসকলেই আছিল ইংৰাজসকলৰ প্ৰধান প্ৰতিদ্বন্দ্বী। ১৭৫৭ চনত ইংৰাজসকলে ফৰাচী ঘাটি চন্দননগৰ দখল কৰাৰ পাছত বংগৰ নৱাব চিৰাজউদ্দৌলাই ইংৰাজসকলক চন্দননগৰ ফৰাচীসকলক ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে। কিন্তু ইংৰাজসকলে নৱাবৰ এই কথা মানি ল’বলৈ অমান্তি হয় আৰু নৱাবক এসেকা দিয়াৰ উদ্দেশ্যেৰে এক গোপন ষড়যন্ত্ৰ ৰচে। তেওঁলোকে নৱাবৰ প্ৰধান সেনাপতি মিৰজাফৰক বংগৰ নৱাব পতাৰ প্ৰলোভন দি নিজৰ ফলীয়া কৰি লয়। ইয়াৰ পাছতেই ৰবাৰ্ট ক্লাইৱে নৱাব চিৰাজউদ্দৌলাৰ বিৰুদ্ধে আলিনগৰৰ চুক্তি উলংঘা কৰাৰ মিছা অভিযোগ উত্থাপন কৰে। ক্লাইৱৰ এই অভিসন্ধিৰ বিষয়ে জানিব পাৰি নৱাবে নিজৰ সৈন্য-সামন্ত লৈ যুদ্ধলৈ অগ্ৰসৰ হয়। ১৭৫৭ চনৰ ২৩ জুনত পলাশী প্ৰান্তৰত দুয়ো পক্ষৰ মাজত যুদ্ধ আৰম্ভ হয়। এই যুদ্ধত নৱাবৰ হৈ মোহন লাল আৰু মীৰমদনে বীৰত্বৰে যুঁজিছিল যদিও মুখ্য সেনাপতি মিৰজাফৰ নিজৰ পূৰ্বপৰিকল্পনা অনুসৰি যুদ্ধৰ পৰা আঁতৰি থাকে। নৱাবৰ সৈন্যবাহিনীয়ে প্ৰৱল পৰাক্ৰমেৰে যুঁজ দিয়াৰ পাছতো অৱশেষত পৰাজয় বৰণ কৰিবলগীয়া হয়। পলাশীৰ যুদ্ধৰ এই বিজয়ে ইংৰাজসকলক বংগদেশত খোপনি পুতিবলৈ আৰু ক্ৰমান্বয়ে সমগ্ৰ অঞ্চলটো নিজৰ অধীনলৈ নিবলৈ সহায় কৰিলে।

(খ) মিৰজাফৰঃ

উত্তৰঃ  বংগৰ নৱাব চিৰাজউদ্দৌলাৰ মুখ্য সেনাপতি আছিল মিৰজাফৰ। ক্ষমতাৰ লোভত পৰি সুবিধাবাদী মিৰজাফৰে ইংৰাজৰ প্ৰলোভনত ভোল গৈছিল আৰু ১৭৫৭ চনৰ পলাশীৰ যুদ্ধত নৱাবৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈ চিৰাজউদ্দৌলাৰ পৰাজয়ৰ কাৰণ হৈ পৰিছিল। ইয়াৰ পুৰস্কাৰস্বৰূপে তেওঁ ইংৰাজৰ অনুগ্ৰহত বংগৰ নৱাবৰ আসন লাভ কৰে। কিন্তু দুৰ্ভাগ্যৱশৎ তেওঁ ইংৰাজসকলৰ হাতৰ পুতলালৈ পৰিণত হ’বলগীয়া হয়। এই পৰিস্থিতিত মিৰজাফৰ অসন্তুষ্ট হৈ পৰে আৰু ইংৰাজৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি চলাই ভাৰতত থকা ওলন্দাজসকলৰ সৈতে মিত্ৰতা স্থাপন কৰে। ৰবাৰ্ট ক্লাইৱে এই সকলোবোৰ কথা জানিব পাৰি নিজ দেশলৈ উভতি যায়। তেওঁৰ পৰৱৰ্তী গৱৰ্ণৰ ভান্সিতাৰ্টে মিৰজাফৰক সিংহাসনৰ পৰা অপসাৰণ কৰি তেওঁৰ জোঁৱায়েক মিৰকাছিমক বংগৰ নৱাব পাতে।

(গ) মিৰকাছিমঃ

উত্তৰঃ ইংৰাজ গৱৰ্ণৰে মিৰজাফৰক সিংহাসনচ্যুত কৰি তেওঁৰ জোঁৱায়েক মিৰকাছিমক বংগৰ নতুন নৱাব পাতিছিল। নৱাবৰ পদবী লাভ কৰাৰ বিনিময়ত মিৰকাছিমে বৰ্ধমান, মেদিনীপুৰ আৰু চট্টগ্ৰাম নামৰ তিনিখন গুৰুত্বপূৰ্ণ জিলা কোম্পানীক এৰি দিবলগীয়া হৈছিল। মিৰকাছিম স্বভাৱতে এজন স্বাধীনচিতীয়া ব্যক্তি আছিল। কোম্পানীৰ সহায়ত নৱাব হ’লেও, তেওঁ কোম্পানীৰ বহতীয়া হৈ থকাটো একেবাৰেই পছন্দ কৰা নাছিল। সেয়েহে ইংৰাজৰ কৰ্তৃত্বৰ পৰা নিজকে মুক্ত কৰাৰ মানসেৰে তেওঁ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাত মনোনিৱেশ কৰিলে। সৈন্যবাহিনীৰ দক্ষতা বৃদ্ধি কৰিবলৈ তেওঁ ইউৰোপীয় আৰ্হিত সৈন্যসকলক প্ৰশিক্ষণ দিয়াৰ লগতে অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কৰিলে। তদুপৰি, ইংৰাজৰ প্ৰভাৱৰ পৰা আঁতৰি থাকিবৰ বাবে তেওঁ ৰাজধানী মুৰ্ছিদাবাদৰ পৰা মুংগেৰলৈ স্থানান্তৰ কৰিলে। মীৰকাছিমৰ এই কাৰ্যকলাপবোৰে ইংৰাজসকলক চিন্তিত কৰি তুলিলে।

মীৰকাছিমৰ নীতিত ক্ষুণ্ণ হৈ পাটনাত থকা বাণিজ্য কুঠিৰ এজেন্ট এলিচে (Ellis) পাটনা দখল কৰে, যাৰ ফলত মীৰকাছিমে ইংৰাজৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰিবলৈ বাধ্য হয়। নৱাবে অনতিপলমেই পাটনা পুনৰুদ্ধাৰ কৰে। কিন্তু তাৰ পাছতেই ইংৰাজসকলে এক বিশাল সৈন্যবাহিনী লৈ আহি মিৰকাছিমক যুদ্ধত পৰাস্ত কৰে। পৰাজিত হৈ মিৰকাছিম অযোধ্যাৰ নৱাব ছুজাউদ্দৌলাৰ ওচৰলৈ পলাই যায়। ছুজাউদ্দৌলা আৰু মোগল সম্ৰাট দ্বিতীয় ছাহ আলমে মিৰকাছিমক সহায় কৰিবলৈ আগবাঢ়ি আহে যদিও ইংৰাজৰ হাতত তেওঁলোকো পৰাস্ত হয়। যুদ্ধত হাৰি মিৰকাছিম পলাই যাবলগীয়া হয় আৰু ইংৰাজে পুনৰবাৰ মিৰজাফৰক বংগৰ নৱাব হিচাপে অধিষ্ঠিত কৰে।

(ঘ) অন্ধকুল হত্যাঃ

উত্তৰঃ মোগল সম্ৰাট ফাৰুকচিয়াৰে প্ৰদান কৰা ‘ফৰমান’ৰ যোগেদি ইংৰাজসকলে বংগদেশত যথেষ্ট সা-সুবিধা লাভ কৰিছিল আৰু নিজৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ বিচাৰি আছিল। এনে সময়তে বংগৰ নৱাব আলিবৰ্দী খাঁৰ পৰলোকপ্ৰাপ্তি ঘটে। তেওঁৰ কোনো পুত্ৰ সন্তান নথকাৰ বাবে মৃত্যুৰ পূৰ্বেই তেওঁ সৰু জীয়েকৰ পুত্ৰ চিৰাজউদ্দৌলাক সিংহাসনৰ উত্তৰাধিকাৰী পাতি থৈ গৈছিল। কিন্তু নৱাবৰ এই সিদ্ধান্তত তেওঁৰ ডাঙৰ জীয়েক ঘাচিটি বেগম আৰু মাজু জীয়েকৰ পুত্ৰ চৌকত জং অসন্তুষ্ট আছিল। তেওঁলোকে চিৰাজউদ্দৌলাৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰম্ভ কৰে। এই গৃহকন্দলৰ সুযোগ গ্ৰহণ কৰি ইংৰাজ আৰু ফৰাচী দুয়ো পক্ষই বংগদেশত দুৰ্গ নিৰ্মাণৰ বাবে প্ৰস্তুতি চলায়। চিৰাজউদ্দৌলাই দুয়ো পক্ষকে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। ফৰাচীসকলে এই নিৰ্দেশ মানি লয় যদিও ইংৰাজসকলে তেওঁলোকৰ সামৰিক প্ৰস্তুতি অব্যাহত ৰাখে।

ইংৰাজসকলৰ এই অবাধ্যতাত ক্ৰুদ্ধ হৈ চিৰাজউদ্দৌলাই ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰে। নৱাবে কাছিম বজাৰ কুঠি দখল কৰাৰ লগতে ফৰ্ট উইলিয়াম দুৰ্গত আক্ৰমণ চলায়। সেই সময়ত কলিকতাৰ গৱৰ্ণৰ ৰ’জাৰ ড্ৰেকে নৱাবৰ আক্ৰমণৰ পৰা বাচিবলৈ কিছু বিষয়াৰ সৈতে আন ঠাইত আশ্ৰয় লয়। দুৰ্গত আবদ্ধ হৈ থকা আন একাংশ লোকে নৱাবৰ ওচৰত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰা ১৪৬ জন লোকক নৱাবে এটা নিচেই সৰু কোঠাত আৱদ্ধ কৰি ৰাখে। বায়ু চলাচলৰ অভাৱত উশাহ-নিশাহ বন্ধ হৈ ইয়াৰে ১২৩ জন লোকৰ মৃত্যু হয়। ইতিহাসত এই মৰ্মান্তিক ঘটনাটোৱেই অন্ধকূপ হত্যা (Black Hole Tragedy) নামেৰে জনাজাত।

(ঙ) বক্সাৰ যুদ্ধঃ

উত্তৰঃ  ইংৰাজসকলে বংগদেশত ক্ৰমান্বয়ে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ লোৱা কাৰ্যত বংগৰ নৱাব মিৰকাছিম অতিশয় অসন্তুষ্ট হৈছিল। ইংৰাজৰ নিয়ন্ত্ৰণৰ পৰা নিজকে মুক্ত কৰাৰ লক্ষ্যৰে তেওঁ পশ্চিমীয়া আৰ্হিত সৈন্যবাহিনী গঢ়ি তুলিছিল আৰু ৰাজধানী মুৰ্ছিদাবাদৰ পৰা মুংগেৰলৈ স্থানান্তৰ কৰিছিল। ইয়াৰ উপৰিও, কোম্পানীৰ সামগ্ৰীৰ ব্যৱসায়ত ব্যৱহৃত ‘দস্তক’ ব্যৱস্থাতো তেওঁ হস্তক্ষেপ কৰিছিল। এইবোৰ কাৰণত ক্ষুণ্ণ হৈ পাটনাত থকা ইংৰাজ কুঠিৰ এজেন্টজনে পাটনা অধিকাৰ কৰিবলৈ প্ৰয়াস কৰে, কিন্তু নৱাবৰ সৈন্যই তেওঁলোকক তাৰ পৰা খেদি পঠিয়ায়।

ইয়াৰ পাছতেই ইংৰাজ কোম্পানীয়ে মিৰকাছিমৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে আৰু কেইবাখনো যুঁজত নৱাবক পৰাস্ত কৰে। আত্মৰক্ষাৰ স্বাৰ্থত মিৰকাছিম পলাই গৈ অযোধ্যাৰ নৱাব ছুজাউদ্দৌলাৰ কাষ চাপে। ছুজাউদ্দৌলা আৰু মোগল সম্ৰাট দ্বিতীয় ছাহ আলমে মিৰকাছিমৰ লগ লাগি এক সন্মিলিত সৈন্যবাহিনী গঠন কৰে আৰু ইংৰাজৰ বিৰুদ্ধে যুঁজিবলৈ ওলায়। ১৭৬৪ চনত বিহাৰৰ সীমান্তৱৰ্তী বক্সাৰ নামৰ স্থানত দুয়ো পক্ষৰ মাজত এক ভয়ংকৰ যুদ্ধ সংঘটিত হয়। এই যুদ্ধতো পৰাজিত হৈ মিৰকাছিম পলাই যায় আৰু তেওঁৰ স্থানত দ্বিতীয়বাৰৰ বাবে মিৰজাফৰক নৱাব পতা হয়। বক্সাৰ যুদ্ধৰ এই বিজয়ে ভাৰতত ইংৰাজ শক্তিৰ ভেটি অধিক সুদৃঢ় কৰিলে।

(চ) চিৰস্থায়ী বন্দবস্তঃ

উত্তৰঃ  ভাৰতীয় অৰ্থনীতি সংস্কাৰ কৰাৰ অজুহাতত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাজহ সংগ্ৰহৰ ব্যৱস্থাটো নিজৰ হাতলৈ নিছিল। কোম্পানীৰ ৰাজহ বিভাগটোক আৰ্থিকভাৱে টনকিয়াল কৰাৰ উদ্দেশ্যেৰে লৰ্ড কৰ্ণৱালিছে কৃষিভূমিৰ ক্ষেত্ৰত ‘চিৰস্থায়ী বন্দৱস্ত’ নামৰ এক নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।

এই ব্যৱস্থা অনুসৰি সমগ্ৰ কৃষিমাটি সৰু সৰু খণ্ডত বিভক্ত কৰি প্ৰত্যেক খণ্ড একোজন জমিদাৰৰ অধীনত দিয়া হৈছিল। চুক্তিমতে, নিৰ্দিষ্ট হাৰত ৰাজহ আদায় দি থকালৈকে জমিদাৰজনে নিজৰ জমিদাৰী ভোগ কৰিব পাৰিব। খেতি হওক বা নহওক, কোম্পানীক নিৰ্দিষ্ট সময়ত নিৰ্ধাৰিত ৰাজহ দিব নোৱাৰিলে জমিদাৰৰ পৰা মাটিৰ অধিকাৰ কাঢ়ি লোৱা হ’ব আৰু সেয়া পুনৰ চৰকাৰৰ হাতলৈ গুচি যাব। মাটিৰ অধিকাৰ হেৰুৱাৰ ভয়ত জমিদাৰসকলে কৃষকসকলৰ ওপৰত অত্যাধিক কৰৰ বোজা জাপি দিছিল। ইয়াৰ ফলস্বৰূপে দুখীয়া কৃষকসকলে জমিদাৰসকলৰ অবৰ্ণনীয় নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছিল।

(ছ) দস্তকঃ

উত্তৰঃ বংগদেশত ইংৰাজসকলে বেপাৰ-বাণিজ্যৰ সুবিধাৰ্থে প্ৰৱৰ্তন কৰা এক বিশেষ ব্যৱস্থা আছিল ‘দস্তক’। মোগল সম্ৰাটৰ পৰা লাভ কৰা ‘ফৰমান’ৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইতিমধ্যে যথেষ্ট সা-সুবিধা ভোগ কৰি আছিল। ব্যৱসায়ৰ অধিক সম্প্ৰসাৰণৰ বাবে তেওঁলোকে এক নতুন কৌশল অৱলম্বন কৰিলে। তেওঁলোকে ‘দস্তক’ নামৰ এক প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিবলৈ ল’লে। এই প্ৰমাণপত্ৰত সামগ্ৰীখিনি কোম্পানীৰ বুলি উল্লেখ কৰিলেই সেয়া এঠাইৰ পৰা আন ঠাইলৈ বিনা শুল্কত কঢ়িয়াই নিব পৰা হৈছিল। প্ৰথমতে এই ব্যৱস্থা কেৱল বহিঃবাণিজ্যৰ ক্ষেত্ৰতহে প্ৰযোজ্য আছিল যদিও, পিছলৈ ইংৰাজসকলে আভ্যন্তৰীণ বাণিজ্যৰ ক্ষেত্ৰতো একেই ব্যৱস্থা প্ৰয়োগ কৰিবলৈ ধৰিলে। ইয়াৰ ফলত নৱাবৰ ৰাজভঁৰাললৈ অহা শুল্কৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস পালে। নৱাব মিৰকাছিমে এই প্ৰথা বাতিল কৰিবলৈ চেষ্টা কৰি বিফল হোৱাত, শেষত দেশীয় ব্যৱসায়ীসকলকো বিনা শুল্কে ব্যৱসায় কৰাৰ অনুমতি প্ৰদান কৰিলে। নৱাবৰ এই কাৰ্যত ক্ষুণ্ণ হৈ ইংৰাজসকলে তেওঁৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে।

(জ) স্বত্ববিলোপ নীতিঃ

উত্তৰঃ  পলাশী যুদ্ধৰ পাছৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যি সাম্ৰাজ্য বিস্তাৰৰ নীতি গ্ৰহণ কৰিছিল, সেয়া লৰ্ড ডেলহাউচীৰ শাসনকালত পূৰ্ণ পৰ্যায়ত উপনীত হৈছিল। ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য সম্প্ৰসাৰণৰ বাবে ডেলহাউচীয়ে যিকেইটা নীতি প্ৰয়োগ কৰিছিল, তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য আছিল ‘স্বত্ববিলোপ নীতি’ বা Doctrine of Lapse। এই কঠোৰ নীতি প্ৰয়োগ কৰি তেওঁ কেইবাখনো দেশীয় ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল।

স্বত্ববিলোপ নীতিৰ মূল চৰ্ত আছিল যে যদি কোনো দেশীয় ৰজাৰ নিজা পুত্ৰ সন্তান নাথাকে আৰু তেওঁ আন কাৰোবাক তোলনীয়া পুত্ৰ হিচাপে গ্ৰহণ কৰে, তেন্তে সেই তোলনীয়া পুত্ৰই ৰজাৰ মৃত্যুৰ পাছত ৰাজ্যৰ উত্তৰাধিকাৰী হ’ব নোৱাৰিব। ৰজাৰ মৃত্যুৰ লগে লগে সেই ৰাজ্যখন পোণপটীয়াকৈ ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হ’ব। এই অমানৱীয় নীতিৰ সহায়ত ডেলহাউচীয়ে ভালেমান দেশীয় ৰাজ্য ইংৰাজৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল।

৪। শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

(ক) কৰ্ণাটকৰ যুদ্ধ সংঘটিত হৈছিল-

ইংৰাজ আৰু পর্তুগীজ / পর্তুগীজ আৰু ফ্রান্স /ইংৰাজ আৰু ফ্ৰান্সৰ মাজত।

উত্তৰঃ ইংৰাজ আৰু ফ্ৰান্সৰ মাজত।

(খ) পলাশী যুদ্ধৰ সময়ত বঙ্গৰ নৱাব আছিল-

মিৰজাফৰ / মিৰকাছিম / চিৰাজউদ্দোলা।

উত্তৰঃ চিৰাজউদ্দোলা।

গ) বেগুলেটিং এক্ট প্রণয়ন কৰিছিল-

ৰবাৰ্ট ক্লাইব / ডুপ্লে / বৃটিছ সংসদে।

উত্তৰঃ বৃটিছ সংসদে।

(ঘ) দ্বিতীয় বাজীৰাওৰ তোলনীয়া পুতেকৰ বছৰেকীয়া পেঞ্চন বন্ধ কৰিছিল-

ৰবার্ট ক্লাইব / ওবেলছলি / ডেলহাউছিয়ে।

উত্তৰঃ ডেলহাউছিয়ে।

৫। ভাৰতত ইংৰাজ আৰু ফৰাছী সকলৰ মাজত লগা যুদ্ধত ফৰাচীসকলে কিয় পৰাজয় বৰণ কৰিছিল তাৰ কাৰণ সমূহ লিখা।

উত্তৰঃ  ভাৰতত আধিপত্য বিস্তাৰক লৈ ইংৰাজ আৰু ফৰাচীসকলৰ মাজত সংঘটিত হোৱা প্ৰতিখন যুদ্ধতেই ফৰাচীসকলে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। ইয়াৰ প্ৰধান কাৰণসমূহ তলত উল্লেখ কৰা হ’ল-

১। ভাৰতত ব্যৱসায় কৰিবলৈ অহা ফৰাচী কোম্পানীটো আছিল ফৰাচী চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু নিয়ন্ত্ৰিত। ইয়াৰ কৰ্মচাৰীসকলকো চৰকাৰেই নিযুক্তি দিছিল। চৰকাৰী নিয়ন্ত্ৰণৰ বাবে তেওঁলোকে স্বাধীনভাৱে কোনো সিদ্ধান্ত ল’ব পৰা নাছিল, যাৰ ফলত গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণত পলম হৈছিল। আনহাতে, সেই সময়ত ফৰাচী চৰকাৰো যথেষ্ট দুৰ্বল আছিল আৰু ভাৰতত থকা কোম্পানীটোৰ প্ৰতি উপযুক্ত মনোযোগ দিব পৰা নাছিল। ইয়াৰ বিপৰীতে, ইষ্ট ইণ্ডিয়া কোম্পানী আছিল এক স্বাধীন আৰু শক্তিশালী প্ৰতিষ্ঠান।

২। ইংৰাজসকলৰ নৌ-বাহিনী অত্যন্ত শক্তিশালী আৰু উন্নত আছিল, যাৰ বিপৰীতে ফৰাচী নৌ-বাহিনী আছিল দুৰ্বল আৰু তুলনামূলকভাৱে অনগ্ৰসৰ।

৩। ফৰাচী শিবিৰত যোগ্য আৰু দূৰদৰ্শী নেতৃত্বৰ অভাৱ দেখা গৈছিল। ডুপ্লে এজন দক্ষ বিষয়া আছিল যদিও, আন কৰ্মচাৰীসকলৰ সৈতে বুজাবুজিৰ অভাৱৰ বাবে তেওঁ বহু সময়ত ব্যৰ্থ হ’বলগীয়া হৈছিল। আনহাতে, ইংৰাজসকলে ৰবাৰ্ট ক্লাইৱৰ দৰে এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন আৰু সুদক্ষ নেতা লাভ কৰিছিল।

৪। ভাৰতত ফৰাচীসকলৰ একমাত্ৰ সুদৃঢ় বাণিজ্যিক ঘাটি আছিল পণ্ডিচেৰী। অৰ্থাৎ, তেওঁলোকে ভাৰতৰ আন প্ৰান্তত নিজৰ স্থিতি মজবুত কৰিব পৰা নাছিল। ইয়াৰ বিপৰীতে ইংৰাজসকলে কলিকতা, মাদ্ৰাজ আৰু বোম্বাইৰ দৰে গুৰুত্বপূৰ্ণ স্থানত নিজৰ অৱস্থান সুদৃঢ় কৰি সাম্ৰাজ্য বিস্তাৰৰ দিশত দ্ৰুতগতিত আগবাঢ়িছিল।

৬। ৰেগুলেটিং এক্টৰ বিধি-বিধান সমূহ কি আছিল লিখা।

উত্তৰঃ  ৰেগুলেটিং এক্ট বা নিয়ন্ত্ৰণকাৰী আইনৰ প্ৰধান বিধি-বিধানসমূহ তলত দিয়া ধৰণৰ আছিল-

১। এই আইনৰ জৰিয়তে বংগৰ গৱৰ্ণৰৰ পদবীটো ‘গৱৰ্ণৰ জেনেৰেল’লৈ উন্নীত কৰা হয়। বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰ দুজনক বংগৰ গৱৰ্ণৰ জেনেৰেলৰ নিয়ন্ত্ৰণাধীন কৰা হয়। গৱৰ্ণৰ জেনেৰেলক প্ৰশাসন কাৰ্যত সহায় কৰিবলৈ এখন চাৰিজনীয়া সদস্যৰ সমিতি গঠন কৰা হয়।

২। এই আইন অনুসৰি ভাৰতত থকা কোম্পানী চৰকাৰে বৃটিছ চৰকাৰক ভাৰতৰ শাসন আৰু ৰাজহ সম্পৰ্কীয় সকলো তথ্য নিয়মীয়াকৈ অৱগত কৰাটো বাধ্যতামূলক কৰা হয়।

৩। ৰেগুলেটিং এক্টৰ আন এক গুৰুত্বপূৰ্ণ বিধান আছিল যে কোম্পানীৰ কৰ্মচাৰীসকলৰ যিকোনো ধৰণৰ ব্যক্তিগত ব্যৱসায়-বাণিজ্য কঠোৰভাৱে নিষিদ্ধ কৰা হৈছিল।

৪। এই আইনৰ দ্বাৰা ভাৰতৰ বিচাৰ ব্যৱস্থাতো পৰিৱৰ্তন অনা হয়। ন্যায় প্ৰদানৰ উদ্দেশ্যে ইংলেণ্ডৰ ৰজাই নিযুক্তি দিয়া এজন মুখ্য ন্যায়াধীশ আৰু আন দুজন সহকাৰী ন্যায়াধীশক লৈ কলিকতাত এখন উচ্চতম ন্যায়ালয় স্থাপন কৰা হয়।

৭ । পিটৰ ভাৰত শাসন আইনৰ ওপৰত চমুকৈ লিখা।

উত্তৰঃ বৃটিছ সংসদে ইষ্ট ইণ্ডিয়া কোম্পানীৰ জৰিয়তে ভাৰত শাসন কৰিবলৈ প্ৰণয়ন কৰা ৰেগুলেটিং এক্টখনত ভালেমান আসোঁৱাহ পৰিলক্ষিত হোৱাত ১৭৮৪ চনত আন এখন নতুন আইন প্ৰণয়ন কৰে। ইংলেণ্ডৰ প্ৰভাৱশালী প্ৰধানমন্ত্ৰী উইলিয়াম পিট (কনিষ্ঠ)ৰ দিনত এই আইনখন গৃহীত হোৱাৰ বাবে ইয়াক ‘পিটৰ ভাৰত শাসন আইন’ (Pitt’s India Act) বুলি জনা যায়। এই আইনখনৰ জৰিয়তে বৃটিছ চৰকাৰে কোম্পানীৰ প্ৰশাসন আৰু অন্যান্য কাৰ্যকলাপৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ সাব্যস্ত কৰে। তলত এই আইনখনৰ প্ৰধান নিয়মসমূহ উল্লেখ কৰা হ’ল-

১। ভাৰতৰ প্ৰশাসন নিয়ন্ত্ৰণ কৰিবলৈ ছয়জনীয়া সদস্যৰে এখন ‘নিয়ন্ত্ৰণ পৰিষদ’ (Board of Control) গঠন কৰা হয়। এই পৰিষদৰ সদস্যসকলক বৃটিছ সংসদে মনোনীত কৰিছিল। ভাৰতত কোম্পানীৰ অধীনস্থ ৰাজ্যসমূহৰ পৰিচালনাৰ সম্পূৰ্ণ দায়িত্ব এই পৰিষদক অৰ্পণ কৰা হৈছিল।

২। বংগৰ গৱৰ্ণৰ জেনেৰেলক সহায় কৰিবলৈ গঠন কৰা পৰিষদৰ সদস্য সংখ্যা চাৰিজনৰ পৰা তিনিজনলৈ হ্ৰাস কৰা হয়।

৩। যুদ্ধ, কূটনীতি আৰু ৰাজহ সংগ্ৰহৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত মাদ্ৰাজ আৰু বোম্বেৰ গৱৰ্ণৰ দুজনক সম্পূৰ্ণৰূপে বংগৰ গৱৰ্ণৰ জেনেৰেল আৰু তেওঁৰ পৰিষদৰ অধীনলৈ অনা হয়।

৮। চিৰস্থায়ী বন্দবস্তু কি আৰু কোনে প্রবর্ত্তন কৰিছিল। চিৰস্থায়ী বন্দবস্তৰ ফলাফল সম্পর্কে লিখা।

উত্তৰঃ ভাৰতৰ অৰ্থনীতি সংস্কাৰ কৰাৰ নামত কোম্পানী চৰকাৰে ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়া সহজ কৰিবলৈ এক নতুন ব্যৱস্থাৰ সূচনা কৰিছিল। এই ব্যৱস্থা অনুসৰি সমগ্ৰ কৃষিভূমি সৰু সৰু ভাগত বিভক্ত কৰি প্ৰত্যেকটো খণ্ডৰ দায়িত্ব একোজন জমিদাৰক অৰ্পণ কৰা হৈছিল। এই চুক্তি অনুসৰি জমিদাৰসকলে কৃষকৰ পৰা খাজনা সংগ্ৰহ কৰি কোম্পানীক দিবলৈ বাধ্য আছিল। এই ব্যৱস্থাটোকেই ‘চিৰস্থায়ী বন্দৱস্ত’ বোলা হয়।

ইংৰাজ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে এই চিৰস্থায়ী বন্দৱস্ত প্ৰৱৰ্তন কৰিছিল।

ফলাফল: চিৰস্থায়ী বন্দৱস্তৰ ফলত ভাৰতীয় সমাজত এক নতুন ‘জমিদাৰ শ্ৰেণী’ৰ সৃষ্টি হয়। নিৰ্দিষ্ট সময়ত নিয়মীয়াকৈ ৰাজহ আদায় দিব পাৰিলে জমিদাৰসকলে বংশানুক্ৰমিকভাৱে জমিদাৰী ভোগ কৰাৰ অধিকাৰ লাভ কৰিছিল। আনহাতে, এই ব্যৱস্থাৰ ফলত কৃষকসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ভোগ কৰি অহা নিজৰ মাটিৰ ওপৰত অধিকাৰ হেৰুৱাবলগীয়া হৈছিল আৰু জমিদাৰৰ শোষিত প্ৰজালৈ ৰূপান্তৰিত হৈছিল।

৯। লর্ড ওবেচেলিৰ দিনত ভাৰতত বৃটিছ সাম্রাজ্য বিস্তাৰ সম্পৰ্কে চমুৱাই বর্ণনা কৰা।

উত্তৰঃ ছাৰ জন শ্বোৰৰ কাৰ্যকাল শেষ হোৱাৰ পাছত লৰ্ড ৱেলেছলী ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হিচাপে নিযুক্ত হৈ আহে। তেওঁ দায়িত্ব গ্ৰহণ কৰিয়েই পূৰ্বৰ নিৰপেক্ষ নীতি পৰিত্যাগ কৰি তীব্ৰ সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰে। দেশীয় ৰাজ্যসমূহক কৌশলেৰে বৃটিছ সাম্ৰাজ্যৰ অধীনলৈ আনিবলৈ তেওঁ এক বিশেষ নীতিৰ প্ৰৱৰ্তন কৰে, যাক ‘কৰদ মৈত্ৰী নীতি’ বা ‘বশ্যতামূলক মিত্ৰতা নীতি’ (Subsidiary Alliance) বুলি জনা যায়।

এই নীতিৰ মূল চৰ্ত আছিল যে যিবোৰ দেশীয় ৰজাই ইংৰাজৰ বশ্যতা স্বীকাৰ কৰিব, তেওঁলোকক বাহ্যিক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ ইংৰাজসকলে নিজৰ সৈন্যবাহিনী যোগান ধৰিব। অৱশ্যে, এই সৈন্যবাহিনীৰ সকলো খৰচ দেশীয় ৰজাজনেই বহন কৰিব লাগিব।

তদুপৰি, এই নীতি গ্ৰহণ কৰা ৰজাসকলৰ ওপৰত আন এক কঠোৰ চৰ্ত আৰোপ কৰা হৈছিল। সেইটো হ’ল, চুক্তিৱদ্ধ ৰজাসকলে আন কোনো শক্তিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলৈ বা কোনো ধৰণৰ চুক্তি বা মিত্ৰতা কৰিবলৈ হ’লে প্ৰথমতে ইংৰাজ কোম্পানীৰ অনুমতি লোৱাটো বাধ্যতামূলক আছিল।

এই চুক্তিত প্ৰথমে হায়দৰাবাদৰ নিজামে স্বাক্ষৰ কৰে। ইয়াৰ পাছতে আন বহুতো সৰু-বৰ ৰাজ্যই বাধ্য হৈ এই চুক্তিত আৱদ্ধ হয়। ফলস্বৰূপে, লৰ্ড ৱেলেছলীয়ে ভাৰতত বৃটিছ সাম্ৰাজ্য দ্ৰুতগতিত বিস্তাৰ কৰাৰ সুযোগ লাভ কৰে।

১০। লর্ড ডেলহাউছীয়ে কি কি নীতি অবলম্বন কৰি ভাৰতত বৃটিছ সাম্রাজ। সম্প্ৰসাৰিত কৰিছিল? তেওঁৰ সাম্রাজ্য বিস্তাৰ সম্পৰ্কে বর্ণনা কৰা।

উত্তৰঃ  পলাশী যুদ্ধৰ বিজয়ৰ পাছৰে পৰাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰিছিল আৰু বিভিন্ন গৱৰ্ণৰ জেনেৰেলে দেশীয় ৰাজ্যসমূহ অধিগ্ৰহণ কৰিবলৈ নানা কৌশল অৱলম্বন কৰিছিল। ভাৰতলৈ অহা গৱৰ্ণৰ জেনেৰেলসকলৰ ভিতৰত লৰ্ড ডেলহাউচী আছিল আটাইতকৈ উগ্ৰ সাম্ৰাজ্যবাদী মনোভাবাপন্ন শাসক। ভাৰতৰ ৰাজ্যসমূহ বৃটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ প্ৰধানকৈ তিনিটা নীতি প্ৰয়োগ কৰিছিল। সেইবোৰ হ’ল- ১। স্বত্ববিলোপ নীতি, ২। যুদ্ধজয় আৰু ৩। কুশাসনৰ অজুহাত। ইয়াৰ উপৰিও, তেওঁ দেশীয় ৰজাসকলৰ ৰাজকীয় মৰ্যাদা কাঢ়ি লোৱা আৰু পেঞ্চন বন্ধ কৰা আদি ব্যৱস্থাৰেও সাম্ৰাজ্য বিস্তাৰ কৰিছিল।

স্বত্ববিলোপ নীতি (Doctrine of Lapse): এই কঠোৰ নীতি অনুসৰি, যদি কোনো দেশীয় ৰজাৰ ঔৰসজাত পুত্ৰ সন্তান নাথাকে আৰু তেওঁ আন কোনোবাক তোলনীয়া পুত্ৰ হিচাপে গ্ৰহণ কৰে, তেন্তে সেই তোলনীয়া পুত্ৰই ৰজাৰ মৃত্যুৰ পাছত ৰাজ্যৰ উত্তৰাধিকাৰী হোৱাৰ আইনী অধিকাৰ নাপাব। ৰজাজনৰ মৃত্যুৰ লগে লগে সেই ৰাজ্যখন স্বয়ংক্ৰিয়ভাৱে বৃটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হ’ব। এই নীতিৰ জৰিয়তে ডেলহাউচীয়ে সাতাঁৰা, ঝান্সী, নাগপুৰ আদিৰ দৰে বহুতো ৰাজ্য বৃটিছ সাম্ৰাজ্যৰ অধীনলৈ আনিছিল।

যুদ্ধ কৰি ৰাজ্য অধিগ্ৰহণ: ডেলহাউচীয়ে কিছুমান দুৰ্বল অথচ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ৰাজ্য যুদ্ধৰ জৰিয়তে জয় কৰি বৃটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। এই ক্ষেত্ৰত পঞ্জাৱ, নামনি ব্ৰহ্মদেশ আৰু ছিকিমৰ একাংশ অধিগ্ৰহণ উল্লেখযোগ্য।

কুশাসনৰ দোহাই: দেশীয় ৰজাই ৰাজ্যখনৰ প্ৰশাসন সুচাৰুৰূপে পৰিচালনা কৰিব পৰা নাই বা কুশাসন চলিছে বুলি মিছা অজুহাত দেখুৱায়ো ডেলহাউচীয়ে ৰাজ্য গ্ৰাস কৰিছিল। উদাহৰণস্বৰূপে, তেওঁ অযোধ্যাৰ নৱাব ৱাজিদ আলী শ্বাহৰ ওপৰত অপশাসনৰ মিছা অভিযোগ জাপি দি অযোধ্যাখন বৃটিছ সাম্ৰাজ্যভুক্ত কৰি লৈছিল।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৩ (ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা, সম্প্রসাৰণ আৰু দৃঢ়ীকৰণ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
সমাজ বিজ্ঞানৰ ত্ৰয়োদশ অধ্যায়টোত মূলতঃ কিহৰ ওপৰত আলোচনা কৰা হৈছে?
ত্ৰয়োদশ অধ্যায় ‘ভাৰতত ইংৰাজ শাসন প্রতিষ্ঠা, সম্প্রসাৰণ আৰু দৃঢ়ীকৰণ’ত পলাশী আৰু বক্সাৰৰ যুদ্ধ, অধীনতামূলক মিত্ৰতা নীতি, স্বত্ববিলোপ নীতি আৰু ভাৰতত ব্ৰিটিছ শাসনৰ প্ৰশাসনিক দৃঢ়ীকৰণৰ বিষয়ে বিস্তৃত আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) অতিৰিক্ত প্ৰশ্ন আৰু MCQs অন্তৰ্ভুক্ত আছেনে?
হয়, ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু শেহতীয়া আৰ্হিৰ বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে।
এই প্ৰশ্নোত্তৰসমূহ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
নিশ্চয়, এই সকলোবোৰ সমল শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই অধ্যায়ৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে পলাশী আৰু বক্সাৰৰ যুদ্ধৰ গুৰুত্ব, স্বত্ববিলোপ নীতি আৰু ইংৰাজ প্ৰশাসনিক সংস্কাৰ সম্পৰ্কে ৪-৫ নম্বৰৰ বৰ্ণনাত্মক দীঘলীয়া প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top