Class 8 Social Science Chapter 16 ১৮৫৭ চনৰ বিদ্রোহ Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 8

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ১৬ – ১৮৫৭ চনৰ বিদ্রোহ – সকলো পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | শংকৰদেৱ শিশু বিদ্যা নিকেতন (SVN)

অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৬ – ১৮৫৭ চনৰ বিদ্রোহ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ ষোড়শ অধ্যায় ‘১৮৫৭ চনৰ বিদ্রোহ’ ইতিহাস খণ্ডৰ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 16 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), বহু-বিকল্পী প্ৰশ্ন (MCQs) আৰু পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্নসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘১৮৫৭ চনৰ বিদ্রোহ’ নামৰ এই পাঠটিত ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বা চিপাহী বিদ্ৰোহৰ কাৰণ (ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, আৰু সামৰিক), বিদ্ৰোহৰ বিস্তাৰ, প্ৰধান নেতাসকল, আৰু বিশেষকৈ অসমত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ নেতৃত্বত হোৱা বিদ্ৰোহৰ প্ৰভাৱ তথা ইয়াৰ ফলাফলৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ধাৰণা আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সহায়ক হোৱাকৈ অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ১৮৫৭ চনৰ বিদ্ৰোহৰ কাৰণসমূহ, ইয়াৰ প্ৰসাৰ আৰু ব্যৰ্থতাৰ কাৰণসমূহৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
  • ১ নম্বৰৰ অতি চমু (VSA), বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • অসমত চিপাহী বিদ্ৰোহৰ প্ৰভাৱ, মণিৰাম দেৱানৰ ভূমিকা আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে সহজে বুজিব পৰাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • ‘১৮৫৭ চনৰ বিদ্রোহ’ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQs ৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 8 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | Sankardev Sishu Vidya Niketan New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest SVN New Syllabus & Updated Book

Get comprehensive preparation for Class 8 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Sankardev Sishu Vidya Niketan (SVN) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 16 ১৮৫৭ চনৰ বিদ্ৰোহ

 শংকৰদেৱ বিদ্যা নিকেতন, অষ্টম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-16                                                             অস্পিন একাডেমী

১৮৫৭ চনৰ বিদ্ৰোহ

পাঠভিত্তিক প্রশ্নোত্তৰ

১ । উত্তৰ লিখাঃ

(ক) স্বত্ব বিলোপ নীতি কোনে প্ৰৱৰ্ত্তন কৰিছিল?

উত্তৰঃ লৰ্ড ডেলহাউচীয়ে।

(খ) ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল?

উত্তৰঃ  মংগল পাণ্ডে।

(গ) ঝান্সিত বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ  ঝান্সীৰ ৰাণী লক্ষ্মীবাঈয়ে।

(ঘ) ভাৰতৰ শেষ মোগল সম্ৰাট কোন আছিল?

উত্তৰঃ দ্বিতীয় বাহাদুৰ শ্বাহ।

(ঙ) কোন চনত মণিৰাম দেৱানক ফাঁচী দিয়া হৈছিল?

উত্তৰঃ ১৮৫৮ খ্ৰীষ্টাব্দত।

২ । খালী ঠাই পূৰ কৰাঃ

(ক) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ আছিল ______।

উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ আছিল চৰ্বীযুক্ত কাৰ্টিজ বা টোটাৰ ব্যৱহাৰৰ নিৰ্দেশ।

(খ) লক্ষ্ণৌত বিদ্ৰোহৰ নেতৃত্ব দিছিল ______।

উত্তৰঃ লক্ষ্ণৌত বিদ্ৰোহৰ নেতৃত্ব দিছিল বেগম হজৰত মহলে।

(গ) মহাৰাণী ভিক্টোৰীয়াৰ ঘোষণা পত্ৰৰ দ্বাৰা ভাৰতৰ গবৰ্ণৰ জেনেৰেলজনৰ উপাধি হয় ______।

উত্তৰঃ মহাৰাণী ভিক্টোৰীয়াৰ ঘোষণা পত্ৰৰ দ্বাৰা ভাৰতৰ গবৰ্ণৰ জেনেৰেলজনৰ উপাধি হয় ভাইচৰয় বা ৰাজপ্ৰতিনিধি।

(ঘ) বৃটিছ প্ৰশাসনৰ বিৰুদ্ধে মাত-মতা প্ৰথম আহোম ৰাজকোঁৱৰজন হ’ল ______।

উত্তৰঃ বৃটিছ প্ৰশাসনৰ বিৰুদ্ধে মাত-মতা প্ৰথম আহোম ৰাজকোঁৱৰজন হ’ল গোমধৰ কোঁৱৰ।

(ঙ) মণিৰাম দেৱানৰ লগত ______ কো ফাঁচী দিয়া হৈছিল।

উত্তৰঃ মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাকো ফাঁচী দিয়া হৈছিল।

৩ । শুদ্ধ উত্তৰ বাছি উলিওৱা:

(ক) মংগল পাণ্ডেৰ লগত নানা চাহেব/তান্তীয়া টোপী/ঈশ্বৰী পাণ্ডেক ফাঁচী দিয়া হৈছিল।

উত্তৰঃ  ঈশ্বৰী পাণ্ডেক।

(খ) কানপুৰত বিদ্ৰোহৰ নেতৃত্ব দিছিল কোঁৱৰ সিং/নানা চাহেব/আহম্মদ উল্লাছাহে।

উত্তৰঃ  নানা চাহেবে।

(গ) চিপাহী বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ বুলি কৈছে ৰমেশ চন্দ্ৰ মজুমদাৰ/চাভাৰকাৰ/অশোক মেহতাই।

উত্তৰঃ  বিনায়ক দামোদৰ সাভাৰকাৰে।

(ঘ) মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল কলিকতা/শিৱসাগৰ/যোৰহাটত।

উত্তৰঃ  যোৰহাটত।

৪। চমুটোকা লিখা:

(ক) ঝান্সীৰ ৰাণী লক্ষ্মীবাঈঃ

উত্তৰ : ৰাণী লক্ষ্মীবাঈ আছিল ঝান্সীৰ মহাৰাজ গংগাধৰ ৰাওৰ সহধৰ্মিণী। তেওঁলোকৰ কোনো ঔৰসজাত সন্তান নথকাৰ বাবে এটি সন্তান তোলনীয়া কৰি লৈছিল। গংগাধৰ ৰাওৰ পৰলোকপ্ৰাপ্তিৰ পাছত লক্ষ্মীবাঈয়ে তেওঁলোকৰ তোলনীয়া পুত্ৰক সিংহাসনত বহুৱাব বিচাৰিছিল। কিন্তু ইংৰাজ গৱৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউচীয়ে ‘স্বত্ব বিলোপ নীতি’ প্ৰয়োগ কৰি ঝান্সীখন বৃটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰি লয়। ইংৰাজৰ এই অন্যাযত ক্ৰুদ্ধ হৈ লক্ষ্মীবাঈয়ে ১৮৫৭ চনৰ বিদ্ৰোহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তেওঁৰ প্ৰধান সেনাপতি আছিল বীৰ তান্তিয়া টোপী। এই যুঁজত ৰাণী লক্ষ্মীবাঈয়ে যি অদম্য সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল, সেয়া দেখি খোদ বৃটিছ সেনাপতিসকলো আশ্চৰ্যান্বিত হৈছিল। পৰাক্ৰমেৰে যুঁজি অৱশেষত তেওঁ ৰণক্ষেত্ৰতে বীৰগতি প্ৰাপ্ত হয়।

(খ) এনফিল্ড ৰাইফলঃ

উত্তৰঃ ১৮৫৭ চনৰ ঐতিহাসিক চিপাহী বিদ্ৰোহৰ এক প্ৰধান কাৰণ আছিল এনফিল্ড ৰাইফলৰ প্ৰৱৰ্তন। এই ৰাইফলত ব্যৱহাৰ কৰা টোটাবোৰৰ ওপৰত এখন আৱৰণ আছিল, আৰু বন্দুকলৈ টোটাটো ভৰোৱাৰ আগতে সেই আৱৰণখন দাঁতেৰে কামুৰি ফালিব লাগিছিল। সেই সময়ত সকলোৰে মাজত এই কথা প্ৰচাৰ হৈছিল যে এই আৱৰণখন গৰু আৰু গাহৰিৰ চৰ্বীৰে তৈয়াৰ কৰা। যিহেতু গাহৰি মুছলমানসকলৰ বাবে হাৰাম আৰু গৰু হিন্দুসকলৰ বাবে পৱিত্ৰ, সেয়েহে ভাৰতীয় চিপাহীসকলে এই টোটা ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে ইংৰাজ চৰকাৰে তেওঁলোকৰ ধৰ্ম নষ্ট কৰিবলৈকে এই ষড়যন্ত্ৰ ৰচিছে। ইয়াৰ প্ৰতিবাদত বহৰমপুৰ, বেৰেকপুৰ আদি সেনা ছাউনিত তীব্ৰ আন্দোলনৰ সূত্ৰপাত ঘটে। মংগল পাণ্ডে নামৰ এজন চিপাহীয়ে বিদ্ৰোহৰ সূচনা কৰি এজন ইংৰাজ বিষয়ালৈ গুলীচালনা কৰে। ইয়াৰ অপৰাধত ইংৰাজে মংগল পাণ্ডেক ফাঁচী দিয়ে, আৰু ইয়াৰ লগে লগেই ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ দাবানল সমগ্ৰ দেশতে বিয়পি পৰে।

(গ) মণিৰাম দেৱানঃ

উত্তৰঃ মণিৰাম দেৱান আছিল অসমৰ অভিজাত শ্ৰেণীৰ এজন বিশিষ্ট ব্যক্তি, যিসকল ইংৰাজৰ শাসনত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল। আহোম ৰাজত্বকালত এই মধ্যবিত্ত আৰু অভিজাত শ্ৰেণীটোৱে যিমান সন্মান আৰু সা-সুবিধা লাভ কৰিছিল, ইংৰাজ শাসনত সেই সকলোবোৰৰ পৰা তেওঁলোক বঞ্চিত হ’বলগীয়া হৈছিল, যাৰ ফলত তেওঁলোকৰ মনত তীব্ৰ অসন্তোষৰ সৃষ্টি হৈছিল।

প্ৰথম অৱস্থাত মণিৰাম দেৱান ব্ৰিটিছ প্ৰশাসনৰ এজন নিষ্ঠাৱান সহযোগী আছিল। তেওঁৰ কৰ্মকুশলতা আৰু তীক্ষ্ণ বুদ্ধিৰ বাবে কোম্পানী চৰকাৰে তেওঁক কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছিল। আনকি ১৮৩৯ চনত প্ৰতিষ্ঠা হোৱা অসম চাহ কোম্পানীত তেওঁক ‘দেৱান’ হিচাপেও নিযুক্তি দিয়া হৈছিল। কিন্তু অতি সোনকালেই কোম্পানীৰ বৈষম্যমূলক আচৰণৰ বাবে তেওঁৰ ইংৰাজৰ সৈতে মনোমালিন্য ঘটে। অৱশেষত তেওঁ ইংৰাজ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব লয়। কিন্তু ইংৰাজে এই ষড়যন্ত্ৰৰ ভূ পায় আৰু ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত মণিৰাম দেৱানক যোৰহাটত ৰাজহুৱাভাৱে ফাঁচী দিয়ে।

৫। চিপাহী বিদ্ৰোহৰ কাৰণ বিলাক কি কি আছিল? চিপাহী বিদ্ৰোহৰ ৰাজনৈতিক কাৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ আঁৰত থকা কাৰণসমূহক প্ৰধানকৈ ৰাজনৈতিক, ধৰ্মীয়, অৰ্থনৈতিক আৰু সামৰিক আদি কেইবাটাও ভাগত ভগাব পাৰি।

ধৰ্মীয় কাৰণ: কোম্পানী চৰকাৰৰ পৃষ্ঠপোষকতাত খ্ৰীষ্টান মিছনেৰীসকলে সমগ্ৰ ভাৰততে দ্ৰুতগতিত খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰ চলাইছিল। ইয়াৰ ফলত ভাৰতীয় জনসাধাৰণৰ মনত এক গভীৰ সন্দেহ আৰু ভয়ৰ সৃষ্টি হৈছিল। তেওঁলোকে ভাবিবলৈ বাধ্য হৈছিল যে ইংৰাজ চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষকে এখন খ্ৰীষ্টান ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰিছে।

অৰ্থনৈতিক কাৰণ: ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰথমতে কেৱল বেপাৰ কৰিবলৈহে ভাৰতলৈ আহিছিল, সেয়ে তেওঁলোকৰ মূল লক্ষ্য আছিল যিকোনো প্ৰকাৰে আৰ্থিক মুনাফা লাভ কৰা। এই স্বাৰ্থত তেওঁলোকে এনে কিছুমান নীতি প্ৰৱৰ্তন কৰিলে যিয়ে স্থানীয় অৰ্থনীতিলৈ ধ্বংস নমাই আনিলে। তেওঁলোকে ভাৰতৰ সম্পদসমূহ লুটি নি নিজৰ কোম্পানীৰ ভঁৰাল চহকী কৰিলে। বেপাৰীৰ ৰূপত আহি শাসক হোৱা ইংৰাজসকলে জাপি দিয়া কঠোৰ ৰাজহ নীতিৰ বাবে জমিদাৰ আৰু কৃষক দুয়ো শ্ৰেণীয়েই পথৰ ভিখাৰী হ’বলগীয়া হ’ল। লৰ্ড ডেলহাউচীৰ নতুন ভূমিনীতিয়ে বহুতকে নিজৰ মাটি-বাৰীৰ পৰা বেদখল কৰিলে। ইয়াৰ উপৰিও, ইংলেণ্ডৰ ঔদ্যোগিক বিপ্লৱৰ সুযোগ লৈ ভাৰতৰ পৰা কেঁচামাল সস্তাত কিনি নি, তাৰে মেচিনত সজা বস্তুবোৰ ভাৰতৰ বজাৰত কম দামত বিক্ৰী কৰিবলৈ ল’লে। ইয়াৰ ফলত ভাৰতীয় থলুৱা কুটিৰ শিল্পসমূহ সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হ’ল, যিয়ে সৰ্বসাধাৰণক অতিষ্ঠ কৰি তুলিলে।

সামৰিক কাৰণ: ভাৰতবৰ্ষত এখন বিশাল ব্ৰিটিছ সাম্ৰাজ্য স্থাপন কৰাত ইউৰোপীয় সৈন্যৰ সমানেই ভাৰতীয় সৈন্যৰো অৱদান আছিল। কিন্তু ভাৰতীয় সৈন্যসকলক অতি নিম্নমানৰ জীৱন-যাপন কৰিবলৈ বাধ্য কৰোৱা হৈছিল। কোম্পানী চৰকাৰে দৰমহা, পদোন্নতি আৰু অন্যান্য সা-সুবিধাৰ ক্ষেত্ৰত ইউৰোপীয় আৰু ভাৰতীয় সৈন্যৰ মাজত আকাশ-পাতাল পাৰ্থক্য ৰাখিছিল। এনে বৈষম্যমূলক নীতিৰ বাবেই ভাৰতীয় চিপাহীসকলে ক্ষুব্ধ হৈ ১৮৫৭ চনৰ বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল।

তৎকালীন কাৰণ: বিদ্ৰোহৰ আন বহুতো কাৰণ থাকিলেও, এটা নিৰ্দিষ্ট ঘটনাই জুইত ঘিউ ঢলাৰ দৰে কাম কৰিছিল। সামৰিক বাহিনীত নতুনকৈ প্ৰৱৰ্তন কৰা ‘এনফিল্ড ৰাইফল’ৰ টোটাবোৰৰ ওপৰত এখন আৱৰণ আছিল, যিখন ৰাইফলত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি ফালিবলগীয়া হৈছিল। সেই সময়ত খবৰ বিয়পি পৰিল যে এই আৱৰণখন গৰু আৰু গাহৰিৰ চৰ্বীৰে সজা। যিহেতু হিন্দু আৰু মুছলমান উভয়ৰে বাবে এই দুবিধ জন্তুৰ চৰ্বী খোৱাটো ধৰ্মবিৰোধী, সেয়েহে ভাৰতীয় চিপাহীসকলে ইয়াক ব্যৱহাৰ কৰিবলৈ অমান্তি হ’ল আৰু ইয়াৰ পৰাই বিদ্ৰোহৰ সূত্ৰপাত ঘটিল।

ৰাজনৈতিক কাৰণ: ১৮৫৭ চনৰ বিদ্ৰোহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো আছিল ৰাজনৈতিক। কেৱল ব্যৱসায় কৰিবলৈ অহা ব্ৰিটিছসকলে নিজৰ সাম্ৰাজ্যবাদী হাবিয়াস পূৰণ কৰিবলৈ ছলে-বলে-কৌশলে দেশীয় ৰাজ্যসমূহ দখল কৰিবলৈ আৰম্ভ কৰিলে। বিভিন্ন গৱৰ্ণৰ জেনেৰেলে এই সাম্ৰাজ্য বিস্তাৰত নিজৰ অৱদান আগবঢ়াইছিল, কিন্তু লৰ্ড ডেলহাউচীৰ ‘স্বত্ববিলোপ নীতি’য়ে ভাৰতীয় ৰজা আৰু জমিদাৰসকলৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি কৰিছিল। ৰজাসকলৰ সন্মান হানি কৰা আৰু তেওঁলোকৰ পেঞ্চন কৰ্তন কৰা কাৰ্যই মধ্যবিত্ত শ্ৰেণীক ক্ষুণ্ণ কৰি তুলিছিল। ইয়াৰোপৰি ব্ৰিটিছৰ অপশাসনে সাধাৰণ প্ৰজাৰ জীৱনো দুৰ্বিষহ কৰি তুলিছিল।

৬ । চিপাহী বিদ্ৰোহৰ বিফলতাৰ তিনিটা কাৰণ লিখা।

উত্তৰঃ চিপাহী বিদ্ৰোহ সফল হ’ব নোৱাৰিলে। বৃটিছ চৰকাৰে নিৰ্দয়ভাৱে এই বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হ’ল। এই বিদ্ৰোহ বিফল হোৱাৰ তিনিটা মুখ্য কাৰণ তলত দিয়া হ’ল-

১। ১৮৫৭ চনৰ এই বিদ্ৰোহটোৱে সমগ্ৰ ভাৰতবৰ্ষ সামৰি ল’ব পৰা নাছিল। ই কেৱল মাত্ৰ উত্তৰ আৰু মধ্য ভাৰতৰ কেইটামান নিৰ্দিষ্ট অঞ্চলতহে সীমাবদ্ধ আছিল।

২। যিসকল নেতাই এই বিদ্ৰোহৰ নেতৃত্ব দিছিল, তেওঁলোকৰ ব্যক্তিগত সাহস আৰু বীৰত্বৰ কোনো অভাৱ নাছিল, কিন্তু এখন সুপৰিকল্পিত আৰু বৃহৎ পৰিসৰৰ যুদ্ধ পৰিচালনা কৰাৰ দক্ষতা তেওঁলোকৰ নাছিল। তদুপৰি, বিদ্ৰোহীসকলক একেলগে একত্ৰিত কৰি নেতৃত্ব দিব পৰা কোনো সৰ্বভাৰতীয় পৰ্যায়ৰ নেতা নাছিল, যাৰ ফলত বিদ্ৰোহীসকলৰ মাজত ঐক্য আৰু সমন্বয়ৰ অভাৱ ঘটিছিল।

৩। সামৰিক দিশৰ পৰা বৃটিছ বাহিনী ভাৰতীয় চিপাহীতকৈ বহুগুণে আগবঢ়া আছিল। তেওঁলোকে আধুনিক আৰু উন্নত অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰিছিল, আনহাতে ভাৰতীয় বিদ্ৰোহীসকলৰ হাতত থকা অস্ত্ৰসমূহ আছিল পুৰণি আৰু পৰম্পৰাগত।

৭ । চিপাহী বিদ্ৰোহৰ ফলাফল কি আছিল লিখা।

উত্তৰ : চিপাহী বিদ্ৰোহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফলাফল আছিল ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰা। ইয়াৰ পাছতেই ইংলেণ্ডৰ সম্ৰাজ্ঞী মহাৰাণী ভিক্টোৰিয়াৰ এক ঐতিহাসিক ঘোষণা পত্ৰৰ জৰিয়তে ভাৰতৰ শাসনভাৰ প্ৰত্যক্ষভাৱে বৃটিছ চৰকাৰৰ হাতলৈ যায়।

ভাৰতত প্ৰশাসনৰ মুৰব্বী হিচাপে গৱৰ্ণৰ জেনেৰেলৰ পদবীটো বাহাল ৰখা হয় যদিও, তেতিয়াৰে পৰা তেওঁক ‘ভাইচৰয়’ বা ৰাজপ্ৰতিনিধি হিচাপে আখ্যা দিয়া হয়।

তদুপৰি, সামৰিক বাহিনীত ভাৰতীয় চিপাহীৰ আধিক্যৰ বাবেই এই বিদ্ৰোহ সম্ভৱপৰ হৈছিল বুলি বৃটিছ চৰকাৰে অনুভৱ কৰে। সেয়েহে তেওঁলোকে সেনা বাহিনীটো নতুনকৈ গঠন কৰে আৰু ভৱিষ্যতে এনে ঘটনা ৰোধ কৰিবলৈ সামৰিক বাহিনীত ইউৰোপীয় সৈন্যৰ অনুপাত যথেষ্ট পৰিমাণে বৃদ্ধি কৰে।

৮। অসমত চিপাহী বিদ্ৰোহৰ প্ৰস্তুতি কেনেধৰণে চলোৱা হৈছিল চমুকৈ লিখা।

উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত অসমত প্ৰকৃততে কোনো সশস্ত্ৰ বিদ্ৰোহ সংঘটিত হোৱা নাছিল, বৰঞ্চ ইয়াৰ কেৱল প্ৰস্তুতিহে চলিছিল। অসমত এই বিদ্ৰোহৰ বীজ সিঁচিছিল মূলতঃ ৰাজপৰিয়াল আৰু তেওঁলোকৰ সমৰ্থক অভিজাত শ্ৰেণীটোৱে। সেয়েহে ইয়াক প্ৰকৃত অৰ্থত ‘চিপাহী বিদ্ৰোহ’ বুলি কোৱাতকৈ অসমৰ পৰা বৃটিছ শাসন ওফৰাই পেলোৱাৰ এক শক্তিশালী প্ৰচেষ্টা বুলিহে অভিহিত কৰিব পাৰি।

বৃটিছ শাসনৰ ঋণাত্মক প্ৰভাৱ অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক— সকলো দিশতে পৰিছিল। ইংৰাজৰ শোষণ আৰু নিষ্পেষণত অতিষ্ঠ হৈ অসমৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ সুযোগ বিচাৰি ফুৰিছিল। এনে সময়তে ভাৰতৰ আন আন প্ৰান্তত জ্বলি উঠা চিপাহী বিদ্ৰোহৰ দাবানলে অসমলৈকো এক সোণালী সুযোগ কঢ়িয়াই আনিলে। অৱশ্যে ভাৰতৰ অন্যান্য স্থানৰ বিপৰীতে, অসমত এই বিদ্ৰোহৰ গুৰি ধৰিছিল চিপাহীসকলে নহয়, বৰঞ্চ অভিজাত সম্প্ৰদায়ৰ এজন উল্লেখযোগ্য ব্যক্তি মণিৰাম দেৱানেহে।

এসময়ত কোম্পানী চৰকাৰৰ অতি বিশ্বাসভাজন, তীক্ষ্ণ বুদ্ধিসম্পন্ন আৰু কৰ্তব্যপৰায়ণ বিষয়া মণিৰাম দেৱানে বৃটিছৰ প্ৰতি থকা বৈষম্যমূলক মনোভাৱৰ বাবেই চাকৰি ত্যাগ কৰি বিদ্ৰোহৰ নেতৃত্ব হাতত লৈছিল। বৃটিছে অসমত ৰজা ভঙা-পতা কৰাৰ নীতিটো তেওঁ একেবাৰেই মানি ল’ব পৰা নাছিল। প্ৰথমে তেওঁ ইংৰাজ বিষয়াসকলৰ সৈতে আলোচনাত বহি সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হয়। ইয়াৰ পাছতেই তেওঁ সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লয়। এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰাই পিয়লি বৰুৱা আৰু কন্দৰ্পেশ্বৰ সিংহলৈ বিদ্ৰোহৰ যাৱতীয় খবৰ আৰু নিৰ্দেশনা প্ৰেৰণ কৰিবলৈ ধৰে। তেওঁ অসমৰ বিভিন্ন স্থানত থকা চিপাহীসকলৰ লগতো যোগাযোগ স্থাপন কৰি তেওঁলোকক যুদ্ধৰ বাবে সাজু হ’বলৈ আহ্বান জনায়। কিন্তু দুৰ্ভাগ্যৱশৎ, বিদ্ৰোহৰ প্ৰস্তুতি চলি থকা অৱস্থাতেই মণিৰাম দেৱানে লিখা কেইখনমান গোপন চিঠি শিৱসাগৰৰ ডেপুটি কমিছনাৰৰ হাতত পৰে। লগে লগে মণিৰাম দেৱানক কলিকতাত গ্ৰেপ্তাৰ কৰি কিছুদিন আলিপুৰ জে’লত বন্দী কৰি ৰখা হয়। পাছত তেওঁক অসমলৈ আনি ৰাজদ্ৰোহৰ অভিযোগত বিচাৰ কৰা হয় আৰু ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাটত ৰাজহুৱাভাৱে ফাঁচী দিয়া হয়।

৯। ৰমেশ চন্দ্ৰ মজুমদাৰে চিপাহী বিদ্ৰোহক কিয় জাতীয় বিদ্ৰোহ নহয় বুলি কৈছে লিখা।

উত্তৰঃ বহুতো পণ্ডিতে ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহক ইংৰাজৰ বিৰুদ্ধে ভাৰতৰ ‘প্ৰথম স্বাধীনতা যুদ্ধ’ বা ‘জাতীয় বিদ্ৰোহ’ বুলি অভিহিত কৰিব বিচাৰে যদিও, প্ৰসিদ্ধ ইতিহাসবিদ ৰমেশ চন্দ্ৰ মজুমদাৰে এই মতবাদ খণ্ডন কৰিছে। তেওঁৰ মতে, এই বিদ্ৰোহক কোনোমতেই জাতীয় বিদ্ৰোহ বুলি ক’ব নোৱাৰি, কাৰণ ই সমগ্ৰ ভাৰতবৰ্ষ সামৰি লোৱা নাছিল। ই কেৱল উত্তৰ আৰু মধ্য ভাৰতৰ কেইটামান নিৰ্দিষ্ট স্থানতহে আৱদ্ধ আছিল। তদুপৰি, বহুতো দেশীয় ৰজাই বিদ্ৰোহীসকলক সহায় কৰাৰ পৰিৱৰ্তে ইংৰাজসকলকহে সমৰ্থন আগবঢ়াইছিল। চিপাহীসকলৰ এই বিদ্ৰোহ আছিল বিক্ষিপ্ত আৰু অসংগঠিত। সমগ্ৰ ভাৰতজুৰি সকলোকে একত্ৰিত কৰি একেলগে পৰিচালনা কৰিব পৰা কোনো শক্তিশালী কেন্দ্ৰীয় নেতৃত্বৰ অভাৱৰ বাবেই মজুমদাৰে ইয়াক জাতীয় বিদ্ৰোহ বুলি মানি ল’বলৈ অমান্তি হৈছে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৬ (১৮৫৭ চনৰ বিদ্রোহ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
সমাজ বিজ্ঞানৰ ষোড়শ অধ্যায়টোত মূলতঃ কিহৰ ওপৰত আলোচনা কৰা হৈছে?
ষোড়শ অধ্যায় ‘১৮৫৭ চনৰ বিদ্রোহ’ত ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বা চিপাহী বিদ্ৰোহৰ কাৰণ, ইয়াৰ বিস্তাৰ, নেতাসকলৰ অৱদান আৰু অসমত ইয়াৰ প্ৰভাৱৰ বিষয়ে বিস্তৃত আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) অতিৰিক্ত প্ৰশ্ন আৰু MCQs অন্তৰ্ভুক্ত আছেনে?
হয়, ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু শেহতীয়া আৰ্হিৰ বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে।
এই প্ৰশ্নোত্তৰসমূহ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
নিশ্চয়, এই সকলোবোৰ সমল শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই অধ্যায়ৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে বিদ্ৰোহৰ কাৰণ, ব্যৰ্থতাৰ কাৰণ আৰু অসমত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে ৪-৫ নম্বৰৰ বৰ্ণনাত্মক দীঘলীয়া প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top