Class 7 Science Chapter 13 গতি আৰু সময় Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 7

সপ্তম শ্ৰেণী বিজ্ঞান অধ্যায় ১৩ – গতি আৰু সময় (Motion and Time) – সকলো পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | শংকৰদেৱ শিশু বিদ্যা নিকেতন (Sankardev Sishu Vidya Niketan)

সপ্তম শ্ৰেণী বিজ্ঞান অধ্যায় ১৩ – গতি আৰু সময় (Motion and Time) সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – Assamese Medium)

সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ত্ৰয়োদশ অধ্যায় ‘গতি আৰু সময়’ (Motion and Time) হৈছে বস্তুৰ গতিশীলতা, দ্ৰুততা নিৰ্ণয় আৰু সময় জোখাৰ পদ্ধতি সম্পৰ্কে বুজিবলৈ এক অতি গুৰুত্বপূৰ্ণ পাঠ। নতুন পাঠ্যক্ৰম আৰু নতুন শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত শংকৰদেৱ শিশু বিদ্যা নিকেতন (SVN) ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Science Chapter 13 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘গতি আৰু সময়’ নামৰ এই পাঠটিত ধীৰ আৰু দ্ৰুত গতি (Slow and Fast Motion), দ্ৰুততা বা বেগৰ ধাৰণা (Speed), সময়ৰ জোখ (Units of Time), প’ডোমিটাৰ আৰু স্পিডোমিটাৰৰ ব্যৱহাৰ, তথা দূৰত্ব-সময় লেখ (Distance-Time Graph) আদিৰ বিশদ আলোচনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ধাৰণা, সূত্ৰ আৰুাণিতিক হিচাপসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • গতি আৰু দ্ৰুততাৰ সংজ্ঞা, একক আৰু গাণিতিক সূত্ৰৰ বিশদ বিশ্লেষণ।
  • সময় জোখাৰ যন্ত্ৰ আৰু দূৰত্ব-সময় লেখ অংকন কৰাৰ পদ্ধতি।
  • ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • অনুশীলনীৰ প্ৰশ্নৰ লগতে অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • গতি আৰু সময় পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয়ৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Science (বিজ্ঞান) Textbook Solutions & MCQs | Sankardev Sishu Vidya Niketan (SVN) New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Science (বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 13 গতি আৰু সময়

 শংকৰদেৱ বিদ্যা নিকেতন, সপ্তম শ্ৰেণী: বিজ্ঞান

অধ্যায়-13                                                                  অস্পিন একাডেমী

গতি আৰু সময়

পাঠভিত্তিক প্রশ্নোত্তৰ

১ । দ্রুতি মানে কি?

উত্তৰঃ প্ৰতি একক সময়ত কোনো এটা বস্তুৱে অতিক্ৰম কৰা দূৰত্বৰ জোখকেই দ্ৰুতি বুলি কোৱা হয়।

২ । সময় মানে কি?

উত্তৰঃ সময় হৈছে ঘড়ী বা তেনে কোনো সঁজুলিৰ জৰিয়তে লোৱা দৈনন্দিন ঘটনাপ্ৰৱাহৰ জোখ।

৩ । সৰল দোলক কি?

উত্তৰঃ পাতল আৰু দীঘলকৈ প্ৰসাৰিত হ’ব নোৱাৰা এডাল সূতাৰ সহায়ত কোনো বিন্দুত ভৰ থকা এটা বস্তু ওলোমাই দিলে যিটো সঁজুলি পোৱা যায়, তাকেই সৰল দোলক বুলি জনা যায়।

৪ । সময় জোখা কেইবিধমান সঁজুলিৰ নাম লিখা।

উত্তৰঃ সময় জোখা কেইবিধমান সঁজুলিৰ নাম হ’ল— ডিজিটেল ঘড়ী, টেবুল ঘড়ী, দেৱাল ঘড়ী, সূৰ্য ঘড়ী, পানী ঘড়ী আৰু বালি ঘড়ী।

৫ । দূৰত্ব সময় লেখ বুলিলে কি বুজা?

উত্তৰঃ যি লেখচিত্ৰৰ সহায়ত এটা বস্তুৰ সময়ৰ লগে লগে হোৱা স্থানৰ পৰিৱৰ্তন বা গতিক চিত্ৰৰ আকাৰত প্ৰকাশ কৰিব পাৰি, তাক দূৰত্ব-সময় লেখ বোলা হয়।

B. ক্রিয়াকলাপ সম্বন্ধীয় প্রশ্ন (Activity based Questions):

১ । তোমাৰ আচাৰ্য্যৰ সহায় লৈ এটা বালিঘড়ী (Sand Clock) সাজা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে আচাৰ্যৰ তত্ত্বাৱধানত বিদ্যালয়ত এই বালিঘড়ীটো সাজি উলিয়াব লাগিব।

২ । এটা ছেকেণ্ড পেণ্ডুলাম সাজা যাৰ দোলন কাণ দুই ছেকেণ্ড।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে আচাৰ্যৰ তত্ত্বাৱধানত এই ছেকেণ্ড পেণ্ডুলামটো সাজি উলিয়াব লাগিব। তলত ইয়াৰ এটা আৰ্হি চিত্ৰ দিয়া হ’ল। *(শিক্ষাৰ্থীয়ে ইয়াত ছেকেণ্ড পেণ্ডুলামৰ চিত্ৰ এটা আঁকিব লাগিব।)*

C. চমু প্রশ্ন (Short Answer Question):

১ । তলত দিয়া গতিবোৰ কি চিনাক্ত কৰা।

(ক) পোন ৰাষ্টাৰে গৈ থকা ঘোঁৰা গাড়ী এখনৰ গতি।

উত্তৰঃ সৰলৰৈখিক গতি।

(খ) শিশু এটিয়ে আনন্দতে ঘূৰি নাচি-বাগি থকা গতি।

উত্তৰঃ অনিয়মিত গতি বা বিষম গতি।

(গ) দোলনাত চলি থকা শিশু এটিৰ গতি।

উত্তৰঃ দোলন গতি বা পৰ্যাবৃত্ত গতি।

(ঘ) বৈদ্যুতিক ঘণ্টাত হাতুৰীৰে মৰা গতি।

উত্তৰঃ স্পন্দন গতি বা পৰ্যাবৃত্ত গতি।

২ । আমাৰ সময়ৰ জোখৰ আৱশ্যক কিয়?

উত্তৰঃ প্ৰকৃতি আৰু আমাৰ দৈনন্দিন জীৱনৰ বহুতো কাৰ্য এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সংঘটিত হয়। এই কাৰ্যসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আৰু সময়ৰ এক সঠিক হিচাপ ৰাখিবলৈ আমাক সময়ৰ জোখৰ আৱশ্যক হয়।

৩ । বৰ্তমান সময়ৰ জোখ লোৱা কেইবিধমান সঁজুলিৰ নাম লিখা।

উত্তৰঃ আধুনিক যুগত সময়ৰ জোখ ল’বলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলি হ’ল— ডিজিটেল ঘড়ী, হাতঘড়ী, জেপঘড়ী, টেবুল ঘড়ী আৰু দেৱাল ঘড়ী।

৪ । কেতিয়া এটা বস্তুৱে গতি কৰা বুজায়?

উত্তৰঃ যেতিয়া কোনো এটা বস্তুৱে সময়ৰ লগে লগে নিজৰ স্থান বা অৱস্থানৰ সলনি কৰে, তেতিয়াই বস্তুটোৱে গতি কৰিছে বুলি ধৰা হয়।

৫ । সময়ৰ জোখৰ কেইটামান এককৰ নাম লিখা।

উত্তৰ : সময়ৰ আন্তঃৰাষ্ট্ৰীয় মূল একক হৈছে ছেকেণ্ড, যাক ‘s’ বা ‘ছে’ চিহ্নৰে বুজোৱা হয়। সময়ৰ ইয়াতকৈ ডাঙৰ এককবোৰ হ’ল মিনিট (মিন) আৰু ঘণ্টা (ঘ)। ইয়াৰ বাহিৰেও অতি সূক্ষ্ম সময়ৰ হিচাপ ৰাখিবলৈ বৈজ্ঞানিক গৱেষণাত মাইক্ৰ’ছেকেণ্ড (এক ছেকেণ্ডৰ দহ লাখ ভাগৰ এভাগ) আৰু নেন’ছেকেণ্ড (এক ছেকেণ্ডৰ এশ কোটি ভাগৰ এভাগ) জোখৰ ঘড়ী ব্যৱহাৰ কৰা হয়।

দীঘল প্রশ্ন (Long Answer Questions):

৬ । সুষম বেগত গতিশীল বস্তুৰ দূৰত্ব সময়ৰ লেখ এডাল আঁকা।

উত্তৰঃ *(শিক্ষাৰ্থীয়ে এডাল পোন আৰু হেলনীয়া সৰলৰেখাৰে দূৰত্ব-সময়ৰ লেখ এডাল আঁকিব লাগিব, য’ত x-অক্ষত সময় আৰু y-অক্ষত দূৰত্ব বহুওৱা হ’ব।)*

৭ । সৰল দোলক এটাৰ পৰ্যায়কালৰ জোখ কেনেকৈ লোৱা হয় বর্ণনা কৰা।

উত্তৰঃ সৰল দোলক এটাৰ পৰ্যায়কাল অতি কম হোৱা বাবে এটা সম্পূৰ্ণ দোলনৰ সময় নিৰ্ভুলভাৱে উলিওৱাটো সহজসাধ্য নহয়। সেয়েহে ইয়াৰ জোখ ল’বলৈ আমাক ষ্টপ ৱাচৰ প্ৰয়োজন হয়। তলত উল্লেখ কৰা পদ্ধতিৰে পৰ্যায়কালৰ জোখ লোৱা হয়-

১। প্ৰথমে, প্ৰায় এক মিটাৰ দীঘল সূতা এডালেৰে ভৰযুক্ত পিণ্ড এটা সুদৃঢ় আলম এটাৰ পৰা ওলোমাই ৰখা হ’ল।

২। পৰীক্ষাৰ সময়ত বতাহৰ প্ৰভাৱ কমাবলৈ ওচৰত চলি থকা বিজুলী পাংখাবোৰ বন্ধ কৰি দিয়া হ’ল।

৩। দোলকৰ পিণ্ডটো একেবাৰে মাজভাগত (সাম্য অৱস্থাত) স্থিৰ কৰি ৰাখি, তাৰ ঠিক তলতে মজিয়াত এটা চিন দিয়া হ’ল।

৪। তাৰ পাছত পিণ্ডটোক সাম্য অৱস্থাৰ পৰা এফলীয়াকৈ অলপমান টানি নিয়া হ’ল আৰু অতি সাৱধানেৰে এৰি দিয়া হ’ল। মন কৰিব লাগে যাতে পিণ্ডটো দুলি থকা অৱস্থাত তাক পুনৰ ঠেলি দিয়া নহয়।

৫। পিণ্ডটোৱে এটা মূৰৰ (সীমান্ত অৱস্থাৰ) পৰা দুলিবলৈ আৰম্ভ কৰোঁতেই ষ্টপ ৱাচটো আৰম্ভ কৰি গণনা আৰম্ভ কৰা হ’ল। পিণ্ডটোৱে আনটো মূৰলৈ গৈ পুনৰ আগৰ মূৰটো পোৱালৈকে এটা দোলন সম্পূৰ্ণ হোৱা বুলি ধৰা হ’ল।

৬। এনেদৰে পিণ্ডটোৱে ২০ টা সম্পূৰ্ণ দোলন শেষ কৰাৰ লগে লগে ষ্টপ ৱাচটো বন্ধ কৰি দিয়া হ’ল।

৭। ২০ টা দোলন সম্পূৰ্ণ হ’বলৈ যিমানখিনি সময় লাগিল, সেয়া ষ্টপ ৱাচৰ পৰা লিখি লোৱা হ’ল।

৮। এই জোখখিনি নিৰীক্ষণ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ল।

৯। শেষত, ২০ টা দোলন সম্পূৰ্ণ কৰিবলৈ লগা মুঠ সময়খিনিক দোলনৰ সংখ্যা অৰ্থাৎ ২০ ৰে হৰণ কৰিলে আমি দোলকটোৰ এটা পৰ্যায়কালৰ মান লাভ কৰোঁ।

৮ । লেখ কি? তুমি এডাল লেখ কেনেকৈ অংকন কৰিবা।

উত্তৰঃ লেখ হৈছে পৰিসংখ্যা বা তথ্যসমূহক জ্যামিতিক চিত্ৰৰ সহায়ত উপস্থাপন কৰা এক সৰল প্ৰণালী।

এখন লেখ অংকন কৰিবলৈ তলত উল্লেখ কৰা নিয়মসমূহ পালন কৰিব লাগে-

সাধাৰণতে লেখ আঁকিবলৈ সৰু সৰু বৰ্গক্ষেত্ৰ থকা মিলিমিটাৰ লেখ কাকত বা গ্ৰাফ পেপাৰ ব্যৱহাৰ কৰা হয়। লেখ আঁকিবলৈ তলৰ পদ্ধতিখিনি অৱলম্বন কৰিব পাৰি:

১। প্ৰথমে লেখ কাকতৰ বাওঁফালে তলৰ পিনে লম্বভাৱে কটাকটি কৰাকৈ দুডাল সৰলৰেখা টানিব লাগে, যাক ক্ৰমে x-অক্ষ (অনুভূমিক) আৰু y-অক্ষ (উলম্ব) বুলি কোৱা হয়।

২। সাধাৰণতে x-অক্ষত স্বতন্ত্ৰ চলকৰ মানবোৰ (যেনে- সময়) আৰু y-অক্ষত নিৰ্ভৰশীল চলকৰ মানবোৰ (যেনে- দূৰত্ব) স্থাপন কৰিব লাগে।

৩। তথ্যত থকা ডাঙৰ আৰু সৰু মানবোৰ চাই লেখ কাকতৰ বৰ্গক্ষেত্ৰবোৰৰ বাবে এটা উপযুক্ত স্কেল বা একক নিৰ্ধাৰণ কৰিব লাগে, যাতে গোটেই তথ্যখিনি লেখ কাকতত ধুনীয়াকৈ আঁটি যায়।

৪। তাৰ পাছত প্ৰতিটো তথ্যৰ যোৰক (x, y) বিন্দুত পৰিণত কৰি লেখ কাকতত সেই বিন্দুসমূহ বহুৱাব লাগে।

৫। বিন্দুসমূহ বহুৱাই শেষ হোৱাৰ পাছত সেইবোৰক এডাল পোন বা মসৃণ ৰেখাৰে সংযোগ কৰিব লাগে।

৬। শেষত, লেখচিত্ৰখনে কিহৰ বিষয়ে তথ্য দিছে, তাক বুজাবলৈ লেখডালৰ ওপৰত এটা উপযুক্ত নাম বা শিৰোনামা দিব লাগে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী বিজ্ঞান অধ্যায় ১৩ (গতি আৰু সময়) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দ্ৰুততা (Speed) বুলিলে কি বুজায়?
কোনো এটাই বস্তুৱে একক সমইয়ত অতিক্ৰম কৰা দূৰত্বকেই সেই বস্তুবিধৰ দ্ৰুততা বোলা হয়।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন, MCQ আৰু গুৰুত্বপূৰ্ণ সংজ্ঞাসমূহৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
দ্ৰুততা জোখাৰ এছ আই (SI) একক কি?
দ্ৰুততা জোখাৰ এছ আই একক হৈছে মিটাৰ প্ৰতি ছেকেণ্ড (m/s)।
এই সমাধানসমূহ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল শংকৰদেৱ শিশু বিদ্যা নিকেতন (SVN) আৰু নতুন পাঠ্যক্ৰম অনুসৰণ কৰা বিদ্যালয়সমূহৰ বাবে শেহতীয়া নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top