Class 8 Social Science Chapter 1 – প্ৰাকৃতিক সম্পদ (Natural Resources) – All Textual Solutions | ASSEB Assam (Assamese Medium)
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১ – প্ৰাকৃতিক সম্পদ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ভূগোল বিজ্ঞান খণ্ডৰ প্ৰথম অধ্যায় ‘প্ৰাকৃতিক সম্পদ’ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ পাঠ। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া শৈক্ষিক নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 1 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘প্ৰাকৃতিক সম্পদ’ নামৰ এই পাঠটিত সম্পদৰ ধাৰণা, ইয়াৰ শ্ৰেণীবিভাজন, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ, আৰু সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ধাৰণা আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে。
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- প্ৰাকৃতিক সম্পদৰ সংজ্ঞা, প্ৰকাৰ আৰু মানৱ জীৱনত ইয়াৰ গুৰুত্বৰ বিস্তৃত পৰিচয়।
- ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- সম্পদ সংৰক্ষণৰ উপায় আৰু বহনক্ষম উন্নয়নৰ (Sustainable Development) ধাৰণা সম্পৰ্কীয় দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
- পাঠভিত্তিক খালী ঠাই পূৰণ, শুদ্ধ-অশুদ্ধ বিচাৰ কৰা আৰু পাৰ্থক্য লিখা প্ৰশ্নৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- প্ৰাকৃতিক সম্পদ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক。
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Social Science
Chapter – 1 (Ospin Academy)
প্ৰাকৃতিক সম্পদ
|
TEXTUAL QUESTION ANSWER |
|---|
১। চমু উত্তৰ লিখা–
(ক) মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ হ’ল-
(ক) জনসংখ্যা বৃদ্ধি (বাসস্থান সাজিবলৈ, কৃষিকাৰ্য কৰিবলৈ)।
(খ) অৰ্থনৈতিক প্ৰতিযোগিতা (ব্যৱসায় বাণিজ্য,উদ্যোগ আদি নিৰ্মাণ)।
(খ) কোনো এঠাইত জন বসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা? (দুটা কাৰণ লিখা)।
উত্তৰঃ কোনো এঠাইত জন বসতি ঘন হোৱাৰ দুটা কাৰণ হ’ল–
(ক) খেতিপথাৰৰ বাবে উপযোগী সাৰুৱা মাটি উপলদ্ধ হ’লে তাৰ আশে পাশে জন বসতি ঘন হয়।
(খ) কোনো ঠাইত খনিজ সম্পদ অধিক পৰিমাণে উপলদ্ধ হ’লে তাৰ আশে পাশে জন বসতি ঘন হয়।
(গ) ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা।
উত্তৰঃ ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ হ’ল-
(১) অপৰিকল্পিত কাৰ্য, ঔদ্যোগীকৰণ, অৰণ্য আৰু ঘাঁহনিৰ অত্যধিক ব্যৱহাৰ আদিৰ ফলত মাটিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে।
(২) খেতিপথাৰত গঢ়ি উঠা ইটা-ভাটাৰ দৰে উদ্যোগবোৰেও ভূমিৰ ক্ষতিসাধন কৰে।
(ঘ) বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা।
উত্তৰঃ বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ হ’ল–
(১) বিনা কাৰণত পানীবোৰ নষ্ট কৰাৰ কাৰণে।
(২) ঋতু অনুযায়ী বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে।
২। শুদ্ধ উত্তৰত (√) চিন দিয়া—
(ক) তলৰ কোনটোৱে পানীৰ সংক্ষণত সহায় কৰে?
(১) অবাবতে পানীৰ টেপ খুলি থলে।
(২) ভূগৰ্ভৰ পানীৰ অত্যধিক ব্যৱহাৰ কৰিলে।
(৩) বৰষুণৰ পানী জমা কৰি থলে।
উত্তৰঃ (৩) বৰষুণৰ পানী জমা কৰি থলে।
(খ) নিৰ্মল পানী পাবলৈ হ’লে—
(১) আবর্জনাবোৰ নৈত পেলাব লাগে।
(২) পানীত ৰাসায়নিক সাৰ মিহলাব লাগে।
(৩) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।
উত্তৰঃ (৩) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।
(গ) তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে–
(১) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ’লে।
(২) অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে।
(৩) শক্তি সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ’লে।
উত্তৰঃ (১) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ’লে।
৩। ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। (৮০ টা মান শব্দৰ ভিতৰত)।
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ ২৯ শতাংশ হৈছে ভূমি। এই ভূমিয়েই জীৱজগতৰ আধাৰ। মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনৰ মূলতেই হৈছে ভূমি সম্পদ। সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰতে নিৰ্ভৰশীল। ভূমিৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ কৃষি, শিল্প, যাতায়ত, যোগাযোগ আদি গঢ় লৈ উঠিছে। অৰ্থাৎ মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আদিৰ ক্ষেত্ৰত ভূমি বা মাটিৰ ভূমিকা সৰ্বাধিক। এই ভূমি বা মাটি কিন্তু অসীম নহয়। ই সীমিত। পৃথিৱীত মানুহৰ সংখ্যা কম হৈ থাকোতে মাটিৰ বিশেষ অভাৱ হোৱা নাছিল।
গ্ৰাম্যাঞ্চলত মাটিয়ে কৃষকৰ জীয়াই থকাৰ সম্বল। এই মাটিতেই কৃষিকাৰ্য কৰিয়েই তেওঁলোক জীয়াই থাকে। কৃষিৰ বাবে বহুতে ঘাঁহনি, বিল, পিতনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। এনে কৰোঁতে পৰিৱেশত পৰিব পৰা প্ৰভাৱৰ কথা ভবা নহয়।
৪। তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞলোকৰ পৰা সেই সম্পৰ্কে জানি লৈ এটি টোকা যুশুত কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
৫। বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত?
উত্তৰঃ বনজ সম্পদ বুলিলে বিভিন্ন গছ-গছনিকে আদি কৰি নানাবিধ লতা, বাঁহ, বেত, কপৌফুল আদিও থাকে। ইয়াত থকা জীৱ-জন্তু, নানা প্ৰজাতিৰ চৰাই-চিৰিকটি বোৰৰ আশ্ৰয়ৰ বাবে এই গছ-গছনিবোৰ অতি প্ৰয়োজনীয়। কিন্তু বিভিন্ন কাৰণত এই গছ-গছনিবোৰৰ সংখ্যা কমি আহিছে। ফলস্বৰূপে বহুতো জীৱ-জন্তু আৰু চৰাই-চিৰিকটি বিলুপ্তিৰ পথলৈ আগবাঢ়িছে। এটা হিচাপ মতে বিগত ২০০০ বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰপৰা প্ৰায় ১৬০ বিধমান জন্তু আৰু প্ৰায় ৮৮ বিধমান চৰাইৰ প্ৰজাতি নাইকীয়া হৈ গৈছে।
পৃথিৱীৰ উপৰিভাগৰ দুই–তৃতীয়াংশ পানীৰে আৱৰা। তথাপি আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ বৰ তাকৰ। তদুপৰি আমাৰ ব্যৱহাৰযোগ্য পানীৰ ৭০ শতাংশই সহজে পাব পৰা অৱস্থাত নাই। সেয়েহে জলসম্পদ অতি মূল্যৱান। এই জলসম্পদ প্ৰধানকৈ জলসিঞ্চন, পৰিবহন, উদ্যোগ আৰু ঘৰুৱা কামত ব্যৱহাৰ হয়। বিদ্যুত শক্তি আহৰণৰ বাবেও জলসম্পদৰ প্ৰয়োজন হয়। জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে পানীৰ ব্যৱহাৰো বৃদ্ধি পাইছে। কিন্তু সেই অনুপাতে ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ বঢ়া নাই ǀ তাৰ লগতে পানীৰ উৎসসমূহ প্ৰদূষিত হবলৈ লোৱাৰ বাবেও জলসম্পদৰ নাটনিয়ে দেখা দিছে। পানীৰ সমস্যা দূৰ কৰিবলৈ আমি জলসংৰক্ষণৰ ওপৰত গুৰুত্ব দিব লাগিব। যিবোৰ কামৰ দ্বাৰা পানী প্ৰদূষণ হয়, তাক পৰিহাৰ কৰিব লাগিব; প্ৰয়োজনতকৈ বেছি পানী ব্যৱহাৰ কৰা অনুচিত,পানী পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু বৰষুণৰ পানী পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত।
৬। শক্তি সম্পদৰ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে?
উত্তৰঃ শিল্প উদ্যোগ, কৃষি, পৰিবহণ, যোগাযোগ, প্ৰতিৰক্ষা আদি সকলোতে শক্তি সম্পদৰ প্ৰয়োজন হয়। এই শক্তি সম্পদক দুটা ভাগত ভগাব পাৰি। পৰম্পৰাগত (কয়লা, খাৰুৱা তেল, প্ৰকৃতিক গেছ, খৰি আদি) আৰু অপৰম্পৰাগত (বায়ুশক্তি,সৌৰশক্তি আদি)। পৰম্পৰাগত শক্তিৰ উৎসসমূহ যিহেতু ব্যৱহাৰৰ পিছত শেষ হৈ যায় গতিকে এনে সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ’লেহে ভৱিষ্যতৰ বাবে এইবোৰ সংৰক্ষণ কৰিব পৰা যাব।
আনহাতে পৰম্পৰাগত শক্তি সম্পদ মানুহে সৃষ্টি কৰি লবলগীয়া হয়। যিকোনো সম্পদ আমি অনায়াসে আহৰণ কৰিব নোৱাৰো। সম্পদ আহৰণৰ ক্ষেত্ৰত খৰচ, সময়, শ্ৰম, প্ৰযুক্তি আদিবোৰ কাৰকবোৰ জড়িত হৈ আছে। ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী নহ’লে যিকোনো সম্পদৰ সংৰক্ষণ সম্ভৱ নহয়। ভৱিষ্যতৰ কাৰণে সম্পদ ৰাহি কৰিবলৈও সম্পদৰ অপচয় ৰোধ কৰিব লাগিব।
৭। চমু টোকা লিখা–
(ক) বন্যপ্ৰাণী।
উত্তৰঃ হাবিত বাস কৰা সৰু-বৰ জীৱ জন্তু, চৰাই-চিৰিকতি, উদ্ভিদ, সৰীসৃপ, উভচৰ প্ৰাণী, কীট-পতংগ ইত্যাদিবোৰক বন্যপ্রাণী বুলিব পাৰি। সকলো বন্যপ্রাণীয়ে হ’ল প্ৰাকৃতিক সম্পদ। বন্যপ্রাণীৰ উপস্থিতিত প্ৰকৃতিত সহজে ভাৰসাম্যতা ৰক্ষা হয়। দিনক দিনে জনসংখ্যা বৃদ্ধি আৰু মানুহ গতিবিধি লাহে লাহে বৃদ্ধি পাই ফলত অৰণ্যত থকা বন্যপ্রাণীবোৰৰ জীৱনলৈ সংকট নামি আহিছে। বহু ঠাইত চৰকাৰেও বন্যপ্ৰাণীবোৰ সংৰক্ষণৰ বাবে বিষয় ব্যৱস্থা হাতত লৈছে। পৃথিৱীৰ মুঠ মাটি-কালিৰ এক-তৃতীয়াংশৰো কম বননি- ঘাঁহনিয়ে আগুৰি আছে।
(খ) জীৱাশ্ম ইন্ধন।
উত্তৰঃ জীৱাশ্ম ইন্ধনবোৰ প্ৰাকৃতিক সম্পদৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। কয়লা, পেট্ৰলায়াম, প্ৰাকৃতিক গেছ আদি হৈছে জীৱাশ্ম ইন্ধন। এনে ইন্ধনবোৰ নতুনকৈ সৃষ্টি কৰিব পৰা নাযায়। জীৱাশ্ম ইন্ধনসমূহৰ ব্যাপক ব্যৱহাৰৰ ফলত এইবোৰৰ পৰিমাণ দ্ৰুত গতিত কমি আহিছে। সেয়েহে আমি জীৱাশ্ম ইন্ধনবোৰ অলপ কমকৈ ব্যৱহাৰ কৰিব লাগে। সেয়েহে এই ইন্ধনবোৰ সংৰক্ষণ কৰাটো আমাৰ কৰ্তব্য।
(গ) মৰুকৰণ।
উত্তৰঃ প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়। অধিক উৎপাদন পাবৰ বাবে একেডৰা মাটিতে বেছিকৈ সাৰ, ৰাসায়নিক দ্ৰব্য, জলসিঞ্চন আদি প্ৰয়োগ কৰি বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰতা নষ্ট হয়, পানী ধৰি ৰাখিব পৰা ক্ষমতা কমে আৰু ভূগৰ্ভৰ জলস্তৰ নিম্নগামী হয়। ফলত অঞ্চলটো গুকান বা মৰুসদৃশ হৈ পৰিব পাৰে।
(ঘ) সৌৰশক্তি।
উত্তৰঃ সূৰ্য অফুৰন্ত শক্তিৰ ভঁৰাল। আমি প্ৰত্যেক দিনেই সূৰ্যৰ তাপ আৰু পোহৰ পাই থাকো। সূৰ্যৰ এই শক্তিক সৌৰ কোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বিদ্যুৎ শক্তিৰ সহায়ত সৌৰ চৌকা, সৌৰ হিটাৰ আদি চলোৱা হয়। সৌৰকোষৰ জৰিয়তে সৌৰ বিদ্যুৎ উৎপাদন কৰা হয়। ঘড়ী, কেলকুলেটৰ আদি চলোৱা, বিদ্যুৎ সংযোগ নথকা গাঁৱত বিজুলী চাকি জ্বলোৱাৰ উপৰি মহাকাশ যান, উপগ্ৰহ আদিতো সৌৰশক্তি ব্যৱহাৰ কৰা হয়।
(ঙ) ভূমিস্খলন।
উত্তৰঃ ভূমিস্খলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বোলে। পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হ’ব পাৰে।
৮। পাৰ্থক্য দেখুওৱা —
(ক) গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ।
উত্তৰঃ গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ মাজৰ পাৰ্থক্য হ’ল–
গ্ৰামাঞ্চলঃ গ্ৰামাঞ্চলত কৃষকৰ বাবে মাটিয়েই জীয়াই থকাৰ সম্বল। এই মাটিত কৃষিকাৰ্য কৰিয়েই তেওঁলোকে জীৱন নিৰ্বাহ কৰে। কৃষিকাৰ্যৰ বাবে বহুতে বননি, ঘাঁহনি আদি উভালি বিল, পিতনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষি ভূমিলৈ ৰূপান্তৰিত কৰে।
নগৰীয়া অঞ্চলঃ নগৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক। বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰ প্ৰয়োজনো বেছি। জনসংখ্যা বঢ়াৰ লগে লগে ব্যৱসায়-বাণিজ্য, উদ্যোগ, ৰাস্তা-ঘাট আদিৰো প্ৰসাৰ ঘটে। সেই কাৰণেই কাষৰীয়া কৃষিভূমি, জলাহভূমি বা বন্যভূমি আদিলৈ নগৰ সম্প্ৰসাৰিত হয়।
মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আহিছে যদিও ব্যৱহাৰযোগ্য ভূমিৰ পৰিমাণ কমি অহাটো পৰিলক্ষিত হৈছে।
(খ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি।
উত্তৰঃ পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি মাজৰ পাৰ্থক্য হ’ল–
পৰম্পৰাগতঃ অতীজৰ পৰা জুই জ্বলাবলৈ ব্যৱহাৰ কৰি অহা খৰি আৰু অন্যান্য জীৱাশ্ম ইন্ধনবোৰেই হ’ল পৰম্পৰাগত শক্তিৰ উৎস। কয়লা, পেট্ৰ’লিয়াম, আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন। এনে ইন্ধন নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। মানুহে যিমান বেছিকৈ এই ইন্ধন শক্তি খৰচ কৰিব সিমান সোনকালে সেইবোৰ শেষ হৈ যাব।
অপৰম্পৰাগতঃ জীৱাশ্ম ইন্ধনসমূহ শেষ হৈ যোৱাৰ আগতে মানুহে অন্য উৎসৰপৰা শক্তি আহৰণৰ ব্যৱস্থা কৰাটো প্ৰয়োজন। সেয়েহে আজিকালি অপৰম্পৰাগত শক্তিৰ উৎসমূহ, যেনে– সৌৰশক্তি, জলশক্তি, বতাহশক্তি, জোৱাৰৰ শক্তি আদি নৱীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই শক্তি ব্যৱহাৰৰ আন এক সুবিধা হ’ল ইয়াত প্ৰদূষণৰ মাত্ৰা কম।
৯। তোমালোকৰ ওচৰে-পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিবপৰা উপায়সমূহ উল্লেখ কৰা।
উত্তৰঃ বনজ সম্পদ বুলিলে বিভিন্ন গছ-গছনিকে আদি কৰি, লতা, বাঁহ, বেত, ফুল, বিভিন্ন জীৱ-জন্তু, চৰাই চিৰিকতি ইত্যাদিবোৰক ধৰিব পাৰি। হিচাপ মতে বিগত ২০০০ বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা ১৬০ বিধমান জন্তু আৰু প্রায় ৮৮ বিধমান চৰাইৰ প্রজাতি নাইকীয়া হৈ গৈছে। আজি দেখা গৈছে- বর্ধিত জনসংখ্যাৰ ভৰণ-পোষণৰ বাবে মানুহে অৰণ্য অঞ্চল মুকলি কৰি খেতি পথাৰ গঢ়ি তুলিছে, জধে মধে গছ কটা কাৰ্যই পৰিবেশক বাৰুকৈয়ে ক্ষতিগ্ৰস্থ কৰিছে। এইবোৰৰ পৰিৱৰ্তে ব্যক্তিগত আৰু সামাজিক পৰ্যায়ত বৃক্ষৰোপনক উৎসাহিত কৰিব লাগিব। প্ৰদূষণৰ উপাদান বোৰ আৰম্ভণিতে নাইকিয়া কৰিব পাৰিলে বনজ সম্পদ বিকশিত হ’বলৈ সুবিধা পাব।
১০। অপৰম্পৰাগত শক্তিসম্পদ কি কি? এইবোৰ কেনেকৈ পোৱা যায় বা সংগ্ৰহ কৰা হয় তাৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ অপৰম্পৰাগত শক্তিসম্পদসমূহ হ’ল- সৌৰশক্তি, জলশক্তি, বতাহশক্তি, জোৱাৰৰ শক্তি ইত্যাদি।
