Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 7 Solution – অসমৰ নদ-নদী | SCERT Assam | SEBA Assam

Class 8 Social Science Chapter 7 – অসমৰ নদ নদী (Rivers of Assam) – All Textual Solutions | ASSEB Assam (Assamese Medium)

অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৭ – অসমৰ নদ নদী সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ভূগোল বিজ্ঞান খণ্ডৰ সপ্তম অধ্যায় ‘অসমৰ নদ নদী’ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ পাঠ। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া শৈক্ষিক নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 7 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘অসমৰ নদ নদী’ নামৰ এই পাঠটিত ৰাজ্যখনৰ প্ৰধান দুখন নদী ব্যৱস্থা— ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ গতিপথ, ইহঁতৰ প্ৰধান উপনৈসমূহ, অসমৰ সমাজ-জীৱন আৰু অৰ্থনীতিত নদ-নদীৰ ভূমিকা, তথা বানপানী আৰু গৰাখহনীয়া সমস্যাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ ভৌগোলিক ধাৰণা আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উৎপত্তি, গতিপথ আৰু ইহঁতৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ উপনৈসমূহৰ বিস্তৃত পৰিচয়।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • অসমৰ অৰ্থনীতি, কৃষি আৰু যাতায়াত ব্যৱস্থাত নদ-নদীৰ প্ৰভাৱ সম্পৰ্কীয় দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক খালী ঠাই পূৰণ, শুদ্ধ-অশুদ্ধ বিচাৰ কৰা আৰু চমু টোকাৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • অসমৰ নদ নদী পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
class 8 social science
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 7: অসমৰ নদ-নদী

Class 8 Social Science

Chapter – 7  (Ospin Academy)

অসমৰ নদ-নদী

TEXTUAL QUESTION ANSWER

১। চমু উত্তৰ লিখা —

(ক) ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম হ’ল চেমা-য়ুং-দুং।

(খ) ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য ২,৯০৬ কিলোমিটাৰ।

(গ) ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উৎস চীন ৰাষ্ট্ৰত আছে।

(ঘ) উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা?

উত্তৰঃ উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি ইংৰাজী U আখৰটোৰ দৰে।

(ঙ) ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নৈ ১) তিব্বত, ২) চীন, ৩) ভাৰত, ৪) বাংলাদেশ আদি।

২। শুদ্ধ উত্তৰটো লিখা —

(ক) গিৰিখাত নিম্নভূমি/মোহনা/উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি।

উত্তৰঃ উচ্চভূমি।

(খ) নৈৰ গুম্ফিত ৰূপ সাধাৰণতে পৰ্বত/সমভূমি/মালভূমিত দেখা যায়।

উত্তৰঃ সমভূমি।

(গ) প্লাৱনভূমিত থকা চৰ-চাপৰি নৈৰ খনন/ পৰিবহণ/ অৱক্ষেপনৰ ফলত সৃষ্টি হয়।

উত্তৰঃ অৱক্ষেপন।

(ঘ) বৰাক নৈ অসমৰ ২/৩/৪ খন জিলাৰ মাজেৰে বৈ গৈছে।

উত্তৰঃ ৩ খন।

৩। সোঁফালৰ লগত বাওঁফাল মিলোৱা।

উত্তৰঃ

চাংপো

তিব্বত।

অৰুণাচল প্ৰদেশ

চিয়াং।

সৰ্পিল

একা-বেঁকা গতি পথ।

কলং

সুঁতি।

নদীদ্বীপ

মাজুলী।

৪। চমু টোকা লিখা —

(ক) নৈৰ উচ্চগতি অংশৰ কাৰ্য।

উত্তৰঃ নদীখনৰ প্ৰাথমিক বা উচ্চ গতি প্ৰায় পাহাৰীয়া ওখ মাটিত সীমাবদ্ধ। নদীৰ এই অংশটো পৰ্বতৰ উৎসত আৰম্ভ হয় আৰু সমভূমিত অৱতৰণ নকৰালৈকে ধৰা পৰে। পাহাৰীয়া অঞ্চলবোৰত ভূমিৰ ঢাল উচ্চ, পৃথিৱী-প্ৰকৃতি বাধাগ্ৰস্ত, কঠিন আৰু কোমল শিলেৰে গঠিত। নদী এখন পাহাৰ বা পৰ্বতৰ পৰা নামি বা বৈ অহা অংশক উচ্চগতি বুলিব পাৰি। পাহাৰ পৰ্বতৰ থিয় ঢালেদি বৈ আঁহোতে নদীৰ গতিবেগ বেছি হয় আৰু নদীৰ তলিত খনন অধিক হয়। এই অংশত নদীয়ে সোঁতত শিল, বালি, মাটি কঢ়িয়াই আনে। নদীৰ গতিপথ ইংৰাজী v আখৰৰ দৰে হয়। ঠায়ে ঠায়ে গভীৰ গিৰিখাতৰো সৃষ্টি হয়।

(খ) নৈৰ মধ্যগতি অংশৰ কাৰ্য।

উত্তৰঃ কম ঢালৰ ভূমিভাগেৰে বৈ যোৱা বাবে এই অংশত নদী গতি ধীৰ হয়। এই অংশত নদীৰ গেদ পৰিবহন ক্ষমতা কম হয়। ফলত পাহাৰ বা পৰ্বতৰ পৰা সোঁতত কঢ়িয়াই অনা শিল, বালি, মাটি নদীয়ে সমভূমি অঞ্চলত জমা কৰে। নদীৰ খনন ক্ষমতা কম হয়। মধ্যগতিত নদীখনত পাৰ্শ্বখনন আৰু অৱক্ষেপনৰ ফলত গতিপথ একাবেঁকা হয় যাক নদীৰ সৰ্পিল গতিও বোলে। খৰালি কালত অৱক্ষেপনৰ ফলত চৰ চাপৰিৰ সৃষ্টি হয় আৰু এইবোৰত ঠেকা খাই নদীখনৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে। নদীৰ এনে ৰূপক গুম্ফিত ৰূপ বুলি কোৱা হয়। অৱশ্যে বাৰিষা নদীৰ পানী বৃদ্ধি পালে এইবোৰ নাইকিয়া হৈ পৰে।

(গ) নৈৰ নিম্নগতি অংশৰ কাৰ্য।

উত্তৰঃ নিম্নগতিত নৈখন সাগৰ বা মহাসাগৰত পৰেগৈ। নিম্নগতিত নদীৰ গতি অতি ধীৰ হয়। নদীখনৰ শাখা প্ৰশাখা বেছি হয়। নদীয়ে সোঁতত লৈ যোৱা বালি, মাটি আৰু বোকা ইয়াৰ মোহনাত অৱক্ষেপণ কৰে। ইয়াৰ ফলত অসমীয়া “ব” আকৃতিৰ দৰে দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰক ব-দ্বীপ বোলে ǀ

(ঘ) বৰাক নৈৰ গতিপথ।

উত্তৰঃ বৰাক নৈখন মণিপুৰৰ সীমাৱন্তৱৰ্তী মৰাম নামৰ অঞ্চলটিৰ পৰা বৰাক নৈ ওলাই আহিছে। উৎসৰ পৰা মণিপুৰৰ মাজেৰে দক্ষিণ-পশ্চিম দিশে বৈ অহা নৈখনে মণিপুৰ মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰিছে। অশম আৰু মণিপুৰৰ সীমাৰে উত্তৰলৈ আহি জিৰি নামৰ উপনৈখন লগ হোৱাৰ পাছতে ই পশ্চিমলৈ ঘূৰি অসমত সোমায়। নৈখনে অসমৰ কাছাৰ জিলাৰ মাজেদি আৰু আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশৰে বৈ গৈছে। ভাৰত-বাংলাদেশ সীমান্তত নৈখন দুভাগত বিভক্ত হয়। তাৰে এভাগে কুশিয়াৰা আৰু আনভাগে সুৰমা নাম লৈ বাংলাদেশত সোমায়। কিছুদূৰ গতি কৰাৰ পাছত পুনৰ দুয়োটি শাখা মিলি মেঘনা নাম লৈ পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে। বৰাক নৈখন প্ৰায় ৯০০ কিল’মিটাৰ দীঘল। ই প্ৰায় ৩০ মিটাৰৰপৰা ৩০০ মিটাৰ পৰ্যন্ত বহল। বৰাক নৈৰ অসম অংশত প্ৰায় ২৭খন সৰু-বৰ উপনৈ আছে। নৈখনৰ অসম আৰু বাংলাদেশ অংশত গতিপথ অতি সৰ্পিল। কাছাৰ অংশত নৈখনৰ দুয়োপাৰে অসংখ্য জলাহ দেখা যায়। বাংলাদেশত নৈখনে গুম্ফিত ৰূপ লৈছে।

৫। ব্ৰহ্মপুত্ৰ নদীৰ গতি পথৰ অধিকাংশ সৰ্পিল কিয়?

উত্তৰঃ মৃদু ঢালত ধীৰ গতিৰে বোৱা সোঁতৰ নদীতল খনন ক্ষমতাও কম। সেয়েহে অসমত ব্ৰহ্মপুত্ৰ নৈৰ তলি খননৰ পৰিমাণ কম। কিন্তু ইয়াৰ বিপৰীতে অসম অংশত নৈখনৰ পাৰ খহোৱা অৰ্থাৎ পাৰ্শ্বখনন কাৰ্য অধিক হয়। নৈৰ দুয়োপাৰৰ মাটিৰ গঠন কোমল হোৱা বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰে। নৈৰ যিটো পাৰত পাৰ্শ্বখনন হয় তাৰ বিপৰীতে আনটো পাৰত গেদৰ অৱক্ষেপণ ঘটে। এই পাৰ্শ্বখনন আৰু অৱক্ষেপণৰ ফলত ব্ৰহ্মপুত্ৰ নৈখনৰ গতিপথ একা-বেঁকা বা সৰ্পিল হোৱা দেখা যায়।

৬। উৎসৰপৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বৰ্তমান কি কি নামেৰে জনা যায় লিখা।

উত্তৰঃ তিব্বত-চেমা- য়ুং-দুং হিমবাহ (উৎপত্তি স্থল) তিব্বত- চাংপো অৰুণাচল প্ৰদেশ (উত্তৰ অংশ)- চিয়াং অৰুণাচল প্ৰদেশ (পাছিঘাট)- দিহং অসম-বহ্মপুত্ৰ বাংলাদেশ-পদ্মা (গংগা নদীৰ লগত মিলি)।

৭। ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ এখন নক্সা মানচিত্ৰ অংকন কৰি ভুচিত্ৰাৱলীৰ সহায় লৈ সিপিঠিত দিয়া অৱয়ৱসমূহ বহুওৱা।

১। অৰুণাচল হিমালয়।

২। বৰাইল পাহাৰ।

৩। কাৰ্বি মালভূমি।

৪। খাছীয়া-জয়ন্তীয়া পাহাৰ।

৫। নগা পাহাৰ।

৬। মণিপুৰ।

৭। মিজোৰাম।

৮। গাৰোপাহাৰ।

৯। ব্ৰহ্মপুত্ৰ।

১০। সোৱণশিৰি।

১১। দিবং।

১২। লোহিত।

১৩। পাগলদিয়া।

১৪। মানাহ।

১৫। দিখৌ।

১৬। ধনশিৰি।

১৭। বৰাক।

১৮। জাতিংগা উপনৈ।

১৯। ধলেশ্বৰী।

২০। সোণাই।

উত্তৰঃ

৮। নৈ বা উপনৈৰ দাঁতি-কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় লিখা।

উত্তৰঃ নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত এক নিবিড় সম্বন্ধ গঢ় লৈ উঠে। নদ-নদীৰ পানী মানুহে নিজৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ ব্যৱহাৰ কৰে। যেনে-খাদ্যৰ বাবে, ধোৱা মেলা, কৃষিকৰ্ম, বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰিবলৈ নদীৰ পানীৰ প্ৰয়োজন হয। বাৰিষা কালত নদীবোৰে প্ৰতিবছৰে এৰি থৈ যোৱা পলস ৰ পৰা সৃষ্টি হোৱা প্লাৱভূমি সমূহ কৃষিকাৰ্যৰ বাবে বৰ উপযোগী খৰালি পানী কম হ’লেও নদ-নদী কাষত থাকিলে তাৰ পৰা পানী যোগান ধৰি কৃষি কাৰ্য সুকলমে সমাধা কৰিব পাৰি। নদীৰ কাষৰীয়া ঠাইৰ মানুহে পৰিবহনৰ ক্ষেত্ৰটো যথেষ্ঠ লাভবান হয়। নদীকাষৰ পাৰ্শ্বৱতী অঞ্চল বহু সময়ত অৱসৰ বিনোদনৰ বাবেও উৎকৃষ্ট ঠাই হ’ব পাৰে। নদীত উপলব্ধ সৰু ডাঙৰ মাছধৰি মানুহে তাক ব্যৱসায়ৰো ৰূপ দিবলৈ সক্ষম হৈছে। উপৰোক্ত সা-সুবিধাৰ বাবে নদ-নদীৰ লগত মানুহৰ লগত নিবিড় সম্পৰ্ক গঢ়ি উঠিছে।

৯। বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পোৱা বানপানী আৰু গৰাখহনীয়াৰ আলোকচিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

১০। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম লিখা। প্ৰয়োজনবোধে শিক্ষক আৰু ভুচিত্ৰাৱলীৰ সহায় ল’বা।

উত্তৰঃ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম হ’ল- বুঢ়ীদিহিং, দিখৌ, ভোগদৈ, জাজী, ধনশিৰি, কলং, কপিলী, যমুনা আৰু ভৰলু।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ۷ (অসমৰ নদ নদী) – সঘনাই সোধা প্ৰশ্ন (FAQs)
অসমৰ প্ৰধান নদী উপত্যকা দুখন কি কি?
অসমৰ প্ৰধান নদী উপত্যকা দুখন হ’ল— ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, খালী ঠাই পূৰণ, চমু আৰু দীঘলীয়া প্ৰশ্নৰ লগতে পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল বিদ্যালয়ৰ পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কেইখনমান প্ৰধান উপনৈৰ নাম লিখা।
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান উপনৈসমূহৰ ভিতৰত সোৱণশিৰি, জীয়াভৰলী, পুঠিমাৰী, পাগলাদিয়া, মানস আৰু চম্পাৱতী অন্যতম।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top