Class 8 Social Science Chapter 8 – ভূগোল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়োগ (Application of Technology in the Study of Geography) – All Textual Solutions | ASSEB Assam (Assamese Medium)
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৮ – ভূগোল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়োগ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ভূগোল বিজ্ঞান খণ্ডৰ অষ্টম অধ্যায় ‘ভূগোল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়োগ’ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ আৰু আধুনিক পাঠ। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া শৈক্ষিক নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 8 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘ভূগোল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়োগ’ নামৰ এই পাঠটিত আধুনিক ভূগোল অধ্যয়নত ব্যৱহাৰ হোৱা নৱতম প্ৰযুক্তিবিদ্যাসমূহ, বিশেষকৈ দূৰসংবেদন (Remote Sensing), ভৌগোলিক তথ্য ব্যৱস্থা (GIS – Geographic Information System), আৰু গোলকীয় স্থান নিৰূপণ ব্যৱস্থা (GPS – Global Positioning System) আদিৰ ধাৰণা আৰু কাৰ্যকাৰিতাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। বৰ্তমান যুগত মানচিত্ৰ প্ৰস্তুতকৰণ আৰু ভৌগোলিক বিশ্লেষণত কম্পিউটাৰ আৰু কৃত্ৰিম উপগ্ৰহৰ ভূমিকা অপৰিসীম। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- GIS, GPS আৰু Remote Sensing-ৰ সম্পূৰ্ণ অৰ্থ, ধাৰণা আৰু ব্যৱহাৰিক গুৰুত্বৰ বিস্তৃত পৰিচয়।
- ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- ভূগোল অধ্যয়নত আধুনিক প্ৰযুক্তিবিদ্যাই কেনেদৰে বিপ্লৱৰ সূচনা কৰিছে, তাৰ বিশ্লেষণ আৰু দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
- পাঠভিত্তিক খালী ঠাই পূৰণ, শুদ্ধ-অশুদ্ধ বিচাৰ কৰা আৰু চমু টোকাৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- ভূগোল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়োগ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Social Science
Chapter – 8 (Ospin Academy)
ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
|
TEXTUAL QUESTION ANSWER |
|---|
১। চমু উত্তৰ দিয়া—
(ক) স্কেল বা মাপনী বুলিলে কি বুজা?
উত্তৰঃ যিটো অনুপাতত পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্বক কম কৰি লোৱা হয় তাকেই মানচিত্ৰ বিদ্যাত স্কেল বা মাপনী বুলি কোৱা হয়।
(খ) ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা?
উত্তৰঃ যিটো ব্যৱস্থাই তথ্যসংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ কৰে, তাকে ভৌগোলিক তথ্য ব্যৱস্থা বোলে।
২। শুদ্ধ উত্তৰটোত (√) চিন দিয়া —
(ক) দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল—
(১) ইৰাট’স্থেনিচে।
(২) ট’লেমিয়ে।
(৩) কাৰ্ল ৰিটাৰে।
উত্তৰঃ (২) ট’লেমিয়ে।
(খ) ১/১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ’ল—
(১) নিৰূপক ভগ্নাংশ।
(২) ৰৈখিক স্কেল।
(৩) ভাষাৰ স্কেল।
উত্তৰঃ (১) নিৰূপক ভগ্নাংশ।
(গ) আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে —
(১) মিছৰত।
(২) মেছ’প’টেমিয়াত।
(৩) চীনত।
উত্তৰঃ (২) মেছ’প’টেমিয়াত।
৩। বহলাই লিখা—
মানচিত্ৰ অংকনৰ ক্ৰমবিকাশৰ সম্বন্ধে এটি টোকা লিখা?
উত্তৰঃ এখন অৰ্থপূৰ্ণ মানচিত্ৰ প্ৰস্তুত কৰি উলিওৱাটো সহজ কাম নহয়। এই ক্ষেত্ৰত প্ৰয়োজন হোৱা পদ্ধতি আৰু সামগ্ৰী সম্পৰ্কে উপযুক্ত জ্ঞানৰ প্ৰয়োজন হয়। সভ্য়তাৰ একেবাৰে আৰম্ভণিৰ পৰাই মানুহে মানচিত্ৰ প্ৰস্তুতিৰ বাবে চেষ্টা চলাই আহিছে। আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে মেছোপটেমিয়াত (বৰ্তমানৰ ইৰাক)। এই মানচিত্ৰ টেৰাকোটা ফলকত অংকিত কৰা হৈছিল। মিছৰতো এনে ধৰণৰ মানচিত্ৰ তৈয়াৰ কৰি উলিওৱা হৈছিল। তেওঁলোকে নীল নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্ৰ অংকন কৰিছিল। খ্ৰীঃপূৰ্ব দ্বিতীয় শিতাকত চীন দেশত স্কেলৰ ধাৰণাৰ দ্বাৰাই মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে। তেওঁলোকে পাটৰ কাপোৰত পৰ্বতজ-পাহাৰ, নদ-নদী, ৰাস্তা-ঘাট ইত্য়াদি দেখুৱাই মানচিত্ৰ অংকন কৰিছিল। প্ৰাচীন কালৰ পণ্ডিতসকলৰ ভিতৰত ট’লেমিয়ে মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাব পাৰিছিল। দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ৰ দ্বাৰা ট’লেমিয়ে ঠাইৰ অৱস্থান নিৰ্ণয় কৰিববৰ কাৰণে যত্ন কৰিছিল। তাৰ পিছত কলম্বাচ, ভআস্কো-ডা-গামা ইত্য়াদি অভিযাত্ৰীসকলে পৃথিৱীৰ বিভিন্ন স্থান আৱিষ্কাৰ কৰি পৃথিৱী সম্পৰ্কে মানুহৰ জ্ঞান বঢ়ায়। ইউৰোপত ছপা যন্ত্ৰৰ আৱিষ্কাৰে মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ব্য়াপক পৰিৱৰ্তন আনিলে।
