Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 15 Solution – ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ | SCERT Assam |

Class 8 Social Science Chapter 15 – ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ – All Textual Solutions | ASSEB Assam (Assamese Medium)

অষ্টম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস খণ্ড) অধ্যায় ১৫ – ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ইতিহাস খণ্ডৰ অন্তৰ্গত পঞ্চদশ অধ্যায় ‘ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ’ বৃটিছ আমোলৰ আধুনিকীকৰণ আৰু সমাজিক পৰিৱৰ্তনসমূহ বুজিবলৈ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। বিদ্যালয়ৰ পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 15 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ’ নামৰ এই পাঠটিত বৃটিছ চৰকাৰৰ শৈক্ষিক সংস্কাৰ (যেনে মেক্‌লেৰ প্ৰতিবেদন, উডৰ ডেস্পাচ), লৰ্ড উইলিয়াম বেণ্টিংক আৰু ৰাজা ৰামমোহন ৰায়ৰ প্ৰচেষ্টাত সতীদাহ প্ৰথা নিবাৰণ, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ অৱদানত বিধৱা বিবাহ আইন প্ৰৱৰ্তন, লগতে লৰ্ড ডেলহাউচীৰ দিনত হোৱা যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ (ৰেলপথ, তাঁৰবাৰ্তা আৰু ডাক ব্যৱস্থা) বৈপ্লৱিক পৰিৱৰ্তনৰ সবিশেষ বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই প্ৰশাসনিক আৰু সামাজিক সংস্কাৰসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে.

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ভাৰতত ইংৰাজী শিক্ষাৰ প্ৰৱৰ্তন আৰু আধুনিক শিক্ষাপ্ৰণালীৰ বিকাশৰ সবিশেষ বিৱৰণ।
  • ৰাজা ৰামমোহন ৰায় আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দৰে ভাৰতীয় সমাজ সংস্কাৰকসকলৰ ঐতিহাসিক অৱদান।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • ৰেলপথ স্থাপন, ডাক আৰু তাঁৰ ব্যৱস্থাৰ প্ৰৱৰ্তনৰ উদ্দেশ্য আৰু ভাৰতীয় সমাজত ইয়াৰ প্ৰভাৱৰ আধাৰত ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • কোম্পানীৰ শাসন কালৰ সংস্কাৰসমূহৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
class 8 social science
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 15: ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ

Class 8 Social Science

Chapter – 7 Ospin Academy

ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ

TEXTUAL QUESTION ANSWER

১। উত্তৰ দিয়া—

(ক) লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কি বুলি জনা যায়?

উত্তৰঃ লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কৰ্ণৱালিছৰ সংহিতা বুলি জনা যায়।

(খ) ভাৰতত চিৰস্থায়ী বন্দবস্ত কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ভাৰতত চিৰস্থায়ী বন্দবস্ত লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল।

(গ) কোনজন গৱৰ্ণৰ জেনেৰেল ভাৰতত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ লৰ্ড হেষ্টিংছে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।

(ঘ) শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলে প্ৰস্তুত কৰিছিল?

উত্তৰঃ শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ লৰ্ড ডেলহাউচিয়ে প্ৰস্তুত কৰিছিল।

(ঙ) ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন কোনে লিখিছিল?

উত্তৰঃ ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন ৰাজসুন্দৰী দেৱীয়ে লিখিছিল।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

উত্তৰঃ ৰাজা ৰামমোহন ৰায় — ব্ৰাহ্ম সমাজ।

ৰামকৃষ্ণ পৰমহংসদেৱ — ৰামকৃষ্ণ মিছন।

ছাৰ ছৈয়দ আহমদ খান — আলিগড় আন্দোলন।

গোবিন্দ ৰাণাডে — প্ৰাৰ্থনা সমাজ।

দয়ানন্দ সৰস্বতী — আৰ্থ সমাজ।

৩। শুদ্ধ/ অশুদ্ধ বিচাৰ কৰা —

(ক) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তি ৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্ৰাট গৰাকী আছিল ফাৰুখছিয়াৰ / বাহাদুৰ ছাহ দ্বিতীয়।

উত্তৰঃ ফাৰুখছিয়াৰ।

(খ) ১৭৮১ খ্ৰীষ্টাব্দত ৱাৰেণ হেষ্টিংছে / লৰ্ড হেষ্টিংছে কলিকতাত মাদ্ৰাছা এখন খুলিছিল।

উত্তৰঃ ৱাৰেণ হেষ্টিংছে।

(গ) কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে/নতুন ৰাজ্য অধিগ্ৰহণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনী গঠন কৰিছিল।

উত্তৰঃ কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে।

(ঘ) ছাৰ ছৈয়দ আহমেদ খান/নৱাব আব্দুল লতিফে এংলো অৰিয়েন্টেল কলেজ স্থাপন কৰিছিল।

উত্তৰঃ ছাৰ ছৈয়দ আহমেদ খান।

(ঙ) সত্যৰথ প্ৰকাশ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী/ৰাজা ৰামমোহন ৰায়।

উত্তৰঃ দয়ানন্দ সৰস্বতী।

৪। চমু টোকা লিখা—

(ক) ৰাজা ৰামমোহন ৰায়।

উত্তৰঃ ৰাজা ৰামমোহন ৰায় এজন সমাজ-সংস্কাৰক আছিল। তেওঁ মূর্তিপূজাৰ বিৰোধী আছিল আৰু জাতিভেদহীন ভাৰতীয় সমাজ গঢ়িবলৈ চেষ্টা কৰিছিল। ৰাজা ৰামমোহন ৰায়ে ১৮২৮ খ্রীষ্টাব্দত ব্রাহ্মসভা পাতে আৰু পিছলৈ ১৮৩০ খ্রীষ্টাব্দত ই ব্রাহ্মসমাজ নাম লয়। ভাৰতীয় সমাজত প্রচলিত সতীদাহ প্রথা, কন্যা শিশু হত্যা আদি কুসংস্কাৰবোৰ আতৰ কৰাত ৰাজা ৰামমোহন ৰায়ে লর্ড উইলিয়াম বেন্টিংকক সহায় কৰিছিল।

(খ) ছাৰ ছৈয়দ আহমদ খান।

উত্তৰঃ ইছলামধর্মী লোকসকলক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ প্রচেষ্টা চলোৱা লোকসকলৰ ভিতৰত ছাৰ ছৈয়দ আহমেদ খানৰ নাম বিশেষভাবে উল্লেখযোগ্য। ১৮৭৭ খ্রীষ্টাব্দত আলিগড়ৰ মুছলমান ছাত্র-ছাত্ৰীসকলৰ বাবে এংলো অৰিয়েন্টল কলেজ নামে এখন কলেজ স্থাপন কৰিছিল। ইয়াত বিজ্ঞান শিক্ষাৰ ওপৰত গুৰুত্ব হৈছিল। পিছলৈ ইয়াক আলিগড় বিশ্ববিদ্যালয়ৰ নামে নামকৰণ কৰা হয়। মুছলমান সমাজত প্রচলিত পর্দাপ্রথা, বহু বিবাহ, বাল্য বিবাহ আদি প্রথাসমূহ বাধা আৰোপ কৰি জনজাগৰণৰ সৃষ্টি কৰিছিল।

(গ) স্বামী বিবেকানন্দ।

উত্তৰঃ স্বামী বিবেকানন্দ ৰামকৃষ্ণ পৰমহংসৰ শিষ্য আছিল। তেওঁৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰনাথ দত্ত। সকলো ধৰ্মৰ প্ৰতি সহনশীল হোৱাটো তেওঁৰ মতাদর্শ আছিল। ১৮৯৭ খ্রীষ্টাব্দত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন নাম এক সংগঠনৰ প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনৰ দ্বাৰা তেওঁ গুৰু পৰমহংসৰ বাণীসমূহ সমাজত বিলোৱাৰ ব্যৱস্থা কৰিছিল।

(ঘ) দয়ানন্দ সৰস্বতী।

উত্তৰঃ ১৮৭৫ খ্রীষ্টাব্দত পঞ্জাৱত স্থাপিত হোৱা আর্য সমাজৰ প্ৰতিষ্ঠাপক আছিল দয়ানন্দ সৰস্বতী। এক ঈশ্বৰত বিশ্বাসী আছিল আৰু মূর্তি পূজাৰ বিৰোধিতা কৰিছিল। আর্য সমাজে জাতিভেদ প্রথা মানিছিল। বাল্যবিবাহৰ বিৰোধিতা কৰিছিল, বিধৱা বিবাহৰ সাপেক্ষে মাত মাতিছিল আৰু যিসকল লোকে শিক্ষা গ্রহণ বা অন্যান্য কাৰ্যৰ বাবে সাগৰ যাত্রা কৰিছিল তেনেলোক হিন্দু ধৰ্মৰ পৰিপন্থী নহয় বুলি দাবী কৰিছিল। স্বামী দয়ানন্দ সৰস্বতীয়ে ইছলাম ধৰ্মৰ দৰে হিন্দু ধৰ্মলৈও ধর্মান্তকৰণ ব্যৱস্থা কৰিছিল। এই ব্যৱস্থাটোক ‘শুদ্ধি’ বুলি কোৱা হৈছিল।

(ঙ) দেবেন্দ্ৰ নাথ ঠাকুৰ।

উত্তৰঃ দেবেন্দ্ৰনাথ ঠাকুৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ আছিল। ৰাজা ৰামমোহন ৰায়ে প্রতিষ্ঠা কৰা ব্রাহ্ম সমাজৰ এওঁ এগৰাকী সহযোগী আছিল। এওঁ সতীদাহ প্রথা, কন্যা শিশু হত্যা আদি সমাজৰ কুসংস্কাৰবোৰৰ বিৰোধিতা কৰিছিল।

৫। ৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখা—

(ক) চিৰস্থায়ী বন্দবস্ত কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ চৰ্তবোৰ কি?

উত্তৰঃ চিৰস্থায়ী বন্দবস্ত লর্ড কর্ণৱালিছে প্রৱৰ্তন কৰিছিল। চিৰস্থায়ী বন্দবস্তৰ যোগেদি কোম্পানীৰ ৰাজহ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰা হৈছিল। ইয়াৰ চৰ্তবোৰ হ’ল কৃষিভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্ত্বাৱধানত দিয়া হৈছিল। জমিদাৰসকলে এটা নির্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বার্ষিক খাজনা হিচাপে দিব লাগিছিল। এই খাজনা দিব নোৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গেছিল।

(খ) ইংৰাজ শাসনত হোৱা বিচাৰ বিভাগীয় সংস্কাৰসমূহ কি কি?

উত্তৰঃ ইংৰাজৰ শাসনকালত ভাৰতৰ বিচাৰ বিভাগটোত কিছু সালসলনি কৰি সংস্কাৰ কৰিব বিচৰা হৈছিল। ইংৰাজ শাসনৰ আগতে ভাৰতীয় সাম্রাজ্যবোৰৰ বিভিন্ন স্থানত বিভিন্ন আইন কানুন চলিছিল। তাৰ সলনি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্র ভাৰততে এক ধৰণৰ আইন আদালত স্থাপন কৰিছিল। লর্ড কৰ্ণৱালিছে বিচাৰৰ সুবিধাৰ বাবে দেৱানী আৰু সদৰ নিজামত আদালত ফৌজদাৰী গোচৰৰ আদালতৰ কিছু সালসলনি কৰিছিল। গৱৰ্ণৰ লৰ্ড হেষ্টিংছে ভাৰতীয় লোকক আদালতত নিয়োগ কৰিছিল আৰু ভাৰতীয় মুন্নিফসকলৰ ক্ষমতা বৃদ্ধি কৰি এই দেশৰ লোকসকলৰ প্রিয়পাত্ৰ হৈছিল।

(গ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ সংস্কাৰমূলক কামবোৰ কি আছিল?

উত্তৰঃ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ ভাৰতৰ এগৰাকী সমাজ সংস্কাৰক আছিল। এওঁৰ সংস্কাৰমূলক কামবোৰ উল্লেখ কৰা হ’ল- ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে স্ত্রী শিক্ষাৰ প্ৰসাৰৰ বাবে সমাজখনক জগাই তুলিবলৈ চেষ্টা চলাইছিল। ইয়াৰ ফলত ১৯ শতিকাৰ মাজভাগত বহুতো মহিলাই ঘৰতেই শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰি লৈছিল। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে বিধৱাবিবাহৰ ওপৰত গুৰুত্ব দিছিল আৰু নিজেও তেওঁৰ পুত্ৰৰ লগত এগৰাকী বিধৱা মহিলাক বিবাহ কৰাই দি সমাজত নিদর্শন দাঙি ধৰিছিল।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ۱۵ (কোম্পানীৰ শাসন কালত হোৱা সংস্কাৰসমূহ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
ভাৰতত সতীদাহ প্ৰথা কোনে আৰু কেতিয়া নিষিদ্ধ কৰিছিল?
ভাৰতত সতীদাহ প্ৰথা ১৮২৯ চনত গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিংকে ৰাজা ৰামমোহন ৰায়ৰ সহযোগত আইন প্ৰণয়ন কৰি নিষিদ্ধ কৰিছিল।
ভাৰতত প্ৰথম ৰেলপথ কেতিয়া আৰু ক’ৰ পৰা ক’লৈ স্থাপন কৰা হৈছিল?
ভাৰতত প্ৰথম ৰেলপথ ১৮৫৩ চনত লৰ্ড ডেলহাউচীৰ শাসনকালত বম্বেৰ (মুম্বাই) পৰা থানেলৈ স্থাপন কৰা হৈছিল।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই অধ্যায়ৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে বৃটিছ আমোলৰ শিক্ষা, সমাজ আৰু যাতায়াত ব্যৱস্থাৰ সংস্কাৰসমূহৰ বিষয়ে দীঘলীয়া প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top