Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 22 Solution – সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা | SCERT Assam

Class 8 Social Science Chapter 22 – সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা – All Textual Solutions | ASSEB Assam (Assamese Medium)

অষ্টম শ্ৰেণী সমাজ বিজ্ঞান (অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড) অধ্যায় ২২ – সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ডৰ অন্তৰ্গত দ্বাবিংশ অধ্যায় ‘সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা’ এখন দেশৰ শাসন ব্যৱস্থাৰ মূল আধাৰ বুজিবলৈ এখন অতি গুৰুত্বপূৰ্ণ আৰু প্ৰাথমিক পাঠ। বিদ্যালয়ৰ পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 22 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা’ নামৰ এই পাঠটিত সংবিধান কাক বোলে, এখন গণতান্ত্ৰিক দেশত সংবিধানৰ গুৰুত্ব কি, লিখিত আৰু অলিখিত সংবিধানৰ ধাৰণা, চৰকাৰৰ ক্ষমতাৰ সীমাবদ্ধতা, আৰু নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত সংবিধানৰ অপৰিহাৰ্য ভূমিকাৰ সবিশেষ বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰাষ্ট্ৰ পৰিচালনাৰ এই সৰ্বোচ্চ আইনৰ মৌলিক ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • সংবিধানৰ সংজ্ঞা আৰু ৰাষ্ট্ৰ পৰিচালনাত ইয়াৰ প্ৰয়োজনীয়তাৰ বিস্তৃত পৰিচয়।
  • লিখিত আৰু অলিখিত সংবিধান, তথা নমনীয় আৰু অনমনীয় সংবিধানৰ পাৰ্থক্য আৰু উদাহৰণ।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • চৰকাৰৰ স্বেচ্ছাচাৰী শাসন ৰোধ কৰাত আৰু নাগৰিকৰ সুৰক্ষাত সংবিধানৰ ভূমিকাৰ আধাৰত ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
class 8 social science
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 22: সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

Class 8 Social Science

Chapter – 22   (Ospin Academy)

সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

TEXTUAL QUESTION ANSWER

১। চমু উত্তৰ লিখা—

(ক) সংবিধান বুলিলে কি বুজা?

উত্তৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ এই নীতি-নিয়ম আৰু আইন কানুনসমূহকে সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়।

(খ) সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে?

উত্তৰঃ সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংশোধন প্ৰক্ৰিয়া বোলে।

(গ) নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়?

উত্তৰঃ নেপালত ২০০৮ চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়।

(ঘ) লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম হ’ল– ভাৰতবৰ্ষ, আমেৰিকা, যুক্তৰাষ্ট্ৰ আদি।

২। চমু টোকা লিখা–

(ক) নমনীয় সংবিধান।

উত্তৰঃ কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্রণয়ন কৰিলেই হয়। এনে সংবিধানক নমনীয় সংবিধান বোলে। এনে সংবিধান লিখিত বা অলিখিতও হ’ব পাৰে। যেনে- ইংলেণ্ডৰ সংবিধান খন এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধন কৰিব পাৰি।

(খ) অলিখিত সংবিধান।

উত্তৰঃ অলিখিত সংবিধানবোৰৰ কোনো বিষয় লিখিত ৰূপত নাথাকে। বিভিন্ন সময়ত প্রচলিত প্রথা-পদ্ধতি ৰীতি নীতি ঐতিহ্য পৰম্পৰা ইত্যাদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয়। উদাহৰণস্বৰূপে- ইংলেণ্ডৰ সংবিধান।

(গ) ক্ষমতাৰ বিভাজন।

উত্তৰঃ সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰিছে। চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতি সমূহ সংবিধানতেই লিপিবদ্ধ থাকে। যদি তেওঁলোকে ক্ষমতা অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(ক) ইংলেণ্ডৰ সংবিধান লিখিত/অলিখিত।

উত্তৰঃ অলিখিত।

(খ) ভাৰতবৰ্ষৰ সংবিধান অনমনীয়/নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ।

উত্তৰঃ নমনীয়।

(গ) কাৰ্যপালিকাই/বিধানমণ্ডলে/ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে।

উত্তৰঃ কাৰ্যপালিকাই।

৪। সংবিধান কেই প্ৰকাৰৰ আৰু কি কি? ব্যখ্যা কৰা।

উত্তৰঃ সংবিধান দুই প্ৰকাৰৰ। লিখিত সংবিধান আৰু অলিখিত সংবিধান।

লিখিত সংবিধানঃ

যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বুলি কোৱা হয়। পৃথিবীৰ প্রায়বোৰ ৰাষ্ট্ৰতে লিখিত সংবিধান আছে।

লিখিত সংবিধানৰ বৈশিষ্ট্যঃ

১। লিখিত সংবিধান স্পষ্ট আৰু নির্দিষ্ট।

২। লিখিত সংবিধানত ক্ষমতাৰ বিভাজন, নাগৰিকৰ অধিকাৰ আদিৰ স্পষ্ট উল্লেখ থাকে।

অলিখিত সংবিধানঃ

পৃথিৱীৰ প্ৰায়বোৰ দেশত লিখিত সংবিধানৰ ব্যৱস্থা আছে। এই ক্ষেত্রত ব্যতিক্রম হৈছে ইংলেণ্ডৰ সংবিধান যাৰ কোনো লিখিত ৰূপ নাই। এনেধৰণৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয়। এই সংবিধান বিভিন্ন সময়ত প্রণয়ন কৰা আইন আৰু অতীতৰপৰা প্রচলিত হৈ থকা ৰীতি-নীতিসমূহৰ মাজতে সিঁচৰতি হৈ আছে বুলি ক’ব পাৰি।

অলিখিত সংবিধানৰ বৈশিষ্ট্যঃ

১। বিভিন্ন সময়ত প্রচলিত প্রথা-পদ্ধতি, ৰীতি-নীতি, ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নির্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হৈছে।

২। এই সংবিধানাত কোনো বিষয় লিখিত ৰূপত নাখাতে।

সংবিধান পৰিৱৰ্তন বা সংশোধনৰ ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি ইয়াক দুটা ভাগত ভগাব পাৰি। যেনে– নমনীয় সংবিধান আৰু অনমনীয় সংবিধান।

নমনীয় সংবিধানঃ

কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্রণয়ন কৰিলেই হয়। এনে সংবিধানক নমনীয় সংবিধান বোলে। এনে সংবিধান লিখিত বা অলিখিতও হ’ব পাৰে। যেনে- ইংলেণ্ডৰ সংবিধান খন এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধন কৰিব পাৰি।

৫। উত্তৰ লিখা–

(ক) লিখিত আৰু অলিখিত সংবিধানৰ দুটা পার্থক্য।

উত্তৰঃ লিখিত আৰু অলিখিত সংবিধানৰ দুটা পার্থক্য হ’ল-

লিখিত সংবিধান

১। লিখিত বা দস্তাবেজ ৰূপত থাকে।

২। ৰচনাকাল আৰু ৰচনাকালৰ সম্পৰ্কে জানিব পাৰি।

অলিখিত সংবিধান

১। লিখিত ৰূপত নাথাকে।

২। ৰচনাকাল আৰু ৰচনাকালৰ সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায়।

(খ) অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য।

উত্তৰঃ অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য হ’ল-

১। অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল।

২। অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে।

৬। ‘গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে’— যুক্তিসহ আলোচনা কৰা।

উত্তৰঃ (ক) ৰাষ্ট্র এখন সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় অন্যথা ৰাষ্ট্ৰত অৰাজকতাই দেখা দিয়াৰ সম্ভাৱনা থাকে। সেয়ে গণতান্ত্রিক ৰাষ্ট্ৰত সংবিধানৰ আৱশ্যকতা থাকে।

(খ) সমাজ বা ৰাষ্ট্ৰত ব্যক্তি বা নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ বাবে কিছুমান অধিকাৰৰ প্ৰযোজন হয়। দেশৰ সংবিধানে নাগৰিকক এই অধিকাৰ আৰু কর্তব্যসমূহ প্রদান কৰে বা স্বীকৃতি দিয়ে আৰু প্রয়োজনত তাৰ ৰক্ষণাবেক্ষণ কৰে।

(গ) সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা বিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্রয়োগ কৰিছে তাক নিশ্চিত কৰিছে। চৰকাৰৰ ক্ষমতা, কার্যাবলী আৰু নিয়ন্ত্রণ পদ্ধতিসমূহ সংবিধানতেই লিপিবদ্ধ থাকে। যদি তেওঁলোকে ক্ষতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে।

(ঘ) সংবিধানে নির্দিষ্ট কৰি দিয়া ব্যৱস্থাৰ আলমত গণতান্ত্রিক দেশৰ জনসাধাৰণে নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে অনুষ্টিত হোৱা নির্বাচনত নিজৰ পছন্দৰ প্ৰাৰ্থী বাছনি কৰাৰ সুযোগ পায়। নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু পদ্ধতিসমূহৰ বিষয়েও সংবিধানত বিস্তৃত বর্ণনা থাকে।

(ঙ) ৰাষ্ট্ৰৰ কামকাজ পৰিচালনা কৰিবলৈ গঠন কৰা চৰকাৰৰ তিনিটা অংগ (কাৰ্য পালিকা আইন পালিকা আৰু ন্যায়পালিকা) থাকে। গণতান্ত্রিক দেশৰ সংবিধানে চৰকাৰৰ তিনিটা অংগৰ মাজৰ দায়িত্ব আৰু কৰ্তব্যৰ স্পষ্ট ভাগবতৰা কৰি ইহঁতৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক নির্ধাৰণ ব্যৱস্থাও কৰি দিয়ে যাতে চৰকাৰৰ তিনিটা অংগৰ কামকাজৰ মাজত কোনো অৰিয়াঅৰিৰ সৃষ্টি নহয়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ২২ (সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
সংবিধান কাক বোলে?
এখন ৰাষ্ট্ৰ বা দেশ পৰিচালনা কৰিবলৈ প্ৰয়োজনীয় হোৱা মৌলিক নীতি-নিয়ম আৰু আইন-কানুনৰ সমষ্টিকেই সংবিধান বোলা হয়। ই হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন।
অলিখিত সংবিধান থকা এখন দেশৰ নাম লিখা।
গ্ৰেট ব্ৰিটেইন (ইংলেণ্ড) হৈছে অলিখিত সংবিধান থকা এখন উল্লেখযোগ্য দেশ। তাত পৰম্পৰা আৰু প্ৰথাৰ আধাৰত দেশ পৰিচালিত হয়।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই অধ্যায়ৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে সংবিধানৰ প্ৰয়োজনীয়তা আৰু প্ৰকাৰভেদৰ বিষয়ে দীঘলীয়া প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top