SCERT Assam Class 8 Social Science Chapter 22 – “সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা” Summary & Solutions
SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 22 – “সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা” solutions are now available at Ospin Academy. We provide SCERT-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.
📖 Chapter Overview:
সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা (The Constitution and Its Importance) explains the fundamental principles of a constitution and why it is essential for governance and democracy.
- What is a Constitution? The set of rules and principles that govern a country.
- Need for a Constitution: Ensures democracy, fundamental rights, and legal structure.
- Features of Indian Constitution: Sovereignty, Secularism, Federalism, and Fundamental Rights.
📌 Key Topics Covered:
- Definition and importance of a constitution
- Why does a country need a constitution?
- Key features of the Indian Constitution
- Role of the constitution in governance and democracy
📝 How Ospin Academy Helps:
- Complete Solutions: SCERT Assam Class 8 Social Science Chapter 22 answers.
- MCQs & Extra Questions: Useful for exams and self-assessment.
- Easy Explanations: Concept clarity with simple language.
- Quick Revision Notes: Key points for last-minute preparation.
SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 22 – “সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা” solutions are available at Ospin Academy. Access full notes now!
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Social Science
Chapter – 22 (Ospin Academy)
সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
TEXTUAL QUESTION ANSWER |
---|
১। চমু উত্তৰ লিখা—
(ক) সংবিধান বুলিলে কি বুজা?
উত্তৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ এই নীতি-নিয়ম আৰু আইন কানুনসমূহকে সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়।
(খ) সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে?
উত্তৰঃ সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংশোধন প্ৰক্ৰিয়া বোলে।
(গ) নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়?
উত্তৰঃ নেপালত ২০০৮ চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়।
(ঘ) লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম হ’ল– ভাৰতবৰ্ষ, আমেৰিকা, যুক্তৰাষ্ট্ৰ আদি।
২। চমু টোকা লিখা–
(ক) নমনীয় সংবিধান।
উত্তৰঃ কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্রণয়ন কৰিলেই হয়। এনে সংবিধানক নমনীয় সংবিধান বোলে। এনে সংবিধান লিখিত বা অলিখিতও হ’ব পাৰে। যেনে- ইংলেণ্ডৰ সংবিধান খন এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধন কৰিব পাৰি।
(খ) অলিখিত সংবিধান।
উত্তৰঃ অলিখিত সংবিধানবোৰৰ কোনো বিষয় লিখিত ৰূপত নাথাকে। বিভিন্ন সময়ত প্রচলিত প্রথা-পদ্ধতি ৰীতি নীতি ঐতিহ্য পৰম্পৰা ইত্যাদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয়। উদাহৰণস্বৰূপে- ইংলেণ্ডৰ সংবিধান।
(গ) ক্ষমতাৰ বিভাজন।
উত্তৰঃ সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰিছে। চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতি সমূহ সংবিধানতেই লিপিবদ্ধ থাকে। যদি তেওঁলোকে ক্ষমতা অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে।
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(ক) ইংলেণ্ডৰ সংবিধান লিখিত/অলিখিত।
উত্তৰঃ অলিখিত।
(খ) ভাৰতবৰ্ষৰ সংবিধান অনমনীয়/নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ।
উত্তৰঃ নমনীয়।
(গ) কাৰ্যপালিকাই/বিধানমণ্ডলে/ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে।
উত্তৰঃ কাৰ্যপালিকাই।
৪। সংবিধান কেই প্ৰকাৰৰ আৰু কি কি? ব্যখ্যা কৰা।
উত্তৰঃ সংবিধান দুই প্ৰকাৰৰ। লিখিত সংবিধান আৰু অলিখিত সংবিধান।
লিখিত সংবিধানঃ
যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বুলি কোৱা হয়। পৃথিবীৰ প্রায়বোৰ ৰাষ্ট্ৰতে লিখিত সংবিধান আছে।
লিখিত সংবিধানৰ বৈশিষ্ট্যঃ
১। লিখিত সংবিধান স্পষ্ট আৰু নির্দিষ্ট।
২। লিখিত সংবিধানত ক্ষমতাৰ বিভাজন, নাগৰিকৰ অধিকাৰ আদিৰ স্পষ্ট উল্লেখ থাকে।
অলিখিত সংবিধানঃ
পৃথিৱীৰ প্ৰায়বোৰ দেশত লিখিত সংবিধানৰ ব্যৱস্থা আছে। এই ক্ষেত্রত ব্যতিক্রম হৈছে ইংলেণ্ডৰ সংবিধান যাৰ কোনো লিখিত ৰূপ নাই। এনেধৰণৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয়। এই সংবিধান বিভিন্ন সময়ত প্রণয়ন কৰা আইন আৰু অতীতৰপৰা প্রচলিত হৈ থকা ৰীতি-নীতিসমূহৰ মাজতে সিঁচৰতি হৈ আছে বুলি ক’ব পাৰি।
অলিখিত সংবিধানৰ বৈশিষ্ট্যঃ
১। বিভিন্ন সময়ত প্রচলিত প্রথা-পদ্ধতি, ৰীতি-নীতি, ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নির্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হৈছে।
২। এই সংবিধানাত কোনো বিষয় লিখিত ৰূপত নাখাতে।
সংবিধান পৰিৱৰ্তন বা সংশোধনৰ ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি ইয়াক দুটা ভাগত ভগাব পাৰি। যেনে– নমনীয় সংবিধান আৰু অনমনীয় সংবিধান।
নমনীয় সংবিধানঃ
কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্রণয়ন কৰিলেই হয়। এনে সংবিধানক নমনীয় সংবিধান বোলে। এনে সংবিধান লিখিত বা অলিখিতও হ’ব পাৰে। যেনে- ইংলেণ্ডৰ সংবিধান খন এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধন কৰিব পাৰি।
৫। উত্তৰ লিখা–
(ক) লিখিত আৰু অলিখিত সংবিধানৰ দুটা পার্থক্য।
উত্তৰঃ লিখিত আৰু অলিখিত সংবিধানৰ দুটা পার্থক্য হ’ল-
লিখিত সংবিধান
১। লিখিত বা দস্তাবেজ ৰূপত থাকে।
২। ৰচনাকাল আৰু ৰচনাকালৰ সম্পৰ্কে জানিব পাৰি।
অলিখিত সংবিধান
১। লিখিত ৰূপত নাথাকে।
২। ৰচনাকাল আৰু ৰচনাকালৰ সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায়।
(খ) অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য।
উত্তৰঃ অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য হ’ল-
১। অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল।
২। অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে।
৬। ‘গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে’— যুক্তিসহ আলোচনা কৰা।
উত্তৰঃ (ক) ৰাষ্ট্র এখন সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় অন্যথা ৰাষ্ট্ৰত অৰাজকতাই দেখা দিয়াৰ সম্ভাৱনা থাকে। সেয়ে গণতান্ত্রিক ৰাষ্ট্ৰত সংবিধানৰ আৱশ্যকতা থাকে।
(খ) সমাজ বা ৰাষ্ট্ৰত ব্যক্তি বা নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ বাবে কিছুমান অধিকাৰৰ প্ৰযোজন হয়। দেশৰ সংবিধানে নাগৰিকক এই অধিকাৰ আৰু কর্তব্যসমূহ প্রদান কৰে বা স্বীকৃতি দিয়ে আৰু প্রয়োজনত তাৰ ৰক্ষণাবেক্ষণ কৰে।
(গ) সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা বিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্রয়োগ কৰিছে তাক নিশ্চিত কৰিছে। চৰকাৰৰ ক্ষমতা, কার্যাবলী আৰু নিয়ন্ত্রণ পদ্ধতিসমূহ সংবিধানতেই লিপিবদ্ধ থাকে। যদি তেওঁলোকে ক্ষতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে।
(ঘ) সংবিধানে নির্দিষ্ট কৰি দিয়া ব্যৱস্থাৰ আলমত গণতান্ত্রিক দেশৰ জনসাধাৰণে নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে অনুষ্টিত হোৱা নির্বাচনত নিজৰ পছন্দৰ প্ৰাৰ্থী বাছনি কৰাৰ সুযোগ পায়। নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু পদ্ধতিসমূহৰ বিষয়েও সংবিধানত বিস্তৃত বর্ণনা থাকে।
(ঙ) ৰাষ্ট্ৰৰ কামকাজ পৰিচালনা কৰিবলৈ গঠন কৰা চৰকাৰৰ তিনিটা অংগ (কাৰ্য পালিকা আইন পালিকা আৰু ন্যায়পালিকা) থাকে। গণতান্ত্রিক দেশৰ সংবিধানে চৰকাৰৰ তিনিটা অংগৰ মাজৰ দায়িত্ব আৰু কৰ্তব্যৰ স্পষ্ট ভাগবতৰা কৰি ইহঁতৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক নির্ধাৰণ ব্যৱস্থাও কৰি দিয়ে যাতে চৰকাৰৰ তিনিটা অংগৰ কামকাজৰ মাজত কোনো অৰিয়াঅৰিৰ সৃষ্টি নহয়।
SCERT Assam Class 8 Social Science Chapter 22 – সংবিধান FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: