SEBA Assam Class 9 Social Science Chapter 2 – “চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ” Summary & Solutions
SEBA Assam Class 9 Social Science Political Science (সমাজ বিজ্ঞান) Chapter 2 – “চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ” solutions are now available at Ospin Academy. We provide SEBA-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.
📖 অধ্যায় পৰিচয়:
এই অধ্যায়ত চৰকাৰৰ বিভিন্ন প্ৰকাৰ, চৰকাৰৰ গঠন প্ৰণালী, আৰু চৰকাৰ কেনেকৈ ৰাজনীতি নিয়ন্ত্ৰণ কৰে, সেই বিষয়ে আলোচনা কৰা হৈছে। চৰকাৰ কিদৰে নাগৰিকৰ কল্যাণ সাধন কৰে, আইনৰ নিৰ্মাণ কৰে, আৰু দেশৰ উন্নতিৰ বাবে নীতি-নিয়ম প্ৰয়োগ কৰে, এই পাঠত বিশদভাৱে বৰ্ণনা কৰা হৈছে।
- চৰকাৰৰ প্ৰধান প্ৰকাৰ: গণতান্ত্ৰিক, স্বৈৰাচাৰী, আৰু সামন্তবাদী চৰকাৰ।
- গণতান্ত্ৰিক চৰকাৰ: জনগণৰ দ্বাৰা নিৰ্বাচিত আৰু জনসেৱাৰ বাবে দায়বদ্ধ।
- স্বৈৰাচাৰী চৰকাৰ: একব্যক্তিৰ অধীনত শাসিত চৰকাৰ।
- চৰকাৰৰ শাখাসমূহ: আইনসভা, কাৰ্যবাহী আৰু ন্যায়পালিকা।
- ভাৰতত চৰকাৰৰ প্ৰকৃতি: সাংঘাতিক গণতন্ত্ৰ।
📌 মূল বিষয়বস্তু:
- চৰকাৰ কি?
- গণতান্ত্ৰিক আৰু স্বৈৰাচাৰী চৰকাৰৰ মাজত পার্থক্য কি?
- ভাৰতৰ চৰকাৰৰ প্ৰকৃতি কেনেকুৱা?
- চৰকাৰৰ মূল তিনিটা শাখা কি কি?
- গণতন্ত্ৰৰ সুবিধাসমূহ কি কি?
📝 Ospin Academy কেনেকৈ সহায় কৰে?
- সম্পূৰ্ণ সমাধান: SEBA Assam Class 9 Social Science Political Science Chapter 2 ৰ সকলো উত্তৰ।
- MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন।
- সহজ ব্যাখ্যা: বুজিবলৈ সহজ ভাষাত সমাধান।
- দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগতে দ্ৰুত অভ্যাস কৰিবলৈ সংক্ষেপিত নোট।
SEBA Assam Class 9 Social Science Political Science (সমাজ বিজ্ঞান) Chapter 2 – “চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ” ৰ সমাধান Ospin Academy ত উপলব্ধ। এতিয়া পঢ়ক আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰক!
Class 9 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SEBA Assam
Download Class 9 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.
অতি চমু উত্তৰৰ প্ৰশ্নঃ
- চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন ?
উত্তৰঃ চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক গ্ৰীক প্লেটো ।
2. বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ ?
উত্তৰঃ বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় গণতান্ত্ৰিক চৰকাৰ ।
3. সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা ?
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ’ল ভাৰতবৰ্ষ ।
4. সংসদীয় চৰকাৰৰ চৰকাৰপ্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন ?
উত্তৰঃ সংসদীয় চৰকাৰৰ চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান হ’ল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি ।
5. ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰ থাকে ?
উত্তৰঃ ক্ষমতাৰ পৃথকীকৰণ নীতি ৰাষ্টপতীয় প্ৰকাৰৰ চৰকাৰ থাকে।
6. ৰাষ্ট্ৰপতিয় চৰকাৰ থকা এখন ৰাষ্ট্ৰ নাম লিখা ?
উত্তৰঃ ৰাষ্ট্ৰপতিয় চৰকাৰ থকা এখন ৰাষ্ট্ৰ নাম হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ।
7. এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা ?
উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ’ল জাপান ।
8. যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি?
উত্তৰঃ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ হ’ল ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ ।
9. ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে ?
উত্তৰঃ ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আছে ।
10. ভাৰতবৰ্ষৰ দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ?
উত্তৰঃ ভাৰতবৰ্ষৰ দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই ।
চমু উত্তৰৰ প্ৰশ্নঃ
- বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি ?
উত্তৰঃ বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ হ’লঃ
(ক) এককেন্দ্ৰীয় চৰকাৰ
(খ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ
(গ) সংসদীয় চৰকাৰ আৰু
(ঘ) ৰাষ্ট্ৰপতীয় চৰকাৰ ।
2. সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হ’লঃ
(ক) দুজন মুৰব্বীঃ এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা আছে। এজন প্ৰকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা ।
(খ) কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডৰো সদস্যঃ এই চকাৰত কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ সম্পৰ্ক নিবিড় ।
3. সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা ।
উত্তৰঃ
সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ হ’লঃ
(ক) সংসদীয় পদ্ধতিৰ চৰকাৰ জৰুকালিন অৱস্থাৰ বাবে উপযোগী নহয় । কাৰণ, সিদ্ধান্ত গ্ৰহণৰ বাব বহুখিনি ব্যৱস্থাৰ মাজেৰে যাব লাগে ।
(খ) এনে চৰকাৰ স্থায়ী চৰকাৰ নহয় । কাৰণ সংসদৰ সমৰ্থনৰ ওপৰতহে মন্ত্ৰীসভা বৰ্তি থাকে ।
সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ হ’লঃ
(ক) এই চৰকাৰ স্বেচ্ছাৰী হ’ব নোৱাৰে । কাৰণ সংসদে মন্ত্ৰীসভ নিয়ন্ত্ৰণ কৰে ।
(খ) এই চৰকাৰত শাসন বিভাগ আৰু আইন প্ৰণয়ন বিভাগৰ মাজত সুসম্পৰ্ক থাকে ।
(খ) এনে চৰকাৰ স্থায়ী চৰকাৰ নহয় । কাৰণ সংসদৰ সমৰ্থনৰ ওপৰতহে মন্ত্ৰীসভা বৰ্তি থাকে ।
5. ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি ?
উত্তৰঃ ক্ষমতাৰ পৃথকীকৰণ নীতি মতে চৰকাৰৰ অংগ তিনটাই- স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায় । এনে নীতি ৰাষ্ট্ৰপতীয় চৰকাৰৰ ক্ষেত্ৰত প্ৰযোয্য হয় । এই অংগ তিনিটাই কোনোটোৱেই কাৰোৰ কামত বধাপ্ৰদান কৰিব নোৱাৰে । এই নীতি অনুসৰি কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়।
6. ৰাষ্ট্ৰপতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ ৰাষ্ট্ৰপতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হ’লঃ
(ক) বিধান মণ্ডলৰ নিৰ্দিষ্ট কাৰ্যকালঃ ৰাষ্ট্ৰপতি চৰকাৰ বিধানমণ্ডলৰ নিৰ্দিষ্ট কাৰ্যকাল শেষ হোৱাৰ আগতে কোনো কাৰণত ভংগ নহয় । ৰাষ্ট্ৰপতিয়ে বিধানমণ্ডল ভংগ কৰাৰ ক্ষমতা এই চৰকাৰত নাই ।
(খ) অনমনীয় সংবিধানঃ এই চৰকাৰৰ সংবিধানখন অনমনীয় হয় । সংবিধানখন সহজে সংশোধন কৰিব নোৱাৰি ।
7. এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা।
উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ হ’লঃ
(ক) এক কেন্দৰীয় চৰকাৰ অধীনত শাসন ব্যৱস্থা অধিক শক্তিশালী হয় ।
(খ) জৰুৰীকালিন অৱস্থাৰ বাবে এই চৰকাৰ বেছি উপযোগী। কাৰণ, সকলো ধৰণৰ সিদ্ধান্ত একেখন চৰকাৰেই গ্ৰহণ কৰে।
এককেন্দ্ৰীয় চৰকাৰৰ দুটা দোষ হ’লঃ
(ক)একে কেন্দৰীয় চৰকাৰত দেশৰ অধিকাংশ জনসাধাৰণে চৰকাৰত অংশগ্ৰহণ কৰাৰ সুবিধা নাপায় । ফলত এনে চৰকাৰ গণতন্ত্ৰৰ বাবে উপযোগী নহয় ।
(খ) আজি কালি ডাঙৰ ডাঙৰ ৰাষ্ট্ৰবিলাকৰ বাবে এনে চৰকাৰ উপযোগী নহয় । কাৰণ অঞ্চলবিলাকে সমানে সমব্যৱহাৰ নাপালে সমাজত আঞ্চলিক বিদ্ৰোহ দেখা দিব পাৰে।
দীঘল উত্তৰৰ প্ৰশ্নঃ
- ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা ।
উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণসমূহ হ’লঃ
(ক) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা বাবে আৰু সহজে তেওঁক পদবীৰ পৰা আঁতৰ কৰিব নোৱাৰৰ বাবে চৰকাৰখন স্থায়ী হয় ।
(খ) কাৰ্যপালিকা শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে ।
(গ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত হোৱা বাবে ৰাষ্ট্ৰপতিজনে কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত সংসদৰ সংখ্যাগৰিষ্ঠতাৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে ।
ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষসমূহ হ’লঃ
(ক) ৰাষ্ট্ৰপতিয় চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা নাথাকে ।
(খ) ৰাষ্ট্ৰপতিয় চৰকাৰত মন্ত্ৰীত্ব লাভৰ বাবে ব্যক্তিগত যোগ্যতা আৰু অভিজ্ঞতাতকৈ অনুগ্যইহে অধিক গুৰ্তব লাভ কৰাৰ সম্ভৱানা থাকে ।
(গ) ৰাষ্ট্ৰপতিয় চৰকাৰত কাৰ্যপালিকা আৰু বিদানমণ্ডল বিভিন্ন ৰাজনৈতিক দলৰ হলে তেতিয়া ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা অধিক ।
2. সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ হ’লঃ
(ক) দুজন মুৰব্বীঃ এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা আছে। এজন প্ৰকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা ।
(খ) কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডৰো সদস্যঃ এই চকাৰত কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ সম্পৰ্ক নিবিড় ।
(গ) বিধানমণ্ডল আৰু কাৰ্যপালিৰ ওচৰ সম্বন্ধঃ সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই সকলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে ।
(ঘ) মন্ত্ৰী পৰিষদৰ সামূহিক দায়বদ্ধতাঃ সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰীপৰিষদখন সামূহিকভাৱে বিধানমণ্ডৰ ওচৰত দায়বদ্ধ হয় ।
3. যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান কিয় জনপ্ৰিয় হৈছে, উদাহৰণসহ আলেচনা কৰা ।
উত্তৰঃ যি পদ্ধতিৰ চৰকাৰত এক কেন্দ্ৰীয় চৰকাৰ আৰু তাৰ লগতে ভালকেইখন ৰাজ্য চৰকাৰ থাকে, তাকে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বোলা হয় । সাধাৰণতে এককেন্দ্ৰীয় পদ্ধতিৰ চৰকাৰৰ সম্পূৰ্ণ বিপৰীতে ধৰ্মী চৰকাৰখনেই হ’ল যুক্তৰাষ্ট্ৰীয় চৰকাৰ । যুক্তৰাষ্ট্ৰীয় চৰকাৰ সৰ্বপ্ৰথমতে আমেৰিকাত সৃষ্টি হৈছিল যদিও বৰ্তমান এই চৰকাৰ বহু পৰিমাণে জনপ্ৰিয় হৈছে । আজিকালি পৃথিৱীৰ বহু দেশতেই যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ব্যৱস্থা দেখা যায়।
যুক্তৰাষ্ট্ৰীয় চৰকাৰে বৰ্তমান জনপ্ৰিয়তা লাভ কৰাৰ মূল কাৰণসমূহ হ’লঃ
(ক) যুক্তৰাষ্ট্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী শাসনলৈ পৰিৱৰ্তন হ’ব নোৱাৰে ।
(খ) বিভিন্ন ধৰ্ম, জাতি, ভাষা আদি গোষ্ঠীৰ বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ অতি প্ৰয়োজনীয়।
(ঘ) এনে চৰকাৰ ব্যৱস্থাত আঞ্চলিক বা স্থানীয় বৈশিষ্ট্যসমূহ সূৰক্ষিত হয় আৰু লগে লগে জাতীয় ঐক্যও ৰক্ষা কৰে ।
এনেবোৰ কৰাণতেই বৰ্তমান পৃথিৱীত যুক্তিৰাষ্ট্ৰীয় চৰকাৰে জনপ্ৰিয়তা লাভ কৰিছে ।
4. এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা ।
উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ হ’লঃ
(ক) একক নাগৰিত্বঃ একেকেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল নাগৰিকত্ব । ইয়াত দ্ব-নাগৰিকত্বৰ ব্যৱস্থা নাই ।
(খ) লিখিত বা অলেখিত সংবিধানঃ এককেন্দ্ৰীয় চৰকাৰত সংবিধানখন লিখিত বা অলেখিত হ’ব পাৰে ।
(গ) দুৰ্বল ন্যায় পালিকাঃ এককেন্দ্ৰীয় চৰকাৰত দুৰ্বল ন্যায় পালিকা পিৰলক্ষিত হয় । আইন সভাই প্ৰণয়ন কৰা আইনক ন্যায় পালিকাই অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে ।
5. এককেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্ৰিকনে ? সমালোচনা আগবঢ়োৱা ।
উত্তৰঃ যি পদ্ধতিৰ চৰকাৰত সকলো ক্ষমতা একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে তেনে চৰকাৰক এককেন্দ্ৰীয় চৰকাৰ বোলা হয় । অৰ্থাৎসমগ্ৰ ৰাষ্ট্ৰখনৰ বাবে কেৱল এটা মাত্ৰ চৰকাৰ থাকিলে তেনে চৰকাৰক একাত্মক বা এককেন্দ্ৰীয় চৰকাৰ বোলে । যেনেঃ ব্ৰিটেন, ফ্ৰান্স, জাপান, এটালী ইত্যাদি ।
প্ৰকৃততে এককেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে গণতান্ত্ৰিক নহয়, তাৰ কেইটামান কাৰণ হ’লঃ
(ক) এককেন্দ্ৰীয় চৰকাৰ জনসাধাৰমে সক্ৰিয়ভাৱে দেশৰ শাসন কাৰ্যত অংশগ্ৰহণ কৰাৰ সুযোগ নাপায় ফলত জনসাধাৰণৰ মনত ৰাজনৈতিক সক্ৰিয়তা কম হয় ।
(খ) বৰ্তামন ডাঙৰ ৰাষ্ট্ৰবিলাকৰ বাবে এনে চৰকাৰৰ উপযোগী নহয়। কাৰণ আঞ্চলিক বিলাকে সমব্যৱহাৰ নাপালে বা সমস্যাসমূহৰ সমাধান নহলে আঞ্চলিক বিদ্ৰোহ দেখা দিব পাৰে ।
SEBA Assam Class 9 Social Science Political Science Chapter 2 – চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: