SEBA Class 10 Social Science (সমাজ বিজ্ঞান) Political Science Chapter 1 – ভাৰতীয় গণতন্ত্র Solutions & Summary
Looking for SEBA Class 10 Social Science Political Science Chapter 1 – “ভাৰতীয় গণতন্ত্র” solutions? At Ospin Academy, you will find NCERT-based textbook answers, step-by-step solutions, and multiple-choice questions (MCQs) for thorough exam preparation.
📖 অধ্যায় পৰ্যালোচনা:
এই অধ্যায়ত ভাৰতীয় গণতন্ত্র সম্পৰ্কে বিস্তারিত আলোচনা কৰা হৈছে। ভাৰতত গণতন্ত্ৰৰ বিকাশ, তাৰ মৌলিক নীতি, সংবিধানত গণতান্ত্ৰিক ব্যৱস্থাৰ স্থান আৰু নাগৰিকৰ অধিকাৰসমূহ এই অধ্যায়ৰ মুখ্য বিষয়।
📌 Key Topics Covered:
✔️ ভাৰতীয় গণতন্ত্ৰৰ সংজ্ঞা আৰু বৈশিষ্ট্য
✔️ সংবিধানত গণতন্ত্ৰৰ স্থান
✔️ ভাৰতত গণতান্ত্ৰিক ব্যৱস্থাৰ বিকাশ
✔️ ভাৰতীয় সংসদৰ কাঠামো
✔️ নাগৰিক অধিকাৰ আৰু দায়িত্ব
📌 Important Concepts:
⭐ What are the features of Indian democracy?
⭐ What is the role of the Indian Constitution in democracy?
⭐ How do elections work in India?
⭐ What are the fundamental rights of citizens?
⭐ How does democracy ensure justice and equality?
📝 How Ospin Academy Helps:
✅ Exam-Oriented Solutions: Fully NCERT-based Class 10 Political Science solutions.
✅ MCQs and Extra Questions: Important multiple-choice questions for better revision.
✅ Concept Clarity: Explanation with real-life examples.
✅ Quick Revision Notes: Key points summarized for last-minute preparation.
Access complete SEBA Class 10 Social Science Political Science Chapter 1 – “ভাৰতীয় গণতন্ত্র” solutions at Ospin Academy and improve your understanding today!
Class 10 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SEBA Assam
Download Class 10 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.
Class 10 Social Science
Chapter – 10 Ospin Academy
ভাৰতীয় গণতন্ত্ৰ
অতি চমু উত্তৰৰ প্ৰশ্ন :
১। ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল।
উত্তৰ:- ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল দল জয়ী হৈছিল।
২। ‘কেবিনেট মিছন’ ভাৰতলৈ কেতিয়া আহিছিল ?
উত্তৰ:- ‘কেবিনেট মিছন’ ভাৰতলৈ ১৯৪৬ চনৰ মাৰ্চ মাহত আহিছিল ।
৩। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল ?
উত্তৰ:- সংবিধান সভাৰ প্ৰথম সভাপতি ড° সচিদানন্দ সিংহ আছিল ।
৪। খচৰা সমিতিৰ অধ্যক্ষ জনৰ নাম কি ?
উত্তৰ:- খচৰা সমিতিৰ অধ্যক্ষ জনৰ নাম হ’ল ড° বি আৰ আম্বেদকাৰ ।
৫। সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল ?
উত্তৰ:- সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংবিধানৰ ৪২ তম সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল ।
৬। ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ?
উত্তৰ:- ইংৰাজী Federation শব্দটো Foedus শব্দৰ পৰা আহিছে ।
৭) ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক বোলা হয় ।
উত্তৰ:- ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক বোলা হয় ।
৮। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ?
উত্তৰ:– ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই ।
৯। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ?
উত্তৰ:- ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ড দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ।
চমু উত্তৰৰ প্ৰশ্ন :
১। ব্ৰিটিছ চৰকাৰে কেবিনেট মিচনক কিয় ভাৰতলৈ পঠাইছিল ?
উত্তৰ:– ভাৰতবর্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিট্ৰিছ চৰকাৰে কেবিনেট মিছনক ভাৰতবৰ্ষত পঠিওৱা হৈছিল ।
২। ১৯৪৭ চনত ১৫ আগষ্ট পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল ?
উত্তৰ:- ১৯৪৭ চনত ১৫ আগষ্ট পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ‘ভাৰত চৰকাৰ আইন’ৰ ভিত্তিত চলিছিল আৰু আইনখন ব্ৰিটিছ সংসদে প্ৰস্তুত কৰিছিল ।
৩। প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি কিয় উল্লেখ কৰা হৈছে ?
উত্তৰ:- প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি কিয় উল্লেখ কৰিছে কাৰণ সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ । সংবিধান ভাৰতীয় জণগণৰ বাবেই তৈয়াৰ কৰা হৈছে আৰু জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি ǀ
৪। সাৰ্বভৌম মানে কি ?
উত্তৰ:- সাৰ্বভৌম মানে হৈছে ৰাষ্টৰ সৰ্বোচ্চ ক্ষমতা । অৰ্থাৎ বাহ্যিকভাৱে কোনো এখন দেশ বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও এখন দেশ কোনো বিদেশী দ্বাৰা পৰিচালিত নহয় ।
৫। কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’আৰু ‘ধৰ্মনিৰপেক্ষ’শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে ?
উত্তৰ:- ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ৪২ তম সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে ǀ
৬। ‘অৰ্ধ যুক্তৰাষ্ট্ৰ’ কাক বোলে ?
উত্তৰ:- যি ৰাষ্ট্ৰৰ শাসন ব্যৱস্হাত এককেন্দ্ৰীক চৰকাৰৰ বহুতো বৈশিষ্ট্য সন্নিবিষ্ট হৈ থাকে তেনে যুক্তৰাষ্ট্ৰক ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ বোলে ।
৭। কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল ?
উত্তৰ:- ‘১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন’ পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল ǀ
দীঘল উত্তৰৰ প্ৰশ্ন :-
১। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা ?
উত্তৰ- ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো হল সংবিধানৰ পাতনি ǀ ইয়াত সংবিধানৰ দৰ্শন, আদৰ্শ আৰু লক্ষ্যবোৰ সংক্ষিপ্ত ৰূপত লিপিবদ্ধ হৈ আছে ǀ প্ৰস্তাৱনাটো উল্লেখিক কথাবোৰ জানিলেহে সংবিধানৰ বিষয়ে জানিব পাৰি ǀ প্ৰস্তাৱনাটোক সংবিধানখনৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবি-কাঠি বুলি অভিবাহিত কৰে ǀ
ইয়াত উল্লেখিত আদৰ্শসমূহ হৈছে- স্বাধীনতা, ন্যায় ,সমতা আৰু ভাতৃত্ববোধ ǀ
(ক) স্বাধীনতা – ভাৰতত বাস কৰা প্ৰতিজন নাগৰিকক চিন্তা ,মত প্ৰকাশ,ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত স্বাধীনতা দিয়া হৈছে ǀ
(খ) ন্যায়- সংবিধানে প্ৰতিজন ভাৰতীয় লোকৰ সামাজিক,অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সুনিশ্চত কৰিছে ǀ সামাজিক ন্যায় প্ৰতিষ্টাৰ বাবে জাতি ধৰ্ম আৰু বৰ্ণ ভিত্তিত খতা সামাজিক বৈষম্যবোৰ দূৰ কৰিবলৈ সকলো দৰকাৰী ব্যৱস্হা লোৱা হব ǀ ৰাজনৈতিক ন্যায়ৰ ক্ষেত্ৰত সকলোকে এটা নিৰ্দিষ্ট বয়সৰ পিছত চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ লবলৈ সুবিধা দিয়া ৰ কথা কোৱা হৈছে ,অৰ্থনৈতিক ন্যায় প্ৰতিষ্টাৰ বাবে সমাজৰ পৰা ধনী দুখীয়াৰ শ্ৰেমী বিভাজন আতৰাবলৈ ব্যৱস্হা গ্ৰহণৰ আশ্বাস দিয়া হৈছে ǀ
(গ) সমতা– আইনৰ চকুত সকলো সমান ǀপৰম্পৰাগত সামাজিক বৈষম্যবোৰ আতৰ কৰি সকলোকে সমানে সা সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ যত্নপৰ হোৱা উচিত ǀ
(ঘ) ভাতৃত্ববোধ – ভাৰতত বাস কৰা লোকসকলে কোনেও কাকো হেয় জ্ঞান নকৰি পৰস্পৰে পৰস্পৰৰ প্ৰতি মৰম চেনেহ আৰু ভাতৃত্ববোধৰ ভাৱ ৰখাটো দৰকাৰী ǀ
২) ‘সাৰ্বভৌম’,’সমাজবাদী,’ধৰ্মনিৰপেক্ষ’, ‘গণতান্ত্ৰিক’ আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা ǀ
উত্তৰঃ-
সাৰ্বভৌম – ই ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা ǀ অৰ্থাৎ বাহ্যিকভাৱে কোনো এখন দেশ বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও এখন দেশ কোনো বিদেশী দ্বাৰা পৰিচালিত নহয় ।
সমাজবাদী – এটা শ্ৰেণী হীন সমাজ ব্যৱস্হা যত কোনো ধনী দুখীয়া নাথাকে উৎপাদন ব্যৱস্হা ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হ’ব
সমাজবাদী ব্যৱস্থাত সম্পদৰ সমবিতৰণ হ’ব ǀ
ধৰ্মনিৰপেক্ষ – কোনো ধৰ্মক চৰকাৰী স্বীকৃতি দিয়া নহয় । সকলো ধৰ্ম সমান বুলি ধৰা হয় । সকলোৱে নিজ ইচ্ছানুযায়ী কোনো ধৰ্ম গ্ৰহণ আৰু প্ৰচাৰ কৰিব পাৰে ǀ
গণতন্ত্ৰ- চৰকাৰ ব্যৱস্হা যত এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় ǀ ইয়াৰ জড়িয়তে জনগণে তেওলোকৰ প্ৰতিনিধি নিৰ্বাচিত কৰে আৰু সেই প্ৰতিনিধিৰে গঠিত চৰকাৰে দেশ পৰিচালনা কৰে ǀ
গণৰাজ্য – ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমে শাসনত অধিস্থিত নহয় ǀ তেওঁক জনগণে পৰোক্ষভাৱে এক নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচিত কৰে ǀ
৩। নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা ?
উত্তৰ:- সংবিধান সভাৰ প্ৰথম বৈঠকত ১৯৪৬ চনৰ১৩ ডিচেম্বৰ তাৰিখে নেহৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল । ১৯৪৭ চনৰ ২২ জানুৱাৰী তাৰিখে সংবিধান সভাই ইয়াক গ্ৰহণ কৰে ।
ইয়াৰ মূল প্ৰস্তাৱকেইটা হ’ল-
1) সংবিধান সভাই ভাৰতবৰ্ষক “স্বাধীন, সাৰ্বভৌম , প্ৰজাতন্ত্ৰ” হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ ।
2) ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তভুক্ত হ’ব বিচৰা দেশীয় ৰাজ্য বিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ’ব ।
3) ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ’ব ।
4) দেশত বসবাস কৰা অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব ।
5) দেশৰ স্বাধীনতা, সাৰ্বভৌম আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব ।
6) আন্তজাতিক সু-সম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জণগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ǀ
7) জনসাধাৰণক সকলো ক্ষমতাৰ অধিকাৰী কৰা হয় ǀ চৰকাৰ আৰু ইয়াৰ বিভিন্ন অংগবোৰে জণগণৰ পৰা ক্ষমতা লাভ কৰিব ǀ
8) সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্বশাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যদা লাভ কৰিব ǀ
উল্লেখযোগ্য যে নেহেৰুৰ প্ৰস্তাৱৰ আলম লৈ তথা দেশৰ হাজাৰ বছৰীয়া কৃষ্টি সভ্যতা আৰু সংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতা সকলে সংবিধানৰ আদৰ্শ নিৰূপণ কৰিছিল ǀ
৪। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্হাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ǀ
উত্তৰঃ- ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্হাৰ বৈশিষ্ট্যসমূহ হ’ল-
(i) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহ আঁতৰি যোৱাৰ অধিকাৰ নাই ।
(ii) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত মূলত: কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতাৰ ওপৰত নিভৰ্শীল ।
(iii) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা নাই । সমগ্ৰ ভাৰতৰ বাবে এখনেই সংবিধান সেইখন হল ভাৰতীয় সংবিধান ।
(iv) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই ইয়াত এজন নাগৰিক কেৱল ভাৰতবৰ্ষৰ নাগৰিক হিচাপে পৰিচিত ।
৫। ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত বাখ্যা আগবঢ়োৱা ǀ
উত্তৰঃ– ভাৰতীয় সংসদীয় গণতন্ত্ৰ ব্যৱস্থাই জনসাধাৰণৰ ওচৰত দায়বদ্ধ এখন চৰকাৰ গঠনৰ ব্যৱস্হা কৰিছে ǀ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত ভাৰতত সংসদীয় পদ্ধতিৰ ব্যৱস্হা কৰিছিল ǀ পৰবৰ্তী সময়ত সংবিধান প্ৰণেতাসকলে সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন অনুসৰণ কৰিছিল ǀ অৱশ্যে এই ক্ষেত্ৰত ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰক সম্পূৰ্ণৰূপে অনুসৰণ নকৰি ভাৰতৰ ৰাজনৈতিক, সামাজিক প্ৰেক্ষাপটত ইয়াক কিছু নতুন ৰূপত গঢ় দিছিল ǀ
ভাৰতৰ সংসদীয় গণতন্ত্ৰত বৰ্তমান তলৰ বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়-
1) আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানজন (ৰাষ্ট্ৰপতি) সংসদীয় পদ্ধতিৰ চৰকাৰৰ অন্যদেশৰ দৰে বংশানুক্ৰমিক নহয় বৰঞ্চ তেওঁ পৰোক্ষভাৱে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয় ǀ
2) ভাৰতত সংসদ বা সদনখন দুটা ভাগত বিভক্ত ǀ এখন উচ্চসদন (আন এটা নাম ৰাজ্যসভা)আৰু আনখন নিম্নসদন(আন এটা নাম লোকসভা)ǀ উচ্চসদন অংগৰাজ্যবোৰৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত আৰু নিম্নসদন জণগণৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত ǀ ভাৰতৰ উচ্চসদনৰ গঠন আৰু ক্ষমতা, ইংলেণ্ডৰ উচ্চসদন হাউচ অৱ লৰ্ডচত কৈ বহু পৃথক ǀ
3) সংসদীয় পদ্ধতিৰ চৰকাৰত সংসদখন যিমান শক্তিশালী হব লাগিছিল ভাৰতত সংসদখন সিমান শক্তিশালী নহয় ǀ
Class 10 Social Science Political Science Chapter 1 – ভাৰতীয় গণতন্ত্র FAQs (Assamese Medium)
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: