SEBA Class 10 Social Science (সমাজ বিজ্ঞান) Political Science Chapter 3 – মুদ্ৰা আৰু বেংক ব্যৱস্থা Solutions & Summar
Looking for SEBA Class 10 Social Science Political Science Chapter 3 – “মুদ্ৰা আৰু বেংক ব্যৱস্থা” solutions? At Ospin Academy, you will find NCERT-based textbook answers, step-by-step solutions, and multiple-choice questions (MCQs) for thorough exam preparation.
📖 অধ্যায় পৰ্যালোচনা:
এই অধ্যায়ত মুদ্ৰা (Money) আৰু বেংকিং ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হৈছে। মুদ্ৰাৰ প্ৰকাৰ, বেংকৰ কাৰ্যপদ্ধতি, আধুনিক বেংকিং ব্যৱস্থাৰ গুৰুত্ব, আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভূমিকা এই অধ্যায়ৰ মুখ্য বিষয়।
📌 Key Topics Covered:
✔️ মুদ্ৰাৰ অৰ্থ আৰু প্ৰয়োজনীয়তা
✔️ মুদ্ৰাৰ প্ৰকাৰ (পদাৰ্থ ভিত্তিক মুদ্ৰা, কাগজী মুদ্ৰা, ডিজিটেল মুদ্ৰা)
✔️ বেংক আৰু ইয়াৰ প্ৰকাৰ (বাণিজ্যিক বেংক, কেন্দ্ৰীয় বেংক, বিকাশ বেংক)
✔️ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভূমিকা
✔️ আধুনিক বেংকিং ব্যৱস্থা (Net Banking, Mobile Banking, ATM, Online Transactions)
📌 Important Concepts:
⭐ What is the role of money in an economy?
⭐ How does a bank work?
⭐ What are the different types of banks in India?
⭐ What is the function of the Reserve Bank of India (RBI)?
⭐ What are digital transactions and cashless payments?
📝 How Ospin Academy Helps:
✅ Exam-Oriented Solutions: Fully NCERT-based Class 10 Political Science solutions.
✅ MCQs and Extra Questions: Important multiple-choice questions for better revision.
✅ Concept Clarity: Explanation with real-life examples.
✅ Quick Revision Notes: Key points summarized for last-minute preparation.
Access complete SEBA Class 10 Social Science Political Science Chapter 3 – “মুদ্ৰা আৰু বেংক ব্যৱস্থা” solutions at Ospin Academy and improve your understanding today!
Class 10 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SEBA Assam
Download Class 10 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.
মুদ্ৰা আৰু বেংক ব্যৱস্থা
অনুশীলনী
অতি চমু উত্তৰৰ প্ৰশ্ন-
1. বিনিময় প্ৰথা কি ?
উত্তৰ:- সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হ’ল- বিনিময় প্ৰথা ।
যি ব্যৱস্থাত দ্ৰৱ্যৰ সলনি দ্ৰৱ্যৰ বিনিময় হয় তাকে বিনিময় প্ৰথা বোলে ।
2. মুদ্ৰা কি ?
উত্তৰ:- বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্যসম্পাদন কৰা যিকোনো সামগ্ৰীয়ে মুদ্ৰা ।
3. মুদ্ৰাৰ এটা কাৰ্য উল্লেখ কৰা ǀ
উত্তৰ:- মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে ।
4. অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া ǀ
উত্তৰ:- অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হ’ল – চেক মুদ্ৰা ǀ
5. প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি ?
উত্তৰ:- ধাতুগত মুদ্ৰাৰ মান বুজাবলৈ কাগজী মুদ্ৰা ব্যৱহাৰ কৰা হয় । যেনে- পূৰ্বতে ১০০ টকাৰ কাগজী মুদ্ৰা ১০০ টকা মূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত হৈছিল ǀ এনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক (সোণ বা ৰূপৰ প্ৰতিনিধি)বা পৰিবৰ্তনীয় কাগজী মুদ্ৰা বোলে ।
6. বেংক কি ?
উত্তৰ:- বেংক এটা অৰ্থনৈতিক বিত্তিয় অনুষ্ঠান, যি ঋণৰ ব্যৱসায় কৰে । বেংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সংগৃহীত সঞ্চয় ঋণ লওঁতা সকললৈ আগবঢ়ায় ǀ ইয়াকে বেংক বুলি কয় ।
7. ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল ?
উত্তৰ:- ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত ১৯৩৫ চনত হৈছিল ।
8. চলিত আমানত কি ?
উত্তৰ:- চলিত আমানতৰ ক্ষেত্ৰত, বেনকত জমা কৰা ধন সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে ।
চমু উত্তৰৰ প্ৰশ্ন :-
- সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে ?
উত্তৰ:- অভাৱ ৰ মাজত সংগতি নাথাকিলে বিনিময় কাৰ্য সম্পাদন কৰাত অসুবিধা হয় ǀ উদাহৰণস্বৰূপে ‘ক’ আৰু ‘খ’ দুজন ব্যক্তি ǀ ‘ক’ ই কুহিঁয়াৰ উৎপাদন কৰে আৰু ধান বিচাৰিছে ; ‘খ’ ই ধান উৎপাদন কৰে আৰু কুহিঁয়াৰ বিচাৰিছে ǀ এই ক্ষেত্ৰত ‘ক’ আৰু ‘খ’ মাজত অভাৱৰ সংগতি আছে আৰু সেয়েহে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে ǀ যদি অভাৱৰ সংগতি নাথাকে তেতিয়া দুয়োজনৰ মাজত বিনিময় নহব ǀ উদাহৰণস্বৰূপে ‘খ’ আলু বিচাৰিছে তেতিয়া ‘ক’ ৰ লগত তেওৰ বিনিময় নহ’ব ǀ
2. মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা ?
উত্তৰ:- মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোতে ব্যৱহাৰ কৰিব পাৰি ǀ সেয়ে মুদ্ৰাৰ সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয় ।
3. মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয় ?
উত্তৰ:- মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে- সাধাৰণ গ্ৰহণযোগ্যতা ǀ
বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাক সকলোৱে গ্ৰহণ কৰে ǀ ই সকলোৰে মাজত পৰিচিত ।
4. মুদ্ৰাৰ তাৰল্য গুণ কি ?
উত্তৰ:- যি কোনো মুদ্ৰা সমমূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হোৱা গুণ থকাটোকে মুদ্ৰাৰ তাৰল্য গুণ বুলি কয় ।
5. ‘মুদ্ৰা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী’ –বাখ্যা কৰা ǀ
উত্তৰ:- মুদ্ৰাৰে সকলে বস্তু কিনা-বেছা কৰিব পাৰি । যিমান মূল্যবান বস্তুৱেই হওঁক মুদ্ৰাৰে কিনিব পাৰি । মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময় মুল্যই হ’ল সামগ্ৰীৰটোৰ দাম । মুদ্ৰাৰে দাম দি বস্তু কিনিব পৰা যায় । মুদ্ৰা সামগ্ৰীৰ মূল্যৰ উমৈহতায়া মাপ-কাঠী ; কাৰণ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় ।
6. সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি ?
উত্তৰ:- সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য হ’ল
সসীম বিহিত মুদ্ৰা |
অসীম বিহিত মদ্ৰা |
---|---|
1. যি বিহিত মুদ্ৰাৰ সহায়ত কম আৰু সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি ,সেই মুদ্ৰা সসীম বিহিত মুদ্ৰা । যেনে :- কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা । |
1. যি বিহিত মুদ্ৰাৰে বা ব্যৱস্থাৰে অসীম লেন-দেন কৰিব পাৰি ,সেই মুদ্ৰা সসীম বিহিত মুদ্ৰা । যেনে :- চেক মুদ্ৰা । |
7. আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে ?
উত্তৰ:- আঞ্চলিক গ্ৰাম্য বেংকৰ মূল দুটা কাম হ’ল –
- বেপাৰী ,মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাওঁবাসীলৈ অতি কম সুতৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া ।
- গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা ।
8. অনা বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ ?
উত্তৰ:- অনা বেংক প্ৰতিষ্ঠানসমূহ মাজৰ পাৰ্থক্য
বেংকৰ প্ৰতিষ্ঠাপন |
অনা বেংক |
---|---|
1. চেকৰ ব্যৱহাৰ হয় । |
1. চেকৰ ব্যৱহাৰ নহয় । |
2. বীমা আঁচনি থাকে । |
2 বীমা আঁচনি নাথাকে । |
3. সঞ্চয়ৰ নিৰাপত্তা থাকে ǀ |
3. সঞ্চয়ৰ নিৰাপত্তা নাথাকে | |
দীঘল উত্তৰৰ প্ৰশ্ন :
- বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা বাখ্যা কৰা ।
উত্তৰ:- ক) সংগতিহীন অভাৱ :
অভাৱ ৰ মাজত সংগতি নাথাকিলে বিনিময় কাৰ্য সম্পাদন কৰাত অসুবিধা হয় ǀ উদাহৰণস্বৰূপে ‘ক’ আৰু ‘খ’ দুজন ব্যক্তি ǀ ‘ক’ ই কুহিঁয়াৰ উৎপাদন কৰে আৰু ধান বিচাৰিছে ; ‘খ’ ই ধান উৎপাদন কৰে আৰু কুহিঁয়াৰ বিচাৰিছে ǀ এই ক্ষেত্ৰত ‘ক’ আৰু ‘খ’ মাজত অভাৱৰ সংগতি আছে আৰু সেয়েহে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে ǀ যদি অভাৱৰ সংগতি নাথাকে তেতিয়া দুয়োজনৰ মাজত বিনিময় নহব ǀ উদাহৰণস্বৰূপে- ‘খ’ আলু বিচাৰিছে তেতিয়া ‘ক’ ৰ লগত তেওৰ বিনিময় নহ’ব ।
খ) হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ :
বিনিময় প্ৰথাত বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত ǀ প্ৰতিটো সামগ্ৰীৰ মূল্য আন সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগিব ǀ যেনে – ১ টা আপেলৰ সমান ৩টা মধুৰিআম । কিন্তু আমৰ এই বিনিময় হাৰ কেৱল এটাই যে এটাই হব তাৰো নিশ্চয়তা নাথাকে ǀ বজাৰত যিমান সামগ্ৰী আছে সিমান সামগ্ৰীৰ বিপৰীতে বিনিময়ৰ হাৰ থাকিব লাগিব ǀ বজাৰলৈ ওলাই যোৱা ব্যক্তি এজনে সেই সকলো বোৰ বিনিময়ৰ হাৰ মনত ৰাখিব লাগিব ǀ সেইয়া অসম্ভৱ কথা । সেইবাবে প্ৰতিটো সামগ্ৰীৰ মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় ।
(গ) বিভাজনীয়তাৰ অসুবিধা :
কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু গোটত ভাগ কৰিব নোৱাৰি ǀ বিনিময় প্ৰথাত এই সামগ্ৰীবোৰে প্ৰক্ৰিয়াটো সম্পাদন কৰাত অসুবিধাৰ সৃষ্টি কৰে ǀ যেনে- এজন মানুহৰ এজনী ছাগলী আছে আৰু তেওঁক এক কিলোগ্ৰাম চাউলৰ প্ৰয়োজন হৈছে, তেনে অৱস্হাত ছাগলীজনী সৰু সৰু অংশত ভাগ কৰি চাউলৰ লগত বিনিময় কৰাটো সম্ভৱ নহ’ব । মুদ্ৰা ব্যৱস্থাত এই অসুবিধা দূৰ হ’ল ।
ঘ) মূল্যৰ ভাণ্ডাৰৰ অভাৱ
বিনিময় প্ৰথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লগা হৈছিল ǀ সামগ্ৰী বোৰ বেছিদিন সাঁচি ৰাখিব নোৱাৰি ,নষ্ট হৈ যায় । সেইবাবে ইয়াৰ অভাৱ হোৱা দেখা যায় ।
2. মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য বাখ্যা কৰা ।
উত্তৰ:- মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য হৈছে-
ক) মুদ্ৰাৰ সাধাৰণ গ্ৰহণ যোগ্যতা থাকিব লাগে নহলে ই বিনিময়ৰ মাধ্যম হব নোৱাৰে ǀ
খ) মুদ্ৰাৰ চিনাক্তকৰণ সহজ হব লাগিব ǀ আন সকলো সাগগ্ৰীতকৈ ই বেলেগ হব লাগিব ǀ মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহলে সামগ্ৰী বেচা কিনাৰ সময়ত জটিলতাই দেখা দিব ǀ
গ) মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ’ব নোৱাৰে ǀ মাছ,কণী, গাখীৰ, ইত্যাদিৰ কোনোটোৱেই মুদ্ৰা হব নোৱাৰে ǀ কাৰণ এইবোৰ সামগ্ৰী বেছি দিন নিটিকে ǀ মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ’ব লাগিলে মুদ্ৰা বেছি দিনলৈ টিকিব লাগিব ।
ঘ) মুদ্ৰা তাৰল্য গুণ থাকিব লাগিব ǀ যিকোনো মুদ্ৰা সমসূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হলেই মুদ্ৰাৰ তাৰল্য গুণ আছে বুলিব লাগিব । বিনিময় প্ৰথাত তাৰল্য গুণ নাথাকে কাৰণ সামগ্ৰী তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে আন সামগ্ৰীলৈ ৰূপান্তৰ হ’লেও সামগ্ৰীবোৰ বেছি দিন নিটিকে ।
3. মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য বাখ্যা কৰা ǀ
উত্তৰ:- মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য হৈছে-
ক) বিনিময়ৰ মাধ্যম
বিনিময় প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছিল ǀ মুদ্ৰা ব্যৱস্হাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ পৰোক্ষ বিনিময় হয় ǀ চাউল উৎপাদন কৰা ব্যক্তি এজনে বজাৰত চাউল বিক্ৰী কৰি মুদ্ৰা অৰ্জন কৰে আৰু সেই মুদ্ৰাৰ সহায়ত তেওঁ নিজৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰে ।
খ) সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী
মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময় মুল্যই হ’ল সামগ্ৰীটোৰ দাম । মুদ্ৰা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী ,কাৰণ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় ǀ
গ) স্থগিত দেনা পাওনাৰ মানদণ্ড
কিছুমান সামগ্ৰী বেচা কিনাৰ সময়ত দামটো লগে লগে পৰিশোধ কৰা নহয় ǀ ঋণৰ ক্ষেত্ৰত ঋণ লওঁতাই ঋণ পৰিশোধ কৰোতে সময় লয় ǀ এনেবোৰ ক্ষেত্ৰত ধন আদায় প্ৰক্ৰিয়াটো তৎকালিন নহয়, প্ৰক্ৰিয়াটো স্হগিত কৰি ৰখা হয় ǀ সকলোবোৰ স্হগিত দেনা পাওনাৰ মান মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় ǀ
(ঘ) মূল্য ভাণ্ডাৰ
মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোতে ব্যৱহাৰ কৰিব পাৰি ।
4. চেক এখন মুদ্ৰা নে ? তোমাৰ উত্তৰ সপক্ষে যুক্তি দেখুওৱা ǀ
উত্তৰ:- চেক এখন মুদ্ৰা হব নোৱাৰে ǀচেকৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে ǀ উদাহৰণস্বৰূপে ব্যক্তি এজনে দোকানৰ পৰা এক কেজি চাউল কিনিছে ǀ এতিয়া মূল্য বা দাম পৰিশোধ কৰাৰ ক্ষেত্ৰত তেওঁ যদি দোকানজনলৈ মূল্যটো লিখি এখন চেক দোকানীজনলৈ আগবঢ়ায় দিয়ে তেন্তে সেই চেকখন দোকানীজনে গ্ৰহণ নকৰিব পাৰে ǀ সেইখন বেংকত দিয়াৰ পিছতহে ধন হাতলৈ আহিব ।
5. মুদ্ৰাই সৃষ্টি কৰিব পৰা যিকোনো চাৰিটা প্ৰধান অসুবিধা বাখ্যা কৰা ǀ
উত্তৰ:- মুদ্ৰাই সৃষ্টি কৰিব পৰা যিকোনো চাৰিটা প্ৰধান অসুবিধা হৈছে-
ক) মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবোৰ সমস্যাৰ সৃষ্টি হয় । মুদ্ৰাৰ মূল্য অৱিৰত ভাৱে কমি গলে মানুহৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিব লগীয়া হয় ǀ
খ) মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ আহিলা হব পাৰে ǀইয়াৰ ফলত সমাজত অৰ্থনৈতিক বৈষম্য বৃদ্ধি পাব পাৰে ।
গ) মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰো অৱক্ষয় ঘটাব পাৰে । মুদ্ৰাক লৈ সমাজত দুৰ্নীতি,অনিয়ম,অবিচাৰৰ গুৰিতেই মুদ্ৰা বুলি ক’লে অত্যুক্তি কৰা নহ’ব ।
ঘ) মুদ্ৰাৰ পৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয় ǀ ক’লা মুদ্ৰা প্ৰকৃততে এক অৰ্থনৈতিক অপৰাধ ǀ এনে বোৰ অপৰাধৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাব লগা হয় ।
6. কেন্দ্ৰীয় বেংকেৰ চাৰিটা প্ৰধান কাৰ্য বাখ্যা কৰা ।
উত্তৰ:- কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য হ’ল-
ক) কাগজী মুদ্ৰা ছপা কৰা
কেন্দ্ৰীয় বেংকৰ এইটো একচেটীয়া অধিকাৰ । বাকী কোনো বেংকেৰ এই অধিকাৰ নাই ।
খ) আমানত মুদ্ৰা বা ঋণ পৰিমাণ নিয়ন্ত্ৰণ কৰা
কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে । এই মুদ্ৰা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ । বাণিজ্যিক বেংকসমূহৰ ঋণদান ক্ষমতাৰ ওপৰত আমানত বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে ǀ কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্যৱস্হাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকৰ ঋণপ্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে ǀ
(গ) বেংক সমূহৰ বেংক
কেন্দ্ৰীয় বেংকে আন বেংকসমূহৰ হিচাপ নিকাচসমূহ পৰীক্ষা কৰে ǀ কেন্দ্ৰীয় বেংক অন্য বেংকবোৰৰ বাবে বিপদৰ বন্ধু ǀ আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্ৰয়স্থল ।
(ঘ) চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা
বাজেটত ঘাটিয়ে দেখা দিলে তাক দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ পৰা বিত্তীয় সাহাৰ্য লয় ǀ কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰি এই সাহাৰ্য আগবঢ়ায় ǀ ই চৰকাৰৰ পৰামৰ্শদাতাও ǀ চৰকাৰৰ আয় নীতি,ৰাজহ নীতি, বাণিজ্য নীতিৰ বিষয়ে কেন্দ্ৰীয় বেংকে পৰামৰ্শ আগবঢ়ায় ǀ চৰকাৰৰ প্ৰতিনিধি হিচাপে সকলো চৰকাৰী আয় ব্যয়ৰ হিচাপ ৰাখে ǀ
7. বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্ৰধান কাৰ্য বাখ্যা কৰা ।
উত্তৰ:- বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্ৰধান কাৰ্য হল
১/ বাণিজ্যিক বেংকে জনসাধাৰণৰ পৰা সঞ্চয় কৰে ।এই সঞ্চয় তিনি প্ৰকাৰৰ (ক) চলিত আমানত (খ) স্থিৰ আমানত (গ)সঞ্চয় আমানত । চলিতআমানতত সঞ্চয়কাৰীয়ে নিজৰ সঞ্চিত ধন চেক যোগে যিকোনো সময়তে উলিয়াব পাৰে ।
২/ বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰে । বেংকৰ সঞ্চয়কাৰীয়ে আৱশ্যক মতে ঋণ লাভ কৰিব পাৰে ।
8. তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদন কৰে চমুকৈ লিখা ।
(ক) আই ডি বি আই
(খ) আঞ্চলিক গ্ৰাম্য বেংক
(গ) কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক
(ঘ) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক ।
উত্তৰ:- (ক) আই ডি বি আই (IDBI)- ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক ।
এই বেংকটো ১৯৬৮ চনত স্থাপন কৰা হৈছিল । ইয়াৰ প্ৰধান কাৰ্যাৱলী হ’ল-
(i) ঔদ্যোগিক প্ৰতিষ্ঠান সমূহলৈ বিত্তীয় সাহায্য প্ৰদান কৰা ।
(ii) ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠান সমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰে ।
(iii) অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগিক ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়াই ।
(iv) বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবাহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয় ।
(খ) আঞ্চলিক গ্যাম্যবেংক-১৯৭৫ চনত প্ৰথমতে ৫ টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হয় । এই বেংকে সম্পাদন কৰা মূল কাম দুটা হ’ল-
(i) গ্ৰাম্যাঞ্চলৰ বেপাৰী, মহাজনসকলৰপৰা অত্যধিক সুদ দি টকা ধাৰলৈ লোৱা দুখীয়া খেতিয়ক গাওঁবাসীলৈ অতি কম সুদত টকা ধৰলৈ দিয়াত এই বেংকে সহায় কৰে ।
(ii) দুখীয়া গাওঁবাসীক সঞ্চয়ৰ বাবে উৎসাহ প্ৰদান কৰি, ক্ষুদ্ৰ সঞ্চয়কৰি, সংগ্ৰহ কৰি বিভিন্ন উৎপাদনসূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা ব্যৱস্থা কৰে ।
(গ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক- ১৯৮২ চনতে নাবাৰ্ডৰ (NABARD) স্তাপন কাৰ্য সম্পন্ন কৰা হৈছিল । গ্ৰামাঞ্চলৰঋণ দিয়া কাম-কাজৰ বাবে ৰিজাৰ্ভ বেংকে যিবোৰ কাম-কাজ কৰিচিল এই সমুদায় কাৰ্যাৱলী বৰ্তমান নাবাৰ্ডলৈ হস্তান্তৰ কৰা হৈছে । বৰ্তমান নাৰ্বাডৰ এনে ধৰণৰ-
(i) গাওঁ অঞ্চলৰ যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ কামত জড়িত সেই সকলোবোৰ শীৰ্ষ বিত্তীয় যোগানকাৰী প্ৰতিষ্ঠান হ’ল নাবাৰ্ড ।
(ii) ঋণ প্ৰদান প্ৰক্ৰিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা প্ৰশিক্ষণ আদিৰ সুদৃঢ় কৰাৰ বাবে নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে ।
(iii) সকলোবোৰ বিত্তিয় প্ৰতিষ্ঠান, ভাৰতৰ চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজাৰ্ভ বেংক আদিৰ সৈতে নাবাৰ্ডে সমন্বই ৰক্ষা কৰে ।
(ঘ)ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক- ভাৰতৰ সংসদত ১৯৮৯ চনত ছিদবি (SIDBI) আইন খন গৃহীত হয় আৰু ১৯৯০ চনৰ পৰা ছিদবি আইনখন কাৰ্যকৰী কৰিবলৈ হাতত লয় । লক্ষৌ চহৰত ছিদবিৰ মুখ্য কাৰ্যালয় অৱস্থিত কৰা হৈছিল ।
ছিদবিৰ প্ৰধান কাৰ্যাৱলী হ’ল-
(i) ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীৰণ কৰী হয় ।
(ii) ক্ষুদ্ৰ উদ্যোগবোৰত উৎপাদিত সামগ্ৰীৰ বজাৰৰ সুবিধা কৰি দিয়া হয় ।
(iii) সৰু নগৰ এলেকাত হোৱা উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি, গাঁৱৰ পৰা নগৰলৈ হোৱা বহিৰ্গমন ৰোধ কৰাৰ ব্যৱস্থা কৰে ।
(iv) বেংক, নিগম, উদ্যোগবোৰত অৰ্থ সাহায্য যোগান ধৰাত সহায় কৰে ।
Class 10 Social Science Political Science Chapter 3 – মুদ্ৰা আৰু বেংক ব্যৱস্থা FAQs (Assamese Medium)
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: