Class 8 Science Chapter 2 – অনুজীৱ : মিত্ৰ আৰু শত্ৰু – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ২ – অনুজীৱ : মিত্ৰ আৰু শত্ৰু সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ দ্বিতীয় অধ্যায় ‘অনুজীৱ : মিত্ৰ আৰু শত্ৰু’ (Microorganisms: Friend and Foe) এক অতি গুৰুত্বপূৰ্ণ অধ্যায়। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা এই নোটছসমূহত অনুজীৱৰ বিভিন্ন প্ৰকাৰ, ইহঁতৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে বিস্তৰভাৱে আলোচনা কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত উপলব্ধ এই সমাধানসমূহত পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ অতি সহজকৈ বুজাই দিয়া হৈছে।
এই অধ্যায়টিত আমি বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট’জ’ৱা আৰু শেলাইৰ দৰে অনুজীৱবোৰে কেনেকৈ আমাক খাদ্য প্ৰস্তুত কৰাত সহায় কৰে আৰু আনহাতে কেনেকৈ বেমাৰ বিয়পায়, সেই বিষয়ে শিকিব পাৰিম। পৰীক্ষাত আহিব পৰা সকলো গুৰুত্বপূৰ্ণ দিশ যেনে— প্ৰতিজৈৱিক (Antibiotics), ভেকচিন (Vaccine), আৰু নাইট্ৰ’জেন চক্ৰৰ ওপৰত বিশেষ গুৰুত্ব দি এই প্ৰশ্নোত্তৰসমূহ প্ৰস্তুত কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- অনুজীৱৰ শ্ৰেণীবিভাজন আৰু সিহঁতৰ বাসস্থানৰ বিষয়ে স্পষ্ট ধাৰণা।
- গাখীৰৰ পৰা দৈ হোৱা বা পাউৰুটী প্ৰস্তুত কৰাত অনুজীৱৰ ভূমিকাৰ ব্যাখ্যা।
- সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধৰ উপায়সমূহৰ সম্পূৰ্ণ তালিকা।
- খাদ্য সংৰক্ষণৰ বিভিন্ন পদ্ধতি যেনে— পানী নিষ্কাশন, ৰাসায়নিক পদ্ধতি আৰু পাষ্টুৰাইজেচন।
- নাইট্ৰ’জেন স্থিৰীকৰণ আৰু নাইট্র’জেন চক্ৰৰ (Nitrogen Cycle) সচিত্ৰ বৰ্ণনা।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি MCQ আৰু অতি চমু প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB/SEBA নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা ১০০% নিৰ্ভুল সমাধান।
- ছাত্ৰ-ছাত্ৰীৰ বাবে সহজ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত পুনৰীক্ষণৰ (Quick Revision) বাবে উপযোগী পইণ্ট-ভিত্তিক উত্তৰ।
- পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
আপোনাৰ বিজ্ঞান বিষয়ৰ ভেটি মজবুত কৰিবলৈ আৰু পৰীক্ষাত উন্নত ফলাফল দেখুৱাবলৈ এই সমাধানসমূহ এতিয়াই পঢ়ক।
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Science
পাঠ – ২ Ospin Academy
অনুজীৱ: মিত্ৰ আৰু শত্ৰু
১) খালী ঠাই পূৰ কৰা ।
ক) অনুজীৱ বোৰ ……………………….. সহায়ত দেখা পোৱা যায় ।
উত্তৰ:- অণুবীক্ষণ যন্ত্ৰৰ ।
খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ ……………………. গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে ।
উত্তৰ:- নাইট্ৰ’জেন ।
গ) ……………………. ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয় ।
উত্তৰ:- ইষ্ট ।
ঘ) ……………………… ৰ দ্বাৰা কলেৰা হয় ।
উত্তৰ:- বেক্টেৰিয়া ।
২) শুদ্ধ উত্তৰত (✓) চিন দিয়া ।
ক) চেনি/ সুৰা/ হাইড্ৰ‘ক্লৰিক এচিড/ অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় ।
উত্তৰ:- সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় ।
খ) ছডিয়াম বাই কাৰ্বনেট/ ষ্ট্ৰেপ‘মাইছিন/ সুৰা/ ইষ্ট এবিধ এণ্টিবায়‘টিক ।
উত্তৰ:- ষ্ট্ৰেপ’মাইছিন এবিধ এণ্টিবায়’টিক ।
গ) মাইকী এন‘ফিলিছ মহ/ পইতাচোৰা/ মাখি/ পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট‘জ‘ৱাৰ বাহক ।
উত্তৰ:- মাইকী এন’ফিলিছ মহ মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট’জ’ৱাৰ বাহক ।
ঘ) পৰুৱা/ মাখি/ মকৰা/ সংক্ৰামক ৰোগৰ বাহক ।
উত্তৰ:- মাখি ৰোগৰ বাহক ।
ঙ) তাপ/ গুড়ি কৰা/ ইষ্ট কোষৰ বৃদ্ধি/ ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে ।
উত্তৰ: ইষ্ট কোষৰ বৃদ্ধিৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে ।
চ) শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যৌগীকৰণ/ সাঁচ/ কিন্বন/ সংক্ৰামক বোলা হয় ।
উত্তৰ:- শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কিন্বন বোলা হয় ।
৩) ‘ A ‘ অংশত থকা অনুজীৱ বোৰক ‘B’ অংশৰ ক্ৰিয়াৰ লগত মিলোৱা।
|
‘A’ অংশ |
‘B’ অংশ |
|---|---|
|
i) বেক্টেৰিয়া |
i) নাইট্ৰজেন যৌগিকৰণ । |
|
ii) ৰাইজ’বিয়াম |
ii) দৈ প্ৰস্তুত কৰাত । |
|
iii) লেক্টবেছিলাছ |
iii) পাউৰুটিৰ প্ৰস্তুত কৰণত । |
|
iv) ইষ্ট |
iv) মেলেৰিয়া ৰোগ সৃষ্টিত । |
|
v) প্ৰট’জ’ৱা |
v) কলেৰা ৰোগ সৃষ্টিত । |
|
vi) ভাইৰাছ |
vi) এণ্টিবডি প্ৰস্তুত কৰাত । |
উত্তৰ:-
|
‘A’ অংশ |
‘B’ অংশ |
|---|---|
|
i) বেক্টেৰিয়া |
কলেৰা ৰোগ সৃষ্টিত । |
|
ii) ৰাইজ’বিয়াম |
নাইট্ৰজেন যৌগিকৰণ । |
|
iii) লেক্টবেছিলাছ |
দৈ প্ৰস্তুত কৰাত । |
|
iv) ইষ্ট |
পাউৰুটিৰ প্ৰস্তুত কৰণত । |
|
v) প্ৰট’জ’ৱা |
মেলেৰিয়া ৰোগ সৃষ্টিত । |
|
vi) ভাইৰাছ |
এইডছ ৰোগ সৃষ্টিত । |
৪) অনুজীৱ বোৰ খালী চকুৰে দেখা পোৱা যায়নে ? সিহঁতক কেনেকৈ দেখা পাব পাৰি ?
উত্তৰ:- অনুজীৱ বোৰ খালী চকুৰে দেখা পোৱা নাযায় ।
সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি । ভেঁকুৰ জাতীয় কিছুমান অনুজীৱক আতচী কাঁচেৰে দেখা পোৱা যায়।
৫) অণুজীৱৰ ডাঙৰ ভাগবোৰ কি কি ?
উত্তৰ:- অণুজীৱৰ ডাঙৰ ভাগবোৰ হল –
ক) বেক্টেৰিয়া ।
খ) ভেঁকুৰ।
গ) প্ৰট’জ’ৱা ।
ঘ) শেলাই আদি ।
৬) মাটিত বায়ুমণ্ডলীয় নাইট্ৰ‘জেন যৌগীকৰন কৰিব পৰা অনুজীৱ সমূহৰ নাম কোৱা ।
উত্তৰ:- মাটিত বায়ুমণ্ডলীয় নাইট্ৰ’জেন যৌগীকৰন কৰিব পৰা অনুজীৱ সমূহৰ নাম হল –
ক) বেক্টেৰিয়া ( ৰাইজ’বিয়াম ) ।
খ) নীল হৰিৎ বা নীল সেউজ শেলাই আদি ।
৭) আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে ১০ শাৰী লিখা ।
উত্তৰ:- আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতা বোৰ হল –
ক) দৈ, পাউৰুটি, কেক আদি প্ৰস্তুত কৰণত অণুজীৱৰ ব্যৱহাৰ কৰা হয় ।
খ) কিছুমান বেক্টেৰিয়া আৰু নীল সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰ’জেন স্থিৰ কৰণ কৰি মাটিত নাইট্ৰ’জেনৰ পৰিমাণ বঢ়াই উৰ্বৰতা বৃদ্ধি কৰে ।
গ) সুৰা আৰু ভিনেগাৰ আদি ব্যৱসায়িক ভিত্তিক প্ৰস্তুত কৰাৰ বাবে অনুজীৱ ব্যৱহাৰ কৰা হয়।
ঘ) বিভিন্ন ৰোগ নিবাৰণৰ কাৰণে ব্যৱহাৰ হোৱা এণ্টিবায়’টিক বেক্টেৰিয়া, ভেঁকুৰ আদি কিছুমান নিৰ্দিষ্ট অনুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা হয় ।
ঙ) কলেৰা, যক্ষ্মা, বসন্ত, হেপাটাইটিছ আদি বহুতো ৰোগ প্ৰতিৰোধ কৰিব পৰা প্ৰতিষেধক ছিটা অণুজীৱৰ বিকশিত কৰি প্ৰস্তুত কৰা হয় ।
চ) অনুজীৱ বোৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত থকা জৈৱিক পদাৰ্থ বোৰ পচন ঘটাই সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে। এই সৰল পদাৰ্থবোৰ উদ্ভিদ বা প্ৰাণীয়ে পুনঃ ব্যৱহাৰ কৰিব পাৰে ।
ছ) অনুজীৱ বোৰে অনিষ্টকাৰী আৰু দুৰ্গন্ধ যুক্ত পদাৰ্থবোৰ পচাবলৈ পৰিবেশ নিৰ্মল কৰে ।
৮) অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ:- বিভিন্ন ধৰনে কিছুমান অনুজীৱই আমাৰ অপকাৰ কৰে । মানুহৰ মাৰাত্মক কিছুমান ৰোগ যেনে – যক্ষ্মা, কলেৰা, টায়ফয়েড, নিউম’নিয়া আদি ৰোগ বেক্টেৰিয়াই সৃষ্টি কৰে । পলিঅ’ , বসন্ত, এনকেফেলাইটিছ আদি ভয়ানক ৰোগ ভাইৰাছৰ দ্বাৰা সৃষ্টি হয় । প্ৰাণী আৰু উদ্ভিদৰো নানা ধৰণৰ ৰোগ সৃষ্টি কৰি অণুজীৱ বোৰে আমাৰ অশেষ ক্ষতি কৰে ।
আমাৰ ব্যৱহাৰৰ বস্তু যেনে – কাপোৰ, চামৰা, প্লাষ্টিক আদি প্ৰায় সকলো ধৰণৰ বস্তুৰ ওপৰত অণুজীৱই ক্ৰিয়া কৰি সেইবোৰ নষ্ট কৰে । ইয়াৰ উপৰি অনুজীৱ বোৰে খাদ্যৰ পচন ঘটাই আৰু খাদ্যৰ ওপৰত বিষক্ৰিয়া সৃষ্টি কৰে ।
৯) এণ্টিবায়‘টিক কি ? এণ্টিবায়‘টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?
উত্তৰ:- ৰোগ সৃষ্টিকাৰী অনুজীৱক ধ্বংস কৰিবলৈ কিছুমান নিৰ্দিষ্ট অনুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা ঔষধ বোৰক এণ্টিবায়’টিক বোলে ।
ডাক্তৰৰ পৰামৰ্শমতে এণ্টিবায়’টিক গ্ৰহণ কৰিব লাগে । ডক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ ক’ৰ্ছ শেষ কৰিব লাগে । অপ্ৰয়োজনীয় ভাৱে এণ্টিবায়’টিক গ্ৰহণ কৰা উচিত নহয় কাৰণ শৰীৰত থকা উপকাৰী অণুজীৱৰ মৃত্যু হব পাৰে ।
