SEBA Class 10 Assamese Chapter 12 – পাৰস্যত এভুমুখি Solutions & Notes | অসমীয়া সাহিত্য চয়নিকা
SEBA Class 10 অসমীয়াৰ পাৰস্যত এভুমুখি অধ্যায়ৰ সমাধান বিচাৰিছে? Ospin Academy-ত আপুনি পাব Class 10 Assamese Sahitya Chayanika Chapter 12 পাৰস্যত এভুমুখিৰ সম্পূৰ্ণ সমাধান, স্পষ্ট ব্যাখ্যা, আৰু পৰীক্ষা-কেন্দ্ৰিক নোটছ।
📖 অধ্যায়ৰ সাৰাংশ:
পাৰস্যত এভুমুখি হৈছে এটি ঐতিহাসিক আৰু সাংস্কৃতিক ৰচনা, য’ত পাৰস্য (ইৰান) আৰু অসমৰ সাংস্কৃতিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হৈছে। এই পাঠটোৱে ছাত্ৰ-ছাত্ৰীক প্ৰাচীন বিশ্বৰ সভ্যতা আৰু অসমৰ সাংস্কৃতিক বিনিময়ৰ বিষয়ে জ্ঞান দিয়ে।
📌 সমাধানত অন্তৰ্ভুক্ত:
- পাঠৰ সাৰাংশ আৰু মূল বক্তব্য
- ঐতিহাসিক পৰিপ্ৰেক্ষিত আৰু তাৎপৰ্য
- HSLC পৰীক্ষাৰ বাবে গুরুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
- শব্দাৰ্থ আৰু টোকা
- বিনামূলীয়া PDF ডাউনলোড
🔍 কিয় Ospin Academy বাছিব?
- SEBA/SCERT-অনুগামী সমাধান
- পৰীক্ষাৰ প্ৰশ্নোত্তৰৰ সৈতে সহজ ব্যাখ্যা
- অফলাইন পঢ়াৰ বাবে PDF
💡 PDF ডাউনলোড কৰক: পাৰস্যত এভুমুখিৰ সম্পূৰ্ণ সমাধান Ospin Academy-ৰ পৰা বিনামূলীয়াকৈ লাভ কৰক!
Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Download Class 10 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.
দশম শ্ৰেণী : অসমীয়া
অধ্যায় – 12 (Ospin Academy)
পাৰস্যৰ এভূমুকি
পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ
ভাৱ-বিষয়ক:
১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :
(ক) লিখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক’ত অৱস্থিত?
উত্তৰ :- লিখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত।
(খ) বুশ্বেৰ কি?
উত্তৰ :- বুশ্বেৰ বন্দৰ নগৰী।
(গ) বুশ্বেৰত হেলিকপ্তাৰৰপৰা নমাৰ সময়ত লিখকৰ লগত কোন কোন আছিল?
উত্তৰ :- বুশ্বেৰত হেলিকপ্টাৰৰপৰা ‘নমাৰ সময়ত লিখকৰ লগত আছিল মেহদি আৰু ঘাছেম।
(ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূর্ণ বুলিছে?
উত্তৰ :- বুশ্বেৰ বিমান বন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি। সেয়েই ই গুৰুত্বপূৰ্ণ।
(ঙ) লিখকে বুশ্বেৰত কি আছে বুলি শুনিছে?
উত্তৰ :- লিখকে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ আছে বুলি শুনিছে।
(চ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি?
উত্তৰ :- মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম জিঅ’লগ।
(ছ) মেহদি আৰু ঘাছেম কোন?
উত্তৰ :- মেহদি আৰু ঘাছেম জিঅ’লগ নামৰ ইটালিয়ান কোম্পানি শৰ এটাৰ ‘মাডলগাৰ’।
(জ) ভেংকি কত থাকে?
উত্তৰ :- ভেংকি বুশ্বেৰত থাকে।
(ঝ) ভেংকিয়ে কি কৰে?
উত্তৰ :- ভেংকিয়ে বুশ্বেৰৰপৰা ৰিগলৈ যাব লগা হেলিকপ্তাৰ আৰু সামগ্রী যোগানকাৰী জাহাজৰ তদাৰক কবে।
(ঞ) অবুজাৰ কোন?
উত্তৰ :- অবুজাৰ লিখক আৰু ভেংকিৰ ট্রেভেল এজেন্ট।
(ট) ‘আগা’ শব্দৰ অৰ্থ কি?
উত্তৰ :- ‘আগা’ হৈছে শ্রীযুতৰ সমার্থক সন্মানীয় শব্দ
(ঠ) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে?
উত্তৰ :- ১৯৭৯ চনত ইৰাণে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভকৰে।
(ঙ) ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ :- ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা ইমাম আয়াতুল্লা খোমেনি।
(চ) ইৰাণৰ কোনটো বিষয়ে লিখকৰ কৌতূহল বৃদ্ধি কৰিছিল
উত্তৰ :- ইৰাণৰ জাগ্ৰছ পৰ্বতমালাই লিখকৰ কৌতূহল বৃদ্ধি কৰিছিল।
(ণ) ইৰাণৰ ৰাজধানীৰ নাম কি?
উত্তৰ :- ইৰাণৰ ৰাজধানী টেহৰাণ।
(ত) টেহৰাণত বিমান বন্দৰ কেইটা?
উত্তৰ :- টেহৰাণত বিমান বন্দব দুটা-মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট।
(থ) লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম কি?
উত্তৰ :- লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম হোমা হোটেল।
(দ) ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র কেনেকুৱা শিলাস্তৰত অৱস্থিত।
উত্তৰ :- ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র নব্রজীবী মহাকল্পৰ শিলাস্তৰত অৱস্থিত।
(খ) ‘স্লামবাৰ্জাৰ’ কি?
উত্তৰ :- স্লামবাৰ্জাৰ এক বহুৰাষ্ট্ৰীয় কোম্পানী।
(ন) ইৰাণীসকলে নৱবৰ্ষক কি বোলে?
উত্তৰ :- ইৰাণীসকলে নৱবৰ্ষক ‘ন’ ৰোজ বোলে।
(প) বেহেষ্ট-ই-জাহৰা কি?
উত্তৰ :- বেহেষ্ট-ই-জাহৰা টেহৰাণৰ মুখ্য সমাধিস্থান।
(ফ) শ্বেৰীন ইবাডি কোনে?
উত্তৰ :- শ্বেৰীন ইবাডি এক সংগ্রামী সত্তা। তেওঁ নবেল বঁটা লাভকৰিছিল।
(ব) চেনি কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ :- সম্রাট জামছেদে চেনি আৱিষ্কাৰ কৰিছিল।
(ভ) লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল?
উত্তৰ :- লেখক ইৰাণলৈ তেল অন্বেষণৰ দায়িত্বৰে গৈছিল।
(ম) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?
উত্তৰ :- ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম খোমেনি ইণ্টাৰনেশ্যনেল বিমান বন্দৰ।
(য) ‘কেন্দ’ৰ অৰ্থ কি?
উত্তৰ : ‘কেন্দ’ শব্দৰ অৰ্থ চেনি।
২। তেলৰ বাবে চলোৱা খনন কার্যত ‘মাডলগিং’ আহিলাসমূহন ভূমিকা কি?
উত্তৰ :- তেলৰ বাবে চলোৱা খনন কাৰ্যত ‘মাডলগিং’ আহিলাসমূহ গুৰুত্বপূর্ণ ভূমিকা আছে। এইবোৰৰ জৰিয়তে তথ্য সংগ্ৰহ কৰা হয় যিয়ে এখন নতুন তৈলক্ষেত্র আৱিষ্কাৰত আৰু কোনো বিপজ্জনক পৰিস্থিতিৰ উদ্ভৱ নোহোৱাকৈ খনন চলোৱাত সহায় কৰিব পাৰে। মাডলগিং ইউনিটটোৰপৰা প্ৰেৰণ কৰা তথ্য দেখি বহুতো সিদ্ধান্তত উপনীত হ’ব পৰা যায়; খননত হ’ব পৰা সম্ভাব্য বিপদ সম্পর্কে ভৱিষ্যদ্বাণী কৰিব পৰা যায় আৰু গৱেষণাগাৰটোত বহিয়েই পোন প্রথমে জানিব পৰা যায় তাত তেল পোৱা যাবনে নাই।
৩। বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।
উত্তৰ :- বুশ্বেৰ এখন সৰু চহৰ। ৰাস্তা চহৰৰ সুপৰিকল্পনাই এই চহৰখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। চহৰখনত চাৰিটা লেনৰ ৰাস্তা আৰু তাৰ মাজে মাজে ডিভাইডাৰ আছে। চাফ-চিকুণ ৰাস্তা-ঘাটে বুশ্বেৰ চহৰৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। চহৰখনৰ প্ৰতিটো ঘৰ দেৱালেৰে ঘেৰা। প্ৰৱেশদ্বাৰত এখন মজবুত লোহাৰ গেট থকা পৰিলক্ষিত হয়। আৱাসিক অঞ্চলৰ ঘৰবোৰ দুই বা তিনিমহলীয়া। বুশ্বেৰ এখন ভীৰ-ভাৰ নোহোৱা চহৰ। চহৰখন সৰু যদিও তাত গাড়ী-মটৰৰ চলাচল যথেষ্ট; যিহেতু তাত পেট্ৰ’লৰ দাম কম। তাত গাড়ীচালকে সদায় বাওঁফালে বহি গাড়ী চলায়।
বুশ্বেৰ চহৰত শুক্ৰবাৰে দেওবাৰৰদৰে পৰিৱেশৰ সৃষ্টি হয়। প্ৰায়বোৰ দোকান সেই দিনটোত বন্ধ থকা দেখা যায়। অৱশ্যে দৈনন্দিন প্রয়োজনীয় দোকানবোৰ খোলা থাকে। বুশ্বেৰ চহৰৰ ফল-মূলৰ দোকানসমূহ চেৰি, তৰমুজ আদি ফলেৰে আটকধুনীয়াকৈ সজাই ৰখা হয়।
বুশ্বেৰ চহৰৰ পদপথত সেউজীয়া ৰঙৰ বাকচ কিছুমান দেখিবলৈ – পোৱা যায়। সেইবোৰ হৈছে দানপাত্র। চৰকাৰী পৃষ্ঠপোষকতাত সেই দানপাত্ৰবোৰ স্থাপন কৰা হয়। চহৰখনৰ দোকানসমূহ ফাটী ভাষাৰে লিখা ছাইনব’ৰ্ডেৰে সমৃদ্ধ।
৪। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ :- ইৰাণৰ ইতিহাস অতি প্রাচীন। এই প্রাচীন সভ্যতা সজীব হৈ স আছে প্রত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু কীর্তিস্তম্ভৰ যোগেদি।
প্রায় চাৰিহাজাৰ বছৰ পূৰ্বে আৰ্যগোষ্ঠীৰ লোকে ইবাণলৈ আহি বসতি স্থাপন কৰিছিল। খ্রীষ্টপূর্ব ছয় শতিকামান পূর্বে বিখ্যাত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ ‘মেডেছ ‘সকলক পৰাস্ত কৰি ইৰাণবাসীক একগোট কৰিছিল। খ্রীষ্টপূর্ব ৫২৯ত ছাইৰাছৰ মৃত্যু হয় আৰু নতুন ৰজা দৰিয়াছে সাম্রাজ্য প্ৰসাৰৰ প্ৰয়াস কৰে। পৰৱৰ্তীকালত (চতুর্থ শতিকাত) আলেকজেণ্ডাৰৰ আগমনে ছাইৰাছৰ পাৰ্ছেপলিছ সাম্ৰাজ্যৰ পতন ঘটাইছিল ।
খ্রীষ্টপূর্ব দ্বিতীয় শতিকালৈকে চলা গ্রীক শাসনৰ পাছত পার্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লৈছিল। সেই সময়ত জোৰাষ্ট্রিয়ান ধর্মই ৰাজধৰ্মৰ স্বীকৃতি লাভ কৰিছিল। ৩৫০ বছৰ কাল পার্থিয়ানে শাসন কৰাৰ পাছত চাৰিটা শতিকা ছাজানিকসকলে ইৰাণ শাসন কৰিছিল। তাৰ পাছত আৰৱসকলৰ ইৰাণলৈ আগমন ঘটে, ইছলাম ধৰ্মই ইৰাণৰ মুখ্য ধৰ্মৰ স্থান পায়। কেইবা শতিকা জুৰি চলা আৰৱ শাসনৰ পৰৱৰ্তীকালত বহুতো বিদেশী শক্তিৰ আক্রমণে ইৰাণ চহৰক বিধ্বস্ত কৰে।
ইয়াৰ পাছত ছাফাভিদ বংশৰ শাসন কালত ইৰাণে পূৰ্বৰ খ্যাতি কিছু পৰিমাণে ঘূৰাই পায়। তেওঁৰ দিনত ইছলাম ধৰ্মৰ ছিয়া সম্প্রদায়ে ৰাজধৰ্মৰ খিতাপ লভিছিল। পৰৱৰ্তীকালত আফগানৰ আক্ৰমণত ছাফাভিদ ৰাজত্বৰ পতন ঘটে।
ইৰাণৰ শাসকসকলৰ ভিতৰত অন্যতম আছিল নাদিৰ শ্বাহ। তেওঁৰ ৰাজত্বকাল ১৭৩৭-১৭৪৭। তেওঁ আফগানিস্তান আৰু ভাৰতবৰ্ষ আক্রমণ কৰিছিল। নদিৰ শ্বাহৰ পিছত ইৰাণৰ দুটা শাসক বংশৰ মাজত সংঘাত হয় । আৰু ১৭৯০ খীঃত কাজাৰ বংশ জয়ী হয়। এই বংশই প্রথম বিশ্বযুদ্ধৰ সময়লৈকে ইৰাণ শাসন কৰে। প্ৰথম বিশ্বযুদ্ধৰ পাছত বেহাশ্বাহ পাহাভিয়ে ইৰাণৰ শাসনভাৰ হাতত ল’লে আৰু তেতিয়াৰেপৰা আধুনিকীকৰণৰ প্ৰচেষ্টাৰ আৰম্ভণি হ’ল। ১৯৭৯ চনৰ বিখ্যাত ধর্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্ৰিলৰপৰা ইৰাণে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰিলে।
৫। ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা।
উত্তৰ :- ইৰাণ চহৰৰ ভূতত্ত্বৰ বিষয়ে ক’বলৈ গ’লে পোনপ্রথমে মনলৈ আহে জাগ্ৰছ পৰ্বতমালাৰ কথা। ইৰাণ চহৰৰ মুখ্য আকৰ্ষণ হৈছে এই পর্বতমালা। আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ মাজত সংঘাত হৈ সাগৰৰ • বুকুৰপৰা এই পর্বতমালা জাগ্রত হৈ উঠিছিল। জাগ্ৰছ আৰু হিমালয়ৰ – জন্মকাহিনী একে। জাগ্ৰছ পৰ্বতৰ দক্ষিণ-পশ্চিম দিশত বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। ইয়াৰ ওপৰতে বিশ্বৰ বহুতো দেশে তেল আৰু গেছৰ বাবে নিৰ্ভৰ কৰিছে।
জাগ্রছ পর্বত শৃংখলা ইৰাণৰ উত্তৰ-পশ্চিমৰপৰা দক্ষিণ-পূৱলৈকে বিয়পি আছে। ইয়াৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা প্রায় ৪৫০০ মিটাৰ। জাগ্ৰছৰ উপৰিও দেশখনত আৰু অনেক পর্বত শৃংখলা আছে।
৬। জাগ্রছ পর্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰ :- জাগ্ৰছ পর্বতমালা ইৰাণৰ এক বিশেষ আকর্ষণ। আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ মাজত হোৱা সংঘাতৰ ফলত সাগৰৰ বুকুৰপৰা এই পর্বতমালা উঠি আহিছিল। এই পর্বতমালাৰ দক্ষিণ-পশ্চিম দিশত তেল আৰু গেছৰ বৃহৎ ভাণ্ডাৰ সঞ্চিত হৈ আছে। ই ইৰাণৰ উত্তৰ-পশ্চিমৰপৰা দক্ষিণ-পূৱলৈকে বিয়পি আছে। এই পর্বতমালাৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা ৪৫০০ মিটাৰ।
৭। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।
উত্তৰ :- ইৰাণৰ কেইখনমান ঠাইৰ নাম হ’ল-চিবাজ, আহবাজ ইছফাহান, নাটাঞ্জ, মাছাদয়াজ, টাবৰিজ, হামাদান, কাৰমান, আৰডাবিক আদি।
৮। টেহৰাণৰ বিমান বন্দৰ কেইটা কি কি আৰু কোন কো এ স্থানত?
উত্তৰ :- টেহৰাণৰ বিমান বন্দৰ দুটা মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। ইয়াৰ মেহৰাবাদ এয়াৰপৰ্ট চহৰত, খোমেনি বিমান বন্দৰ চহৰৰপৰা দূৰত।
৯। টেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা।
উত্তৰ :- টেহৰাণৰ প্ৰাকৃতিক অৱস্থা সুন্দৰ। চহৰৰ কাষতে ওখ পাহাৰ টেহৰাণক সৌন্দৰ্যৰ বাবে পেৰিছৰ সতেও তুলনা কৰা হয়। ওখ ওখ পৰ্বতেৰে পৰিৱেষ্টিত হোৱা হেতুকে চহৰখন দেখিবলৈ অতি সুন্দৰ গ্রীষ্মৰ দুটা মাহ ইয়াত গৰম অনুভৱ হয়। বাকী সময়ছোৱাত ইয়াব জলবায়ু অতি আৰামদায়ক। শীতকালত টেহৰাণত বৰফ পৰে। এলব্ৰুন পৰ্বতৰাশিৰ বাবে এই চহৰৰ জলবায়ু অতি সুন্দৰ হৈছে। পৰ্বতৰ ওপৰৰ হিমবাহবোৰ টেহৰাণ মহানগৰীৰ খোৱা পানীৰ প্ৰধান উৎস।
১০। স্লামবাৰ্জাৰ কোম্পানিৰ কাৰ্যালয় ক’ত কত আছে?
উত্তৰ :- স্মামবাৰ্জাৰ কোম্পানিৰ কাৰ্যালয় নাজিৰাৰপৰা নাইজেৰিয়ালৈ, সীয়াজানৰপৰা ডুবাইলৈ, টেহৰাণৰপৰা টেক্সাছলৈ পৃথিৱীৰ সকলো চত্ৰৰ ওচৰে পাঁজৰে আছে।
১১। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া।
উত্তৰ :- ইৰাণীসকলে বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে তেওঁলোকৰ নৱবৰ্ষ উদ্যাপন কৰে। এই উৎসৱৰ নাম ‘ন’ ৰোজ। এই উৎসৱ দুসপ্তাহ জুৰি উদযাপন কৰা হয়। উৎসৱৰ আৰম্ভণি হয় বসন্তৰ প্ৰথম দিনত: – যেতিয়া সূর্যই বিষুব ৰেখা অতিক্ৰম কৰে (মাৰ্চৰ ২০ৰপৰা ২২ তাৰিখৰ ভিতৰত)। সেই কেইদিন ইৰাণীসকলে নৱবৰ্ষ উদ্যাপন কৰিব পৰাকৈ হোটেল, স্কুল-কলেজ, চৰকাৰী কাৰ্যালয় আদি সকলোতে শিবিৰ স্থাপন কৰা হয়। এই উৎসৱত তেওঁলোকে আমাৰ বিৰদৰেই নতুন কাপোৰ লয়, পিঠা পনা খায়। নৱবৰ্ষৰ এই আনন্দোৎসৱত বহুতো বিষয় সামৰি লোৱা হয়-পৰিৱেশ আৰু নিজকে চাফ-চিকুণকৈ ৰখা, শত্ৰুভাৱ দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নি শিখা প্রজ্বলন, সীমান্ত, নদী বা সাগৰ অভিমুখে যাত্রা ইত্যাদি। সচৰাচৰ উৎসৱৰ সময়ত যিকোনো পাৰ্ছি গৃহত টেবুল বা কার্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ পাৰি সাতবিধ খাদ্য বস্তু সজোৱা হয়। প্রতিটো বস্তুৰে এটা প্রতীকি অর্থ আছে। বস্তুবোৰ হ’ল-ছবজে (ঘেঁহু বা ডাইল পুনর্জন্মৰ প্ৰতীক), চামানু (ঘেঁহুৰ কঠীয়াৰ পায়স- নতুন ■ জীৱনৰ প্ৰতীক), ছিৰ (নহুক ঔষধ), ছমাক (এবিধ বগৰী- সূর্যোদয়ৰ – বৰণ বুজায়) আৰু ছেৰকেহ (ভিনেগাৰ- বয়স আৰু ধৈৰ্যৰ প্ৰতীক)। এই – সাতবিধ খাদ্যৰ কাষত থাকে পৱিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতাপুথি। – ইয়াৰোপৰি নৈবেদ্যত ৰখা হয় মুদ্রা (ধনসম্পত্তি), খৰাহি ভর্তি ৰং কৰা কণী (উৰ্বৰতা বা প্রজনন ক্ষমতা), গোলাপজল (যাদুকৰী চাফাই শক্তি), গাখীৰ (শিশুৰ পুষ্টিৰ বাবে), ভেটফুল আদি। এটা পাত্ৰত পানী থৈ তাত এটা সুমথিৰা ওপঙাই থোৱা হয়। কাৰণ পৃথিৱী মহাকাশত ওপঙি আছে। অন্য এটা পানী ভর্তি পাত্ৰত সোণালী মাছ এৰি দিয়া হয়, যিয়ে পানী আৰু উৰ্বৰতা সূচায়। আকৌ পৰিয়ালৰ প্ৰতিটো শিশুৰ বাবে নৈবেদ্যৰ কাষত এখন আইনা থৈ আইনাৰ দুয়োকাষে ম’মবাতি সজোৱা হয়।
নৱবৰ্ষৰ আৰম্ভণিতে সকলোৱে পৱিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতা পড়ে।
এনেদৰেই অতি ধুমধামেৰে পাৰস্যৰ তীৰত ইৰাণীসকলে নববর্ষ উৎসৱ উদ্যাপন কৰে।
১২। বেহেষ্ট-ই-জাহৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্ক বিষয়ে
উত্তৰ :- বেহেষ্ট-ই-জাহৰা টেহৰাণৰ এখন জনপ্রিয় স্থান। টেহৰাণৰ ই মুখ্য সমাধিস্থল। এই ঠাই কেইবা কিল মিটাৰ দীঘল। খোৱা-বোৱাৰ দোকানৰপৰা খেলপথাৰলৈ সকলো এই সমাধিস্থলত আছে।
১৩। শ্বিৰীণ ইবাডি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰ:- শ্বিৰীণ ইবাডি এগৰাকী ন’বেল বিজয়ী ব্যক্তি।
ইবাডিয়ে কঠোৰপন্থীৰ বিৰুদ্ধে জীৱনযোৰা সংগ্ৰাম কৰিছিল। ইবাডিক বিচাৰপতি হোৱাৰপৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব নামৰ ইৰাণী মহিলাই মূৰ ঢাকি লোৱা কাপোৰ পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰৰ। তেওঁ নিপীড়িত লোকৰ বাবে যুঁজিছিল। য’ত যুৱতীক ধৰ্ষণ কৰা হৈছিল, শাসন বিৰোধী বুলি যুৱকক শাস্তি দিয়া হৈছিল, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল, তেনেকুৱা ক্ষেত্ৰত তেওঁ ন্যায়ৰ বাবে সংগ্ৰাম কৰিছিল। বিজয়ৰ মুখ দেখাৰ লগে লগে মানৱ অধিকাৰৰ অগ্ৰণী ৰণুৱা হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰে। তেওঁক ন’বেল বঁটাৰে সন্মানিত কৰা হয়। ইৰাণীবাসীয়ে টেহৰাণ বিমান বন্দৰত তেওঁক বিপুল আদৰণী জনায়।
ভাষা-বিষয়ক:
১। তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখা:
কেঁচি, দোৱাত, চিয়াঁহী, চিচা, কেন্দি।
উত্তৰ :-
কেঁচি —- ফাৰ্চী
দোৱাত —- ফাৰ্চী
চিয়াঁহী —– ফাৰ্চী
চিচা —– ফাৰ্চী
কেন্দি —– ফাৰ্চী
২। তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা:
খেলে মামনুন, মিৰচি ছালাম
উত্তৰ :-
খেলে মামনুন = ধন্যবাদ
মেৰচি ছালাম = ধন্যবাদ
৩। তলত দিয়া শব্দকেইটাৰ প্রতীকি অর্থ কি?
ছবজে, ছামানু, ছিব, জেনেজেভ, ছিৰ, ছমাক, ছেৰকেহ। –
উত্তৰ :-
শব্দ |
অৰ্থ |
প্রতীকি অর্থ |
---|---|---|
ছবজে |
ঘেঁহু বা দাইল |
পুনর্জন্মৰ প্ৰতীক। |
ছামানু |
ঘেঁহুৰ কঠীয়াৰ পায়স |
নতুন জীৱনৰ প্ৰতীক। |
ছিৰ |
আপেল |
স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক। |
ছেনজেভ |
বনৰীয়া শুকান জলফাই |
প্ৰেমৰ প্ৰতীক। |
ছিব |
নহৰু |
ঔষধ। |
ছমাক |
এবিধ বগৰী |
সূর্যোদয়ৰ বৰণ। |
ছেৰকেহ |
ভিনেগাৰ |
বয়স আৰু ধৈৰ্যৰ প্ৰতীক । |
৪। তলত দিয়া শব্দকেইটাত ‘য’ আৰু ‘ণ’ কিয় প্রয়োগ হৈছে লিখা।
সম্ভাষণ, অন্বেষণ, গবেষণা, অৱতৰণ।
উত্তৰ :- সম্ভাষণ = ঋ, ব, য-ৰ পাছত থকা দন্ত্য ন মূর্দ্ধন্য ণ হয়। এই নিয়ম অনুসৰি সম্ভাষণ
শব্দত মূর্দ্ধন্য ণ হৈছে।
অন্বেষণ = ‘অনু’ শব্দৰ লগত যোেগ হোৱা ‘এষণা’ শব্দত দন্ত্য স মূর্দ্ধন্য য হয়। ঋ, ব, য-ৰ
পাছত থকা দন্ত্য ন মূর্দ্ধন্য ণ হয়।
গৱেষণা = ‘গো’ শব্দৰ পাছত থকা ‘এষণা’ শব্দৰ দন্ত্য ‘স’ মূৰ্দ্ধন্য ‘য’ হয়। ‘য’ৰ পাছৰ দন্ত্য ‘ন’
মূর্দ্ধন্য ‘ণ’ হয়।
অৱতৰণ = ঋ, ৰ; য-ৰ পাছৰ দন্ত্য ‘ন’ মূর্দ্ধন্য ‘ণ’ হয়। এই নিয়ম অনুসৰি অৱতৰণ শব্দত
মূর্দ্ধন্য ণ হৈছে।
৫। তলৰ শব্দকেইটাত কি প্রত্যয় প্রয়োগ হৈছে লিখা:
ইৰাণী, আবাসিক, বাণিজ্যিক, শেহতীয়া, সোণালী, খৰচী।
উত্তৰ :– ইৰাণী = ইৰাণ + ঈ (‘ঈ’ প্রত্যয়)
আবাসিক = আৱাস + ইক্ (‘ইক্’ প্রত্যয়)
বাণিজ্যিক = বাণিজ্য + ইক্ (‘ইক্’ প্রত্যয়)
শেহতীয়া = শেহত + ঈয়া (‘ইয়া’ প্রত্যয়)
সোণালী = সোণ + আলি + ঈ (‘ঈ’ প্রত্যয়)
খৰচী = খৰচ + ঈ (‘ঈ’ প্রত্যয়)
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: