Class 10 Assamese Chapter 2 জিকিৰ Solution | SEBA Assam

class 10 assamese chapter 2

SEBA Class 10 Assamese Chapter 2 – জিকিৰ Solutions & Notes | অসমীয়া সাহিত্য চয়নিকা

SEBA Class 10 অসমীয়াৰ শ্ৰেষ্ঠ সমাধান বিচাৰিছেনে? Ospin Academy-ত আমি প্ৰদান কৰোঁ SEBA/SCERT-অনুসৰণী Class 10 অসমীয়া সাহিত্য চয়নিকা Chapter 2 – জিকিৰৰ সম্পূৰ্ণ সমাধান। আমাৰ সমাধানসমূহ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা, স্পষ্ট ব্যাখ্যা, পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ, আৰু সহজ নোটছৰ সৈতে।

📖 অধ্যায়ৰ বিষয়বস্তু:

জিকিৰ হ’ল অসমৰ ঐতিহ্যবাহী ভক্তিমূলক সংগীত, যি ছুফী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত আৰু প্ৰায়ে আজান ফকীৰৰ সৈতে জড়িত। এই অধ্যায়ত ছাত্ৰ-ছাত্ৰীয়ে জিকিৰৰ সাহিত্যিক, আধ্যাত্মিক, আৰু সাংস্কৃতিক গুৰুত্বৰ বিষয়ে শিকিব। পাঠটোত ঈশ্বৰৰ প্রতি ভক্তি, মানৱতাৰ বাৰ্তা, আৰু অসমীয়া সংগীতৰ শৈলীৰ ওপৰত আলোচনা কৰা হয়। [দ্ৰষ্টব্য: নিৰ্দিষ্ট জিকিৰৰ বিষয়বস্তু অবিহনে, আমি ধৰি লৈছোঁ যে এইটো আজান ফকীৰৰ এটি প্ৰতিনিধিত্বমূলক ৰচনা।]

📌 SEBA Assam অসমীয়া মাধ্যমৰ সমাধানত অন্তৰ্ভুক্ত:

  • পাঠৰ সাৰাংশ – জিকিৰৰ মূল ভাৱ আৰু আধ্যাত্মিক উদ্দেশ্যৰ সংক্ষিপ্ত ব্যাখ্যা।
  • সাহিত্যিক বিশ্লেষণ – পাঠৰ ভাষা, শৈলী, আৰু সাহিত্যিক উপাদান, যেনে কাব্যিক গঠন, ছুফী ভাৱ, আৰু সংগীতৰ ছন্দ।
  • পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ – সংক্ষিপ্ত, মধ্যমীয়া, আৰু দীঘলীয়া প্ৰশ্নৰ উত্তৰ HSLC পৰীক্ষাৰ বাবে।
  • শব্দাৰ্থ আৰু ব্যাখ্যা – পাঠৰ কঠিন শব্দ আৰু বাক্যৰ অৰ্থ আৰু পৰিপ্রেক্ষিত।
  • সাংস্কৃতিক তাৎপৰ্য – জিকিৰৰ অসমীয়া সংস্কৃতি আৰু ছুফী ভক্তিৰ ওপৰত প্ৰভাৱ।
  • নোটছ আৰু সংশোধন – পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সংক্ষিপ্ত আৰু সহজ নোটছ।

📚 Ospin Academy কিয় বাছি ল’ব?

  • SEBA/SCERT-অনুসৰণী সমাধান SEBA Assam অসমীয়া মাধ্যমৰ পাঠ্যক্ৰমৰ বাবে।
  • সহজ আৰু বিন্দুৱাওঁতা ব্যাখ্যা শিক্ষণৰ সুবিধাৰ বাবে।
  • পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ HSLC পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে।
  • বিনামূলীয়া PDF ডাউনলোড অফলাইন পঢ়াৰ বাবে।
  • সংশোধন নোটছ দ্ৰুত প্ৰস্তুতিৰ বাবে।

💡 বিনামূলীয়া PDF সমাধান ডাউনলোড কৰক: Ospin Academy-ৰ পৰা Class 10 অসমীয়া Chapter 2 – জিকিৰৰ সম্পূৰ্ণ সমাধান PDF ফৰ্মেটত লাভ কৰক। আমাৰ সমাধানসমূহ দ্ৰুত সংশোধন আৰু গভীৰ অধ্যয়নৰ বাবে আদৰ্শ, SEBA HSLC পৰীক্ষাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি নিশ্চিত কৰে।

Class 10 অসমীয়া সাহিত্য চয়নিকা Chapter 2 – জিকিৰ Ospin Academyৰ সৈতে মাষ্টাৰ কৰক আৰু SEBA HSLC পৰীক্ষাত শ্ৰেষ্ঠ ফলাফল লাভ কৰক!

Vibrant Note Box
Buy Printable PDF
Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Limited Time Offer!

(According to Latest Syllabus 2026-27)

Get comprehensive preparation for Class 10 Assamese (অসমীয়া) with this chapter-wise Textual Solutions PDF.
Includes complete textual answers, exact explanations, solved MCQs, Grammar, and Baichitramoy Asom for every chapter according to the latest ASSEB syllabus.
Ideal for home study, accurate homework help, and quick exam revision!

Vibrant Note Box
Chapter 2 – জিকিৰ

https://youtube.com/@ospinacademy দশম শ্ৰেণী : অসমীয়া

অধ্যায়-2                                             অস্পিন একাডেমী

জিকিৰ

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

ভাৱ-বিষয়ক

১। চমু উত্তৰ দিয়া:

(ক) জিকিৰৰ ৰচক কোন?

উত্তৰঃ জিকিৰসমূহৰ ৰচক হৈছে ‘আজান ফকীৰ’ নামেৰে সুপৰিচিত ‘শ্বাহ-মিলান’ নামৰ এজন ইছলাম ধৰ্মাৱলম্বী সন্ত।

(খ) কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে?

উত্তৰঃ উজনি অসম অঞ্চলত প্ৰচলিত বিবিধ লোকগীত, বিশেষকৈ টোকাৰী গীত আৰু দেহবিচাৰৰ গীত আদিৰ সুৰৰ সৈতে জিকিৰৰ সুৰৰ যথেষ্ট মিল দেখা পোৱা যায়।

(গ) ‘জিকিৰ’ শব্দটো কি শব্দৰপৰা ওলাইছে?

উত্তৰঃ ‘জিকিৰ’ শব্দটোৰ উৎপত্তি ঘটিছে ‘জিকৰ’ নামৰ শব্দটোৰ পৰা।

২। তলৰ শব্দবোৰৰ অৰ্থ লিখা:

ৰছুল, মোমিন, ৰহম, কুটুব, বান্দা

উত্তৰঃ  

শব্দ

অৰ্থ 

ৰছুল

ঈশ্বৰ প্ৰেৰিত পুৰুষ

মোমিন

বিশ্বাসী মুছলমান

ৰহম

দয়া

কুটুব

ধ্ৰুৱ নক্ষত্র

বান্দা

ভৃত্য

৩। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।

যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।

-উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাবটি বিশ্লেষণ কৰা।

উত্তৰঃ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে মক্কা এখন পৰম পবিত্ৰ তীৰ্থস্থান। প্ৰতি বছৰে তীৰ্থযাত্ৰীসকলে মক্কালৈ দৰ্শনৰ বাবে যায়। প্ৰকৃততে এই মক্কাই পৃথিৱীৰ সকলো মানুহৰ নিজা নিজা ধৰ্মীয় স্থানসমূহক প্ৰতিনিধিত্ব কৰিছে। প্ৰতিদিনেই এনে তীৰ্থস্থানসমূহত বৃহৎ জনসমাগম হোৱা দেখা যায়। তালৈ যোৱা প্ৰতিগৰাকী ব্যক্তিৰ মূল লক্ষ্য আন একো নহয়, কেৱল ধৰ্মীয় কাম-কাজৰ জৰিয়তে পুণ্য অৰ্জন কৰাহে। তেওঁলোকৰ ধাৰণা যে এই পুণ্যই তেওঁলোকক মুক্তি বা মোক্ষ লাভত সহায় কৰিব। পিছে কেৱল মছজিদ, মন্দিৰ বা মক্কাৰ দৰে ধৰ্মস্থানৰ দুৱাৰদলিত পুণ্যৰ আশাত ভিৰ কৰিলেই মানুহে পুণ্য বা মোক্ষ লাভ কৰিব নোৱাৰে। এইটো প্ৰকৃততে মানুহৰ এক ভ্ৰান্ত ধাৰণাহে। মানুহৰ সৎ চিন্তা আৰু সৎ কৰ্মৰ সৈতেহে পুণ্য বা মুক্তিৰ প্ৰকৃত সম্পৰ্ক আছে। কেৱল পুণ্য আৰু মুক্তিৰ আশাত মক্কাৰ দুৱাৰত ভিৰ কৰিলে মানৱ জাতিৰ কোনো লাভ নহয়। এই কাৰ্য শাল, শ’ল আৰু দৰিকণা মাছৰ পিটিকা খাই জুতি লৈ টকালি পৰাৰ নিচিনাহে। এনে পিটিকা খাবলৈ বৰ সোৱাদযুক্ত। এইবিধ খাই টকালি নপৰা মানুহৰ সংখ্যা হয়তো নিচেই কম হ’ব। কিন্তু এনেদৰে সোৱাদ লৈ মাছৰ পিটিকা খালেও মানুহৰ শৰীৰৰ কোনো গঠনমূলক উপকাৰ নসাধে। শৰীৰৰ উৎকৰ্ষ তেতিয়াহে সাধন হয়, যেতিয়া গ্ৰহণ কৰা খাদ্যই দেহক প্ৰয়োজনীয় পুষ্টি যোগান ধৰিব পাৰে। পুষ্টিহীন আহাৰ গ্ৰহণ কৰা আৰু মক্কাৰ দুৱাৰদলিত ঈশ্বৰক বিচাৰি হাহাকাৰ কৰা- এই দুয়োটা কথায় একে। ইয়াৰ কোনোৱেই মানুহৰ প্ৰকৃত উপকাৰ কৰিব নোৱাৰে।

৪। ব্যাখ্যা কৰা:

(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত ।

খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত ।

উত্তৰঃ উদ্ধৃত পদফাঁকি আমাৰ দশম শ্ৰেণীৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ত অন্তৰ্ভুক্ত আজান ফকীৰ বিৰচিত ‘জিকিৰ’ নামৰ পাঠটিৰ পৰা গ্ৰহণ কৰা হৈছে।

কবিতাফাঁকিৰ জৰিয়তে মানৱ হৃদয়ৰ মাজতেই যে পৰমেশ্বৰ বিৰাজমান হৈ থাকে, তাকেই প্ৰকাশ কৰিব বিচৰা হৈছে ।

পানী পান কৰিলে মানুহৰ তৃষ্ণা দূৰ হয়। এজন তৃষ্ণাতুৰ লোকৰ বাবে পানীৰ প্ৰয়োজনীয়তা কিমান, সেয়া কেৱল সেই ব্যক্তিজনেহে অনুভৱ কৰিব পাৰে। কিন্তু পানীৰ নিজৰ গুণতেই যে মানুহৰ পিয়াহ গুচে, সেই কথা পানীয়ে নিজেই নাজানে। পানীৰ অভাৱত মানুহৰ কেনে দুৰ্দশা হ’ব পাৰে, সেয়া উপলব্ধি কৰাৰ ক্ষমতা পানীৰ নাই। জুইৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য। শীতত কঁপি থকা এজন লোকক জুইয়েহে উত্তাপ দি ৰক্ষা কৰিব পাৰে। কিয়নো জুইৰ গাত উত্তাপ দিয়াৰ শক্তি নিহিত হৈ আছে। কিন্তু ইমান প্ৰখৰ তাপ থকাৰ পিছতো জুই নিজৰ ক্ষমতাৰ বিষয়ে সম্পূৰ্ণ অজ্ঞ। জুইয়ে নিজে নিজৰ উত্তাপ অনুভৱ কৰিব নোৱাৰে। প্ৰকৃতপক্ষে, এই সংসাৰত জন্মলাভ কৰা প্ৰতিটো বস্তুৱেই নিজৰ সামৰ্থ্য আৰু অস্তিত্বৰ বিষয়ে ভালদৰে অৱগত নহয়। মানুহে ভগৱানক বিচাৰি চাৰিওফালে হাহাকাৰ কৰে। ঈশ্বৰেহে মানৱক মুক্তিৰ পথ দেখুৱাব পাৰে, এই কথা বিশ্বাস কৰিয়েই মানুহে মন্দিৰ-মছজিদ আদি ধৰ্মস্থানত ভগৱানক বিচাৰি ফুৰে; পিছে এনেদৰে বিচাৰিলে ভগৱানক কেতিয়াও পাব নোৱাৰি। প্ৰকৃততে ভগৱান মানুহৰ অন্তৰতেই বৰ্তি থাকে। অসমীয়া সমাজত এষাৰ প্ৰবচন আছে- ‘নৰ সেৱায়েই নাৰায়ণ সেৱা।’ অৰ্থাৎ মানৱ জাতিৰ সেৱা কৰিলে বা মানুহক সন্তুষ্ট কৰিব পাৰিলেহে ঈশ্বৰ সন্তুষ্ট হয়। ভগৱান প্ৰকৃত ভকত বা মোমিনৰ অন্তৰতে লুকাই থাকে। পৃথিৱীত জন্মগ্ৰহণ কৰা প্ৰতিগৰাকী মানুহেই প্ৰকৃততে ঈশ্বৰৰ একো একোজন প্ৰতিনিধি। পিছে যিদৰে পানীয়ে নিজৰ পিয়াহ গুচোৱাৰ ক্ষমতা নাজানে আৰু জুইয়ে নিজৰ শীত নিবাৰণৰ শক্তিৰ বিষয়ে নাজানে, ঠিক তেনেদৰেই মানুহেও নিজৰ অন্তৰাত্মাত লুকাই থকা ভগৱানৰ স্থিতিৰ বিষয়ে বুজি নাপায় আৰু নিজৰ অজ্ঞানতাহে প্ৰকাশ কৰে।

(খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।

বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।

উত্তৰঃ উদ্ধৃত পদফাঁকি আমাৰ দশম শ্ৰেণীৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ত অন্তৰ্ভুক্ত আজান ফকীৰ বিৰচিত ‘জিকিৰ’ নামৰ পাঠটিৰ পৰা গ্ৰহণ কৰা হৈছে।

উদ্ধৃত কবিতাফাঁকিৰ জৰিয়তে সাংসাৰিক মায়াই মানুহক কেনেদৰে আৱৰি ধৰি ৰাখে, তাকেই বৰ্ণনা কৰা হৈছে।

‘ত্ৰিবেণীৰ ঘাট’ বা ‘তিৰবেণী ঘাট’ক এখন পৰম পবিত্ৰ তীৰ্থস্থান হিচাপে মনা হয়।  প্ৰয়াগ নামৰ স্থানত গংগা, যমুনা আৰু সৰস্বতী- এই তিনিখন পুণ্যতোয়া নদী একেলগ হোৱা ঠাইখিনিকেই ত্ৰিবেণী ঘাট বুলি কোৱা হয়। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ অটুট বিশ্বাস যে এই ঘাট দৰ্শন আৰু ইয়াত স্নান কৰিলে পুণ্য অৰ্জন হোৱাৰ লগতে মোক্ষ লাভ হয়।

হিন্দুসকলৰ বাবে ত্ৰিবেণী যিদৰে পবিত্ৰ স্থান, ঠিক একেদৰেই ইছলাম ধৰ্মীয় লোকসকলৰ বাবে মক্কা এখন অতি পুণ্যস্থান। প্ৰকৃততে মক্কাৰ দুৱাৰ আৰু ত্ৰিবেণী ঘাটৰ মাজত তেনেকৈ কোনো পাৰ্থক্য নাই। আন দিশৰ পৰা অমিল থাকিলেও, আধ্যাত্মিক মূল্যৰ ফালৰ পৰা দুয়োখনেই সমপৰ্যায়ৰ। মানুহে এই দুয়োখন ঠাইকে পুণ্য অৰ্জনৰ স্থান হিচাপে গণ্য কৰে যদিও, প্ৰকৃত সৎ কৰ্ম নকৰিলে আৰু মানসিকতাৰ পৰিৱৰ্তন নঘটিলে, কেৱল এইবোৰ স্থান দৰ্শন কৰিলেই মানুহে বিচৰা ধৰণৰ পুণ্য বা মুক্তি কেতিয়াও লাভ কৰিব নোৱাৰে। জীৱৰ বাবে এয়াই হৈছে চিৰন্তন সত্য। এই কথা অনুধাৱন কৰিব নোৱাৰাটোৱেই মানুহৰ আটাইতকৈ ডাঙৰ ভুল। পিছে ইয়াৰ বাবে আচলতে মানুহ দোষী নহয়, মানৱক মেৰিয়াই ৰখা মায়াজালহে ইয়াৰ প্ৰধান কাৰণ। জন্মৰ লগে লগেই মানুহ মায়াৰ বান্ধোনত সোমাই পৰে। ইয়াৰ কবলৰ পৰা হাত সাৰিবলৈ কাৰো বাবেই সম্ভৱপৰ নহয়। এই মায়াই মানুহক জীৱনৰ প্ৰকৃত সত্য উপলব্ধি কৰাত হেঙাৰ হৈ থিয় দিয়ে আৰু সংসাৰৰ ভৱসাগৰত হাবাথুৰি খাই থাকিবলৈ বাধ্য কৰায়।

গ) সজাৰ মইনাটিৰ অনেক যুগুতি। দেও মাৰি পাৰ হ’লে এৰিলে পিৰীতি।

উত্তৰঃ উদ্ধৃত পদফাঁকি আমাৰ দশম শ্ৰেণীৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ত অন্তৰ্ভুক্ত আজান ফকীৰ বিৰচিত ‘জিকিৰ’ নামৰ পাঠটিৰ পৰা গ্ৰহণ কৰা হৈছে।

কবিতাফাঁকিৰ মাজেৰে মানুহৰ জীৱন যে অতিশয় ক্ষণস্থায়ী, সেই কথাকে বুজাবলৈ প্ৰয়াস কৰা হৈছে। ইয়াত মানৱ জীৱনটোক সজাৰ ভিতৰত থকা এটি মইনা চৰাইৰ সৈতে ৰিজোৱা হৈছে।

মানুহৰ জীৱন বৰ খন্তেকীয়া। এই অস্থায়ী জীৱনটো কোন সময়ত, কোন স্থানত বা কেনে পৰিস্থিতিত ধ্বংসপ্ৰাপ্ত হয়, সেয়া কোনেও আগতীয়াকৈ ক’ব নোৱাৰে। জীৱনৰ এনে কোনো নিশ্চয়তা নথকাৰ পিছতো কিন্তু মানুহৰ বাবে নিজৰ জীৱনটো অতিকৈ মৰমৰ; মানুহে নিজৰ দেহটোক লৈ বৰ গৌৰৱ কৰে। শৰীৰটো বৰ্তি থকালৈকে মানুহে অহংকাৰ আৰু গৰ্বত ওফন্দি থাকে। পিছে যিটো ক্ষণত এই নশ্বৰ দেহটোৱে মৃত্যুৰ কোলাত ঢলি পৰে, সেই মুহূৰ্ততে মানুহৰ সকলো গৰ্ব-অহংকাৰ চূৰ্ণ-বিচূৰ্ণ হৈ যায়। এই ধৰাত জন্মগ্ৰহণ কৰি মানুহে যিবোৰ বস্তু পাবলৈ হাবিয়াস কৰে বা লাভ কৰে, সেই সকলোবোৰৰ প্ৰতি থকা মোহ কেৱল জীৱিত কালছোৱালৈকেহে সীমিত। যিটো ক্ষণত মানুহৰ সজাৰূপী শৰীৰৰ পৰা মইনাৰূপী প্ৰাণপখী উৰি যায়, সেই মুহূৰ্তৰ পৰাই সংসাৰৰ প্ৰতিটো বস্তুৰ প্ৰতি থকা মায়া-মমতা চিৰদিনৰ বাবে নাইকিয়া হৈ পৰে।

 

ভাষা-বিষয়ক

১। সমার্থক শব্দ লিখা:

চিন্তো, ঘাট, পীৰিতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল।

উত্তৰঃ  

শব্দ

সমার্থক শব্দ

চিন্তো

ভাবো

ঘাট

তীৰ

পীৰিতি

প্রেম

আচমান

    আকাশ

দৰিয়া

সাগৰ, নদী

পিয়াহ

তৃষ্ণা

বাট

পথ

ভেল

হ’ল

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 10 Assamese Chapter 2 – জিকিৰ FAQs
জিকিৰ কি?
জিকিৰ হ’ল অসমৰ ভক্তিমূলক সংগীত, যি ছুফী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত আৰু প্ৰায়ে আজান ফকীৰৰ দ্বাৰা ৰচিত, ঈশ্বৰৰ প্রতি ভক্তি প্ৰকাশ কৰে। (Zikir is devotional music of Assam, influenced by Sufi philosophy, often composed by Ajan Fakir, expressing devotion to God.)
জিকিৰৰ সাহিত্যিক বৈশিষ্ট্য কি?
জিকিৰত সৰল কিন্তু গভীৰ ভাষা, কাব্যিক গঠন, আৰু ছুফী ভক্তিৰ সংগীতময় প্ৰকাশ থাকে। (Zikir features simple yet profound language, poetic structure, and musical expression of Sufi devotion.)
জিকিৰৰ সাংস্কৃতিক তাৎপৰ্য কি?
জিকিৰ অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ, যি ছুফী ভক্তি আৰু সাম্প্রদায়িক সমন্বয়ৰ বাৰ্তা তুলি ধৰে। (Zikir is a vital part of Assamese culture, highlighting Sufi devotion and communal harmony.)
HSLC পৰীক্ষাত জিকিৰৰ পৰা কেনে প্ৰশ্ন আশা কৰা যায়?
সংক্ষিপ্ত প্ৰশ্ন (মূল ভাৱ, সংজ্ঞা), ব্যাখ্যামূলক প্ৰশ্ন (আধ্যাত্মিক বাৰ্তা, তাৎপৰ্য), আৰু শব্দাৰ্থ। (Short questions (main idea, definition), explanatory questions (spiritual message, significance), and vocabulary.)
এই অধ্যায়ৰ মূল উদ্দেশ্য কি?
ছাত্ৰ-ছাত্ৰীক জিকিৰৰ সাহিত্যিক, আধ্যাত্মিক, আৰু সাংস্কৃতিক গুৰুত্বৰ সৈতে পৰিচয় কৰোৱা আৰু অসমৰ ছুফী ঐতিহ্য শিকোৱা। (To introduce students to the literary, spiritual, and cultural significance of Zikir and teach Assam’s Sufi heritage.)

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top