Class 10 Assamese Chapter 6 – উদ্দোগী হওঁ আহা Question Bank | ASSEB

দশম শ্ৰেণী অসমীয়া অধ্যায় 6 – উদ্দোগী হওঁ আহা সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA

দশম শ্ৰেণী অসমীয়া অধ্যায় 6 – উদ্দোগী হওঁ আহা সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ ষষ্ঠ অধ্যায় ‘উদ্দোগী হওঁ আহা’ এখন অতি গুৰুত্বপূৰ্ণ আৰু অনুপ্ৰেৰণামূলক পাঠ। আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Class 10 Assamese Chapter 6 Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ লগতে পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘উদ্দোগী হওঁ আহা’ নামৰ এই পাঠটিত ছাত্ৰ-ছাত্ৰীসকলক আত্মনিৰ্ভৰশীলতা, ব্যৱসায়-বাণিজ্যৰ প্ৰতি আগ্ৰহ আৰু অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগোৱা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰশ্ন বেংকত (Question Bank) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • উদ্দোগী হওঁ আহা পাঠৰ মূল বিষয়বস্তু, আত্মনিৰ্ভৰশীলতা আৰু উদ্যোগ গঢ়ি তোলাৰ গুৰুত্বৰ বিস্তৃত বিশ্লেষণ।
  • শব্দাৰ্থ, 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
  • মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:

  • HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
  • পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
  • 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
  • উদ্দোগী হওঁ আহা পাঠৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Assamese (অসমীয়া) Question Bank ASSEB HSLC 2027 | Complete Chapter-wise Solutions PDF
Original price was: ₹299.00.Current price is: ₹99.00.

Limited Time Offer!

(For ASSEB, HSLC 2027)

Get comprehensive preparation for Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) with this complete Question Bank PDF.
Includes 1400+ questions, 10 Years PYQs (2015-2026), 27 District Pre-Board Papers, and Complete Grammar as per the latest ASSEB syllabus.
Ideal for quick revision, mastering new MCQ patterns, and scoring high in HSLC 2027!

Vibrant Note Box
Chapter 6 উদ্যোগী হওঁ আহা

দশম শ্ৰেণী : অসমীয়া https://youtube.com/@ospinacademy

অধ্যায়-6                      অস্পিন একাডেমী

উদ্যোগী হওঁ আহা

HSLC PYQs (2024 -2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ

1. দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম কি? {2026}

উত্তৰঃ দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম প্ৰকাশ গোস্বামী।

2. ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? {2025}

উত্তৰঃ নাৰায়ণ মূৰ্ত্তী হল ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক। 

3. এজন উদ্যোগী অর্থাৎ আণ্টাৰপিনিওৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান কি? {2024}

উত্তৰঃ এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান হ’ল এলাহ।

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. ‘জুবিন গাৰ্গ জিন্দাবাদ’ গ্ৰন্থৰ লেখক কোন? {Jorhat,Udalguri,Bongaigaon}

উত্তৰঃ দেৱজিৎ ভূঞা। 

2. এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? {Bajalk}

উত্তৰঃ এলাহ। 

3. এপ’ল কোম্পানীৰ সহঃ প্ৰতিষ্ঠাপক স্টিভ জব্‌ছৰ মতে এজন সফল উদ্যোগী আৰু এজন বিফল উদ্যোগীৰ মাজত থকা ব্যৱধান কি?

উত্তৰঃ পিটাৰ ড্ৰাকাৰ। 

4. নাৰায়ণ মূৰ্তী কোন? {Baksa,Barpeta,Tinsukia}

উত্তৰঃ নাৰায়ণ মূৰ্ত্তী হল ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক।

5. মেনেজমেন্ট শাস্ত্ৰৰ গুৰু কোন? {Jorhat,Golaghat}

উত্তৰঃ বিদিশাই। 

6. ‘ছাৰ! সফল উদ্যোগী হ’বলৈনো কিয় কঠিন?” কথাষাৰ কোনে সুধিছিল? {Kamrup M}

উত্তৰঃ বিদিশাই। 

7. ইলেকট্রিক বাল্ব কোনে তৈয়াৰ কৰিছিল? {Kamrup R}

উত্তৰঃ টমাচ আলভা এডিচনে। 

8. নাৰায়ণ মূৰ্ত্তীয়ে প্ৰতিষ্ঠা কৰা কোম্পানীটোৰ নাম কি? {Lakhimpur}

উত্তৰঃ ইনফচিচ (Infosys)। 

9. ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? {Sonitpur,Dhubri}

উত্তৰঃ নাৰায়ণ মূৰ্ত্তী। 

10. ‘আমাৰ ভাগ্য, গ্রহ, নক্ষত্ৰই নিৰূপন নকৰে, ই আমাৰ নিজৰ ভিতৰতে থাকে।’- কথাষাৰ কোনে কৈছিল? {Biswanath} 

উত্তৰঃ উইলিয়াম চেক্সপীয়েৰে। 

11. এপল কোম্পানীৰ সহ প্রতিষ্ঠাপকজনৰ নাম কি? {Hojai}

উত্তৰঃ ষ্টিফ জব (Steve Jobs)। 

12. ‘Let us bloom together’ গ্ৰন্থখনৰ ৰচক কোন? {Morigaon}

উত্তৰঃ দেৱজিৎ ভূঞা। 

13. টমাচ আলভা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? {Nagaon}

উত্তৰঃ তেওঁ কৈছিল, “মই বিফল হোৱা নাই। মাত্ৰ বুজিলোঁ যে ১০০০০ ধৰণে ই কাম নকৰে”।

14. ক’ক ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? {Salmara}

উত্তৰঃ ‘Eat cricket, sleep cricket, dream cricket, drink cricket.’।  

15. ‘ছাৰ, উদ্যোগী হ’বৰ বাবে কিমান মূলধনৰ প্ৰয়োজন? -কথাষাৰ কোনে সুধিছিল? {Kokrajhar}

উত্তৰঃ অৰ্জুনে। 

16. NEMCARE HOSPITAL-ৰ স্বত্বাধিকাৰী গৰাকীৰ নাম লিখা? {Kokrajhar}

উত্তৰঃ শ্রী হিতেশ বৰুৱা।

HSLC 2027-ৰ বাবে 1 নম্বৰৰ অতি সম্ভাৱ্য প্ৰশ্নোত্তৰ

1. আমেৰিকাৰ পদার্থ বিজ্ঞানী চেষ্টা কার্লচনে আৱিস্কাৰ কৰা যন্ত্ৰটোৰ নাম কি?

উত্তৰঃ জেৰক্স মেচিন।

2. দশম শ্রেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্রেণী-শিক্ষক গৰাকীৰ নাম কি?

উত্তৰঃ প্রকাশ গোস্বামী।

3. পাঠটিৰ মতে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ‘উদ্যোগী’ বিষয়টোৰ ওপৰত পাঠদান কৰা শিক্ষকগৰাকীৰ নাম কি?

উত্তৰঃ প্ৰকাশ গোস্বামী।

4. নাৰায়ণ মূৰ্ত্তীয়ে প্ৰথমে প্ৰতিষ্ঠা কৰি দেউলীয়া হোৱা কোম্পানীটোৰ নাম কি আছিল?

উত্তৰঃ Softronics (চফ্টট্ৰনিক্স)।

5. হস্পিতেল খুলি কৃতকার্য উদ্যোগী হোৱা স্বত্বাধিকাৰীগৰাকীৰ নাম কি?

উত্তৰঃ শ্রী নোমল চন্দ্ৰ বৰা।

6. ‘ছাৰ এজন উদ্যোগী হ’বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ’ব লাগিব?’ -কথাষাৰৰ বক্তা কোন?

উত্তৰঃ প্রীতম।

7. “আপুনি যদি দুখীয়া হৈ জন্মিছে সেয়া আপোনাৰ ভুল নহয়।” – কথাষাৰৰ বক্তা কোন? 

উত্তৰঃ বিল গেট্‌

8. “মই বিফল হোৱা নাই। মাত্র বুজিলো যে ১০০০০ ধৰণে ই কাম নকৰে।” – কথাষাৰ কোনে কৈছিল?

উত্তৰঃ টমাচ আলভা এডিচন।

9. জীৱনৰ সফলতাৰ মূলমন্ত্র কি?

উত্তৰঃ ধৈর্যশীলতা।

10. দেৱজিৎ ভূঞাৰ ক’ত জন্ম হৈছিল? 

উত্তৰঃ তেজপুৰৰ মিচন চাৰিআলিৰ ওচৰৰ কেতেকীবাৰীত।

11. এনিশাৰ কবিতা গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ দেৱজিৎ ভূঞা।

12. নাৰায়ণ মূৰ্ত্তীক ইনফচিচ কোম্পানী খুলিবলৈ কোনে ১০,০০০ টকা দি সহায় কৰিছিল?

উত্তৰঃ তেওঁৰ পত্নীয়ে।

13. বিল গেট্‌ছৰ মতে উদ্যোগীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় কি?

উত্তৰঃ বিক্ৰী কৰা (Selling)।

14. আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাডাৰফৰ্ডৰ ওচৰলৈ নিজৰ আৱিষ্কাৰ লৈ যোৱা ডেকাজনৰ নাম কি আছিল?

উত্তৰঃ আলেকজেণ্ডাৰ গ্ৰাহাম বেল।

15. ‘হেলয়ড’ (Haloid) নামৰ কোম্পানীটো পৰৱৰ্তী সময়ত কি নামেৰে জনাজাত হয়?

উত্তৰঃ জেৰক্স ক’ৰপৰেচন (Xerox Corporation)।

16. অসমৰ ‘DOWN TOWN HOSPITAL’ (ডাউন টাউন হস্পিতাল)-ৰ স্বত্বাধিকাৰী গৰাকীৰ নাম কি?

উত্তৰঃ শ্ৰী নৰেন্দ্ৰ নাথ দত্ত।

17. ধীৰুভাই আম্বানীয়ে প্ৰথম অৱস্থাত ক’ত কাম কৰিছিল?

উত্তৰঃ পেট্ৰল ডিপোত (তেল ভৰোৱা কাম কৰিছিল)।

18. ধীৰুভাই আম্বানীয়ে প্ৰতিষ্ঠা কৰা প্ৰথম ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ নাম কি আছিল?

উত্তৰঃ ৰিলায়েঞ্চ কমাৰচিয়েল কৰ্পোৰেচন।

19. পাঠটোত উল্লেখ কৰা অসমৰ এজন বিখ্যাত গৃহ নিৰ্মাণকাৰী বা বিল্ডাৰৰ নাম লিখা।

উত্তৰঃ জে. এন. খাটনিয়াৰ।

20. “আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে”— কথাষাৰ কোনে কৈছিল?

উত্তৰঃ উইলিয়াম চেক্সপীয়েৰে।

21. ভাৰত চৰকাৰে উদ্যোগীসকলক প্ৰশিক্ষণ দিবৰ বাবে গঠন কৰা সংস্থাটোৰ নাম কি?

উত্তৰঃ Indian Institute of Entrepreneurship (IIE)।

22. দেৱজিৎ ভূঞাই কৰ্মজীৱনত কোনটো বিভাগত অভিযন্তা হিচাপে যোগদান কৰিছিল?

উত্তৰঃ বঙাইগাঁও শোধনাগাৰত।

23. দেৱজিৎ ভূঞাই লিখা এখন ইংৰাজী গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ Winning Profile (বা The Black Hole/Butterfly)।

24. দেৱজিৎ ভূঞাৰ পিতৃৰ নাম কি?

উত্তৰঃ সুৰেন্দ্ৰ নাথ ভূঞা।

25. উদ্যোগী হ’ব খোজা লোকৰ বাবে চৰকাৰে কোনো বন্ধকী নথকাকৈ ঋণ দিয়া আঁচনিখনৰ নাম কি?

উত্তৰঃ মুদ্ৰা ঋণ আঁচনি।

26. “নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই।”— কথাষাৰ কোনে কৈছিল?

উত্তৰঃ ধীৰুভাই আম্বানীয়ে।

27. ইনফচিচ কোম্পানীটো প্ৰতিষ্ঠা কৰোঁতে নাৰায়ণ মূৰ্ত্তীয়ে মূলধন হিচাপে কিমান টকা খটুৱাইছিল?

উত্তৰঃ দহ হাজাৰ টকা।

28. “জ্ঞান ভিত্তিক অৰ্থনীতিত সেইসকল লোকেই কৃতকাৰ্যতা লাভ কৰিব, যি নিজকে বুজি পায়…”— কথাষাৰ কোনে কৈছিল?

উত্তৰঃ মেনেজমেন্ট শাস্ত্ৰৰ গুৰু পিটাৰ ড্ৰাকাৰে।

29. অসম এয়াৰ প্ৰডাক্টছ আৰু প্ৰিমিয়াৰ ক্ৰায়জেনিক উদ্যোগৰ স্বত্বাধিকাৰীজনৰ নাম কি?

উত্তৰঃ শ্ৰী অভিজিৎ বৰুৱা।

30. দেৱজিৎ ভূঞাই ৰচনা কৰা ‘বুলেট চলোৱা ছোৱালীজনী’ কি ধৰণৰ গ্ৰন্থ?

উত্তৰঃ অসমীয়া গ্ৰন্থ। 

HSLC PYQs (2024- 2026): 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. ছাৰ, এজন উদ্যোগী হ’বৰ বাবে শিক্ষাগত অর্হতা কেনেধৰণৰ হ’ব লাগিব?” এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। {2026}

2. “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। – কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। {2026}

3. বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল? {2025}

4. ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়? {2025}

5. এজন সফল উদ্যোগী হ’বলৈ কি কি গুণৰ প্রয়োজন? {2024}

6. “উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।” শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে, পাঠৰ সহায়ত বুজাই লিখা। {2024}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. এজন সফল উদ্যোগী হ’বলৈ কিয় কঠিন? {Bajali,Dhubri,Salmara}

2. উদ্যোগী সকলক প্ৰশিক্ষণ দিৱৰ বাবে ভাৰত চৰকাৰে কি কি ব্যৱস্থা কৰিছে? {Lakhimpur}

3. এজন সফল উদ্যোগী হ’বলৈ কি কি গুণৰ প্ৰয়োজন? {Sonitpur,Golaghat,Barpeta,Udalguri}

5. উদ্যোগী সকলৰ প্রশিক্ষণ দিবৰ বাবে থকা ভাৰত চৰকাৰৰ সংস্থাটোৰ নাম সম্পূর্ণকে লিখা। {Nalbari}

6. ‘উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা-কাপুৰুষৰ নিচা।’- শিক্ষক গৰাকীয়ে কিয় এইদৰে ক’লে বুজাই লিখা। {Biswanath}

7. বর্তমান উচ্চ শিক্ষানুষ্ঠানসমূহত গঠন কৰা উদ্যোগী কোষৰ কাম কি? {Darrang}

9. “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।”- কথাষাৰ তোমাৰ পাঠৰ আধাৰত বুজাই লিখা। {Dhubri}

10. প্রথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? {Hojai}

11. ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? {Morigaon}

12. উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজায় লিখা। {Tamulpur}

13. ‘মন কৰিলে চন, বাকৰি মাটিতে ধন’। – কথাষাৰৰ ভাব বুজাই লিখা। {Salamra}

14. মাইক্ৰচফটৰ প্ৰতিষ্ঠাতা বিল গেটচে কোৱা কথাষাৰ লিখা। {Kokrajhar}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. "এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান নহয়।” কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। {Baksa,Nagaon,Darrang}

2. ‘উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।’- শিক্ষক গৰাকীয়ে কিয় এনেদৰে ক’লে বুজাই লিখা। {Barpeta,Kamrup R,Sonitpur,Hojai,Morigaon,Tamulpur}

3. এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি কিয় কোৱা হৈছে? {Jorhat}

4. উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। {Kamrup M}

5. এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্রচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। {Kamrup M}

7. ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল ব্যৱসায়ী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। {Lakhimpur,Kokrajhar}

9. “উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।” – কথাষাৰৰ পাঠৰ সহায়ত বুজাই লিখ। {Udalguri}

10. ‘ভাৰতৰ সৰ্বকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল।’ – ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অর্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ’ব পাৰিছিল, বর্ণনা কৰা। {Nalbari}

12. “আমাৰ ভাগ্য গ্রহ নক্ষত্ৰই নিৰূপন নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে”— কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। {Bongaigaon}

14. ‘কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।’- কোনে, কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল আঁতি-গুৰি মাৰি লিখা। {Golaghat} 

16. ‘ছাৰ! উদ্যোগী হ’বলৈ বিচৰা ব্যক্তিসকলৰ প্ৰশিক্ষণৰ কিবা ব্যৱস্থা আছেনে?’ উক্ত কথাষাৰৰ বক্তা কোন? উদ্যোগীসকলক প্রশিক্ষণ দিবৰ বাবে ভাৰত চৰকাৰে কি কি ব্যৱস্থাপনা গ্রহণ কৰিছে পাঠৰ আধাৰত লিখা। {Majuli} 

18. বর্তমান সৰহ সংখ্যক উচ্চ শিক্ষানুষ্ঠানত গঠন কৰা ‘উদ্যোগী কোষ’ৰ কাম কি? {Nagaon}  

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী অসমীয়া অধ্যায় 6 (উদ্দোগী হওঁ আহা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
উদ্দোগী হওঁ আহা পাঠটিৰ মূল বিষয়বস্তু কি?
এই পাঠটিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক আত্মনিৰ্ভৰশীলতা, ব্যৱসায়-বাণিজ্যৰ প্ৰতি আগ্ৰহ আৰু ভৱিষ্যতে এজন সফল উদ্যোগী হোৱাৰ দিশত অনুপ্ৰাণিত কৰা হৈছে।
এই প্ৰশ্ন বেংকত (Question Bank) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত পাঠভিত্তিক সকলো প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন, পাঠভিত্তিক ব্যাকৰণ, আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ (PYQ) সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই নোটছসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া ব্লুপ্ৰিণ্ট আৰু নৱ্য শিক্ষা নীতি অনুসৰি প্ৰস্তুত কৰা হৈছে।
উদ্দোগী হওঁ আহা পাঠৰ পৰা মেট্ৰিক পৰীক্ষাত কিমান নম্বৰৰ প্ৰশ্ন আহে?
পৰীক্ষাৰ ব্লুপ্ৰিণ্ট অনুসৰি এই পাঠৰ পৰা 1 নম্বৰৰ অতি চমু প্ৰশ্নৰ (VSA/MCQ) পৰা আৰম্ভ কৰি 4-5 নম্বৰৰ দীঘলীয়া আৰু ব্যাখ্যাৰ প্ৰশ্নলৈকে আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top