Class 10 Assamese Chapter 9 – ইন্টাৰনেটৰ তিতা-মিঠা Question Bank | ASSEB

class 10 assamese

দশম শ্ৰেণী অসমীয়া অধ্যায় 9 – ইন্টাৰনেটৰ তিতা-মিঠা সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA

দশম শ্ৰেণী অসমীয়া অধ্যায় 9 – ইন্টাৰনেটৰ তিতা-মিঠা (ড° প্ৰণয়ী দত্ত) সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ নৱম অধ্যায় ‘ইন্টাৰনেটৰ তিতা-মিঠা’ ড° প্ৰণয়ী দত্তৰ দ্বাৰা ৰচিত এখন অতি সময়োপযোগী আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধ। আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Class 10 Assamese Chapter 9 Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ লগতে পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘ইন্টাৰনেটৰ তিতা-মিঠা’ নামৰ এই পাঠটিত বৰ্তমানৰ ডিজিটেল যুগত ইন্টাৰনেটৰ ব্যৱহাৰ, ইয়াৰ সুফল (মিঠা) আৰু কুফল (তিতা) তথা চাইবাৰ অপৰাধৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰশ্ন বেংকত (Question Bank) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধা, ডিজিটেল সজাগতা আৰু ড° প্ৰণয়ী দত্তৰ বিশ্লেষণাত্মক দৃষ্টিভংগীৰ বিস্তৃত পৰিচয়।
  • শব্দাৰ্থ, 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
  • মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:

  • HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
  • পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
  • 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
  • এই পাঠৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Assamese (অসমীয়া) Question Bank ASSEB HSLC 2027 | Complete Chapter-wise Solutions PDF
Original price was: ₹299.00.Current price is: ₹99.00.

Limited Time Offer!

(For ASSEB, HSLC 2027)

Get comprehensive preparation for Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) with this complete Question Bank PDF.
Includes 1400+ questions, 10 Years PYQs (2015-2026), 27 District Pre-Board Papers, and Complete Grammar as per the latest ASSEB syllabus.
Ideal for quick revision, mastering new MCQ patterns, and scoring high in HSLC 2027!

Vibrant Note Box
Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা

দশম শ্ৰেণী: অসমীয়া https://youtube.com/@ospinacademy

অধ্যায়-9                                                                                                                অস্পিন একাডেমী

ইণ্টাৰনেটৰ তিতা-মিঠা

HSLC PYQs (2016-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ

1. কুঁৱলীয়ে প্রথম কালৈ ই-মেইল কৰিছিল? {2026}

উত্তৰঃ কুঁৱলীয়ে প্রথমে অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিছিল।

2. ইণ্টাৰনেটৰ তিতা-মিঠা’ পাঠটিৰ ৰচক বা লেখক কোন? {2025} 

উত্তৰঃ ইণ্টাৰনেটৰ তিতা-মিঠা’ পাঠটিৰ ৰচক ডঃ প্রণয়ী দত্ত।

3. পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল? {2023}

উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।

4. কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি? {2022}

উত্তৰঃ কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম শ্বেৰণ।

5. ‘ইন্টাৰনেট’ কি? {2022}

উত্তৰঃ ‘ইণ্টাৰনেট’ হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপি থকা এটা ব্যৱস্থা। এখন নেটৱর্কত যদি কেইবাহাজাৰ কম্পিউটাৰ আছে, তেনেতে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইণ্টাৰনেট।

6. ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি জানিবলৈ কুঁৱলীয়ে ক’ত সন্ধান কৰিলে? {2020}

উত্তৰঃ গুগুলত সন্ধান কৰিলে।

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল? {Baksa,Barpeta,Sonitpur,Dhubri,Nagaon}

উত্তৰঃ কুঁৱলীয়ে প্রথমে অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিছিল।

2. ড° প্রণয়ী দত্তই কি বিষয়ত গৱেষণা কৰি পি. এইছ, ডি. ডিগ্রী লাভ কৰে? {Kamrup M}

উত্তৰঃ ডঃ প্রণয়ী দত্তই ‘মহাজাগতিক ৰশ্মিৰ ৰেডিঅ’ বিকিৰণ’ বিষয়ত গৱেষণা কৰি পি.এইচ.ডি. ডিগ্রী লাভ কৰিছিল

3. W.W.W. ধাৰণাটোৰ বীজ প্রথম ক’ত অংকুৰিত হৈছিল? {Lakhimpur}

উত্তৰঃ W.W.W. ধাৰণাটোৰ বীজ ১৯8৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত ‘চাৰ্ন’ {CERN} নামৰ গৱেষণাকেন্দ্ৰত অংকুৰিত হৈছিল।

4. পূজাৰ বন্ধত কুঁৱলীহঁত ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল? {Nalbari,Darrang}

উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁত সপৰিয়ালে দক্ষিণ ভাৰতলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। 

5. কুৱলীৰ অন্তৰংগ বান্ধবীগৰাকীৰ নাম কি? {Biswanath,Bajali,Udalguri}

উত্তৰঃ কুৱলীৰ অন্তৰংগ বান্ধবীগৰাকীৰ নাম শ্বেৰণ।

6. ‘ইন্টাৰনেটৰ তিতা মিঠা’ পাঠটিৰ লেখিকা ড° প্রণয়ী দত্তই কি বিষয়ত ডক্টৰেট ডিগ্রী লাভ কৰিছিল? {Bongaigaon} 

উত্তৰঃ ড° প্রণয়ী দত্তই ‘মহাজাগতিক ৰশ্মিৰ ৰেডিঅ’ বিকিৰণ’ {Radio emission of cosmic rays} বিষয়ত গৱেষণা কৰি ডক্টৰেট {পি. এইচ. ডি.} ডিগ্রী লাভ কৰিছিল। 

7. ‘Virus’ ৰ সম্পূৰ্ণ ৰূপটো কি? {Majuli,Kokrajhar}

উত্তৰঃ ‘Virus’ ৰ সম্পূৰ্ণ ৰূপটো হ’ল— Vital Information Resources Under Seize । 

8. কুঁৱলীক দেউতাকে কিয় কম্পিউটাৰটো উপহাৰ দিছিল? {Morigaon}

উত্তৰঃ কুঁৱলী নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্রথম হৈ উত্তীর্ণ হোৱা বাবে দেউতাকে তাইক কম্পিউটাৰটো উপহাৰ দিছিল।

9. WWW বা ৱেব কি? {Tinisukia}

উত্তৰঃ www বা ৱেবৰ সম্পূৰ্ণ অৰ্থ হ’ল World Wide Web ই হৈছে বিশ্বব্যাপি থকা বিভিন্ন তথ্যৰ ভঁৰাল।

10. অন্তৰীক্ষ মানে কি? {Tinisukia} 

উত্তৰঃ অন্তৰীক্ষ মানে হ’ল আকাশ বা মহাকাশ।

11. “তোমালোকে কোনো চিন্তা কৰিব নালাগে। এই সমস্ত দায়িত্ব মোৰ, কম্পিউটাৰটো এনেয়ে সজাবলৈ থৈছোঁ নেকি?” কথাষাৰ কোনে কৈছিল?{Salmara}

উত্তৰঃ কথাষাৰ কুঁৱলীয়ে তাইৰ মাক-দেউতাকক কৈছিল।  

HSLC 2027-ৰ বাবে 1 নম্বৰৰ অতি সম্ভাৱ্য প্ৰশ্নোত্তৰ 

1. কুঁৱলীয়ে গুগুলত {Google} কিহৰ বিষয়ে সন্ধান কৰিছিল?

উত্তৰঃ কুঁৱলীয়ে গুগুলত WWW নো কি, সেই বিষয়ে সন্ধান কৰিছিল।

2. কুঁৱলীৰ বান্ধৱী শ্বেৰণ বৰ্তমান পঢ়িবলৈ কোন ঠাইলৈ গৈছে?

উত্তৰঃ কুঁৱলীৰ বান্ধৱী শ্বেৰণ বৰ্তমান পঢ়িবলৈ মস্কোলৈ গৈছে।

3. শ্বেৰণে মাক-দেউতাকৰ সৈতে বন্ধত ফুৰিবলৈ ক’লৈ গৈছিল?

উত্তৰঃ শ্বেৰণে মাক-দেউতাকৰ সৈতে বন্ধত ফুৰিবলৈ চেইন্ট পিটাৰ্ছবাৰ্গলৈ গৈছিল।

4. কুঁৱলীয়ে ইন্টাৰনেটৰ জৰিয়তে লাগতিয়াল সামগ্ৰী ক্ৰয় কৰা ব্যৱস্থাটোক কি বোলা হয়?

উত্তৰঃ ইন্টাৰনেটৰ জৰিয়তে লাগতিয়াল সামগ্ৰী ক্ৰয় কৰা ব্যৱস্থাটোক ই-কমাৰ্চ {E-Commerce} বোলা হয়।

5. ভাইৰাচ সোমোৱা বুলি ভাবি কুঁৱলীৰ ভায়েক নিয়ৰে কি বুলি ভাবিছিল?

উত্তৰঃ ভাইৰাচ সোমোৱা বুলি ভাবি কুঁৱলীৰ ভায়েক নিয়ৰে অসুখৰ ভাইৰাচ বুলি ভাবিছিল।

6. কুঁৱলীৰ বান্ধৱীৰ ভায়েক পলে ইণ্টাৰনেটত কি কৰিবলৈ আৰম্ভ কৰিছিল?

উত্তৰঃ কুঁৱলীৰ বান্ধৱীৰ ভায়েক পলে ইণ্টাৰনেটত গেম খেলিবলৈ আৰম্ভ কৰিছিল।

7. পলে কোনটো পৰীক্ষাত কেইবাটাও বিষয়ত বেয়া ফল দেখুৱাইছিল?

উত্তৰঃ পলে ছয়মাহিলি পৰীক্ষাত কেইবাটাও বিষয়ত বেয়া ফল দেখুৱাইছিল।

8. কুঁৱলীহঁতৰ ঘৰলৈ কোন আহোঁতে তাই মাতষাৰ দিবলৈ যোৱা নাছিল?

উত্তৰঃ কুঁৱলীহঁতৰ ঘৰলৈ অতুল মামা আহোঁতে তাই মাতষাৰ দিবলৈ যোৱা নাছিল।

9. উৰা-বাতৰিৰ বিষয়ে কুঁৱলীহঁতক স্কুলৰ কোনগৰাকী বাইদেৱে বুজাই দিছিল?

উত্তৰঃ উৰা-বাতৰিৰ বিষয়ে কুঁৱলীহঁতক স্কুলৰ ময়ূৰী বাইদেৱে বুজাই দিছিল।

10. শ্বাবানা বাইদেৱে ইণ্টাৰনেটক কাৰ লগত তুলনা কৰিছিল?

উত্তৰঃ শ্বাবানা বাইদেৱে ইণ্টাৰনেটক সূৰ্যৰ লগত তুলনা কৰিছিল।

11. শ্বাবানা বাইদেৱে বিশ্ববিদ্যালয়ৰ কোন বিভাগত গবেষণা কৰি আছিল?

উত্তৰঃ শ্বাবানা বাইদেৱে বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগত গৱেষণা কৰি আছিল।

12. মাক-দেউতাকৰ হোটেলৰ কোঠাৰ অগ্রিম ভাৰা কিহৰ যোগেদি জমা দিলে? 

উত্তৰঃ কুঁৱলীয়ে মাক-দেউতাকৰ হোটেলৰ কোঠাৰ অগ্রিম ভাৰা ই-বেংকিঙৰ যোগেদি জমা দিলে।

13. ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয়? 

উত্তৰঃ ইণ্টাৰনেটক চমুকৈ ‘নেট’ (Net) বুলি কোৱা হয়।

14. কোনে কুঁৱলীৰ কম্পিউটাৰটোত ‘এন্টিভাইৰাছ ছফ্টৱেৰ’ অন্তর্ভুক্ত কৰিছল?

উত্তৰঃ শ্বাৱানা বাইদেৱে কুঁৱলীৰ কম্পিউটাৰটোত ‘এন্টিভাইৰাছ ছফ্টৱেৰ’ অন্তর্ভুক্ত কৰিছল।

15. শ্বেৰণ কোন? 

উত্তৰঃ শ্বেৰণ কুঁৱলীৰ অন্তৰংগ বান্ধৱী।

16. শব্দার্থ লিখাঃ ব্যৱধান 

উত্তৰঃ ব্যৱধান-দূৰত্ব।

17. Internet শব্দটো কোনকেইটা শব্দৰ পৰা সৃষ্টি হৈছে?

উত্তৰঃ Internet শব্দটো Inter Connection of Network. পৰা সৃষ্টি হৈছে।

18. ‘virus’ৰ সম্পূর্ণ অর্থ কি?

উত্তৰঃ ভাইৰাছৰ সম্পূর্ণ ৰূপ হ’ল Vital information resource under seize, চমুকৈ Virus ।

19. ইন্টাৰনেটৰ ব্যৱহাৰে ছাত্র-ছাত্রীৰ জীবনত কেনে প্রভাব পেলাব পাৰে?

উত্তৰঃ ইন্টাৰনেটৰ ব্যবহাবে ছাত্র-ছাত্রীৰ জীবনত বিৰূপ  প্রভাৱ পেলাব পাৰে।

20. কুঁৱলীয়ে কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীলৈ প্ৰথম স্থান লৈ উত্তীৰ্ণ হৈছে?

উত্তৰঃ কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম স্থান লৈ উত্তীৰ্ণ হৈছে।

21. ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা ‘WWW’ ধাৰণাটো কিমান চনত অংকুৰিত হৈছিল?

উত্তৰঃ ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা ‘WWW’ ধাৰণাটো ১৯৮৯ চনত অংকুৰিত হৈছিল।

22. ‘WWW’ৰ ধাৰণাটো চুইজাৰলেণ্ডৰ কোন ঠাইত অংকুৰিত হৈছিল?

উত্তৰঃ ‘WWW’ৰ ধাৰণাটো চুইজাৰলেণ্ডৰ জেনেভাত অংকুৰিত হৈছিল।

23. ‘CERN’ ৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ ‘CERN’ ৰ সম্পূৰ্ণ নামটো হ’ল- European Organisation of Nuclear Research।

24. লেখিকা ড° প্ৰণয়ী দত্তই কোনখন স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

উত্তৰঃ লেখিকা ড° প্ৰণয়ী দত্তই গুৱাহাটীৰ তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিল।

25. ড° প্ৰণয়ী দত্তই কাৰ অধীনত গৱেষণা কৰিছিল?

উত্তৰঃ ড° প্ৰণয়ী দত্তই প্ৰফেচাৰ কিশোৰী মোহন পাঠকৰ অধীনত গৱেষণা কৰিছিল।

26. শব্দাৰ্থ লিখাঃ থাওকতে।

উত্তৰঃ থাওকতে – সহজে বা খৰখেদাকৈ।

27. ইন্টাৰনেটৰ জৰিয়তে বস্তু কিনিলে কি লাঘৱ হয়?

উত্তৰঃ ইন্টাৰনেটৰ জৰিয়তে বস্তু কিনিলে সময় আৰু কষ্ট লাঘৱ হয়।

28. কুঁৱলীৰ মাক-দেউতাকে পূজাৰ বন্ধত ক’লৈ যোৱাৰ কথা চিন্তা কৰিছিল?

উত্তৰঃ কুঁৱলীৰ মাক-দেউতাকে পূজাৰ বন্ধত দক্ষিণ ভাৰতলৈ যোৱাৰ কথা চিন্তা কৰিছিল।

29. হ’মপেজ (Home page), ব্ৰাউজাৰ (Browser) আদি শব্দবোৰ ক’ত সঘনাই ব্যৱহৃত হয়?

উত্তৰঃ হ’মপেজ (Home page), ব্ৰাউজাৰ (Browser) আদি শব্দবোৰ ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হয়।

30. ইন্টাৰনেট বুলিলে কি বুজা?

উত্তৰঃ ‘Interconnection of Networks’-এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ‘Internet’ শব্দৰ সৃষ্টি হৈছে। ইয়াক চমুকৈ ‘Net’ (নেট) বুলিও কোৱা হয়।

HSLC PYQs (2020-2026): 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. ইন্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা। {2026}

2. দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰস্বৰূপে দিছিল? {2022}

3. “কুঁৱলীয়ে হাঁহি হাঁহি মাক-দেউতাকৰ সমস্যাৰ নিমিষতে সমাধানৰ পথ প্রশস্ত কৰিলে।” মাক-দেউতাকৰ কি কি সমস্যা সমাধান কৰিছিল? {2022}

4. ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? {2022,25}

5. ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? {2020}

6. ভাইৰাচ কি? {2022}

7. ইণ্টাৰনেটৰ অতাধিক ব্যৱহাৰে ছাত্র-ছাত্রীৰ জীৱনত কেনে প্রভাৱ পেলাব পাৰে ‘ইন্টাৰনেটৰ তিতা-মিঠা’ পাটটোৰ আধাৰত বুজাই লিখা। {2022}

8. ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? {HSLC”25}

9. “এটা মুদ্রা দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে।”-কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল? {2023}

10. “এটা কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে।” কি কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিছিল পাঠৰ সহায়ত বুজাই লিখা। {2022} 

11. “ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।” – কথাষাৰৰ বক্তা কোন? ইন্টাৰনেটৰ সুবিধাৰ আৰু অসুবিধাৰ বিষয়ে পাঠৰ আধাৰত বুজাই লিখা। {2020}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. ইন্টাৰনেট বুলিলে কি বুজা চমুকৈ লিখা। {Bajali}

2. কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে। {Kamrup M}

3. ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুটি ঘটাব পাৰে। {Kamrup R}

4. কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধবী সকলৰ পৰা কি কি কথা জানিব পাৰিলে? {Sonitpur}

5. ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুটি ঘটাব পাৰে? {Dhubri}

6. ভাইৰাছে কম্পিউটাৰ এটাৰ কিদৰে বিজুতি ঘটাব পাৰে? {Golaghat}

7. www বা ৱেব কি? {Morigaon}

8. কুৱলীক কোনে, কিয়, কি উপহাৰ দিছিল? {Tamulpur}

9. ড’ প্রণয়ী দত্তই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত যোগদান কৰা দুখন দেশৰ নাম লিখা। {Tinisukia}

10. “দে বুলি কৈছো নহয়, দি দে এতিয়াই” কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল? {Salmara}

11. কুঁৱলিয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে? {Salmara}

12. কুৱলীৰ মনটো কিয় বিষাদগ্রস্ত হৈছিল? {Kokrajhar}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন তথ্য আহৰণ কৰিছিল? {Jorhat}

2. ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা। {Sonitpur}

2. ‘অ’ বাইদেউহঁত আমাক বচোৱা বচোৱা।’ কোনে কি পৰিস্থিতিত পৰি এইদৰে চিঞৰিছিল? {Golaghat}

3. “মা, ল’ৰা আৰু ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে?” – পাহীয়ে মাকক এনেদৰে প্ৰশ্ন কৰাৰ অন্তৰালত ঘটা ঘটনাৱলী তোমাৰ নিজৰ কথাৰে উল্লেখ কৰা। {Majuli}

4. ‘ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।’ বুজাই লিখা। {Tinisukia}

 

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. ‘ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।’

– কথাযাৰৰ বক্তা কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। {Bajali,Barpeta,Baksa}

2. ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্রভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা। {Kamrup M}

3. ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্র ছাত্রীৰ জীৱনত কেনেদবে প্রভাব পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা। {Kamrup R}

4. “এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে।”- কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল? {Lakhimpur}

5. “ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।” 

– কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। {Udalguri}

6. “এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে।” – কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল? {Nalbari}

7. ‘এটা কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে।’ কি কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিছিল পাঠৰ সহায়ত বুজাই লিখা। {Biswanath}

8. ‘এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে”— কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল? বুজাই লিখা। {Bongaigaon}

9. ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা। {Darrang}

10. “ইন্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে” কথাষাৰৰ বক্তা কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠৰ আধাৰত বুজাই লিখা। {Dhubri}

11. “এটা কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে। – কি কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে, পাঠৰ আধাৰত বুজাই লিখা। {Golaghat}

12. ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা। {Hojai}

13. ‘ইন্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণ সার্থক হৈছে বুলি তুমি ভাবানে? এই সম্পর্কে তোমাৰ মতামত উল্লেখ কৰা। {Majuli}

14. এটা কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে। কি কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে? পাঠৰ আধাৰত আলোচনা কৰা। {Morigaon}

15. ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ (তিতা-মিঠা) বিষয়ে পাঠৰ আধাৰত বুজায় লিখা। Tamulpur}

16. ইন্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্রভাৱ পেলাব পাৰে পাঠৰ আধাৰত বুজাই লিখা। {Nagaon}

17. “তাইৰ ভাৱনাৰ সাগৰখনত বহুতো নজনা কথা আছে” কথাষাৰৰ মাজেৰে কাৰ কি ভাৱনাৰ কথা কোৱা হৈছে বুজাই লিখা। {Salmara}

18. কুঁৱলীয়ে কিয় শ্বাবানা বাইদেউৰ ওচৰলৈ গৈছিল? বাইদেউয়ে তাইলৈ দিয়া উপদেশবোৰ সংক্ষেপে লিখা। {Kokrajhar}

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী অসমীয়া অধ্যায় 9 (ইন্টাৰনেটৰ তিতা-মিঠা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
ইন্টাৰনেটৰ তিতা-মিঠা পাঠটিৰ ৰচক কোন?
দশম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত ‘ইন্টাৰনেটৰ তিতা-মিঠা’ পাঠটিৰ ৰচক হ’ল শিক্ষাবিদ আৰু লেখিকা ড° প্ৰণয়ী দত্ত।
এই পাঠটিৰ মূল বিষয়বস্তু কি?
এই পাঠটিত আধুনিক যুগত ইন্টাৰনেটৰ ব্যৱহাৰ, ইয়াৰ সুফলসমূহ (মিঠা) আৰু অপব্যৱহাৰ বা কুফলসমূহৰ (তিতা) বিষয়ে সজাগতামূলক আলোচনা কৰা হৈছে।
এই নোটছসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া ব্লুপ্ৰিণ্ট আৰু নৱ্য শিক্ষা নীতি অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই অধ্যায়ৰ পৰা মেট্ৰিক পৰীক্ষাত কিমান নম্বৰৰ প্ৰশ্ন আহে?
পৰীক্ষাৰ ব্লুপ্ৰিণ্ট অনুসৰি এই পাঠৰ পৰা 1 নম্বৰৰ অতি চমু প্ৰশ্নৰ (VSA/MCQ) পৰা আৰম্ভ কৰি 4-5 নম্বৰৰ দীঘলীয়া আৰু ব্যাখ্যাৰ প্ৰশ্নলৈকে আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top