Class 10 Social Science Chapter 1 – বংগ বিভাজন আৰু স্বদেশী আন্দোলন Question Bank | HSLC 2027 | ASSEB

class 10 social science

দশম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস) অধ্যায় 1 – বংগ বিভাজন আৰু স্বদেশী আন্দোলন সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA

দশম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস) অধ্যায় 1 – বংগ বিভাজন আৰু স্বদেশী আন্দোলন সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ইতিহাস খণ্ডৰ প্ৰথম অধ্যায় ‘বংগ বিভাজন আৰু স্বদেশী আন্দোলন’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। এইটো সমাজ বিজ্ঞানৰ নতুন সংস্কৰণ (New Version of Social Science) যিটো আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰম (According to New Syllabus of 2026-27 By ASSEB/SEBA) আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

এই পাঠটিত লৰ্ড কাৰ্জনৰ বংগ বিভাজনৰ পৰিকল্পনা, ইয়াৰ আঁৰৰ ৰাজনৈতিক কাৰণ, আৰু ইয়াৰ বিৰুদ্ধে সমগ্ৰ দেশত গঢ়ি উঠা স্বদেশী আন্দোলনৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই ঐতিহাসিক ঘটনাবোৰৰ তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই ‘OSPIN QUESTION BANK’ ত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • বংগ বিভাজনৰ কাৰণ, লৰ্ড কাৰ্জনৰ ভূমিকা, আৰু স্বদেশী আন্দোলনৰ প্ৰভাৱৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
  • 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ (যেনে- স্বদেশী আন্দোলনৰ অৱদান, জাতীয় শিক্ষা আদি) সহজ তথা মান্য সমাধান।
  • মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:

  • HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্ট (2026-27 New Syllabus) ৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
  • পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
  • 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
  • বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Social Science (সমাজ বিজ্ঞান) Question Bank ASSEB HSLC 2027 | New Syllabus Complete Solutions PDF
Original price was: ₹199.00.Current price is: ₹99.00.
Vibrant Note Box
Chapter 1 বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

https://youtube.com/@ospinacademyদশম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-1                                         অস্পিন একাডেমী

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

 

HSLC PYQs (2024-2026): গুৰুত্বপূৰ্ণ বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)

1. লৰ্ড কার্জনে বংগ বিভাজন আঁচনিখনৰ সূচনা কৰিছিল – {2026}

(i) হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতি বিনষ্ট কৰিবলৈ

(ii) বিকেন্দ্ৰীকৃতভাৱে শাসন প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ

(iii) তেওঁলোকৰ (ব্ৰিটিছ) প্ৰশাসনৰ আকাৰ বিশাল হোৱা বাবে ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ দৰে কোনো প্ৰত্যাহ্বানৰ পুনৰাবৃত্তি নকৰিবলৈ

(A) (i), (ii), (iii) শুদ্ধ

(B) (i), (ii) শুদ্ধ

(C) (ii), (iii) শুদ্ধ

(D) কেৱল (ii) শুদ্ধ

Answer: A

2. তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে । উক্তিকিইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা । {2026}

দাবী (A) : স্বদেশী আন্দোলনে বাংলাদেশৰ সীমা অতিক্ৰম কৰি এটা সৰ্বভাৰতীয় ৰূপ গ্ৰহণ কৰিছিল ।

কাৰণ (R) : দক্ষিণ ভাৰত, মহাৰাষ্ট্ৰ, উত্তৰ-পূব ভাৰতৰ জনগণেও এই আন্দোলন সমর্থন কৰিছিল ।

(A) (A) আৰু (R) উভয়ে সত্য, আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা ।

(B) (A) সত্য, কিন্তু (R) অসত্য ।

(C) (A) আৰু (R) উভয়ে সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয় ।

(D) (A) অসত্য, কিন্তু (R) সত্য ।

Answer: A

3. ১৯০৫ চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল ? {2026}

(A) ১ ছেপ্তেম্বৰ

(B) ১৯ জুলাই

(C) ১৬ অক্টোবৰ

(D) ২ ফেব্ৰুৱাৰী

Answer: C

4. বংগীয় কলা সংসদ (১৯০৭)ৰ লক্ষ্য আছিল – {2026}

(A) পাশ্চাত্য কলাৰ প্ৰভাৱেৰে ভাৰতীয় চিত্ৰকলাৰ ভেটি গঢ়া।

(B) ভাৰতত পাশ্চাত্য চিত্ৰকলাৰ ভেটি স্থাপন কৰা ।

(C) পাশ্চাত্য প্ৰভাৱমুক্ত নিভাজ ভাৰতীয় চিত্ৰকলাৰ চৰ্চাৰে এটি উন্নত সাংস্কৃতিক ভেটি গঢ়ি তোলা ।

(D) পাশ্চাত্য প্ৰভাৱমুক্ত হৈ ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ ভেটি গঢ়া ।

Answer: C

5. ১৯০৫ চনৰ বংগ বিভাজন সম্পর্কে তলৰ কোনকেইটা উক্তি সত্য? {2025}

(i) ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ই ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনাৰ সূত্রপাত ঘটাইছিল ।

(ii) ইয়াক বংগদেশৰ ক্রমবর্ধমান জাতীয় জাগৰণক মষিমূৰ কৰিবলৈ কাৰ্যকৰী কৰা হৈছিল।

(iii) শ্বিলঙক পূর্ববংগ আৰু অসমৰ ৰাজধানী কৰা হৈছিল।

(iv) ই স্বদেশী আন্দোলনৰ সূত্রপাঘটাইছিল। এটি স্বদেশী আন্দোলনেৰ সূত্রপাত ঘটিয়েছিল।

(A) (i), (ii), (iv)

(B) (i), (iii), (iv)

(C) (ii), (iii), (iv)

(D) (i), (ii), (iii), (iv)

Answer: A

6. তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। {2025}

দাবী (A): ভাৰতত হোৱা স্বদেশী আন্দোলনে থলুবা সা-সামগ্ৰী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিব বিচাৰিছিল। 

কাৰণ (R): স্বদেশী আন্দোলনে প্রধানতঃ ব্ৰিটিছৰ কৰ-কাটল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্রতিবাদ কৰাক লক্ষ্য কৰি লৈছিল। 

(A) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) সত্য, কিন্তু (R) অসত্য।

(C) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: B

7. “ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগশক্তিক ভাঙি-ছিঙি চুৰমাৰ কৰিব।”- এইষাৰ কাৰ উক্তি? {2024}

(A) ভাৰত সচিব হার্বাট ৰিজলীৰ

(B) লর্ড কার্জনৰ

(C) উইলিয়াম ৱাৰ্ডৰ

(D) লর্ড উইলিয়াম বেন্টিংকৰ

Answer: A

8. ১৯১১ চনৰ ১২ ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ-অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল? {2024}

(i) বংগদেশৰ একত্ৰীকৰণ

(ii) ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিতকৰণ

(iii) অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰ হয়

(iv) অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায়

(A) (i), (ii)

(B) (iii), (iv)

(C) (i), (ii), (iv)

(D) (i), (ii), (iii), (iv)

Answer: D

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26)ৰ গুৰুত্বপূৰ্ণ বহুবিকল্পীয়(MCQs) প্ৰশ্নোত্তৰ (MCQs)

1. এলাহাবাদ সন্ধিৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কোনকেইখন ঠাইৰ ওপৰত ৰাজনৈতিক কর্তৃত্ব লাভ কৰিছিল? {Bajali}

(A) বংগ, বেৰাৰ, উৰিষ্যা

(B) পূর্ববংগ, পশ্চিমবংগ, উৰিষ্যা

(C) উৰিষ্যা, পশ্চিমবংগ, বিহাৰ

(D) পশ্চিমবংগ, বিহাৰ, উৰিষ্যা

Answer: D

2. তলত দিয়াবোৰ মিলোৱা: {Bajali}

সংবাদপত্র/আলোচনী

(A) সন্ধ্যা

(B) দি ডন

(C) সু-প্রভাত

(D) বন্দে মাতৰম

জড়িত ব্যক্তি/সম্পাদক

(i) কুমুদিনী মিত্র

(ii) অৰবিন্দ ঘোষ

(iii) ব্রহ্মবান্ধৱ উপাধ্যায়

(iv) সতীশ চন্দ্র মুখোপধ্যায়

(A) A – i, B – ii, C-iii, D – iv

(B) A – ii, B – i, C – iv, D – iii

(C) A – iii, B – iv, C – i, D – ii

(D) A – iv, B – iii, C -ii, D – i

Answer: C

3. তলৰ শুদ্ধ বাক্যকেইটা বাছি উলিওৱা: {Bajali}

(i) আৰম্ভণিতে স্বদেশী আন্দোলনটো বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ মাজতে সীমাবদ্ধ আছিল।

(ii) বংগ ভংগ কাৰ্যকৰী হোৱাৰ দিনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ নেতৃত্বত মৌলবী আৰু অন্যান্য মুছলমান লোকসকলক ৰাখী বান্ধোন কৰিছিল।

(iii) ছাত্ৰ সংগ্ৰাম সমিতিৰ নিৰ্দেশ মর্মে ছাত্রসকলে বংগ ভংগ উঠাই নোলোৱা পর্যন্ত খালী ভৰিৰে বিদ্যালয়লৈ অহা-যোৱা কৰাৰ সংকল্প লৈছিল।

(iv) আনন্দ মোহন বসুৱে বংগভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে ফেডাৰেল হ’লৰ আধাৰশিলা স্থাপন কৰিছিল।

(A) i, ii, iii, iv

(B) iii, iv

(C) i, iv

(D) ii, iii, iv

Answer: A

4. “বংগৰ নাৰী ইংৰাজৰ বাবে সকলোতকৈ দুর্দম আৰু বিপদজনক।” লণ্ডনৰ পৰা প্ৰকাশিত কোনখন বাতৰিকাকতত স্বদেশী আন্দোলনৰ সময়ত বংগৰ নাৰীৰ সাহসসিকতা সম্পর্কে এই উক্তিটো প্রকাশ পাইছিল? {Bajali}

(A) লণ্ডন টাইমছ

(B) ডেইলী টাইমছ

(C) লণ্ডন টেলিগ্রাফ

(D) ডেইলী টেলিগ্রাফ

Answer: D

5. লর্ড নেথানিয়েল কাৰ্জনৰ শাসনকালঃ {Baksa}

(A) 1805-1811 চনলৈ

(B) 1899-1905 চনলৈ

(C) 1879-1885 চনলৈ

(D) 1905-1911 চনলৈ

Answer: B

6. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোবা: {Baksa}

‘ক’ অংশ

(A) অবনীন্দ্ৰনাথ ঠাকুৰ

(B) সতীশচন্দ্র মুখোপাধ্যায়

(C) সৰলা দেৱী চৌধুৰীনী

(D) প্রফুল্ল চন্দ্ৰ ৰায়

‘খ’ অংশ

(i) দি ডন

(ii) কেমিকেলছ

(iii) বংগ মাতা

(iv) ভাৰতী

(A) (A)-(iii), (B)-(i), (C)-(iv), (D)-(ii)

(B) (A)-(iv), (B)-(iii), (C)-(ii), (D)-(i)

(C) (A)-(iii), (B)-(iv), (C)-(i), (D)-(ii)

(D) (A)-(ii), (B)-(iv), (C)-(i), (D)-(ii)

Answer: A

7. ‘বৰ্জনৰ অৰ্থ স্বদেশীকতা আৰু স্বদেশীকতাৰ মৰ্মাৰ্থ হ’ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা।’ কথাষাৰ কোনে কৈছিল? {Barpeta}

(A) বংকিম চন্দ্র চেটার্জী

(B) ৰবীন্দ্ৰনাথ ঠাকুৰ

(C) অৰবিন্দ ঘোষ

(D) মহাত্মা গান্ধী

Answer: C

8. বঙ্গদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ? {Biswanath}

(A) ১৯১২ চনৰ ১০ মাৰ্চ

(B) ১৯১৯ চনৰ ১২ এপ্ৰিল

(C) ১৯১১ চনৰ ১২ ডিচেম্বৰ

(D) ১৯১৩ চনৰ ৮ জানুৱাৰী

Answer: C

9. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা – {Biswanath}

(a) সুৰেন্দ্ৰনাথ বেনাৰ্জী

(b) কৃষ্ণ কুমাৰ মিত্ৰ

(c) ভূপেন্দ্ৰনাথ দত্ত

(d) ব্ৰহ্মবান্ধৱ উপাধ্যায়

(i) সঞ্জীৱনী

(ii) যুগান্তৰ

(iii) বেংগলী

(iv) সন্ধ্যা

(A) a – iii, b – i, c – ii, d – iv

(B) a – i, b – ii, c – iii, d – iv

(C) a – iii, b – iv, c – i, d – ii

(D) a – ii, b – i, c – iii, d – iv

Answer: A

10. তলত দিয়া প্রশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা: {Bongaigaon}

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত বংগ বিভাজনক ভাৰতীয় ৰাজনৈতিক ইতিহাসক দ্বিতীয়টো উল্লেখনিও ঘটনা বুলি ক’ব পাৰি।

কাৰণ: বংগ ভংগৰ অসন্তুতিৰ উত্তাপে প্ৰৱল বিক্ষোভৰ সৃষ্টি কৰিছিল।

(A) (A) সত্য, (R) অসত্য

(B) (A) অসত্য, (R) সত্য

(C) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা।

(D) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

Answer: C

11. স্বদেশী আন্দোলনৰ অৱদান সম্পৰ্কে তলৰ কোন কেইটা সত্য। {Bongaigaon}

(i) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল।

(ii) লর্ড কার্জনে বংগ ভংগৰ চাৰিদফীয়া আঁচনি প্ৰকাশ কৰিছিল।

(iii) স্বদেশী আন্দোলনৰ মাজেৰে ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল।

(iv) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্র বিপ্লৱৰ সূচনা হৈছিল।

(A) (i) আৰু (ii)

(B) (ii) আৰু (iii)

(C) (i), (iii) আৰু (iv)

(D) (ii), (iii) আৰু (iv)

Answer: C

12. ১৯১১ চনৰ ১২ ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ-অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল? {Bongaigaon}

(i) বংগদেশৰ পুণৰ একত্ৰীকৰণ।

(ii) ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা।

(iii) অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰ হয়।

(iv) অসমৰ প্ৰশাসন মূখ্য আয়ুক্তৰ অধীনলৈ যায়।

(A) (i), (ii)

(B) (iii), (iv)

(C) (i), (ii), (iv)

(D) (i), (ii), (iii), (iv)

Answer: D

13. “ঐক্যবদ্ধ বংগ এটা বৃহৎশক্তি, দ্বি খণ্ডিতকৰণেৰে বৃহৎ বংগশক্তিক ভাঙি- ছিঙি চুৰমাৰ কৰিব।” এইষাৰ কাৰ উক্তি আছিল? {Bongaigaon}

(A) ভাৰত সচিব হাবার্ট ৰিজলীৰ

(B) লর্ড কাৰ্জনৰ

(C) উইলিয়াম ৱাৰ্ডৰ

(D) লর্ড উইলিয়াম বেন্টিংকৰ

Answer: A

14. কে পূর্ব বঙ্গ ও অসম নামে একটি নতুন প্রদেশ গঠন করেছিলেন? {Cachar}

(A) জন ব্যামক্ষিল্ড ফুলার

(B) অ্যান্ড্রু ফ্রেজার

(C) লর্ড ডালহৌসি

(D) লর্ড কার্জন

Answer: D

15. তলৰ প্ৰশ্নটোত দাবী (A) হিচাপে এটা উক্তি আৰু কাৰণ (R) হিচাপে এটা উক্তি দিয়া হৈছে। উক্তি দুটা বিচাৰ কৰি তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা: {Darrang}

(A): স্বদেশী আন্দোলনৰ সময়ত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল।

(R): ব্রিটিছ ঔপনিবেশিক চৰকাৰে জাতীয়তাবাদীসকলৰ বাবে শিক্ষা প্রতিষ্ঠান স্থাপন কৰিছিল।

(A) A আৰু R উভয়ে সত্য আৰু R, A ৰ সঠিক ব্যাখ্যা

(B) A আৰু R উভয়ে সত্য কিন্তু R, A ৰ সঠিক ব্যাখ্যা নহয়

(C) A সঁচা, R মিছা

(D) R সঁচা, A মিছা

Answer: C

16. নিম্নলিখিত ঘটনাসমূহ চন, তাৰিখ অনুসৰি তলত ক্রমান্বয়ে লিখা আছে। শুদ্ধটো বাছি উলিওৱা {Darrang}

(i) বংগ ভংগ আইন বাতিল

(ii) জাতীয় শিক্ষা পৰিষদ গঠন

(iii) বংগ ভংগ আইন কাৰ্যকৰী

(iv) মুছলিম লীগ গঠন

(A) (iii), (ii), (iv)

(B) (i), (ii), (iii), (iv)

(C) (ii), (i), (iii), (iv)

(D) (iv), (iii), (ii), (i)

Answer: A

17. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ {Darrang}

(i) বংগ বিভাজন

(ii) নিয়ন্ত্ৰণকাৰী আইন

(iii) মুছলিম লীগ

(iv) মৰ্লে মিন্টো সংস্কাৰ আইন

a) 1909

b) 1906

c) 1905

d) 1773

(A) (i) – (d), (ii) – (c), (iii) – (b), (iv) – (a)

(B) (i) – (c), (ii) – (d), (iii) – (b), (iv) – (a)

(C) (i) – (a), (ii) – (b), (iii) – (c), (iv) – (d)

(D) (i) – (c), (ii) – (a), (iii) – (d), (iv) – (b)

Answer: B

18. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ {Darrang}

(i) ৰবীন্দ্ৰনাথ ঠাকুৰ

(ii) মুকুন্দ দাস

(iii) বংকিম চন্দ্র চট্টোপাধ্যায়

(iv) অৰবিন্দ ঘোষ

a) “বৰ্জনৰ অৰ্থ স্বদেশীকতা আৰু স্বদেশীকতাৰ মমাৰ্থ হ’ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগ”

b) বন্দে মাতৰম সুজলাং ……. সুফলাং………

c) ‘যদি তোৰ ডাক শুনে কেও না আসে ….

d) হে বংগ জননী …….. স্বর্ণ প্রসবিনী…… বিলাতি আচাৰ ত্যাজিত কৰিব ….

(A) (i) – (b), (ii) – (c), (iii) – (b), (iv) – (d)

(B) (i) – (c), (ii) – (d), (iii) – (b), (iv) – (a)

(C) (i) – (d), (ii) – (a), (iii) – (d), (iv) – (c)

(D) (i) – (a), (ii) – (b), (iii) – (c), (iv) – (b)

Answer: B

19. ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সৰ্বভাৰতীয় পর্যায়ত প্রথমটো জাতীয় সংগ্রাম কোনটো – {Darrang}

(A) চিপাহী বিদ্রোহ

(B) স্বদেশী আন্দোলন

(C) আইন অমান্য আন্দোলন

(D) ভাৰত ত্যাগ আন্দোলন

Answer: B

20. স্বদেশী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহিলা দুগৰাকী হ’ল – {Dhubri}

(A) লক্ষ্মীবাইআৰু ভূবনেশ্বৰী দেৱী

(B) সৰলা দেৱী আৰু নিবেদিতা

(C) সৰোজনী নাইডু আৰু নিবেদিতা

(D) এনি বেছান্ত আৰু মাদাৰ টেৰেছা

Answer: B

21. স্বদেশী আন্দোলৰ সময়ত ‘সমর্থ বিদ্যালয়’ প্রতিষ্ঠা হৈছিল- {Goalpara}

(A) অসমত

(B) পাটনাত

(C) মহাৰাষ্ট্ৰত

(D) গুজৰাটত

Answer: C

22. বৃটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগ-ভংগ আঁচনি বাতিল কৰিছিল- {Goalpara}

(A) 1905 চনৰ 20 জুলাইত

(B) 1911 চনৰ 12 ডিচেম্বৰত

(C) 1912 চনৰ 13 ডিচেম্বৰত

(D) 1915 চনৰ 15 আগষ্টত

Answer: B

23. দাবী (A): ভাৰতীয় উদ্যোগসমূহৰ বিকাশৰ বহুলাংশে স্বদেশী আন্দোলনৰ বাবেই জগৰীয়া কৰিব পাৰি। {Goalpara}

কাৰণ (R): স্বদেশী আন্দোলনে বিদেশী সামগ্রী বৰ্জন কৰি খিলঞ্জীয়া প্রতিষ্ঠান আৰু উদ্যোগসমূহক উৎসাহিত কৰিছিল।

তলৰ কোনটো শুদ্ধ বিকল্প?

(A) (A) সঁচা, (R) মিছা

(B) (A) মিছা, (R) সঁচা

(C) (A), আৰু (R) দুয়োটা সত্য কিন্তু (R). (A) ৰ সঠিক ব্যাখ্যা হয়।

(D) (A), আৰু (R) দুয়োটা সত্য কিন্তু (R), (A) ৰ সঠিক ব্যাখ্যা নহয়।

Answer: C

24. ‘বৰ্জনৰ অৰ্থ স্বাদেশীকতা আৰু স্বাদেশীকতাৰ সমাৰ্থ হ’ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা’। কথাষাৰৰ বক্তাজন হ’ল- {Goalpara}

(A) ৰবীন্দ্ৰনাথ ঠাকুৰ

(B) অৰবিন্দ ঘোষ

(C) ক্ষীৰোদ প্রসাদ

(D)  গিৰীশ ঘোষ

Answer: B

25. স্বদেশী আন্দোলনৰ পটভূমিত জাতীয় শিক্ষাৰ উত্থাপন সম্পৰ্কে নিম্নলিখিত বিবৃতিসমূহ বিবেচনা কৰি শুদ্ধ উত্তৰটো বাছনি কৰা। {Hailakandi}

i) সতীশ চন্দ্ৰ মুখাৰ্জীয়ে কলিকতা বিশ্ববিদ্যালয়ক ‘গোলামখানা’ হিচাপে নামকৰণ কৰিছিল

ii) ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০৫ চনত বংগ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল

iii) স্বদেশী আন্দোলনৰ সময়ত মুঠ ৬২ খন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা হৈছিল

iv) ৰাসবিহাৰী বসুৰ নেতৃত্বত ১৯০৬ চনৰ ১৫ মাৰ্চত জাতীয় শিক্ষা পৰিষদ গঠিত হয়

(A) i) and ii)

(D) i) ii) iii)

(C) iii) and iv)

(D) i), ii), iii), iv)

Answer: B

26. তলৰবোৰ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা: {Hailakandi}

Column – A

1. সু-প্ৰভাত,

2. বংগ মাতা

3. জাপানী বীৰ

4. চাব্বাচ বাঙালী,

Column – B

i) অমৃত লাল বসু,

ii) স্বৰ্ণ কুমাৰী দেৱী,

iii) অৱনীন্দ্ৰ নাথ ঠাকুৰ

iv) কুমুদিনী মিত্ৰ

(A) 1-iv, 2-iii, 3-ii, 4-i

(B) 1-1, 2-ii, 3-ii, 4-iv

(C) 1-ii, 2-i, 3-iii, 4-iv

(D) 1-iii, 2-iv, 3-i, 4-ii

Answer: A

27. বংগ বিভাজনৰ বাবে ব্ৰিটিছৰ আনুষ্ঠানিক কাৰণ আছিল “প্ৰশাসনিক সুবিধা”। অৱশ্যে, ঐতিহাসিকসকলৰ মতে আচল উদ্দেশ্য আছিল “ৰাজনৈতিক”। নিম্নলিখিত কোনটোৱে এই ঐতিহাসিক ব্যাখ্যাক আটাইতকৈ বেছি সমৰ্থন কৰে? {Hailakandi}

(A) বংগৰ জনসংখ্যা আছিল ৮ কোটি, যিটো শাসনৰ বাবে অত্যন্ত ডাঙৰ আছিল

(B) ব্ৰিটিছে বংগৰ অৱহেলিত পূৰ্বাঞ্চলৰ উন্নয়ন কৰিব বিচাৰিছিল

(C) জাতীয়তাবাদী আন্দোলনক দুৰ্বল কৰাৰ বাবে হিন্দু আৰু মুছলমান জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে এই বিভাজনৰ পৰিকল্পনা কৰা হৈছিল

(D) ইয়াৰ উদ্দেশ্য আছিল ৰাজধানী কলিকতাৰ পৰা অধিক কেন্দ্ৰীয় স্থানলৈ স্থানান্তৰ কৰা

Answer: C

28. উক্তি (A): ভাৰতত হোৱা স্বদেশী আন্দোলনে থলুৱা সা-সামগ্রী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিব বিচাৰিছিল। {Jorhat}

যুক্তি (R): স্বদেশী আন্দোলনে প্রধানতঃ ব্ৰিটিছৰ কৰ-কাটল আৰু চৰকাৰী ঋনৰ বিৰুদ্ধে প্রতিবাদ কৰাক লক্ষ্য কৰি লৈছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য কিন্তু (R) অসত্য

(D) (A) অসত্য কিন্তু (R) সত্য

Answer: C

29. বংগ ভংগৰ আঁচনিৰ লগত তলৰ কোনজন ব্যক্তি জড়িত নহয়? {Kamrup R}

(A) ৰৱাৰ্ট ক্লাইৱ

(B) লর্ড কার্জন

(C) হার্বাট ৰিজলী

(D) এন্দু ফ্ৰেজাৰ

Answer: A

30. আব্দুল হালিম গজনবিয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰিছিল- {Kamrup R}

(A) ইউনাইটেড বেংগল ষ্টোৰচ

(B) লক্ষ্মী ভাণ্ডাৰ

(C) ইণ্ডিয়ান ষ্টোৰচ

(D) বংগলক্ষ্মী কটন মিল

Answer: A

31. বংগ কিমান চনত একত্রিত হৈছিল- {Kokrajhar}

(A) 1908

(B) 1910

(C) 1911

(D) 1912

Answer: c

32. “বন্দে মাতৰম” আলোচনীখন সম্পাদনা কৰিছিল- {Kokrajhar}

(A) বংকিম চন্দ্র চট্টোপাধ্যায়।

(B) ৰবীন্দ্ৰনাথ টেগোৰ।

(C) ৰজনীকান্ত সেন।

(D) অৰবিন্দ ঘোষ।

Answer: d

33. তলৰ কোনটো গীত স্বদেশী আন্দোলনৰ সৈতে জড়িত নাছিল? {Kokrajhar}

(A) জন-গণ-মন।

(B) বন্দে মাতম।

(C) হে বঙ্গ জননী, স্বর্ণ প্রসবিনী।

(D) বঙালীৰ প্ৰাণ, ‘বঙালীৰ মন, এক হউক হে ভগবান।

Answer: a

34. তলত দিয়াবোৰৰ মিল কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা: {Kokrajhar}

(a) বংগালী— i) সতীশ চন্দ্র মুখার্জী

(b) সঞ্জীবনী— ii) কৃষ্ণ কুমাৰ মিত্র

(c) দ্যা ডন— iii) ভূপেন্দ্র দত্ত

(d) যুগান্তৰ— iv) সুৰেন্দ্ৰনাথ বেনাৰ্জী

Options:

(A) a–iv, b–ii, c–i, d–iii

(B) a–ii, b–iv, c–iii, d–i

(C) a–iii, b–i, c–iv, d–ii

(D) a–i, b–iii, c–ii, d–iv

Answer: A

35. তলত দিয়া সমুহ মিলোৱা আৰু শুদ্ধ বিকল্প বাচনি কৰা- {Lakhimpur}

(i) সঞ্জীৱনী

(ii) সুপ্রভাত

(iii) দি ডন

(iv) যুগান্তৰ

(a) কুমুদিনী মিত্র

(b) সতীশচন্দ্র মুখার্জী

(c) কৃষ্ণকুমাৰ মিত্র

(d) ভূপেন্দ্র নাথ দত্ত

(A) (i) – c, (ii) – a (iii) – b (iv) – d

(B) (i) – a, (ii) – c (iii) – d (iv) – b

(C) (i) – b, (ii) – c (iii) – a (iv) – d

(D) (i) – c, (ii) – b (iii) – d (iv) – a

Answer: A

36. যুক্তি (A): ইংৰাজ চৰকাৰে 1911 চনত বংগ বিভাজন বাতিল কৰে। {Lakhimpur}

কাৰণ (R): বংগ ভংগ বাতিলে বৃটিছ চৰকাৰৰ পৰাজয় ব্যর্থতা প্রকাশ কৰি গ’ল।

(A) (A) টো শুদ্ধ, কিন্তু (R) টো অশুদ্ধ।

(B) (A) টো অশুদ্ধ, কিন্ত (R) টো শুদ্ধ।

(C) (A) আৰু (R) দুয়োটা শুদ্ধ আৰু (R) (A) ৰ সঠিক ব্যাখ্যা হয়।

(D) (A) আৰু (R) দুয়োটা শুদ্ধ, কিন্তু (R) (A) ৰ সঠিক ব্যাখ্যা নহয়।

Answer: C

37. বংগ বিভাজনৰ সময়ত ভাইচৰয় আছিল- {Lakhimpur}

(A) লর্ড কার্জন

(B) ৰবাৰ্ট ক্লাইব

(C) লর্ড নাথ ব্রক

(D) আৰ. এইচ কীটিংচ

Answer: A

38. 1906 চনৰ 11 মার্চত জাতীয় শিক্ষা পৰিষদৰ গঠন হৈছিল {Majuli}

(A) দিল্লীত

(B)বোম্বাইত

(C) মাদ্রাজত

(D) কলিকতাত

Answer: d

39. ‘লক্ষ্মী ভাণ্ডাৰ’ প্ৰতিষ্ঠা কৰিছিল- {Majuli}

(A) সৰলা দেৱীয়ে

(B) কৃষ্ণবিহাৰী সেনে

(C) আচার্য প্রফুল্ল ৰায়ে

(D) নীলৰতন চৰকাৰে

Answer: a

40. উক্তি (A): ভাৰতীয় উদ্যোগসমূহৰ বিকাশৰ বাবে বহুলাংশে স্বদেশী আন্দোলনে কৃতিত্ব লাভ কৰিছে। {Morigaon}

যুক্তি (R): স্বদেশী আন্দোলনে বিদেশী বস্তু বর্জন কৰি স্বদেশী অনুষ্ঠান আৰু উদ্যোগসমূহক উৎসাহ যোগাইছিল।

(A) (A) সঁচা কিন্তু (R) অশুদ্ধ

(B) (A) অশুদ্ধ কিন্তু (R) শুদ্ধ

(C) (A) আৰু (R) দুয়োটা শুদ্ধ আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(D) (A) আৰু (R) দুয়োটা অশুদ্ধ কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

Answer: C

41. ১৯০৫ চনৰ বংগ বিভাজনৰ সময়ত কোন দুজন বিষয়াই লর্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল? {Morigaon}

(A) এণ্ডু ফ্ৰেজাৰ আৰু আৰ এইচ কীটিঞ্জ

(B) ৰবাৰ্ট ক্লাইভ আৰু ডেলহাউছী

(C) ৰবাৰ্ট ক্লাইভ আৰু ব্যামফিল্ড

(D) এণ্ডু ফ্ৰেজাৰ আৰু জন ব্যামফিল্ড

Answer: D

42. স্বদেশী আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয়, কাৰণ {Morigaon}

i. ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ সমগ্ৰ ভাৰতবৰ্ষতে পৰিলক্ষিত হৈছিল।

ii. এই আন্দোলনে বংগবাসীক আলোড়িত কৰি ৰাখিছিল।

iii. বাস্তৱিকতে ই আছিল এটা অর্থনৈতিক আন্দোলন।

iv. দৰাচলতে ই আছিল এটা ৰাজনৈতিক আন্দোলন।

(A) i, ii, iii

(B) ii, iii, iv

(C) i, iii, iv

(D) i, ii, iv

Answer: D

43. “যদি তোর ডাক শুনে কেও না আসে তবে একলা চলো রে” এই গীতটিৰ ৰচক কোন আছিল? {Morigaon}

(A) অৱনী নাথ ঠাকুৰ

(B) ৰবীন্দ্ৰনাথ ঠাকুৰ

(C) ৰজনীকান্ত সেন

(D) অমৰেন্দ্ৰ নাথ দত্ত

Answer: B

44. বংগ ভংগৰ সময়ত ১৯০৫ চনত কোনে বিখ্যাত “বংগ মাতা” ছবিখন অংকন কৰিছিল? {Morigaon}

(A) ৰবীন্দ্ৰনাথ ঠাকুৰ

(B) ৰজনীকান্ত সেন

(C) অৱনীন্দ্ৰনাথ ঠাকুৰ

(D) ভূপেন্দ্ৰ নাথ দত্ত

Answer: C

45. তলৰ কোনটো কৰ্মই স্বদেশী আন্দোলনৰ ফলত হোৱা অৰ্থনৈতিক মুনাফাৰ কথা বুজাইছে- {Nagaon}

(A) বৃটিছৰ সামগ্ৰীসমূহ জ্বলোৱা

(B) জাতীয় শিক্ষাৰ প্ৰসাৰ

(C) বিভিন্ন দেশপ্রেমমূলক গীত ৰচনা কৰা

(D) ভাৰতীয় সামগ্ৰীসমূহৰ বিক্ৰী বৃদ্ধি

Answer: D

46. পূর্ববংগ আৰু অসম প্ৰদেশৰ অন্তৰ্গত অঞ্চলসমূহ আছিল – {Nagaon}

(A) ৰাজশাহী, ঢাকা, বংগ প্রদেশ, অসম

(B) চট্টগ্রাম, ঢাকা, ৰাজশাহী, অসম

(C) ৰাজশাহী, ঢাকা, চট্টগ্রাম, বংগ প্রদেশ

(D) চট্টগ্রাম, অসম, ছোটানাগপুৰ, কলিকতা

Answer: B

47. ওপৰৰ ছবিখন কোনে অংকন কৰিছিল? {Nagaon}

class 10 social science

(A) ৰবীন্দ্ৰ নাথ ঠাকুৰ।

(B) ভগিনী নিবেদিতা

(C) অবনীন্দ্ৰনাথ ঠাকুৰ

(D) কৃষ্ণ কুমাৰ মিত্র

Answer: C

48. তলৰ তথ্যসমূহ লক্ষ্য কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা- {Nagaon}

i) কৃষ্ণকুমাৰ মিত্রই  “পলাশীৰ প্রায়শ্চিত্ত” নাটকখন লিখিছিল।

ii) গিৰিশ ঘোষে “চিৰাজ উদ্দৌলা” নাটকখন লিখিছিল।

iii) স্বর্ণ কুমাৰী দেৱীয়ে “মিৰ কাছিম” নাটকখন লিখিছিল।

iv) অমৃতলাল বসুৱে ‘চাব্বাছ বেংগলী” নাটকখন লিখিছিল।

(A) i আৰু iv শুদ্ধ

(B) i, ii আৰু iii শুদ্ধ

(C) ii আৰু iii শুদ্ধ

(D) ii আৰু iv শুদ্ধ

Answer: D

49. ১৯০৬ চনত মুছলীম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ ভাইচৰয়জনৰ নাম হ’ল – {Nagaon}

(A) লর্ড কার্জন

(B) লর্ড মিন্টু

(C) লর্ড ৰিপন

(D) লর্ড কর্ণৱালিছ

Answer: B

50. বংগ ভংগ আঁচনিখন কাৰ্যকৰী হৈছিল- {Nalbari}

(A) ২ ফেব্রুবাৰী, ১৯০৫ চন

(B) ১৯ জুলাই, ১৯০৫ চন

(C) ১৬ অক্টোবৰ, ১৯০৫ চন

(D) ১ ছেপ্তেম্বৰ, ১৯০৫ চন

Answer: C

51. তলৰ গ্ৰন্থসমূহ আৰু সেইবোৰৰ লিখকৰ পৰিপ্ৰেক্ষিতত অমিলটো বিচাৰি উলিওবা- {Nalbari}

(A) জয় সংগীত-প্রমথনাথ ৰায়চৌধুৰী

(B) জাপানী বীৰ-স্বর্ণ কুমাৰী দেবী

(C) নব্য ভাৰত-অমৰেন্দ্র নাথ দত্ত

(D) বংগলক্ষ্মীৰ ব্রতকথা-ৰামেন্দ্র সুন্দৰ ত্রিবেদী

Answer: C

52. (a) আৰু (r) ৰ ৰূপত দিয়া তথ্যখিনিৰ ভিত্তিত, শুদ্ধ উত্তৰটো বাছি উলিওৱা – {Nalbari}

উক্তি (a) : ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ যোগেদি হিন্দু-মুছলমানৰ মাজত সাম্প্রদায়িক বিভেদ সৃষ্টি কৰিব বিচাৰিছিল।

যুক্তি (r) : বংগত বাঢ়ি অহা ৰাজনৈতিক সচেতনতাই ভাৰতত ব্ৰিটিছ উপনিবেশবাদৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল।

(A) (a) টো শুদ্ধ, (r) টো অশুদ্ধ।

(B) (a) টো অশুদ্ধ, (r) টো শুদ্ধ।

(C) (a) আৰু (r) উভয়ে শুদ্ধ আৰু (r) টো (a) ৰ শুদ্ধ বৰ্ণনা হয়।

(D) (a) আৰু (r) উভয়ে শুদ্ধ, কিন্তু (r) টো (a) ৰ শুদ্ধ বৰ্ণনা নহয়।

Answer: C

53. তলৰ স্বদেশী শিল্প উদ্যোগ সমূহ প্রতিষ্ঠা বর্ষৰ লগত মিলোৱা আৰু শুদ্ধ বিকল্পটো বিচাৰি উলিওৱা- {Nalbari}

(a) স্বদেশী ভাণ্ডাৰ

(b) ইণ্ডিয়ান ষ্টোৰছ

(c) লক্ষী ভাণ্ডাৰ

(d) ইউনাইটেড বেংগল ষ্টোৰছ

(i) ১৯০৬ চন

(ii) ১৮৯৭ চন

(iii) ১৯০৫ চন

(iv) ১৯০৩ চন

(A) a → iv, b → i, c → ii, d → iii

(B) a → ii, b → iii, c → iv, d → i

(C) a → ii, b → iii, c → i, d → iv

(D) a → iii, b → ii, c → iv, d → i

Answer: B

54. স্বদেশী আন্দোলনে ভাৰতত ব্ৰিটিছৰ বাণিজ্য অধিপত্য কমোৱাত কেনেদৰে অৰিহণা যোগাইছিল? {Sibsagar}

(A) ই পোনপটীয়াকৈ ব্রিটিছৰ বাণিজ্যিক বাধা নিষেধবোৰ আঁতৰাই পেলাইছিল।

(B) ই থলুৱা উদ্যোগসমূহৰ বিকাশ আৰু ব্ৰিটিছ বয় বস্তুৰ ওপৰত নিৰ্ভৰশীলতা সীমিত কৰাত উৎসাহ যোগাইছিল।

(C) ই ভাৰত আৰু বিদেশী ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক চুক্তি সম্পাদনৰ সুবিধা কৰি দিছিল।

(D) ই ব্ৰিটিছৰ বাণিজ্যিক নীতিসমূহক প্ৰভাৱিত কৰাত বিফল হৈছিল আৰু ইয়াৰ প্ৰভাৱ প্ৰায় নাছিলেই।

Answer: B

55. ১৯১১ চনৰ ১২ ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল? {Sibsagar}

(i) বংগদেশৰ পুনৰ একত্ৰীকৰণ

(ii) ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ

(iii) অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায়

(iv) অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰ হয়

(A) i, ii.

(B) iii, iv.

(C) i, ii, iv.

(D) i, ii, iii, iv

Answer: D

56. সৰলা দেৱী চৌধুৰীনী সম্পর্কে তলত দিয়া উক্তিবোৰৰ কোনটো সঁচা নহয়। {Sibsagar}

(A) তেখেত এগৰাকী স্বদেশী আন্দোলনৰ অগ্রণী নেত্রী

(B) তেখেতে বীৰষ্টমী ব্রত, প্রতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতিৰ দৰে উৎসৱ আয়োজন কৰিছিল আৰু যুৱক যুৱতীসকলক লাঠীখেল আৰু কুস্তিৰ প্রশিক্ষণ দিয়াইছিল।

(C) তেওঁ ‘ভাৰতী’ নামৰ পত্রিকা এখন সম্পাদনা কৰিছিল।

(D) তেখেতে ইয়ংমেনচ হিন্দু ইউনিয়ন, বিবেকানন্দ চছাইটি, ডন চছাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্রত্যক্ষভাৱে জড়িত আছিল।

Answer: D

57. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা: {Sibsagar}

(i) অৱনীন্দ্ৰনাথ ঠাকুৰ

(ii) সতীশ চন্দ্ৰ মুখোপাধ্যায়

(iii) আব্দুল হালিম গজনবি

(iv) নীলৰতন চৰকাৰ

(a) বংগলক্ষ্মী কটন মিল

(b) বংগীয় কলা সংসদ

(c) দি ডন

(d) ইউনাইটেড বেংগল ষ্টোৰছ

(A) i (b), ii (c), iii (d), iv (a)

(B) i (d), ii (a), iii (c), iv (b)

(C) i (b), ii (c), iii (a), iv (d)

(D) i (d), ii (a), iii (b), iv (c)

Answer: A

58. বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত হৈছিল? {Sonitpur}

(A) এডুফেজাৰ

(B) লর্ড নাথানিয়েল কার্জন

(C) লর্ড মিন্টো

(D) লর্ড ক্যানিং

Answer: B

59. তলৰ প্ৰশ্নটোত দাবী (a) আৰু কাৰণ (r) হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। {Sonitpur}

দাবী (a): ভাৰতত হোৱা স্বদেশী আন্দোলনে থলুৱা সা-সমগ্ৰী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিব বিচাৰিছিল।

কাৰণ (r): স্বদেশী আন্দোলনে প্রধানত ব্ৰিটিছৰ কৰ কাটল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্রতিবাদ কৰাক লক্ষ্য কৰি লৈছিল।

(A) (a) আৰু (r) উভয়ে সত্য, আৰু (r), (a) ৰ শুদ্ধ, ব্যাখ্যা

(B) (a) সত্য, কিন্তু (r) অসত্য

(C) (a) আৰু (r) উভয়ে সত্য, কিন্তু (r), (a) ৰ শুদ্ধ ব্যাখ্যা নহয়

(D) (a) অসত্য, কিন্তু (r) সত্য

Answer: B

60. নীচের কোন ব্যক্তিজন ‘বেঙ্গল কেমিক্যালস’ নামক উদ্যোগটির প্রতিষ্ঠাতা? {Sribhumi}

(A) আচার্য প্রফুল্ল চন্দ্র রায়।

(B) রবীন্দ্রনাথ ঠাকুর

(C) জগদীশ বসু।

(D) নীলরতন সরকার।

Answer: A

61. ১৯০৫ সনের বঙ্গ বিভাজন সম্পর্কে নীচের কোন্ উক্তিগুলো সত্য? {Sribhumi}

i) ১৮৫৭ সনের বিদ্রোহের পর এটি ভারতের রাজনৈতিক ইতিহাসের দ্বিতীয় উল্লেখনীয় ঘটনার সূত্রপাত করেছিল।

ii) একে বঙ্গদেশের ক্রমবর্ধমান জাতীয় জাগরণকে শেষ করতে কার্যকরী করা হয়েছিল।

iii) শিলংকে পূর্ববঙ্গ এবং অসমের রাজধানী করা হয়েছিল।

iv) এটি স্বদেশী আন্দোলনের সূত্রপাত ঘটিয়েছিল,

(A) i), ii), iv)

(B) i), iii), iv)

(C) ii), iii), iv)

(D) i), ii), iii), iv)

Answer: A

62. বঙ্গদেশে ‘জাতীয় শিক্ষা পরিষদ’ নামক প্রতিষ্ঠানটি কখন গঠিত হয়েছিল? {Sribhumi}

(A) ১৯০৫ সনে, ১০ মার্চ

(B) ১৯০৫ সনে, ২৩ মে

(C) ১৯০৬ সনে, ১৩ মে

(D) ১৯০৬ সনে, ১১ মার্চ

Answer: D

63. বঙ্গ বিভাজন প্রকল্প অনুসারে নীচের কোন্ অঞ্চল ‘বঙ্গ প্রদেশে’ অন্তর্ভুক্ত ছিল না? {Sribhumi}

(A) বিহার

(B) উড়িষ্যা

(C) চট্টগ্রাম

(D) ছোট নাগপুর

Answer: C

64. তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ {Salmara}

দাবী (A) স্বদেশী আন্দোলনে ভাৰতত সংগঠিত অর্থনৈতিক জাতীয়তাবাদৰ আৰম্ভণি কৰিছিল ।

কাৰণ (R) আন্দোলনে ঘৰুৱা উদ্যোগ আৰু পৰম্পৰাগত শিল্পকৰ্মৰ পুনৰুজ্জীৱিত কৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

(A) (A) সত্য, (R) অসত্য

(B) (A) অসত্য, (R) সত্য

(C) (A) আৰু (R) উভয়ে সত্য, আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা।

(D) (A) আৰু (R) উভয়ে সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

Answer: C

65. বংগ ভংগ আঁচনিৰ লগত জড়িত ব্যক্তি সকল হ’ল- {Salmara}

i. লর্ড কার্জন

ii. এন্দু ফ্ৰেজাৰ

iii. হাৰ্বাৰ্ট ৰিজলী

iv. ব্যামফিল্ড ফুলাৰ

(A) i, ii, iii

(B) ii, iii, iv

(C) i, iii, iv

(D) i, ii, iii, iv

Answer: D

66. উক্তি (A)- বংগ বিভাজন ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ প্ৰথমটো উল্লেখনীয় ঘটনা। {Tamulpur}

যুক্তি (R)-এই বিভাজনক কেন্দ্ৰ কৰি সমগ্র দেশ ঐক্যবদ্ধ হোৱাৰ লগতে ভাৰতীয়ৰ মনত জাতীয় চেতনাৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা কৰিছিল।

কোনটো শুদ্ধ ধাৰণা-

(A) উক্তি (A) আৰু যুক্তি (R) দুয়োটা শুদ্ধ আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) উক্তি (A) আৰু যুক্তি (R) দুয়োটা শুদ্ধ আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) উক্তি (A) শুদ্ধ আৰু যুক্তি (R) অশুদ্ধ।

(D) উক্তি (A) অশুদ্ধ আৰু যুক্তি (R) শুদ্ধ।

Answer: D

67. “এন্টি চার্কুলাৰ ছচাইটী “ত সভাপতিত্ব কৰা ব্যক্তিগৰাকী আছিল- {Udalguri}

(A) অৰবিন্দ ঘোষ

(B) মহাত্মা গান্ধী

(C) ৰবীন্দ্রনাথ ঠাকুৰ

(D) সৰলা দেবী চৌধুৰী

Answer: C

68. “বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুর্দম আৰু বিপদজনক” -লণ্ডনৰ ‘ডেইলী টেলিগ্রাফ’ কাকতত প্রকাশ পোৱা এই বাক্যশাৰী নিম্নোক্ত কোনটো আন্দোলনৰ সৈতে জড়িত? {Udalguri}

(A) আইন অমান্য আন্দোলনত

(B) স্বদেশী আন্দোলন

(C) ভাৰত ত্যাগ আন্দোলন

(D) ব্যক্তিগত সত্যাগ্রহ

Answer: B

69. মর্লে মিন্টো শাসন সংস্কাৰ আইন 1909 চনৰ ক্ষেত্ৰত তলৰ কোনকেইটা উক্তি সত্য? {Udalguri}

(I) মুছলমান সকলে পৃথক নির্বাচনৰ সুবিধা লাভ কৰিছিল।

(II) ভাইচৰয় লর্ড কার্জনৰ কাৰ্য্যকালত এই শাসন সংস্কাৰ আইন প্ৰণয়ন হৈছিল।

(III) ভাইচৰয় লর্ড মিন্টোৰ প্রতিশ্রুতি অনুসৰি এই শাসন সংস্কাৰ আইন প্ৰণয়ন হৈছিল।

(IV) ইংৰাজ চৰকাৰে হিন্দু মুছলমানৰ মাজত ধর্মগত পার্থক্য তথা মতবিৰোধক এটা ৰাজনৈতিক সুবিধা হিচাপে গ্রহণ কৰিছিল

(A) I, II, III

(B) I, II, IV.

(C) I, III, IV

(D) II, III, Iv

Answer: C

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)

1. বংগ বিভাজনৰ প্ৰস্তাৱটো প্ৰথম কেতিয়া ব্ৰিটিছ সংসদত উত্থাপন কৰা হৈছিল?

(A) ১৯০৩ চনৰ ডিচেম্বৰ মাহত

(B) ১৯০৪ চনৰ জানুৱাৰী মাহত

(C) ১৯০৫ চনৰ জুলাই মাহত

(D) ১৯০৫ চনৰ অক্টোবৰ মাহত

Answer: A

2. নতুনকৈ গঠন হোৱা ‘পূৰ্ব বংগ আৰু অসম’ প্ৰদেশৰ প্ৰথমজন লেফটেনেণ্ট গভৰ্ণৰ কোন আছিল?

(A) লৰ্ড কাৰ্জন

(B) ছাৰ এণ্ড্ৰু ফ্ৰেজাৰ

(C) জন ব্যামফিল্ড ফুলাৰ

(D) হাৰ্বাৰ্ট ৰিজলী

Answer: C

3. স্বদেশী আন্দোলনৰ সময়ত ‘ফেডাৰেল হল’ (মিলন ভৱন)-ৰ আধাৰশিলা কোনে স্থাপন কৰিছিল?

(A) ৰবীন্দ্ৰনাথ ঠাকুৰ

(B) আনন্দ মোহন বসু

(C) সুৰেন্দ্ৰনাথ বেনাৰ্জী

(D) অৰবিন্দ ঘোষ

Answer: B

4. বংগ বিভাজনৰ দিনা সমগ্ৰ বংগদেশত ‘অৰন্ধন’ পালন কৰাৰ প্ৰস্তাৱ কোনে আগবঢ়াইছিল?

(A) ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী

(B) বংকিম চন্দ্ৰ চট্টোপাধ্যায়

(C) সৰলা দেৱী চৌধুৰীনী

(D) কৃষ্ণ কুমাৰ মিত্ৰ

Answer: A

5. কাৰ্লাইল চাৰ্কুলাৰ কেতিয়া জাৰি কৰা হৈছিল?

(A) ১৯০৫ চনৰ ২২ অক্টোবৰত

(B) ১৯০৫ চনৰ ১৬ অক্টোবৰত

(C) ১৯০৬ চনৰ ১১ মাৰ্চত

(D) ১৯০৬ চনৰ ১৫ আগষ্টত

Answer: A

6. তলত উল্লেখ কৰা কোনখন আলোচনীৰ জৰিয়তে কৃষ্ণ কুমাৰ মিত্ৰই প্ৰথমবাৰৰ বাবে ব্ৰিটিছ সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছিল?

(A) যুগান্তৰ

(B) বেংগলী

(C) বন্দে মাতৰম

(D) সঞ্জীৱনী

Answer: D

7. ‘ডন ছ’চাইটি’ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

(A) ১৮৯৭ চনত

(B) ১৯০২ চনত

(C) ১৯০৫ চনত

(D) ১৯০৬ চনত

Answer: B

8. ১৯০৬ চনত মুছলিম লীগ ক’ত গঠন কৰা হৈছিল?

(A) লাহোৰ

(B) আলিগড়

(C) ঢাকা

(D) কলিকতা

Answer: C

9. নৱগঠিত ‘পূৰ্ব বংগ আৰু অসম’ প্ৰদেশৰ ৰাজধানী ক’ত স্থাপন কৰা হৈছিল?

(A) শ্বিলং

(B) গুৱাহাটী

(C) ঢাকা

(D) চট্টগ্ৰাম

Answer: C

10. স্বদেশী আন্দোলনৰ সময়ত ‘বংগীয় কলা সংসদ’ স্থাপনৰ মূল গুৰি ধৰোঁতা কোন আছিল?

(A) নন্দলাল বসু

(B) অবনীন্দ্ৰনাথ ঠাকুৰ

(C) ৰবীন্দ্ৰনাথ ঠাকুৰ

(D) অৰবিন্দ ঘোষ

Answer: B

11. বংগ বিভাজনৰ সময়ত ‘শিৱাজী উৎসৱ’ আৰু ‘গণপতি উৎসৱ’ৰ জৰিয়তে মহাৰাষ্ট্ৰত কোনে জাতীয়তাবাদৰ প্ৰচাৰ কৰিছিল?

(A) লালা লাজপত ৰায়

(B) বাল গংগাধৰ তিলক

(C) বিপিন চন্দ্ৰ পাল

(D) গোপাল কৃষ্ণ গোখলে

Answer: B

12. তলৰ কোনখন গ্ৰন্থ সৰলা দেৱী চৌধুৰীনীয়ে ৰচনা কৰিছিল?

(A) নৱ্য ভাৰত

(B) জীৱনেৰ ঝৰাপাতা

(C) বংগলক্ষ্মীৰ ব্ৰতকথা

(D) জাপানী বীৰ

Answer: B

13. স্বদেশী আন্দোলনৰ সময়ত বংগদেশত ছাত্ৰসকলক একত্ৰিত কৰিবলৈ ‘এণ্টি-চাৰ্কুলাৰ ছ’চাইটি’ কোনে গঠন কৰিছিল?

(A) শচীন্দ্ৰ প্ৰসাদ বসু

(B) সতীশ চন্দ্ৰ মুখোপাধ্যায়

(C) ৰাসবিহাৰী বসু

(D) সুৰেন্দ্ৰনাথ বেনাৰ্জী

Answer: A

14. ‘বেংগল নেচনেল কলেজ’ৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল?

(A) ৰবীন্দ্ৰনাথ ঠাকুৰ

(B) অৰবিন্দ ঘোষ

(C) ব্ৰহ্মবান্ধৱ উপাধ্যায়

(D) আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়

Answer: B

15. স্বদেশী আন্দোলনৰ সময়ত অসমত ‘স্বদেশী সেৱক সংঘ’ কোনে গঠন কৰিছিল?

(A) তৰুণৰাম ফুকন

(B) নবীন চন্দ্ৰ বৰদলৈ

(C) অম্বিকাগিৰি ৰায়চৌধুৰী

(D) পদ্মনাথ গোহাঞিবৰুৱা

Answer: C

16. লৰ্ড কাৰ্জনৰ পৰৱৰ্তী সময়ত ভাৰতৰ ভাইচৰয় হিচাপে কাক নিযুক্তি দিয়া হৈছিল?

(A) লৰ্ড হাৰ্ডিঞ্জ

(B) লৰ্ড মিন্টো

(C) লৰ্ড ৰিপন

(D) লৰ্ড ডেলহাউচী

Answer: B

17. স্বদেশী আন্দোলনৰ প্ৰভাৱত অন্ধ্ৰপ্ৰদেশত কি নামৰ আন্দোলন গঢ়ি উঠিছিল?

(A) অসহযোগ আন্দোলন

(B) বন্দে মাতৰম আন্দোলন

(C) হোমাৰুল আন্দোলন

(D) ভাৰত ত্যাগ আন্দোলন

Answer: B

18. ব্ৰিটিছ চৰকাৰে কেতিয়া ‘ৰাওলাট আইন’ প্ৰণয়ন কৰিছিল যিটো পৰোক্ষভাৱে স্বদেশী আন্দোলনৰ উগ্ৰপন্থী ধাৰাটোক দমন কৰাৰ এক প্ৰয়াস আছিল?

(A) ১৯০৯ চনত

(B) ১৯১১ চনত

(C) ১৯১৪ চনত

(D) ১৯১৯ চনত

Answer: D

19. ‘বন্দে মাতৰম’ গীতটো বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ কোনখন উপন্যাসৰ পৰা লোৱা হৈছে?

(A) কপালকুণ্ডলা

(B) বিষবৃক্ষ

(C) আনন্দমঠ

(D) দুৰ্গেশনন্দিনী

Answer: C

20. ১৯০৫ চনৰ ১৬ অক্টোবৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ নেতৃত্বত ‘ৰাখী বন্ধন’ পালন কৰাৰ মূল উদ্দেশ্য কি আছিল?

(A) বিদেশী সামগ্ৰী বৰ্জন কৰা

(B) ব্ৰিটিছ চৰকাৰক ভয় খুওৱা

(C) হিন্দু আৰু মুছলমানৰ মাজত ভাতৃত্ববোধ অটুট ৰখা

(D) নতুন উদ্যোগ স্থাপন কৰা

Answer: C

21. ‘যুগান্তৰ’ নামৰ বিখ্যাত জাতীয়তাবাদী কাকতখনৰ লগত কোনজন ব্যক্তি বিশেষভাৱে জড়িত আছিল?

(A) ভূপেন্দ্ৰনাথ দত্ত

(B) কৃষ্ণ কুমাৰ মিত্ৰ

(C) সুৰেন্দ্ৰনাথ বেনাৰ্জী

(D) ব্ৰহ্মবান্ধৱ উপাধ্যায়

Answer: A

22. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত ‘পলাশীৰ প্ৰায়শ্চিত্ত’ নাটকখনৰ ৰচক কোন?

(A) গিৰীশ ঘোষ

(B) ক্ষীৰোদ প্ৰসাদ বিদ্যাবিনোদ

(C) অমৃতলাল বসু

(D) অমৰেন্দ্ৰ নাথ দত্ত

Answer: B

23. ‘ইণ্ডিয়ান ছ’চাইটি অৱ অৰিয়েণ্টেল আৰ্ট’ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

(A) ১৯০৫ চনত

(B) ১৯০৬ চনত

(C) ১৯০৭ চনত

(D) ১৯০৮ চনত

Answer: C

24. বংগ বিভাজনৰ সময়ত ভাৰতৰ সচিব কোন আছিল?

(A) জন মৰ্লে

(B) হাৰ্বাৰ্ট ৰিজলী

(C) লৰ্ড কাৰ্জন

(D) লৰ্ড ক্ৰেনাৰবৰ্ণ

Answer: A

25. তলৰ কোনখন গ্ৰন্থত স্বদেশী আন্দোলনৰ প্ৰথম অৰ্থনৈতিক বিশ্লেষণ পোৱা যায়?

(A) পভাৰ্টি এণ্ড আন-ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া

(B) আনন্দমঠ

(C) বৰ্তমান ভাৰত

(D) প্ৰাচ্য অৰু পাশ্চাত্য

Answer: A

26. ১৯০৬ চনৰ মাৰ্চ মাহত গঠিত হোৱা ‘জাতীয় শিক্ষা পৰিষদ’ৰ অধীনত কিমানখন মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছিল?

(A) ৪০ খন

(B) ৬০ খন

(C) ৬৫ খন

(D) ৭৫ খন

Answer: B

27. ১৯১১ চনত বংগ বিভাজন বাতিল কৰাৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল?

(A) লৰ্ড মিন্টো

(B) লৰ্ড কাৰ্জন

(C) লৰ্ড হাৰ্ডিঞ্জ

(D) লৰ্ড চেমছফৰ্ড

Answer: C

28. বংগদেশৰ বাহিৰত স্বদেশী আন্দোলনৰ বাৰ্তা বিয়পাই দিয়াত তলৰ কোনগৰাকী নেতাই পঞ্জাৱত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল?

(A) লালা লাজপত ৰায়

(B) চৈয়দ হাইদৰ ৰাজা

(C) চিদাম্বৰম পিল্লাই

(D) বাল গংগাধৰ তিলক

Answer: A

29. ‘বংগ মাতা’ নামৰ বিখ্যাত চিত্ৰকল্পটো পৰৱৰ্তী সময়ত কি নামেৰে অধিক জনপ্ৰিয় হৈ পৰে?

(A) দুৰ্গা মাতা

(B) কালী মাতা

(C) ভাৰত মাতা

(D) স্বদেশী মাতা

Answer: C

30. তলৰ কোনটো বংগ বিভাজনৰ এটা প্ৰত্যক্ষ ৰাজনৈতিক ফলাফল হিচাপে গণ্য কৰা হয়?

(A) ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন

(B) মুছলিম লীগৰ জন্ম

(C) চিপাহী বিদ্ৰোহৰ আৰম্ভণি

(D) ভাৰত ত্যাগ আন্দোলন

Answer: B

31. তলৰ উক্তিসমূহ পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা:

(i) ছাৰ এণ্ড্ৰু ফ্ৰেজাৰে বংগ বিভাজনৰ সপক্ষে লৰ্ড কাৰ্জনক সহায় কৰিছিল।

(ii) বংগ বিভাজনৰ পৰিকল্পনা অনুসৰি নতুন প্ৰদেশখনত বঙালীভাষী লোকসকল সংখ্যালঘু হৈ পৰাৰ উপক্ৰম হৈছিল।

(iii) বংগ বিভাজন কেৱল প্ৰশাসনিক সুবিধাৰ বাবেহে কৰা হৈছিল বুলি ব্ৰিটিছে দাবী কৰিছিল।

(A) কেৱল (i) আৰু (ii) শুদ্ধ

(B) কেৱল (ii) আৰু (iii) শুদ্ধ

(C) কেৱল (i) আৰু (iii) শুদ্ধ

(D) (i), (ii) আৰু (iii) আটাইকেইটা শুদ্ধ

Answer: D

32. তলত দিয়া সংবাদপত্র আৰু সম্পাদকৰ যোৰাসমূহৰ ভিতৰত কোনটো অশুদ্ধ?

(A) বেংগলী – সুৰেন্দ্ৰনাথ বেনাৰ্জী

(B) সঞ্জীৱনী – কৃষ্ণ কুমাৰ মিত্ৰ

(C) যুগান্তৰ – অৰবিন্দ ঘোষ

(D) সন্ধ্যা – ব্ৰহ্মবান্ধৱ উপাধ্যায়

Answer: C

33. স্বদেশী আন্দোলনত মহিলাৰ অংশগ্ৰহণ সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ নহয়?

(A) মহিলাসকলে প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা ওলাই আহি ৰাজহুৱা আন্দোলনত অংশ লৈছিল।

(B) মহিলাসকলে বিদেশী খাৰু আৰু সাজ-পাৰ বৰ্জন কৰিছিল।

(C) সৰলা দেৱী চৌধুৰীনীয়ে মহিলাসকলক সশস্ত্ৰ বিদ্ৰোহৰ বাবে অস্ত্ৰ প্ৰশিক্ষণ দিছিল।

(D) ভগিনী নিবেদিতাই মহিলাসকলৰ মাজত স্বদেশী চেতনা জাগ্ৰত কৰিছিল।

Answer: C

34. ১৯০৫ চনত বংগ বিভাজনৰ প্ৰস্তাৱ চৰকাৰীভাৱে কেতিয়া প্ৰকাশ কৰা হৈছিল?

(A) ১৯ জুলাই

(B) ২০ জুলাই

(C) ৭ আগষ্ট

(D) ১৬ অক্টোবৰ

Answer: B

35. ১৯০৬ চনৰ কলিকতা কংগ্ৰেছ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল, য’ত প্ৰথমবাৰৰ বাবে ‘স্বৰাজ’ৰ দাবী উত্থাপন কৰা হৈছিল?

(A) গোপাল কৃষ্ণ গোখলে

(B) দাদাভাই নৌৰজী

(C) ৰাসবিহাৰী ঘোষ

(D) বাল গংগাধৰ তিলক

Answer: B

36. তলত দিয়া উক্তিসমূহ বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছনি কৰা:

(i) স্বদেশী আন্দোলনে বংগদেশত দেশীয় শিল্প-উদ্যোগৰ ভেটি স্থাপন কৰিছিল।

(ii) আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে ‘বেংগল কেমিকেলছ’ প্ৰতিষ্ঠা কৰিছিল।

(iii) নীলৰতন চৰকাৰে ‘নেচনেল ছোপ ফেক্টৰী’ স্থাপন কৰিছিল।

(A) (i) আৰু (ii) শুদ্ধ

(B) (ii) আৰু (iii) শুদ্ধ

(C) (i) আৰু (iii) শুদ্ধ

(D) আটাইকেইটা শুদ্ধ

Answer: D

37. তলত দিয়া কোনটো কাৰণত ব্ৰিটিছ চৰকাৰে বংগ বিভাজন বাতিল কৰিবলৈ বাধ্য হৈছিল?

(A) প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ বাবে

(B) স্বদেশী আন্দোলনৰ প্ৰৱল হেঁচা আৰু ব্ৰিটিছ অৰ্থনীতিত পৰা বিৰূপ প্ৰভাৱৰ বাবে

(C) মুছলিম লীগে বিভাজন বাতিল কৰিবলৈ দাবী জনোৱাৰ বাবে

(D) মহাত্মা গান্ধীয়ে অনশন কৰাৰ বাবে

Answer: B

38. ক অংশৰ লগত খ অংশ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা:

ক অংশ:

(a) চাব্বাছ বাঙালী

(b) মিৰকাছিম

(c) চিৰাজউদ্দৌলা

খ অংশ:

(i) গিৰীশ ঘোষ

(ii) অমৃতলাল বসু

(iii) ক্ষীৰোদ প্ৰসাদ বিদ্যাবিনোদ

(A) (a)-ii, (b)-iii, (c)-i

(B) (a)-i, (b)-ii, (c)-iii

(C) (a)-iii, (b)-i, (c)-ii

(D) (a)-ii, (b)-i, (c)-iii

Answer: A

39. স্বদেশী আন্দোলনৰ সময়ত ‘জাতীয় শিক্ষা পৰিষদ’  গঠনৰ প্ৰধান কাৰণ কি আছিল?

(A) ব্ৰিটিছ শিক্ষানুষ্ঠানৰ সমকক্ষ হিচাপে এখন নতুন বিশ্ববিদ্যালয় খোলা।

(B) কাৰ্লাইল চাৰ্কুলাৰৰ প্ৰতিবাদত চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰা ছাত্ৰসকলক শিক্ষা প্ৰদান কৰা।

(C) কেৱল কাৰিকৰী শিক্ষাৰ প্ৰসাৰ ঘটোৱা।

(D) ভাৰতীয় ভাষাসমূহক স্বীকৃতি প্ৰদান কৰা।

Answer: B

40. মৰ্লে-মিন্টো সংস্কাৰ আইনৰ আটাইতকৈ বিতৰ্কিত দিশটো কি আছিল যিয়ে বংগ বিভাজনৰ সাম্প্ৰদায়িক ৰাজনীতিক অধিক উৎসাহিত কৰিছিল?

(A) প্ৰাদেশিক স্বায়ত্ত্বশাসন প্ৰদান

(B) মুছলমানসকলৰ বাবে পৃথক নিৰ্বাচন মণ্ডলীৰ ব্যৱস্থা

(C) ভাৰতৰ ৰাজধানী দিল্লীলৈ স্থানান্তৰ

(D) বংগ বিভাজন বাতিল

Answer: B

41. দাবী (A): লৰ্ড কাৰ্জনে প্ৰশাসনিক সুবিধাৰ অজুহাত দেখুৱাই বংগ বিভাজন কৰিছিল।

কাৰণ (R): প্ৰকৃততে তেওঁৰ উদ্দেশ্য আছিল বংগৰ বৰ্ধিত জাতীয়তাবাদী শক্তিক দুৰ্বল কৰা আৰু হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰা।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

42. দাবী (A): স্বদেশী আন্দোলনে ভাৰতীয় বস্ত্ৰ শিল্পৰ যথেষ্ট ক্ষতিসাধন কৰিছিল।

কাৰণ (R): মানুহে মেঞ্চেষ্টাৰৰ পৰা অহা সস্তীয়া কাপোৰ অধিক ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) আৰু (R) দুয়োটাই অসত্য।

Answer: D

43. দাবী (A): স্বদেশী আন্দোলনৰ সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰে ‘আমাৰ সোণাৰ বাংলা’ গীতটো ৰচনা কৰিছিল।

কাৰণ (R): এই গীতটোৱে বংগবাসীৰ মনত দেশপ্ৰেম আৰু একতাৰ মনোভাৱ জগাই তুলিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

44. দাবী (A): ব্ৰিটিছ চৰকাৰে ১৯১১ চনত বংগ বিভাজন ৰদ কৰিবলৈ বাধ্য হৈছিল।

কাৰণ (R): ১৯০৬ চনত মুছলিম লীগ গঠন হোৱাৰ ফলত ব্ৰিটিছ চৰকাৰে ভয় খাইছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: C

45. দাবী (A): স্বদেশী আন্দোলন কেৱল ৰাজনৈতিক পৰিসৰতে আৱদ্ধ নাছিল, ই সাংস্কৃতিক জাগৰণৰো সৃষ্টি কৰিছিল।

কাৰণ (R): এই সময়ছোৱাত সাহিত্য, গীত, নাটক আৰু চিত্ৰকলাৰ অভূতপূৰ্ব বিকাশ ঘটিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

46. দাবী (A): অসমত স্বদেশী আন্দোলনৰ প্ৰভাৱ একেবাৰে পৰা নাছিল।

কাৰণ (R): অসমৰ জনসাধাৰণে ব্ৰিটিছৰ শাসনক পূৰ্ণ সমৰ্থন দিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) আৰু (R) দুয়োটাই অসত্য।

Answer: D

47. দাবী (A): স্বদেশী আন্দোলনৰ সময়ত ছাত্ৰ সমাজৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ।

কাৰণ (R): ছাত্ৰসকলে বিদেশী দোকানৰ সন্মুখত পিকেটিং কৰাৰ লগতে চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

48. দাবী (A): বংগ বিভাজনে ভাৰতত সাম্প্ৰদায়িক ৰাজনীতিৰ বীজ ৰোপণ কৰিছিল।

কাৰণ (R): ব্ৰিটিছে মুছলমানসকলক বুজাবলৈ সক্ষম হৈছিল যে নতুন প্ৰদেশখনে তেওঁলোকৰ শৈক্ষিক আৰু অৰ্থনৈতিক বিকাশ সাধন কৰিব।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

49. দাবী (A): ভগিনী নিবেদিতাই স্বদেশী আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।

কাৰণ (R): তেওঁ লৰ্ড কাৰ্জনৰ এজনী ঘনিষ্ঠ পৰামৰ্শদাতা আছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: C

50. দাবী (A): ১৯১১ চনৰ দিল্লী দৰবাৰত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।

কাৰণ (R): কলিকতাত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বৈপ্লৱিক কাৰ্যকলাপৰ পৰা ব্ৰিটিছ প্ৰশাসনক আঁতৰাই নিয়াটো প্ৰয়োজনীয় হৈ পৰিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য。

Answer: A

HSLC PYQs (2016-2026): 2/3 নম্বৰৰ গুৰুত্বপূৰ্ণ চমু প্ৰশ্নসমূহ

1. স্বদেশী আন্দোলনত ভগিনী নিবেদিতাৰ অৱদানৰ বিষয়ে চমুকৈ লিখা। {2026}

2. স্বদেশী আন্দোলনত ব্যৱহৃত প্ৰতিবাদৰ পদ্ধতিসমূহ ইয়াৰ পূৰ্বে হোৱা ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহত ব্যৱহাৰ কৰা পদ্ধতিৰ সৈতে তুলনা কৰা। {2025}

3. ভাৰতত স্বদেশী আন্দোলনত মহিলাৰ অৱদান চমুকৈ লিখা। {2020}

4. ‘বংগ-বিভাজন’ কি আছিল? ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা। {2020}

5. স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে কি কি কর্মপন্থা লৈছিল? আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে? {2019}

6. স্বদেশী আন্দোলনৰ সময়ছোৱাত জাতীয় কংগ্রেছে বঙ্গ বিভাজনৰ বিৰুদ্ধে কি ভূমিকা পালন কৰিছিল, চমুকৈ আলোচনা কৰা। {2022}

7. ভাৰতত স্বদেশী আন্দোলন কেতিয়া হৈছিল? স্বদেশী শিল্প-উদ্যোগৰ বিকাশত ইয়াৰ অৰিহণা কি আছিল? {2020}

8. স্বদেশী আন্দোলনৰ প্ৰাৰম্ভিক কাৰ্যসূচীবোৰ কি কি আছিল? প্রতিবিধ কার্যসূচী চমুকৈ উল্লেখ কৰা। {2019}

9. স্বদেশী আন্দোলনৰ তিনিটা অৱদান আলোচনা কৰা। {2019}

10. স্বদেশী আন্দোলনৰ সময়ছোৱাত বঙ্গদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল, চমুকৈ লিখা। {2018}

11. স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ বর্ণনা কৰা। {2018}

12. লর্ড কার্জনে ঘোষণা কৰা বংগভংগৰ চাৰিদফীয়া আঁচনিখনৰ প্রথম দফাৰ আঁচনিসমূহ কি কি আছিল? {2018}

13. বংগ-ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী কি আছিল? {2017}

14. স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? {2017}

15. বংগ বিভাজনে সৃষ্টি কৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। {2017}

16. বংগ ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচীসমূহ কি আছিল? {2016}

HSLC PYQs (2016-2025): 4/5 নম্বৰৰ গুৰুত্বপূৰ্ণ চমু প্ৰশ্নসমূহ

1. স্বদেশী আন্দোলনৰ চাৰিটা অৱদান সম্পৰ্কে চমুকৈ বর্ণনা কৰা। {2024}

2. স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ আলোচনা কৰা। {2023}

Contact us to add your coaching center’s branding to this Question Bank

Call Now- 6002547877

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. ১৯১১ চনৰ ১২ ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত ঘোষণা কৰা দুটা সিদ্ধান্ত লিখা। {Bajali} 

2. ‘স্বদেশী আন্দোলন কেৱল ব্ৰিটিছ সামগ্ৰী বৰ্জন কৰাই নহয়’- এই কথাটো দুটা যুক্তিৰে ব্যাখ্যা কৰা। {Jorhat} 

3. স্বদেশী আন্দোলনৰ সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যোগৰ বিকাশ কেনেদৰে হৈছিল? চমুকৈ বুজাই দিয়া। {Kokrajhar}

4. লর্ড কার্জনৰ প্ৰকৃত উদ্দেশ্য কি আছিল? {Kokrajhar} 

5. স্বদেশী আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয়। স্বদেশী আন্দোলনৰ এনে দুটা দিশ উল্লেখ কৰা যিয়ে ভাৰতবৰ্ষত দুটা নতুন ধাৰাৰ সৃষ্টি কৰিলে। {Morigaon} 

6. বংগ বিভাজন বিৰোধী আন্দোলন (স্বদেশী) কেনেকৈ প্ৰতিবাদৰ পৰা বহল জাতীয় জাগৰণলৈ ৰূপান্তৰিত হৈছিল, আত্মনিৰ্ভৰশীলতাক উদ্‌গনি দিছিল আৰু ব্ৰিটিছ কর্তৃপক্ষক প্রত্যাহ্বান জনাইছিল সেই বিষয়ে ব্যাখ্যা কৰা। {Morigaon} 

7. “বৰ্জনৰ অর্থ স্বাদেশীকতা আৰু স্বাদেশীকতাৰ মমাৰ্থ হ’ল ইংৰাজৰ লগত সর্বতোপ্রকাৰে অসহযোগিতা কৰা।” এই উক্তিৰ বক্তা কোন? এই উক্তিৰ দ্বাৰা অনুপ্রাণিত হৈ স্বদেশী আন্দোলনৰ সময়ত আন্দোলনকাৰীসকলে কি কি বৰ্জনৰ সিদ্ধান্ত লৈছিল? {Nalbari} 

8. “ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণে বৃহৎ বংগ শক্তিক ভাঙি-চিঙি চুৰমাৰ কৰিব।” গতিকে বংগ ভংগৰ অন্তনির্হিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ একতা ভাঙি দিয়া। সাম্প্রদায়িক মনোভাৱ বিস্তাৰ ঘটোৱাৰ বাবে ব্ৰিটিছে লোৱা দুটা কার্যপন্থা উল্লেখ কৰা। {Sibsagar}

9. স্বদেশী আন্দোলনত নাৰী আৰু যুবক-যুৱতীসকলক অনুপ্রাণিত কৰাৰ উদ্দেশ্যে মার্গাৰেট এলিজাবেথ নবেলে প্রত্যক্ষভাৱে কিদৰে জড়িত হৈছিল। {Udalguri} 

10. তলত দিয়া তালিকাখনত জনসংখ্যাৰ কেতবোৰ বৈশিষ্ট দিয়া আছে। তালিকাখন অধ্যয়ণ কৰা আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ {Udalguri} 

জনসংখ্যাৰ বৈশিষ্ট্য

অসম (শতাংশ)

বিহাৰ (শতাংশ)

(i) শিক্ষিত হাৰ

73.25

42.40

(ii) লিংগ অনুপাত 

(প্রতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা)

932

620

(iii) গাঁৱলীয়া সংখ্যা

78.90

82.40

(iv) নগৰীয়া সংখ্যা

21.10 

17.60

(a) কোনখন ৰাজ্যত শিক্ষাৰ হাৰ বেছি?

(b) শিক্ষাৰ হাৰ বেছি হ’লে লিংগ বৈষম্যৰ ওপৰত কি প্রভাৱ পৰে?

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

11. লৰ্ড কার্জনে ঘোষণা কৰা-“শাসন আৰু শোষণ একেলগে চলাই যোৱা হ’ব” এই কথাষাৰিৰ প্ৰত্যুত্তৰ ভাৰতীয়সকলে কেনেদৰে দিছিল? {Barpeta}

12. “স্বদেশী আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন বুলি গণ্য কৰা হয়।” এই যুক্তিটোৰ সমৰ্থনত তোমাৰ মতামত আগবঢ়োৱা। {Barpeta}

13. ‘বংগ বিভাজন’ কি আছিল? ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা। {Bongaigaon} 

14. সতীশচন্দ্র মুখার্জী কলিকতা বিশ্ববিদ্যালয়ক ‘দাসৰ ঘৰ’ (গোলাম খানা) বুলি অভিহিত কৰিছিল। ইয়াৰ ওপৰত ভিত্তি কৰি তলৰ প্ৰশ্নৰ উত্তৰ দিয়াঃ {Goalpara} 

(i) মুখার্জীয়ে কাক দাস বুলি অভিহিত কৰিছিল?

(i) তেওঁলোকক কিয় ‘দাস’ বোলা হৈছিল?

15. ব্ৰিটিছ সামগ্ৰী বৰ্জন আৰু বস্ত্ৰ শিল্প, বেংক, বিভিন্ন সৰু দোকানৰ দৰে দেশীয় শিল্পৰ প্ৰসাৰে কিমান দূৰ ব্ৰিটিছ অৰ্থনীতিক প্ৰত্যাহ্বান জনাইছিল আৰু ভাৰতত স্বনিৰ্ভৰশীলতাৰ মনোভাৱ গঢ়ি তুলিছিল? {Hailakandi} 

16. স্বদেশী আন্দোলন বলতে কী বোঝ? স্বদেশী আন্দোলনের দুটি অবদান উল্লেখ করো। {Sribhumi}

17. স্বদেশী আন্দোলনৰ ফলাফল সমূহৰ ভিতৰত কোনটো ফলাফলক তুমি আটাইতকৈ বেছি গুৰুত্বপূর্ণ বুলি ভাৱা আৰু ইয়াক গুৰুত্বপূৰ্ণ বুলি ভৱাৰ মূল কাৰণ কি? {Salmara}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4/5 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

18. স্বদেশী আন্দোলনৰ ফলত কেনেদবে মুছলীম লীগ প্রতিষ্ঠা হৈছিল, চমুকৈ বর্ণনা কৰা। {Baksa} 

19. স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল, বর্ণনা কৰা। {Baksa}

20. ১৯০৫ চনৰ বংগ বিভাজনৰ লৰ্ড কাৰ্জনৰ মূল উদ্দেশ্য বৰ্ণনা কৰা। {Biswanath} 

21. স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণি বিষয়ে আলোচনা কৰা। {Biswanath} 

22. “বর্জনের অর্থ স্বদেশীকতা।” স্বদেশী আন্দোলনের পরিপ্রেক্ষীতে এই বাক্যটি ব্যাখ্যা করো। {Cachar} 

23. স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই কেনেদৰে বংগত জাতীয় শিল্প কাৰখানা গঢ়ি তোলাত অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল? {Dhubri} 

24. লৰ্ড কার্জনে ঘোষণা কৰা বংগ ভংগ চাৰি দফীয়া আঁচনিৰ প্রথম দফাৰ চর্তসমূহ কি আছিল? {Dhubri} 

25. স্বদেশী আন্দোলনে কেনেকৈ থলুৱা সামগ্ৰীৰ ব্যৱহাৰক আৰু জাতীয় শিক্ষা প্ৰচাৰক উৎসাহিত কৰিছিল সেই বিষয়ে চমুকৈ বুজাই লিখা। {Kamrup R} 

26. স্বদেশী আন্দোলনৰ ৩ টা অৱদানৰ বিষয়ে চমুকৈ লিখা। {Lakhimpur} 

27. স্বদেশী আন্দোলনক কিয় এটা সফল আৰু সর্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয়? {Majuli} 

28. স্বদেশী আন্দোলনৰ সময়ত মহিলাৰ অংশ গ্রহণ যথেষ্ট বৃদ্ধি পাইছিল। এই ফলাফলে স্বদেশী আন্দোলনৰ স্বৰূপ কিদৰে সলনি কৰিছিল, তাৰ মূল্যায়ন কৰা। {Sonitpur}

29. স্বদেশী আন্দোলনে এখন দেশৰ জাতীয় পৰিচয় আগবঢ়াই নিয়াত কি কি ভূমিকা পালন কৰিছিল? আলোচনা কৰা। {Tamulpur} 

30. ধৰাহ’ল তুমি এজন বৃটিছ প্রশাসনিক বিষয়া। এই বিষয়া হিচাপে তুমি কিয় মুছলীম লীগ গঠনত সন্তুষ্টি প্রকাশ কৰিবা আৰু যদি মুছলীম লীগ গঠন হয়, কি পদক্ষেপ গ্রহণ কৰি জাতীয় একতা নাইকিয়া কৰিবা? {Tamulpur} 

31. স্বদেশী আন্দোলনত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কেনেধৰণৰ ভূমিকা অবলম্বন কৰিছিল? এই আন্দোলন সফল কৰি তুলিবলৈ তেওঁ সক্ষম হৈছিলনে। {Udalguri}

32. ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীয়ে অহিংসাক অস্ত্র হিচাপে সত্যাগ্রহ পথ অবলম্বন কৰিছিল, আনহাতে নেতাজী সুভাষ চন্দ্র বসুৱে সশস্ত্র সংগ্রামেৰে দেশৰ স্বাধীনতাত সক্রিয় অংশগ্রহণ কৰিছিল। ধৰি লোৱা তুমি স্বাধীনতা সংগ্ৰামৰ কালছোৱাত এজন নাগৰিক, দেশখন স্বাধীন কৰিবলৈ কোনগৰাকী ব্যক্তিক সমর্থন কৰিবা? তোমাৰ মতামত আগবঢ়োবা। {Udalguri}

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 2 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

1. কাৰ্লাইল চাৰ্কুলাৰ কি আছিল?

2. লৰ্ড কাৰ্জনৰ বংগ বিভাজনৰ আঁৰৰ প্ৰকৃত ৰাজনৈতিক উদ্দেশ্য কি আছিল বুলি তুমি ভাৱা? দুটা কাৰণ লিখা।

3. ১৯০৫ চনত স্থাপিত হোৱা ‘ডন ছ’চাইটি’ৰ প্ৰধান দুটা লক্ষ্য কি আছিল?

4. স্বদেশী আন্দোলনৰ সময়ত ‘ৰাখী বন্ধন’ উৎসৱৰ প্ৰতীকী তাৎপৰ্য কি আছিল?

5. অসমত স্বদেশী আন্দোলনৰ প্ৰসাৰত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লোৱা দুটা পদক্ষেপ উল্লেখ কৰা।

6. ১৯০৫ চনৰ ৭ আগষ্টত কলিকতাৰ টাউন হলত অনুষ্ঠিত হোৱা সভাখনৰ ঐতিহাসিক গুৰুত্ব কি?

7. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত দুখন প্ৰভাৱশালী নাটক আৰু তাৰ ৰচকৰ নাম লিখা।

8. ‘এণ্টি-চাৰ্কুলাৰ ছ’চাইটি’ কিয় গঠন কৰা হৈছিল?

9. স্বদেশী আন্দোলনৰ কালছোৱাত গঢ় লৈ উঠা দুটা থলুৱা উদ্যোগৰ নাম লিখা।

10. লৰ্ড হাৰ্ডিঞ্জৰ শাসনকালত ১৯১১ চনৰ দিল্লী দৰবাৰত গ্ৰহণ কৰা প্ৰধান দুটা সিদ্ধান্ত কি কি আছিল?

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 3 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

11. ব্ৰিটিছ চৰকাৰে স্বদেশী আন্দোলনক দমন কৰিবলৈ শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে কেনেধৰণৰ দমনমূলক নীতি গ্ৰহণ কৰিছিল? চমুকৈ বুজাই লিখা।

12. স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগৰ সংবাদ পত্ৰসমূহে কেনেদৰে জনমত গঠন কৰাত সহায় কৰিছিল? তিনিখন কাকতৰ উদাহৰণেৰে বুজাই লিখা।

13. ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৯০৬ চনৰ কলিকতা অধিৱেশনৰ গুৰুত্ব বিশ্লেষণ কৰা।

14. স্বদেশী আন্দোলনৰ প্ৰভাৱত ভাৰতীয় চিত্ৰকলাৰ জগতখনত কেনেধৰণৰ পৰিৱৰ্তন আহিছিল? অবনীন্দ্ৰনাথ ঠাকুৰৰ অৱদান উল্লেখ কৰি লিখা।

15. ‘বংগ বিভাজনে ভাৰতত সাম্প্ৰদায়িকতাবাদৰ বীজ ৰোপণ কৰিছিল।’ – এই কথাষাৰৰ সমৰ্থনত তিনিটা যুক্তি আগবঢ়োৱা।

16. স্বদেশী আন্দোলন কেৱল ব্ৰিটিছ সামগ্ৰী বৰ্জনৰ মাজতেই আৱদ্ধ নাছিল, ই আত্মনিৰ্ভৰশীলতাৰো এক নিদৰ্শন আছিল। কথাষাৰ বিশ্লেষণ কৰা।

17. অসমৰ ছাত্ৰ সমাজে স্বদেশী আন্দোলনত কেনেদৰে সঁহাৰি জনাইছিল? চমুকৈ আলোচনা কৰা।

18. মুছলিম লীগ গঠনৰ আঁৰত ব্ৰিটিছ ভাইচৰয় লৰ্ড মিন্টোৰ ভূমিকা কি আছিল?

19. ভগিনী নিবেদিতাই স্বদেশী আন্দোলনলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে চমুকৈ লিখা।

20. স্বদেশী আন্দোলনৰ তীব্ৰতা হ্ৰাস কৰাৰ উদ্দেশ্যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ১৯০৯ চনৰ ‘মৰ্লে-মিন্টো সংস্কাৰ আইন’ৰ মূল নীতিটো কি আছিল আৰু ইয়াৰ প্ৰভাৱ কেনেকুৱা আছিল?

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 4 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

21. “স্বদেশী আন্দোলনে ভাৰতীয় শিক্ষা ব্যৱস্থাত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল।” – জাতীয় শিক্ষা পৰিষদৰ গঠন আৰু ইয়াৰ কাৰ্যাৱলীৰ ভিত্তিত এই উক্তিটোৰ বিশ্লেষণ কৰা।

22. বংগ বিভাজনৰ বিৰুদ্ধে গঢ় লৈ উঠা স্বদেশী আন্দোলন কেনেদৰে পৰৱৰ্তী সময়ৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক শক্তিশালী ভেটি হিচাপে পৰিগণিত হৈছিল? বিস্তাৰিতভাৱে আলোচনা কৰা।

23. লৰ্ড কাৰ্জনে বংগ বিভাজনৰ সপক্ষে কি কি প্ৰশাসনিক যুক্তি দৰ্শাইছিল? সেই যুক্তিসমূহ ভাৰতীয় জাতীয়তাবাদী নেতাসকলে কিয় অগ্ৰাহ্য কৰিছিল?

24. স্বদেশী আন্দোলনৰ অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ে বিশদভাৱে আলোচনা কৰা। দেশীয় উদ্যোগ আৰু বিদেশী বাণিজ্যৰ ওপৰত ইয়াৰ কেনে প্ৰভাৱ পৰিছিল?

25. ভাৰতীয় সমাজত নাৰী জাগৰণৰ ক্ষেত্ৰত স্বদেশী আন্দোলনৰ ভূমিকা মূল্যায়ন কৰা। এই সময়ছোৱাত কেইগৰাকীমান উল্লেখযোগ্য মহিলাৰ অৱদানৰ বিষয়ে লিখা।

26. ধৰাহ’ল তুমি ১৯০৫ চনৰ এগৰাকী জাতীয়তাবাদী ছাত্ৰ নেতা। কাৰ্লাইল চাৰ্কুলাৰৰ বিৰোধিতা কৰি তুমি ছাত্ৰ সমাজক কেনেদৰে একত্ৰিত কৰিবা আৰু তোমাৰ প্ৰতিবাদী কাৰ্যসূচী কি হ’ব? নিজৰ মতামত আগবঢ়োৱা।

27. স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশত সৃষ্টি হোৱা সাহিত্যৰাজিয়ে কেনেদৰে সাধাৰণ জনতাৰ মনত দেশপ্ৰেমৰ জুই জ্বলাইছিল? উদাহৰণসহ আলোচনা কৰা।

28. বংগ বিভাজন পৰিকল্পনাত ‘পূৰ্ব বংগ আৰু অসম’ প্ৰদেশ গঠনৰ আঁৰত অসমক চামিল কৰাৰ ব্ৰিটিছৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বাৰ্থ কি আছিল?

29. স্বদেশী আন্দোলনৰ বিফলতা বা ক্ৰমান্বয়ে দুৰ্বল হৈ পৰাৰ মূল কাৰণসমূহ কি কি আছিল বুলি তুমি ভাৱা? চাৰিটা কাৰণ বিশ্লেষণ কৰা।

30. “বংগ বিভাজন বাতিল কৰাটো ব্ৰিটিছ সাম্ৰাজ্যবাদৰ এক নৈতিক পৰাজয় আছিল।” – ১৯১১ চনৰ পৰিস্থিতি আৰু দিল্লী দৰবাৰৰ সিদ্ধান্তসমূহৰ আধাৰত এই উক্তিটোৰ যুক্তিসংগত বিচাৰ কৰা।

Click Here To Download The App

Download EduAssam Solution App To get free Solution for this question Bank

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় 1 (বংগ বিভাজন আৰু স্বদেশী আন্দোলন) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ প্ৰথম অধ্যায়টো কি?
প্ৰথম অধ্যায়টো হ’ল ‘বংগ বিভাজন আৰু স্বদেশী আন্দোলন’, য’ত লৰ্ড কাৰ্জনৰ বংগ বিভাজনৰ নীতি আৰু ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে গঢ়ি উঠা স্বদেশী আন্দোলনৰ বিষয়ে আলোচনা কৰা হৈছে।
এই প্ৰশ্ন বেংকত (Question Bank) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত পাঠভিত্তিক সকলো প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন, আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ (PYQ) সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই নোটছসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰম (New Syllabus) আৰু শেহতীয়া ব্লুপ্ৰিণ্ট অনুসৰি প্ৰস্তুত কৰা হৈছে।
বংগ বিভাজন আৰু স্বদেশী আন্দোলন পাঠৰ পৰা মেট্ৰিক পৰীক্ষাত কিমান নম্বৰৰ প্ৰশ্ন আহে?
পৰীক্ষাৰ ব্লুপ্ৰিণ্ট অনুসৰি এই পাঠৰ পৰা 1 নম্বৰৰ অতি চমু প্ৰশ্নৰ (VSA/MCQ) পৰা আৰম্ভ কৰি 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নলৈকে আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top