Class 10 Science Chapter 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন Solutions | ASSEB Assam | Assamese Medium

দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৫ – মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | ASSEB Assam (Assamese Medium)

দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৫ – মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ পঞ্চম অধ্যায় ‘মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন’ (Periodic Classification of Elements) ৰসায়ন বিজ্ঞানৰ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Science Chapter 5 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু পৰ্যাবৃত্ত তালিকাৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন’ নামৰ এই পাঠটিত ড’বাৰেইনাৰৰ ত্ৰয়ী, নিউলেণ্ডছৰ অষ্টক সূত্ৰ, মেণ্ডেলীভৰ পৰ্যাবৃত্ত তালিকা আৰু ইয়াৰ সীমাবদ্ধতা, আধুনিক পৰ্যাবৃত্ত তালিকা, আৰু আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলৰ ধৰ্মৰ প্ৰৱণতা (যেনে- যোজ্যতা, পাৰমাণৱিক আকাৰ, ধাতৱ আৰু অধাতৱ ধৰ্ম) আদি সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ পৰা অহা প্ৰশ্নসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে বিজ্ঞান বিষয়ৰ প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • মৌলৰ শ্ৰেণীবিভাজনৰ প্ৰয়োজনীয়তা আৰু ইতিহাসৰ বিস্তৃত আলোচনা।
  • মেণ্ডেলীভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মাজত থকা পাৰ্থক্যৰ সহজ সমাধান।
  • বৰ্গ আৰু পৰ্যায়ত মৌলৰ পাৰমাণৱিক আকাৰ, যোজ্যতা আদিৰ পৰিৱৰ্তনৰ নিৰ্দোষ উত্তৰ।
  • ১ নম্বৰৰ অতি চমু (VSA objective type), ২-৩ নম্বৰৰ চমু প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক বিজ্ঞানৰ সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • বৰ্ণনামূলক প্ৰশ্নৰ লগতে পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Class 10 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

Vibrant Note Box
মৌলৰ পৰ্য্যাবৃত্ত শ্রেণীবিভাজন

মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন 
        প্ৰশ্নাৱলী     
Class 10 Science NCERT Textbook – Page No 81

1.  নিউলেণ্ডৰ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিলনে ? তুলনা কৰা আৰু বিচাৰি উলিওৱা । 

উত্তৰ:- নিউলেণ্ডছৰ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ এটা  ট্ৰায়াড আছিল । সেয়া হ’ল –

ড’বাৰেইনাৰৰ এটা  ট্ৰায়াড

মৌল

চিহ্ন

পাৰমাণৱিক ভৰ

লিথিয়াম

ছ’ডিয়াম

পটেছিয়াম

          Li

         Na

           K

6.9

23.0

39.0

2. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?

উত্তৰ:-

ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাসমূহ হ’ল- 

(i) ড’বাৰেইনাৰে মাত্ৰ তিনিটা ট্ৰায়াডহে প্ৰস্তুত কৰিব পাৰিছিল। এই ত্ৰি মৌল শ্ৰেণী বিভাগ সকলো ক্ষেত্ৰতে গ্ৰহণযোগ্য নাছিল।

(ii) সেই সময়ত বৰ্তি থকা সকলো মৌলৰ শ্ৰেণী বিভাজন কৰিব পৰা নাছিল ।

3. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল ? 

উত্তৰ:- নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ হ’ল- 

(i)  নিউলেণ্ডছৰ অষ্টক সূত্ৰ কেৱল কেলছিয়ামলৈকে প্ৰযোজ্য আছিল । কেলছিয়াম (Ca) ৰ পিছত প্ৰত্যেক অষ্টক মৌলৰ ধৰ্ম প্ৰথম মৌলবিধৰ ধৰ্মতকৈ পৃথক আছিল । 

(ii) নিউলেণ্ডছৰ অষ্টক সূত্ৰমতে প্ৰকৃতিতত মাত্ৰ 56 টা মৌলহে আছিল আৰু ভৱিষ্যতে নতুন মৌলৰ আৱিষ্কাৰৰ সম্ভাৱনা খুব ক্ষীণ বুলি ধৰি লোৱা হৈছিল । কিন্তু সময়ৰ লগে লগে বহু মৌলৰ আৱিষ্কাৰ হ’ল যিবোৰক সুকীয়া ধৰ্মৰ বাবে অষ্টক নীতি অন্তৰ্ভুক্ত কৰিব পৰা নগ’ল । 

(iii) একে স্থানতে মৌলৰ একত্ৰীকৰণ : তালিকাৰ লগত খাপ খাব পৰাকৈ একেটা স্থানতে নিউলেণ্ডছে দুটাকৈ মৌল ৰাখিছিল । তেওঁ আনকি সাদৃশ্য নথকা মৌলকো একেটা স্তম্ভতে ৰাখিছিল । 

উদাহৰণস্বৰূপে : ক’বাল্ট (Co) আৰু নিকেল (Ni) ক একেটা স্থানতে ৰখা হৈছিল । তেনেদৰে সেই একেটা স্তম্ভতে ফ্ল’ৰিন (F), ক্ল’ৰিণ (Cl) আৰু ব্ৰ’মিন (Br) ক ৰখা হৈছিল যাৰ ধৰ্ম উক্ত মৌলসমূহতকৈ ভিন্ন আছিল । 

(iv) অনুপযুক্ত আইৰণ : আইৰণৰ (Fe) ধৰ্ম ক’বাল্ট (Co) আৰু নিকেল (Ni) ৰ সৈতে একে যদিও আইৰণক এই দুটা মৌলৰ পৰা দূৰত স্থান দিয়া হৈছিল ।  

Class 10 Science NCERT Textbook – Page No 85

1. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা । 

K,  C,  Al,  Si,  Ba

উত্তৰ:- 

চিহ্ন

K

C

Al

Si

Ba

মৌলৰ নাম

পটেছিয়াম

কেলছিয়াম

এলুমিনিয়াম

ছিলিকন

বেৰিয়াম

বৰ্গ

I

IV

III

IV

II

অক্সাইডৰ সাধাৰণ সংকেত

R2O

RO2

R2O3

RO2

RO

মৌলৰ অক্সাইডৰ সংকেত

K2O

CO2

Al2O3

SiO2

BaO

ইয়াত R য়ে বৰ্গটোৰ যিকোনো মৌলক নিৰ্দেশ কৰিছে । 

2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল ? ( যিকোনো দুটা ) 

উত্তৰ:- গেলিয়ামৰ উপৰি যি মৌলসমূহ আৱিষ্কাৰ হোৱাৰ পূৰ্বেই  মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত খালী স্থান ৰখা মৌল দুটা হ’ল-

 (i) স্কেণ্ডিয়াম (Sc) আৰু 

 (ii) জাৰ্মেনিয়াম (Ge) ।

3. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ(Criteria) কি কি আছিল ?

উত্তৰ:-মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ(Criteria)হ’ল – 

(i) মৌলবোৰৰ পাৰমাণৱিক ভৰ অনুযায়ী সজোৱা ।

 (ii) একে ৰাখায়নিক ধৰ্ম বিশিষ্ট মৌলবোৰক একেটা বৰ্গতে ৰখা । 

4. সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে ?

উত্তৰ:- সম্ভ্ৰান্ত গেছবোৰৰ বাহিৰতম কক্ষটোত 8 টাকৈ ইলেকট্ৰন থাকে । গতিকে ৰাসয়নিকভাৱে এইবোৰ প্ৰায় নিষ্ক্ৰয় । সেয়ে  ইহঁতক একেটা বৰ্গতে ৰখা হৈছে ।

যেনে- হিলিয়াম(He), নিয়ন (Ne), আর্গন(Ar), ক্ৰিপ্টন (Kr), জেনন (Xe) আৰু ৰেডন (Rn) আদি । 

Class 10 Science NCERT Textbook – Page No 90

1. আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কি দৰে দূৰ কৰিছিল ?

উত্তৰ:-মৌলবোৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্ম হৈছে  সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ । এই পাৰমাণৱিক সংখ্যাৰ ওপৰতেই আধুনিক পৰ্যাবৃত্ত তালিকা আধাৰিত । এনেদৰে আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ দূৰ কৰাৰ প্ৰক্ৰিয়াবোৰ হ’লঃ

(i) আধুনিক প্ৰৰ্যাবৃত্ত তালিকাত সমস্থানিক (isotope) বোৰক একেটা স্থানতে ৰখা হ’ল । কাৰণ সমস্থানিকবোৰৰ ভৰ সংখ্যা বেলেগ যদিও  পৰমাণৱিক সংখ্যা একে ।

(ii) আধুনিক পৰ্যাবৃত্ত তালিকাত একে সংখ্যাৰ যোজক ইলেকট্ৰন থকা মৌলবোৰক একেটা বৰ্গতে ৰখা হয় ।

(iii) ক’বাল্ট আৰু নিকেলৰ ভৰ সংখ্যাৰ ক্ষেত্ৰত থকা আসোৱাহ দূৰ হ’ল । ভৰ সংখ্যা মতে ক’বাল্টৰ(Co) (পাৰমাণৱিক ভৰ 58.93)  পাৰমাণৱিক সংখ্যা 27 আৰু নিকেলৰ (Ni) (পাৰমাণৱিক ভৰ 58.71) 28 কিন্তু পাৰমানৱিক ভৰৰ ক্ষেত্ৰত ক’বাল্টতকৈ নিকেলৰ কম । গতিকে নিকেলৰ স্থান ক’বাল্টতকৈ পিছত হয় ।

2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা । তোমাৰ এই বাচনিৰ ভিত্তি কি ?

উত্তৰ:- মেগনেছিয়ামৰ((Mg) ইলেক্ট্ৰ’নীয় বিন্যাস 2,8,2 অৰ্থাত ইয়াৰ যোজক কক্ষত 2 টা ইলেক্ট্ৰ’ন আছে । 

একেদৰে বেৰেলিয়ামৰ (Be)  ইলেক্ট্ৰ’নীয় বিন্যাস 2,2 আৰু কেলছিয়ামৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2,8,8,2 । অৰ্থাত ইয়াৰো যোজক কক্ষত 2 টা ইলেক্ট্ৰ’ন আছে । বেৰেলিয়াম আৰু কেলছিয়াম উভয়ৰে দুটাকৈ  ইলেক্ট্ৰ’ন আছে গতিকে এই মৌল দুটাই মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব ।

3. নাম লিখা ।

a) বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰ’ন থকা তিনিটা মৌলৰ ।

b) বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্ৰ’ন থকা দুটা মৌল ।

c) পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌল ।

উত্তৰঃ- বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰ’ন থকা তিনিটা মৌল হৈছে- লিথিয়াম (Li), ছ’ডিয়াম (Na), পটাছিয়াম (K)। 

b) বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্ৰ’ন থকা দুটা মৌল ।

উত্তৰঃ- বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্ৰ’ন থকা দুটা মৌল হৈছে-  মেগনেছিয়াম (Mg),  কেলছিয়াম (Ca) ।

c) পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌল ।

উত্তৰঃ- পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌল হৈছে-  হিলিয়াম (He), নিয়ন (Ne), আৰ্গন (Ar) ।

4. a) লিথিয়াম, ছডিয়াম, পটেছিয়াম – এই আটাইকেইটা ধাতু । ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে । এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে  ? 

উত্তৰ:-  লিথিয়াম, ছডিয়াম, পটেছিয়াম ধাতুৰ পৰমাণুৰ সাদৃশ্য এয়ে যে আটাইকেইটা মৌলৰ পৰমাণুৰ বহিৰতম কক্ষত মাত্ৰ এটাকৈ ইলেক্ট্ৰ’ন আছে । গতিকে, তিনিওটা মৌলৰে যোজ্যতা 1 । 

 b) হিলিয়াম এটা নিষ্ক্ৰয় গেছ আৰু নিয়নো নিষ্ক্ৰয়   গেছ । ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল দেখা যায় ।

উত্তৰ:- হিলিয়াম He আৰু নিয়ন Ne উভয়ৰে বহিৰতম কক্ষ ইলেকট্ৰনেৰে পৰিপবৰ্ণ । সেইবাবে পৰমাণুবোৰৰ মাজত  মিল দেখা যায় ।

5. আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোন কেইটা ধাতু ?

উত্তৰ:-আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত লিথিয়াম (Li)  আৰু বেৰেলিয়াম  (Be)  দুটা ধাতু ।

6. পৰ্য্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব বুলি অনুমান কৰিবা ? 

Ga, Ge, As, Se, Be ।

উত্তৰ:- যিহেতু এটা পৰ্যায়ত মৌলৰ ধাতৱীয় গুণ বাওঁ ফালৰ পৰা সোঁফাললৈ কমি আহে । গতিকে বেৰিলিয়াম (Be) আটাইতকে বেছি ধাতৱ ধৰ্মী ।  

অণুশীলনী

1. পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?

     (a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে ।

     (b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে ।

     (c) পৰমাণুবোৰ সিহঁতৰ যোজক ইলেক্ট্ৰ’ন অধিক সহজে হেৰুৱায় ।

     (d) অক্সইডবোৰ বেছি আম্লিক হৈ পৰে ।

   উত্তৰঃ-(c)পৰমাণুবোৰ সিহঁতৰ যোজক ইলেক্ট্ৰ’ন অধিক সহজে হেৰুৱায় ।

2. মৌল X  য়ে XCl2 সংকেত ক্ল’ৰাইড গঠন কৰে । ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ । মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাততৈ বেছি ? 

(a) Na       

(b) Mg

(c) Al

(d) Si

উত্তৰঃ- (b) Mg

3. কোনটো মৌলৰ আছে 

(a) ইলেক্ট্ৰ’ন পূৰ্ণ দুটা কক্ষ ?

উত্তৰঃ- a) নিয়ন Ne – 2.8    । 

(b)  2, 8, 2 ইলেক্ট্ৰ’নীয় বিন্যাস ?

উত্তৰঃ- মেগনেছিয়াম Mg । 

(c) যোজক কক্ষত চাৰিটা ইলেক্ট্ৰ’নৰে সৈতে মুঠ তিনিটা কক্ষ ?

উত্তৰঃ- ছিলিকন  Si – 2 . 8 . 4     ।  

(d) যোজক কক্ষত তিনিটা ইলেক্ট্ৰ’নৰে সৈতে মুঠ দুটা কক্ষ ?

উত্তৰঃ-  ব’ৰন B – 2 . 3 । 

(e)  দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰ’ন ?

উত্তৰঃ-  কাৰ্বন C – 2 . 4   । 

4. a) পৰ্যাবৃত্ত তলিকাত ব’ৰণৰ সৈতে একেটা স্তম্ভকে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ?

উত্তৰঃ- a) পৰ্যাবৃত্ত তালিকাত ব’ৰনৰ স্থান হ’ল – ২ য় পৰ্যায়ৰ 13 বৰ্গ । ইয়াৰ যোজক কক্ষৰ ইলেক্ট্ৰ’নৰ সংখ্যা  3 গতিকে পৰ্যাবৃত্ত তালিকাত ব’ৰনৰ লগত স্থান পোৱা মৌলসমূহৰ যোজ্যতা 3 । 

b) পৰ্যাবৃত্ত তালিকাত ফ্ল’ৰিনৰ সৈতে একেটা স্তম্ভকে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ?

উত্তৰঃ- পৰ্যাবৃত্ত তালিকাত ফ্ল’ৰিনৰ  স্থান  ২ য় পৰ্যায়ব 17 বৰ্গ । 17 বৰ্গৰ আন মৌলসমূহক একেলগে হেল’জেন পৰিয়াল বোলে । ইহঁতৰ যোজ্যতা -1 আৰু ইহঁতে আন মৌলৰ লগত আয়নীয় ৰান্ধনিৰ বান্ধ খাই হেলাইড যৌগ গঠন কৰে ।

5. এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ’ল 2, 8, 7 ।

a. এই মৌলটোৰ পৰমাণৱিক সংখ্যা কি ? 

উত্তৰঃ- পাৰমাণৱিক সংখ্যা = 17 ।

b. তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে)

N(7),  F(9),  P(15),  Ar(18)

উত্তৰঃ-      F (9) ৰ লগত সাদৃশ্য থাকিব । 

6. পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে ।

16 বৰ্গ         17 বৰ্গ

 –                 –

 –                 A

–                  –

B                  C

a) মৌল A  ধাতুনে অধাতু ?

উত্তৰঃ-  A অধাতু কিয়নো ই 17 বৰ্গত আছে ।

b)  C মৌলক A তকৈ বেছি সক্ৰিয়নে কম সক্ৰিয় ?

উত্তৰঃ- C মৌলটো A তকৈ কম সক্ৰিয় । (যিহেতু এটা বৰ্গত তলৰফালে ৰাসায়নিক সক্ৰিয়তা হ্ৰাস পায়) ।

c)  C মৌলটো আকাৰত B তকৈ ডাঙৰনে সৰু ? 

উত্তৰঃ- সৰু হ’ব ।(যিহেতু এটা পৰ্যায়ত বাওঁ ফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক আকাৰ কমি আহে )।

d) মৌল A কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব ?

উত্তৰঃ– A মৌল 17 বৰ্গত আছে । ইয়াৰ যোজ্যতা -1 হ’ব । অৰ্থাৎ ই ইলেকট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰিব অৰ্থাৎ এনায়ন গঠন হ’ব ।

7. নাইট্ৰ’জেন (পৰমাণৱিক সংখ্যা 7) আৰু ফছফ’ৰাছ (পাৰমাণৱিক সংখ্যা 15) পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে । এই মৌল দুটাৰ ইলেকট্ৰনীয় বিন্যাস লিখা । ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ’ব আৰু কিয় ?

উত্তৰঃ- আমি জানো যে, 

নাইট্ৰজেনৰ ইলেকট্ৰনীয় বিন্যাস = 2,5   

ফছফ’ৰাছৰ ইলেকট্ৰনীয় বিন্যাস = 2,8,5

নাইট্ৰজেনৰ পৰমাণুৰ আকাৰ ফছফৰাছ পৰমাণুৰ আকাৰতকৈ সৰু । ফলস্বৰূপে  ইলেক্ট্ৰ’ন গ্ৰহণ কৰাৰ প্ৰৱণতা ফছফৰাছতকৈ নাইট্ৰ’জেনৰ অধিক । ইহঁতৰ নাইট্ৰ’জেনৰ  বেছি বিদ্যুৎ ঋণাত্মক হ’ব ।

8. পৰমাণু এটাৰ ইলেকট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কি দৰে জড়িত হৈ আছে ?

উত্তৰঃ- পৰমাণু এটাৰ ইলেকট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কি দৰে জড়িত হৈ থাকে । যেনে –

(i)  পৰ্যায় সংখ্যা : এটা মৌলৰ পৰ্যায় সংখ্যা মৌলটোৰ পৰমাণুত থকা কক্ষৰ সংখ্যাই নিৰ্ধাৰণ কৰে । একে সংখ্যক কক্ষ থকা আটাইবোৰ মৌলৰ পৰমাণু একোটা পৰ্যায়ৰ অন্তৰ্ভুক্ত । 

(ii) বৰ্গ সংখ্যা : বিভিন্ন মৌলৰ পৰমাণু যাৰ যোজক ক্ষমতা ইলেক্ট্ৰ’নৰ সংখ্যা একে হয় , তেনেবোৰ মৌল একেটা বৰ্গৰে  অন্তৰ্ভুক্ত ।  

9. আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়াম (পৰমাণৱিক সংখ্যা 20) 12, 19, 21 আৰু 38 পৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে । এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰায়ায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে ? 

উত্তৰঃ- আমি জানোঁ যে,

  কেলছিয়ামৰ (Ca) পৰমামৱিক সংখ্যা = 20

 ইলেকট্ৰনীয় বিন্যাস  = 2, 8, 8, 2

গতিকে ইয়াৰ যোজক ইলেকট্ৰনৰ সংখ্যা = 2 

                                             যোজ্যতা = 2

গতিকে ওপৰত উল্লেখিত যি মৌলৰ যোজক ইলেকট্ৰনৰ সংখ্যা 2 হ’ব, সিয়ে কেলছিয়ামৰ Ca ৰ লগত মিলিব ।

পাৰমাণৱিক সংখ্যা

ইলেক্ট্ৰ’নীয় বিন্যাস

যোজক ইলেক্ট্ৰ’ন

12

2,8,2

2

19

2,8,8,1

1

21

2,8,8,3

3

38

2,8,18,8,2

2

গতিকে দেখা গ’ল 12 আৰু 38 পাৰমাণৱিক সংখ্যা যুক্ত মৌলৰ ৰাসয়নিক আৰু ভৌতিক ধৰ্মসমূহ কেলছিয়ামৰ Ca ৰ লগত মিলে ।

10. মেণ্ডেলিৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন (arrangement)  ৰ তুলনা কৰা ।  

উত্তৰঃ-  

মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা

আধুনিক পৰ্যাবৃত্ত তালিকা

(i) পাৰমাণৱিক ভৰৰ উৰ্ধ্বক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰা হৈছে ।

(ii) মৌলৰ সমস্থানিকক সঠিক স্থান দিয়া হোৱা নাই ।

(iii) কিছুক্ষেত্ৰত অধিক পাৰমাণৱিক ভৰসম্পন্ন মৌল এটাক কম ভৰসম্পন্ন মৌল এটাতকৈ আগত স্থান দিয়া হয় ।

(iv) 8 টা স্তম্ভ আছে যাক বৰ্গ বোলা হয় ।

(v) বহুতো ধাতু আৰু অধাতু একেটা বৰ্গতে ৰখা হৈছে ।

(vi) মেণ্ডেলিভৰ সময়ত সম্ভান্ত্ৰ গেছৰ আৱিষ্কাৰ হোৱা নাছিল ।

(vii) হাইড্ৰ’জেনৰ স্থান স্পষ্ট নাছিল ।

(i) পাৰমাণৱিক সংখ্যাৰ উৰ্ধ্বক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰা হৈছে ।

(ii) পাৰমাণৱিক সংখ্যা একে হোৱা হেতুকে এটা মৌলৰ সমস্থানিকসমূহক একেটা স্থানতে ৰখা হৈছে ।

(iii) ) পাৰমাণৱিক সংখ্যাৰ উৰ্ধ্বক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰাৰ ফলত এনে আসোঁৱাহ দূৰ হয় ।

(iv) 18 টা স্তম্ভ আছে যাক বৰ্গ বোলা হয় ।

(v) ধাতু আৰু অধাতু পৃথক কৰা হৈছে ।

(vi) সম্ভান্ত্ৰ গেছক পৃথক বৰ্গত ৰখা হৈছে ।(বৰ্গ 18)

(vii) ক্ষাৰ ধাতুৰ ওপৰত হাইড্ৰ’জেনক ৰখা হৈছে ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৫ (মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ৫ ত কি কি মূল বিষয় আলোচনা কৰা হৈছে?
এই অধ্যায়ত ড’বাৰেইনাৰৰ ত্ৰয়ী, নিউলেণ্ডছৰ অষ্টক সূত্ৰ, মেণ্ডেলীভৰ পৰ্যাবৃত্ত তালিকা, আধুনিক পৰ্যাবৃত্ত তালিকা আৰু পৰ্যাবৃত্ত তালিকাত মৌলৰ ধৰ্মৰ (যেনে- যোজ্যতা, পাৰমাণৱিক আকাৰ) প্ৰৱণতাৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল বিজ্ঞান পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, আধুনিক পৰ্যাবৃত্ত তালিকাৰ ধৰ্মসমূহৰ বিশ্লেষণ আৰু পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
পৰীক্ষাত এই অধ্যায়ৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা মেণ্ডেলীভ আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ পাৰ্থক্য, ইলেক্ট্ৰনীয় বিন্যাসৰ ওপৰত ভিত্তি কৰি মৌলৰ স্থান নিৰ্ণয়, ১-৩ নম্বৰৰ চমু প্ৰশ্ন, আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) সাধাৰণতে সোধা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top