দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৭ – নিয়ন্ত্ৰণ আৰু সমন্বয় – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | ASSEB Assam (Assamese Medium)
দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৭ – নিয়ন্ত্ৰণ আৰু সমন্বয় সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ সপ্তম অধ্যায় ‘নিয়ন্ত্ৰণ আৰু সমন্বয়’ (Control and Coordination) জীৱবিজ্ঞানৰ (Biology) এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Science Chapter 7 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু গুৰুত্বপূৰ্ণ চিত্ৰসমূহৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘নিয়ন্ত্ৰণ আৰু সমন্বয়’ নামৰ এই পাঠটিত জীৱদেহৰ বিভিন্ন অংগৰ মাজত কেনেকৈ সংযোগ স্থাপন হয় তাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াত প্ৰাণীৰ স্নায়ুতন্ত্ৰ, প্ৰতীপ ক্ৰিয়া, মানুহৰ মগজুৰ গঠন আৰু কাৰ্য, উদ্ভিদৰ বিভিন্ন চলন আৰু হৰম’ন, লগতে মানৱ দেহৰ অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ আৰু ইহঁতে নিঃসৰণ কৰা হৰম’নৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ পৰা অহা প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে বিজ্ঞান বিষয়ৰ প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- প্ৰাণীৰ স্নায়ুতন্ত্ৰ (Nervous System) আৰু প্ৰতীপ ক্ৰিয়াৰ (Reflex Action) বিস্তৃত আলোচনা।
- মানুহৰ মগজুৰ (Human Brain) বিভিন্ন অংশ আৰু ইহঁতৰ কাৰ্যৰ সহজ সমাধান।
- উদ্ভিদৰ চলন আৰু উদ্ভিদ হৰম’নৰ (Plant Hormones) কাৰ্যপ্ৰণালীৰ নিৰ্দোষ উত্তৰ।
- প্ৰাণীৰ হৰম’ন আৰু অন্তঃস্ৰাৱী গ্ৰন্থিসমূহৰ (Endocrine Glands) নাম আৰু কাৰ্যৰ সম্পূৰ্ণ বিৱৰণ।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক বিজ্ঞানৰ সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- বৰ্ণনামূলক প্ৰশ্নৰ লগতে পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Download Class 10 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.
নিয়ন্ত্ৰণ আৰু সমন্বয়
প্ৰ শ্না ৱ লী
Class 10 Science NCERT Textbook – Page No 119
1. প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য
|
প্ৰতীক ক্ৰিয়া |
খোজকঢ়া |
|---|---|
|
একেটা উদ্দীপনাৰ প্ৰতি এক দ্ৰুত আচম্বিত আৰু এনৈচ্ছিক সহাঁৰি । উদাহৰণস্বৰূপে- হাঁচি মৰা, চকু টিপিওৱা ইত্যাদি । |
একে সুবিবেচনাপূৰ্ণ ঐচ্ছিক প্ৰক্ৰিয়া যত উদ্দীপনাৰ প্ৰতি সহাঁৰি জড়িত নহয় । |
|
চিন্তন প্ৰক্ৰিয়া জড়িত নহয় । |
চিন্তন প্ৰক্ৰিয়া জড়িত হয় । |
|
স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে । |
মস্তিষ্কই নিয়ন্ত্ৰণ কৰে । |
|
ছেকেণ্ডত সম্পন্ন হয় । |
সম্পন্ন হ’বলৈ তুলনামূলকভাৱে অধিক সময়ৰ প্ৰয়োজন । |
2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত কি ঘটে ?
উত্তৰঃ দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছৰ মাজেদি স্নায়ু সংবেদন আমাৰ দেহত প্ৰেৰণ হয় । দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত ৰাসায়নিক পদাৰ্থৰ সঞ্চালন ঘটে ।
3. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ?
উত্তৰঃ পশ্চাৎ মস্তিুষ্কত অৱস্থিত চেৰিবেলামে দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়।
4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?
উত্তৰঃ নাকৰ স্নায়ুকোষৰ ডেনড্ৰাইটত অৱস্থিত ঘ্ৰাণ সংগ্ৰাহকৰ সহায়ত আমি ধূপকাঠিৰ গোন্ধ লওঁ ।
5. প্ৰতীপ ক্ৰিয়াত মগজুৰ ভূমিকা কি?
উত্তৰঃ প্ৰতীপ ক্ৰিয়াত মগজুৰ ভূমিকা পালন নকৰে কিয়নো কাৰ্যকৰী পেশীয়ে ক্ৰিয়াৰ বাৰ্তা স্নায়ুৰজ্জুৰ পৰা পোনপটীয়াকৈ লাভ কৰে । অৱশ্য এই তথ্য মগজতো উপনীত হয় যত এয়া ভৱিষ্যতলৈ স্মৃতি হিচাপে সঞ্চিত হৈ থাকে ।
Class 10 Science NCERT Textbook – Page No 122
1. উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ (Plant Hormone) বিলাক কি কি ?
উত্তৰঃ (i) জিবাৰেলিন
(ii)চাইট’কাইনিন
(iii) অক্সিন
(iv) এবচাইছিক এছিড
2. নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে ?
উত্তৰঃ নিলাজী বনৰ বিকাশ বা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই । আনহাতে, বীজৰ অংকুৰণৰ গতি বা চলনৰ দিশটো বিকাশ বা বৃদ্ধিৰ লগত জড়িত । নিলাজী বনৰ ক্ষেত্ৰত স্পৰ্শ কৰা অংশৰ পৰা গতি লাভ কৰা অংশৰ সংযোগ স্থাপনত বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি এটা কোষৰ পৰা আন এটা কোষলৈ সংযোগ হৈ থাকে । এই চলাচল দ্ৰুতিগতিত সংঘটিত হয় । আনহাতে, কাণ্ডৰ কুমলীয়া আগ পোহৰৰ দিশত মন্থৰ গতিত সংঘটিত হয় ।
|
নিলাজী বনৰ পাতৰ চলন |
কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত কৰা গতি |
|---|---|
|
নিলাজী বনৰ বিকাশ বা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই । |
বীজৰ অংকুৰণৰ গতি বা চলনৰ দিশটো বিকাশ বা বৃদ্ধিৰ লগত জড়িত । |
|
নিলাজী বনৰ ক্ষেত্ৰত স্পৰ্শ কৰা অংশৰ পৰা গতি লাভ কৰা অংশৰ সংযোগ স্থাপনত বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি এটা কোষৰ পৰা আন এটা কোষলৈ সংযোগ হৈ থাকে। |
কাণ্ডৰ কুমলীয়া আগ পোহৰৰ দিশত মন্থৰ গতিত সংঘটিত হয়। |
3. উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া।
উত্তৰ- অক্সিন (Aunin) ।
4. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে ?
উত্তৰ- অক্সিনে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগায়। উদ্ভিদৰ আকৰ্ষত অক্সিনৰ গাঢ়তা বৃদ্ধিয়ে ইয়াৰ কোষবোৰৰ দৈৰ্ঘ্য বৃদ্ধি কৰে । ইয়াৰ বাবে আকৰ্ষডাল বেকা হয় আৰু বস্তু এটাৰ চাৰিওফালে মেৰাই ধৰি তাত লাগি ধৰে ।
5. জলানুবেগী (Hydrotropism) ৰ পৰীক্ষা মূলক আৰ্হি এটা প্ৰস্তুত কৰা ।
উত্তৰ- উদ্ভিদৰ শিপাই সদায় আৰ্দ্ৰতা বা পানীৰ দিশত গতি কৰে আৰ্দ্ৰতা বা পানীৰ দিশত উদ্ভিদৰ শিপাৰ এই চলাচলক জলানুবেগী বা হাইড্ৰ’ট্ৰ’পিজিম পিজিম বোলা হয় ।
পৰীক্ষাঃ বালিৰে পূৰ্ণ এটা ডাঙৰ পাত্ৰত এটা মটৰ মাহৰ পুলি ৰোপন কৰা হ’ল। বালিত পুলিটোৰ পৰা কিছু দূৰত পানীৰে পূৰ্ণ এটা ৰন্ধ্ৰযুক্ত পাত্ৰ ৰখা হ’ল। কিছুদিনৰ পাছত দেখা যাব যে পুলিটোৰ শিপাডাল পানীৰ পানীৰ উৎসৰ ফালে বেকা হৈছে। এই পৰীক্ষাটোৱে দেখুওৱায় যে উদ্ভিদৰ শিপাই সদায় পানীৰ দিশত গতি কৰে ।
Class 10 Science NCERT Textbook – Page No 125
1. প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?
উত্তৰ- প্ৰাণীদেহত হ’ৰমনৰ দ্বাৰা ৰায়ায়নিক সমন্বয় সংঘটিত হয়। প্ৰাণীৰ শৰীৰত থকা অন্তঃস্ৰাৱী গ্ৰন্থিয়ে হৰম’ন নিঃসৰণ কৰে। এই গ্ৰন্থিবোৰে ক্ষৰণ কৰা হৰম’নসমূহ প্ৰত্যক্ষভাৱে তেজত মিহলি হৈ যায় আৰু এই হৰম’ন ক্ৰিয়া কৰা স্থান সমূহহলৈ পৰিৱাহিত হয় ।
2. আয়ডিনযুক্ত লৱণ খোৱাটো কিয় আৱশ্যক ?
উত্তৰ- আয়ডিনৰ সহায়ত আমাৰ শৰীৰত থকা থাইৰড গ্ৰন্থিয়ে থাইৰ’ক্সিন নামৰ হৰম’নবিধ তৈয়াৰ কৰে। থাইৰ’ক্সিনে আমাৰ শৰীৰত কাৰ্ব’হাইড্ৰেট, প্ৰটিন আৰু চৰ্বীৰ বিপাক নিয়ন্ত্ৰণ কৰি বৃদ্ধিৰ বাবে এক উপযুক্ত সমতাৰ যোগান ধৰে। গতিকে আয়ডিন পুষ্টি লৱন খোৱাটো আৱশ্যক ।
3. আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰন ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয় ?
উত্তৰ- এড্ৰিনেলিনৰ পোন পটীয়াকৈ তেজত নিঃসৰণ ঘটিলে দেহৰ বিভিন্ন অংশলৈ প্ৰৱাহিত হয়। এড্ৰিনেলিনে নিৰ্দিষ্ট কোষকালত ক্ৰিয়া কৰে । ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয়। ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্ৰৱাহিত হয়। মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়। এই সকলোবিলাক একেলগ হৈ এটা কাৰ্য সম্পাদন হয় ।
4. কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয় ?
উত্তৰ- ইনচুলিন হ’ল আমাৰ শৰীৰৰ অগ্নাশয় গ্ৰন্থিয়ে ক্ষৰণ কৰা এবিধ হৰম’ণ, যিয়ে আমাৰ তেজৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে যদি এই হৰম’নবিধ উপযুক্ত পৰিমাণত ক্ষৰণ কৰা নাযায়, তেনেহ’লে আমাৰ তেজত শৰ্কৰাৰ স্তৰৰ বৃদ্ধি হয়, যাৰ ফলত শৰীৰত নানা হানিকাৰক প্ৰভাৱে দেখা দিব পাৰে। আমাৰ তেজত শৰ্কৰাৰ স্তৰৰ বৃদ্ধিয়ে ডায়েবেটিছ ৰোগৰ সৃষ্টি কৰে, যাৰ বাবে এই ৰোগৰ কিছুমান ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় ।
অনুশীলনী
1. তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ ?
(a) ইনচুলিন
(b) থাইৰ’ক্সিন
(c) অ’ৱেষ্ট্ৰজেন
(d) চাইট’কাইনিন
উত্তৰঃ (d) চাইট’কাইনিন
2. দুটা নিউৰণৰ খালী ঠাইক কি বুলি কয়-
(a) ডেনড্ৰাইট
(b) চাইনেপচ
(c) এক্সন
(d) প্ৰেৰণা
উত্তৰঃ (b) চাইনেপচ
3. মগজুৱে কি কাম কৰে-
(a) ভাৱ আৰু চিন্তা কৰা
(b) হৃদপিন্দু স্পন্দন নিয়ন্ত্ৰণ
(c) দেহৰ সমতা ৰক্ষা
(d) ওপৰৰ আটাইকেইটা
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা
4. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি ? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে ?
উত্তৰঃ সংগ্ৰাহক অংগ হৈছে বিশেষ কোষ বা কোষসমষ্টি যিয়ে বাহ্যিক পৰিৱেশত পৰিবৰ্তন ধৰা পেলায় আৰু এই বাৰ্তাসমূহ মস্তিষ্কলৈ প্ৰেৰণ কৰে । মস্তিষ্কই সংশ্লিষ্ট অংগক সেইমৰ্মে নিৰ্দেশনা দিয়ে ।
যদি সংগ্ৰাহক অংগই সঠিকভাৱে কাৰ্য সম্পন্ন নকৰে তেন্তে আমাৰ জীৱন ধাৰণ বিপদ সংকুল হব লাগে ।
উদাহৰণস্বৰূপে — সংগ্ৰাহক অংগ ছালে তাপ ধৰা পেলাবলৈ অক্ষম হলে আমি লোহিত তপ্ত বস্তু স্পৰ্শ কৰিব লাগিব কিয়নো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বাৰ্তা প্ৰেৰিত নহব যাৰ ফলত ছাল জ্বলি যাব ।
5. নিউৰন গঠনৰ এটা চিত্ৰ আঁকা। ইয়াৰ কাৰ্য বৰ্ণনা কৰা।
উত্তৰঃ নিউৰণঃ

কাৰ্যঃ নিউৰণৰ মুখ্য কাৰ্য হ’ল নিউৰণৰ সহায়ত স্নায়ুপ্ৰেৰণা আমাৰ দেহত সঞ্চালিত হয়। নিউৰনে পৰিৱেশৰ পৰা তথ্য আহৰণ কৰি তাক বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ সঞ্চালিত কৰে।
6. উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয় ?
উত্তৰ- উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেকা হয় আৰু শিপাই পোহৰৰ পৰা আঁতৰলৈ গতি কৰে। পোহৰৰ দিশত উদ্ভিদৰ কাণ্ড বেকা হোৱাৰ লগত অক্সিনৰ প্ৰভাৱ জড়িত থাকে। অক্সিন কাণ্ডৰ অগ্ৰাংশত সংশ্লেষিত হয় আৰু যেতিয়া উদ্ভিদৰ কাণ্ডৰ অগ্ৰাংশই পোহৰ লাভ কৰে, অক্সিনে কাণ্ডৰ ছাঁত থকা অংশলৈ গতি কৰে, আৰু এই অঞ্চলৰ কোষসমূহৰ দৈৰ্য্য বৃদ্ধিত অৰিহণা যোগায়। ইয়াৰ বাবে উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেকা হৈ পৰে।
7. স্নায়ুৰজ্জুত আঘাট হ’লে কেনে বাৰ্তাত ব্যাঘাট ঘটে ?
উত্তৰ- স্নায়ুৰজ্জুৰ দ্বাৰা গোটেই শৰীৰৰ পৰা মস্তিষ্কলৈ আৰু মস্তিষ্কৰ পৰা শৰীৰৰ অংগ সমূহলৈ সকলো বাৰ্তা সঞ্চালিত হয় । গতিকে স্নায়ুৰজ্জুত আঘাট হ’লে শৰীৰৰ সকলো ধৰণৰ সংকেতেই বাধাগ্ৰস্ত হ’ব।
8. উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় ?
উত্তৰ- উদ্ভিদ দেহত হৰমণ নামৰ এবিধ ৰাসায়নিক যৌগৰ সহায়ত ৰাসায়নিক সমন্বয় সধিত হয়। উদ্ভিদ হৰম’ণসমূহে উদ্ভিদদেহৰ বৃদ্ধি, বিকাশ আৰু পৰিৱেশৰ প্ৰতি সঁহাৰিৰ সমন্বয় সাধন কৰে।
9. জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন ?
উত্তৰ- জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে এক তন্ত্ৰৰ প্ৰয়োজন আকৌ বহুকোষী জীৱই নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষাত ব্যৱহাৰ কৰা হৰম’ণবোৰৰ বিচিত্ৰতা আমি ভৱাতকৈ বহুগুনে বেছি । জীৱৰ শৰীৰত বিভিন্ন ক্ৰিয়া-কলাপ চলাই নিয়াৰ বাবে অনবৰতে চলাচলৰ প্ৰয়োজন হয়। এই ক্ৰিয়া-কলাপসমূহ হ’ল পৰিপুষ্টি, শ্বসন, পৰিৱহণ, ৰেচন আদিৰ দৰে অত্যাৱশ্যকীয় জীৱন প্ৰক্ৰিয়াসমূহ এই সকলো ধৰণৰ চলাচলৰ বাবে তন্ত্ৰৰ আৱশ্যক ।
10. ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা ?
উত্তৰ-
1) প্ৰতীপ ক্ৰিয়া কোনো উদ্দীপনাৰ বিপৰীতে আমাৰ শৰীৰৰ হঠাতে আৰু স্বতঃস্ফূতভাৱে সংঘটিত এক প্ৰক্ৰিয়া। আনহাতে, যিবোৰ ক্ৰিয়াৰ লগত ব্যক্তি এজনৰ ইচ্ছা জড়িত থাকে সেইবোৰ ঐচ্ছিক ক্ৰিয়াৰ অৰ্ন্তগত । যেনেঃ খোজ কঢ়া হ’ল আমাৰ শৰীৰৰ এক ঐচ্ছিক ক্ৰিয়া।
2) প্ৰতীপ ক্ৰিয়া যেনে- চকুমণিৰ আকাৰ সলনি কৰা, চকীখন ঘূৰাই দিওঁতে চিন্তাৰ অনুভূতি আদি অনৈচ্ছিক কাৰ্য মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিস্কই নিয়ন্ত্ৰণ কৰি থাকে। আনহাতে, ঐচ্ছিক ক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰে চেৰিবেলাম নামৰ অংশই ।
11. প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’ণৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা ।
উত্তৰঃ-প্ৰানীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’ণৰ ক্ৰিয়াৰ মাজৰ তুলনা তলত উল্লেখ কৰা হ’লঃ-
1) স্নায়ৱিক সমন্বয়ত বৈদ্যুতিক সংকেত হিচাপে বাৰ্তাৰ সঞ্চালন ঘটে। আনহাতে, হৰম’ণৰ দ্বাৰা সমন্বয়ৰ ক্ষেত্ৰত হৰম’ণৰ দ্বাৰা বাৰ্তাৰ সঞ্চালন ঘটে ।
2) স্নায়ুৱিক সমন্বয় ক্ষিপ্ৰ গতিত সংঘটিত হয়, কাৰণ বৈদ্যুতিক সংকেতসমূহ দ্ৰুত গতিত সঞ্চালিত হয়।
হৰম’ণৰ সমন্বয় তুলনামূলক ভাৱে মন্থৰ গতিত সংঘটিত হয়, কাৰণ হৰম’ণসমূহ তেজৰ দ্বাৰা কম দ্ৰুতিৰে পৰিৱাহিত হয়।
3) স্নায়ৱিক সমন্বয় কম প্ৰভাৱী, কাৰণ শৰীৰৰ প্ৰতীটো কোষেই স্নায়ু কলাৰ লগত সংলগ্ন হৈ নাথাকে আনহাতে হৰম’ণৰ সমন্বয় অতিকৈ প্ৰভাৱী, কাৰণ হৰম’ণসমূহ তেজৰ দ্বাৰা পৰিৱাহিত হোৱাৰ ফলত শৰীৰৰ সকলো কোষেই ঢুকি পায়।
12. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য কি ?
উত্তৰঃ
|
নিলাজী বনৰ পাতৰ চলন |
ভৰিৰ চলন |
|---|---|
|
প্ৰতীপ ক্ৰিয়াৰ অনৰ্গত । |
ঐচ্ছিক ক্ৰিয়াৰ অনৰ্গত । |
|
বৈদ্যুতিক ৰাসায়নিক প্ৰেৰণা প্ৰেৰিত হয় । |
স্নায়ুৰ জৰিয়তে তথ্য প্ৰেৰিত হয় । |
|
হৰমন নামৰ ৰাসায়নিক যৌগৰ দ্বাৰা নিয়ন্ত্ৰিত হয় । |
স্নায়ু আৰু পশ্চাত মস্তিষ্কৰ চেৰিবেলাৰ দ্বাৰা নিয়ন্ত্ৰিত হয় । |
|
এই চলন সম্পন্ন কৰিবলৈ বিশেষ কলা নাথাকে । |
এই চলন সম্পন্ন কৰিবলৈ বিশেষ কলাৰ আৱশ্যক । |
