Class 10 Science Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? Solutions | ASSEB Assam | Assamese Medium

দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৮ – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | ASSEB Assam (Assamese Medium)

দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৮ – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ অষ্টম অধ্যায় ‘জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?’ (How do Organisms Reproduce?) জীৱবিজ্ঞানৰ (Biology) এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Science Chapter 8 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু গুৰুত্বপূৰ্ণ চিত্ৰসমূহৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?’ নামৰ এই পাঠটিত জীৱৰ প্ৰজনন প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াত অযৌন আৰু যৌন প্ৰজনন, সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন, মানুহৰ প্ৰজনন তন্ত্ৰ (পুৰুষ আৰু মহিলাৰ), আৰু প্ৰজনন স্বাস্থ্যৰ (Reproductive Health) লগতে জন্ম নিয়ন্ত্ৰণৰ বিভিন্ন পদ্ধতিসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ পৰা অহা প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে বিজ্ঞান বিষয়ৰ প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • যৌন আৰু অযৌন প্ৰজননৰ পাৰ্থক্য আৰু বিভিন্ন প্ৰকাৰৰ অযৌন প্ৰজননৰ (যেনে- বিভাজন, মুকুলোদ্গম আদি) বিস্তৃত আলোচনা।
  • সপুষ্পক উদ্ভিদৰ ফুলৰ গঠন আৰু পৰাগযোগ প্ৰক্ৰিয়াৰ সহজ সমাধান।
  • মানুহৰ পুৰুষ আৰু মহিলা প্ৰজনন তন্ত্ৰৰ গঠন আৰু কাৰ্যৰ নিৰ্দোষ উত্তৰ।
  • প্ৰজনন স্বাস্থ্য, জন্ম নিয়ন্ত্ৰণৰ উপায় আৰু যৌন ৰোগসমূহৰ সম্পূৰ্ণ বিৱৰণ।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক বিজ্ঞানৰ সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • বৰ্ণনামূলক প্ৰশ্নৰ লগতে পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Class 10 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

Vibrant Note Box
জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে ?

প্ৰ শ্না ৱ লী

Class 10 Science NCERT Textbook – Page No 128

1. প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক কি?

উত্তৰঃ- প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক হ’ল-

(i) পিতৃ-মাতৃৰ পৰা পৰা সন্তান-সন্ততিলৈ চাৰিত্ৰিক বৈশিষ্ট্য বহণৰ বাবে আৱশ্যক হোৱা৩ তথ্য বহন কৰে ।

(ii) পিতৃ-মাতৃৰ নিচিনাৰ বৈশিষ্ট্যৰ অধিকাৰী সন্তান-সন্ততিৰ উৎপত্তি কৰে ।

2. প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয় ?

উত্তৰঃ- কোনো জীৱৰ নিন্ত্ৰণৰ বাহিৰৰ কোনো কাৰণ বশতঃ অনুকুল অৱস্থা এটা পৰিৱৰ্তিত হ’ব পাৰে আৰু তেতিয়া জীৱৰ আবাদী সম্পূৰ্ণভাবে নিৰ্মূল হৈ যাব । অৱশ্যে কেতিয়াবা এই আবাদীৰ কিছু জীৱৰ ভিন্নতা আহিব পাৰে আৰু জীয়াই থাকিবলৈ কিছু সুবিধা হ’ব পাৰে । এনেকৈ যদি নাতিশীতোষ্ণ জলভাগত বেক্টেৰিয়া আবাদী বাস কৰি থাকে আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে কিছুমান বেক্টেৰিয়া ধ্বংস হৈ যাব পাৰে আৰু কিছুমান জীয়াই থাকি ভৱিষ্যত বংশবৃদ্ধি কৰিব পাৰে। এনেকৈযে সময়ৰ সোঁতত কোনো প্ৰজাতিৰ জীৱই জীয়াই থাকিবৰ বাবে ভিন্নতাৰ আৱশ্যক ।

Class 10 Science NCERT Textbook – Page no 133

1. দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজত প্ৰভেদ কি ?

উত্তৰঃ

দ্বিবিভাজন

বহু বিভাজন

দ্বি-বিভাজনত এককোষী জীৱসমূহ দুটা সমান ভাগত বিভক্ত হৈ যায় ।

বহু বিভাজনত জীৱবোৰ একে সময়তে বহুকেইটা অপত্য কোষলৈ বিভাজিত হয় ।

উদাহৰণ : এমিবা 

উদাহৰণ : মেলেৰিয়া পৰজিৱী প্লাজম’ডিয়াম ।

2. যদি কোনো জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হ’ব ?

উত্তৰঃ- জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰিলে তলত দিয়া ধৰণে লাভান্বিত হ’ব –

(i) এটা ৰেণুধানীত বহুতো ৰেণুৰ উৎপত্তি হয় ।

(ii) ৰেণুবোৰ অতি ক্ষুদ্ৰ হোৱা হেতুকে বতাহৰ দ্বাৰা বহু দূৰলৈ স্থানান্তৰিত হয় অৰ্থাৎ সাৰ্থকভাৱে বিক্ষিপ্ত হয় ।

(iii) ৰেণুবোৰ ডাঠবেৰৰ দ্বাৰা আবৃত হৈ থাকে আৰু সেয়ে প্ৰতিকূল বতৰতো বৰ্তি থাকে ।

3. উচ্চ খাপৰ জীৱই কিয় পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কৰণ দৰ্শাব পাৰিবানে ?

উত্তৰঃ- উচ্চখাপৰ জীৱৰ দেহত বিশেষত্বপূৰ্ণ কোষসমূহ কলা হিচাপে আৰু কলাসমূহ অংগ হিচাপে সংগঠিত হৈ থাকে, যাক পিছত শৰীৰৰ বিভিন্ন অৱস্থানত প্ৰতিষ্ঠা কৰিবলগীয়া হয় । এনে এক সমতনে সংগঠিত পৰিস্থিতিত, এটা সম্পূৰ্ণ জীৱ তাৰ দেহৰ এটা অংশৰ পৰা বিকশিত কৰাটো সম্ভৱপৰ নহ’ব । কাৰণ জীৱটোৰ এটা অংশৰ পৰা জীৱটোৰ জটিল দৈহিক আৰ্হিৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন কলা আৰু অংগ বিকশিত কৰাটো কঠিন হ’ব । সেয়ে উচ্চখাপৰ জীৱই পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে ।

4. বিশেষ কিছুমান উদ্ভিদৰ উৎত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয় ?

উত্তৰঃ- কিছুমান উদ্ভিদৰ মূল বা শিপা, কাণ্ড আৰু পাতৰ পৰাই উপযুক্ত পৰিৱেশত নতুন উদ্ভিদৰ উৎপত্তি হ’ব পাৰে। উদ্ভিদৰ এই আংগিক বিস্তাৰণৰ বৈশিষ্ট্যটাৰ বাবেই কৃষি ক্ষেত্ৰত কিছুমান উদ্ভিদত যেনে কুঁহিয়াৰ, গোলাপ আদিক জোৰা কলম (Grating) আৰু তৰপীয়া (Layering) পদ্ধতি প্ৰয়োগ কৰা হয় । বীজৰ পৰা উৎপত্তি হোৱা উদ্ভিদৰ বংশ বিস্তাৰ হয় । আংগিক বিস্তাৰণৰ আন এটা সুবিধা হ’ল যে এনে পদ্ধতিৰে উৎপন্ন উদ্ভিদৰ আনুবংশিকভাৱে একে হোৱাৰ উপৰি চৰিত্ৰগত বৈশিষ্ট পৈতৃক পুৰুষৰ সৈতে একে হয় ।

5. প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাবে ডি.এন.এ. (DNA) প্ৰতিলিপিকৰণ কিয় প্ৰয়োজন ?

উত্তৰঃ– DNA জীৱদেহত থকা প্ৰধান জেনেটিক দ্ৰৱ্য ।

(i) পিতৃ-মাতৃৰ পৰা পৰা সন্তান-সন্ততিলৈ চাৰিত্ৰিক বৈশিষ্ট্য বহণৰ বাবে আৱশ্যক হোৱাত তথ্য বহন কৰে ।

(ii) পিতৃ-মাতৃৰ নিচিনাৰ বৈশিষ্ট্যৰ অধিকাৰী সন্তান-সন্ততিৰ উৎপত্তি কৰে ।

Class 10 Science NCERT Textbook – Page no 133

1. নিষেচন আৰু পৰাগযোগৰ প্ৰাৰ্থক্য কেনেভৰণৰ ?

উত্তৰঃ- 

পৰাগযোগ

নিষেচন

(খ) ফুলৰ পৰাগধানীৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণ প্ৰক্ৰিয়া ।

(ক) ডিম্বকত পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলস্বৰূপে যোজনকোষ উৎপন্ন হোৱা প্ৰক্ৰিয়া ।

(খ) গৰ্ভমুণ্ডৰ পৃষ্ঠভাগত সংঘটিত হয় ।

(খ) ডিম্বাশয়ত সংঘটিত হয় যত পৰাগৰেণু ডিম্বৰ সৈতে মিলিত হয় ।

(গ) দুই প্ৰকাৰৰ-ইতৰ পৰাগযোগ আৰু স্ব-পৰাগযোগ

(গ) নিষেচনৰ এনেকুৱা প্ৰকাৰ নাথাকে ।

(ঘ) কোষৰ মিলন নঘটে ।

(ঘ) কোষৰ মিলন ঘটে ।

(ঙ) বতাহ, পানী, প্ৰাণী আদি বাহ্যিক কাৰকৰ দ্বাৰা সংঘটিত হয় ।

(ঙ) এনেধৰণৰ কাৰক জড়িত নাথাকে । কেম’ট্ৰপিনিমৰ দ্বাৰা সংঘটিত হয় ।

2. শুক্ৰাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?

উত্তৰঃ- শুক্ৰাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা হ’ল –

(i) শুক্ৰাণুৰ গতিপথত সহায় কৰে ।

(ii) ফ্ৰুষ্টজ, কেলছিয়াম আৰু কিছুমান উৎসেচকৰ ৰূপত শুক্ৰাণুক পুষ্টিৰ যোগান ধৰে ।

3. কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিৱৰ্তন দেখা যায় ?

উত্তৰঃ- কৈশোৰ কালত ছোৱালীৰ দেহত পৰিৱৰ্তনসমূহ হল-

(i) স্তনযুগলৰ আকাৰ বাঢ়ে ।

(ii) যৌনাংগৰ কাষত চুলি গজা দেখিবলৈ পোৱা যায় ।

(iii) মুখৰ ছাল তেলতিয়া হয় আৰু ফলত এই অংশত শালমইনা

(Pimples) উঠে ।

(iv) ছোৱালীবোৰৰ ঋতুচক্ৰ আৰম্ভ হয় ।

4. মাতৃদেহত ভ্ৰূণকোষে কেনেকৈ পুষ্টি লাভ কৰে ?

উত্তৰঃ- মাতৃদেহত ভ্ৰূণটোৱে প্লেচেন্টা নামৰ এবিধ বিশেষ কলাৰ সহায়ত পৰিপুষ্টি লাভ কৰে। ই এখন থালৰ নিচিনা যি জৰায়ুৰ বেৰত পুত খাই থাকে ভ্ৰূণটোৰ ফালে থকা প্লেচেন্টাৰ অংশটোত ভিলাই থাকে। আনহাতে, মাতৃৰ ফালত থকা অংশটোত ৰক্ত স্থানসমূহ থাকে, যিয়ে ভিলাই বোৰক আৱৰি থাকে । ইয়ে মাতৃৰ পৰা ভ্ৰূণটোলৈ গ্লুক’জ আৰু অক্সিজেন পাৰ হবলৈ এক বৃহৎ পৃষ্ঠকালিৰ যোগান ধৰে।

5. যদি মহিলা এগৰাকি কপাৰ-টি (Copper T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰোগ সঞ্চাৰিত প্ৰতিৰোধ হ’বনে ?

উত্তৰঃ-  যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌনৰোগ সঞ্চাৰণ প্ৰতিৰোধী নহ’ব । ই এবিধ গৰ্ভনিৰোধক পদ্ধতি যিয়ে গৰ্বধাৰণ প্ৰতিৰোধহে সহায় কৰে । এনে ৰোগৰ পৰা সুৰক্ষা পাবলৈ যৌন ক্ৰিয়াৰ সময়ত কনডম নামৰ বস্তু ব্যৱহাৰ কৰা হয় যিয়ে গৰ্ভনিৰোধক সামগ্ৰী হিচাপেও কাম কৰে ।

অ ণু শী ল নী

1. অযৌন প্ৰজননৰ মুকুলোদ্দগম সংঘটিত হয়-

a) এমিবাত b) ইষ্ট

c) প্লাজমা’ডিয়ামৰ d) লেইচমেনিয়াত

উত্তৰঃ b) ইষ্ট ।

2. তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়?

a) ডিম্বাশয় b) জৰায়ু

c) শুক্ৰবাহী নলী d) ফেলোপিয়ান নলী

উত্তৰঃ c) শুক্ৰবাহী নলী ।

3. পৰাগধানীত পোৱা হয়-

a) বেটুপাত b) ডিম্বক

c) স্ত্ৰীকেশৰ d) পৰাগৰেণু

উত্তৰঃ d) পৰাগৰেণু

4. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি ?

উত্তৰঃ 

1) যৌনপ্ৰজননত দুটা ভিন্ন ব্যক্তিৰ পৰা অহা দুটা বিপৰীত ধৰ্মী জনন কোযৰ মিলন হয়। ই নতুন কোষটোত জিনীয় সজ্জাৰ এক প্ৰকাৰণৰ সৃষ্টি কৰে। এনে কোষৰপৰা বিকশিত নতুন জীৱৰ বৈশিষ্ট্যত কিছু প্ৰকাৰণ দেখা যাব, যিয়ে চৰমভাৱে পৰিবৰ্তিত পাৰিৱেশিক শিক অৱস্থাতো জীৱক বৰ্তি থকাত সহায় কৰিব।

2) যিহেতু যৌন প্ৰজননৰ দ্বাৰা প্ৰজাতি এটাত প্ৰকৰণৰ সৃষ্টি হয়, সেয়ে এনে প্ৰকাৰণে ভৱিষ্যতে নতুন প্ৰজাতিৰ জীৱৰ সৃষ্টি আৰু ক্ৰমবিকাশত সহায় কৰে।

5. মানুহৰ শুক্ৰাশয় কেইটাই কি কি কাম কৰে ?

উত্তৰঃ মানুহৰ শুক্ৰাশয়ৰ কামবোৰ হল-

(1) শুক্ৰাশয়ে শুক্ৰাণু গঠন কৰে যিয়ে ডিম্বককোষ নিষেচিত কৰে । 

(2) ইহঁতে টেষ্টষ্টাৰণ নামৰ এবিধ ইৰমণ উৎপন্ন কৰে শুক্ৰাণুৰ উৎপাদন নিয়ন্ত্ৰণ কৰে । যৌৱন কৈলত লৰাৰ দেহত হোৱা বহুতো পৰিৱৰ্তনৰ বাবে এই হৰমণ দায়ী ।

6. ঋতুস্ৰৱ কিয় হয় ?

উত্তৰঃ ডিম্বাশয়ে প্ৰতি মাহতে একোটাকৈ ডিম্বাণু নিৰ্গত কৰে আৰু নিষেচিত ডিম্বাণু গ্ৰহণ কৰিবলৈ জৰায়ুয়ে প্ৰতি মাহতে নিজকে সাজু কৰি তোলে। এই উদ্দেশ্যত জৰায়ুৰ অন্তঃআৱৰণীখন ডাঠ আৰু সোপোকা হৈ উঠে। নিষেচন সংঘটিত হ’লে ভ্ৰণটোৰ পৰিপুষ্টিৰ বাবে আৱৰণীখনৰ প্ৰয়োজন হয়। নিষেচন সংঘটিত নহ’লে কোনো প্ৰয়োজন নাথাকে। সেয়েহে আৱৰণীখন লাহে লাহে ভাঙি যায় আৰু তেজ আৰু শ্লেষ্মা হিচাপে যোনিপথেৰে শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়। এই চক্ৰটো এমাহৰ মূৰে মূৰে সংঘটিত হয় আৰু ধাতুচক্ৰ বোলে।

7. দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা।

উত্তৰঃ 

Class 10 Science

8. বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি?

উত্তৰঃ বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ হ’ল-

(1) কনডমৰ ব্যৱহাৰ ।

(2) কপাৰ-টিৰ ব্যৱহাৰ ।

(3) অস্ত্ৰোপচাৰ বা বন্ধ্যাকৰণ পদ্ধতি ।

(4) কাৰিকৰি প্ৰতিবন্ধক ।

(5) অ’ৰেল কন্ট্ৰাচেপাটিভ ।

9. এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ অযৌন আৰু যৌন প্ৰজনন কৌশলসমূহ কেনেধৰণৰ ?

উত্তৰঃ  এককোষী জীৱই ভাজন বা কোষ বিভাজনৰ দৰে সৰল পদ্ধতিৰে প্ৰজনন সম্পন্ন কৰে। এককোষী জীৱসমূহে অযৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰে, যিহেতু যৌন প্ৰজনন সম্পন্ন কৰাৰ বাবে সিহঁতৰ কোনো বিশেষ প্ৰজনন কলা নাথাকে।

   কোষ বিভাজনৰ দ্বাৰা প্ৰজনন বহুকোষী জীৱৰ ক্ষেত্ৰত ব্যৱহাৰিক পদ্ধতি হ’ব নোৱাৰে, বহুকোষী জীৱৰ দেহৰ আৰ্হি জটিল আৰু সুসংগঠিত। এই জীৱসমূহে যৌন আৰু অযৌন দুয়ো প্ৰকাৰৰ প্ৰজনন পদ্ধতিৰ দ্বাৰা বংশবৃদ্ধি কৰে। উচ্চস্তৰীয় বহুকোষী জীৱবোৰ যৌন প্ৰজনন সাধন কৰে, যিহেতু সিহঁতৰ শৰীৰত বিশেষ প্ৰজনন কলা থাকে।

10. প্ৰজনন ক্ৰিয়াই কোনো প্ৰজাতিৰ জীৱৰ আৱাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে ?

উত্তৰঃ প্ৰজনন ক্ৰিয়াই কোনো প্ৰজাতিৰ জীৱৰ আৱাদীৰ স্থিতি ৰক্ষাত তলত দিয়া ধৰণে সহায় কৰে :

(i) জন্ম হাৰ আৰু মৃত্যুৰ হাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰি।

(ii) এটা প্ৰজাতি বিলুপ্ত হোৱাটো প্ৰতিৰোধ কৰি ।

(iii) নিমৰ নিচিনা জীৱৰ সৃষ্টিৰে আবাদী বৃদ্ধি কৰি ।

(iv) প্ৰজাতিৰ আবাদীত ভিন্নতাৰ উত্তৰণ কৰি ।

11. গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি?

উত্তৰঃ গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ হ’ল

(i) এগৰাকী মহিলা গৰ্ভধাৰণৰ বাবে মানসিক বা দৈহিকভাৱে প্ৰস্তুত হোৱা ।

(ii) জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ ।

(iii) অবাঞ্ছিত গৰ্ভধাৰণ প্ৰতিৰোধ ।

(iv) পৰিয়াল পৰিকল্পনা ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৮ (জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ৮ ত কি কি মূল বিষয় আলোচনা কৰা হৈছে?
এই অধ্যায়ত জীৱৰ অযৌন আৰু যৌন প্ৰজনন, সপুষ্পক উদ্ভিদৰ প্ৰজনন, মানুহৰ প্ৰজনন তন্ত্ৰ, আৰু প্ৰজনন স্বাস্থ্যৰ (জন্ম নিয়ন্ত্ৰণ আৰু যৌন ৰোগ) বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল বিজ্ঞান পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, প্ৰজনন তন্ত্ৰৰ চিত্ৰভিত্তিক প্ৰশ্নৰ সমাধান আৰু পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
পৰীক্ষাত এই অধ্যায়ৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ফুলৰ বা মানুহৰ প্ৰজনন তন্ত্ৰৰ চিত্ৰ আঁকিবলৈ, যৌন আৰু অযৌন প্ৰজননৰ পাৰ্থক্য, জন্ম নিয়ন্ত্ৰণৰ পদ্ধতিসমূহৰ ওপৰত দীঘলীয়া প্ৰশ্ন, আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) প্ৰায়েই সোধা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top