Class 10 Science Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ Solutions | ASSEB Assam | Assamese Medium

দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৯ – বংশগতি আৰু ক্ৰমবিকাশ – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | ASSEB Assam (Assamese Medium)

দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৯ – বংশগতি আৰু ক্ৰমবিকাশ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ নৱম অধ্যায় ‘বংশগতি আৰু ক্ৰমবিকাশ’ (Heredity and Evolution) জীৱবিজ্ঞানৰ (Biology) এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Science Chapter 9 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু মেণ্ডেলৰ পৰীক্ষাসমূহৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘বংশগতি আৰু ক্ৰমবিকাশ’ নামৰ এই পাঠটিত পিতৃ-মাতৃৰ পৰা সন্তানলৈ চৰিত্ৰসমূহ কেনেকৈ স্থানান্তৰিত হয় তাৰ বৈজ্ঞানিক কাৰণসমূহ বৰ্ণনা কৰা হৈছে। ইয়াত বংশগতিৰ মূল ধাৰণা, মেণ্ডেলৰ মটৰ মাহৰ পৰীক্ষা (Mendel’s Experiments), মানুহৰ লিংগ নিৰ্ধাৰণ (Sex Determination in Humans), আৰু ক্ৰমবিকাশৰ সাধাৰণ ধাৰণাসমূহ বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ পৰা অহা প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে বিজ্ঞান বিষয়ৰ প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • বংশগতি আৰু চৰিত্ৰৰ উত্তৰাধিকাৰী সূত্ৰসমূহৰ সহজ আলোচনা।
  • গ্ৰেগৰ জ’হান মেণ্ডেলৰ পৰীক্ষা আৰু তেওঁৰ সিদ্ধান্তসমূহৰ নিৰ্দোষ সমাধান।
  • মানুহৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ কেনেদৰে হয় তাৰ সহজ আৰু বৈজ্ঞানিক উত্তৰ।
  • ১ নম্বৰৰ অতি চমু (VSA objective type), ২-৩ নম্বৰৰ চমু প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক বিজ্ঞানৰ সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • বৰ্ণনামূলক প্ৰশ্নৰ লগতে পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Class 10 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

Vibrant Note Box
বংশগতি আৰু ক্ৰমবিকাশ

বংশগতি আৰু ক্ৰমবিকাশ 

        প্ৰ শ্না ৱ লী     

Class 10 Science NCERT Textbook – Page No 143

1. যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ “A” চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমান 10% আৰু সেই একে জনসংখ্যাৰ মাজত “B” চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল ?

উত্তৰঃ- যদিহে অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা প্ৰজাতি এটাত “A” চাৰিত্ৰিক বৈশিষ্ট্যৰ  10% দেখা যায় আৰু  “B” চাৰিত্ৰিক বৈশিষ্ট্যৰ  60%, তেন্তে ‘B’ চাৰিত্ৰিক বৈশিষ্ট্যবিধ আগতে উৎপত্তি হোৱা বুলি ক’ব পাৰি ।

2. এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱই বৰ্তাই ৰাখে ?

উত্তৰঃ- প্ৰকৃতিত জীৱবিলাকৰ মাজত সৃষ্টি হোৱা বৈসাদৃশ্য তাৰ ওপৰত ভিত্তি কৰি জীৱবিলাকে বেলেগ বেলেগ ধৰণৰ সুবিধা লাভ কৰে। এনে বৈসাদৃশ্যতা বিশিষ্ট জীৱবিলাকক পৰিৱেশৰ কিছুমান কাৰকৰ প্ৰভাৱত প্ৰকৃতিয়ে নিজে নিজে নিৰ্বাচিত কৰে আৰু তাৰ আলমতে ক্ৰমবিকাশ প্ৰক্ৰিয়া সংঘটিত হয়। এনেধৰণৰ বৈসাদৃশ্যতাৰ চৰিত্ৰ বিলাকে জীৱই বৰ্তাই ৰাখে ।   

Class 10 Science NCERT Textbook – Page No 147

1.  মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাবী (Dominant) আৰু কোনটো অপ্ৰভাবী (Recessive) তাক কেনেকৈ নিৰ্ণয় কৰিছিল ?

উত্তৰঃ- মেণ্ডেলে এক সংকৰণ পৰীক্ষাৰ বাবে ওখ আৰু চাপৰ মটৰমাহ গছ লৈছিল। এটা বিশুদ্ধ ওখ মটৰমাহ গছৰ (TT) সৈতে এটা বিশুদ্ধ চাপৰ মটৰমাহ (tt) গছৰ সংকৰণ হ’লে F1 অপত্য জনুত ওখ (Tt) সংকৰ উৎপন্ন হয়। এইক্ষেত্ৰত চৰিত্ৰ বিলাকৰ T  লক্ষণটো প্ৰভাৱী আৰু t লক্ষণটো অপ্ৰভাৱী ।

2. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাবে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল ?

উত্তৰঃ- যেতিয়া মেণ্ডেলে এজোপা বিশুদ্ধ ওখ আৰু ওজোপা বিশুদ্ধ চাপৰ মটৰমাহ উদ্ভিদৰ মাজত সংকৰণ ঘটাইছিল, তেতিয়া তেওঁ F1 জনুত অকল ওখ মটৰমাহ পাইছিল । আকৌ, মেণ্ডেলে ওখ মটৰমাহ আৰু চাপৰ মটৰমাহ উদ্ভিদৰ লগত সংকৰণ ঘটোৱাৰ পিছত F2 জনুত ওখ আৰু চাপৰ গছৰ অনুপাত 3:1 পাইছিল । এই পৰীক্ষাৰ পৰাই প্ৰমাণিত হয় যে বংশানুক্ৰমিকভাৱে প্ৰৱাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰৱাহিত হয় ।

3.  ‘A’ গ্ৰুপৰ তেজৰ এজন মানুহে “O” গ্ৰুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছোৱালীৰ তেজৰ গ্ৰুপ হ’ল “O” । এই তথ্যৰ পৰা তোমালোকে “A” আৰু “O” তেজৰ গ্ৰুপৰ কোনটো প্ৰভাবী তাক ঠাৱৰ কৰিব পাৰিবানে ? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা ?

উত্তৰঃ- ‘A’ নে “O” কোনটো তেজৰ গ্ৰুপ প্ৰভাৱী সেই কথা নিৰ্ণয় কৰাৰ বাবে উপৰোক্ত তথ্য যথেষ্ট নহয় । কিয়নো একে পৰিয়ালৰে আন সন্তানৰ তেজৰ গ্ৰুপ জীয়েকৰ সৈতে একে নহ’বও পাৰে । এই তথ্য আধৰুৱা কিয়নো আমি জীয়েকৰ ভাই-ককাই বা ককা- আইতাকৰ তেজ গ্ৰুপৰ কথা নাজানো । পিতৃ-মাতৃৰ তেজ গ্ৰুপ জিনীয়ভাৱে “O”, “AA”, বা ‘AO’ হ’ব পাৰে ।  

4. মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় ?

উত্তৰঃ- মানুহৰ ক্ষেত্ৰত প্ৰক্ৰিয়াটো জিনীয়ভাৱে লিংগ নিৰ্ধাৰণ কৰা হয় । প্ৰতিটো মানৱ দেহতে 23 যোৰকৈ ক্ৰ’ম’জ’ম থকে । ইয়াৰ ভিতৰত 22  ক্ৰ’ম’জ’ম পুৰুষ-মহিলাৰ ক্ষেত্ৰত একে । স্ত্ৰীলিংগ ‘XX’ যোৰ লিংগ ক্ৰম’জম আৰু পুলিংগত ‘XY’  জোৰ লিংগ ক্ৰম’জম আছে। এটা সন্তানে মাতৃৰ পৰা এডাল ‘X’ ক্ৰম’জম লাভ কৰাৰ বিপৰীতে পিতৃৰ পৰা  ‘X’ বা ‘Y’ ক্ৰ’ম’জ’মহে লাভ কৰিব । যদিহে সন্তানটোৱে পিতৃৰ পৰা ‘X’ ক্ৰ’ম’জ’ম লাভ কৰে তেন্তে সন্তানটো ছোৱালী হ’ব আৰু যদিহে ‘Y’ ক্ৰ’ম’জ’ম গ্ৰহণ কৰে তেন্তে সন্তানটো ল’ৰা হ’ব । 

Class 10 Science NCERT Textbook – Page No 150

1.  কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট তাৰ জনসংখ্যাত ক্ৰমাগতভাবে বাঢ়ি যায় ?

উত্তৰঃ- কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট তাৰ জনসংখ্যাত ক্ৰমাগতভাবে বাঢ়ি যোৱাৰ বিভিন্ন উপায়সমূহ হ’ল- 

(১) প্ৰাকৃতিক নিৰ্বাচনৰ আধাৰত আবাদী এটাত নিৰ্দিষ্ট লক্ষণযুক্ত  ব্যক্তিৰ  সংখ্যাৰ বৃদ্ধি ঘটিব পাৰে ।

(২) জিনীয় পথচ্যুত (Genetic drift), যিয়ে অভিযোজন অবিহনেই  জীৱৰ মাজত বৈচিত্ৰৰ সৃষ্টি কৰে । 

2. জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে ?

উত্তৰঃ-জীৱৰ জীৱন কালত অৰ্জন কৰা  চৰিত্ৰসমূহ বংশানুক্ৰমে  সতি সন্ততিলৈ  প্ৰবাহিত নহয়, কাৰণ –

(i) এই প্ৰক্ৰিয়াত অপ্ৰজনন জনিত কলাৰ পৰিৱৰ্তন হয় । 

(ii) জননকোষৰ জি এন এ (DNA) লৈ এই চৰিত্ৰ বা লক্ষণ সঞ্চাৰিত নহয় । 

3. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা ?

উত্তৰঃ- বাঘৰ সংখ্যা হ্ৰাস পোৱাটো বংশগতি বিজ্ঞানৰ দিশত এক উদ্বিগ্নৰ সৃষ্টি কৰিছে। যদি বাঘৰ সংখ্যা এনেকৈ হ্ৰাস পাই থাকে, এটা সময়ত এই প্ৰজাতিৰ জিন চিৰদিনৰ বাবে শেষ হৈ যাব। এই জিনৰ অভাৱত এই প্ৰজাতিৰ প্ৰাণী পৃথিৱীৰ পৰা বিলুপ্তি হৈ যোৱাৰ সম্ভাৱনা বাঢ়ি যায় আৰু প্ৰজাতিটোৰ বিৱৰ্তন নহয় । 

Class 10 Science NCERT Textbook – Page No 151

1.  নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ?

উত্তৰঃ- নতুন এটা প্ৰজাতিৰ এটাৰ সৃষ্টিত অহিৰণা যোগাব পৰা কাৰকসমূহ হ’ল- 

(১)  প্ৰাকৃতিক নিৰ্বাচন ।

(২) জিনীয় পথচ্যুত ।

(৩) অপ্ৰত্যাশিত জিনীয় পৰিৱৰ্তন ।

(৪) পাৰিপাৰ্শ্বিক পৰিৱৰ্তন ।

(৫) প্ৰকাৰণ ।

2.  স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰমৰ বাবে ভৌগোলিক ভাবে পৃথকীকৰম হৈ থকা অৱস্থাটো প্ৰধান কাৰক হব পাৰেনে ? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?

উত্তৰঃ- স্ব-পৰাগযোগকাৰী উদ্ভিদৰ স্বতন্ত্ৰতাৰ মুখ্য কাৰক ভৌগোলিক স্বতন্ত্ৰতাৰ ওপৰত নিৰ্ভৰ নকৰে । কাৰণ এই ধৰণৰ উদ্ভিদ পুনঃপ্ৰজননৰ বাবে আন উদ্ভিদৰ ওপৰত নিৰ্ভৰ নকৰে ।

3. অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ’ব পাৰেনে ? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?

উত্তৰঃ নোৱাৰে ।  কিয়নো অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱ আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে। কাৰণ, এই প্ৰক্ৰিয়াত দুটা (পুংলিংগ আৰু স্ত্ৰীলিংগ) স্বতন্ত্ৰজনৰ আৱশ্যকতা নাথাকে । 

Class 10 Science NCERT Textbook – Page No 156

1. দুটা প্ৰজাতিৰ মাজত বিবৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া ।

উত্তৰঃ বিভিন্ন জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ অধ্যয়নে বিৱৰ্তনৰ ক্ষেত্ৰত সিঁহতৰ মাজত থকা ওচৰ সম্পৰ্ক নিৰ্ধাৰণ কৰাত সহায় কৰিব পাৰে । 

উদাহৰণস্বৰূপে : বান্দৰ আৰু মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ অধ্যয়নে ইহঁতৰ মাজত বহুতো সাদৃশ্য প্ৰদৰ্শন কৰিছে । 

2. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব পাৰোনে ? কিয় পাৰি বা কিয় নোৱাৰি ?

উত্তৰঃ পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব নোৱাৰি ।   কাৰণ, এই ডেউকাকেইখনৰ গঠন আৰু উপাংগসমূহ দেখাত ভিন্ন কিন্তু দুয়োবিধ ডেউকা একে ধৰণৰ কাৰ্য, উৰণত ব্যৱহাৰ কৰিব লগা হোৱাৰ বাবে দেখিবলৈ একে কিন্তু  দুয়োৰে উৎপত্তি বেলেগ বেলেগ । এনেবোৰ চাৰিত্ৰিক বৈশিষ্ট্যক সমবৃত্তিক বৈশিষ্ট্য হিচাপে বিবেচনা কৰা হয় । 

3.  জীৱাস্মসমূহ কি ? বিবৰ্তন সম্পৰ্কে জীৱাষ্মসমূহে আমাক কি কয় ?

উত্তৰঃ ভূ-পৃষ্ঠৰ গভীৰতাত শিলাস্তৰৰ মাজত কেতিয়াবা   জীৱৰ দেহ বা দেহৰ অংশ বিশেষ সম্পূৰ্ণৰূপে অপঘটন নোহোৱাকৈ আবদ্ধ হৈ ৰৈ যায় । এসময়ত  জীৱটোৱে এৰি যোৱা চাপ বা সাঁচক জীৱাস্ম বোলা হয় ।  

জীৱাষ্মবোৰে আমাক বিৱৰ্তন প্ৰক্ৰিয়াৰ সাক্ষ্য দিয়ে। যদি আমি পৃথিৱীৰ গভীৰলৈ খনন কৰি যাও, তেনেহ’লে এই ধাৰণা কৰাটো যুক্তিগত হ’ব যে পৃথিৱীৰ বেছি গভীৰ স্তৰত পোৱা জীৱাষ্মসমূহৰ তুলনাত পূথিৱী পৃষ্ঠৰ ওচৰতে পোৱা জীৱাষ্মসমূহ বেছি নতুন এনেদৰে ধাৰণা কৰিব পাৰি যে আদিমতম সৰল দৈহিক গঠনযুক্ত জীৱসমূহৰ বিৱৰ্তন ঘটিয়েই পৰৱৰ্তী কালৰ জটিল দৈহিক গঠনযুক্ত জীৱসমূহৰ সৃষ্টি হৈছে ।

Class 10 Science NCERT Textbook – Page No 158

1. বিবিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তভুৰ্ক্ত কিয় ?

উত্তৰঃ- সংজ্ঞা ফালৰ পৰা প্জাতি হাছে এনে এটা গোষ্ঠী যিয়ে নিজৰ মাজত প্ৰজনন কৰি বিৱৰ্তন প্ৰক্ৰিয়া অব্যাহত ৰাখিব পাৰে । এই সংজ্ঞা মানুহৰ ক্ষেত্ৰত খাটে । সেয়ে, আকাৰ, বৰণ আৰু দেখাত ভিন্ন হোৱা সত্বেও মানুহক একে প্ৰজাতিৰ অন্তৰ্ভুক্ৰ হৈছে । 

2. বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ ? কিয় উচ্চ স্তৰৰ ?

উত্তৰঃ বিৱৰ্তনৰ দিশত বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত আটাইকেইটাকে উচ্চস্তৰৰ বুলি আমি ক’ব পাৰো।

বিৱৰ্তনে কোনো এক জীৱৰ দৈহিক গঠনত জটিলতা আনিব পাৰে। সেয়ে উল্লেখিত আটাইবোৰ জীৱৰে দেহৰ আৰ্হি ভাল বুলি ক’ব লাগিব, কাৰণ সিহঁতে এই দৈহিক আৰ্হিৰ দ্বাৰাই নিজৰ নিজৰ পৰিৱেশত খাপ খুৱাই জীয়াই থকাৰ সক্ষমতা আছে । 

অ ণু শী ল নী 

1.  মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ’ল। উৎপাদিত গছবোৰ বেঙুনীয়া ফুল হ’ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ’ল । ইয়াৰ অভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি (Genetic make up) বৰ্ণনা কৰিব পৰা হব ?

(a) TTWW

(b) TTww

(c) TtWW

(d) TtWw

উত্তৰঃ (c) TtWW ।

2. সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল-

(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং 

(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত 

(c) আলু আৰু ঘাঁহৰ শিপা 

(d) ওপৰৰ আটাইকেইটা 

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা ।

3.  বিবর্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত- 

(a) এজন চীনা স্কুলীয়া ছাত্র 

(b) এটা চিম্পাঞ্জী 

(c) এটা মকৰা 

(d) এটা বেক্টেৰিয়া 

উত্তৰঃ (b) এটা চিম্পাঞ্জী ।

4. এটা অধ্যয়নৰ পৰা দেখা গ’ল যে পাতল বৰণৰ চকুৰ ল’ৰা-ছোৱালীৰ মাক-দেউতাকৰ চকুৰ বৰণও পাতল ৰঙৰ হয়। ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিমনে ? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয় ?

উত্তৰঃ নোৱাৰি, পাতল ৰভৰ চকু থকা পিতৃ- মাতৃ শিশুৰ চকুৰ ৰঙ পাতল হলেও ইয়াক প্ৰভাৱী বা অপ্ৰভাৱী চৰিত্ৰৰ ভিতৰত ধৰিব নোৱাৰি । পাতল বৰণৰ চকুৰ ল’ৰা ছোৱালীৰ জিনস্বৰূপ LLবা Ll হ’ব যদি পাতল বৰণৰ চকু এটা প্ৰভাৱী চৰিত্ৰ হয় বা ll হ‘ব যদি পাতল বৰণৰ যদি পাতল বৰণৰ চকু এটা অপ্ৰভাৱী চৰিত্ৰ হয় । পাতল ৰঙৰ চকুৰ অধিকাৰী শিশুৰ জিনস্বৰূপ LL হ’ব বুলি ধৰিলে পিতৃ মাতৃৰ জিনপ্ৰৰূপো LL হ’ব ।

5. বিবৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে ?

উত্তৰঃ বিৱৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়নৰ ক্ষেত্ৰ দুখন পৰস্পৰ সংযোজিত কাৰণ প্ৰজাতিবোৰৰ শ্ৰেণী বিভাজন সিহঁতৰ বিৱৰ্তনীয় সম্পৰ্কৰ এক প্ৰতিফলনহে মাথোন। বিৱৰ্তনীয় সময়ৰ আৰম্ভণিতে কোনো এটা জীৱৰ প্ৰজাতিৰ পৰাই বৰ্তমানৰ সমস্ত জীৱজগতৰ সৃষ্টি হৈছে।

6. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ- যিবিলাক অংগ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা মৌলিক গঠন প্ৰায় একেই কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ বেলেগ তেনে অংগক সমবৃত্তিক অংগ বোলে ।

যেনেঃ বাদুলীৰ ডেউকা ।

আনহাতে,

যিবিলাক গঠন উৎপত্তিৰ দিশৰ পৰা ভিন ভিন, কিন্তু কাৰ্যৰ ফালৰ পৰা একে তেনে অংগক সমসংস্থ অংগ বোলে। যেনেঃ জেঠী, ভেকুলীৰ আগ ঠেং ।

7.  কুকুৰৰ ৰঙবিলাকৰ প্ৰভাৱী চৰিত্ৰ  বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা ।

উত্তৰঃ কুকুৰৰ ৰঙবিলাকৰ প্ৰভাৱী চৰিত্ৰ  বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা হ’ল –

সমযুগ্মজাত ক’লা (BB) মতা কুকুৰ আৰু সমযুগ্মজাত মাইকী বগা (bb) কুকুৰ লোৱা হ’ল ।

    • দুয়োটাৰে মাজত প্ৰজনন কৰা হ’ল ।
    • সিহঁতৰ পোৱালীবোৰৰ অধ্যয়ন কৰা হ’ল ।
    • যদিহে অপত্য (F1) ক’লা বৰণৰ হয়, তেন্তে বগা ৰঙ সাপেক্ষে ক’লা ৰঙ প্ৰভাৱী হ’ব ।

8.  বিবৰ্তন প্ৰক্ৰিয়াত জীৱাস্মৰ গুৰত্ব সম্বন্ধে ব্যাখ্যা কৰা ।

উত্তৰঃ ভূ-পৃষ্ঠৰ গভীৰতাত শিলাস্তৰৰ মাজত কেতিয়াবা   জীৱৰ দেহ বা দেহৰ অংশ বিশেষ সম্পূৰ্ণৰূপে অপঘটন নোহোৱাকৈ আবদ্ধ হৈ ৰৈ যায় । এসময়ত  জীৱটোৱে এৰি যোৱা চাপ বা সাঁচক জীৱাস্ম বোলা হয়।  

জীৱাষ্মবোৰে আমাক বিৱৰ্তন প্ৰক্ৰিয়াৰ সাক্ষ্য দিয়ে। যদি আমি পৃথিৱীৰ গভীৰলৈ খনন কৰি যাও, তেনেহ’লে এই ধাৰণা কৰাটো যুক্তিগত হ’ব যে পৃথিৱীৰ বেছি গভীৰ স্তৰত পোৱা জীৱাষ্মসমূহৰ তুলনাত পূথিৱী পৃষ্ঠৰ ওচৰতে পোৱা জীৱাষ্মসমূহ বেছি নতুন এনেদৰে ধাৰণা কৰিব পাৰি যে আদিমতম সৰল দৈহিক গঠনযুক্ত জীৱসমূহৰ বিৱৰ্তন ঘটিয়েই পৰৱৰ্তী কালৰ জটিল দৈহিক গঠনযুক্ত জীৱসমূহৰ সৃষ্টি হৈছে ।

9. কি স্বাক্ষ্যৰ ওপৰত  ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি ?

উত্তৰঃ জীৱৰ প্ৰজাতিৰ শ্ৰেণীবিভাজন সিহঁতৰ বিৱৰ্তনীয় সম্পৰ্কৰ এক প্ৰতিপালন মাথোন । আমি কোনো এক ওচৰৰ সাধাৰণ পুৰ্বপুৰুষৰ ভিত্তিত প্ৰজাতি সমূহৰ সৰু সৰু গোষ্ঠী বনাওঁ। আকৌ কোনো এক তুলনামূলকভাৱে দুৰৰ সাধাৰণ পুৰ্বপুৰুষক ভিত্তি কৰি লৈ এই সৰু গোষ্ঠীসমূহক অৰ্ন্তভুক্ত কৰি বহু ডাঙৰ ডাঙৰ গোষ্ঠী গঠন কৰোঁ । এনেদৰে সময়ৰ হিচাপত যদি আমি পিছুৱাই গৈ থাকো, আমাৰ ধাৰণা হ’ব যে বিৱৰ্তনীয় কালৰ একেবাৰে আৰম্ভণিতে থকা কোনো এটা জীৱৰ প্ৰজাতিৰ পৰাই এতিয়াৰ সমস্ত জীৱজগত সৃষ্টি হৈছিল। এনেদৰেই জীৱৰ শ্ৰেণী বিভাজনৰ আচনিখনেই অজৈৱিক পদাৰ্থৰ পৰাই যে সমস্ত জীৱজগতৰ উৎপত্তি হৈছিল বুলি ভাবিব পাৰি ।

10. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ (viable) ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা ? ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰঃ অযৌন প্ৰজননৰ তুলনাত যৌন প্ৰজননে বেছি কাৰ্যক্ষম প্ৰকাৰণৰ সৃষ্টি কৰে কাৰণ যৌন প্ৰজননত দুজন ভিন্ন ব্যক্তি জড়িত হৈ থাকে । সেয়ে এনে দুজন ব্যক্তিৰ জননকোষ দুটা যেতিয়া যোজিত হয়, তেতিয়া দুটা ভিন্ন শৈলীৰ প্ৰকাৰণৰ সংমিশ্ৰণ ঘটে । এনেকৈ অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয় ।

জীৱৰ বিৱৰ্তনত যৌন প্ৰজননে প্ৰভাৱ পেলায়। কাৰণ যৌন প্ৰজননে অপত্য জীৱত প্ৰকৰণৰ সৃষ্টি কৰে। বহুবছৰ ধৰি এই প্ৰকৰণ সঞ্চিত হোৱাৰ ফলত জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন হয় আৰু এসময়ত সিহঁত নতুন প্ৰজাতি হিচাপে গঠন হয় ।

11. কেনেকৈ পিতৃপুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে ?

উত্তৰঃ যৌন প্ৰজননত অপত্য জীৱত পিতৃ-মাতৃয়ে জিনীয় গুণ সঞ্চাৰণ কৰাত সমভাৱে অহিৰণা যোগায় । জিনবিলাক ক্ৰ’ম’জ’ম হিচাপে স্বতন্ত্ৰভাৱে থাকে । প্ৰতিটো মানৱ দেহতে 23 যোৰকৈ ক্ৰ’ম’জ’ম থাকে । ইয়াৰে 22 যোৰ সঠিকভাৱে যোৰা পাতি থাকে আৰু অপত্যৰ চাৰিত্ৰিক গুণ নিৰ্ধাৰণ কৰে । আনহাতে 23 নং ক্ৰ’ম’জ’ম যোৰে অপত্যৰ লিংগ নিৰ্ধাৰণত সহায় কৰে । প্ৰত্যেক জনন কোষে অৰ্থাৎ পুংজনন কোষ আৰু স্ত্ৰীকোষে 23 ডালকৈ ক্ৰ’ম’জ’ম আহৰণ কৰে । শুক্ৰাণু আৰু ডিম্বাণু লগ লাগিলে অপত্যৰ ক্ৰ’ম’জ’মৰ সংখ্যা নিৰ্ধাৰিত হয় আৰু প্ৰতিবিধৰ ডি.এন.এৰ সুস্থিৰতা নিশ্চিত হয় । ইয়ে অপত্যলৈ পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ সমান অৱদান সঞ্চাৰণ হোৱাটো নিশ্চিত কৰে ।

Class 10 Science

12. ‘কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে’ । এই উক্তিৰ সৈতে একমতনে ? যদি হয় কিয় আৰু যদি নহয় কিয় ?

উত্তৰঃ ‘কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে’ । এই উক্তিৰ সৈতে একমত।

কাৰণ, যিবিলাক প্ৰকৰণে কোনো এটা আবাদীৰ ব্যক্তিক বিৱৰ্তনৰ ক্ষেত্ৰত বিশেষ সুবিধা দিয়ে, সেই প্ৰকৰণসমূহ প্ৰকৃতিৰ দ্বাৰা নিৰ্বাচিত হয় ।এনে প্ৰকৰণসমূহে  ব্যক্তি বিশেষক চাৰিওফালৰ পাৰিৱেশিক অৱস্থাটোৰ লগত নিজকে অভিযোজিত কৰি লয় ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৯ (বংশগতি আৰু ক্ৰমবিকাশ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ৯ ত কি কি মূল বিষয় আলোচনা কৰা হৈছে?
এই অধ্যায়ত বংশগতি, মেণ্ডেলৰ পৰীক্ষাসমূহ, মানুহৰ লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়া, আৰু জীৱৰ ক্ৰমবিকাশৰ সাধাৰণ ধাৰণাসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল বিজ্ঞান পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, মেণ্ডেলৰ সূত্ৰৰ ব্যাখ্যা আৰু পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
পৰীক্ষাত এই অধ্যায়ৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা মেণ্ডেলৰ মটৰ মাহৰ পৰীক্ষাৰ ফলাফল, মানুহৰ লিংগ নিৰ্ধাৰণ কেনেদৰে হয়, ১-৩ নম্বৰৰ চমু প্ৰশ্ন, আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) প্ৰায়েই সোধা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top