Class 10 Social Science Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Solutions | ASSEB Assam | Assamese Medium

CLASS 10 SOCIAL SCIENCE CHAPTER 7

Class 10 সমাজ বিজ্ঞান অধ্যায় ৭ – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

দশম শ্ৰেণী সমাজ বিজ্ঞান (ভূগোল) অধ্যায় ৭ – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ভূগোল খণ্ডৰ এই অধ্যায় ‘পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Social Science Chapter 7 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা’ নামৰ এই পাঠটিত পৰিৱেশৰ ধাৰণা, পৰিৱেশৰ প্ৰধান মণ্ডলসমূহ (স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল, জীৱমণ্ডল), প্ৰদূষণ (বায়ু, পানী, মাটি, শব্দ), মৰুভূমিকৰণ, আৰু গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে গুৰুত্বপূৰ্ণ বিশ্বজনীন সমস্যাসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে আমাৰ পৰিৱেশৰ সংকট আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • পৰিৱেশৰ ধাৰণা, ইয়াৰ প্ৰধান মণ্ডলসমূহ আৰু পৰিৱেশৰ ভাৰসাম্যৰ বিস্তৃত বিশ্লেষণ।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • প্ৰদূষণ, গোলকীয় উত্তাপ বৃদ্ধি (Global Warming), আৰু মৰুভূমিকৰণৰ কাৰণ তথা প্ৰতিকাৰ সম্পৰ্কীয় ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • পৰিৱেশ বিজ্ঞানৰ এই অধ্যায়ৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে সমাজ বিজ্ঞানৰ এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Class 10 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.

Vibrant Note Box
পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Class 10 Social Science

Chapter – 10 Ospin Academy

পৰিবেশ আৰু পৰিবেশৰ সমস্যা

১) পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা ǀ

উত্তৰ- পৰিবেশ (Environment)  শব্দটোৱে কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায় ǀ  চাৰিওফালৰ অৱস্হাই জীৱ বৰ্তি থাকিবৰ বাবে সকলো আবশ্যকীয় উপাদানক সামৰি লয় ǀ আন কথাত, পৰিবেশত জৈৱিক আৰু অজৈৱিক দুয়োটা উপাদানেই অন্তৰ্ভুক্ত হৈ থাকে  ǀ

 

২) পৰিবেশৰ কেইটামান জৈৱিক আৰু কেইটামান অজৈৱিক উপাদানৰ কথা উল্লেখ কৰা ǀ

উত্তৰ- জৈৱিক উপাদান- প্ৰাণ থকা বিভিন্ন প্ৰজাতিৰ অণুজীৱ, উদ্ভিদ, সৰু বৰ বিভিন্ন প্ৰজাতিৰ পশু পক্ষী ইত্যাদি ǀ  

অজৈৱিক উপাদান- প্ৰাণ নথকা অৰ্থাৎ মাটি, পানী, বায়ু, পোহৰ, তাপ ইত্যাদি ǀ

৩) স্থলমণ্ডল বুলিলে কি বুজায় লিখা ǀ

উত্তৰ- শিল, মাটি, বালি, মাণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্হলভাগকে স্থলমণ্ডল বোলে ǀ স্থলমণ্ডলতে আমি, পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, নদী, উপত্যকা, উপকূল আদি  দেখিবলৈ পাও ǀ

৪) জলমণ্ডলৰ ভিতৰত কি কি পৰে ?

উত্তৰ- সাগৰ, মহাসাগৰ, নদ, নদী, হ্ৰদ, জলাশয় ইত্যাদি জলমণ্ডলৰ ভিতৰত পৰে ǀ

৫) বায়ুমণ্ডল কিহেৰে গঠিত লিখা ?

উত্তৰ- নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন, আৰ্গন আৰু অন্যান্য গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত ǀ

৬) জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা ǀ

উত্তৰ- জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰ সামৰি লয় ǀ পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে-স্থলপৃষ্ঠ, সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই চিৰিকতি আৰু কীট-পতংগ উৰি ফুৰা অংশ ǀ জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে ǀ

৭) পৃথিৱীৰ পৰিবেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে লিখা ǀ

উত্তৰ- পৃথিৱীৰ পৰিবেশৰ প্ৰধান চাৰিটা মণ্ডল হৈছে –স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল ǀ পৃথিৱীৰ পৰিবেশৰ এই চাৰিটা মণ্ডলৰ মাজত নিবিড় সম্পৰ্ক আছে ǀ

উদাহৰণ স্বৰূপে-    জীৱমণ্ডলৰ আৱাসস্থান হল- স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডল ǀ  জীৱ-জন্তু আৰু উদ্ভিদসমূহ জীয়াই থাকিবলৈ বায়ু আৰু পানীৰ প্ৰয়োজন হয় ǀ  ঠিক তেনেদৰে স্থলমণ্ডলভাগত জীৱ বৰ্তি থাকিবলৈ হলে তাত পানী উপলদ্ধ হোৱাটো জৰুৰী ǀ

            এই মণ্ডলকেইটাৰ মাজত চলি থকা আন্তঃ ক্ৰিয়াই পৃথিৱীৰ পৰিবেশ গঢ়ি তুলিছে ǀ মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিবেশ নিৰূপণ কৰিছে ǀ

৮) পৰিবেশৰ পৰিবৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা ǀ

উত্তৰ- পৃথিৱীৰ পৰিৱেশ পৰিৱৰ্তনশীল । স্থান আৰু কাল ভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে । পৰিবেশৰ পৰিবৰ্তনৰ প্ৰধান কাৰকবোৰ হৈছে-

(i)    জনসংখ্যা বৃদ্ধি

(ii)   উদ্যোগীকৰণ

(iii)  নগৰীকৰণ

(iv)  যাতায়ত আৰু পৰিবহন ব্যৱস্থাৰ পৰিবৰ্তন

(v)   বনাঞ্চল ধ্বংস

৯) পৰিবেশৰ সমস্যা মানে কি বাখ্যা কৰা ǀ

উত্তৰ- মানুহৰ অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধি, বিজ্ঞান প্ৰযুক্তিৰ অত্যধিক ব্যৱহাৰে পৰিৱেশৰ ওপৰত হেঁচাৰ সৃষ্টি কৰিছে আৰু ইয়াৰ ফলত এক নতুন সমস্যাৰ সৃষ্টি হৈছে । এই সমস্যাবোৰ মূলত পৰিৱেশৰ লগত সম্পৰ্কিত কাৰণেই সমস্যাবোৰক পাৰিৱেশিক সমস্যা বোলে ।

এসময়ত যেতিয়া পৃথিৱীৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজত ভাৰসাম্য অটুত আছিল, তেতিয়ালৈকে পৰিবেশৰ কোনো সমস্যাই মানুহক জুৰুলা কৰা নাছিল ǀ পিছে যোৱা তিনিটা দশকৰ পৰা জনসংখ্যা বৃদ্ধি আৰু তাৰ ফলত সম্পদৰ প্ৰয়োজন ইমানেই হল যে পৰিবেশৰ উপাদানসমূহৰ মাজৰ সম্পৰ্ক স্বাবাৱিক হৈ নাথাকিল ǀ পৃথিৱীৰ প্ৰতিটো মণ্ডলতে মানুহৰ ক্ৰিয়া কলাপৰ চাপ পৰিল ǀ এহাতে অৰণ্যভূমি হ্ৰাস পালে আনহাতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিলে ǀ পৰিণতিস্বৰূপে ন ন সমস্যাৰ সৃষ্টি হবলৈ ধৰিলে ǀ পৰিবেশৰ লগত জড়িত এই সমস্যাসমূহক পাৰিবেশিক সমস্যা বা পৰিবেশৰ সমস্যা বোলে ǀ

১০) ভৌগোলিক দিশৰ পৰা পৰিবেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা ǀ

উত্তৰ- ভৌগোলিক দিশৰ পৰা পৰিবেশৰ সমস্যাসমূহ তিনিটা ভাগত ভগাব পাৰি –

1)     স্থানীয় সমস্যা

2)    আঞ্চলিক সমস্যা

3)    গোলকীয় সমস্যা

১১) পৰিবেশৰ স্থানীয় সমস্যা কি ? উদাহৰণ দি লিখা ǀ

উত্তৰ- উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেতিয়াবা কিছুমান পাৰিবেশিক সমস্যা একো একোটা ক্ষুদ্ৰ এলেকাত সীমাবদ্ধ হৈ থাকে ; তাকে পৰিবেশৰ স্থানীয় সমস্যা বোলে ǀ

যেনে- (i) এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ ǀ

        (ii)  নগৰৰ কোনো এটা ক্ষুদ্ৰ এলেকাৰ নলা-নৰ্দমাৰ সমস্যা ǀ

১২) পৰিবেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া ǀ

উত্তৰ- (i) অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা ǀ

        (ii) মহানগৰ অঞ্চলৰ ভূ-গৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যা ǀ

১৩) কোনবোৰ সমস্যাক গোলকীয় পৰিবেশ সমস্যা বুলি কোৱা হয় লিখা ǀ

উত্তৰ- যিবিলাক পৰিবেশৰ সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয় সেয়াই গোলকীয় পৰিবেশ সমস্যা ǀ যেনে- গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা ǀ

১৪)পৰিবেশৰ প্ৰধান সমস্যা সমূহ উল্লেখ কৰা ǀ

উত্তৰ- পৰিবেশৰ প্ৰধান সমস্যা সমূহ হৈছে-

    (i)  প্ৰদূষণ

   (ii)  মৰুকৰণ

   (iii) ভূমিস্খলন

   (iv)  ভূমিক্ষয়

   (v) গোলকীয় উত্তাপ বৃদ্ধি

   (vi) কৃত্ৰিম বান

   (vi) সাগৰপৃষ্ঠৰ বৃদ্ধি

১৫) প্ৰদূষণৰ অৰ্থ লিখা ǀ

উত্তৰ- অনিষ্টকাৰী দ্ৰব্যই পৰিবেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বোলা হয় ǀ

১৬) পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা ǀ

উত্তৰ- পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, অণুজীৱ, জৈৱ, পচা দ্ৰব্য মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিবৰ্তন ঘটে আৰু মানুহৰ গ্ৰহণৰ অনুপযোগী হোৱাকে পানী প্ৰদূষণ বোলে ǀ

1)     পানীৰ উৎসত  মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰ পৰা ওলোৱা অপদ্ৰব্য পানীত মিহলি হৈ পানী প্ৰদূষণ হয় ।

2)    উদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰৰ মাজেদি বা কাষেদি বৈ যোৱা নদ-নদীৰ পানী প্ৰদূষিত কৰে ǀ

3)      কৃষিভূমিত ৰাসায়নিক সাৰ, কীটনাশক আদি প্ৰয়োগৰ ফলত সেইবোৰে এসময়ত ওচৰ পাজৰ অঞ্চলৰ পানী প্ৰদূষিত কৰে ǀ

১৭) মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা ǀ

উত্তৰ- মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হলে মাটিৰ স্বাভাৱিক গুণ নষ্ট হয় আৰু লগতে ইয়াৰ উৰ্বৰতা হ্ৰাস পায় ǀ ইয়াকে মাটি প্ৰদূষণ বোলে ǀ

মাটি প্ৰদূষণৰ কাৰকসমূহ হৈছে-

(i)       আধুনিক কৃষিকাৰ্য- জলসিঞ্চন, ৰাসায়নিক সাৰ, অপতৃণনাশক আৰু কীটনাশকৰ অত্যাদিক প্ৰয়োগ ǀ

(ii)       উদ্যোগৰ প্ৰসাৰ-ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক, কাঁচ আৰু উদ্যোগসমূহৰ পৰা নিৰ্গত  ৰাসায়নিক পদাৰ্থই মাটি প্ৰদূষিত কৰে ǀ ভূ-গৰ্ভৰ পৰা খনিজ সম্পদ বোৰ আহৰণ কৰোতে ওচৰৰ মাটি প্ৰদূষিত হয় ǀ

(iii)    বনাঞ্চল ধ্বংস-খেতি পথাৰ, উদ্যোগ, ৰাস্তাঘাট আদি নিৰ্ণাণৰ বাবে অত্যাধিক হাৰত বনাঞ্চল সমূহ ধ্বংস কৰি থকা হৈছে ǀ বহু সময়ত ইয়াৰ ফলত মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হৈ পৰে ǀ

১৮) বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা ǀ

উত্তৰ- বায়ুত কিছুমান বিশেষ গেছ-নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই-অক্সাইড, মিথেন, আৰ্গন নিৰ্দিষ্ট অনুপাতত থাকে ǀ এই নিৰ্দিষ্ট অনুপাতত থকা গেছবোৰে বায়ুমণ্ডলৰ ভাৰসাম্যতা বজায় ৰাখিছে ǀ কিবা কাৰণত এই ভাৰসাম্যতা নষ্ট হলে বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিবৰ্তন ঘটে ǀ এনে পৰিবৰ্তনে জীৱ আৰু জড়ৰ ক্ষতি সাধন কৰিলে তাক বায়ু প্ৰদূষণ বোলে ǀ

(i)     প্ৰাকৃতিক কাৰক-আগ্নেয়গিৰি উদ্গীৰণ (ধোৱা, ধূলি ছাই আৰু ছালফাৰ ডাই অক্সাইড গেছ নিৰ্গত হয় ǀ)

(ii)   বনজুই দহনৰ ফলতো বায়ুমণ্ডলৰ অনিষ্ট সাধন হয়

(iii)     মানৱ সৃষ্ট কাৰক-শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান বাহনৰ বৰ্ধিত ব্যৱহাৰ,আণৱিক বিস্ফোৰণ, জীৱাষ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰ  ইত্যাদি ǀ

১৯) মৰুভূমি কাক বোলে ? মৰুকৰণৰ সংজ্ঞা দিয়া ǀ

উত্তৰ- মৰুভূমি হৈছে এটা শুকান এলেকা যত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি ǀ

আনহাতে মৰুকৰণ  হৈছে এনে এক প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ  উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে ǀ

১৯৭৭ চনত আফ্ৰিকা মহাদেশৰ নাইৰবিত ৰাষ্ট্ৰসংঘৰ এক বিশেষ অধিবেশন অনুষ্ঠিত হৈছিল ǀ এই সন্মিলনতে মৰুকৰণ সম্পৰ্কীয় সংজ্ঞা দিয়া হৈছিল ǀ সেই সংজ্ঞাটো আছিল-“মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে ǀ”

২০) মৰুকৰণৰ কাৰণ দৰ্শোৱা ǀ

উত্তৰ- (ক) প্ৰাকৃতিক কাৰক-খৰাং বতৰ,গোলকীয় উত্তাপ বৃদ্ধি

    (খ)  মানৱসৃষ্ট কাৰক- অত্যাধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ, অত্যাধিক হাৰত বনাঞ্চল ধ্বংস ǀ

২১) মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে ?

উত্তৰ- মৰুকৰণ সমস্যা সমাধান কৰিব পৰা যায় ǀ অৱশ্যে তাৰ বাবে আন্তৰ্জাতিক সহযোগতিাৰ প্ৰয়োজন হব ǀ মৰুকৰণৰ বাবে বিশেষকৈ মানুহৰ কাৰ্যকলাপেই দায়ী ǀ সময় থাকোতে চৰকাৰী কঠোৰ আইন প্ৰণয়ণ কৰি হলেও মৰুভূমি কাষৰীয়া বনাঞ্চল ৰক্ষাৰ ব্যৱস্থা কৰা উচিত ǀ পশুবোৰৰ বাবে অনুমোদিত চৰণীয়া অঞ্চল ৰখাৰ ব্যৱস্থা কৰিব লাগে ǀ ইয়াৰ লগতে সেইবোৰ অঞ্চলৰ আশে পাশে থকা লোকসকল সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে যাতে সেইসকল লোকে জীৱিকা বা অৰ্থৰ বাবে বনাঞ্চল ধ্বংসৰ দৰে কাৰ্যত লিপ্ত নহয় ǀ গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে প্ৰক্ৰিয়াৰ লগত জড়িত থকাৰ বাবে মৰুকৰণৰ সমস্যা ক্ৰমে অধিক জটিল হৈ পৰিছে ǀ মানুহৰ কাৰ্যাৱলী প্ৰকৃতিৰ বিৰুদ্ধে পৰিচালিত হলে সমস্যাই জটিল ৰূপ পাব ǀ সেয়েহে সময় থাকোতে আমি ব্যক্তিগত পৰ্যায়ত যিমান পাৰো এই সমস্যাটোৰ প্ৰতি সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন আছে ǀ 

২২) গোলকীয় উত্তাপ বৃদ্ধি কি ? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা ǀ

উত্তৰ- প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত ভূ-পৃষ্ঠৰ উপৰিভাগত থকা জলবায়ুৰ উষ্ণতা  দিনক দিনে বৃদ্ধি পোৱা পৰিঘটনাকে গোলকীয় উত্তাপ বৃদ্ধি বোলে ǀ

1)      প্ৰাকৃতিক কাৰক- সৌৰশক্তি ǀ ভূপৃষ্ঠলৈ অহা সৌৰশক্তিৰ এটা অংশ বায়ুমণ্ডলে শুহি লয় আৰু বাকী অংশ বায়ুমণ্ডলত তাপ হিচাপে এৰি দিয়ে ǀ এই প্ৰক্ৰিয়াত সহায়ক হবলৈ বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ অনুপাতৰ ভাৰসাম্যতা ৰক্ষা হৈ থাকিব লাগে ǀ  অন্যথা কিছু সালসলনি ঘটিলে উত্তাপৰ তাৰতাম্য ঘটে ǀ

            বায়ুমণ্ডলৰ কিছুমান গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত তাপ বা সৌৰশক্তি শোষণ কৰিব পাৰে ǀ এইবোৰৰ ভিতৰত –কাৰ্বন ডাই অক্সাইড, মিথেন,নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প আদিয়ে প্ৰধান ǀ বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰা এনেবোৰ গেছক সেউজগৃহ গেছ বোলে  ǀ বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে ǀ

2 )     মানৱসৃষ্ট কাৰক – বায়ুমণ্ডলত উত্তাপ বৃদ্ধিত সহায়ক হোৱা সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধিৰ প্ৰধান কাৰক মানুহৰ কামকাজ ǀ উদ্যোগ, কল কাৰাখানা, যান বাহন, ৰেফ্ৰিজিৰেটাৰ, এ চিৰ অত্যাধিক ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডকে ধৰি বিভিন্ন সেউজগৃহ গেছৰ পৰিমাণ দিনক দিনে বাঢ়িছে, যিয়ে ভূ-পৃষ্ঠৰ উষ্ণতা বৃদ্ধি কৰাত সহায় কৰিছে ǀ

২৩) গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা ǀ

উত্তৰ- গোলকীয় উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে । সেইবোৰ তলত উল্লেখ কৰা হল-

   (১)বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ ফলত  মেৰু অঞ্চলৰ বিশাল বৰফস্তূপবোৰ গলি সাগৰপৃষ্ঠ ক্ৰমে ওপৰলৈ উঠি আহি উপকূলীয় অঞ্চলত বানপানী হব পাৰে ।

(২) উপকূলীয় অঞ্চলত বানপানী হলে বহুতো জনবসতিপূৰ্ণ দ্বীপ, ব-দ্বীপ, প্ৰবাল দ্বীপ, উপূলীয় চহৰ পানীত বুৰ যাব পাৰে ।

(৩)     উদ্ভিদ আৰু প্ৰাণীজগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিবৰ্তন ঘটিব পাৰে ।

(৪)      শস্য উৎপাদন হ্ৰাস পাব পাৰে ।

(৫)      পৃথিৱীৰ নতুন নতুন ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰি নতুন নতুন মৰুভূমিৰ সৃষ্টি হব পাৰে ।   

২৪) গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি ?

উত্তৰ- গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায়বোৰ হল-

(১) অত্যাধিক হাৰত গছ-গছনি ৰোপণ

(২)  এ চি, ৰেফ্ৰিজিৰেটৰ আদি প্ৰয়োজননুসাৰে সীমিত পৰিমাণে ব্যৱহাৰ কৰা

(৩) জীৱাষ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা,

(৪) যানবাহনত উন্নত মানদণ্ডৰ ইন্ধন ব্যৱহাৰ কৰা, 

(৫)  পৰিবেশ সংৰক্ষণ আৰু সচেতনতা বৃদ্ধি কৰা,

(৬)  সেউজগৃহ গেছৰ নিৰ্গমণ ৰোধ কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা ǀ

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৭ (পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
‘পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা’ পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
দশম শ্ৰেণীৰ এই পাঠটিত পৰিৱেশৰ চাৰিটা মণ্ডল, পৰিৱেশৰ সমস্যা যেনে- বিভিন্ন প্ৰকাৰৰ প্ৰদূষণ, গোলকীয় উত্তাপ বৃদ্ধি (Global Warming), মৰুভূমিকৰণ আৰু এইবোৰৰ প্ৰতিকাৰৰ ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু পৰিৱেশ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ ধাৰণাসমূহৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
সমাজ বিজ্ঞানৰ এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে পৰিৱেশৰ সমস্যা আৰু প্ৰতিকাৰ সম্পৰ্কীয় দীঘলীয়া বৰ্ণনাত্মক প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top