Class 10 Social Science Chapter 8 পৃথিবীৰ ভূগোল Solutions | ASSEB Assam | Assamese Medium

CLASS 10 SOCIAL SCIENCE CHAPTER 8

Class 10 সমাজ বিজ্ঞান অধ্যায় ৮ – পৃথিবীৰ ভূগোল – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

দশম শ্ৰেণী সমাজ বিজ্ঞান (ভূগোল) অধ্যায় ৮ – পৃথিবীৰ ভূগোল সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ভূগোল খণ্ডৰ এই অধ্যায় ‘পৃথিবীৰ ভূগোল’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Social Science Chapter 8 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘পৃথিবীৰ ভূগোল’ নামৰ এই পাঠটিত পৃথিৱীৰ মহাদেশসমূহ, মহাসাগৰসমূহ, ভূ-প্ৰকৃতি, আৰু বিশ্বৰ জনসংখ্যাৰ বিতৰণৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে বিশ্বৰ ভৌগোলিক অৱস্থান আৰু ইয়াৰ বৈশিষ্ট্যসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • পৃথিৱীৰ বিভিন্ন মহাদেশ আৰু মহাসাগৰসমূহৰ ভৌগোলিক অৱস্থান আৰু বৈশিষ্ট্যৰ বিস্তৃত বিশ্লেষণ।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • ভৌগোলিক পৰিৱেশ আৰু জনসংখ্যাৰ বিতৰণ সম্পৰ্কীয় ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • ভূগোলৰ এই অধ্যায়ৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে সমাজ বিজ্ঞানৰ এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Class 10 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.

Vibrant Note Box
পৃথিৱীৰ ভূগোল

পৃথিৱীৰ ভূগোল

১) পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰ- পৃথিৱীৰ ভূ-পৃষ্ঠৰ মুঠ মাটিকালি প্ৰায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ স্থলমণ্ডল । ইয়াৰ ২৯ শতাংশ স্থলমণ্ডল আৰু ৭১ শতাংশ জলমণ্ডল ।  

স্থলমণ্ডল- সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা অংশই হল স্থলমণ্ডল ǀ স্থলমণ্ডলটো  ৭ খন মহাদেশেৰে গঠিত ǀ এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা মহাদেশে, ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশেৰে গঠিত ǀ ভূ-পৃষ্ঠৰ ২৯% স্থলভাগ ǀ এই স্থভাগৰ বৃহৎ অংশ (প্ৰায় ৬৭%) উত্তৰ গোলাৰ্ধত অৱস্থিত ǀ পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০% ই উত্তৰ গোলাৰ্ধত বাস কৰে ǀ

 জলমণ্ডল- ভূ-পৃষ্ঠৰ সাগৰ মহাসাগৰকে ধৰি নদ-নদী, হ্ৰদ, জলাশয় আদিৰে আগুৰা বৃহৎ অংশকে  জলমণ্ডল বোলে  ǀ  জলমণ্ডলে ভূ-পৃষ্ঠৰ ৭১ %  অঞ্চল আৱৰি আছে ǀ জলমণ্ডলত অন্তৰ্গত পৃথিৱীৰ ৫ খন প্ৰধান মহাসাগৰ হৈছে- প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ  ǀ জলমণ্ডলৰ বৃহৎ অংশ ৫৭ % দক্ষিণ গোলাৰ্ধত অৱস্থিত  ǀ

 

২) মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্হা আদিতে কেনে আছিল ?

উত্তৰ- মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল ǀ পৃথিৱীৰ সেই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া আৰু জলমণ্ডলটোক পান্থালাছা বুলি জনা যায়  ǀ  এই পেঞ্জিয়াৰ সোঁ মাজেৰে পূৱা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল  ǀ  সেই সাগৰখনক টেথিছ সাগৰ নামে জনা যায় আৰু এই সাগৰে পেঞ্জিয়াক উত্তৰা দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল  ǀ  ইয়াৰ উত্তৰে থকা অংশটোক আঙ্গাৰালেণ্ড বা লৰেছিয়া আৰু দক্ষিণলৈ থকা অংশটোক গণ্ডোৱানালেণ্ড বোলে  ǀ  মধ্যজীৱীয় কল্পৰ সময়ত, অৰ্থাৎ আজিৰ পৰা ২৫০ নিযুত বছৰৰ পূৰ্বে ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত আঙ্গাৰালেণ্ড বা লৰেছিয়া আৰু গাণ্ডোৱানালেণ্ড পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি থকা বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল  ǀ  লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া  মহাদেশৰ সৃষ্টি হৈছিল  ǀ  আনহাতে গাণ্ডোৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰব অঞ্চল, মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা আদিৰ সৃষ্টি হৈছিল ।

৩) মহাসাগৰৰ তলিভাগৰ ভূঅৱয়বৰ সম্পৰ্কে চমুকৈ লিখা ǀ

উত্তৰ- মহাসাগৰৰ তলিভাগৰ ভূ-প্ৰকৃতি অসমান  ǀ  মহাসাগৰৰ তলিভাগত শৈলশিৰা, দ্ৰোণী, সামুদ্ৰিক টিলা, খাত আদিয়ে ওখোৰা মোখোৰা কৰি ৰাখিছে  ǀ  গড় হিচাপে মহাসাগৰৰ গভীৰতা ৪০০০ মিটাৰ  ǀ  মহাসাগৰৰ পাৰ বা তীৰ  অঞ্চলৰ পৰা মাজভাগলৈ ক্ৰমান্বয়ে গভীৰতা বাঢ়ি যায়  ǀ  ইয়াত দেখিবলৈ পোৱা ভূ অৱয়ববোৰ হৈছে ক্ৰমে- উপকূল, মহীসোপান, মহীঢাল, গভীৰ সমুদ্ৰতল, সমুদ্ৰতলীয় দ্ৰোণী, সামুদ্ৰিক শৈলসিৰা আৰু দ্বীপ আৰু গভীৰ সমুদ্ৰখাত  ǀ  মহীঢালৰ পিছতেই  সাগৰ মহাসাগৰৰ মাজভাগত অতি গভীৰ সমুদ্ৰতলীয় দ্ৰোণী (৪০০০ মিটাৰ গভীৰ পৰ্যন্ত), গভীৰতম সমুদ্ৰখাত (গড় ৮০০০ মিটাৰ) আৰু অত তত সিঁচৰিত হৈ থকা সমুদ্ৰপৃষ্ঠৰ ওপৰত শৈলসিৰা আৰু দ্বীপ দেখিবলৈ পোৱা যায়  ǀ

 

৪) মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা ǀ

উত্তৰ-  ভূ-পৃষ্ঠৰ উপৰিভাগৰ সাগৰ মহাসাগৰকে ধৰি, পানীৰে আগুৰি থকা বৃহৎ অংশকে জনমণ্ডল বোলে ।

মহাসাগৰ সমূহৰ বিতৰণ –  

          জলমণ্ডলত অন্তৰ্গত পৃথিৱীৰ ৫ খন প্ৰধান মহাসাগৰ হৈছে- প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ  ǀ

     প্ৰশান্ত মহাসাগৰ- এছিয়া, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত ।

আটলান্টিক মহাসাগৰ – এফালে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা আনফালে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত ǀ

     ভাৰত মহাসাগৰ- এছিয়া মহাদেশৰ দক্ষিণত, আফ্ৰিকা মহাদেৰ পূৱত আৰু ওছেনিয়া  মহাদেশৰ পশ্চিমত অৱস্হিত ǀ

   উত্তৰ মহাসাগৰ-  উত্তৰ আমেৰিকা,ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত ।

    দক্ষিণ মহাসাগৰ – দক্ষিণ আমেৰিকা, আফ্ৰিকা  আৰু ওছেনিয়া মহাদেশৰ দক্ষিণে অৱস্থিত ।

মহাদেশসমূহৰ বিতৰণ

সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা অংশই হল স্থলমণ্ডল  ǀ  স্থলমণ্ডলটো জলমণ্ডলৰ মাজতে  বিভাজিত হৈ সোমাই আছে  ǀ  স্থলমণ্ডলটো চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে  ǀ

      প্ৰথমটো অংশত এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত । দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰে গঠিত ।

       তৃতীয় অংশটোত অষ্ট্ৰেলিয়া আৰু  বহু দ্বীপ লগলাগি সৃষ্টি হোৱা ওছেনিয়া মহাদেশৰে গঠিত ।

     চতুৰ্থ অংশটো এন্টাৰ্কটিকা মহাদেশেৰে গঠিত হৈ আছে  ǀ

 

৫) পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰ- পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ অৱয়বসমূহ যেনে – পৰ্বত, পাহাৰ, সমভূমি, মালভূমি ইত্যাদিৰ উপস্থিতিয়ে স্থলভালগৰ উপৰিভাগক সমান নহয় ǀ  পৃথিৱীৰ ৭ খন মহাদেশ ক্ৰমে- এছিয়া, ইউৰোপ আৰু আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা মহাদেশে, ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশ আদি প্ৰত্যেকৰে ভূ প্ৰকৃতি বেলেগ বেলেগ ǀ

ক) পৰ্বত – পাহাৰ- এছিয়াৰ হিমালয়, কাৰাকোৰাম, আৰৱলী, ইউৰোপৰ ককেছাচ, আল্পছ; দক্ষিণ আমেৰিকাৰ  এণ্ডিজ, উত্তৰ আমেৰিকাৰ ৰকি; ওছেনিয়া মহাদেশৰ স্ন’ৱি পৰ্বতমালাই উল্লেখযোগ্য  ǀ  হিমালয় পৰ্বতত থকা মাউন্ট এভাৰেষ্ট (৮৮৪৮মি) বিশ্বৰ আটাইতকৈ উচ্চতম শৃংগ  ǀ  ঠিক তেনেদৰে দক্ষিণ আমেৰিকা মহাদেশৰ এণ্ডিজ পৰ্বতশ্ৰেণী (৮০০০ কি মি) ৰ বিস্তৃতি বিশ্বৰ ভিতৰতে বেছি ǀ

খ) সমভূমি- এচিয়া মহাদেশৰ গংগা, বহ্মপুত্ৰ নদী উপত্যকা সমভূমি, হোৱাংহো, ইৰাৱতী, মেকং, চিকিয়াং নদী উপত্যকা সমভূমি, ইউৰোপৰ ফ্ৰান্সৰ উপকূলৰ পৰা ইউৰাল পৰ্বত শ্ৰেণী পৰ্যন্ত সমভূমি, আফ্ৰিকা মহাদেশৰ কংগো, নাইজাৰ, লিম্পোপো, জাম্বেজি আদি নদী উপত্যকা সমভূমি অঞ্চল, উত্তৰ আমেৰিকাৰ উত্তৰৰ বিশাল উচ্চ সমভূমি অঞ্চল, উকূলীয় নিম্ন সমতলভূমি অঞ্চল, আমাজান, পাৰাণা, পাৰগুৱেৰে আদি নদীৰ বিস্তৃত সমভূমি অঞ্চল আৰু ওছেনিয়া মহাদেশৰ মূৰে আৰু ডাৰ্লিঙ নদীৰ সমভূমি অঞ্চলেই প্ৰধান ǀ

গ) মালভূমি- এচিয়াৰ পামিৰ, তিব্বত, চাইবেৰীয়া, মংগোলীয়া, আৰৱ, ইৰাণ আৰু দাক্ষিণাত্য মালভূমি,  দক্ষিণ আমেৰিকাৰ ইকৱেডৰ আৰু পাৰাণা-পেটাগ’ণিয়া মালভূমি আৰু ওছেনিয়া মহাদেশৰ অষ্ট্ৰেলিয়া প্ৰধান  ǀ  ইয়াৰ ভিতৰত পামিৰ মালভূমিক বিশ্বৰ আটাইতকৈ বৃহৎ মালভূমি আখ্যা দিয়া হয়  ǀ

৬) এচিয়া মহাদেশৰ  প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা ǀ

উত্তৰ- এচিয়া মহাদেশখন পৰ্বত পাহাৰ, সমভূমি, মালভূমি, মৰুভূমি, নদ-নদী, হ্ৰদ, দ্বীপ ইত্যাদি ভূ-অৱয়বৰে গঠিত  ǀ  তাৰে কিছুমান আকৌ বিশ্বৰ আন প্ৰান্তত উপলব্ধ নহয় ǀ  বৈশিষ্ট্যপূৰ্ণ এই ভূ-অবয়ব বোৰে মহাদেশখনক স্বকীয়তা প্ৰদান কৰিছে  ǀ  

এচিয়া মহাদেশ পৰ্বতসমূহ  – হিমালয়, কাৰাকোৰম, আৰৱলী, ইউৰাল ইত্যাদি  ǀ এই মহাদেশত পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট(৮৮৪৮মি) আৰু দ্বিতীয় উচ্চতম শৃংগ গড্উইন অষ্টিন বা Mount K2 (৮৬৬১মি)অৱস্থিত  ǀ

এচিয়া মহাদেশৰ মালভূমি সমূহ –তিব্বত মালভূমি, চাইবেৰিয়া মালভূমি, মংগোলীয় মালভূমি, দাক্ষিণাত্য মালভূমি, আৰৱ মালভূমি, ইৰাণ মালভূমি ইত্যাদি ǀ এই মহাদেশতে পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ পামিৰ মালভূমি অৱস্হিত ǀ

এচিয়া মহাদেশৰ নদ-নদী সমূহ- মধ্য-দক্ষিণত অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, উত্তৰ অংশত থকা ইয়েনিচি, ওবি আৰু লেনা, পূব অংশত থকা আমুৰ, হোৱাংহো, চিকিয়াং, দক্ষিণ আৰু দক্ষিণ পূবত থকা ইৰাবতী, মেকং, গোদাবৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা ইত্যাদি ǀ  ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদী দ্বীপ ক্ৰমে মাজুলী আৰু উমানন্দ অৱস্থিত ǀ  তাৰোপৰি গংগা-ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ সুন্দৰবন আছে ।

এচিয়া মহাদেশৰ হ্ৰদ সমূহ- এই মহাদেশখনত সৰু ডাঙৰ বহুতো হ্ৰদ আছে  ǀ  উদাহৰণস্বৰূপে- বলখাচ, বৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট, লোকটক ইত্যাদি  ǀ  ইয়াৰ ভিতৰত-বৈকাল হ্ৰদ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু দ’ নিৰ্মল পানীৰ হ্ৰদ ǀ

এচিয়া মহাদেশৰ মৰুভূমি সমূহ- এচিয়া মহাদেশত উষ্ণ আৰু শীতল দুয়ো প্ৰকাৰৰ মৰুভূমি আছে  ǀ শীতল মৰুভূমিৰ ভিতৰত মংগোলীয়াৰ গোবি আৰু উষ্ণ মৰুভূমিৰ ভিতৰত ভাৰতৰ থৰ আৰু আৰবৰ মৰুভূমিয়ে প্ৰধান ǀ

৭) কাৰণ দৰ্শাই উত্তৰ লিখা-

(ক) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত থূপ খাই আছে কিয় ?

উত্তৰ- স্থলভাগৰ বৃহৎ অংশ (প্ৰায় ৬৭ % )উত্তৰ গোলাৰ্ধতে অৱস্থিত সেয়ে জনবসতি এই স্থলভাগতহে বেছিকৈ পোৱা যাব ǀ

          উত্তৰ গোলাৰ্ধত তুলনামূলকভাৱে  উন্নত দেশবোৰ অধিক যেনে- ইউৰোপৰ দেশসমূহ, এচিয়াৰ জাপান, চীন, ৰাচিয়া, উত্তৰ আমেৰিকাৰ কানাডা, আমেৰিকা ইত্যাদি  ǀ  উদ্যোগীকৰণ, যাতায়তৰ সা সুবিধা, খনিজ সম্পদৰ উপলব্ধতা, কৰ্মসংস্থাপনৰ সুবিধা আদিৰ বাবে এই ৰাষ্ট্ৰবোৰ  অৰ্থনৈতিকভাৱে আগবঢ়া আৰু সেয়ে তাত জনবসতিও বেছি ǀ

          উত্তৰ গোলাৰ্ধৰ জলবায়ু তুলনামূলকভাৱে দক্ষিণ গোলাৰ্ধৰ জলবায়ুতকৈ নমনীয়  ǀ  সেই জলবায়ু কৃষিকাৰ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ উৎপাদন কাৰ্য চলাবলৈ সুবিধাজনক  ǀ  সেইয়ে সেইবোৰ অঞ্চলত বসতি অধিক  ǀ  ইয়াৰ বিপৰীতে দক্ষিণ গোলাৰ্ধৰ এটা বৃহৎ অংশ দক্ষিণ মেৰুত বছৰৰ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে যাৰ ফলত তাত মানুহৰ বসতি আৰু কামকাজৰ সুবিধা নাথাকে ǀ

সেয়ে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত থূপ খাই আছে ।

(খ) এন্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি দেখা নাযায় কিয় ?

উত্তৰ- পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত থকা এন্টাৰ্কটিকা মহাদেশত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে বাবে তাত ছয় মাহ একেৰাহে দিন আৰু ছমাহ একেৰাহে ৰাতি হৈ থাকে  ǀ  উত্তাপ কম হোৱাৰ বাবে এন্টাৰ্কটিকা মহাদেশৰ বেছিভাগ অঞ্চল বছৰৰ বাৰ মাহে বৰফেৰে আবৃত্ত হৈ থাকে, সেয়ে তাত স্থায়ী বসতি দেখা নাযায় ǀ

৮) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া-

ক) এচিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰকৃতিক সীমা কিহে সৃষ্টি কৰিছে লিখাǀ

উত্তৰ- এচিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰকৃতিক সীমা ইউৰাল পৰ্বতমালাই সৃষ্টি কৰিছে ।

খ) পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু কত অৱস্থিত ?

উত্তৰ- পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা এণ্ডজ পৰ্বতমালা (৮০০০ মিটাৰ কি মি )। আৰু ই দক্ষিণ আমেৰিকাত অৱস্থিত ।

গ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা  ǀ

উত্তৰ- মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম মহাদেশ – এচিয়া মহাদেশ ।

         মাটিকালিৰ ভিত্তিত পৃথিৱীৰ   ক্ষুদ্ৰতম মহাদেশ- ওছেনিয়া মহাদেশ ।

ঘ) পৃথিৱীৰ কোনখন দেশ আন দুখন মহাদেশলৈ বিস্তৃত ?

উত্তৰ-

ঙ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম লিখা  ǀ

উত্তৰ- বৃহত্তম দেশ- ৰাছিয়া

          ক্ষুদ্ৰতম দেশ- ভেটিকান চিটী ।

চ) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি ? ই মহাদেশৰ কোন অংশত অৱস্থিত ǀ

উত্তৰ- উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ ৰকি পৰ্বত শ্ৰেণী ।

          ই মহাদেশখনৰ পশ্চিম অংশত বিয়পি আছে ।

ছ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত ?

উত্তৰ- চাহাৰ মৰুভূমি আৰু ই আফ্ৰিকা মহাদেশত অৱস্থিত ǀ

জ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূৱ দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা ǀ

উত্তৰ- উত্তৰ দিশলৈ প্ৰবাহিত নদী- ইয়েনিছি আৰু ওবি

          পূব দিশলৈ প্ৰবাহিত নদী- আমুৰ, হোৱাংহো, ইয়াংজে কিয়াং আৰু চিকিয়াং ।

ঝ) অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্ৰেণী, নদী আৰু মৰুভূমিৰ নাম লিখা ǀ

উত্তৰ- পৰ্বতশ্ৰেণী- স্ন’ৱি মাউন্টেইন,

          নদী- বেলিয়াণ্ডো,

          মৰুভূমি- গ্ৰেট ভিক্টোৰিয়া ।

ঞ) ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা ǀ

উত্তৰ- ক্ৰীট, মাল্টা, ছৰ্ডিনিয়া, কৰ্চিকা আৰু ছিছিলি ।

৯) চমুটোকা লিখা

(ক) পেঞ্জিয়া

          মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল  ǀ  পৃথিৱীৰ সেই অৱস্হাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া বুলি জনা যায় ǀ এই পেঞ্জিয়াৰ সোঁ মাজেৰে পূৱা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল  ǀ  সেই সাগৰখনক টেথিছ সাগৰ নামে জনা যায় আৰু এই সাগৰে পেঞ্জিয়াক উত্তৰা দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল  ǀ  ইয়াৰ উত্তৰে থকা অংশটোক আঙ্গাৰালেণ্ড আৰু দক্ষিণলৈ থকা অংশটোক গণ্ডোৱানালেণ্ড বোলে  ǀ

(খ) উত্তৰ মহাসাগৰ

       পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ ǀ

       প্ৰায় ১৪ নিযুত বৰ্গ কিলোমিটাৰ এলেকা জুৰি এই মহাসাগৰ বিয়পি আছে ǀ

      এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে ǀ   ইয়াৰ তলিৰ গড় গভীৰতা ৩৫০০ মিটাৰ  ǀ এই মহাসাগৰ উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময় উত্তৰ মহাসাগৰখন বৰফেৰে ঢাক খাই থাকে  ǀ

(গ) ওচেনিয়া মহাদেশ

  ওচেনিয়া মহাদেশৰ মাটিকালি প্ৰায় ৮ নিযুত বৰ্গ কি মি ǀ ই স্থলমণ্ডলৰ ৫.৪ শতাংশ অঞ্চল আৱৰি আছে ǀ ই বিশ্বৰ ক্ষুদ্ৰতম মহাদেশ ǀ

 ওচেনিয়া মহাদেশত সৰু ডাঙৰ ১৪ খন দেশ আছে ǀ

২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি মহাদেশখনৰ মুঠ জনসংখ্যা ৩৮ নিযুত  ǀ   ওচেনিয়া মহাদেশৰ আটাইতকৈ বৃহৎ দেশ হল অষ্ট্ৰেলিয়া আৰু বিশ্বৰ ভিতৰত ষষ্ঠ বৃহতম দেশ ।

  ওচেনিয়া মহাদেশৰ মূল ভূখণ্ড অষ্ট্ৰেলিয়া  এটা প্ৰাচীন মালভূমি ǀ

   মূৰে, ডাৰ্লিঙ, বেলিয়াণ্ডো, ভিক্টোৰিয়া, ছোৱান আদি এই মহাদেশৰ প্ৰধান নদী  ǀ এই মহাদেশত থকা কিছুমান মৰুভূমি হৈছে- গ্ৰেট ভিক্টোৰিয়া, গ্ৰেট ছেণ্ডি, টানামী, ছিম্পছন,গিবছন ইত্যাদি  ǀ

(ঘ) এচিয়া মহাদেশৰ নদনদী-

          এচিয়া মহাদেশৰ নদ-নদী সমূহ হৈছে- মধ্য-দক্ষিণত অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, উত্তৰ অংশত থকা ইয়েনিচি, ওবি আৰু লেনা, পূব অংশত থকা আমুৰ, হোৱাংহো, চিকিয়াং, দক্ষিণ আৰু দক্ষিণ পূবত থকা ইৰাবতী, মেকং, গোদাবৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা ইত্যাদি  ǀ  ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদী দ্বীপ ক্ৰমে মাজুলী আৰু উমানন্দ অৱস্থিত  ǀ  তাৰোপৰি গংগা-ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ সুন্দৰবন আছে ।

(ঙ) আফ্ৰিকা মহাদেশৰ হ্ৰদ সমূহ

আফ্ৰিকা মহাদেশত বহুতো হ্ৰদৰ উপস্হিতি লক্ষ্য কৰা যায়  ǀ সেই হ্ৰদসমূহ হৈছে- ভিক্টোৰিয়া, এলবাৰ্ট টাংগানিকা, চাড, ভোল্টা, ন্যাচা, কেব’ৰা বাচ্চা, মালৱি, টুকাৰ্ণা কিভু, এলব্ৰো ইত্যাদি ǀ

(চ) ইউৰোপ মহাদেশৰ নদ-নদী

          ইউৰোপ মহাদেশত সৰু বৰ বহুতো নদীৰ উপস্থিতি দেখা যায় ǀ দেশ অনুযায়ী নদ-নদীবোৰ হৈছে-

১/ স্পেইন – এলব্ৰো

২/ ফ্ৰান্সৰ – ৰোণ আৰু চেইন

৩/ জাৰ্মানী – ৰাইন আৰু এল্বে

৪/ পোলেণ্ডৰ – ওডাৰ আৰু ভিষ্টু

৫/ ইউক্ৰেন – নিপাৰ

৬/ ইটালী – পো

 

(ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চল

    উত্তৰ আমেৰিকাৰ অন্যতম পুৰণি পৰ্বতমালাই হল আপেলেছিয়ান  উচ্চভূমি

      উত্তৰে নিউফাণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লৰিডা লৈ বিস্তৃত হৈ আছে ǀ ওখোৰা মোখোৰা এই অঞ্চলটো পৰ্বত পাহৰ,ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত ǀ সমগ্ৰ অঞ্চলটো অৰণ্যৰে ভৰপূৰ ।

      এই অঞ্চলতেই আমেৰিকাৰ খনিজ সম্পদৰ (কয়লা, লোৰ আকৰ, জিংক আদিৰ) বিশাল ভাণ্ডাৰবোৰ লুকাই আছে ।

(জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহ

          উত্তৰ আমেৰিকা মহাদেশত অজস্ৰ নদ নদী আৰু হ্ৰদ আছে ǀ তাৰে ভিতৰত উল্লেখযোগ্য হ্ৰদ কেইটা হৈছে- ছুপেৰিয়ৰ, হুৰ’ন, মিছিগান এৰি, ওন্টেৰিও, গ্ৰেট বিয়াৰ, গ্ৰেট শ্লেভ, উইনিপেগ, গ্ৰেট ছল্ট ǀ ইয়াৰে ছুপেৰিয়ৰ হল বিশ্বৰ ভিতৰতে তৃতীয়  বৃহত্তম আৰু উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ  মিঠা পানী হ্ৰদ ǀ

 

১০) পাৰ্থক্য লিখা

(ক) মহীসোপান আৰু মহীঢাল

মহীসোপন

মহীঢাল

(ক) উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশকে মহীসোপন বোলে ।

(খ) মহীসোপন সমতল ।

(ক)উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাগৰৰ গভীৰ অংশকে মহীঢাল বোলে ।

(খ) মহীঢাল এঢলীয়া ।

(খ) এভাৰেষ্ট আৰু গডউইন অষ্টিন

 

এভাৰেষ্ট

গডউইন অষ্টিন

(ক)এভাৰেষ্ট শৃংগ হিমালয় পৰ্বতৰ শৃংগ, ই পৃথিৱীৰ সৰ্বোচ্চ শৃংগ ।

(খ) উচ্চতাৰ ক্ষেত্ৰত এভাৰেষ্ট শৃংগৰ উচ্চতা হল ৮,৮৪৮ মিটাৰ ।

(ক)গডউই অষ্টিন শৃংগটো কাৰাকোৰাম পৰ্বতৰ অন্তৰ্গত, ই পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ ।

(খ) উচ্চতাৰ ক্ষেত্ৰত গডউইন অষ্টিন শৃংগৰ উচ্চতা হল ৮,৬১১ মিটাৰ ।

(গ) ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশ

(ক)ওচেনিয়া মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত ।

(খ)ওচেনিয়া মহাদেশৰ জলবায়ু নাতিশীতোষ্ণ ।

ওচেনিয়া মহাদেশ হল মহাদেশসমূহৰ আটাইতকৈ কম মাটিকালি মহাদেশ ।

(ক) এণ্টাৰ্কটিকা মহাদেশ পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত অৱস্থিত ।

(খ)এণ্টাৰ্কটিকা মহাদেশৰ জনবায়ুৰ প্ৰধান বৈশিষ্ট্য হল অতিপাত শীত ।

   

(ঘ) গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি

গোবি মৰুভূমি

আটাকামা মৰুভূমি

(ক) গোবি মৰিভূমি এছিয়া মহাদেশত অৱস্থিত ।

(খ) গোবি মৰুভূমি পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত ।

(ক)আটাকামা মৰুভূমি দক্ষিণ আমেৰিকা মহাদেশত অৱস্তিত।

(খ) আটাকামা মৰুভূমি দক্ষিণ গোলাৰ্ধত অৱস্থিত ।

১১) শুদ্ধ উত্তৰটো বাছি উলিওৱা

(ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন ?

(১) প্ৰশান্ত মহাসাগৰ

(২) ভাৰত মহাসাগৰ

(৩) আটলাণ্টিক মহাসাগৰ

(৪) দক্ষিণ মহাসাগৰ

উত্তৰ-  (৩)আটলাণ্টিক মহাসাগৰ

(খ) পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন ?

(১) উত্তৰ আমেৰিকা মহাদেষ

(২) ইউৰোপ মহাদেশ

(৩) এন্টাৰ্কটিকা মহাদেশ

(৪) ওছেনিয়া মহাদেশ

উত্তৰ– (৪)ওছেনিয়া মহাদেশ

(গ) ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত ?

(১) আটলাণ্টিক মহাসাগৰ

(২) প্ৰশান্ত মহাসাগৰ

(৩) ভাৰত মহাসাগৰ

উত্তৰ–  (৩)আটলাণ্টিক মহাসাগৰ

(ঘ) এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে ?

(১) ভূমধ্য সাগৰ

(২) লোহিত সাগৰ

(৩) কস্পিয়ান সাগৰ

(৪) আৰব সাগৰ

উত্তৰ– (২) লোহিত সাগৰ

(ঙ) এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে ?

(১) ইউৰাল পৰ্বতমালা

(২) ককেচাছ পৰ্বত

(৩) কাস্পিয়ান সাগৰ

(৪) ভল্গা  নদী

উত্তৰ- (১)ইউৰাল পৰ্বতমালা

(চ) ইকুৱেড’ৰ কোনখন  মহাদেশত অৱস্থিত ?

(১) উত্তৰ আমেৰিকা

(২) দক্ষিণ আমেৰিকা

(৩) আফ্ৰিকা

(৪) এছিয়া

উত্তৰ- (২)দক্ষিণ আমেৰিকা

( ছ) ব্ৰাজিলৰ ৰাজধানী কি ?

(১) ৰিঅ ডি জেনেইৰো

(২) চাও পাওলো

(৩) ব্ৰাচিলিয়া

( ৪ ) লিমা

উত্তৰ- (৩) ব্ৰাচিলিয়া 

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৮ (পৃথিবীৰ ভূগোল) – সঘনাই সোধা প্ৰশ্ন (FAQs)
‘পৃথিবীৰ ভূগোল’ পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
দশম শ্ৰেণীৰ এই পাঠটিত পৃথিৱীৰ মহাদেশসমূহ, মহাসাগৰসমূহ, ভূ-প্ৰাকৃতিক বৈশিষ্ট্য আৰু বিশ্বৰ জনসংখ্যাৰ বিতৰণৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু বিশ্বৰ ভূগোলৰ গুৰুত্বপূৰ্ণ ধাৰণাসমূহৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
সমাজ বিজ্ঞানৰ এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে মহাদেশ আৰু মহাসাগৰ সম্পৰ্কীয় দীঘলীয়া বৰ্ণনাত্মক প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

1 thought on “Class 10 Social Science Chapter 8 পৃথিবীৰ ভূগোল Solutions | ASSEB Assam | Assamese Medium”

  1. Thanks a lot, your effort is very helpful and easy in studies😊 keep working hard,you’ll achieve great things ona day ingsha Allah!.
    Tnx onc again bro, best wishes 4 u💐

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top