Class 6 Assamese Chapter 12 – আঘােণৰ পূৰ্ণিমা (Aghunar Purnima) – All Textual Solutions | Sankardev Sishu Vidya Niketan (শংকৰদেৱ শিশু বিদ্যা নিকেতন)
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ১২ – আঘােণৰ পূৰ্ণিমা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)
ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ দ্বাদশ অধ্যায় ‘আঘােণৰ পূৰ্ণিমা’ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ আধাৰত এটি অতি সুন্দৰ, প্ৰকৃতি-কেন্দ্ৰিক আৰু উৎসৱমুখৰ পাঠ। নতুন শিক্ষা নীতি (NEP) আৰু বৰ্তমানৰ নৱ্য পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনা অনুসৰি এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Assamese Chapter 12 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘আঘােণৰ পূৰ্ণিমা’ নামৰ এই অনুপম পাঠটিত অসমীয়া সমাজৰ কৃষি সংস্কৃতি, পকা ধানৰ সোণালী পথাৰ, আঘোণ মাহৰ জোনাকী নিশা আৰু পূৰ্ণিমা তিথিৰ এক মনোমোহা বৰ্ণনা দাঙি ধৰা হৈছে। বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু সাংস্কৃতিক তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰ আৰু বহু-বিকল্পী প্ৰশ্নসমূহো (MCQs) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- ‘আঘােণৰ পূৰ্ণিমা’ পাঠৰ মূল ভাৱ, অসমীয়া উৎসৱ আৰু প্ৰকৃতিৰ ৰূপৰ বিস্তৃত পৰিচয় তথা বিশ্লেষণ।
- শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান আৰু প্ৰসংগ সংগতি মূলক উত্তৰ।
- পাঠভিত্তিক ব্যাকৰণ, বানানৰ শুদ্ধতা, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু বাক্ সজ্জাৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- পাঠটিৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ ৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয়ৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 6 Assamese New Version Textbook Solutions & MCQs | Sankardev Sishu Vidya Niketan (SVN) New Syllabus
New Updated Version!
According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus
Get comprehensive preparation for Class 6 Assamese (অসমীয়া) with this complete New Version Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
শংকৰদেৱ বিদ্যা নিকেতন, ষষ্ঠ শ্ৰেণী: অসমীয়া
আঘোণৰ পূর্ণিমা
পাঠভিত্তিক প্রশ্নোত্তৰ
১ । শব্দ-অৰ্থ
|
শব্দ |
অৰ্থ |
শব্দ |
অৰ্থ |
|---|---|---|---|
|
কাজেলি (কথিত) |
কজলা |
দিবাক লাগি |
দিবলৈ |
|
নুন (কথিত) |
লোণ |
নাাল |
নাঙল |
|
টেপোল (কথিত) |
টেপৰ (টেঙা) |
খালু |
খালো |
|
হক (কথিত) |
হওক |
নেদি |
niদি (নিদি) |
|
এনথোৰ (কথিত) |
এওঁলোকৰ |
দিলাক |
দিলে |
|
বেটাই (কথিত) |
পো |
ল’ৰাচ’ৰি |
লৰচৰ কৰে |
|
মহোৰ (কথিত) |
মহৰ |
ৰেহ-ৰূপ |
গয়-গতি, গতিগোত্র, আলেখলেখ |
|
বাঁহোৰ (কথিত) |
বাঁহৰ |
পিৰালি |
ঘৰৰ ভেটিৰ বাহিৰৰ অংশ |
|
ভাল-ভোল্কা |
যিজনে মহোহোত ভালুকৰ ভাও দিয়ে |
জোলোঙা |
মোনা |
|
আঁতি-গুৰি |
পৰিচয়, আদি কথা, মূল কথা |
বিনোদন |
আমোদ দিয়া কার্য |
|
খুন্দুৱনি |
উগুল-থুগুল |
আচহুৱা |
নজনা-নুশুনা |
২। চমু প্ৰশ্নোত্তৰ
(ক) মহখেদা উৎসৱটো অসমৰ কোন কোন অঞ্চলত পালন কৰা হয়?
উত্তৰঃ মহখেদা উৎসৱটো নামনি অসমৰ গোৱালপাৰা আৰু নলবাৰী জিলাৰ উত্তৰ অঞ্চলত পালন কৰা হয়।
(খ) মহোহো শব্দটোৰ উৎপত্তি কেনেকৈ হ’ল?
উত্তৰঃ মহোহো শব্দটো ‘মহ’ শব্দৰ লগত বড়ো ভাষাৰ ‘হো’ শব্দ লগ লাগি উৎপত্তি হ’ল।
(গ) মহোহো উৎসৱটো কোন মাহৰ কোন সন্ধিয়াত পালন কৰা হয়?
উত্তৰঃ মহোহো উৎসৱটো আঘোণ মাহৰ পূর্ণিমা তিথিৰ সন্ধিয়া পালন কৰা হয়।
(ঘ) মহোহো গোৱা দলটোৱে গৃহস্থক কি আশীর্বাদ দিলে?
উত্তৰঃ মহোহো গোৱা দলটোৱে ‘গৃহস্থৰ কুশল হক’ বুলি আশীর্বাদ দিলে।
৩। মহখেদা উৎসৱ পালন কৰোঁতে দলটোৱে কি কি কৰে তাৰ এটি বিৱৰণ দিয়া।
উত্তৰঃ মহখেদা উৎসৱ পালন কৰোঁতে দলটোৰ এজনে কান্ধত এখন জোলোঙা ওলোমাই লয়। আন এজনে ভালুকৰ বেশ ধৰে। ভালুকৰ বেশ ধৰা ল’ৰাজনে গাত শুকান কলপাত মেৰিয়াই লয়। হাতত শুকান ঢকুৱাৰ খাৰু, বাজু, আৰু শিৰত মুকুট পিন্ধে। দলটোৰ বাকীবোৰ ল’ৰাই হাতত টোকোন লৈ মাটিত চেও ধৰি ঠক্ ঠক্ কৰি খুন্দিয়াই আৰু তালে তালে ভালুকক আগুৰি ধৰি মহখেদা গীত গায়।
৪। পকা ধান খাবলৈ অহা বটা চৰাইক হুৰাই দিবলৈ কি গীত গোৱা হয়?
উত্তৰঃ পকা ধান খাবলৈ অহা বটা চৰাইক হুৰাই দিবলৈ গোৱা গীতটি হ’ল-
‘হৰ হৰ বটা চৰাই
মোৰ ধান নেখাবি
তোক দিম গোটে কড়াই।’
৫। বাক্য ৰচনা কৰা
(আঁতি-গুৰি, খুন্দুৱনি, জোলোঙা, পিৰালি, আচহুৱা)
উত্তৰঃ আঁতি-গুৰি: মাজনীয়ে মহোহো উৎসৱৰ আঁতি-গুৰি একো বুজি নাপালে।
খুন্দুৱনি: ৰিজাল্টটো পোৱাৰ পিছতহে অংকুৰৰ মনৰ খুন্দুৱনি মাৰ গৈছে।
জোলোঙা: মানুহজনে অনবৰতে কান্ধত জোলোঙাটো লৈ ঘূৰি ফুৰে।
পিৰালি: ৰাহুলে পিৰালিতে বহি আকাশৰ তৰাবোৰ চাই আছে।
আচহুৱা: নম্রতাহঁতৰ ঘৰৰ নিয়ম-কানুনবোৰ বৰ আচহুৱা।
৬। কাহিনীটো পঢ়ি চমুকৈ উত্তৰ দিয়া:
(ক) পাপৰিৰ দেউতাক কোন?
উত্তৰঃ পাপৰিৰ দেউতাক হ’ল মহীধৰ পণ্ডিত।
(খ) পণ্ডিতনীৰ নাতি-নাতিনীহালৰ নাম কি?
উত্তৰঃ পণ্ডিতনীৰ নাতি-নাতিনীহালৰ নাম- কণমইনা আৰু মাজনী।
(গ) মহীধৰ পণ্ডিতে ছোৱালীজনীক ক’লৈ বিয়া দিছে?
উত্তৰঃ মহীধৰ পণ্ডিতে ছোৱালীজনীক শিৱসাগৰলৈ বিয়া দিছে।
(ঘ) মাজনীয়ে কোন শ্ৰেণীৰ পৰীক্ষা দি আহিছে?
উত্তৰঃ মাজনীয়ে চতুর্থ শ্ৰেণীৰ পৰীক্ষা দি আহিছে।
(ঙ) মাজনীৰ ককাকৰ নাম কি?
উত্তৰঃ মাজনীৰ ককাকৰ নাম মহীধৰ পণ্ডিত।
(চ) কণমইনা (সোণমইনা) আৰু মাজনী প্রতিবছৰ এবাৰ গাঁৱৰ ঘৰলৈ আহে কিয়?
উত্তৰঃ কণমইনা আৰু মাজনীয়ে ককাক-আইতাকৰ সৈতে কেইটামান দিন গাঁৱত কটাবলৈ আহে।
অতিৰিক্ত প্ৰশ্নোত্তৰ
১। কণমইনা কোন শ্রেণীত পড়ে?
উত্তৰঃ কণমইনা ষষ্ঠ শ্রেণীত পড়ে।
২। পণ্ডিত-পণ্ডিতনীয়ে মহোহো গোৱা দলটোক কি কি দি সেৱা কৰিছিল?
উত্তৰঃ পণ্ডিত-পণ্ডিতনীয়ে মহোহো গোৱা দলটোক বঁটাত তামোল-পাণ এযোৰ আৰু ৰূপ কুৰি টকা দি সেৱা কৰিছিল।
৩। ‘ঘৰজীয়া’ মানে কি?
উত্তৰঃ ঘৰজীয়া মানে ঘৰজোঁৱাই।
৪। লোক সংস্কৃতিৰ মূল কি?
উত্তৰঃ লোক সংস্কৃতিৰ মূল হ’ল প্রাচীন গাঁৱলীয়া সমাজ।
৫। ‘হো’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘হো’ শব্দৰ অৰ্থ হ’ল খেদা।
৬। মহোহো উৎসৱৰ দৰে প্ৰায় একে উৎসৱবোৰ কি কি?
উত্তৰঃ মহোহো উৎসৱৰ দৰে প্ৰায় একে উৎসৱবোৰ হ’ল- ‘এৰিউ মাগা’ আৰু ‘বাউচ পিটা’।




