সপ্তম শ্ৰেণী নতুন বিজ্ঞান অধ্যায় ৩ – শ্বাস-প্ৰশ্বাস (Respiration) – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | অসম জাতীয় বিদ্যালয় (AJB)

CLASS 7

Class 7 Science Chapter 3 শ্বাস-প্ৰশ্বাস Solutions | AJB Assam

সপ্তম শ্ৰেণী নতুন বিজ্ঞান অধ্যায় ৩ – শ্বাস-প্ৰশ্বাস (Respiration) সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB Assam)

সপ্তম শ্ৰেণীৰ নতুন বিজ্ঞান (Science) পাঠ্যক্ৰমৰ তৃতীয় অধ্যায় ‘শ্বাস-প্ৰশ্বাস’ শিক্ষাৰ্থীসকলৰ বাবে এখন অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Science Chapter 3 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ অতি সহজ আৰু নিৰ্ভুলভাৱে উপলব্ধ কৰোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে বহি সুন্দৰভাৱে বিজ্ঞানৰ অনুশীলন কৰিব পাৰে。

‘শ্বাস-প্ৰশ্বাস’ নামৰ এই পাঠটিত জীৱৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া, মানুহৰ শ্বাস তন্ত্ৰ, কোষীয় শ্বসন আৰু উদ্ভিদৰ শ্বাস-প্ৰশ্বাসৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞানৰ ভেটি সৱল কৰিবলৈ এই পাঠৰ মূল ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • জীৱৰ শ্বাস-প্ৰশ্বাস, কোষীয় শ্বসন আৰু মানুহৰ শ্বাস তন্ত্ৰৰ স্পষ্ট ধাৰণা আৰু বিশ্লেষণ।
  • পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰতিটো চমু আৰু দীঘলীয়া প্ৰশ্নৰ পৰীক্ষামুখী নিৰ্দোষ সমাধান।
  • পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু তাৰ সহজ উত্তৰ।
  • নতুন আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ বহু-বিকল্পী প্ৰশ্নৰ (MCQs) সম্পূৰ্ণ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে সহজে বুজিব পৰাকৈ সৰল ভাষাত যুগুতোৱা উন্নত মানৰ বিজ্ঞানৰ নোটছ (Class 7 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা সহজ-সৰল উত্তৰ।
  • বিজ্ঞানৰ প্ৰতি আগ্ৰহ বঢ়াবলৈ ব্যৱহাৰিক উদাহৰণৰ সহায়ত বুজোৱা সমাধান।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 নতুন বিজ্ঞান (Science) Textbook Solutions & MCQs | AJB New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 7 নতুন বিজ্ঞান (Science) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, step-by-step problem answers, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new version of the book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 3 শ্বাস-প্রশ্বাস

 অসম জাতীয় বিদ্যালয়, সপ্তম শ্ৰেণী: বিজ্ঞান

অধ্যায়-3                                                               অস্পিন একাডেমী

শ্বাস-প্রশ্বাস

পাঠভিত্তিক প্রশ্নোত্তৰ

1. খালী ঠাই পূৰ কৰা:

i) কোষীয় শ্বসনত খাদ্যৰ ______ অণু ভাঙি গৈ শক্তি উৎপন্ন হয়।

উত্তৰঃ কোষীয় শ্বসনত খাদ্যৰ গ্লুক’জ অণু ভাঙি গৈ শক্তি উৎপন্ন হয়।

ii) ইষ্ট কোষত হোৱা অবাত শ্বসনক ______ ও বোলা হয়।

উত্তৰঃ ইষ্ট কোষত হোৱা অবাত শ্বসনক কোষীয় শ্বসন ও বোলা হয়।

iii) পেটৰ ভিতৰত থকা ______ নামৰ, পেশীৰে গঠিত অংশটোৰে উশাহ-নিশাহত সহায় কৰে।

উত্তৰঃ পেটৰ ভিতৰত থকা মধ্যচ্ছদা নামৰ, পেশীৰে গঠিত অংশটোরে উশাহ-নিশাহত সহায় কৰে।

iv) উদ্ভিদৰ পূৰঠ কাণ্ডৰ বাকলিত থকা ______ নামৰ ছিদ্ৰৰ দ্বাৰা পৰিবেশৰ লগত বায়ুৰ বিনিময় হয়।

উত্তৰঃ উদ্ভিদৰ পূৰঠ কাণ্ডৰ বাকলিত থকা বাতৰন্ধু নামৰ ছিদ্ৰৰ দ্বাৰা পৰিবেশৰ লগত বায়ুৰ বিনিময় হয়।

v) সাগৰৰ পাৰৰ মেংগ্ৰুভ গছৰ শিপা _______ ৰ বাবে মাটিৰ ওপৰলৈ ওলায়।

উত্তৰঃ সাগৰৰ পাৰৰ মেংগ্ৰুভ গছৰ শিপা শ্বাসক্ৰিয়াৰ বাবে মাটিৰ ওপৰলৈ ওলায়।

2. শুদ্ধ উত্তৰটো বাছি উলিওৱা:

1) পেশীকোষত হোৱা অবাত শ্বসনত কোনবিধ পদার্থ সৃষ্টি হয়?

(a) হাইড্ৰ’ক্লৰিক এছিড

(b) এছেটিক এছিড

(c) কার্ব’নিক এছিড

(d) লেক্টিক এছিড

উত্তৰঃ (d) লেক্টিক এছিড।

ⅱ) উশাহ লোৱাৰ সময়ত কামিহাড়বোৰ-

(a) ওপৰলৈ উঠে

(b) তললৈ নামে

(c) লৰচৰ নকৰে

(d) উঠা-নমা কৰি থাকে

উত্তৰঃ (a) ওপৰলৈ উঠে।

iii) নিশাহত এৰি দিয়া বায়ুৰ উপাদানৰ ক্ষেত্ৰত কোনটো কথা শুদ্ধ?

(a) কেৱল অক্সিজেন থাকে

(b) কেৱল কার্বন-ডাই-অক্সাইড থাকে

(c) কেৱল জলীয় বাষ্প থাকে

(d) আটাইবোৰ থাকে

উত্তৰঃ (d) আটাইবোৰ থাকে।

iv ) কেঁচুৱে কোনটো অংগ ব্যৱহাৰ কৰি শ্বাস-প্রশ্বাস লয়?

(a) ক্ষুদ্র হাঁওফাঁও

(c) ফুল

(b) ছাল

(d) শ্বাসনলী

উত্তৰঃ (b) ছাল। 

v) তলৰ কোনটো অংগ প্রাণীৰ শ্বাস-প্রশ্বাসৰ লগত জড়িত নহয়?

(a) জলক্লোম

(c) ছাল

(b) কূটপদ

(d) পত্রৰন্ধ

উত্তৰঃ (d) পত্ৰৰন্ধ। 

3. অতি চমুকৈ উত্তৰ দিয়া:

i) কি কি অৱস্থাত শ্বাস-প্রশ্বাসৰ হাৰ কম-বেছি হ’ব পাৰে?

উত্তৰঃ খৰকৈ দৌৰিলে, খেল-ধেমালিত ভাগ ল’লে অথবা টান শাৰীৰিক শ্ৰম কৰিলে আমাৰ শ্বাস-প্ৰশ্বাসৰ হাৰৰ তাৰতম্য ঘটিব পাৰে।

ii) খাদ্যৰ কোনবিধ উপাদানে প্রধানকৈ শক্তিৰ উৎস হিচাপে কাম কৰে?

উত্তৰঃ আহাৰত নিহিত হৈ থকা গ্লুক’জ নামৰ পদাৰ্থবিধেই মূলতঃ আমাৰ দেহৰ শক্তিৰ উৎসৰূপে কাম কৰে।

iii) উদ্ভিদদেহৰ কি কি অংগ পৰিবেশৰ লগত বায়ুৰ বিনিময়ত জড়িত থাকে?

উত্তৰঃ গছৰ পাতত থকা পত্ৰৰন্ধ্ৰ লগতে কাণ্ডৰ বাতৰন্ধ্ৰৰ জৰিয়তে উদ্ভিদে বাহিৰৰ পৰিৱেশৰ সৈতে গেছৰ আদান-প্ৰদান সম্পন্ন কৰে।

iv) লালুকীয়ে শ্বাস-প্রশ্বাসত কি অংগ ব্যৱহাৰ কৰে?

উত্তৰঃ উশাহ-নিশাহ লোৱা কাৰ্যৰ বাবে লালুকীয়ে সাধাৰণতে নিজৰ ছালখন ব্যৱহাৰ কৰে।

v) শ্বাস-প্রশ্বাসৰ বাবে ভেকুলীয়ে হাঁওফাঁওৰ উপৰিও কি অংগ ব্যৱহাৰ কৰে?

উত্তৰঃ ভেকুলীয়ে শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াত হাঁওফাঁওৰ লগতে নিজৰ ভিজা বা সেমেকা ছালখনো প্ৰয়োগ কৰে।

4. চমু উত্তৰ লিখাঃ

1) কেঁচু, মাখি, ভেকুলী, জেঠী আৰু তিমি মাছৰ শ্বসনাংগৰ নাম লিখা।

উত্তৰঃ তলত দিয়া প্ৰাণীবোৰ আৰু সিহঁতৰ শ্বাস-প্ৰশ্বাস কাৰ্যত ব্যৱহৃত হোৱা অংগসমূহৰ (শ্বসনাংগ) নাম ক্ৰমান্বয়ে আগবঢ়োৱা হ’ল—

কেঁচু — ভিজা তথা বিজলুৱা ছাল।

মাখি — বায়ুছিদ্ৰ বা স্পাইৰাকল (Spiracles)।

ভেকুলী — হাঁওফাঁও লগতে সেমেকা ছাল।

জেঠী — হাঁওফাঁও।

তিমি মাছ — হাঁওফাঁও।

ii) উদ্ভিদৰ শিপাই কেনেদৰে শ্বাস-প্রশ্বাস লয় লিখা।

উত্তৰঃ গছৰ শিপায়ো শ্বাস-প্ৰশ্বাস কাৰ্য চলায়। শিপাৰ পৃষ্ঠত থকা নিচেই সৰু চুলিৰ নিচিনা মূলৰোমসমূহৰ (Root hairs) জৰিয়তে ইহঁতে মাটিৰ কণিকাবোৰৰ ফাকত আৱদ্ধ হৈ থকা বায়ুৰ পৰা অক্সিজেন (Oxygen) গেছ গ্ৰহণ কৰে লগতে কাৰ্বন ডাই-অক্সাইড (Carbon dioxide) গেছ বাহিৰলৈ উলিয়াই দিয়ে।

iii) অধিক সময় ধৰি কঠোৰ পৰিশ্ৰম কৰাৰ অন্তত গাঁ বিষায় কিয়?

উত্তৰঃ দীঘলীয়া সময়ৰ বাবে গধুৰ শাৰীৰিক শ্ৰম কৰিলে আমাৰ পেশীবোৰত বিষ অনুভৱ হয়। ইয়াৰ প্ৰধান কাৰণটো হ’ল— অধিক সময় পৰিশ্ৰম কৰিলে আমাৰ শৰীৰত বেছি পৰিমাণৰ শক্তিৰ প্ৰয়োজন হৈ পৰে। এনে পৰিস্থিতিত অকল সবাত শ্বসনেৰে শৰীৰৰ এই অতিৰিক্ত শক্তিৰ প্ৰয়োজনখিনি পূৰাব পৰা নাযায়। ফলস্বৰূপে, অক্সিজেনৰ নাটনিৰ বাবে পেশীৰ কোষসমূহত অবাত শ্বসন কাৰ্য আৰম্ভ হয়। এনে অবাত শ্বসনৰ ফলস্বৰূপে লেক্টিক এছিড (Lactic acid) সৃষ্টি হয় আৰু এই এছিডৰ বাবেই পেশীসমূহত বিষ উঠে।

iv) আমি হাঁচি আৰু কাহ মাৰোঁ কিয়?

উত্তৰঃ আচলতে, কাহ আৰু হাঁচি অহাটো আমাৰ দেহৰ এক স্বাভাৱিক প্ৰতিৰক্ষা ব্যৱস্থাহে। যিকোনো সময়তে যেতিয়া আমাৰ উশাহ-নিশাহৰ নলী অথবা হাঁওফাঁওত ধূলিৰ কণা, ৰোগৰ বীজাণু বা অন্য অপ্ৰয়োজনীয় পদাৰ্থ সোমাই পৰে, তেতিয়াই আমি কাহো বা হাঁচিয়াওঁ। এনে কাৰ্যৰ জৰিয়তে শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰা সেই অলাগতিয়াল পদাৰ্থবোৰক তীব্ৰ বেগেৰে শৰীৰৰ পৰা বাহিৰ কৰি দিয়া হয়।

v) শ্বাস-প্রশ্বাসৰ হাৰ মানে কি? প্রাপ্তবয়স্কসকলৰ এই হাৰৰ মান উল্লেখ কৰা।

উত্তৰঃ এজন মানুহে এক মিনিট সময়ৰ ভিতৰত যিমানবাৰ উশাহ গ্ৰহণ কৰে আৰু নিশাহ ত্যাগ কৰে, সেই সংখ্যাটোকেই শ্বাস-প্ৰশ্বাসৰ হাৰ অথবা শ্বসন হাৰ (Breathing rate) বোলা হয়।

শাৰীৰিক পৰিস্থিতি আৰু কৰি থকা কামৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি এই হাৰ সলনি হ’ব পাৰে। দৌৰা, খেল-ধেমালি কৰা, কিম্বা মানসিক চাপৰ পৰিস্থিতিত আমাৰ উশাহ-নিশাহ ঘন হৈ পৰে (অৰ্থাৎ হাৰ বাঢ়ি যায়)। ইয়াৰ বিপৰীতে, শুই থকাৰ সময়ত এই হাৰ নিম্নতম পৰ্যায়ত থাকে। অতিৰিক্ত শ্ৰম বা ব্যায়ামৰ সময়ত শ্বাস-প্ৰশ্বাসৰ হাৰ প্ৰতি মিনিটত ৪০ ৰ পৰা ৫০ বাৰলৈ বৃদ্ধি পোৱা দেখা যায়।

সাধাৰণ জিৰণিৰ অৱস্থাত এজন নিৰোগী প্ৰাপ্তবয়স্ক মানুহৰ শ্বাস-প্ৰশ্বাসৰ স্বাভাৱিক হাৰ প্ৰতি মিনিটত ১২ ৰ পৰা ১৬ বাৰৰ ভিতৰত থাকে।

5. বর্ণনাত্মক প্রশ্ন

a) মানুহৰ উশাহ-নিশাহ লোৱা পদ্ধতিটো ব্যাখ্যা কৰাঁ।

উত্তৰঃ আমি শ্বাসতন্ত্ৰৰ জৰিয়তে উশাহ-নিশাহ কাৰ্য চলাই নিওঁ। আমাৰ এই শ্বাসতন্ত্ৰটো কেইবাটাও অংগৰে গঠিত, যেনে- এযোৰ হাঁওফাঁও (lungs), নাসাৰন্ধ্ৰ (nostrils), নাসা গহ্বৰ (nasal cavity), শ্বাসনলী (trachea), সৰু সৰু ঠালেৰে ভৰা ক্লোমনলী (bronchiole), মধ্যচ্ছদা (diaphragm) আৰু কামিহাড় (ribs)। বেলুনৰ আকৃতিৰ হাঁওফাঁও দুটা বক্ষ গহ্বৰৰ ভিতৰত সুৰক্ষিত হৈ থাকে। বক্ষগহ্বৰটো হৈছে বুকুৰ কামিহাড়বোৰে বাকচৰ দৰে আৱৰি ৰখা এটা আৱদ্ধ গহ্বৰ। ইয়াৰ ঠিক তলৰ ফালে এখন পেশীৰে গঠিত মধ্যচ্ছদা পথালিকৈ থাকে। এই মধ্যচ্ছদাখনে বক্ষ গহ্বৰৰ তলৰ আৱৰণ হিচাপে কাম কৰে। কামিহাড়ৰ মাজত থকা পেশীসমূহক সহকাৰী শ্বসন অংগ বোলা হয়। উশাহ লোৱা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে মধ্যচ্ছদাখন সংকুচিত হৈ তললৈ নামি আহে। ঠিক একে সময়তে কামিহাড়ৰ পেশীবোৰো কোঁচ খায়, যাৰ ফলত কামিহাড়বোৰ বাহিৰলৈ আৰু ওপৰৰ দিশলৈ আগুৱাই আহে। ইয়াৰ ফলস্বৰূপে বক্ষ গহ্বৰৰ ভিতৰৰ ঠাইখিনি বাঢ়ি যায় আৰু ভিতৰত বায়ুৰ চাপ কমি আহে। ই হাঁওফাঁও দুটাৰ আকাৰ বঢ়াই তোলে আৰু তাৰ ভিতৰৰ বায়ুৰ চাপ হ্ৰাস কৰে। ভিতৰৰ এই বায়ুৰ চাপৰ ঘাটি পূৰণ কৰিবলৈ বাহিৰৰ পৰিৱেশৰ বায়ু নাসাৰন্ধ্ৰ, শ্বাসনলী আদিৰ মাজেৰে গৈ হাঁওফাঁওত সোমায়। এই প্ৰক্ৰিয়াটোকেই উশাহ লোৱা বা শ্বাস (inspiration) বুলি কোৱা হয়। উশাহ লোৱাৰ পিছতেই মধ্যচ্ছদা আৰু কামিহাড়বোৰ পুনৰ নিজৰ আগৰ ঠাইলৈ ঘূৰি আহে। ইয়াৰ ফলত বক্ষগহ্বৰ আৰু হাঁওফাঁওৰ ভিতৰৰ আকাৰ সৰু হৈ পৰে আৰু ভিতৰত বায়ুৰ চাপ বৃদ্ধি পায়। এই বৰ্ধিত চাপৰ বাবেই হাঁওফাঁওত থকা বায়ু শ্বাসনলী আৰু নাসাৰন্ধ্ৰৰ যোগেদি বাহিৰলৈ ওলাই আহে। এই নিৰ্গত হোৱা প্ৰক্ৰিয়াটোকেই নিশাহ বা প্ৰশ্বাস (expiration) বোলা হয়।

b) প্রাণীয়ে কিয় শ্বাস-প্রশ্বাস লয়? অবাত শ্বসন আৰু সবাত শ্বসনৰ মাজৰ অন্ততঃ চাৰিটা প্রভেদ লিখাঁ।

উত্তৰঃ প্ৰতিটো জীৱৰ শৰীৰৰ ভিতৰত অবিৰতভাৱে বহুতো প্ৰক্ৰিয়া চলি থাকে। ইয়াৰ ভিতৰত চলন, খাদ্যৰ পাচন, তেজৰ সঞ্চালন, ৰেচন, আৰু বংশবৃদ্ধি আদি প্ৰধান জীৱন প্ৰক্ৰিয়া। এই সকলোবোৰ কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰিবলৈ আমাক শক্তিৰ দৰকাৰ। শৰীৰৰ এই প্ৰয়োজনীয় শক্তি কোষৰ ভিতৰত উৎপন্ন হয়। কোষত শক্তি উৎপাদনৰ বাবে খাদ্যৰ অতিকৈ আৱশ্যক। আমি গ্ৰহণ কৰা একাংশ খাদ্যৰ পৰা গ্লুক’জ নামৰ এবিধ শৰ্কৰা সৃষ্টি হয়। তেজে এই গ্লুক’জখিনি কোষবোৰলৈ কঢ়িয়াই নিয়ে। ইয়াৰ লগতে তেজে অক্সিজেনো কঢ়িয়ায়। কোষৰ ভিতৰত গ্লুক’জ আৰু অক্সিজেনৰ মাজত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়। এই বিক্ৰিয়াৰ ফলশ্ৰুতিতেই শক্তিৰ সৃষ্টি হয় লগতে কাৰ্বন-ডাই-অক্সাইড আৰু পানী উপজাত হিচাপে ওলায়। (গ্লুক’জ + অক্সিজেন → কাৰ্বন ডাই অক্সাইড + পানী + শক্তি)। সেয়েহে, জীৱাই থাকিবলৈ শ্বাস-প্ৰশ্বাস এক অপৰিহাৰ্য প্ৰক্ৰিয়া।

অবাত শ্বসন আৰু সবাত শ্বসনৰ মাজত থকা চাৰিটা প্ৰধান পাৰ্থক্য তলত দিয়া ধৰণৰ:

ক) সবাত শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ দৰকাৰ হয়; আনহাতে অবাত শ্বসনত অক্সিজেনৰ কোনো প্ৰয়োজন নাথাকে।

খ) সবাত শ্বসনৰ জৰিয়তে প্ৰচুৰ পৰিমাণৰ শক্তি উৎপন্ন হয়; কিন্তু অবাত শ্বসনত নিচেই কম পৰিমাণৰ শক্তিৰ লগতে এলকহল বা লেক্টিক এছিড আৰু কাৰ্বন ডাই অক্সাইড ওলায়।

গ) সবাত শ্বসনত পেশীত কোনো ধৰণৰ ক্ষতিকাৰক বিক্ৰিয়া নহয়; বিপৰীতে অবাত শ্বসনৰ ফলত পেশীত সৃষ্টি হোৱা লেক্টিক এছিডে বিষ বা যন্ত্ৰণাৰ সৃষ্টি কৰে।

ঘ) অবাত শ্বসনে উদ্ভিদৰ বাবে কাৰ্বন-ডাই-অক্সাইডৰ যোগান ধৰিব পাৰে; কিন্তু সবাত শ্বসনৰ ক্ষেত্ৰত তেনে নহয়।

c) উদ্ভিদে শৰীৰৰ বিভিন্ন অংগৰ দ্বাৰা পৰিৱেশৰ লগত কেনেকৈ গেছৰ বিনিময় কৰে লিখাঁ।

উত্তৰঃ উদ্ভিদৰ পাত লগতে কুমলীয়া কাণ্ডত নিচেই সৰু সৰু কিছুমান ছিদ্ৰ থাকে, যাক পত্ৰৰন্ধ্ৰ বুলি জনা যায়। আনহাতে, পুৰঠ হোৱা কাণ্ডৰ বাকলিৰ অংশতো কিছুমান সৰু বিন্ধা পোৱা যায়, যিবোৰক বাতৰন্ধ্ৰ বুলি কোৱা হয়। উদ্ভিদে এই দুয়োবিধ বিন্ধাৰ জৰিয়তেই বাহিৰৰ পৰিৱেশৰ সৈতে গেছৰ আদান-প্ৰদান কৰে।

ইয়াৰ উপৰিও গছৰ শিপাত চুলিৰ দৰে অত্যন্ত ক্ষুদ্ৰ কিছুমান অংশ থাকে যাক মূলৰোম বোলে। এই মূলৰোমবোৰেও মাটিৰ ফাকত থকা বায়ুৰ সৈতে গেছৰ বিনিময় প্ৰক্ৰিয়া সম্পন্ন কৰে।

d) হাঁওফাঁওৰ বাহিৰে অন্য কি কি অংগৰ দ্বাৰা বিভিন্ন প্রাণীয়ে উশাহ-নিশাহ লয় বর্ণনা কৰাঁ।

উত্তৰঃ হাঁওফাঁওৰ উপৰিও প্ৰাণীসমূহে তলত দিয়া অংগসমূহৰ জৰিয়তে শ্বাস-প্ৰশ্বাস সম্পন্ন কৰে—

জোক আৰু কেঁচু আদি প্ৰাণীয়ে নিজৰ বিজলুৱা আৰু সেমেকা ছালখনৰ জৰিয়তে উশাহ-নিশাহ লয়। শীতনিদ্ৰা অৱস্থাত থকাৰ সময়ত ভেকুলীয়েও শ্বাস-প্ৰশ্বাসৰ বাবে নিজৰ সেমেকা ছালখন ব্যৱহাৰ কৰে। আনহাতে, মাখি, মহ, পঁইতাচোৰা আদি পতংগ শ্ৰেণীৰ প্ৰাণীবোৰে দেহত অৱস্থিত বায়ুছিদ্ৰৰ জৰিয়তে শ্বাস গ্ৰহণ কৰে। সেইদৰে মকৰা, শামুক, বৃশ্চিক আদিৰ দেহত হাঁওফাঁওৰ নিচিনা কিছুমান বিশেষ কোঠালি থাকে, যাৰ সহায়ত ইহঁতে উশাহ-নিশাহ কাৰ্য চলায়।

6. চিন্তা কৰি উত্তৰ লিখাঁ:

a) মাটিত গজা উদ্ভিদৰ শিপা বহুদিন ধৰি পানীত ধৰি পানীত বুৰ গৈ থাকিলে গছজোপা মৰহি যায় কিয়?

উত্তৰঃ মাটিত উৎপন্ন হোৱা গছৰ শিপা দীঘলীয়া সময়ৰ বাবে পানীত ডুব গৈ থাকিলে উদ্ভিদজোপা লাহে লাহে মৰহি যোৱা দেখা যায়। ইয়াৰ ঘাই কাৰণটো হ’ল— বহুদিন পানী জমা হৈ থকাৰ ফলস্বৰূপে মাটিৰ গুণাগুণ নষ্ট হয় আৰু তাত থকা পুষ্টিকৰ সাৰৰ মাত্ৰা হ্ৰাস পায়। ইয়াৰ পৰিণতিত গছজোপাই নিজৰ প্ৰয়োজন অনুসৰি মাটিৰ পৰা পুষ্টি আহৰণ কৰিবলৈ অসমৰ্থ হয়। এনে অৱস্থাত সাৰৰ পৰিৱৰ্তে গছে অত্যধিক পৰিমাণে পানীহে শুহি লয়, যিটো গছজোপাৰ স্বাভাৱিক বৃদ্ধিৰ বাবে অতিশয় ক্ষতিকাৰক। এনে কাৰণতেই গছজোপা মৰহি যায় আৰু অৱশেষত তাৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে।

b) শিহু, তিমি আদিয়ে মাজে মাজে মুৰটো পানীৰ পৃষ্ঠৰ ওপৰলৈ উলিয়াই দিয়ে কিয়।

উত্তৰঃ তিমি, শিহু আদি জলচৰ প্ৰাণীয়ে অনবৰতে পানীত বাস কৰিলেও ইহঁতৰ প্ৰধান শ্বসনাংগ হৈছে হাঁওফাঁও। সেয়েহে, পানীৰ তলত শ্বাস গ্ৰহণ কৰিব নোৱাৰা বাবে উশাহ-নিশাহ ল’বলৈ ইহঁতে মাজে সময়ে নিজৰ মূৰটো পানীৰ পৃষ্ঠৰ ওপৰলৈ উলিয়াই আনে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী নতুন বিজ্ঞান অধ্যায় ৩ (শ্বাস-প্ৰশ্বাস) – সঘনাই সোধা প্ৰশ্ন (FAQs)
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয় অধ্যায়টোৰ নাম কি?
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয় অধ্যায়টোৰ নাম হ’ল ‘শ্বাস-প্ৰশ্বাস’। ইয়াত জীৱৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া আৰু কোষীয় শ্বসনৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
পৰীক্ষাৰ বাবে অতিৰিক্ত প্ৰশ্ন আৰু MCQs অনুশীলন কৰাটো প্ৰয়োজনীয়নে?
হয়, বিজ্ঞানৰ ধাৰণাসমূহ স্পষ্ট কৰিবলৈ আৰু পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ অনুশীলনীৰ লগতে অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান কৰাটো অতি প্ৰয়োজনীয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top