Class 7 Social Science Chapter 7 ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰণ Solutions | AJB Assam
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৭ – ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰণ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB Assam)
সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ সপ্তম অধ্যায় ‘ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰণ’ ভাৰতবৰ্ষৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Social Science Chapter 7 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ অতি সহজ আৰু নিৰ্ভুলভাৱে উপলব্ধ কৰোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে বহি সুন্দৰভাৱে সমাজ বিজ্ঞানৰ অনুশীলন কৰিব পাৰে।
‘ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰণ’ নামৰ এই পাঠটিত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত নিজৰ সাম্ৰাজ্য কিদৰে সম্প্ৰসাৰণ কৰিছিল, মহীশূৰ আৰু মাৰাঠাসকলৰ সৈতে হোৱা যুদ্ধ, পঞ্জাৱ আৰু সিন্ধু অধিগ্রহণ, তথা ব্ৰিটিছ প্ৰশাসনিক, বিচাৰ আৰু ৰাজহ ব্যৱস্থাৰ সুদৃঢ়কৰণৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ ইতিহাসৰ ভেটি সৱল কৰিবলৈ এই পাঠৰ মূল ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ বিস্তাৰ, বিভিন্ন ৰাজ্যৰ সৈতে হোৱা সংঘাত আৰু ঐতিহাসিক পটভূমিৰ স্পষ্ট ধাৰণা আৰু বিশ্লেষণ।
- পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰতিটো চমু আৰু দীঘলীয়া প্ৰশ্নৰ পৰীক্ষামুখী নিৰ্দোষ সমাধান।
- পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু তাৰ সহজ উত্তৰ।
- নতুন আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ বহু-বিকল্পী প্ৰশ্নৰ (MCQs) সম্পূৰ্ণ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে সহজে বুজিব পৰাকৈ সৰল ভাষাত যুগুতোৱা উন্নত মানৰ সমাজ বিজ্ঞানৰ নোটছ (Class 7 Samaj Bigyan Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা সহজ-সৰল উত্তৰ।
- ইতিহাসৰ প্ৰতি আগ্ৰহ বঢ়াবলৈ ঐতিহাসিক ঘটনাসমূহৰ সুন্দৰ বৰ্ণনা আৰু সমাধান।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 7 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | AJB New Syllabus
New Updated Version!
According to Latest AJB New Syllabus & Updated Book
Get comprehensive preparation for Class 7 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest AJB syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
অসম জাতীয় বিদ্যালয়, সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান
ভাৰতত ইংৰাজ সাম্রাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰণ
পাঠভিত্তিক প্রশ্নোত্তৰ
১। একেটা বাক্যত উত্তৰ দিয়া:
(ক) বাৰেণ হেষ্টিংছ কোন চনৰপৰা বংগদেশৰ গৱৰ্ণৰ হিাচপে নিযুক্ত হৈছিল?
উত্তৰঃ ১৭৭২ খ্ৰীষ্টাব্দৰ পৰাই ৱাৰেণ হেষ্টিংছক বংগদেশৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিল।
(খ) কৰ্ণৱালিছৰ সময়ত অসমত হোৱা বিদ্রোহটোৰ নাম কি আছিল?
উত্তৰঃ লৰ্ড কৰ্ণৱালিছৰ শাসনকালত অসমত সংঘটিত হোৱা বিদ্ৰোহটোৰ নাম আছিল মোৱামৰীয়া বিদ্ৰোহ।
(গ) কর্ণবালিছে প্ৰৱৰ্তন কৰা ৰাজহ সম্পৰ্কীয় ব্যৱস্থাটোৰ নাম কি আছিল?
উত্তৰঃ লৰ্ড কৰ্ণৱালিছে ভূমিৰ ৰাজহ সংগ্ৰহৰ বাবে প্ৰৱৰ্তন কৰা ব্যৱস্থাটোৰ নাম আছিল ‘চিৰস্থায়ী বন্দবস্তি’।
(ঘ) ভাৰতত ‘বশ্যতামূলক মিত্রতা নীতি’ কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ ভাৰতবৰ্ষত ‘বশ্যতামূলক মিত্ৰতা নীতি’ৰ প্ৰৱৰ্তন কৰিছিল ‘লৰ্ড ৱেলেছলি’য়ে।
(ঙ) ‘এছিয়াটিক বেঙ্গল চছাইটি’ কাৰ দিনত স্থাপন হৈছিল?
উত্তৰঃ ৱাৰেণ হেষ্টিংছৰ শাসনকালতেই ‘এছিয়াটিক বেংগল চছাইটি’ স্থাপন কৰা হৈছিল।
২। খালী ঠাই পূৰ কৰাঁ:
(ক) বেন্টিংকৰ উদ্যোগতে ১৮৩৫ খ্রি.ত_____. মেডিকেল কলেজ স্থাপন হয়।
উত্তৰঃ বেণ্টিংকৰ উদ্যোগতে ১৮৩৫ খ্ৰীষ্টাব্দত ক’লকাতাত মেডিকেল কলেজ স্থাপন হয়।
(খ) ১৭৭৩ খ্রি.ত____. এক্ট প্রণয়ন হৈছিল।
উত্তৰঃ ১৭৭৩ খ্ৰীষ্টাব্দত ৰেগুলেটিং এক্ট প্ৰণয়ন হৈছিল।
(গ) _______. ৰ পিছত গৱৰ্ণৰ জেনেৰেল হৈ আহে লর্ড বেন্টিংক।
উত্তৰঃ লৰ্ড আৰ্মহাষ্টৰ পিছত গৱৰ্ণৰ জেনেৰেল হৈ আহে লৰ্ড বেণ্টিংক।
(ঘ) লর্ড কর্ণৱালিছৰ দিনতেই_______. অসমলৈ আহে।
উত্তৰঃ লৰ্ড কৰ্ণৱালিছৰ দিনতেই ৱেলছ অসমলৈ আহে।
(ঙ) _______. খ্রি.ত বংগত দুর্ভিক্ষ হৈ বহু মানুহৰ মৃত্য হৈছিল।
উত্তৰঃ ১৭৭০ খ্ৰীষ্টাব্দত বংগত দুৰ্ভিক্ষ হৈ বহু মানুহৰ মৃত্যু হৈছিল।
৩। উত্তৰ লিখাঁ :
(ক) ক্লাইৱৰ পিছৰ আৰু ৱাৰেণ হেষ্টিংছৰ আগৰ গৱৰ্ণৰ দুজনৰ নাম কি কি আছিল?
উত্তৰঃ ৰবাৰ্ট ক্লাইৱৰ কাৰ্যকালৰ পিছত আৰু ৱাৰেণ হেষ্টিংছৰ আগতে বংগৰ গৱৰ্ণৰ হোৱা দুজন বিষয়া আছিল ভেৰেলষ্ট (Verelst) আৰু কাৰ্টিয়াৰ (Cartier)।
(খ) বেন্টিংকৰ শাসন কালক কি বাবে দুভাগত ভগাব পাৰি লিখা।
উত্তৰঃ লৰ্ড বেণ্টিংকৰ সমগ্ৰ কাৰ্যকালক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি—
(১) বংগৰ গৱৰ্ণৰ জেনেৰেল হিচাপে থকা সময় (১৮২৮-১৮৩৩ খ্ৰীষ্টাব্দ) আৰু
(২) সমগ্ৰ ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল হিচাপে থকা সময় (১৮৩৩-১৮৩৫ খ্ৰীষ্টাব্দ)।
(গ) ‘বশ্যতামূলক মিত্রতা নীতি’ কি?
উত্তৰঃ লৰ্ড ৱেলেছলিয়ে ভাৰতৰ থলুৱা ৰজাসকলৰ লগত যি এক বিশেষ চুক্তি কৰিছিল, তাকেই ‘বশ্যতামূলক মিত্ৰতা নীতি’ বোলা হয়। এই নীতিৰ চৰ্ত অনুসৰি, যিখন ৰাজ্যই ব্ৰিটিছৰ লগত মিত্ৰতা কৰিব, ব্ৰিটিছ চৰকাৰে তেওঁলোকক বাহিৰা শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব। কিন্তু ইয়াৰ বিনিময়ত সেই দেশীয় ৰজাজনে নিজৰ খৰচত এদল ইংৰাজ সৈন্য নিজৰ ৰাজ্যত পোহপাল দিব লাগিব। তদুপৰি, ইংৰাজৰ বিনা অনুমতিত সেই ৰজাজনে আন কোনো দেশৰ লগত যুদ্ধ বা মিত্ৰতা কৰিব নোৱাৰিব, অথবা কোনো বাহিৰা লোকক চাকৰিত মকৰল কৰিব নোৱাৰিব। শাসনত সহায় কৰিবলৈ এজন ইংৰাজ প্ৰতিনিধি (ৰেচিডেণ্ট) সদায় সেই ৰাজদৰবাৰত উপস্থিত থাকিব। চমুকৈ ক’বলৈ গ’লে, এই নীতি মানি লোৱা ৰজাসকলৰ প্ৰকৃততে কোনো স্বাধীনতা নাছিল।
(ঘ) ‘চিৰস্থায়ী বন্দবস্ত’ কোনজন গৱৰ্ণৰে প্ৰৱর্তন কৰিছিল? আইনখন কিহৰ লগত জড়িত?
উত্তৰঃ ‘চিৰস্থায়ী বন্দবস্তি’ ব্যৱস্থাটো লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল। এই আইনখন মূলতঃ ভূমিৰ ৰাজহ সংগ্ৰহ আৰু সংস্কাৰ ব্যৱস্থাৰ লগত জড়িত আছিল।
(ঙ) যন্ত্রশিল্পই সমাজলৈ অনা দুটা পৰিবৰ্তন লিখাঁ।
উত্তৰঃ যন্ত্ৰশিল্পৰ আবিষ্কাৰে সমাজলৈ অনা দুটা প্ৰধান পৰিৱৰ্তন হ’ল—
(১) যন্ত্ৰশিল্পৰ দ্ৰুত প্ৰসাৰৰ ফলত ঘৰুৱা আৰু পৰম্পৰাগত কুটিৰ শিল্পবোৰ ক্ৰমান্বয়ে ধ্বংসৰ মুখলৈ গতি কৰিলে।
(২) বৃহৎ কাৰখানাবোৰ গঢ়ি উঠাৰ ফলত ভাৰতৰ কৃষক আৰু কুটিৰ শিল্পৰ সৈতে জড়িত লোকসকলে বাধ্য হৈ কাৰখানাৰ বনুৱা হিচাপে কামত সোমাল। ফলস্বৰূপে ভাৰতৰ নিজা সামগ্ৰীৰ ৰপ্তানি একেবাৰে কমি গ’ল আৰু ইংৰাজসকলে নিজৰ দেশত যন্ত্ৰত তৈয়াৰী সামগ্ৰী ভাৰতলৈ আমদানি কৰাত বেছি গুৰুত্ব দিলে।
৪। চমু টোকা লিখাঁ :
(ক) ৰেগুলেটিং এক্ট
উত্তৰঃ ৰেগুলেটিং এক্ট: ১৭৭৩ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ সংসদত ৰেগুলেটিং এক্ট নামৰ আইনখন প্ৰৱৰ্তন কৰা হৈছিল। এই নতুন আইন অনুসৰি বংগদেশৰ গৱৰ্ণৰ ৱাৰেণ হেষ্টিংছক ভাৰতত ইংৰাজে দখল কৰা সকলো অঞ্চলৰ সৰ্বপ্ৰথম গৱৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হয়। তদুপৰি, বিচাৰ ব্যৱস্থাৰ সুবিধাৰ বাবে ক’লকাতাত এজন মুখ্য ন্যায়াধীশ আৰু তিনিজন সাধাৰণ ন্যায়াধীশক লৈ এখন উচ্চতম ন্যায়ালয় স্থাপন কৰা হয়।
অৱশ্যে এই আইনখনত কেইবাটাও ক্ৰুটি ৰৈ গৈছিল। উদাহৰণস্বৰূপে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ক্ষমতাৰ পৰিসৰ কিমান হ’ব, তাৰ কোনো স্পষ্ট নিৰ্দেশনা ইয়াত নাছিল। লগতে ন্যায়পালিকাকো কোনো নিৰ্দিষ্ট নীতি বা নিয়ম বান্ধি দিয়া হোৱা নাছিল। এনেবোৰ আসোঁৱাহ দূৰ কৰিবলৈ পাছলৈ ১৭৮৪ চনত সংসদে আন এখন আইন প্ৰস্তুত কৰিবলগীয়া হয়।
(খ) পিটৰ ভাৰত আইন
উত্তৰঃ পিটৰ ভাৰত আইন: ১৭৮৪ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ সংসদত সেই সময়ৰ প্ৰধানমন্ত্ৰী উইলিয়াম পিটৰ নামত ভাৰত শাসন সম্পৰ্কীয় এখন নতুন আইন গৃহীত কৰা হয়। এই আইন অনুসৰি ইংলেণ্ডৰ ছয়জনীয়া সদস্যৰ এখন ‘নিয়ন্ত্ৰণ সমিতি’ বা ব’ৰ্ড অৱ কণ্ট্ৰোল গঠন কৰা হয় আৰু সমগ্ৰ ভাৰতৰ প্ৰশাসনৰ দায়িত্ব এই সমিতিৰ ওপৰত অৰ্পণ কৰা হয়। পিটৰ ভাৰত আইনখন ভাৰতবাসীৰ বাবে কিছু পৰিমাণে ফলপ্ৰসূ আছিল। কিয়নো এই আইনৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতত আক্ৰমণাত্মক নীতি গ্ৰহণ কৰাৰ পৰা বাৰণ কৰা হৈছিল। এই আইনখনেই ভাৰতৰ দ্বৈত শাসন ব্যৱস্থাৰ মূল ভেটি আছিল। সময়ৰ লগে লগে ইয়াত কিছুমান সালসলনি কৰা হৈছিল যাৰ ফলত ভাৰতৰ শাসন যন্ত্ৰত বহুখিনি পৰিৱৰ্তন আহিছিল। ব্ৰিটিছৰ শাসন ব্যৱস্থা মূলতঃ তিনিটা ভাগত ভগোৱা হৈছিল— অসামৰিক সেৱা, সৈন্যবাহিনী আৰু আৰক্ষী বিভাগ। ব্ৰিটিছ সৈন্যবাহিনীত সৰহসংখ্যক লোকেই ভাৰতীয় আছিল যদিও তেওঁলোকক কেতিয়াও উচ্চ পদৱী দিয়া হোৱা নাছিল। সকলো গুৰুত্বপূৰ্ণ বিভাগ ইংৰাজসকলে নিজৰ নিয়ন্ত্ৰণতেই ৰাখিছিল।
(গ) লর্ড কর্ণৱালিছ
উত্তৰঃ লৰ্ড কৰ্ণৱালিছ (১৭৮৬-১৭৯৩ খ্ৰীষ্টাব্দ): ৱাৰেণ হেষ্টিংছৰ কাৰ্যকাল অন্ত পৰাৰ পাছত লৰ্ড কৰ্ণৱালিছ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ আহে। তেওঁ দায়িত্ব লোৱাৰ মাত্ৰ তিনি বছৰৰ পাছতেই মহীশূৰৰ পৰাক্ৰমী শাসক টিপু চুলতানৰ লগত এখন যুদ্ধ সংঘটিত হয় আৰু এই যুদ্ধত টিপু চুলতান হাৰে। লৰ্ড কৰ্ণৱালিছৰ সময়তেই অসমত চলি থকা মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ কেপ্টেইন ৱেলছক অসমলৈ পঠিওৱা হৈছিল। কৰ্ণৱালিছ এজন বৰ দক্ষ প্ৰশাসক আছিল। তেওঁৰ শাসনকালত কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰমূলক কাম কৰা হৈছিল। তাৰ ভিতৰত বিহাৰ, উৰিষ্যা আৰু বংগত প্ৰৱৰ্তন কৰা ‘চিৰস্থায়ী বন্দবস্তি’ বা নতুন ৰাজহ ব্যৱস্থাটো আটাইতকৈ উল্লেখযোগ্য। তেওঁ কোম্পানীৰ বাণিজ্য পৰিচালনাৰ নীতি-নিয়মবোৰো নতুনকৈ সজাইছিল। প্ৰশাসনক দুৰ্নীতিমুক্ত কৰাৰ উদ্দেশ্যে তেওঁ বিষয়া আৰু কৰ্মচাৰীসকলৰ বাবে মাহেকীয়া স্থিৰ দৰমহাৰ ব্যৱস্থা কৰিছিল। তদুপৰি, এজন দাৰোগা আৰু কেইজনমান সশস্ত্ৰ কনিষ্টবলক লৈ একোখনকৈ আৰক্ষী থানা স্থাপন কৰাৰ ধাৰণাও কৰ্ণৱালিছৰ দিনৰ পৰাই আৰম্ভ হৈছিল।
(ঘ) বশ্যতামূলক মিত্রতা নীতি
উত্তৰঃ ভাৰতবৰ্ষৰ থলুৱা ৰজাসকলক নিয়ন্ত্ৰণ কৰিবলৈ লৰ্ড ৱেলেছলিয়ে ‘বশ্যতামূলক মিত্ৰতা নীতি’ নামৰ এখন বিশেষ চুক্তিৰ প্ৰৱৰ্তন কৰিছিল। এই চুক্তি অনুসৰি, যিবোৰ ৰাজ্যই ব্ৰিটিছৰ লগত মিত্ৰতা স্থাপন কৰিব, ব্ৰিটিছ চৰকাৰে তেওঁলোকক বাহিৰা শত্ৰুৰ আক্ৰমণৰ পৰা নিৰাপত্তা প্ৰদান কৰিব। কিন্তু ইয়াৰ সলনি, ইংৰাজৰ অনুমতি অবিহনে সেই ৰজাজনে আন কোনো দেশৰ লগত যুদ্ধ বা মিত্ৰতা কৰিব নোৱাৰিব, আনকি কোনো বিদেশীক নিজৰ ৰাজ্যত চাকৰিও দিব নোৱাৰিব। তদুপৰি, ৰজাৰ পৰামৰ্শদাতা হিচাপে সদায় এজন ইংৰাজ প্ৰতিনিধি (ৰেচিডেণ্ট) ৰাজসভাত উপস্থিত থাকিব। প্ৰকৃতপক্ষে, ৱেলেছলিৰ এই বশ্যতামূলক মিত্ৰতা নীতি মানি লোৱা ৰজাসকলে নিজৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতা সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছিল।
৫। বেন্টিংকৰ সামাজিক সংস্কাৰৰ বিষয়ে আলোচনা কৰাঁ।
উত্তৰঃ লৰ্ড আৰ্মহাষ্টৰ কাৰ্যকাল শেষ হোৱাৰ পাছত লৰ্ড বেণ্টিংক ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি পায়। তেওঁ ভাৰতীয়সকলৰ প্ৰতি যথেষ্ট সহানুভূতিশীল আছিল যদিও, ভাৰতীয় ৰজাসকলৰ ঘৰুৱা কন্দলৰ সুযোগ লৈ বহুতো ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ লগত চামিল কৰিছিল। ভাৰতীয় সমাজৰ মানসিক আৰু সামাজিক উন্নয়নৰ বাবে আন্তৰিকতাৰে চেষ্টা কৰা তেৱেঁই আছিল প্ৰথমগৰাকী গৱৰ্ণৰ। প্ৰশাসনৰ সুবিধাৰ বাবে তেওঁ কেইবাখনো জিলাক একত্ৰিত কৰি সাম্ৰাজ্যখনক কুৰিটা ভাগত ভগাইছিল আৰু প্ৰতিটো ভাগতে একোজনকৈ আয়ুক্ত পাতিছিল। তেওঁৰ আটাইতকৈ ডাঙৰ অৱদানটো আছিল আদালতৰ কাম-কাজত পাৰ্চী ভাষাৰ সলনি মাতৃভাষা আৰু ইংৰাজী ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা। ভাৰতীয় সমাজত চলি থকা পুৰণি অন্ধবিশ্বাস আৰু কু-প্ৰথাবোৰ নিৰ্মূল কৰি বেণ্টিংকে সমাজখনক বিজ্ঞানসন্মত আৰু আধুনিক কৰিব বিচাৰিছিল। বেণ্টিংকে সতীদাহ প্ৰথা, নৰবলি, কন্যা শিশুবধ আৰু দাস প্ৰথাৰ দৰে অমানৱীয় প্ৰথাবোৰ কঠোৰভাৱে বিৰোধিতা কৰিছিল। তাৰ সলনি তেওঁ বিধবা বিবাহ আৰু আধুনিক পাশ্চাত্য শিক্ষাৰ প্ৰসাৰত জোৰ দিছিল। ১৮২৯ খ্ৰীষ্টাব্দত ৰাজা ৰামমোহন ৰায়, দ্বাৰকানাথ ঠাকুৰৰ দৰে কেইগৰাকীমান আগশাৰীৰ ভাৰতীয় সমাজ সংস্কাৰকৰ সহযোগত বেণ্টিংকে আইন প্ৰণয়ন কৰি সতীদাহ প্ৰথা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰে। সেই সময়ত ভাৰতৰ কিছুমান জনজাতিৰ মাজত নৰবলি দিয়াৰ দৰে ভয়ংকৰ প্ৰথাও চলি আছিল। লগতে, পশ্চিম আৰু মধ্য ভাৰতৰ কিছুমান ৰাজপুত পৰিয়ালত কন্যা শিশুক জন্মৰ লগে লগেই হত্যা কৰাৰ নিয়ম আছিল। বেণ্টিংকে আইন প্ৰণয়ন কৰি এই সকলোবোৰ কু-প্ৰথা বন্ধ কৰে। ইয়াৰ উপৰি বিধবা বিবাহ আইন প্ৰণয়ন আৰু দাস প্ৰথাৰ বিৰোধিতা কৰি তেওঁ সমাজত এক সুস্থ পৰিৱেশৰ সৃষ্টি কৰিছিল। প্ৰকৃতপক্ষে, বেণ্টিংকৰ শাসনকালতেই ইংৰাজ চৰকাৰে ভাৰতত শিক্ষা বিস্তাৰৰ বাবে চৰকাৰীভাৱে প্ৰথম গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ উদ্যোগতেই ১৮৩৫ চনত ক’লকাতাত এখন মেডিকেল কলেজ স্থাপন কৰা হয়। মুঠতে ক’বলৈ গ’লে, লৰ্ড বেণ্টিংক আছিল ভাৰতবাসীৰ স্বাৰ্থ আৰু উন্নতিৰ হকে সঁচা অৰ্থত কাম কৰা এগৰাকী গৱৰ্ণৰ। তেওঁৰ সময়তেই ভাৰতবৰ্ষই সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি সকলো দিশতে আধুনিকতাৰ স্পৰ্শ লাভ কৰি এটি নতুন ৰূপ পাবলৈ সক্ষম হৈছিল।




