সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৩ – ভাৰতত ৰাজ্যিক প্ৰশাসন ব্যৱস্থা – সম্পূৰ্ণ প্ৰশ্নোত্তৰ | ASSEB Assam (Assamese Medium)

CLASS 7

Class 7 Social Science Chapter 13 ভাৰতত ৰাজ্যিক প্ৰশাসন ব্যৱস্থা Solutions | ASSEB Assam | Assamese Medium

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান (সমাজ বিচিত্ৰা) অধ্যায় ১৩ – ভাৰতত ৰাজ্যিক প্ৰশাসন ব্যৱস্থা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ‘সমাজ বিচিত্ৰা’ৰ ত্ৰয়োদশ অধ্যায় ‘ভাৰতত ৰাজ্যিক প্ৰশাসন ব্যৱস্থা’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Social Science Chapter 13 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন আৰু MCQ-ৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘ভাৰতত ৰাজ্যিক প্ৰশাসন ব্যৱস্থা’ নামৰ এই পাঠটিত ৰাজ্যিক চৰকাৰৰ গঠন, ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ কাৰ্যাৱলী, লগতে বিধানসভাৰ কাম-কাজৰ বিষয়ে বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে ৰাজ্যিক প্ৰশাসন যন্ত্ৰৰ পৰিচালনা আৰু ইয়াৰ গুৰুত্ব বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ৰাজ্যিক চৰকাৰৰ গঠন, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • ৪-৫ নম্বৰৰ দীঘলীয়া বৰ্ণনামূলক প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ-ৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Social Science (সমাজ বিচিত্ৰা) Textbook Solutions & MCQs | ASSEB New Syllabus
Original price was: ₹199.00.Current price is: ₹29.00.

New Updated Version of Social Science!

According to Latest ASSEB/SEBA New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Social Science (সমাজ বিচিত্ৰা) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest ASSEB syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

New Updated Version of Social Science!

According to Latest ASSEB/SEBA New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Social Science (সমাজ বিচিত্ৰা) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest ASSEB syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 13 ভাৰতত ৰাজ্যিক প্রশাসন ব্যৱস্থা

 SCERT, অসম — সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-13                                                                         অস্পিন একাডেমী

ভাৰতত ৰাজ্যিক প্রশাসন ব্যৱস্থা

পাঠভিত্তিক প্রশ্নোত্তৰ

অনুশীলনী – ১

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া –

(ক) ৰাজ্যিক প্রশাসন বুলিলে কি বুজা? 

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ৰাজ্যিক প্রশাসন বুলিলে ৰাজ্যসমূহ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰৰ সামগ্ৰিক প্রশাসন ব্যৱস্থাক বুজায়। এই ব্যৱস্থাত ৰাজ্যিক চৰকাৰে ৰাজ্যখনৰ আইন-শৃংখলা অটুট ৰখা, নীতি প্রণয়ন কৰা আৰু তাক ৰূপায়ণ কৰা, বিভিন্ন উন্নয়নমূলক কাম-কাজ হাতত লোৱা আৰু জনসাধাৰণৰ প্ৰয়োজনীয় সেৱা নিশ্চিত কৰাৰ দৰে কামবোৰ কৰে।

(খ) ৰাজ্য এখনৰ প্ৰশাসনিক কাম-কাজ কোনে পৰিচালনা কৰে? 

উত্তৰঃ ৰাজ্য এখনৰ প্ৰশাসনিক কাম-কাজ প্ৰধানকৈ ৰাজ্যপাল, মুখমন্ত্রী, মন্ত্রীসভা আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া-কর্মচাৰীয়ে মিলি পৰিচালনা কৰে।

২। ভাৰতত গণতান্ত্ৰিক কাৰ্যকলাপ চলাই নিয়াৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰশাসনৰ ভূমিকা সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ ভাৰতৰ দৰে এখন বৃহৎ গণতান্ত্ৰিক দেশত গণতান্ত্রিক কার্যকলাপ চলাই নিয়াৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰশাসনৰ ভূমিকা অপৰিসীম। ইয়াৰ বিষয়ে তলত আলোচনা কৰা হ’ল- 

(ক) নাগৰিকক জনসেৱা প্ৰদান: ৰাজ্যিক প্রশাসনে নিজৰ নাগৰিকসকলৰ জীৱন ধাৰণৰ মান উন্নত আৰু সূচল কৰিবলৈ বিভিন্ন ধৰণৰ জনসেবামূলক আঁচনি হাতত লয়। নাগৰিকৰ প্ৰয়োজন অনুসৰি নীতি-নির্ধাৰণ কৰা, ইয়াৰ বাবে বিত্তীয় ব্যৱস্থা নিশ্চিত কৰা আৰু বিভিন্ন বিভাগৰ জৰিয়তে সেৱাবোৰ জনসাধাৰণক প্ৰদান কৰা আদি কামবোৰ প্রশাসনেই পৰিচালনা কৰে। 

(খ) আঞ্চলিক সমস্যা সমাধান: আমাৰ দেশৰ প্ৰত্যেকখন ৰাজ্যৰে ভৌগোলিক অৱস্থা, জনগাঁথনি, ভাষা আদি ভিন্ন ধৰণৰ হয়। এই ভিন্নতাৰ বাবে ৰাজ্যভেদে কিছুমান সুকীয়া সমস্যাৰ সৃষ্টি হয় যাক আঞ্চলিকভাৱে বিশেষ গুৰুত্ব দি সমাধান কৰাটো অত্যন্ত প্রয়োজন হৈ পৰে। ৰাজ্যিক প্রশাসনে সন্মুখীন হোৱা এনে জটিল সমস্যাবোৰৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনসাপেক্ষে পৰামৰ্শ আৰু পুঁজিৰ যোগান পায়। উদাহৰণস্বৰূপে- কোনো ৰাজ্যত প্রাকৃতিক দুর্যোগ সংঘটিত হ’লে কেন্দ্রীয় প্রশাসনে ৰাজ্যিক প্ৰশাসনক প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়ায়। 

(গ) অর্থনৈতিক উন্নয়ন: ৰাজ্য এখনৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ৰাজ্যিক প্রশাসন সম্পূৰ্ণৰূপে দায়বদ্ধ। ৰাজ্যখনৰ আয় বৃদ্ধি কৰিবলৈ প্রশাসনে বিভিন্ন উন্নয়নমূলক কাম, যেনে- ৰাজ্যিক ঘাইপথ নিৰ্মাণ আৰু মেৰামতি, শক্তি প্রকল্প স্থাপন, যোগাযোগ ব্যৱস্থাৰ উন্নতি আদিৰ জৰিয়তে উন্নত প্ৰযুক্তিৰ কল-কাৰখানা স্থাপনৰ বাবে এক সুবিধাজনক পৰিৱেশ সৃষ্টি কৰে। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগৰ এনে উন্নতিয়ে ৰাজ্যত কৰ্ম সংস্থাপনৰ বাট মুকলি কৰি অৰ্থনৈতিক উন্নয়নত সহায় কৰে। 

(ঘ) প্রতিনিধিত্ব আৰু অংশগ্রহণমূলক গণতন্ত্ৰৰ স্বৰূপ: ভাৰতৰ সংসদীয় ব্যৱস্থা অনুসৰি কেন্দ্ৰত দুখন সদন আছে- লোকসভা (নিম্ন সদন) আৰু ৰাজ্যসভা (উচ্চ সদন)। লোকসভাৰ সদস্যসকলক জনসাধাৰণে প্রত্যক্ষ ভোটৰ জৰিয়তে নিৰ্বাচন কৰে। আনহাতে ৰাজ্যসভাৰ সদস্যসকলক জনসাধাৰণে পৰোক্ষভাৱেহে নিৰ্বাচন কৰে। অৰ্থাৎ, জনসাধাৰণে প্ৰথমে ৰাজ্যৰ বিধানসভা সমষ্টিৰ বিধায়কক ভোটদান কৰি নিৰ্বাচন কৰে আৰু তাৰ পাছত সেই বিধায়কসকলে বিশেষ পদ্ধতিৰে ভোটদান কৰি ৰাজ্যসভাৰ সদস্যসকলক নির্বাচন কৰে। এনেদৰে ৰাজ্যিক প্রশাসনে প্ৰতিজন নাগৰিকক গণতান্ত্রিক ব্যৱস্থাত প্রতিনিধিত্ব আৰু অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰে। লোকসভা আৰু ৰাজ্যসভাই ভাৰতৰ সকলো ৰাজ্যৰ নাগৰিকৰ উমৈহতীয়া স্বাৰ্থৰ প্রতি লক্ষ্য ৰাখি প্রয়োজন অনুসাৰে আইন প্ৰণয়ন আৰু সংশোধনৰ কাম কৰে। 

(ঙ) ক্ষমতা আৰু দায়িত্বৰ ভাৰসাম্য ৰক্ষাঃ দেশৰ সকলো জনতাৰ সৰ্বাংগীন উন্নতি, দেশৰ সম্পদৰ সদব্যৱহাৰ আৰু সুৰক্ষাৰ বাবে প্রশাসন ব্যৱস্থাই সকলোকে সাঙুৰি লোৱাটো আটাইতকৈ প্রয়োজনীয় চৰ্ত। ইয়াৰ বাবে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ অতি জৰুৰী, যাতে সমস্যাবোৰ তৃণমূল পৰ্যায়তেই সমাধান কৰিব পাৰি। এনে কৰিলে ক্ষমতাৰ অপব্যৱহাৰ আৰু স্বেচ্ছাচাৰিতাৰ পৰিমাণো হ্রাস কৰিব পাৰি। ৰাজ্যিক প্রশাসনে দেশৰ সংবিধানে প্রদান কৰা ক্ষমতা আৰু দায়িত্ববোৰৰ জৰিয়তে কেন্দ্ৰীয় প্রশাসনৰ লগত এক ভাৰসাম্যতা ৰক্ষা কৰে। চমুকৈ ক’বলৈ গ’লে, ৰাজ্যিক চৰকাৰবোৰ কেন্দ্ৰীয় শাসন ব্যৱস্থাৰ এটি অপৰিহাৰ্য অংগ। এখন দেশ সুচাৰুৰূপে চলিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত এক সুস্থ আৰু সহযোগিতামূলক সম্পৰ্ক বৰ্তাই ৰখাটো সদায় বাঞ্ছনীয়।

৩। নাগৰিকসকলৰ জীৱন ধাৰণৰ মান সূচল কৰাৰ বাবে ৰাজ্যিক প্রশাসনে প্ৰদান কৰা বিভিন্ন ধৰণৰ জনসেৱাৰ উদাহৰণ দিয়া। 

উত্তৰঃ ৰাজ্যিক প্রশাসনে নাগৰিকসকলৰ জীৱন ধাৰণৰ মান সূচল আৰু উন্নত কৰাৰ বাবে বিভিন্ন ধৰণৰ জনসেৱামূলক আঁচনি হাতত লয়। নাগৰিকৰ প্ৰয়োজন অনুযায়ী নীতি-নিৰ্ধাৰণ কৰা, ইয়াৰ বাবে বিত্তীয় ব্যৱস্থা নিশ্চিত কৰা আৰু বিভিন্ন বিভাগৰ জৰিয়তে সেৱাবোৰ প্ৰদান কৰা আদি সকলো কাম প্রশাসনেই পৰিচালনা কৰে। তেনে কিছুমান উল্লেখযোগ্য সেৱা হ’ল- 

(ক) চৰকাৰী চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্ৰৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে সুলভ মূল্যত বা বিনামূলীয়াকৈ চিকিৎসা সেৱা প্রদান কৰা। 

(খ) নতুন শিক্ষানুষ্ঠান স্থাপন কৰা আৰু সেইবোৰৰ সঠিক পৰিচালনাৰ জৰিয়তে সমাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱা। 

(গ) আৰক্ষী আৰু আন আন আইন প্রয়োগকাৰী সংস্থাৰ জৰিয়তে ৰাজ্যত আইন-শৃংখলা বজাই ৰখা। 

(ঘ) বিদ্যুৎ উৎপাদন আৰু তাৰ সুষম বিতৰণৰ জৰিয়তে সকলোৰে বাবে বিদ্যুৎ সেৱা সহজলভ্য কৰি তোলা। 

(ঙ) চৰকাৰী বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ জৰিয়তে সমাজৰ দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকসকলক সকাহ দিয়া আৰু সহায় কৰা।

অনুশীলনী – ২

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া –

(ক) ৰাজ্যিক কাৰ্যপালিকা বুলিলে কাক বুজায়? 

উত্তৰঃ ভাৰতৰ ৰাজ্যিক স্তৰৰ কাৰ্যপালিকা বুলিলে প্ৰধানকৈ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰীপৰিষদখনকে বুজায়।

(খ) ৰাজ্যপাল হ’বলৈ কি কি যোগ্যতা লাগে?

উত্তৰঃ ৰাজ্যপালৰ পদত অধিষ্ঠিত হ’বলৈ এজন ব্যক্তি ভাৰতীয় নাগৰিক হোৱাটো বাঞ্ছনীয় আৰু তেওঁৰ ন্যূনতম বয়স ৩৫ বছৰ হ’ব লাগে।

(গ) ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক কোনে নিযুক্তি দিয়ে? 

উত্তৰঃ ৰাজ্য এখনৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক ৰাজ্যপালেই নিযুক্তি দিয়ে।

(ঘ) ৰাজ্যিক বিধানমণ্ডলত গৃহীত বিল এখন কেতিয়া আইনত পৰিণত হয়?

উত্তৰঃ ৰাজ্যিক বিধানমণ্ডলত গৃহীত হোৱা বিল এখন যেতিয়া ৰাজ্যপালৰ অনুমোদন লাভ কৰে বা ৰাজ্যপালে তাত স্বাক্ষৰ কৰে, তেতিয়াহে সেয়া আইনত পৰিণত হয়।

(ঙ) ৰাজ্যৰ নিম্ন আৰু উচ্চ সদন দুখন কি কি? 

উত্তৰঃ ৰাজ্যৰ নিম্ন সদনখনক বিধানসভা আৰু উচ্চ সদনখনক বিধান পৰিষদ বুলি কোৱা হয়।

(চ) বিধানসভাৰ সদস্যৰ নিম্নতম আৰু উচ্চতম সংখ্যাগত সীমা কিমান হ’ব লাগে? 

উত্তৰঃ ভাৰতীয় সংবিধান অনুসৰি বিধানসভাৰ সদস্য সংখ্যা সৰ্বোচ্চ ৫০০ গৰাকীতকৈ অধিক হ’ব নোৱাৰে আৰু সৰ্বনিম্ন ৬০ গৰাকীতকৈ কম হ’ব নোৱাৰে।

(ছ) উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে?

উত্তৰঃ এখন ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।

(জ) ভাৰতৰ বৰ্তমান কেইখন কেন্দ্রীয়শাসিত অঞ্চল আছে? 

উত্তৰঃ বৰ্তমান ভাৰতবৰ্ষত মুঠ ৮ খন কেন্দ্রীয়শাসিত অঞ্চল আছে।

২। ৰাজ্যপালৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। 

উত্তৰঃ ৰাজ্যপালগৰাকী হৈছে ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী আৰু তেওঁ ৰাজ্যত ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰতিনিধিস্বৰূপ। প্ৰকৃততে ৰাজ্যপালগৰাকী ৰাজ্যৰ নামমাত্ৰ কাৰ্যপালিকাহে। ৰাজ্যপালক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে আৰু তেওঁৰ কাৰ্যকাল সাধাৰণতে ৫ বছৰ হয়। ৰাজ্যপাল হ’বলৈ ব্যক্তিগৰাকী ভাৰতীয় নাগৰিক হোৱাৰ লগতে তেওঁৰ ন্যূনতম বয়স ৩৫ বছৰ হ’ব লাগিব। ৰাজ্যপালৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ তলত আলোচনা কৰা হ’ল- 

(ক) যিহেতু ৰাজ্যপালগৰাকী ৰাজ্যৰ মুৰব্বী, সেয়েহে ৰাজ্যিক প্ৰশাসনৰ কাৰ্যপালিকাৰ লগত জড়িত সকলো সিদ্ধান্ত তেওঁৰ নামতেই কাৰ্যকৰী কৰা হয়। 

(খ) ৰাজ্যখনৰ বিভিন্ন বিশিষ্ট আৰু গুৰুত্বপূৰ্ণ পদবীবোৰত নিযুক্তি দিয়াৰ কৰ্তৃত্ব কেৱল ৰাজ্যপালৰ হাতত থাকে। 

(গ) ৰাজ্যৰ মুখ্যমন্ত্রী নেতৃত্বাধীন মন্ত্ৰী পৰিষদখনক ৰাজ্যপালেই নিযুক্তি দিয়ে। 

(ঘ) ৰাজ্যিক নির্বাচন আয়োগৰ আয়ুক্ত, ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সকলো ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক ৰাজ্যপালে নিযুক্তি দিয়ে। 

(ঙ) বিশেষ কাৰণত বা প্ৰয়োজন সাপেক্ষে বিধানসভাৰ অধিৱেশন আহ্বান কৰাৰ ক্ষমতা ৰাজ্যপালৰ থাকে। লগতে মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে ৫ বছৰৰ সময়সীমাৰ ম্যাদ উকলি যোৱাৰ আগতেই বিধানসভা ভংগ কৰাৰ কৰ্তৃত্বও ৰাজ্যপালৰ হাতত থাকে। 

(চ) ৰাজ্যিক বিধানমণ্ডলত গৃহীত হোৱা যিকোনো এখন বিল ৰাজ্যপালে তাত চহী কৰাৰ পাছতহে সেয়া আইনত পৰিণত হয়। 

(ছ) যদি বিশেষ কাৰণত ৰাজ্যখনত সাংবিধানিক অচলাৱস্থাৰ সৃষ্টি হয়, তেন্তে ৰাজ্যপালে সংবিধানৰ অনুচ্ছেদ ৩৫৬ ৰ অধীনত ৰাজ্যত জৰুৰীকালীন অৱস্থা বা ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰিবলৈ ৰাষ্ট্ৰপতিক পৰামৰ্শ আগবঢ়াব পাৰে।

৩। মুখ্যমন্ত্রীক কোনে নিযুক্তি দিয়ে? মুখ্যমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সংবিধান অনুসৰি ভাৰতত ৰাজ্যিক প্ৰশাসনৰ প্ৰকৃত মুৰব্বীজনেই হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। তেখেতৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদখনেই হ’ল ৰাজ্যৰ প্ৰকৃত কাৰ্যপালিকা। ৰাজ্যিক নিৰ্বাচনৰ পাছত যিটো ৰাজনৈতিক দল বা ৰাজনৈতিক দলৰ মিত্ৰজোঁটে বিধানসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়, সেই দল বা দলবোৰৰ দ্বাৰা মনোনীত নেতাগৰাকীক ৰাজ্যপালে মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। মুখ্যমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ হ’ল-  

(ক) ৰাজ্য পৰিচালনাৰ বাবে ল’বলগীয়া নীতি-নিয়ম নির্ধাৰণত মুখ্যমন্ত্ৰীয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। 

(খ) মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ বাবে প্ৰয়োজনীয় সকলো তথ্য সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে জনসাধাৰণক অৱগত কৰায়। 

(গ) মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক প্ৰশাসনৰ বিভিন্ন বিষয় যেনে- মন্ত্ৰী পৰিষদৰ সদস্য নিযুক্তি দিয়া, বিধানসভা ভংগ কৰা আদি বিষয়ত প্রয়োজনীয় প্রস্তাৱ আৰু পৰামৰ্শ আগবঢ়ায়। 

(ঘ) ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই মন্ত্ৰী পৰিষদৰ আন আন সদস্যসকলক নিযুক্তি দিয়ে।

৪। প্রশাসন ব্যৱস্থাত বিধানসভা আৰু বিধান পৰিষদৰ ভূমিকা আলোচনা কৰা।

 উত্তৰঃ বিধানসভা: বিধানসভাখন হৈছে ৰাজ্যৰ নিম্ন সদন আৰু ই এখন অস্থায়ী সদন। বিধানসভাৰ সদস্যসকলক দেশৰ জনসাধাৰণৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিৰ্বাচন কৰা হয়। এই নির্বাচিত সদস্যসকলক বিধায়ক বুলি কোৱা হয়। ৰাজ্য এখনৰ জনসংখ্যাৰ ভিত্তিত বিধায়কৰ সংখ্যা ৰাজ্যভেদে বেলেগ বেলেগ হোৱা দেখা যায়। সংবিধান অনুসৰি বিধানসভাৰ সদস্য সংখ্যা সৰ্বোচ্চ ৫০০ গৰাকী আৰু সৰ্বনিম্ন ৬০ গৰাকী হ’ব লাগে। ৰাজ্যৰ আইন প্ৰণয়নত বিধানসভাই আটাইতকৈ প্রধান ভূমিকা পালন কৰে-

• যদি ৰাজ্যত কোনো গুৰুতৰ সমস্যাৰ সৃষ্টি হয়, তেন্তে প্রয়োজন সাপেক্ষে বিধায়কসকলে মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে ‘অনাস্থা প্রস্তাৱ’ আনি গোটেই মন্ত্ৰী পৰিষদখন ভংগ কৰি দিব পাৰে।

• ৰাজ্যৰ ৰাজ্যিক বাজেটখন বিধানসভাতেই উত্থাপন আৰু গৃহীত কৰা হয়।

বিধান পৰিষদ: বিধান পৰিষদখন হৈছে ৰাজ্যৰ উচ্চ সদন আৰু ই এখন স্থায়ী সদন। বিধান পৰিষদৰ সদস্যসকলক বিধায়কসকলে নির্বাচন কৰে, অৰ্থাৎ জনসাধাৰণে তেওঁলোকক পৰোক্ষভাৱে নিৰ্বাচিত কৰে। ইয়াৰে কিছুসংখ্যক সদস্যক ৰাজ্যপালেও মনোনীত কৰে। ভাৰতৰ প্ৰতিখন ৰাজ্যতে বিধান পৰিষদ নাই। যিবোৰ ৰাজ্যত বিধান পৰিষদ আছে, তাত সদস্য সংখ্যা সংশ্লিষ্ট ৰাজ্যখনৰ বিধানসভাৰ মুঠ সদস্য সংখ্যাৰ এক-তৃতীয়াংশতকৈ বেছি হ’ব নোৱাৰে বা ৪০ জনতকৈ কম হ’ব নোৱাৰে। বিধান পৰিষদৰ ক্ষমতা বিধানসভাতকৈ বহু পৰিমাণে কম-

• বিধান পৰিষদ প্ৰকৃততে প্ৰশাসনক পৰামৰ্শ প্রদান কৰা এটা অংগহে।

• বিধান পৰিষদে বিধানসভাই অনুমোদন জনোৱা যিকোনো বিল এখন আইনত পৰিণত কৰাৰ ক্ষেত্ৰত কিছু বিলম্ব কৰিব পাৰে, কিন্তু বিধানসভাই বিচাৰিলে বিধান পৰিষদে সেই বিলত অনুমোদন জনাবলৈ বাধ্য থাকে।

৫। অনাস্থা প্রস্তাৱ বুলিলে কি বুজা?

উত্তৰঃ অনাস্থা প্রস্তাৱ হৈছে সংসদৰ এটা বিশেষ পদ্ধতি। ভাৰতৰ সংবিধানৰ ৭৫(৩) নং অনুচ্ছেদত কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীপৰিষদৰ বিধানমণ্ডলৰ ওচৰত থকা সামুহিক দায়বদ্ধতাৰ কথা স্পষ্টকৈ উল্লেখ কৰা আছে; অর্থাৎ মুখ্যমন্ত্রীৰ নেতৃত্বাধীন মন্ত্ৰীপৰিষদখন বিধানমণ্ডলৰ নিম্নসদন অৰ্থাৎ বিধানসভাৰ ওচৰত সম্পূৰ্ণ দায়বদ্ধ থাকে। যদি মুখ্যমন্ত্রী নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে বিধানসভাৰ সংখ্যাগৰিষ্ঠ সদস্যই একো কাৰণ উল্লেখ নকৰাকৈও আস্থাহীনতা প্ৰকাশ কৰি ভোট দিব বিচাৰে, তেন্তে তেওঁলোকে তেনে কৰিব পাৰে। এই ব্যৱস্থাটোৱে হৈছে মুখ্যমন্ত্রী নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে অনা অনাস্থা প্রস্তাৱ। এনে বিশেষ পৰিস্থিতিৰ সৃষ্টি হ’লে মুখ্যমন্ত্রীয়ে সমগ্ৰ মন্ত্রীপৰিষদৰ সৈতে পদত্যাগ কৰিবলৈ বাধ্য হয়। একে ব্যৱস্থাটো কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰতো প্রধানমন্ত্রী নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে প্ৰযোজ্য হ’ব পাৰে।

৬। ৰাজ্যিক প্রশাসনত বিধায়কৰ ভূমিকাবোেৰ আলোচনা কৰা।

উত্তৰঃ ৰাজ্যিক প্ৰশাসনত বিধায়কসকলৰ ভূমিকাবোৰ অতি গুৰুত্বপূৰ্ণ, সেইবোৰ হ’ল-

(ক)সংবিধানৰ ৰাজ্যিক তালিকা আৰু সমৱৰ্তী তালিকাৰ অন্তৰ্ভুক্ত থকা বিষয়বোৰৰ সন্দৰ্ভত নতুন আইনৰ খচৰা প্ৰস্তুত কৰা, বিধানসভাত বিতৰ্কত অংশগ্ৰহণ কৰা আৰু আইন গৃহীত কৰাৰ দায়িত্ব বিধায়কসকলৰ ওপৰত থাকে।

(খ)ৰাজ্যৰ বিত্তীয় বিষয়সমূহত বিধায়কে উল্লেখযোগ্য ভূমিকা পালন কৰে। তেওঁলোকে ৰাজ্যৰ বাজেট পৰীক্ষা কৰা, চৰকাৰী ব্যয়ৰ অনুমোদন দিয়া, ৰাজ্য চৰকাৰে লোৱা কৰ আৰু ঋণ তদাৰক কৰা আদি কাম কৰে।

(গ)ৰাজ্যৰ বিধায়কসকলে মুখ্যমন্ত্ৰীকে ধৰি গোটেই মন্ত্ৰী পৰিষদখনক তেওঁলোকৰ কাম-কাৰ্যৰ বাবে জবাবদিহি কৰিব পাৰে। বিধায়কসকলৰ আস্থা লাভ কৰি থকালৈকেহে মন্ত্ৰী পৰিষদে সুকলমে কাৰ্য সম্পাদন কৰিব পাৰে।

(ঘ)বিধায়কসকলে ভাৰতৰ ৰাষ্ট্ৰপতি নির্বাচন, ৰাজ্যসভাৰ সাংসদৰ নিৰ্বাচন, লগতে বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নিৰ্বাচন প্ৰক্ৰিয়াত ভোটদান কৰি অংশগ্ৰহণ কৰে।

(ঙ)ৰাজ্যৰ লগত জড়িত সংবিধান সংশোধন কৰিবলগীয়া বিষয়সমূহত বিধায়কসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৭। বিৰোধী দল বুলিলে কি বুজা? 

উত্তৰঃ নিৰ্বাচনৰ পাছত যিটো ৰাজনৈতিক দল বা দলসমষ্টিয়ে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে, সেই দল বা দলসমষ্টিয়েই হ’ল বিৰোধী দল বা বিৰোধী পক্ষ।

৮। বিধানপৰিষদত থকা চাৰিখন ৰাজ্যৰ নাম লিখা ।

উত্তৰঃ ভাৰতবৰ্ষত বিধানপৰিষদ থকা কেইখনমান ৰাজ্য হ’ল- অন্ধ্রপ্রদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, বিহাৰ আৰু কৰ্ণাটক।

৯। ৰাজ্যিক ন্যায়পালিকাৰ গঠন আৰু ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ ৰাজ্যৰ ন্যায়পালিকাই একোখন ৰাজ্যৰ আইনী ব্যৱস্থাটো সঠিকভাৱে কাৰ্যকৰী হোৱাটো নিশ্চিত কৰে। নাগৰিকসকলৰ অধিকাৰৰ সুৰক্ষা প্ৰদান কৰা আৰু সমাজত ন্যায় প্রতিষ্ঠা কৰাও ন্যায়পালিকাৰ প্ৰধান দায়িত্ব। ৰাজ্যৰ ন্যায়পালিকাৰ এক নিৰ্দিষ্ট অনুক্ৰম গাঁথনি থাকে। উচ্চ ন্যায়ালয় হৈছে এখন ৰাজ্যৰ সৰ্বোচ্চ ন্যায়ালয়। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যপালৰ পৰামৰ্শমতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। প্ৰতিখন ৰাজ্যত একোখনকৈ উচ্চ ন্যায়ালয় থাকে। তাৰ তলত ৰাজ্যৰ জিলাবোৰৰ্ত জিলা আদালত থাকে। জিলা আদালতৰ ন্যায়াধীশসকলক ৰাজ্যপালে সংশ্লিষ্ট ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পৰামৰ্শ অনুসৰি নিয়োগ কৰে। জিলা আদালতৰ ঠিক অধীনতেই ফৌজদাৰী আৰু দেৱানী গোচৰ আদালতসমূহ থাকে। ৰাজ্যিক ন্যায়পালিকাই জনসাধাৰণৰ বিভিন্ন গোচৰৰ শুনানি লয় আৰু তেওঁলোকক ন্যায় প্ৰদান কৰে। লগতে, ৰাজ্যিক ন্যায়পালিকাই বিধানমণ্ডলে গ্ৰহণ কৰা আইনবোৰৰ চূড়ান্ত আৰু সঠিক ব্যাখ্যা আগবঢ়ায়।

অনুশীলনী – ৩  

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া

(ক) অসমৰ বিধানমণ্ডলত কেইখন সদন আছে? 

উত্তৰঃ অসমৰ বিধানমণ্ডলত কেৱল এখনহে সদন আছে (বিধানসভা)।

(খ) অসমৰ বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান? 

উত্তৰঃ অসমৰ বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা হৈছে ১২৬ জন।

(গ) অসম বিধানসভা ভৱন ক’ত আছে? 

উত্তৰঃ অসম বিধানসভাৰ ভৱনটো দিছপুৰত অৱস্থিত।

(ঘ) অসমৰ সৰ্বোচ্চ ন্যায়ালয়খন ক’ত অৱস্থিত?

 উত্তৰঃ অসমৰ সৰ্বোচ্চ ন্যায়ালয়খন (উচ্চ ন্যায়ালয়) গুৱাহাটীত অৱস্থিত।

(ঙ) গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে অসমৰ উপৰি কোন কোন ৰাজ্যৰ উচ্চ ন্যায়ালয় হিচাপে কাম কৰে? উত্তৰঃ গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে অসমৰ উপৰিও অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মিজোৰাম ৰাজ্যৰ উচ্চ ন্যায়ালয় হিচাপে কাম কৰে।

(চ) কেন্দ্রীয়শাসিত অঞ্চলৰ প্ৰশাসন কাৰ্য কোনে চোৱাচিতা কৰে? 

উত্তৰঃ ভাৰতৰ কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ প্ৰশাসনৰ কাৰ্য ৰাষ্ট্ৰপতিয়ে চোৱাচিতা কৰে।

২। অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ নামৰ তালিকা প্ৰস্তুত কৰা ।

উত্তৰঃ অসমত সক্ৰিয় হৈ থকা বিভিন্ন ৰাজনৈতিক দলৰ নাম হ’ল- অসম গণ পৰিষদ, ভাৰতীয় জনতা পার্টি, ভাৰতীয় জাতীয় কংগ্ৰেছ, ৰাইজৰ দল, তৃণমূল কংগ্ৰেছ, ভাৰতৰ জাতীয় পৰিষদ, বড়োলেণ্ড পিপলছ ফ্রন্ট, ইউনাইটেড পিপলছ পার্টি লিবাৰেছন, AIUDF, CPI, CPI(M) আদি।

A. 20 Multiple Choice Questions (MCQs) with Answers

1. ভাৰতৰ ৰাজ্যিক প্রশাসন বুলিলে কাক বুজায়? 

(A) কেৱল কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনক 

(B) ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰৰ প্রশাসন ব্যৱস্থাক 

(C) কেৱল পঞ্চায়ত ব্যৱস্থাক 

(D) কেৱল জিলা প্ৰশাসনক 

উত্তৰঃ (B) ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰৰ প্রশাসন ব্যৱস্থাক

2. ৰাজ্য এখনৰ প্ৰশাসনিক কাম-কাজ কোনে পৰিচালনা কৰে? 

(A) কেৱল ৰাজ্যপালে 

(B) কেৱল মুখ্যমন্ত্ৰীয়ে 

(C) ৰাজ্যপাল, মুখমন্ত্রী, মন্ত্রীসভা আৰু বিভিন্ন বিভাগৰ বিষয়া-কর্মচাৰীয়ে 

(D) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 

উত্তৰঃ (C) ৰাজ্যপাল, মুখমন্ত্রী, মন্ত্রীসভা আৰু বিভিন্ন বিভাগৰ বিষয়া-কর্মচাৰীয়ে

3. ৰাজ্যিক প্রশাসনে আঞ্চলিক সমস্যা সমাধানৰ বাবে কাৰ পৰা সহায় লাভ কৰে? 

(A) আন ৰাজ্যৰ পৰা (B) কেন্দ্ৰীয় চৰকাৰৰ পৰা 

(C) বিদেশী ৰাষ্ট্ৰৰ পৰা 

(D) ৰাষ্ট্ৰসংঘৰ পৰা 

উত্তৰঃ (B) কেন্দ্ৰীয় চৰকাৰৰ পৰা

4. ভাৰতৰ সংসদৰ উচ্চ সদনক কি বোলা হয়? 

(A) বিধানসভা 

(B) বিধান পৰিষদ 

(C) লোকসভা 

(D) ৰাজ্যসভা

উত্তৰঃ (D) ৰাজ্যসভা

5. লোকসভাৰ সদস্যসকলক কোনে নিৰ্বাচন কৰে? 

(A) ৰাজ্যসভাই 

(B) ৰাষ্ট্ৰপতিয়ে 

(C) জনসাধাৰণে প্ৰত্যক্ষভাৱে 

(D) বিধায়কসকলে 

উত্তৰঃ (C) জনসাধাৰণে প্ৰত্যক্ষভাৱে

6. ৰাজ্যসভাৰ সদস্যসকলক কোনে নিৰ্বাচন কৰে? 

(A) জনসাধাৰণে প্ৰত্যক্ষভাৱে 

(B) বিধায়কসকলে বিশেষ পদ্ধতিৰে 

(C) ৰাজ্যপালে 

(D) প্ৰধানমন্ত্ৰীয়ে 

উত্তৰঃ (B) বিধায়কসকলে বিশেষ পদ্ধতিৰে

7. ৰাজ্যিক স্তৰৰ প্ৰকৃত মুৰব্বী বা কাৰ্যপালিকা কোন? 

(A) ৰাজ্যপাল 

(B) বিধানসভাৰ অধ্যক্ষ 

(C) মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীপৰিষদ 

(D) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

উত্তৰঃ (C) মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীপৰিষদ

8. ৰাজ্যপাল হ’বলৈ এজন ব্যক্তিৰ ন্যূনতম বয়স কিমান হ’ব লাগে? 

(A) ২৫ বছৰ 

(B) ৩০ বছৰ 

(C) ৩৫ বছৰ 

(D) ৪০ বছৰ 

উত্তৰঃ (C) ৩৫ বছৰ

9. ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? 

(A) মুখ্যমন্ত্ৰীয়ে 

(B) প্ৰধানমন্ত্ৰীয়ে 

(C) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 

(D) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে 

উত্তৰঃ (C) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে

10. ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক কোনে নিযুক্তি দিয়ে? 

(A) ৰাষ্ট্ৰপতিয়ে 

(B) ৰাজ্যপালে 

(C) শিক্ষামন্ত্ৰীয়ে 

(D) মুখ্যমন্ত্ৰীয়ে 

উত্তৰঃ (B) ৰাজ্যপালে

11. ৰাজ্যিক বিধানমণ্ডলত বিল এখন কেতিয়া আইনত পৰিণত হয়? 

(A) বিধানসভাত গৃহীত হ’লেই 

(B) মুখ্যমন্ত্ৰীয়ে চহী কৰিলে 

(C) ৰাজ্যপালে চহী কৰাৰ পাছত 

(D) ৰাইজে মানি ল’লে

উত্তৰঃ (C) ৰাজ্যপালে চহী কৰাৰ পাছত

12. ৰাজ্যৰ নিম্ন সদনখনক কি বুলি কোৱা হয়? 

(A) ৰাজ্যসভা 

(B) বিধান পৰিষদ 

(C) লোকসভা 

(D) বিধানসভা 

উত্তৰঃ (D) বিধানসভা

13. সংবিধান অনুসৰি বিধানসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান হ’ব পাৰে? 

(A) ৫০০ 

(B) ৫৪৫ 

(C) ২৫০ 

(D) ৬০ 

উত্তৰঃ (A) ৫০০

14. বিধান পৰিষদৰ সদস্য সংখ্যা বিধানসভাৰ মুঠ সদস্যৰ কিমান অংশতকৈ বেছি হ’ব নোৱাৰে? 

(A) এক-চতুৰ্থাংশ 

(B) এক-তৃতীয়াংশ 

(C) আধা 

(D) দুই-তৃতীয়াংশ 

উত্তৰঃ (B) এক-তৃতীয়াংশ

15. ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ৰাজ্যত ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰিব পাৰি? 

(A) অনুচ্ছেদ ৩৫২ 

(B) অনুচ্ছেদ ৩৫৬ 

(C) অনুচ্ছেদ ৩৬০ 

(D) অনুচ্ছেদ ৩৭০ 

উত্তৰঃ (B) অনুচ্ছেদ ৩৫৬

16. মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে বিধানসভাত অনা প্ৰস্তাৱটোক কি বোলা হয়? 

(A) আস্থা প্ৰস্তাৱ 

(B) অনাস্থা প্ৰস্তাৱ 

(C) বিত্তীয় প্ৰস্তাৱ 

(D) জৰুৰী প্ৰস্তাৱ

উত্তৰঃ (B) অনাস্থা প্ৰস্তাৱ

17. উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? 

(A) ৰাজ্যপালে 

(B) ৰাষ্ট্ৰপতিয়ে 

(C) মুখ্যমন্ত্ৰীয়ে 

(D) আইন মন্ত্ৰীয়ে 

উত্তৰঃ (B) ৰাষ্ট্ৰপতিয়ে

18. অসমৰ বিধানসভাত মুঠ সদস্যৰ সংখ্যা কিমান? 

(A) ৬০ জন 

(B) ৯০ জন 

(C) ১২০ জন 

(D) ১২৬ জন 

উত্তৰঃ (D) ১২৬ জন

19. গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে অসমৰ উপৰি আৰু কোন কোন ৰাজ্যৰ উচ্চ ন্যায়ালয় হিচাপে কাম কৰে? 

(A) ত্ৰিপুৰা, মেঘালয়, মণিপুৰ 

(B) অৰুণাচল প্রদেশ, নাগালেণ্ড, মিজোৰাম 

(C) পশ্চিমবংগ, ছিকিম, বিহাৰ 

(D) কেৱল অসম 

উত্তৰঃ (B) অৰুণাচল প্রদেশ, নাগালেণ্ড, মিজোৰাম

20. ভাৰতত বৰ্তমান কেইখন কেন্দ্ৰীয়শাসিত অঞ্চল আছে? 

(A) ৭ খন 

(B) ৮ খন 

(C) ৯ খন 

(D) ১০ খন 

উত্তৰঃ (B) ৮ খন

B. 15 Long Questions and Answers

১। ৰাজ্যিক প্ৰশাসনে অৰ্থনৈতিক উন্নয়নৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰে? 

উত্তৰঃ ৰাজ্যিক প্ৰশাসনে ৰাজ্যখনৰ আয় বৃদ্ধি কৰিবলৈ আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে ঘাইপথ নিৰ্মাণ আৰু মেৰামতি, শক্তি প্ৰকল্প স্থাপন আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি কৰে। এইবোৰৰ জৰিয়তে উন্নত প্ৰযুক্তিৰ কল-কাৰখানা স্থাপনৰ বাবে এক সুবিধাজনক পৰিৱেশ সৃষ্টি কৰে, যিয়ে ৰাজ্যত কৰ্ম সংস্থাপন বৃদ্ধি কৰাত সহায় কৰে।

২। ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কিয় জৰুৰী আৰু ৰাজ্যিক প্ৰশাসনে ইয়াত কেনেকৈ সহায় কৰে? 

উত্তৰঃ দেশৰ সকলো জনতাৰ উন্নতি আৰু সমস্যাবোৰ তৃণমূল পৰ্যায়তেই সমাধান কৰিবলৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ অতি জৰুৰী। ইয়াৰ দ্বাৰা ক্ষমতাৰ অপব্যৱহাৰ আৰু স্বেচ্ছাচাৰিতা হ্ৰাস কৰিব পাৰি। ৰাজ্যিক প্ৰশাসনে সংবিধানে প্ৰদান কৰা ক্ষমতাৰ জৰিয়তে কেন্দ্ৰীয় প্ৰশাসনৰ লগত ভাৰসাম্য ৰক্ষা কৰি এই বিকেন্দ্ৰীকৰণত সহায় কৰে।

৩। নাগৰিকক জনসেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰশাসনৰ যিকোনো চাৰিটা কাৰ্য উল্লেখ কৰা। উত্তৰঃ নাগৰিকক জনসেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰশাসনে কৰা চাৰিটা কাৰ্য হ’ল— চিকিৎসালয়ৰ জৰিয়তে সুলভ চিকিৎসা সেৱা প্ৰদান, শিক্ষানুষ্ঠান স্থাপন কৰি শিক্ষাৰ প্ৰসাৰ, আৰক্ষীৰ জৰিয়তে আইন-শৃংখলা ৰক্ষা কৰা আৰু দৰিদ্ৰ তথা পিছপৰা লোকৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা।

৪। ৰাজ্যপালৰ নিযুক্তি আৰু কাৰ্যকালৰ বিষয়ে লিখা। 

উত্তৰঃ ৰাজ্যপালক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে আৰু তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰতিনিধিস্বৰূপ। ৰাজ্যপালৰ কাৰ্যকাল সাধাৰণতে ৫ বছৰ হয় আৰু এই পদৰ বাবে প্ৰাৰ্থীগৰাকী ভাৰতীয় নাগৰিক হোৱাৰ লগতে তেওঁৰ ন্যূনতম বয়স ৩৫ বছৰ হ’ব লাগে।

৫। ৰাজ্যপালৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ যিকোনো চাৰিটা পইণ্ট উল্লেখ কৰা। 

উত্তৰঃ ৰাজ্যপালৰ চাৰিটা ক্ষমতা হ’ল— ৰাজ্যিক প্ৰশাসনৰ সকলো সিদ্ধান্ত তেওঁৰ নামত কাৰ্যকৰী কৰা হয়, তেওঁ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীপৰিষদক নিযুক্তি দিয়ে, ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক নিযুক্তি দিয়ে আৰু বিধানমণ্ডলত গৃহীত বিলত তেওঁ স্বাক্ষৰ কৰাৰ পিছতহে সেয়া আইনত পৰিণত হয়।

৬। মুখ্যমন্ত্ৰীৰ নিযুক্তি কেনেকৈ হয়? 

উত্তৰঃ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ পাছত যিটো ৰাজনৈতিক দল বা ৰাজনৈতিক দলৰ মিত্ৰজোঁটে একক সংখ্যাগৰিষ্ঠতা লাভ কৰে, সেই দল বা দলবোৰৰ দ্বাৰা মনোনীত নেতাগৰাকীক ৰাজ্যপালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।

৭। মুখ্যমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ নীতি-নিয়ম নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেওঁ জনসাধাৰণক প্ৰয়োজনীয় তথ্য অৱগত কৰায় আৰু ৰাজ্যপালক মন্ত্ৰীপৰিষদ নিযুক্তি বা বিধানসভা ভংগৰ দৰে বিষয়ত প্ৰস্তাৱ আগবঢ়ায়। মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই ৰাজ্যপালে মন্ত্ৰীপৰিষদৰ আন সদস্যসকলক নিযুক্তি দিয়ে।

৮। বিধানসভাৰ গঠন আৰু ক্ষমতাৰ বিষয়ে লিখা। 

উত্তৰঃ বিধানসভা হৈছে ৰাজ্যৰ নিম্ন আৰু অস্থায়ী সদন, যাৰ সদস্যসকলক (বিধায়ক) জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচন কৰে। ইয়াৰ সদস্য সংখ্যা ৬০ ৰ পৰা ৫০০ ৰ ভিতৰত হ’ব লাগে। ৰাজ্যৰ আইন প্ৰণয়ন, ৰাজ্যিক বাজেট অনুমোদন আৰু মন্ত্ৰীপৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনা আদি ইয়াৰ প্ৰধান ক্ষমতা।

৯। বিধান পৰিষদ কি আৰু ইয়াৰ গঠন কেনেকুৱা? 

উত্তৰঃ বিধান পৰিষদ হৈছে ৰাজ্যৰ উচ্চ আৰু স্থায়ী সদন। ইয়াৰ সদস্যসকলক বিধায়কসকলে নিৰ্বাচন কৰে আৰু কিছু সদস্যক ৰাজ্যপালে মনোনীত কৰে। ইয়াৰ সদস্য সংখ্যা বিধানসভাৰ মুঠ সদস্যৰ এক-তৃতীয়াংশতকৈ বেছি বা ৪০ জনতকৈ কম হ’ব নোৱাৰে।

১০। অনাস্থা প্ৰস্তাৱৰ গুৰুত্ব কি? 

উত্তৰঃ সংবিধানে নিৰ্ধাৰণ কৰা অনুসৰি মন্ত্ৰীপৰিষদ বিধানসভাৰ ওচৰত দায়বদ্ধ। যদি বিধানসভাৰ সংখ্যাগৰিষ্ঠ সদস্যই মন্ত্ৰীপৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনি ইয়াক গৃহীত কৰে, তেন্তে মুখ্যমন্ত্ৰীসহ গোটেই মন্ত্ৰীপৰিষদখনে পদত্যাগ কৰিবলৈ বাধ্য হয়। ই গণতান্ত্ৰিক দায়বদ্ধতাৰ এক ডাঙৰ অস্ত্ৰ।

১১। ৰাজ্যিক প্ৰশাসনত বিধায়কসকলৰ ভূমিকা কি? 

উত্তৰঃ বিধায়কসকলে আইনৰ খচৰা প্ৰস্তুত আৰু গৃহীত কৰাত অংশগ্ৰহণ কৰে, ৰাজ্যৰ বাজেট আৰু বিত্তীয় বিষয় পৰীক্ষা কৰে, মন্ত্ৰীপৰিষদক জবাবদিহি কৰে আৰু ৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ সাংসদ তথা বিধানসভাৰ অধ্যক্ষ নিৰ্বাচনত ভোটদান কৰে।

১২। বিৰোধী দলৰ কাম কি?

উত্তৰঃ যিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ পাছত চৰকাৰ গঠন কৰিবলৈ সংখ্যাগৰিষ্ঠতা নাপায়, তেওঁলোকেই বিৰোধী দল গঠন কৰে। বিৰোধী দলে চৰকাৰৰ কাম-কাজৰ ওপৰত চকু ৰাখে, চৰকাৰক জবাবদিহি কৰে আৰু গণতান্ত্ৰিক ব্যৱস্থাত এক ভাৰসাম্য ৰক্ষা কৰে।

১৩। ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ গঠন কেনেকুৱা? 

উত্তৰঃ উচ্চ ন্যায়ালয় হৈছে ৰাজ্যৰ সৰ্বোচ্চ ন্যায়ালয়। ইয়াৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ৰাজ্যপালৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিয়ে।

১৪। জিলা আদালত আৰু ইয়াৰ অধীনৰ আদালতসমূহৰ বিষয়ে লিখা।

উত্তৰঃ উচ্চ ন্যায়ালয়ৰ তলত প্ৰতিখন জিলাতে জিলা আদালত থাকে, যাৰ ন্যায়াধীশক ৰাজ্যপালে উচ্চ ন্যায়ালয়ৰ পৰামৰ্শ মতে নিযুক্তি দিয়ে। জিলা আদালতৰ অধীনতে ফৌজদাৰী আৰু দেৱানী গোচৰৰ আদালতসমূহ থাকে, যিয়ে সাধাৰণ মানুহৰ গোচৰৰ শুনানি লয়।

১৫। অসমৰ বিধানমণ্ডল আৰু ন্যায়পালিকাৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ অসমৰ বিধানমণ্ডল কেৱল এখন সদনেৰে অৰ্থাৎ বিধানসভাৰে গঠিত, য’ত মুঠ ১২৬ জন সদস্য আছে আৰু ইয়াৰ ভৱন দিছপুৰত অৱস্থিত। আনহাতে, অসমৰ সৰ্বোচ্চ ন্যায়ালয়খন গুৱাহাটীত অৱস্থিত, যিয়ে অসমৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰো উচ্চ ন্যায়ালয় হিচাপে কাম কৰে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৩ (ভাৰতত ৰাজ্যিক প্ৰশাসন ব্যৱস্থা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
অধ্যায় ১৩ পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এই পাঠটিত ৰাজ্যিক চৰকাৰৰ গঠন, ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ ক্ষমতা তথা কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু MCQ-ৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে ৰাজ্যিক প্ৰশাসন সম্পৰ্কীয় দীঘলীয়া বৰ্ণনামূলক প্ৰশ্ন আহিব পাৰে।
V

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top